বৃষ্টি স্রষ্টা (The Rain Maker) – (কুলেন দাস)
বুৰঞ্জীৰ পাতবোৰ লুটিয়াই থাকোতে তেওঁৰ আঙুলিত লাগিছিলহি
কেঁচা মাটিৰ এটা গোন্ধ
তেতিয়া ফাগুনৰ ঘূৰ্ণি বতাহজাকত ধূলি আৰু আচিনাকী ফুলৰ সুবাস
এদিন ককাদেউতাৰ হাড়ৰ টুকুৰা এটা বিচাৰি থাকোতে
হাতৰ চাকিগছ তেওঁৰ তেজত সোমাই জ্বলাই দিছিল
অন্ধ আকাশ লুণীয়া ডাৱৰ
ৰথৰ ৰচি ছিঙি গুচি যোৱা ঘোঁৰাবোৰহে যেন টগ্বগাই আছিল তেজ
মুখৰ দাপোণত জিলিকি আছিল ভৰ বাৰিষাৰ লুইত
বেদনাৰো সীমা থাকে ‘বালীয়া বগৰী ডালত লগাৰ দৰে’
নেথাকে কি নদীৰ বুকুত মোৰ বুকুৰ কনেং
শিপা বিচাৰি শিপা হেৰুওৱা জধামূৰ্খৰ কৰ্মপন্থা
শুকান বালিত মৃত সৰীসৃপে কৈছিলনে তেওঁৰ কাণে কাণে তাকে
মৰুভূৰ মৰ্মন্তুদ ক্রন্দনত জাগৃত হৈছিলনে তেওঁৰ সতেজ হৃদয়
ইয়াৰ পিছৰপৰাই মানুহটো নোহোৱা হ’ল
ইয়াৰ পিছৰপৰাই এদিন আৰম্ভ হ’ল সম্ভ্রম এখন অৰণ্যৰ
ইয়াৰ পিছৰপৰাই আৰম্ভ হ’ল এজাক কোমল বৰষুণৰ
ইয়াৰ পিছৰপৰাই স্থাপিত হ’ল নিৰাপত্তা
আশ্রয় মানুহৰ আত্মাৰ বিকাশৰ উজ্জীৱিত হাথিয়াৰ
চৰাইবোৰৰ, পখিলাবোৰৰ, হৰিণবোৰৰ
শেলুৱৈ শামুক আৰু বিভিন্ন ৰঙৰ মাছবোৰৰ
শিমলু সোণাৰু পলাশ আৰু চেগুন গছবোৰৰ
অৰণ্যই শিপাৰ ছন্দেৰে আঁজুৰি আনি সাঁচি ৰাখে বৰষুণ মানুহৰ বাবে
তেওঁৰ হাতৰ ডবুৱা কটাৰী আৰু মনৰ মগজুৰ কাঠি-কামীত সেই অৰণ্যৰ গজালি
ইয়াত সৃষ্টিৰ দ্বন্দ্বত স্তব্ধ প্রলয়
বৃষ্টি স্রষ্টা তেওঁ
কল্যাণকামী আত্মাৰ জীৱন্ত প্রতিভূ
এতিয়া আকাশে-বতাহে বিয়পি পৰিছে কেঁচা মাটিৰ গোন্ধ
মানুহটোৰ নিজা গোন্ধ
অলপতে এজাক বৰষুণ হ’ব
বৰষুণত গা ধুই মানুহবোৰ নিকা হ’ব
পৰিস্ফূট হ’ব আত্মনিগ্রহ
(টোকা : কবিতাটি শ্রীযুত যাদৱ পায়েঙৰ নামত উৎসৰ্গিত। তেখেতক আমি পোন প্রথমবাৰৰ বাবে “The Rain Maker” বুলি অভিহিত কৰাৰ বিনম্র প্রয়াস কৰিছো।)