বৃন্তচ্যুত ফুলৰ সুগন্ধি-(মীনাক্ষী বৰুৱা)
অৱশেষত নহওক বুলি ভবা কথাটোৱেই হ’লগৈ। পুৱা গধূলিৰ অত প্ৰাৰ্থনায়ো কাম নিদিলে। সত্যৱতীয়ে পুৱাতে কন্যা সন্তান এটি প্ৰসৱ কৰিলে। চাহ বাগিচাৰ বৰ কেৰাণী হৰিপ্ৰসাদ মহন্তৰ দ্বিতীয়া পত্নী সত্যৱতী। মহন্তৰ প্ৰথমা পত্নী পদ্মাৱতীয়ে কন্যা এটি জন্মাৰ আঠ বছৰ পিছলৈকে আৰু সতি-সন্ততিৰ মুখ নেদেখিলে। পো এটি নহ’লে বংশৰ চিন নাথাকে। হ’ব হ’ব বুলি বাট চাই থাকোঁতেই বেলি যাবৰে হয়। সেই হেতুকে গোঁসায়ে দ্বিতীয় বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সত্যৱতী পদ্মাৱতীৰে নুমলীয়া ভনী। গিৰিয়েকে দ্বিতীয় বিবাহৰ কথা উলিওৱাত সত্যৰ প্ৰস্তাৱটো পদ্মাৱতীয়েই দিছিল তেখেতক। আনৰ এজনী অনাতকৈ ভনীজনীকে আনক। পত্নীৰ সিদ্ধান্ত মৰ্মেই গোঁসায়ে সত্যৱতীক দ্বিতীয়া পত্নী কৰি আনিলে। পিছে সদ্যজাত কন্যা সন্তানটিয়ে গোঁসাইৰ লগতে কেঁচুৱাৰ আয়েক সত্যৰো মন সেমেকাই তুলিলে। পো এটিৰ আশাতে তাইৰ শিৰত সেন্দূৰকণ পৰিল। এতিয়া আলৈ আথানিখন নহ’লেই ৰক্ষা! সত্যৱতীয়ে তল চকুৰে বায়েকক লক্ষ্য কৰিলে। বায়েকৰ মুখত খং ক্ষোভৰ কোনো ৰেশ দেখা নগ’ল। ধাইক দিহাপৰামৰ্শ দিয়াৰ লগতে প্ৰসূতিৰ বাবে কৰিবলগীয়া সকলোখিনি তেওঁ মুকলি মনেৰেই কৰিছে।
কেঁহে কেঁহেকৈ গগণ ফালি থকা পুতলাৰ দৰে কেঁচুৱাটি দেখি আঠ বছৰীয়া ৰাণীৰ গাত তত নোহোৱা হৈছে। আয়েকে তাইক কেঁচুৱাটি চুবলৈ দিয়া নাই। মাহীয়েকৰ বুকুত সোমাই থকা কেঁচুৱাটিৰ গুলপীয়া মুখখন তাই দূৰৰপৰাই ডিঙি মেলি চাইছে। ইমান অকণমানি! স্ফূৰ্তিতে ৰাণীৰ মনটোৱে ডেও দি উঠিছে। এতিয়া আৰু খেলিবলৈ তাই ঘোষ বাবুৰ বঙলালৈ যোৱাৰ দৰকাৰ নাই। ঘোষ বাবুৰ বঙলাৰ কথা মনত পৰাত ইন্দু আৰু বিন্দুক খবৰটো দিবলৈ তাইৰ উচপিচ লাগিল। তাই সন্তৰ্পণে বাহিৰলৈ ওলাই আহিল আৰু ঘোষ বাবুৰ বঙলা অভিমুখে দৌৰিবলৈ ধৰিলে।
গাঁৱৰ ঘৰলৈ খবৰটো গোঁসায়ে পিছদিনাহে টেলিগ্ৰাম কৰিলে।
যি হৈ গৈছে তাক কোনেও খণ্ডন কৰিব নোৱাৰে। তথাপি মন গহ্বৰত আশাৰ বীজ এটা ৰোপণ কৰি গোঁসাই ব্যস্ত হৈ পৰিল তেওঁৰ কৰ্ম জীৱনত। বাগিচাৰ কোৱাৰ্টাৰত বৰ আই পদ্মাৱতীৰ কোলাত সত্যৱতীৰ কন্যাটি ডাঙৰ হ’বলৈ ধৰিলে। কন্যাটিৰ নাম ৰাণীয়ে বাণী ৰাখিছে। ৰাণীৰ বৰ আতাক, সত্ৰাধিকাৰ গোৱিন্দপ্ৰসাদ মহন্তই কোষ্ঠীত নৱজাতকৰ নাম বাণেশ্বৰী মহন্ত বুলি লিখিছে। লিখক। ইন্দুৰ ভনীয়েকৰ নাম যেনেকৈ বিন্দু, ৰাণীৰ ভনীয়েকৰ নামো তেনেকৈ বাণী হ’ব, বাণেশ্বৰী নহয়। ইন্দুৰ দৰে ৰাণীয়েও বাণীক হাতত ধৰি বিদ্যালয়লৈ লৈ যাব। তাই কান্দিলে তাইক তাই কোলাত লৈ নিচুকাব। ইমান যে মৰম কৰিব তাই বাণীক!
সময় গৈ থাকিল। বৰ আইৰ কোলাত বাণী একলা দুকলাকৈ ডাঙৰ হৈ আহিবলৈ ধৰিলে। বাণীৰ আয়েক সত্যৱতীয়ে দিনৰ দিনটো ঘৰুৱা কামৰপৰা আহৰিয়ে নাপায়। কেঁচুৱাক গাখীৰকণ খুৱাবলৈও বায়েকেহে সঁকীয়াই থাকিব লগা হয়, “আগেয়ে খুৱাই লচোন তাইক। কাপোৰ সোপা পাচেপৰেও থুকুচিব পাৰিবি!”
ঘৰখনলৈ মিতিৰ-কুটুম্বৰ আহ-যাহ চলি থাকে। চাহ-ভাতৰপৰা শালত বহালৈকে, কানি কাপোৰ ধোৱাৰপৰা চৰু হাড়ি ধোৱালৈকে ঘৰখনৰ সমস্ত কামৰ দায়িত্ব সত্যৰ মূৰৰ ওপৰতে। পদ্মাৱতীয়ে আলহী অতিথিৰ সৈতে কথা বতৰা পাতে, বাণীক নিচুকায় আৰু মন গ’লে কেতিয়াবা আচাৰ বনায় আৰু শালৰ কাপোৰত ফুল বাচে । বন কৰা ছোৱালী এজনী ৫ নম্বৰ লাইনৰপৰা আহে। তাই দিনটো থাকি বাহীবন কিবাকিবি কৰি দিয়ে যদিও ভাত ৰন্ধা চৰু হাড়িবোৰত তাইৰ হাত লাগিবলৈ দিয়া নহয়। পানীভাৰীয়ে ষ্টাফ কলনীৰ কুঁৱাৰপৰা ভাৰত পানী আনি দিয়ে। ট্ৰেক্টৰে মাহেকৰ খৰি যোগান দি যায়। কেৰাচিন আৰু মাহেকৰ ৰেচনপাতিও বাগিচাৰপৰা সময়মতেই পাই থকা হয়। ঘৰ-সংসাৰৰ দায় দায়িত্ব লৈ গোঁসায়ে মূৰ ঘমাব লগা নহয়। তেওঁ পুৱা ছয় বজাতে অফিচলৈ ওলাই যায়। ৯ বজাত চাহ-জলপান খাবলৈ এবাৰ আৰু দুপৰীয়া অন্ন মুঠি খাবলৈ এবাৰ ঘৰলৈ আহে। গধূলিহে আহৰি হয়। অফিচৰপৰা আহি সন্ধিয়া মহন্তই গগৈ বাবু, দাস বাবু,গুহ বাবুহঁতৰ লগত পৰ্টিকত তাচখেলত বহে। ক্লাব পাৰ্টিলৈ তেওঁ নাযায়। নিশা অন্ন মুঠি হোৱালৈকে পৰ্টিকত তাচখেল আৰু গল্প গুজব চলে। অন্ন গ্ৰহণ কৰাৰ পাছত ঈশ্বৰৰ নাম স্মৰণ কৰি তেওঁ পালেঙত উঠে –
“অচ্যুত কেশৱ বিষ্ণু হৰি
সত্য জনাৰ্দ্দন হংস নাৰায়ণ
হে কৃষ্ণ, তযু পাৱে পশিলোঁ শৰণ ..”
শোৱা পাটিলৈ যোৱাৰ প্ৰাকমুহূৰ্তত মহন্তই ঘৰুৱা পৰিবেশটোৰ আলেখলেখ চাই নিজৰ শোৱনি কোঠাটো নিৰ্ধাৰণ কৰি লয়। বাণীৰ জন্মৰ পাছৰেপৰা তেওঁ পদ্মাৱতীৰ কোঠাতে শুই আছিল। দ্বিতীয় বিবাহৰ পাছৰপৰা তেওঁৰ স্থায়ী পালেং বুলিবলৈ নোহোৱা হ’ল। দুই পত্নীৰ মাহেকীয়াৰ দিনৰ সৈতে মিলাই তেওঁ শয্যা সলাব লাগে। এতিয়া বাণীৰ এবছৰ হৈ যোৱাৰেপৰা তেওঁ পুনৰ সত্যৱতীৰ কোঠাত শুবলৈ লৈছে।
পিছদিনা পুৱা অফিচলৈ যাবলৈ ওলাই হৰিপ্ৰসাদ মহন্তই চচমাযোৰ ল’বলৈ পাহৰিলে। আগ চোতালৰ ফুলনিৰ কাষত ৰৈ থকা পদ্মাৱতীক তেওঁ চচমাযোৰ আনিবলৈ ক’লে। এবাৰ ওলাই অহাৰ পাছত মহন্ত পিছমুৱা নহয়। আগনিশা তেওঁ সত্যৰ কোঠাত শুইছে। চচমাযোৰ তাতেই আছে। গিৰিয়েকৰ কথাষাৰ শুনি পদ্মাৱতীয়ে একো নামাতিলে। পদ্মাৱতীৰ কোলাত তেতিয়া বাণীয়ে বননিত নামিবলৈ আমনি কৰি আছে। বাণীক ভেকাহি এটা মাৰি তেওঁ তাইৰ তপিনাত খঙেৰে থপৰিয়াই দিলে – “কিমাননো পেৰপেৰাই থাক অ’ এইজনী! ঠেকেচা মাৰি দিম গম পাবি।”
পদ্মাৱতী গোঁগোৱাই গৈ পাছ চোতাল পালেগৈ। সত্যই চাহ খোৱা বাচনবোৰ ধুবলৈ উলিয়াইছে। পদ্মাৱতীয়ে ভনীয়েকে শুনাকৈ ভোৰভোৰাই উঠিল, “নিশা অন্ন মুঠি পেটত পৰিল কি নাই, পাটীত উঠিবলৈ উথপথপ লাগি যায়! ক’ৰ বস্তু ক’ত পৰে গাত হুচ্ থাকিলেহে!”
: “কি হ’ল বাইদেউ?”
: “যা, সিজনে চচমা এৰি থৈ গৈছে বোলে, পালেঙতে পৰি আছে কিজানি, দি থৈ আহগৈ!”
কথাষাৰ কৈয়ে পদ্মাৱতী চটচটাই গৈ নিজৰ কোঠাত সোমালগৈ আৰু শুই থকা ৰাণীক চিঞৰি চিঞৰি ডবিয়াবলৈ ধৰিলে।
সত্যই বায়েকৰ কথাৰ সুৰ অনুধাৱন কৰিব পাৰি ততাতৈয়াকৈ নিজৰ শোৱনিকোঠা পালেগৈ। চচমাযোৰ পালেঙতনো কেনেকৈ থাকিব? শোৱনি কোঠাৰ টেবুলতে আছে চাগৈ! হয়, তাই ঠিকেই ভাবিছিল। চচমাযোৰ কোঠাৰ টেবুলখনতে আছিল। তাই লৰালৰিকৈ চচমাযোৰ নি গিৰিয়েকৰ হাতত দিলেগৈ। চচমাযোৰ কোঠাটোৰপৰা নি দিয়া কামটো ইমান টান কাম আছিলনে? পদ্মাৱতীতো এইটো কোঠালৈ নোসোমোৱা নহয়! সত্যৰ অনুভৱ হ’ল, আজিকালি বায়েকে অনবৰতে সত্যৰ ভুল দেখি থাকিবলৈ লৈছে। বাণীক কোলাত লৈ থকাৰ বাদে ঘৰখনৰ ইগচ কূটা তেওঁ সিগচ নকৰে।
সময় দ্ৰুত গতিৰে পাৰ হ’বলৈ ধৰিলে। চকুৰ পলকতে বাণী পাঁচ বছৰীয়া হ’ল। ৰাণী তেতিয়া বাগিচাৰ গাড়ীৰে চৰকাৰী হাইস্কুললৈ অহা-যোৱা কৰে।
পুত্ৰ সন্তানৰ আশা ক্ৰমাৎ ক্ষীয়মাণ হৈ অহাৰ সময়তে হৰিপ্ৰসাদ মহন্তৰ দেহত পাণ্ডুৰোগে দেখা দিলে। খবৰ ল’বলৈ অহা লোকে বিবিধ বিধানৰ কথা কৈছে। খেনোৰ মতে পাণ্ডুৰোগত বনদৰৱেই উত্তম। পিছে যাৰে তাৰে হাতৰ বনদৰৱ গোঁসায়ে মুখত নিদিয়ে। বাগিচাৰ হস্পিতালত দেখুওৱা হৈছিল যদিও মানুহজন লাহে লাহে হালধীয়া পৰি আহিবলৈ ধৰিলে। খোৱা-বোৱা কমিল। আৰু এনেকৈ থাকিয়েই এদিন তেওঁ ঢুকাই থাকিল। বাগিচাৰ গাড়ীৰে মহন্ত বাবুৰ ডেডবডীটো গাঁৱৰ ঘৰলৈ লৈ অনা হ’ল। পদ্মাৱতী-সত্যৱতীৰ মুখলৈ চাব নোৱৰা অৱস্থা। হৰিপ্ৰসাদক শেষ বাৰৰ বাবে চাবলৈ গোটেই গাঁওখন ঢপলিয়াই আহিল।
সেই যে অকস্মাতে পৰিয়ালটোৱে বাগিচা এৰিলে তাৰপাছত আৰু তালৈ যোৱা নহ’ল। জ্যেষ্ঠ ভাতৃ গোৱিন্দপ্ৰসাদৰ পৰিয়ালৰ সৈতে মূল ঘৰখনত কেইমাহমান থকাৰ পাছত কাষৰ বাৰীখনত বাগিচা কৰ্তৃপক্ষই পদ্মাৱতীহঁতক দুকোঠলীয়া ঘৰ এটা বান্ধি দিলে। ছোৱালী দুজনীৰ পঢ়া-শুনাৰ সমস্ত খৰচ বাগিচা কৰ্তৃপক্ষই বহন কৰাৰ দায়িত্ব ল’লে। মাক দুজনী নিশ্চিন্ত হ’ল। কাষতে গোৱিন্দপ্ৰসাদৰ ভৰা ঘৰ। চিঞৰটো মাৰিলেই শুনি। বাৰীৰ জপনাৰে আটাইকেউখন ঘৰৰে আহ-যাহ চলি থাকিল। পদ্মাৱতী বাণীক লৈ দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ ঘৰকেইখনতে থাকেগৈ। সত্যৰ সময় নাই। অৱশ্যে বায়েকৰ দৰে সজাই পৰাই কথাৰ মহলা মাৰিবও তাই নাজানে। সেইবাবে সময় পালে সত্যই ঘৰৰ পিছফালে থকা শাক-পাচলিৰ খেতিদৰাতে ব্যস্ত হৈ থাকে। ফটা কাপোৰেৰে কেঁথা চিলায়। ডলাত চাউল দালিৰ ধান শিল বাচে।
গোৱিন্দপ্ৰসাদৰ তিনিটা ভঁৰালত ৮০ বিঘা পথাৰৰ ধান সোমায়। পিতৃৰ দিনত মাটিবাৰী আৰু কিছু আছিল। কিবাকিবি প্ৰয়োজনত সময়ে সময়ে একঠা দুকঠা বিকা হৈছে। সৰু জীয়ৰী পুতুলীৰ বিয়াৰ সময়ত দুকঠা মাটি আধিয়াৰ গকুল গগৈক বন্ধকত দিয়া হ’ল। তিনিটা ভঁৰালৰ ধানৰ চাউল চাৰিজন ভাই-ককাইৰ পৰিয়ালে খায়। বজাৰলৈও দিয়া যায়। ধান বেচা টকাবোৰৰ ভাগ কাৰ কাৰ হাতলৈ যায় পদ্মাৱতীহঁতে নাজানে। আপদে-বিপদে লাগ বুলিলেই পৰিয়ালৰ লোকে সিকিটো আধলিটো হাতত গুজি দিয়ে। খৰচনো কি? তেল, দালি, নিমখকণহে! চলি যায়।
ৰাণী দেখাই-শুনাই একেবাৰে আতাকৰ দৰে হৈছে। ওখ, লাহী। বয়সতকৈ ছোৱালীজনী বেছি বাঢ়িছে। ১৫ বছৰ হৈছেহে এথোন, বিয়াৰ প্ৰস্তাৱ আহিবলৈ আৰম্ভ কৰিলেই। গোৱিন্দপ্ৰসাদে চালি-জাৰি চাই কেইবাটাও প্ৰস্তাৱ ইতিমধ্যে নাকচ কৰিছে। তেনেতে এদিন শিমলুগুৰি সত্ৰৰ সত্ৰাধিকাৰ আহি ওলালহি। লগত তেওঁৰ শিক্ষক পুত্ৰ। পুত্ৰই বিয়াৰ দুবছৰৰ পাছতে প্ৰসূতি ৰোগত পত্নীক হেৰুৱাইছে। সন্তানটিও নৰ’ল। স্বভাৱে চৰিত্ৰই অমায়িক ল’ৰাজনক দেখি গোৱিন্দপ্ৰসাদৰ কিবা এটা মোহ উপজিল। ৰাতিটো কটাই পাছদিনা আলহীয়ে বিদায় ল’লে। পদ্মাৱতীৰ মুখখন ক’লা পৰি আছে। এবাৰ বিয়া পতা মানুহ এটালৈ এইহেন ৰূপহী ছোৱালীজনী দিব পাৰিনে? তাইৰতো বয়স উকলি যোৱা নাই! আজিকালিৰ ছোৱালীয়ে মেট্ৰিক পাচ কৰি চাকৰি কৰিবলৈ লৈছে। ৰাণী পঢ়াই শুনায়ো ভাল। গোৱিন্দপ্ৰসাদে বুজালে। সত্ৰাধিকাৰ পণ্ডিত মানুহ। সমাজত সেইখন সত্ৰৰ নাম আছে। এনে এটা পৰিয়াললৈ ছোৱালীজনী নিদিলে মূৰ্খামী হ’ব। এবাৰ বিয়া কৰালে বুলিয়েই ল’ৰা মানুহ এটা অপৱিত্ৰ হৈ যায়নে? ৰাণী বাপেক নোহোৱা ছোৱালী। তাতে ঘৰখনত পুত্ৰ সন্তানো নাই। ইয়াতকৈ ভাল ল’ৰা এটা তাইৰ বাবে ওলাবনে?
অৱশেষত পদ্মাৱতীয়ে আঁচলেৰে চকুলো মচি সন্মতি দিলে। উলহ মালহেৰে ৰাণীৰ বিয়া হৈ গ’ল। ৰাণীৰ বিয়াৰ খৰচৰ বাবদ গোৱিন্দপ্ৰসাদে খেতি মাটি অকণ বিকাৰ কথা ক’লে যদিও সেইবোৰ হিচাব পদ্মাৱতীয়ে জানিব নুখুজিলে। সেইবোৰ মাটি বাৰীৰ কথা মাইকী মানুহে জানিনো হ’ব কি? বৰ আতাকহঁতে এইখন ঘৰৰ বাবে কৰিবলগীয়াখিনি কৰিয়ে আছে।
বায়েকৰ বিয়াত বাণীয়ে উচুপি উচুপি কান্দিলে। বায়েকেই তাইৰ লগ আছিল। তাইক এৰি ৰাণী কেনিও এখোজো নগৈছিল। ৰাণীয়ে তাইক পঢ়া-শুনাও দেখুৱাই দিছিল। এতিয়া কোনে শিকাব? কোনে তাইৰ লগত অলৌগুটি তলৌগুটি খেলিব? কইনা উলিওৱাৰ সময়ত ৰাণীয়ে বাণীক সাৱটি ধৰি হাওহাওকৈ কান্দিলে। কইনা উলিয়াই নিয়াৰ পাছত ঘৰখন নিজম পৰিল।
সময় বাগৰি থাকিল। নিজ নিজ বাটেৰে সুষম গতিৰে ঘূৰি থাকিল আটাইৰে জীৱনৰথৰ চকা।
বাণী ডাঙৰ হৈ আহিল। আজি কেইদিনমানৰপৰা প্ৰফুল্ল ককাইদেউক তাইৰ ভাল লগা হৈ আহিছে। প্ৰফুল্ল ককাইদেৱে তাইৰ পঢ়া-শুনাৰ সকলো খবৰ ৰাখে। প্ৰফুল্ল ককাইদেউ নতুনকৈ চাকৰিত সোমাইছে। শিক্ষক। গণিত বিষয়টো বীণাই খুব টান পায়। প্ৰফুল্ল ককাইদেউ আহিলে বুজি নোপোৱা অংকবোৰ ককাইদেৱে তাইক বুজাই দি যায়।
দোকান বজাৰৰ বস্তু আনিব লগা হ’লেও পদ্মাৱতীয়ে প্ৰফুল্লকে পাচে – “বাপু, কেৰাচিন এপোৱা আনি দিবাচোন আজি”। বাণীৰ কাগজ-কলমৰপৰা আদি কৰি ঘৰখনৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ আনি দিবৰ বাবে এসময়ত প্ৰফুল্ল কলিতা ঘৰখনৰ সদস্যৰ দৰেই হৈ পৰিল। প্ৰফুল্লক গাঁৱৰ মানুহেও ভাল পায়। উৎসাহী, আগৰণুৱা ডেকা। বিহু পতাৰপৰা বিদ্যালয় পতালৈকে সকলো কামতে তেওঁৰ আগভাগ।
লাহে লাহে গাঁৱত গুণগুণণি উঠিল। কলিতাৰ পোৱে চন্দ্ৰলৈ হাত মেলিছে। মুখ বাগৰি কথাবোৰ পদ্মাৱতীৰ কাণত পৰিলগৈ। বাণীয়ে মেট্ৰিক পৰীক্ষা দিব এইবাৰ। পদ্মাৱতীয়ে সত্যক শুনাই দিছে, পৰীক্ষাৰ পিছতে তাইক গোঁসাই ল’ৰা এটালৈ উলিয়াই নিদিলে তাই বংশৰ মান-মৰ্যাদা শেষ কৰিব। কথাটো পদ্মাৱতীয়ে পৰিয়ালৰ আটাইকেউজনৰে কাণ চোৱাই থ’লে। গোৱিন্দপ্ৰসাদে খা-খবৰ লৈ থাকিল। ইতিমধ্যে বাণী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ল। ছোৱালীক আৰু বেছিদিনলৈ ঘৰত ৰাখিব নোৱাৰি। ধুমধাম খবৰৰ আদান-প্ৰদান চলি থাকিল। কোনোবাটোৰ যদি যোৰা নাহে, কোনোবাটোৰ বাঁজী পত্নী আছে, কোনোবাটোৰ আকৌ বয়স বেছি। তেনেতে ৰাণীয়ে খবৰ পঠিয়ালে সিহঁতৰ চিনাকি পৰিয়াল এটাৰ কোনোবা এজনৰ পত্নী অকস্মাতে ঢুকাই থাকিল, ল’ৰাজনৰ বয়স বেছি হোৱা নাই, তেওঁ বিয়া কৰাবলৈ ছোৱালী বিচাৰি আছে, ৰাণীয়ে বাণীৰ কথা কৈছে। কেইদিনমানৰ পাছত বিপুল আৰু মিনতিক লৈ ৰাণী নিজেই আহি ঘৰ ওলালহি। এনে ল’ৰা ভাগ্যৰ বলতহে মিলে, ৰাণীয়ে বাণীক বুজালে। গোৱিন্দপ্ৰসাদেও খবৰটোত আগ্ৰহ প্ৰকাশ কৰিলে। সত্যৱতী নিমাত। বাণী শংকিত। ইতিমধ্যে পদ্মাৱতীয়ে ল’ৰা ঘৰৰ মানুহক আহিবলৈ অনুমতি দিয়েই দিলে।
তেনেতে এদিন প্ৰফুল্ল গোৱিন্দপ্ৰসাদৰ ঘৰত উপস্থিত হ’লহি।
: “বাণীক মই বিয়া কৰাব খুজিছোঁ” – প্ৰফুল্লই পোনে পোনে ক’লে।
: “এয়া কেনেকৈ সম্ভৱ? তই ভাবিলেইতো নহ’ব! সমাজত থাকিলে জাত-কূলৰ নিয়ম মানি চলিব লাগিব।”
: “সমাজ কোনে গঢ়ে? নিয়ম কোনে সৃষ্টি কৰে? মানুহেই নহয় জানো? পুৰণি ধ্যান-ধাৰণাবোৰ সময়ৰ লগে লগে মানুহেইতো সলনি কৰিব লাগিব।”
: “তোৰ ভাষণ ইয়াত নচলিব। বাণীৰ বিয়াৰ আলোচনা চলিছে। সেই বিয়াত বাণী আৰু মাকৰো সন্মতি আছে।”
: “নাই! সন্মতি নাই।” – প্ৰফুল্লই গৰজি উঠিল।
: “তোক কোনে ক’লে সন্মতি নাই বুলি? মোকতো কোনেও কোৱা নাই।”
: “বৰ আইৰ সন্মুখত কথা কোৱাৰ সাহস বাণীৰ নাই। সৰু আইৰো নাই।”
: “তই এতিয়া যা। মই কথা পাতিম সিহঁতৰ লগত।”
কথাবোৰ শুনি বাণী কঁপিবলৈ ধৰিলে। তাই শিক্ষকৰ চাকৰিৰ বাবে আবেদন কৰিছে। গোটেই কামখিনি তাইক প্ৰফুল্লই কৰি দিছে। চাকৰিটো তাইৰ খুব প্ৰয়োজন। প্ৰফুল্ল ককাইদেউ আঁতৰি গ’লে … নাই, বাণীয়ে আৰু ভাবিব নোৱাৰে। মাকৰ জীৱন আজি ষোল্ল বছৰে তাই দেখি আহিছে। তায়েই মাকৰ একমাত্ৰ ভৰসা। তাই সিদ্ধান্ত সলাব নোৱাৰে। চকুপানী মচি বাণীয়ে মাকক ক’লে, “আই, তই বৰ আতাক কৈ দিবি, প্ৰফুল্ল ককাইদেউলৈ বিয়া নিদিলে মই কাৰো সৈতে বিয়াত নবহোঁ।”
গধূলি পদ্মাৱতীয়ে তীব্ৰ খঙত বাণীৰ গালত এক চৰ সোধাই দিলে। সত্যৱতীৰ আখলত ৰাতিলৈ চৌকা নজ্বলিল।
প্ৰফুল্লই এইবাৰ গোৱিন্দপ্ৰসাদৰ ঘৰলৈ তাৰ মাকক পঠিয়ালে। গোৱিন্দপ্ৰসাদে সিদ্ধান্ত শুনাই দিলে, “আমাৰ সমাজে এই বিয়া মানি নলয়। ছোৱালীয়ে নিজে যদি কিবা কৰে কৰক। পিছে তাত আমাৰ সমাজৰ উপস্থিতি নাথাকিব।”
দুদিন পাছত প্ৰফুল্ল পুনৰ গ’ল গোৱিন্দপ্ৰসাদৰ ঘৰলৈ। গোৱিন্দপ্ৰসাদ এইবাৰ নৰম। তেওঁ ক’লে, “তোৰ প্ৰতি মোৰ একো ব্যক্তিগত ক্ষোভ নাই। কিন্তু সত্ৰ সমাজক উলংঘা কৰি মই তোক এই অনুমতি দিব নোৱাৰোঁ। মোৰ আশীৰ্বাদ আছে, যা আগবাঢ়।”
পিছদিনা পুৱাতে পদ্মাৱতীয়ে কাপোৰকানি লৈ ৰাণীৰ ঘৰলৈ বুলি ওলাই গ’ল। সত্যৱতীয়ে বায়েকক ভৰিত ধৰি কাকূতি-মিনতি কৰিলে। বায়েক নিজৰ সিদ্ধান্তত অটল। যাবৰ সময়ত তেওঁ বাণীৰ মুখলৈও নাচালে।
“সময়ত সকলো সহজ হৈ যাব” – প্ৰফুল্লই সৰু আইক বুজালে।
সত্ৰ সমাজে সত্যৱতীক এঘৰীয়া কৰিলে। বাণীৰ বিয়াত কোনো নাহিল। শূদিৰ সমাজৰ সহায়-সহযোগিতাত বিয়াখন অনুষ্টুপীয়াকৈ সম্পন্ন হৈ গ’ল।
এসপ্তাহ পাৰ হ’ল। এমাহ পাৰ হ’ল। দুমাহৰ পাছতো পদ্মাৱতী নিজৰ ঘৰলৈ ঘূৰি নাহিল। জপনাৰ শব্দ শুনিলেই সত্যৱতী আগফালে দৌৰি যায়। জুহালত কেতিয়াবা জুই জ্বলে, কেতিয়াবা নজ্বলে। বাৰীচুকৰ জপনাখন শিকলিৰে কোনোবাই বান্ধি পেলালে। প্ৰফুল্ল আহি থাকে। বাণী এসপ্তাহৰ মূৰে মূৰে আহে। চাকৰিটো তাই পালে। মাহৰ মূৰত আয়েকৰ হাতত টকা কেইটামান তাই দি যায়হি। সত্যৱতীৰ বৰ অকলশৰীয়া লাগে। বায়েকলৈ মনত পৰে। কেতিয়াবা ভাবে, এবাৰ যাওঁ নেকি ৰাণীৰ ঘৰলৈকে? পিছ মুহূৰ্ততে শংকিত হৈ উঠে, যদি জোঁৱায়ে সোমাবলৈ নিদিয়ে?
সত্যৱতীৰ টোপনি নাহে। ৰাতি ৰাতি ঘৰৰ চালত কি জানো পৰে! চিলমিলকৈ টোপনিটো আহিব ধৰেহে, দুৱাৰখনত জাটৌপকৈ শব্দ এটা হয়। কুকুৰ-মেকুৰীয়ে নেজ মাৰিছে কিজানি। নে গাইজনীয়ে লেজু চিঙিলে? দূৰৈত কাৰোবাৰ চিঞৰ শুনা যেন লাগে। মানুহৰ মাতনে শিয়ালৰ হোঁৱা? কোঠাৰ ভিতৰত থন্ কৈ শব্দ এটা হয়। সত্যৱতী জিকাৰ খাই উঠে।
: “কোন?”
একো উত্তৰ নাই।
: “কো…ন?” – সত্যৱতী জ্বলি উঠে।
সত্যৱতী বিচনাৰপৰা নামি আহে। তুলিৰ তলৰপৰা দাখন হাতত লয়। মেকুৰী খোজেৰে আহি লেমৰ শলিতাডাল বঢ়াই দিয়ে। চুকৰপৰা নিগনি এটা দৌৰ মাৰে। জাপি থোৱা কাঁহী-বাটিবোৰৰ ওপৰৰ ঢাকনিখন বাগৰি আছে। শলিতাডাল কমাই সত্যৱতীয়ে দাখন পুনৰ তুলিৰ তলত থৈ দিয়ে। ধপধপনি মাৰ যায়।
: “আই, তোৰ চকু দুটা ইমান ৰঙা হৈ আছে যে! ৰাতি টোপনি যোৱা নাই নেকি?”
: “এএএ.. কিনো ক’বি! যোৱা ৰাতি নিগনি এটাই ভাল বিহুখন দেখুৱালে দে।”
দিনটো আয়েকৰ লগত থাকি বাণী যায়গৈ।
: “আই, দাইলত তেল নামাৰিবিচোন। গোন্ধটো পালেই মোৰ ওকালি আহে।”
সত্যৱতীৰ মুখখন পোহৰ হৈ উঠে।
গোঁসাই থাপনাৰ সমুখত আঁঠু লৈ সত্যৱতীয়ে প্ৰাৰ্থনা কৰে ছোৱালীজনীৰ কোলাত পুত্ৰ সন্তান এটি দিয়া প্ৰভু!”
সত্যৱতীৰ গিৰিয়েকলৈ মনত পৰে। পো এটিৰ আশা মনত লৈয়েই মানুহজন গ’লগৈ। থকা হ’লে কিজানি দেৰিকৈ হ’লেও কিবা এটা হ’লেইহেঁতেন! লীলাধৰ গোঁসাইৰ জীয়েকৰ ছোৱালীজনী হোৱাৰ ন বছৰৰ মূৰত ল’ৰাটি হোৱা নাছিলনে! কণা গোঁসায়ে চকু মেলি চাবলৈ সুবিধাকণেই নাপালে। মানুহটো জীয়াই থকা দিনকেইটাতো বিচনা ভগাই থাকোঁতেই গ’ল।
: “বিয়নী আছেনে?”
সত্যৱতী ওলাই যায়।
প্ৰফুল্লৰ মাক আহিছে। বাণীৰ এতিয়া পাঁচ মাহ।
: “বাণীক পঞ্চামৃত খুৱাবৰ সময় হৈছে”
: “অঁ”
: “কেতিয়াকৈ কৰে এতিয়া! মই বোলোঁ আপোনাৰ খবৰ এটাও লৈ আহোঁ আৰু কথাটোও কৈ যাওঁ।”
সত্যৱতী নিমাত। তেওঁ পলক নেপেলোৱাকৈ দুৱাৰখনৰ ফালে চাই আছে।
“ঐ, ঐ, জহনিত যোৱা! ঘৰৰ ভিতৰত সোমাইছ কিয়?” – সত্যৱতীয়ে তামোল কাটি থকা কটাৰীখন গাৰ বলেৰে দুৱাৰৰ ফালে দলিয়াই দিলে।
প্ৰফুল্লৰ মাক থৰ হৈ পৰিল। কি হৈছে? কোন সোমাইছে ঘৰৰ ভিতৰত? এখনেইতো দুৱাৰ। দুৱাৰখনৰ ওচৰতে বাৰাণ্ডাত দুয়ো বহি আছে। সত্যৱতীয়ে কাক সোমোৱা দেখিলে ঘৰৰ ভিতৰলৈ? কোনোতো অহা নাই! প্ৰফুল্লৰ মাক থকথককৈ কঁপি উঠিল।
: “বিয়নী? কোন সোমাইছে ঘৰৰ ভিতৰত?”
: “দেখা নাই? দেখা নাই? সেইটোক দেখা নাই?” – সত্যৱতীয়ে খঙত ফোঁপাবলৈ ধৰিলে।
প্ৰফুল্লৰ মাক উঠি আহিল। তেওঁ ততালিকে বুজি পালে কি ঘটিবলৈ গৈ আছে।
গধূলিলৈ প্ৰফুল্ল আহিল। সত্যৱতী হাতত বাৰী এডাল লৈ ভিতৰৰপৰা ওলাই আহিল।
: “আই!”
: “অ’ বাপুহে! মই বোলোঁ কোন আহিল আকৌ।” – সত্যৱতীয়ে লাজ পাই তলমূৰ কৰিলে।
: “আজি চাহ খোৱাই নহ’ল। ইয়াতে খাম বুলি আহিলোঁ। গাখীৰ আছেনে?”
: “ঔ আই! গাখীৰকণো নাথাকিবনে? দুসেৰ গাখীৰ ওলায়। ঘৰত খাওঁতাই নাই। তুমি বহাচোন, মই জুইকুৰা জ্বলাই থৈ আহোঁ।”
প্ৰফুল্লই আলেঙে আলেঙে সত্যৱতীক লক্ষ্য কৰি থাকিল। সত্যৱতীয়ে সদায় দিয়াৰ দৰেই চাহকাপ প্ৰফুল্লৰ হাতত সযতনে তুলি দিলে।
: “বাণীৰ গাটো বৰ ভাল নহয়। আপোনাক কেইদিনমান থকাকৈ লৈ যাওঁ বুলি আহিলোঁ।”
: “এহ্ ঘৰখন এৰি কেনেকৈনো যাওঁ ? মানুহ নাথাকিলেচোন চোৰে সিন্ধি খান্দি গোটেইখন তহিলং কৰিব।”
: “চোৰৰ ভয়ত আৰু ছোৱালীজনীৰ ওচৰলৈ নাযাবনে?”
: “নাযাওঁ! মই কাৰো ঘৰলৈ নাযাওঁ। এইখন ঘৰৰপৰা মোক কোনে লৰচৰ কৰে চাওঁচোন! ঐ.. ঐ.. ঐ মাউৰতযোৱা .. সাহস আছে যদি আহচোন। ক’ত লুকালি? ওলাই আহ! আয়েৰক চিনি পোৱা নাই? ..”
সত্যৱতী দৌৰি চোতাল পালেগৈ।
: “আই? আই! কি হৈছে আপোনাৰ?”- প্ৰফুল্লই চিঞৰি উঠিল।
: “মোক মাৰি পেলাব সিহঁতে বাপু! মোক লৈ যোৱা ইয়াৰপৰা..”
সত্যৱতীয়ে সৰু ছোৱালী এজনীৰ দৰে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। প্ৰফুল্লই সত্যৱতীক হাতত ধৰি ভিতৰলৈ লৈ আনিলে। প্ৰফুল্লই কৈ যোৱা ধৰণেই সত্যৱতীয়ে মোনাত প্ৰয়োজনীয় কাপোৰ কানি ভৰালে। দুৱাৰত তলাটো লগাই মৰ আঁউসীৰ এন্ধাৰ ফালি দুয়ো ওলাই আহিল বাটলৈ। মোনাটো চাইকেলৰ হেণ্ডেলত ওলোমাই প্ৰফুল্লই চাইকেলখন ঠেলি ঠেলি সত্যৱতীৰ লগত দিনটোৰ কামকাজৰ কথা স্বাভাৱিকভাৱে পাতি গ’ল। যেন একোৱেই হোৱা নাই। সত্যৱতীক ঘৰত থৈ প্ৰফুল্ল “ভূঞা ডাক্তৰ”ৰ ঘৰ ওলালগৈ। ডাক্তৰক তেওঁ গোটেই কথাখিনি ভাঙিপাতি ক’লে। ডাক্তৰে ক’লে, আৰম্ভণিতে উপযুক্ত চিকিৎসা পালে সকলো ঠিক হৈ যাব। এতিয়া কি কৰা উচিত তাৰ পৰামৰ্শ দি তেওঁ টোপনিৰ বড়ি এটা লিখি দিলে।
ৰাতি সত্যৱতীৰ দোৰ্ঘোৰ টোপনি। পিছদিনা মন পৰিষ্কাৰ। তেওঁ ঘৰলৈ যাব বিচাৰিলে। প্ৰফুল্লৰ মাকে সেইদিনাই দুপৰীয়ালৈ পঞ্চামৃতৰ বাবে গাঁৱৰ গোপিনী মতাৰ কথা ক’লে। সত্যৱতী থাকিবলৈ বাধ্য হ’ল।
মাজৰাতি সত্যৱতী বিচনাৰপৰা উঠি আহিল।
: “বাণী! ক’ত মৰি আছ তই?” – নিতাল নিশা সত্যৱতীৰ চিঞৰটো গোঁজৰণি হৈ ওলাই আহিল।
প্ৰফুল্লই শোৱনিকোঠাৰ দুৱাৰখন খুলি দিলে। বাণী উঠি বিচনাত বহিল। তাইৰ গাৰ চাদৰ ক’ত পৰি থাকিল গমেই নাপালে। সত্যৱতী আউলিবাউলি চুলিৰে বাণীৰ বিচনাৰ কাষ পালেহি আৰু তাইৰ বাহু দুটা ঘচালি ফোঁপাই উঠিল –
“মৰতী! মোক এৰি তই কোন মতাৰ লগত শুই আছ ইয়াত?”
বাণীয়ে তীব্ৰ লজ্জা আৰু খঙত মাকক ঠেলা মাৰি দিলে।
প্ৰফুল্লই বাণীক ধমক দিলে – “মূৰ্খামী কৰিছা কিয়? সুস্থ মানুহে এনেদৰে কথা কয় নেকি?”
বাণীয়ে কুঁকুৱাই কান্দিবলৈ ধৰিলে।
পিছদিনা ৰাতিপুৱাই প্ৰফুল্ল হৰেন মৌজাদাৰৰ ঘৰত উপস্থিত হ’লগৈ। তেখেতক কথাবোৰ বিবৰি কৈ তেখেতৰ জীপখন ভাড়া কৰিলে আৰু সত্যৱতীক ঘৰত থৈ আহোঁগৈ বুলি ফুচুলাই মেণ্টেল হস্পিতাললৈ লৈ গ’ল। অচিনাকি ঠাই, অচিন মানুহ দেখি সত্যৱতী নিশ্চুপ হৈ ৰ’ল।
সত্যৱতীৰ শোৱাঘৰৰ মজিয়াত উঁই-হাঁফলু উঠিছে। পাকঘৰটোত সোমাব নোৱাৰি। ঘৰটোত কেউফালে পঁচা পঁচা গোন্ধ এটা বিয়পি পৰিছে। গাইজনী প্ৰফুল্লই নিজৰ ঘৰলৈ লৈ গৈছিল। বাণীয়ে কাঁহৰ বাচনখিনিও তাত নি থোৱাৰ কথা কৈছে। সেইখিনি চোৰে নিলে বৰ আয়েকে বেচা বুলি সন্দেহ কৰিব। প্ৰফুল্লই বাচনখিনি বিচাৰি বিচাৰি বিচনাৰ তলত বস্তা এটাৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে। বস্তাটো নিগনিয়ে কুটি টুকুৰা টুকুৰ কৰি থৈছে। বাচনখিনি মোনাত ভৰাই দুৱাৰৰ তলাটো মাৰি ওলাই আহোঁতেই পদূলিত প্ৰফুল্ল মোহন গোঁসাইৰ মুখামুখি হ’ল।
: “বৰদেউতা” – প্ৰফুল্লই মাত দিলে।
: “তোক দেখা পায়েই আহিলোঁ। সত্যৰ মূৰৰ গণ্ডগোল হ’ল বোলে?”
: “হয়। ভাল পাব। হস্পিতালত থৈ আহিছোঁ।”
: “থ হেৰৌ, এবাৰ পাগল হ’লে মানুহ ভাল হোৱা শুনিছনে ক’ৰবাত? সেইবাবে সমাজ এখনৰ বিৰূদ্ধে মানুহ যাব নালাগে বুইছ! মানুহে নিদিলেও ঈশ্বৰে অভিশাপ দিয়ে। ইমান ডাঙৰ সমাজখনক ভৰিৰে মোহাৰি তাই যি পাপ কৰিলে তাৰ ফল বৰ সোনকালেই ভুগিলে।”
: “আহোঁ দিয়ক”
: “যাঃ, তোৰ জীৱনটোহে নষ্ট হ’ল আৰু ..”
: “মোৰ জীৱনৰ কাৰণে আপুনি ভাবিব নালাগে বৰদেউতা” – প্ৰফুল্লই পেদেল ঘূৰালে।
ৰাতিৰপৰা বাণীৰ গা অসুখ কৰিছে। ভূঞা ডাক্তৰ আহিল। আবেলিলৈ তাই ল’ৰা সন্তান এটি প্ৰসৱ কৰিলে। প্ৰফুল্ল পিছদিনা পুৱাই হস্পিতাল পালেগৈ।
: “আই, বাণীৰ ল’ৰা এটা হ’ল।”
: “অঁ” – সত্যৱতীৰ নিৰুত্তাপ সহাৰি।
: “আপোনাৰ গা কেনে?”
: “মই শোওঁগৈ, মোৰ টোপনি আহিছে”
প্ৰফুল্লই ডাক্তৰক লগ ধৰিলে। ডাক্তৰে ক’লে তেখেতক ইলেকট্ৰিক শ্বক দিয়া হৈছে বাবে আজি খুব দুৰ্বল হৈ আছে। তথাপি আগতকৈ কিছু ভাললৈ আহিছে। তিনিটা শ্বক দিয়াৰ পাছত ভাল পাব লাগে। তেতিয়া ইয়াৰপৰা লৈ যাব পাৰিব।
বাণীৰ ল’ৰাৰ এমাহ হৈ গ’ল।
প্ৰফুল্ল পুনৰ হস্পিতালত উপস্থিত হ’লগৈ। প্ৰফুল্লৰ নাম শুনি সত্যৱতী উধাতু খাই ওলাই আহিল। ভিজিটিং কক্ষত প্ৰফুল্ললৈ চাই তেওঁ হাঁহিলে। প্ৰফুল্লৰ মাত বন্ধ হৈ গ’ল। ডিঙিটো সোপা মাৰি ধৰিছে।
: “বাপু”
প্ৰফুল্লই সত্যৱতীক মাতিব পৰা নাই। এক মুহূৰ্ত ৰৈ নিজৰেই অচিনাকি মাত এটাৰে প্ৰফুল্লই সুধিলে – “ভাল পাইছেনে আই?”
: “পাইছোঁ। মোক কেতিয়া নিবা ইয়াৰপৰা?”
: “আজিয়েই লৈ যাম বুলি আহিছোঁ”
সত্যৱতীয়ে লগৰজনীৰপৰা বিদায় লোৱাৰ সময়ত তাইৰ হাতখনত ধৰি ক’লে – “মই যাওঁ। জোঁৱাই আহিছে। এই চেণ্ডেলযোৰ ৰাখক, খালী ভৰিৰে নাথাকিব, মই চামৰাৰ চেণ্ডেলযোৰ পিন্ধি যাম।”
মানুহজনীয়ে চেণ্ডেলযোৰ হাতত তুলি হাঁহিবলৈ ধৰিলে। সত্যৱতী ওলাই আহিল। ওভোতনি পথত সত্যৱতীয়ে মুখেৰে এটা শব্দও উচ্চাৰণ নকৰিলে। বাচৰপৰা নামি দুমাইল বাট খোজকাঢ়ি আহি সত্যৱতী আজি ভাগৰি পৰা নাই। পদূলিৰপৰাই কেঁচুৱাৰ কান্দোন কাণত পৰিল।
: “আহিলি আই?” – বাণীয়ে সন্দিগ্ধ হাঁহিৰে মাকলৈ চালে।
: “ল’ৰা পালি?” – সত্যৱতীয়ে বাণীৰ মুখলৈ নোচোৱাকৈ কোলাৰ কেঁচুৱাটোত চকু থৈ সুধিলে।
সত্যৱতীয়ে এক মুহূৰ্তৰ বাবেও কেঁচুৱা বাবুলক কোলাৰপৰা ননমায়। বাণীক বৰ আয়েকে যেনেকৈ কোলাই বোকোচাই লৈ ফুৰিছিল, সত্যৱতীয়েও তেনেকৈ বাবুলক লৈ ফুৰে। প্ৰফুল্লই বাণীক আয়েকৰ দৰৱ পাতিবোৰ বুজাই দিছে।
সত্যৱতীয়ে যেন পাহৰিয়ে পেলালে তেওঁৰ এখন ঘৰ আছিল। এজনী সতিনী সহোদৰা বায়েক আছিল। আৰু আছিল কঠোৰ ধূতি-নীতিৰে ভৰা এখন বৃহৎ সমাজ। সত্যৱতীৰ কোনোদিনেই মনলৈ নাহিল মজিয়াৰ একোণত থাপনা এখন প্ৰতিষ্ঠা কৰাৰ কথা। আটোলটোল এটি সপোনৰ আপদালৰ মাজেৰে সত্যৱতী সম্পূৰ্ণ হৈ উঠিছে। বাবুল দুবছৰীয়া হোৱাৰ পাছত প্ৰফুল্লই নিজাকৈ ঘৰ বান্ধিলে। প্ৰফুল্লৰ মাক ডাঙৰ পুতেকৰ লগত মূল ঘৰখনত থাকিল।
সত্যৱতীৰ জহিখহি যোৱা ঘৰখনৰ দুৱাৰ খুলিবলৈ পদ্মাৱতী আৰু ঘূৰি নাহিল। কি কৰা যায়? এদিন প্ৰফুল্লই গোৱিন্দপ্ৰসাদক কথাটো কাণ চোৱালে। তেখেতে জনালে খেতি মাটিখিনি ইতিমধ্যে ভাগ হৈ গৈছে। হৰিপ্ৰসাদৰ ভাগটো পদ্মাৱতীৰ নামত লিখা হৈছে। ভেটি মাটিখিনিৰ কথা অৱশ্যে ওলোৱা নাই। কিন্তু তেওঁ ইয়ালৈ আৰু ঘূৰি নাহে।
: “তেনেহলে কি হ’ব?” -বাণীয়ে প্ৰফুল্লক সুধিলে।
: “সেইবোৰ তোমালোকৰ কথা। তাত মই নোসোমাওঁ”
: “নোসোমালে কেনেকৈ হ’ব? বৰ আতাক কওক মাটিখিনি বেচি টকাখিনি দুভাগ কৰি এভাগ আমাক দিয়ক।”
: “মই নকওঁ। মোক সেই টকাৰ প্ৰয়োজনো নাই।”
: “আমাক প্ৰয়োজন নাই, কিন্তু আইৰ অধিকাৰ আছে সেইটো ঘৰত।”
বাণীয়ে বৰ আতাকলৈ চিঠি এখন লিখি দি পঠিয়ালে। গোৱিন্দপ্ৰসাদে প্ৰফুল্লক মাতি নি ক’লে, “এটা কাম কৰ, এই টকা ছশ ল, সত্যক দিবিগৈ। মাটিখিনি ময়েই ৰাখোঁ দে। আৰু সত্যৰ নামত মই খেতি মাটি অলপো লিখি দিম বুলি ক’বি। সেয়া এতিয়া তাইৰ প্ৰাপ্য নহয়। তথাপি মই দিছোঁ দে।”
প্ৰফুল্লই বাধা দিলে। খেতিমাটিৰ ভাগ ইতিমধ্যে বৰ আইক দিয়া হৈছেই। বৰ আয়ে ভাগটো অকলে ল’ব খুজিছে ল’বলৈ দিয়ক। বাণীৰ চাকৰি আছে, মাকৰ কাৰণে মাটি নহ’লেও হ’ব।”
গোৱিন্দপ্ৰসাদে নামানিলে। চাৰিকঠা মাটি তেওঁ সত্যৱতীৰ নামত লিখি দিলে।
এসময়ত প্ৰফুল্ল তিনিটা সন্তানৰ পিতৃ হ’ল। বাণীয়ে আয়েকৰ হাতত ঘৰখন এৰি নিশ্চিন্ত মনে বিদ্যালয়লৈ অহা-যোৱা কৰি থাকিল। ল’ৰা-ছোৱালীয়ে ভোক লাগিলেও আইতাকক মাতে, উজুটিত দুখ পালেও আইতাককে মাতে। সিহঁতক আইতাকে ৰজা-ৰাণীৰ সাধু কয়, হস্পিতালৰ সাধু কয়, দুষ্ট শিশুৰ মাকক সদাগৰে লৈ যোৱাৰ সাধু কয়। ল’ৰা-ছোৱালীয়ে আইতাকৰ মানসিক ভাৰসাম্যহীনতাৰ কোনো লক্ষণ কোনোদিনেই নেদেখিলে।
এদিন খবৰ আহিল পদ্মাৱতী ঢুকাল। ৰোগীয়া জোঁৱাইৰ কেটেৰাজেঙেৰা সহি সহি পদ্মাৱতী পাঁচবছৰমান শয্যাশায়ী হৈ আছিল। মৃত্যুৰ সময়ত শৰীৰত হাড় কেইডালহে ৰৈছিলগৈ। খবৰটো শুনি সত্যৱতী দিনটো নিমাতে থাকিল। ইয়াৰ মাজতে মৃতকৰ বাবে কৰণীয় সকলো নীৰৱে কৰি গ’ল। বাণীৰ দুচকুৰে ধাৰাসাৰ পানী বৈ থাকিল।
: “কোন ঢুকাল আইতা?” – বাবুলহঁতে একো অনুমান কৰিব নোৱাৰিলে।
গধূলি সত্যৱতীয়ে বাবুলহঁতক বাণীৰ সৰুকালৰ সাধুকথা শুনায়। থোকাথোকি মাতেৰে সিহঁতৰ ককাকৰ বাগিচাৰ কাহিনী কয়।
সময় আৰু সমাজৰ দ্ৰুত পৰিবৰ্তন হৈ আহিল। অপৰিৱৰ্তিত হৈ থাকিল কেৱল সত্যৱতী। এদিন প্ৰফুল্লৰ ঘৰলৈ অচিনাকি ডেকা এজন আহিল। ডেকাজনে নিজৰ পৰিচয় দিলে। বাণীয়ে চকু ফালি ডেকাজনৰ মুখলৈ চাই থাকিল।
: “সঁচানে? তই সোণ্টিনে? কিয় আহিলি ইয়ালৈ?” – বাণীৰ মাতটো কঁপি উঠিছে।
সত্যৱতী ওলাই আহিল। সোণ্টি আগুৱাই গ’ল।
: “পেহী?” – সোণ্টিয়ে সত্যৱতীৰ চৰণ স্পৰ্শ কৰিলে।
সোণ্টিৰ সৰুটো ভায়েকৰ বিয়া। আতাকে সত্যৱতীক নিমন্ত্ৰণ দিবলৈ পঠিয়াইছে। সোণ্টিয়ে পেহীয়েক আৰু প্ৰফুল্ললৈ চাই হাতযোৰ কৰিলে ; “আগতে যি হ’ল হ’ল, এতিয়া সেইবোৰ আৰু ধৰি থাকিব নালাগে, বিয়াত যাব লাগিব”।
বিয়ালৈ সত্যৱতী নগ’ল। বাণীক লৈ প্ৰফুল্ল বিয়াঘৰত উপস্থিত হ’লগৈ। বিয়াঘৰত মানুহৰ জুমৰ মাজত দূৰে দূৰে বাণীয়ে ৰাণীক ঠিকেই চিনি পালে। বাণীয়ে ভাবিছিল ৰাণীয়ে চাগৈ তাইক দেখিলে ঢপলিয়াই আহি তাইক সাৱটি ধৰিব।
শুকান মুখ এখনেৰে বাণী বিয়াঘৰৰপৰা উভতি আহিল।
গোৱিন্দপ্ৰসাদ ঢুকাল। সত্যৱতীয়ে অকলে শ্ৰাদ্ধ পাতিলে। শ্ৰাদ্ধৰ পিছদিনা আলিবাটেৰে খোজকাঢ়ি যোৱা ওখ, সুগঢ়ী মহিলা এগৰাকীক দেখুৱাই বাণীয়ে বাবুলক ক’লে – “সৌজনী তহঁতৰ ৰাণী জেঠাই চা। বৰ আতাৰ শ্ৰাদ্ধলৈ আহিছে চাগৈ।”
বাবুলে দৌৰি গৈ আইতাকক ক’লেগৈ – “আইতা বাটেদি ৰাণী জেঠাই গৈছে।”
সত্যৱতীয়ে তত লৈ থাকিল, কিজানি ঘূৰি যাওঁতে সোমায়ে!”
বহুদিনৰ পাছত কোনোবাই ক’লে, ৰাণীজনীৰহে বৰ দুখ। পুতেকহঁতে বিয়া বাৰু কৰাই বেলেগকৈ থাকিবলৈ লোৱাৰ পাছত তাই বৰ অকলশৰীয়া হৈ পৰিল। গিৰিয়েকটোৱে গোটেই জীৱনটো তাইক জ্বলাকলা খুৱাই অৱশেষত গ’লগৈ আৰু।”
ভিনিহিয়েকক বাণীৰ মনত নাই। মানুহটোৰ মৃত্যুৰ খবৰে বাণী বা সত্যৱতীৰ মনত বিশেষ একো প্ৰভাৱ নেপেলালে।
এদিন পিয়নে প্ৰফুল্লৰ ঘৰত চিঠি এখন দিলেহি। চিঠিখন ৰাণীয়ে সত্যৱতীলৈ লিখিছে।
মৰমৰ মাহী,
ভালে আছা বোধহয়। তোমালৈ চিঠিখন লিখিবলৈ লৈ মোৰ হাতখন কঁপি উঠিছে। কথাবোৰ ক’ৰপৰা আৰম্ভ কৰিম একো ভাবি পোৱা নাই। আজি ৫০ বছৰে বুকুত শিল এটা লৈ মই জীয়াই আছোঁ। বাণীৰ ক্ষেত্ৰত তুমি লোৱা সিদ্ধান্তটো শুদ্ধ আছিল। আয়ে মোৰ ক্ষেত্ৰত লোৱা ভুল সিদ্ধান্তৰ ফল মই ভুগিব লগা হ’ল। সুখৰ জীৱন এটাৰ বাবে জাত-পাততকৈ সুস্থ জ্ঞান বুদ্ধি আৰু সভ্য আচাৰ ব্যৱহাৰৰ প্ৰয়োজনহে অধিক। কথাবোৰ উপলব্ধি কৰালৈ বুঢ়ীয়ে হলোঁগৈ। তোমাক এবাৰ চাবলৈ ইমান যে মন গৈছিল। পিছে মানুহজন বৰ জেদী আৰু খঙাল আছিল। সাহস গোটাব নোৱাৰিলোঁ। মোক ক্ষমা কৰিবা। কথাখিনি তোমাক কৈ নেপেলালে মই শান্তিৰে মৰিব নোৱাৰিম। আয়ে শেষৰফাললৈ তোমাক বৰকৈ বিচাৰিছিল। তোমাক জনাবলৈ মোৰ সাহসে নুকুলালে। যদি ঈশ্বৰে কৰে মৰাৰ আগতে তোমাক এবাৰ চাই আহিমগৈ। বাণীক ক’বা, মোক তাই খং কৰি নাথাকে যেন।
ইতি
ৰাণী
বাণীয়ে পঢ়ি দিয়া চিঠিখন শুনি সত্যৱতীয়ে চাদৰৰ আঁচলেৰে মুখখন হেঁচা মাৰি ধৰিলে। বাণীৰ চকুৰ পানী নাকৰ পানী একাকাৰ হ’ল।
একাশী বছৰ বয়সত দহদিন শয্যাশায়ী হৈ থাকি সত্যৱতীয়ে এদিন ইহজগতৰপৰা বিদায় মাগিলে। চিঠিখন দিয়াৰ কিছুদিন পাছত সত্যৱতীক চাবলৈ এদিন ৰাণী আহিছিল। তাই অহাৰপৰা যোৱালৈকে কেৱল কান্দিয়ে থাকিল। সত্যৱতীৰ শ্ৰাদ্ধৰ দিনা মৃতকৰ স্মৃতিচাৰণ পৰ্বত ৰাইজৰ আগত প্ৰফুল্লই ক’লে, “অনাখৰী আয়ে কথাৰে নহয়, কাৰ্যৰে দেখুৱাই থৈ গ’ল প্ৰেম আৰু সততাৰ ওচৰত জাত-পাতৰ গোড়ামী কিমান নিঃস্ব বিষয়। জীৱনৰ অভিজ্ঞতাৰে আয়ে হয়তো সময় আৰু প্ৰচলিত ধ্যান ধাৰণাৰ পাৰ্থক্যবোৰ বুজি উঠিছিল।”
বিদ্বেষৰ কোনো শব্দ উচ্চাৰণ নকৰাকৈ নিজৰ জীৱন পৰিক্ৰমাৰে সত্যৱতীয়ে নিজৰ স্থিতিক নায্যতা দি গ’ল। আনহে নালাগে মোহন গোঁসাইৰ সৰুটো পুতেকে বঙালী ছোৱালী আনিলে বুলি শুনিও সত্যৱতীয়ে একো কোৱা নাছিল। যিখন সমাজে তেওঁক এঘৰীয়া কৰি অবৰ্ণনীয় যাতনা ভোগালে সেইখন সমাজৰ উত্তৰণ অথবা স্খলনৰ সৈতে সত্যৱতীয়ে কোনো সম্পৰ্কই নাৰাখিলে।
আয়েকৰ মৃত্যুৰ পাছত বাণীয়ে আয়েকৰ নামত থকা খেতি মাটিখিনি বিক্ৰী কৰি দিলে। চৌহদৰ একোণে থকা শ্মশান থলীত এটা স্মৃতি সৌধ নিৰ্মাণ কৰি তাত খোদিত কৰি থ’লে – সত্যৱতী মহন্ত। জন্ম – ১৯২১, মৃত্যু ২০০২।