বিবিধ চিন্তা

বৃহৎ নদীবান্ধ– মানৱ সভ্যতাৰ ভয়ংকৰ শত্ৰু (ৰাজদ্বীপ মহন্ত)

সৰুৰে পৰাই পঢ়ি আহিছোঁ যে পানীয়েই প্ৰাণীৰ প্ৰাণ।প্ৰাণীৰ প্ৰাণৰ বাবে অনিবাৰ্য এই পানী আকৌ এতিয়া সাধাৰণ প্ৰাণীৰ পৰা কাঢ়ি নি নিৰ্দিষ্ট কিছুমান কৰ্পৰেট গোষ্ঠী আৰু পুঁজিপতিৰ হাতলৈ হস্তান্তৰিত হৈছে। অৰ্থাৎ আজিৰ এই পুঁজিবাদী ব্যৱস্থাত পানীও হৈ পৰিছে এবিধ পণ্য। ভাৰতবৰ্ষৰ পানীৰ অধিকাৰৰ যি ঐতিহাসিক ধাৰা, এই ধাৰা হ’ল সামূহিক অধিকাৰৰ পৰা ৰাজ্যিক অধিকাৰ, ৰাজ্যিক অধিকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ পৰা কৰ্পৰেট গোষ্ঠীলৈ স্থানান্তৰ। ‘দ্য গভাৰ্ণমেন্ট অব ইণ্ডিয়া এক্ট,১৯৩৫’ ৰ দ্বাৰা ৰাজ্যিক চৰকাৰক প্ৰদান কৰা তথাকথিত পানীৰ অধিকাৰৰ পৰা ‘ৰাষ্ট্ৰীয় জলনীতি,২০০২’ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু কৰ্পৰেট গোষ্ঠীলৈ এই অধিকাৰ হস্তান্তৰিত কৰা হয়। এই হস্তান্তৰৰ জৰিয়তে পানীক পণ্যলৈ ৰূপান্তৰিত কৰাৰ আঁৰৰ ব্যৱসায়িক স্বাৰ্থৰ এক অন্যতম অংশ হ’ল বৃহৎ নদীবান্ধ। বিদ্যুৎ উৎপাদনৰ বাবে তৈয়াৰ কৰা এই বৃহৎ নদীবান্ধসমূহক উন্নয়নৰ এক বাটকটীয়া বুলি প্ৰচাৰ চলোৱা হয় যদিও পুঁজিপতি, ৰাজনীতিক, আমোলাৰ পকেটত এক মোটা অংকৰ ধন সোমোৱাৰ বিপৰীতে সৰ্বসাধাৰণ ৰাইজ আৰু প্ৰকৃতিৰ প্ৰতি কঢ়িয়াই আনে ভয়ংকৰ প্ৰত্যাহ্বান। যাৰ ফলতেই বৃহৎ নদীবান্ধৰ ইতিহাস আৰম্ভ হোৱা আমেৰিকাতেই বান্ধৰ বিৰূদ্ধে সৃষ্টি হৈছে তীব্ৰ আন্দোলন। সামগ্ৰিক জাগৰণত এতিয়া আমেৰিকাত বৃহৎ নদীবান্ধৰ প্ৰকল্প লোৱাটো অসম্ভৱ হৈ পৰিছে যদিও তৃতীয় বিশ্বৰ দেশবোৰত এতিয়াও উৎসাহজনকভাৱে বান্ধ নিৰ্মাণ প্ৰকল্প চলি আহিছে। এই বিষবাষ্প ভাৰতবৰ্ষ তথা অসমতো বিয়পিছে। স্বাভাৱিকভাৱেই তাৰ বিৰুদ্ধে সচেতন জনসাধাৰণে কৰিছে তীব্ৰ প্ৰতিবাদ। ইয়াৰ বিশেষ উদাহৰণ হ’ল গংগা নদীৰ ওপৰত উত্তৰাখণ্ডত তৈয়াৰ কৰিবলৈ লোৱা ল’হাৰি নাগপাল নামৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে জি ডি আগৰৱালাৰ দীৰ্ঘদিনীয়া অনশন। নামনি-সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসমবাসীয়ে কৰি অহা সংগ্ৰামো এক জ্বলন্ত উদাহৰণ।যদিও ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ আগৰ প্ৰচাৰ সভাসমূহত ৰাজনাথ সিঙে নদীবান্ধ বিৰোধী ৰাইজক সামান্যতমো গুৰুত্ব প্ৰদান নকৰা কংগ্ৰেছ চৰকাৰক গৰিহণা দিছিল আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’লে নামনি-সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, তাৰপাছৰ ইতিহাসখিনি বিশ্বাসঘাটকতা আৰু প্ৰবঞ্চনাৰ। পুঁজিপতি আৰু কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থহে মৌলিক বিষয় হৈ পৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰখনেও নামনি-সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক আগবঢ়ালে সেউজ সংকেত। সি যি কি নহওক, বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ প্ৰতি জনসাধাৰণে কৰা বিৰোধিতাৰ মূল কাৰণসমূহেই হ’ল আমাৰ আলোচনাৰ বিষয়বস্তু।

প্ৰথমতেই, বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বাবে বান্ধৰ ৰিজাৰ্ভাৰ এলেকাৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হয়।তেওঁলোকক দীৰ্ঘদিন ধৰি বসবাস কৰি থকা এলেকাৰ পৰা কৰা হয় বিতাড়িত। তথাকথিত ক্ষতিপূৰণ-পুনৰ সংস্থাপনৰ কথা কোৱা হয় যদিও, বহুতে নাপাই আৰু পালেও তাৰ পৰিমাণ হয় অতি নিম্ন। এটা নিৰ্দিষ্ট সামাজিক পৰিৱেশত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা নিৰ্দিষ্ট জীৱন গাথাঁৰ, সংস্কৃতিৰ লোকসকলক ‘উন্নয়ন’ৰ বাবে উচ্ছেদ কৰা হয়। বিশ্বত বান্ধে আজিলৈকে ৪ কোটিৰ পৰা ৮ কোটি লোকক স্থানান্তৰ বা উচ্ছেদ কৰিছে। ১৯৮২ চনত গুৱাটেমেলাত চিক্সয় বান্ধত ঘৰ হেৰুওৱা থলুৱা মায়া সম্প্ৰদায়ৰ লোকসকলে ক্ষতিপূৰণ দাবী কৰাৰ বাবে ৩৬৯ সংখ্যক লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল।
দ্বিতীয়তে, বৃহৎ বান্ধে প্ৰকৃতিলৈ কঢ়িয়াই আনে মৃত্যু ঘণ্টা। জলজীৱৰ পৰা আৰম্ভ কৰি বনাঞ্চল ধ্বংসলৈকে বান্ধে প্ৰকৃতিত এক বিস্তৰ ক্ষতিসাধন কৰে। মিঠাপানীত বাস কৰা বিশ্বৰ সৰ্ব্বমুঠ মাছৰ ১/৫ অংশ বৰ্তমান বিপদাপন্ন হোৱা বা শেষ হোৱাৰ মূল কাৰণ হ’ল বান্ধসমূহ। আমেৰিকাত ২/৫ ভাগ আৰু জাৰ্মানীত ৩/৪ ভাগ মাছ শেষ হোৱাৰ মূলতেই এইসমূহ বান্ধ। গৱেষকসকলৰ মত অনুসৰি সোৱনশিৰি নদীত প্ৰায় ১৬৯ বিধ মাছৰ প্ৰজাতি আছে। গতিকে নামনি-সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই এই ১৬৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰতি কি ভয়াবহ সংকট কঢ়িয়াই আনিব, তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন। সোৱনশিৰি নদী উপত্যকাৰ বিল, চৰ-চাপৰিত নদীবান্ধে নেতিবাচক প্ৰভাৱ পেলাব। বিলৰ মাছ, পথাৰৰ মাছ হ’ব লুপ্ত। আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণৰ এক অতি বৃহৎ অংশ মাছমৰীয়া হিচাপে জীৱিকা নিৰ্বাহ কৰি আহিছে।নদীবান্ধে তেওঁলোকৰ পৰা জীৱিকা কাঢ়ি নিব।অৰ্থনীতিত ইয়াৰ কু প্ৰভাৱ সুনিৰ্দিষ্ট। বৃহৎ জলবিদ্যুৎ প্ৰকল্পই কেৱল নদীত বাস কৰা জীৱসমূহৰ বাবেই প্ৰত্যাহ্বান কঢ়িয়াই নানে, বনাঞ্চলৰ প্ৰতিও কঢ়িয়াই আনে তীব্ৰ ভাবুকি। মানাহ নদীৰ উজনি অংশত তৈয়াৰ কৰা মাত্ৰ ৬০ মেগাৱাটৰ কুৰিশ্বু বান্ধে মানাহ ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস কৰি পেলোৱাৰ বিষয়ে আমি সকলো অৱগত। সোৱনশিৰি বান্ধৰ কাৰণে সোৱনশিৰি-ডুলুং হাতীপটিটো বন্ধ হৈ গ’ল। এইদৰে বনাঞ্চল ধ্বংসই বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি কৰিব।ইতিমধ্যে বনৰীয়া হাতী আৰু সাধাৰণ কৃষিজীৱি লোকসকলৰ মাজত হোৱা সংঘাতৰ বিষয়ে আমি জানো। ই অধিক তীব্ৰতৰ হ’ব। খৰি বিক্ৰী কৰি কোনোমতে চলি অহা পৰিয়ালবোৰ ভিক্ষাৰীত পৰিণত হ’ব। কেৱল মাছ বা হাতীয়েই নহয়, চৰাই-চিৰিকটিৰ পৰা আৰম্ভ কৰি পৰিৱেশ তন্ত্ৰৰ লগত জড়িত শ শ প্ৰজাতিৰ জীৱ বা উদ্ভিদ কুল হ’ব নিমিষতে বিলুপ্ত। হয়, এয়াই উন্নয়ন। তাৰ উপৰি নামনি-সোৱনশিৰি নদীবান্ধে অসমৰ চৰ-চাপৰিৰ স্বাভাৱিক গঠন প্ৰক্ৰিয়াটোকে বদলি কৰি পেলাব। তাৰ ফলত সমগ্ৰ নদী-উপত্যকাৰ পৰিৱেশতন্ত্ৰ, জৈৱ-বৈচিত্ৰ্য, জীৱন ধাৰণ প্ৰণালী সম্পূৰ্ণৰূপে বদলি হৈ যাব। গৰু-ম’হৰ চৰণীয়া পথাৰ হ’ব ধ্বংস, পশুপালন, ব্যৱসায়ত পৰিব কুঠাৰাঘাত।ইয়াৰ লগতে নাও চলাই জীয়াই থকা মানুহখিনিৰ অৱস্থা হ’ব তথৈবচ। আকৌ, বিজ্ঞানীসকলৰ মতে অৰুণাচলত বন্ধোৱা ১৬৮ টা নদীবান্ধত বিভিন্ন সামগ্ৰী পচন হৈ মিথেইনৰ উৎপাদন হ’ব। গ্লোবেল ৱাৰ্মিঙৰ বাবে মিথেইন অতি মাৰত্মক। মুঠতে বৃহৎ নদীবান্ধে থলুৱা অৰ্থনীতিৰ লগতে ধ্বংসস্তূপত পৰিণত কৰিব পৰিৱেশতন্ত্ৰক।
তৃতীয়তে, বৃহৎ নদীবান্ধে সৃষ্টি কৰিব পাৰে মহাপ্ৰলয়, ধ্বংস কৰিব পাৰে এক সভ্যতা, হাজাৰ-হাজাৰ মানুহ, জীৱ-জন্তু। লেক ডেল্টন, কুশী বেৰেজ, ডেলহি ডেম, কিজিল-আগাছ, ফুজিনুমা ডেম আদিৰ দৰে ভাগি পৰা বৃহৎ নদীবান্ধৰ বহু উদাহৰণ আছে। চীনৰ হেনান প্ৰদেশত বান্ধ ভাঙি ১৯৭৫ চনৰ আগষ্ট মাহত ২,৩০,০০০ জনৰ মৃত্যু ঘটিছিল। ২০০৬ চনৰ আগষ্টত উকাই বান্ধৰ উজনিৰ পৰা হঠাৎ ৭ ৰ পৰা ১০ লাখ কিউছেক পানী এৰি দিয়াৰ ফলত দক্ষিণ গুজৰাটৰ টাপি নদীয়ে চুৰাট মহানগৰত অতি ভয়ংকৰ বানৰ সৃষ্টি কৰিছিল। হীৰাকুড বান্ধৰ ভুল কৰ্মপদ্ধতিৰ বাবে ২০০৮ চনৰ ছেপ্টেম্বৰত উৰিষ্যাৰ মহানদীৰ বান, পোং বান্ধৰ পৰা হঠাৎ এৰি দিয়া পানীৰ বাবে ১৯৮৮ চনত পঞ্জাৱৰ বান, ছেপ্টেম্বৰ ২০১০ত টেহৰি বান্ধৰ ভুল কৰ্মপদ্ধিতৰ বাবে ভাগীৰথী আৰু গংগা উপত্যকাত হোৱা বান আদিও একেধৰণৰ ঘটনা। উল্লেখযোগ্য যে ২০০৮ চনৰ ১৪ জুনত ৰঙানদী প্ৰকল্পৰ পৰা পানী এৰি দিয়াত একে নিশাৰ ভিতৰত ২২ জন লোকৰ মৃত্যু ঘটিছিল। ২০০৪ চনৰ ১০ জুলাই তাৰিখে ভূটানত অৱস্থিত কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত ৩১ জন মানুহৰ মৃত্যু, ৮৮,৮০৭ টা পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৰপেটা জিলাত ৬,৪১৫ টা আৰু বাক্সা জিলাত ৩,৩০৪ টা ঘৰ ধ্বংস হৈছিল।কথাবোৰ ইমানতে শেষ নহয়। অন্য অঞ্চলতকৈও উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ নদীবান্ধ দুটা কাৰণত এক মৰণফান্দ। এক, উত্তৰ-পূৰ্বাঞ্চল অতি ভূমিকম্পপ্ৰৱণ অঞ্চল, দুই, ইয়াৰ ভূতাত্ত্বিক গঠন। প্ৰাকৃতিকভাৱে ভূমিকম্প হ’লে বৃহৎ নদীবান্ধসমূহ ভাগি যাব পাৰে আৰু সৃষ্টি কৰিব পাৰে মহাপ্ৰলয়। আকৌ, বান্ধ সংলগ্ন ৰিজাৰ্ভাৰৰ পৰাও ভূমিকম্প সৃষ্টি হ’ব পাৰে। ১৯৬৭ চনৰ ১০ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ কয়লা ৱাৰ্ণা অঞ্চলৰ ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পটো এই ৰিজাৰ্ভাৰ সৃষ্ট ভূমিকম্পৰ উৎকৃষ্ট উদাহৰণ। গতিকে উত্তৰ-পূৰ্বাঞ্চলৰ ভূ-তাত্ত্বিক গঠনৰ প্ৰতি যদি লক্ষ্য কৰা হয়, তেন্তে ইয়াত নিৰ্মিত আৰু নিৰ্মীয়মান অৱস্থাত থকা বৃহৎ নদীবান্ধবোৰ যদি ভূমিকম্পত ভাঙে বা বান্ধবোৰৰ দ্বাৰা যদি ভূমিকম্পৰ সৃষ্টি হয়, তেন্তে গোটেই সভ্যতা-সংস্কৃতি হ’ব ধ্বংস, মৰাশত ৰূপান্তৰিত হ’ম আমি আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চল পৰিণত হ’ব ধ্বংসস্তূপত। পুঁজিপতি-কোম্পানীৰ লালসাৰ বাবেই অসমীয়া জাতিয়ে এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব।
চতুৰ্থতে, বৃহৎ নদীবান্ধে মৰুভূমিৰ সৃষ্টি কৰে। ই নদীবোৰ বাম কৰি তোলে, নদী বালিৰে পুতি পেলায় আৰু তাৰপাছত সেই নদী যেনি-তেনি বৈ গৈ পথাৰ আৰু বাসভূমি বালিৰে ঢাকি পেলায়। বান্ধৰ ভিতৰতো অজস্ৰ বালি জমা হয়। যিবোৰ নদীবোৰলৈ ঠেলি দিয়া হয়।খাবলু আৰু চাউলধোৱাৰ মাজত এনেদৰে বালি জমা হোৱাৰ কাৰণে নদীৰ সুঁতি সলনি হৈ অঞ্চলটোত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে। ২০০৪-২০০৭ চনৰ ভিতৰত ভূটানৰ ৬০০ মেগাৱাটৰ কুৰিশ্বু বান্ধৰ কাৰণে বেকী নদীয়ে কালপানী, গোৱৰ্ধন, আনন্দবজাৰ, সাউদৰ ভিঠা আদি নামনি অসমৰ ঠাইবোৰ বালিৰে পূৰ্ণ কৰি পেলাইছিল। ২০০৮ চনৰ ১৪ জুলাইত ৪০৫ মেগাৱাটৰ ৰঙানদী প্ৰকল্পৰ পানী ৰঙানদী আৰু ডিক্ৰাঙেৰে আহি লখিমপুৰ, বিহপুৰীয়া, নাওবৈচা বিধানসভা সমষ্টিৰ হাজাৰ-হাজাৰ কৃষিভূমি আৰু বাসভূমি বালি পানীৰে পুতি পেলাইছিল। কুৰিশ্বু প্ৰকল্পটোৰ কাৰণে বৰপেটা, বিজনী, নলবাৰী আৰু বাগছা জিলাত হাজাৰ-হাজাৰ হেক্টৰ মাটিত মানুহে খেতি কৰিব নোৱাৰে। বেঁকী নদী এতিয়া বালিৰ কবলত। এনেদৰেই উন্নয়নৰ নামত আমাৰ কৃষক সমাজৰ জীৱনবোৰ, সপোনবোৰ, শস্য-শ্যামলা কৃষিভূমিসমূহ বালিত পতিত। আমাৰ অসমীয়া সংস্কৃতিত, জীৱন গাথাঁত ব্ৰহ্মপুত্ৰৰ ভূমিকা-অৱদানৰ ব্যাখ্যা নিষ্প্ৰয়োজন। এই ব্ৰহ্মপুত্ৰ নদীকেই নামনি-সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই হত্যা কৰিব। তাৰ লগে লগে হত্যা হ’ব থলুৱা জনগোষ্ঠীবোৰ, আমাৰ সাংস্কৃতিক জীৱনযাত্ৰা, সামাজিক-সাংস্কৃতিক বৈচিত্ৰ্য।
পঞ্চমতে, বৃহৎ নদীবান্ধে বিশেষকৈ অসমত বিদেশী সমস্যাৰ তীব্ৰতা বৃদ্ধি কৰিব‌‌। নদীবান্ধৰ ব্যাপক প্ৰভাৱে বাংলাদেশকো চুব। ইয়ে বাংলাদেশৰ পৰা প্ৰবজন বৃদ্ধি কৰি অসমৰ সামাজিক-ৰাজনৈতিক জীৱন অধিক অস্থিৰ কৰিব।
বৃহৎ নদীবান্ধে পেলোৱা বিভিন্ন কু-প্ৰভাৱসমূহৰ এয়া কেৱল মাত্ৰ এক অতি সংক্ষিপ্ত আলোচনা। কেইটামান নিৰ্দিষ্ট দিশৰ ওপৰতহে আমি আলোকপাত কৰাৰ চেষ্টা কৰিছোঁ। অৱশ্যে এইখিনিয়ে স্পষ্ট কৰে বৃহৎ নদীবান্ধৰ ভয়াবহতা। নামনি-সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই তেন্তে অসমৰ ওপৰত তথা উত্তৰ-পূৰ্বাঞ্চলত কি ভয়ানক পৰিণতি কঢ়িয়াই আনিব, সেয়া সহজেই অনুমেয়। প্ৰশ্ন হয় এয়া উন্নয়ন নে আমাৰ জীৱন লক্ষ্মণ ৰেখা!!

Leave a Reply

Your email address will not be published. Required fields are marked *