অনুবাদগ্ৰন্থ

চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ‌।‌। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ

শৈশৱৰ ৰেলগাড়ী
মোগলছৰাই (প্ৰথম অংশ)

পুৱতি নিশা ৪ বজাত, মোগলছৰাই চহৰখন তেতিয়া গভীৰ টোপনিত মগ্ন। ৰিক্সাত উঠি ষ্টেচনটোৰ পৰা দুই কিলোমিটাৰ আঁতৰত থকা হোটেল খনলৈ গৈ থকা বাটটো একেবাৰে জন শূন্য, এটাও মানুহ দেখিবলৈ নাপালোঁ।

মই নিজকে আচলতে অতি গুৰুত্বপূৰ্ণ ব্যক্তি বুলি অনুভৱ কৰা উচিত কাৰণ ৫০০ বছৰ পুৰণি গ্ৰেণ্ড ট্ৰাংক ৰ’ড যাক ভাৰতৰ জীৱনৰেখা তথা হিন্দীবলয় প্ৰদেশৰ ৰাজমাৰ্গ বুলি কোৱা হয়, সেই আলকাতৰাৰ সূতা সদৃশ পথে পাঞ্জাৱীৰ ৰঙীয়াল মনটোক বাঙালীৰ বুদ্ধিমত্তাৰ সৈতে সংযুক্ত কৰি গংগা উপত্যকাইদি পাৰ হৈ গৈছে, সেই পথত নিজকে একমাত্ৰ যাত্ৰী হিচাপে দেখা পোৱাটো অতি সৌভাগ্যৰ কথা।

কিন্তু মই কিছু শংকিত হৈছিলোঁ। কাৰণ মোগলছৰাই ঠাইখনৰ বিষয়ে মই বহুতো উৰাবাতৰি শুনিছিলোঁ। ইয়ালৈ কোনোদিনে নহা এজন সাংবাদিকে মোক এই ঠাইখন অপৰাধ প্ৰৱণ বুলি কৈছিল। আনকি চহৰখনতে বসবাস কৰি অহা  কনিষ্টবল এজনে ঠাইখন গুণ্ডাৰে পৰিপূৰ্ণ বুলি মোক কৈছিল। এতিয়া এনেকুৱা ভয় লগা সময়ত মই তাতে আছোঁ, সেই চহৰখনৰ দয়াত, যিখন উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত অৱস্থিত আৰু বিহাৰৰ একেবাৰে নিকটৱৰ্তী চহৰ।

মোক ট্ৰেইনখনে ৰাতিপুৱা সূৰ্যোদয়ৰ পাছত মোগলছৰাইত নমাব বুলি আশা কৰিছিলোঁ। কিন্তু আমি যেতিয়া কোনো পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ অত্যন্ত আগ্ৰহী হওঁ, তেতিয়াই তেনে পৰিস্থিতিয়ে আগুৰি ধৰে। অৰ্থাৎ “য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়।” মই প্লেটফৰ্মত নামিবলগীয়া হ’ল পুৱতি নিশা ৩.১৫ বজাত।

এসময়ৰ আমাৰ বছৰেকীয়া কানপুৰ-কলকাতা যাত্ৰাত এক দীঘলীয়া সময়ৰ বাবে ৰেলখন এইটো ষ্টেচনত ৰখায়। আমি ইয়াতে দুপৰীয়া ভাত সাঁজ খাওঁ— কম্পাৰ্টমেণ্টেড এলুমিনিয়ামৰ কাঁহীত ভাত, দাইল, ভাজি আৰু লগত ঢাকনি বা মুখনি নথকা কাঁচৰ বটলত কুহুমীয়া গৰম পানী দিয়ে। সেই সময়ত স্বচ্ছতা বৰ ডাঙৰ বিষয় নাছিল আৰু সুস্বাদু খাদ্যৰ বেলিকা, স্বচ্ছতা আৰু সোৱাদ পৰস্পৰ বিৰোধী। সেই সময়ত ৰে’লৱেৰ ভোজন খোৱাটো বৰ চখৰ কথা আছিল। ইউনিফৰ্মত থকা ৰেলৰ কৰ্মচাৰী এজনে কাঁহী এখনত খোৱা বস্তুবোৰ সজাই লৈ ফুৰে আৰু আপুনি কিছু দুৰৰ পৰাই বিবিধ খোৱা বস্তু দেখিবলৈ তথা তাৰ গোন্ধ ল’বলৈ পাব। কাঁহীখন আহি ওচৰ পাইহি মানে আপোনাৰো ভোক বেছিকৈ লাগি আহিব। কিন্তু এতিয়া দিনবোৰ সলনি হ’ল। আজিকালি এলুমিনিয়ামৰ কাগজত মেৰিয়াই থোৱা আৰু প্লাষ্টিকৰ টেমাত অহা খাদ্য ৰেলৱে ভোজনৰ অভিন্ন অংশ হৈ পৰিল। গৰম গৰম ধোঁৱা ওলাই থকা পুৰী-চব্জি কাঁহীত পৰিৱেশন কৰা আৰু এলুমিনিয়াম কাগজ ফালি ভাপত তিতি থকা এজাপ পুৰী হাততে পোৱাৰ মাজত বিস্তৰ পাৰ্থক্য আছে।

সেই দিনবোৰ বহুত বেলেগ আছিল। বাৰু যি নহওক, ভালদৰে পোহৰ হ’লে চহৰখনলৈ যাবলৈ কিছু সুৰক্ষিত পৰিৱেশ পাম বুলি ভাৱি মই ৰেলৰ পৰা নামি ষ্টেচনতে কিছু সময় পাৰ কৰাৰ সিদ্ধান্ত ল’লো। মই একাপ চাহ আনি ল’লো আৰু প্লেটফৰ্মৰ বেঞ্চ এখনৰ এটা মূৰত বহি পৰিলোঁ। বেঞ্চখনত আগৰেপৰা এহাল বৃদ্ধ দম্পতী বহি আছিল। মই অহা ৰেলখন গুচি যোৱাৰ পাছত প্লেটফৰ্মটো চৰকাৰী চিকিৎসালয়ৰ দীঘল ৱাৰ্ড এটাৰ দৰে লাগিছিল, য’ত বহুতো মানুহ অস্থায়ী বিছনাত বাগৰি আছিল— কিছুমান মজিয়াত, কিছুমান বেৰৰ কাষত, নতুবা বেঞ্চত। মানুহবোৰক খুব ভাগৰুৱা আৰু ক্লান্ত দেখা গৈছিল যেন কিবা মহামাৰী নতুবা প্ৰাকৃতিক দুৰ্যোগৰ কবলৰ পৰা ওলাই আহিছে। কিছুমান শুই আছিল, কিছুমানে শুবলৈ চেষ্টা কৰিছিল আৰু আন কিছুমানে আকৌ সাৰে থাকিবলৈ যত্ন কৰিছিল। ষ্টেচনত ট্ৰেইন আহি সোমালে পৰিৱেশটো কিছু জীপাল হৈ উঠে। ঠিক যেনেকৈ চিকিৎসালয়ত ডাক্তৰে ৰাতি টহল দিলে কিছু উৎসুকতাৰে সৈতে প্ৰশ্নবোধক চাৱনিৰে, প্ৰত্যেকেই তেওঁলোকৰ বাবে কিবা দিহা-পৰামৰ্শ আছে নেকি বুলি জানিবলৈ ডাক্তৰৰ ওচৰ চাপি যায়। ট্ৰেইন গুচি গ’লে আকৌ সকলো শান্ত হৈ পৰে।

মই আৰু একাপ চাহ আনি ল’লোঁ লগতে এখন বাতৰি কাকত। চাহৱালাটোৱে মাটিৰ পিয়লাত দিয়া চাহ কাপ খাই বৰ সন্তোষ পালোঁ। তাৰপাছত প্লেটফৰ্মত এনেয়ে কিছু সময় ইফালে সিফালে অহা-যোৱা কৰিলোঁ। সময় নাযায় নুপুৱাই লাগিল। ঘড়ীৰ কাটা যেন লাহে লাহে ঘূৰিছে। মই অধৈৰ্য্য হৈ পৰিলোঁ আৰু ষ্টেচনৰ পৰা বাহিৰ ওলাই আহিলোঁ, য’ত মোৰ দৰে দূৰ সম্পৰ্কীয় মিতিৰক আগবঢ়াই নিবলৈ ৰিক্সা চালক আৰু টেক্সি চালক বোৰ ৰৈ আছিল।

“চাহাব, ক’ত যাব?”

মোৰ কোনো নিৰ্দিষ্ট ধাৰণা নাছিল। কিন্তু তেনেকৈ ক’লে বিপদ মাতি লোৱাৰ দৰে হ’ব। সেইবাবে মই হাত জোকাৰি সিহঁতক নাযাওঁ বুলি ক’লোঁ আৰু ঘনে ঘনে হাতৰ ঘড়ীটোলৈ চাবলৈ ধৰিলো, ঠিক এইটো বুজাবলৈ যে যিকোনো সময়ত মোক নিবলৈ কোনো বন্ধু বা সম্বন্ধীয় লোকৰ গাড়ী আহি হাজিৰ হ’বহি। মোৰ ঠাণ্ডা লগাৰ উপৰিও ভোক লাগিছিল আৰু শৰীৰটোৱে বিছনাত বাগৰি আৰাম কৰিবলৈ মন কৰিছিল।

কাল্পনিক গাড়ীখনলৈ বেছি সময় অপেক্ষা কৰিব নোৱাৰি, মই এজন টেক্সি চালকক ভাল হোটেল এখনৰ ঠিকনা বিচাৰিলোঁ। তেওঁ ষ্টেচনৰ পৰা দুই কিলোমিটাৰ আঁতৰত থকা ‘সৰস্বতী’ নামৰ হোটেল এখনৰ কথা ক’লে। কিন্তু মোক তালৈ লৈ যোৱাৰ প্ৰস্তাৱটো নিদিয়া দেখি মই আচৰিত হৈছিলোঁ। তেওঁৰ কথাত যে কোনো স্বাৰ্থ নিহিত নাছিল, সেইটো স্পষ্ট। সেইবাবে মই তেওঁৰ পৰামৰ্শক গুৰুত্ব সহকাৰে লৈ এজন ৰিক্সা চালকক মাত দিলোঁ আৰু ৰিক্সাখনত উঠি ল’লোঁ।

কিছু সময়ৰ পাছত, ষ্টেচনৰ সকলো হাই-উৰুমি পিছ পেলাই জন শূন্য পথ পালোঁহি, য’ত একমাত্ৰ প্ৰাণী ৰূপে তিনিটা অঘৰী কুকুৰ দেখা পালোঁ, যিকেইটাই কেই ঘণ্টামানৰ আগতে হয়তো লাইন ট্ৰাকে মাৰি থৈ যোৱা সিঁহতৰে লগৰ এটাৰ মৃতদেহৰ আশে-পাশে ঘূৰি ফুৰিছে আৰু একমাত্ৰ মানৱ ৰূপ ‘কব আইবো অংগনবা হামাৰ— তুমি মোৰ চোতাললৈ কেতিয়া আহিবা?’ নামৰ এখন ভোজপুৰী চিনেমাৰ হৰ্ডিঙত দেখা পাইছিলোঁ। হিন্দীবলয় প্ৰদেশত, কোনো পুৰুষক নিজৰ চোতাললৈ আমন্ত্ৰণ জনোৱা মানে পৰোক্ষভাৱে বিবাহৰ প্ৰস্তাৱ দিয়া।

ঠিক দোকমোকালি সময়ত, আপুনি যি ঠাইতে নাথাকক কিয়, বতাহজাক সদায় এনে এটা গোন্ধেৰে ভৰি থাকে যিটো শব্দৰে বৰ্ণনা কৰাটো মোৰ বাবে অসম্ভৱ। সেইসময়ৰ নীৰৱতা আৰু সুগন্ধিয়ে মোক শৈশৱৰ স্কুলীয়া দিনবোৰলৈ মনত পেলাই দিয়ে, যেতিয়া মই ৰাতিপুৱা চাৰি বজাত সাৰ পাইছিলোঁ, আচলতে মোক জগাই দিয়া হৈছিল পঢ়িবৰ বাবে। ৰাতিপুৱাৰ এই সময়খিনি পঢ়া-শুনাৰ বাবে উত্তম বুলি কোৱা হয়। কিন্তু তেতিয়া হয়তো আপুনিও পৰিয়ালৰ এনে মানুহবোৰক ঈৰ্ষা কৰিছিল যি ৰাতিপুৱা চাৰি বজাৰ পাছতো শুই থাকিব পাৰিছিল। আজিকালি ৰাতিপুৱা চাৰি বজাৰ আশে-পাশে শুবলৈ যোৱাৰ অভ্যাস গঢ় লৈ উঠাৰ পাছতো নামিবৰ সময়ত মোক ট্ৰেইনৰ এজন কৰ্মীয়ে সেই সময়তে জগাই দিবলগীয়া হৈছিল। মোগলছৰাই ঠাইটুকুৰাৰ লগতে শৈশৱৰ স্মৃতিৰ আন এটা টুকুৰা মনত পৰি গ’ল ।

হোটেল সৰস্বতী পোৱাৰ পাছত, ৰিছেপচন কাউণ্টাৰত থকা, টোপনিৰ পৰা উঠা মেনেজাৰজনে প্ৰথমে মোৰ কান্ধত ওলমি থকা বেগবোৰৰ পৰা মোক পৰিত্ৰাণ দিব আৰু মোগলছৰাইলৈ মোক স্বাগতম জনাব বুলি কল্পনা কৰি আছিলোঁ। কিন্তু হোটেলৰ গেট তথা দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছিল। মই দুবাৰকৈ ঘণ্টাটো (কলিং বেল) বজালোঁ। কোনো ধৰণৰ সঁহাৰি নাপাই মই ৰিক্সা খনলৈ ঘূৰি আহিলোঁ আৰু ৰিক্সা চালকজনক মোক আকৌ ষ্টেচনলৈ ঘূৰাই নিবলৈ ক’লোঁ।

‘আকৌ এবাৰ ঘণ্টাটো বজাই চাওকচোন’— ৰিক্সা চালকজনে ক’লে।

মই ঘূৰি গৈ পুনৰ ঘণ্টা বজালোঁ। এইবাৰ ঘৰটোৰ চুকত থকা খিৰিকীখন খোল খালে আৰু মূৰটো বাহিৰলৈ উলিয়াই এজনে সুধিলে— ‘কি লাগে?’

 ‘থাকিবলৈ কোঠা এটা লাগে।’ মই ক’লোঁ।

 ‘খালি কোঠা নাই।’ কৈয়েই খিৰিকীখন বন্ধ হৈ গ’ল।

আন একো উপায় বিচাৰি নাপায় মই পুনৰ গ্ৰেণ্ড ট্ৰাংক ৰ’ডৰ যাত্ৰী হৈ পৰিলোঁ। ষ্টেচনলৈ ঘূৰি আহিলোঁ। এইবাৰো ৰাস্তাত এটাও প্ৰাণী লগ নাপালোঁ। মই ৰিক্সা চালকজনৰ লগত কথা বতৰা পাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সি কথা পতাৰ মুডত নাছিল। মই হয়তো তাৰ কাৰণে এটা বোজা। কাৰণ তাৰ যাত্ৰী হিচাপে মোক লৈ যোৱা হোটেলখনত থাকিবলৈ কোঠা এটা পোৱাত ব্যৰ্থ হৈছিলোঁ। এতিয়া এইসময়ত মোক থকা ঠাই বিচাৰি দিয়াটো তাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। কিন্তু সি হয়তো আন কোনো ঠাইৰ বিষয়ে নাজানে। সি কৰিব পৰা কাম এটাই আছিল— মোক পুনৰ ষ্টেচনত থৈ অহা। কিন্তু যাত্ৰাটো বিফল হৈ পৰা বুলি জানিলেও মই তাক সি বিচৰা মতেই ভাড়াটো দিম নে? কোনো ধৰণৰ একো কথা নোকোৱাকৈ মোক থবলৈ আহোঁতে পেডেল মাৰি মাৰি তাৰ মনলৈও চাগে এই প্ৰশ্নটোৱে আহি আছিল।

ৰিক্সা চালকটোৱে যিমান বিচাৰিছিল, সিমানেই ভাড়া— বিশ টকা দিয়াৰ পিছতে তাৰ মুখত হাঁহি বিৰিঙিল আৰু ষ্টেচনৰ আশে-পাশে হোটেল বিচাৰি নোপোৱালৈকে মোলৈ ৰৈ থাকিম বুলি ক’লে। ষ্টেচনৰ বাহিৰত মই একমাত্ৰ এখন এক মহলাৰ হোটেল ধৰা পেলালোঁ আৰু নিয়ন লাইটৰ পোহৰত জিলিকি থকা ছাইনবোৰ্ডখন দেখি সেই নবেম্বৰ মাহৰ ঠাণ্ডাত কিছু আৰাম পোৱা যেন লাগিল। প্ৰথমেই ইয়াত নিজৰ ভাগ্য পৰীক্ষা নকৰাৰ বাবে মোৰ নিজৰ ওপৰতে খং উঠিল! (আচলতে মই ষ্টেচনৰ পৰাই নিয়নৰ ছাইনবোৰ্ডখন দেখা পাইছিলোঁ)। কিন্তু ইয়াতো, হোটেলৰ গেটত এটা ডাঙৰ তলা ওলমি আছিল। মই কলিং বেলটো বিচাৰি থাকোঁতেই, আন্ধাৰৰ পৰা এজন মানুহ ওলাই আহিল।

 ‘কি লাগে?’ অতি ৰুক্ষভাৱে সুধিলে।

‘কোঠা এটা লাগে।’ মই উত্তৰ দিলোঁ।

‘সকলো কোঠা ভৰি আছে।’ ঘপহকৈ কথাষাৰ কৈয়ে মানুহটো আকৌ সেই অন্ধকাৰত বিলীন হ’ল য’ৰ পৰা ওলাই আহিছিল। তেতিয়াও সূৰ্য্য উদয় হোৱা নাই। টেক্সি চালক আৰু ৰিক্সা চালকৰ লগতে একমাত্ৰ ৰেলষ্টেচনটো সম্পূৰ্ণ জাগ্ৰত অৱস্থাত আছিল। উপায়ন্তৰ হৈ তাতে থিয় হৈ থাকোঁতে, ষ্টেচনটোৰ পৰা সদা পৰিচিত ঘোষণাটো আহি কাণত পৰি থাকিল – ‘অনুগ্ৰহ কৰি যাত্ৰীসকলে মন কৰিব……’৷

মোতকৈও অধিক উপায়ন্তৰ হৈ, মোৰ ৰিক্সাৰ চালকজন তেতিয়াও তাতে ৰৈ আছিল। মই আন এখন ৰিক্সা ভাড়ালৈ লোৱাত, ৰিক্সা চালকজনে আগৰজনক ভৰ্ৎসনা কৰিলে— ‘চাহাবৰ কাৰণে এখন হোটেল বিচাৰি দিব নোৱাৰ যদি মোগলছৰাইত ৰিক্সা কিয় চলাৱ?’ এইবুলি কৈ নতুন ৰিক্সাৰ চালকজনে ৰিক্সাখন চলাই দিলে আৰু মই পুনৰাই গ্ৰেণ্ড ট্ৰাংক ৰ’ডৰ যাত্ৰী হ’লোঁ। কিছু দূৰ অহাৰ পাছত সি এটা কেঁকুৰী ঘূৰিলে আৰু আমি এটা ঠেক,আন্ধাৰ, শিল দিয়া গলিত সোমালোঁ। জান- নাজান অকনমান পোহৰত মই ৰাস্তাৰ দুয়োফালে থকা চাটাৰবোৰ বন্ধ দেখা পালোঁ। শিল দিয়া ৰাস্তাটোত ৰিক্সাৰ চকা ঘঁহনি খাই যিটোহে শব্দ হৈছে, কাষৰ মানুহবোৰ সাৰ পাব বুলি মই চিন্তাতে পৰিছিলোঁ। কাৰণ সিহঁত ভাল স্বভাৱৰ মানুহেই যে হ’ব তাৰ নিশ্চয়তা আছে জানো ?

অলপ দূৰ গৈ ৰিক্সাখন এটা পকী ঘৰৰ সন্মুখত ৰখালে, এইবাৰো, ঘৰটোৰ গেটখনত ভিতৰৰ পৰা তলা লগোৱা আছিল। ৰিক্সা চালকজনে মোক ছাইনবোৰ্ডখন পঢ়িবলৈ ক’লে। তাত ‘দেৱী ল’জ’ লিখা আছিল। ছাইনবোৰ্ডখন পঢ়িবলৈ মোক কিয় ক’লা বুলি সোধোতে সি উত্তৰত ক’লে, ‘চাহাব, মই পঢ়িব-লিখিব নাজানো। আপোনাক সঠিক ঠাইলৈ আনিছোঁ নে নাই, তাকে জানিবলৈ  ছাইনবোৰ্ড খন পঢ়িবলৈ ক’লোঁ।’

‘কিন্তু গেটত তলা লগোৱা আছে।’ মই ক’লোঁ।

‘চিন্তা নকৰিব।’ এইবুলি কৈ সি ৰিক্সাৰ পৰা নামি আহিল আৰু গেটখনত ঢকিয়াবলৈ ধৰিলে। চকু মোহাৰি মোহাৰি লুঙি পৰিহিত গাঁঠলু মানুহ এজন ওলাই আহিল। মানুহটোৱে খুব আমনি পোৱা যেন লাগিল। ৰিক্সা চালক জনে ক’লে, ‘চাহাবক এটা কোঠা লাগে।’ গাঁঠলু লুঙি পৰিহিত মানুহ জনে থেৰোঁ-গেৰোঁ কৈ তলাটো খুলিলে আৰু মোক সোমাবলৈ দিলে। মোক আটাইতকৈ ভাল কোঠা এটা লাগে বুলি ক’লোঁ। অলপ সময় ৰৈ সি উত্তৰ দিলে, ‘ঠিক আছে। কিন্তু প্ৰতিদিনৰ ভাড়া ১৮০/ টকা।’ এই কথা শুনি মোৰ বিবেকে মোক লগে লগে ৰিক্সা খনলৈ উভতি যাবলৈ কৈছিল, কিন্তু মোৰ হাতখনে ইতিমধ্যে এখন ৰেজিষ্টাৰত মোৰ নাম, ঠিকনা, জাতীয়তা, মই ক’ৰ পৰা আহিছোঁ, ক’লৈ যাম, মোৰ যাত্ৰাৰ কাৰণ ইত্যাদি উল্লেখ কৰিবলগীয়া কথাবোৰ লিখি আছিল। আগধন হিচাপে মই তাক দুশ টকা দিওঁতে ৰিক্সা চালক টোৱে মোক তালৈ নিয়াৰ বাবদ কমিশ্যন বিচৰা শুনিলোঁ। লুঙি পিন্ধা মানুহটোৱে গালি পাৰি, হাত জোকাৰি তাক খেদি পঠিয়ালে। ঠিক সেই সময়তে কাৰেণ্ট গ’ল আৰু আন্ধাৰত মই একো নেদেখা হ’লোঁ।

‘লোড শ্বেডিং’— আন্ধাৰৰ মাজৰ পৰাই মানুহটোৱে উত্তৰ দিলে। ইয়াৰ পাছত একেবাৰে নীৰৱ। এনে ধৰণৰ উত্তেজনাপূৰ্ণ মুহূৰ্তত আপোনাৰ মাজত থকা দানৱটোৱে ইয়াৰ পাছত কি ঘটিব সেয়া চাবলৈ আনন্দেৰে অপেক্ষা কৰে, বিশেষকৈ যেতিয়া এনে উত্তেজনাপূৰ্ণ ক্ষণ আপুনি নিজে আমন্ত্ৰিত কৰি লয়। মই মোৰ ভাগ্যক দোষাৰোপ কৰাৰ আগেয়ে, মানুহটোৰ মুখখন উজলাই এডাল সৰু মমবাতি জ্বলি উঠিল৷

“প্ৰায়ে ৰাতিপুৱা ছয় বজাৰ পৰা কাৰেণ্ট নাথাকে। দহ বজাতহে আহিব। বলক, আপোনাক কোঠাটো দেখুৱাই দিওঁ।”

মমৰ পোহৰত মানুহটোৰ পাছে পাছে গৈ এডাল ঠেক চিৰি বগালোঁ আৰু যিটো গোন্ধ পালোঁ এনে লাগিল যেন এযুগ ধৰি মোৰ আগতে ইয়াত থাকিবলৈ কোনো অহা নাই। বেয়া গোন্ধটো হয়তো সেই মানুহটোৰ মনৰ গোন্ধ হ’ব পাৰে— ‘আহঃ, অৱশেষত এটা গ্ৰাহক ধৰিব পাৰিলোঁ।’ আমি দ্বিতীয় মহলা পালোঁগৈ আৰু মোক সেই ল’জটোৰ ‘আটাইতকৈ ভাল’ কোঠাটোলৈ লৈ গ’ল।

মমৰ কোমল পোহৰত মই কোঠাটোৰ চাৰিওফালে চকু ফুৰালোঁ। এখন ডাবল বেড যিখনৰ গোন্ধ আৰু ৰূপ এনেকুৱা আছিল যেন মাহ ধৰি তাৰ গৰাকীয়ে এবাৰো বিছনা চাদৰখন বদলি নকৰাকৈ ব্যবহাৰ কৰি আছে আৰু মই গৈ পোৱাৰ কিছু ঘণ্টাৰ আগেয়ে খালি কৰি দিছে। ৰূমটোৰ একোণত এখন জৰ্জৰ মেজ পৰি আছিল। তাতোতকৈও জৰ্জৰিত কাৰেণ্টৰ চুইচবোৰ, যিবোৰ এতিয়া আৰু কোনো কামৰ নহয়। মহৰ গুণগুণনিৰ ওপৰিও নিচুকনি গীতৰ সম্পূর্ণ বিপৰীত ধৰণৰ বুলি ক’ব পৰা কিছুমান আচৰিত শব্দ বাথৰুমৰ পৰা অহা শুনিলোঁ। মই লুঙিৱালাক সেইফালে চাবলৈ কোৱাত, সি ভিতৰলৈ সোমাই গ’ল আৰু তাক নিৰীক্ষণ কৰাত লাগিল— “একো নাই, নলৰ পৰা পানী পৰি আছে। কিমান বাৰ মই ঠিক কৰিবলৈ কৈ আছোঁ, কিন্তু কাৰো খবৰেই  নাই।” এইবুলি কৈ সি মমবাতি ডাল মেজখনত লগাই থৈ গুচি গ’ল।

ৰেলত আহোঁতে পিন্ধি অহা কাপোৰে সৈতে মই বিছনাত বাগৰি দিলোঁ। এনে এখন বিছনাত বাগৰ মাৰিবলৈ কাপোৰ সলনি কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে, যিখন বিছনা মমবাতিৰ পোহৰতো লেতেৰা দেখাইছিল আৰু লেতেৰা গোন্ধাইছিল। ট্ৰেইনতে চিনাকি হৈ বন্ধুত্ব গঢ় লৈ উঠা কোনোবা দিলদাৰ লগ এটা পোৱা হ’লে, যিগৰাকীয়ে ক’ত থাকিম, ক’ত ফুৰিম তাৰ বিষয়ে বিশেষ একো ধাৰণা নোহোৱাকৈ মোগলছৰাই চহৰখন চাবলৈ আহিছে, তেতিয়া মই গোটেই ঘটনাটো বেলেগ ধৰণে চালোঁহেঁতেন। কিন্তু এতিয়া মোৰ লগ হ’ল বোন্দা মহৰ কামোৰ আৰু নলৰ পৰা পৰি থকা পানীৰ শব্দ!

চিগাৰেট এটা জ্বলাই মই বেলকনি লৈ ওলাই আহিলোঁ। মোৰ সন্মুখত মোৰ শৈশৱৰ অভিন্ন অংগ হিচাবে পৰিচিত  চহৰখন এক অস্পষ্ট ৰহস্যময় ৰূপ লৈ বিয়পি আছিল। এই মুগলছৰাইত দীঘলীয়া বিৰতিৰ অবিহনে আমাৰ কানপুৰ-কলকাতা বছৰেকীয়া  ৰেলযাত্ৰাটোৰ মজা আধৰুৱা হৈ ৰ’লহেঁতেন। সেই দিনবোৰত ভাৰতৰ দৈর্ঘ্য আৰু প্ৰস্থ একাকাৰ কৰি একে লেথাৰিয়ে চলি থকা ৰেলগাড়ীবোৰ ডাঙৰ জংছন এটাত নোৰোৱালৈকে পৃথিবীৰ আন বাকী অংশৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থাকে, আৰু যেতিয়া ৰয় সেই জংছনটো এটা ৰিচাৰ্জ পইণ্টলৈ ৰূপান্তৰিত হয়।  কেনেবাকৈ যদি দেশৰ প্ৰধান মন্ত্ৰীকো গুলি কৰে, তেন্তে আপুনি সেই খবৰটো জংছনটোৰ কোনোবা বাতৰি কাকত বিক্ৰেতাৰ পৰা হে পাব।

মই সাৰ পাওঁতে আঠ বাজিল। দুঘণ্টা শুলোঁ। ৰ’দে কোঠাটোৰ অৱসাদ কিছু কমালে। মই আকৌ বেলকনি লৈ ওলাই গ’লোঁ। চহৰখন এতিয়া ৰহস্যময় নহয়, বৰঞ্চ অতি চিনাকি যেন লাগিল- কিছু ঘণ্টাৰ আগেয়ে দেখা সেই ডাঙৰ ডাঙৰ অট্টালিকাৰ  ছাঁবোৰ মোৰ নিজা চহৰ কানপুৰ অথবা উত্তৰ ভাৰতৰ যিকোনো চহৰৰ অট্টালিকাৰ দৰেই লাগিল। বিভিন্ন ঘৰৰ ছাদত মহিলা সকলে ধোৱা কাপোৰবোৰ শুকাবলৈ নাইলনৰ ৰছীত মেলি দিছে আৰু এই দৃশ্য কাষৰ ঘৰটোৰ ছাদৰ পৰা  পুৰুষ জনে ৰাতিপুৱাৰ চাহকাপ হাতত লৈ চাই আছে। মই থকা ল’জটোৰ ঠিক সন্মুখৰে এখন ছাদত গামোচা পিন্ধি এজন লোক হাতত দাড়ি খুৰোৱা মগটো লৈ আহিল, তললৈ জুপি চালে, কোনো মানুহ পাৰ হৈ নোযোৱা দেখি, মগটোৰ পানীখিনি ৰাস্তাটোত পেলাই দিলে। এইখনেই মোৰ শৈশৱৰ মোগলছৰাই, যিখন ঠাইৰ বিষয়ে বছৰ জুৰি মই ৰোমাণ্টিক ধাৰণা পুহি ৰাখিছোঁ।

বৰ্তমান মোৰ সন্মুখত দুটা বিকল্প আছে— বিছনালৈ ঘূৰি যোৱা নতুবা খাদ্যৰ যোগাৰ কৰা। অৱশ্যে তৃতীয় এটা বিকল্প ও আছে- মাথো দহ কিলোমিটাৰ আঁতৰত থকা বেনাৰসলৈ যাব পাৰি।  খাবলৈ কিবা এটা যোগাৰ কৰাটো বেছি লোভনীয় হোৱাৰ বাবে মই খোৱাৰ কথা ভাবিলোঁ  আৰু পুনৰ গ্ৰেণ্ড ট্যাংক ৰোডত নামি পৰিলোঁ। তেতিয়া দোকানৰ চাটাৰবোৰ খুলিবলৈ আৰম্ভ কৰিছিল আৰু ফুটপাথতো ফেৰিৱালাবোৰে নিজৰ বস্তুবোৰ সজাবলৈ ধৰিছিল। ৰছী, লেণ্ঠন, মছলা, সস্তীয়া কাপোৰকে ধৰি এখন সৰু চহৰ তথা তাৰ দাঁতিকাষৰীয়া গাঁৱৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ বস্তু আছে। মই কল্পনা কৰিবলৈ চেষ্টা কৰিলোঁ— মোগল সম্রাট হুমায়ুনক ৰাজপাটৰ পৰা পোন্ধৰ বছৰৰ বাবে আঁতৰোৱা, বিহাৰত জন্ম গ্রহণ কৰা আফগান যোদ্ধা তথা শাসক শ্বেৰশ্বাহ চুৰীয়ে ষোল্লশ শতিকাতে এই চহৰখন প্ৰতিষ্ঠা কৰা হ’লে দেখিবলৈ কেনেকুৱা হ’লহেঁতেন। মোৰ কল্পনাৰ কেনভাছখন সেই সময়ৰ চহৰখনৰ দৰেই  বিশাল আৰু উকা হৈ ৰ’ল।

মোৰ চকুত পৰা প্ৰথমখন মিঠাইৰ দোকান লৈ সোমাই গ’লো আৰু পুৰী-চব্জি অৰ্ডাৰ দিলোঁ। দোকানখনৰ এটা কোণত জোখতকৈ শকত মানুহ এজন বহি আছিল, যিজন হয়তো নিজৰ কামলৈ ওলাই আহি তাত বহিছেহি কাৰণ তেওঁ ঘনে ঘনে নিজৰ ঘড়ীটোলৈ চাই আছিল। মানুহ জনে ইতিমধ্যে পুৰী-চব্জি খাবলৈ আৰম্ভ কৰিছিল আৰু উপৰঞ্চি পুৰী-চব্জিৰ বাবে বাট চাই আছিল। ‘আৰু দুখন পুৰী দিবা’ বুলি তেওঁ চিঞৰিয়েই আছিল। কিন্তু কোনেও তেওঁৰ ফালে কাণসাৰেই নিদিলে। দোকানীজন আৰু দোকানত থকা ল’ৰাটো মিঠাইৰ বাকচ বন্ধাত ব্যস্ত। বিয়া এখনৰ বাবে লগা মিঠাইৰ অৰ্ডাৰ আৰু সোনকালে দিবলগীয়া অৰ্ডাৰ— হয়তো সেইখন বিয়া, যাৰ আলহী আনিবৰ বাবে ৰেলৱে ষ্টেচনলৈ গাড়ী পঠাই দিয়া হৈছিল।

এজন সাধাৰণ দোকানীয়ে গুৰুত্ব নিদিয়াৰ বাবে বাৰে বাৰে নিজৰ ঘড়ীটোলৈ চাই থকা শকত মানুহজনৰ স্বাভিমানত লাগিব লাগিছিল আৰু তেওঁ তাৰপৰা তুৰন্তে গুচি যাব লাগিছিল। কিন্তু  ইতিমধ্যে প্ৰথম লট্ পুৰী-চব্জি খাই সোৱাদ পোৱা তেওঁৰ স্বাদ গ্ৰন্থিয়ে সকীয়াই দিছিল যে দোকানীজন অলপ ব্যস্ত থকাৰ বাবেই ইমান সুস্বাদু ব্ৰেকফাষ্ট এৰি দিয়াটো মূৰ্খামি হ’ব। অত্যন্ত ক্ষোভত  মানুহটোৱে আকৌ চিঞৰিলে আৰু খঙতে এটা সৰুসুৰা ভাষণকে দি পেলালে। ভাষণটো শেষ কৰি, অনুমোদন বিচাৰি মোলৈ  চালে আৰু দেখিলে যে তেতিয়ালৈকে  মোৰ ব্ৰেকফাষ্ট আহি পোৱাহি নাই। তেওঁৰ ক্ষোভটো কান্দোনলৈ ৰূপান্তৰিত হোৱাৰ আগেয়ে এটা ল’ৰা আহিল আৰু তেওঁৰ কাঁহীত দুটা গৰম পুৰী দি থৈ গ’ল। আনন্দতে তেওঁ এক প্লেট জেলেপী অৰ্ডাৰ কৰি দিলে। তেওঁ মোক তেওঁৰ ফালে চাই থকা দেখি লগে লগে দৃষ্টি আঁতৰাই নিলে। আমি আৰু এতিয়া একেখন নাঁৱৰে যাত্ৰী হৈ থকা নাই— তেওঁ তেওঁৰ পুৰীৰ ভাগ পালে, কিন্তু মই তেতিয়াও  মোৰ ভাগটোৰ অপেক্ষাত আছোঁ। আপোনাৰ ভাগটো আহি পাবলৈ তেতিয়াও বাকী আৰু আপোনাৰ কাষৰ টেবুলখনত খোৱাবস্তু যতনাই দি থকা দেখিলে ভোকটো বেছিকৈ বাঢ়ি আহে। অৱশেষত মোৰ ভাগৰ পুৰী-চব্জি যেতিয়া আহিল সেই শকত মানুহটো গ’ল গৈ আৰু দোকানীজনেও মিঠাইৰ বাকচবোৰ গন্তব্য স্থানলৈ পঠাই দিলে।

ল’জটোলৈ ঘূৰি অহাৰ সময়ত মই এটুকুৰা চেভলন চাবোন আৰু এটা সস্তীয়া টি-চাৰ্টৰ লগতে এখন লুঙি কিনি আনিলোঁ, যি কেইটা পিন্ধি মই সেই বিছনাখনত শুম আৰু মোগলছৰাই এৰি অহাৰ সময়ত সেইকেইটা তাতে এৰি থৈ আহিম। ‘লুঙিৱালা’টো যি মোক মোৰ কোঠাটো দেখুৱাই দিছিল, ল’জৰ ৰিছেপচনত বহি থকা দেখিলোঁ। গা-পা ধুই, চাৰ্ট-পেণ্ট পিন্ধি বাতৰি কাকত পঢ়ি আছিল। মই তেওঁলৈ চাই হাঁহিলোঁ, তেওঁও হাঁহিলে। কিন্তু উৎসাহজনকভাৱে নহয়। তেওঁ যেন মোক কৈছে, “তই তোৰ কাম কৰ। মই মোৰ কামত গুৰুত্ব দিম। বিশেষ কথা বতৰাত নাযাওঁ।” হিন্দী প্ৰদেশত এইটো এটা অস্বাভাৱিক আচৰণ, য’ত মানুহে কথা পাতিবলৈ সুযোগ বিচাৰি ফুৰে। মই তেওঁক মোগলছৰাইত ইমান  বিউটি পার্লাৰ কিয় আছে বুলি সুধিলোঁ। সেই ৰাস্তাটোত মই পাঁচখন গন্তি কৰি পাইছিলোঁ।

প্ৰথমে মোৰ প্ৰশ্নটো শুনি মানুহটোৱে হাঁহিলে। তাৰপাছত মোৰ পেছাগত কাম কি সুধিলে। সাধাৰণতে ‘সাংবাদিক’ শব্দটোৱে যিকোনো ব্যক্তিক আপোনাৰ লগত কথা পাতিবলৈ আগ্রহী কৰি তোলে। কিন্তু এই মানুহজনে তেতিয়াও কথা পাতিবলৈ দ্বিধাবোধ কৰিছিল। আগদিনা ৰাতি দিয়া মোৰ ভিজিটিং কাৰ্ডখন মই পুনৰ তেওঁৰ হাতত তুলি দিলোঁ। তেওঁ কাৰ্ডখন চাই লৈ মই মোগলচৰাই কিয় আহিছোঁ, সুধিলে। মই উত্তৰ দিয়াত তেওঁ অনিশ্চিতভাৱে মিচিকিয়াই হাঁহিলে। “আপুনি তেনেহ’লে ইমান বিউটি পার্লাৰ কিয় আছে, সুধিছে। আজিকালি মহিলাসকলে নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে। ইমানবোৰ বিয়া, পাৰ্টি, বিভিন্ন অনুষ্ঠানৰ প্ৰত্যেকটোতে উপস্থিত থাকিব লাগে। গতিকে তেওঁলোকে ধুনীয়া দেখাব বিচৰাটো স্বাভাৱিক।”

মই বুজি পাইছোঁ তেওঁ কি বুজাব খুজিছে।  ‘ধুনীয়া দেখা’ ধাৰণাটো অনিবার্যভাৱে সৰু চহৰখনত সোমাই পৰিছে, ই মাথো ডাঙৰ চহৰতে সংৰক্ষিত হৈ নাথাকিল। পোন্ধৰ বছৰৰ আগতে ভাৰতত ‘ফ্যেচপেক’ শব্দটো কোনেও শুনা নাছিল। কিন্তু আজিকালি ই টুথপেষ্ট শব্দটোৰ দৰেই বহুল ব্যৱহৃত। আনকি পুৰুষ সকলেও কোনো পাৰ্টি বা বিয়া লৈ যোৱাৰ আগতে ফ্যেচিয়েল কৰাৰ কথা ভাবে।

হোটেলৰ কোঠালৈ ঘূৰি আহিলোঁ। মই চেভলন চাবোনেৰে সকলো কাম চলাব লাগিব, গতিকে সেই বিছনাখনৰ পৰা মোলৈ কেনেবাকৈ অহা বীজাণু মাৰিবলৈ মই জোৰেৰে গাত চাবোন ঘঁহিবলৈ ধৰিলোঁ। তাৰপাছত লুঙি আৰু টি-চাৰ্ট পিন্ধি সেইখন বিছনাতে বাগৰ মাৰিলোঁ। ইতিমধ্যে কাৰেণ্ট আহিছিল আৰু ঘৰঘৰাই চলি থকা ফেনখনে কোঠাটোলৈ স্বাভাৱিক স্থিতি আনি দিছে। পুৰী-চব্জিৰে ৰাতিপুৱাৰ আহাৰ ভালকৈ খোৱাৰ পাছত মই কিছু সময় টোপনি যোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ। মই সাৰ পাই উঠালৈকে মোগলছৰাই চহৰখনে নিশ্চয় অপেক্ষা কৰিব।

মই ভ্ৰমণত ওলোৱাৰ সময়ত মোগলছৰাই চহৰখনৰ বিষয়ে বৰ বিশেষ জনা নাছিলোঁ। চহৰখনৰ বিষয়ে এনে এটা ধাৰণা আছিল যে মোগল যুগত গৰু, ঘোঁৰা, উটৰ গাড়ীয়ে পাৰ হৈ যোৱা ক্লান্ত পথিকসকলক গোটেই জীৱন জুৰি আহাৰ-পানী যোগান ধৰি ধন্য হৈ পৰা এখন পান্থশালা। কিন্তু ইণ্টাৰনেটৰ কোনো তথ্যতে তেনেকুৱা পান্থশালা বা তাৰ অৱশেষৰ বিষয়ে উল্লেখ নাই। আচলতে ইণ্টাৰনেটে মোক তেনেকুৱা একো ধাৰণা দিব পৰা নাছিল, কিয় চহৰখনৰ নাম এইটো হ’ল অথবা চহৰখন দেখিবলৈ কেনেকুৱা। মই মাত্র জানিব পাৰিছোঁ যে চহৰখন আগতে এছিয়াৰ আটাইতকৈ ডাঙৰ ৰেলৱে মাৰ্শ্বেলিং য়াৰ্ড আছিল আৰু কয়লাৰ বিশাল বজাৰ আছিল। তাৰোপৰি ভাৰতৰ দ্বিতীয়জনা প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মস্থান। ইয়াত ৰেলৱেৰ সৈতে জড়িত কোনো ৰোমাঞ্চকৰ বিৱৰণী নাছিল। কেৱল বেনাৰসৰ ওচৰত থকাৰ বাবেই আচলতে মোগলছৰাই ইণ্টাৰনেটত জনাজাত। (আগলৈ)

(কিতাপখনৰ ধাৰাবাহিক অনুবাদৰ প্ৰথম অংশ পঢ়িবলৈ ইয়াত টিপক)

Leave a Reply

Your email address will not be published. Required fields are marked *