চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ
মোৰ আশে-পাশে থকা মানুহবোৰলৈ লক্ষ্য কৰিলোঁ- বেছিভাগেই খেতিয়ক, দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ পাছত গধূলি অলপ আৰাম ল’বলৈ আহিছে। তেওঁলোকৰ ডিঙিত থকা গামোচাখন দেখিয়েই বুজিব পাৰি যে তেওঁলোক শ্ৰমজীৱী।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
শৈশৱৰ ৰে’লগাড়ী
মোগলছৰাই ( দ্বিতীয় অংশ)
মই গোটেই দিন শুলো। গধূলি মহৰ কামোৰণিত সাৰ পাই, খোজ কাঢ়িবলৈ বুলি ওলাই আহিলোঁ। গ্ৰেণ্ড ট্যাংক ৰোড পোহৰত এনেদৰে উজ্জ্বলি আছে যে আকাশৰ মহাকাশচাৰী এজনকো আকৰ্ষিত কৰিব। এই উজ্জ্বলতাই মহাকাশযান উদ্ভাৱন নোহোৱা দিনৰ পৰাই চলি অহা অনাখৰী সহজ-সৰল জীৱনটোক আলোকিত কৰি আহিছে। পুৰুষ সকলে হাতত মোনা লৈ দোকানে দোকানে ঘৰুৱা সামগ্রীৰ বজাৰ কৰিছে। মহিলা সকলে সতেজ শাক-পাচলিৰ স্তূপৰ ওপৰত হাউলি বেঁকা হৈ বেপাৰীৰ লগত দাম-দৰ কৰিছে। খিলখিলাই থকা ছোৱালী কেইজনীয়ে আৰু লাজকুৰীয়া যোৰা কেইটাই ৰাস্তাৰ কাষত থকা চাটৱালাটোৰ পৰা জ্বলা আলু টিক্কী আৰু পানীপুৰী খাই আছিল। এই চাটৱালাটো উত্তৰ ভাৰতত এজন গুৰুত্বপূৰ্ণ ব্যক্তি, যি আপোনাৰ নীৰস জীৱনত মছলা মিহলি কৰে, গতানুগতিক কাৰ্যসূচীৰ অৱসান ঘটায়।
মই চাট বিক্রি কৰি থকা ঠেলা কেইখনৰ ভিতৰত আটাইতকৈ বেছি ব্যস্ত থকাখনলৈ মন কৰিলোঁ। মধ্যম বয়সীয়া এহাল মহিলা-পুৰুষ আৰু তেওঁলোকৰ ল’ৰা- হয়তো নাতিয়ে সেইখন চলাইছে। তেওঁলোকে কামবোৰ নিয়াৰিকৈ কৰিছে। পুৰুষ জনে নিমখীয়া চাটটো প্ৰস্তুত কৰি কাগজৰ প্লেটত তুলি মহিলা গৰাকীক দিয়ে। মহিলা গৰাকীয়ে তাত মছলা তথা আন আন উপাদান সংযোগ কৰি প্লেটখন সজাই গ্ৰাহকৰ আগত পৰিৱেশন কৰে। ল’ৰাটোৱে পানীপুৰী পৰিৱেশন কৰাৰ লগতে কোনে কি খালে, কিমান খালে তাৰ হিচাব ৰাখে আৰু বিলৰ পৰিমাণ আপোনাৰ আগত ব্যক্ত কৰে।
চাটৰ ঠেলাৰ ভোগ-বিলাসে পেগৰ প্ৰতি থকা মোৰ হাবিয়াস কাঢ়ি নিছিল। কিন্তু ৰাতিপুৱা চাৰি বজাতে কৰা ৰিক্সা যাত্ৰাৰ সফল সমাপ্তিৰ পাছত, এনে এটা হতাশজনক অৱস্থাৰ কোঠা, যিটো কোঠা মোৰ শত্ৰুৰ কাৰণেও কামনা নকৰোঁ, সেই কোঠাটো পাই অন্ততঃ বাসস্থান বিচাৰি পোৱাৰ সমস্যাৰ পৰা বাচি আহি মোৰ এটা পেগ নতুবা খুব বেছি দুটা পেগ ল’বলৈ মন গ’ল। কিন্তু তাৰ কাৰণে বাৰ (bar) ক’ত আছে? বেছি দূৰলৈ যাব লগা নহ’ল। চাটৱালাৰ পৰা বিশ খোজমান আঁতৰতে এখন মদৰ দোকান আৰু তাৰ বেছমেন্টতে বাৰখন আছে যাৰ কাঁচৰ দুৱাৰখনত মোক আদৰণি জনাবৰ বাবে ‘দীপাৱলীৰ শুভকামনা’ লিখা আছিল।
এখন ভাৰতীয় বাৰ, মদৰ দোকানৰ লগত সংলগ্ন, যিখনে মুখ্যতঃ গোপনে মদ্যপানৰ সুবিধা কৰি দিছে। সমাজে মদ্যপানক হীন চকুৰে চায় আৰু পৰিয়ালৰ মানুহে ইয়াক কলংক বুলি গণ্য কৰে। বাৰখনেই হৈছে একমাত্র এনে স্থান য’ত শান্তিৰে, জেপত কোনো ধৰণৰ হেঁচা নেপেলোৱাকৈ আৰু ওচৰ-চুবুৰীয়াৰ দৃষ্টিৰ পৰা আঁতৰ হৈ মদ্যপান কৰিব পাৰি। এনেকুৱা বাৰ বোৰত, যদি বাৰ পৰিচালনা কৰা ব্যক্তিৰ পৰা আপুনি ভাল ব্যৱহাৰ বিচাৰে তেন্তে পানীয়ৰ লগত খাবলৈ ভজা-পোৰা খাদ্য অৰ্ডাৰ কৰিব লাগিব, কাৰণ এই ভজা-পোৰা খোৱা বস্তুবোৰেই হৈছে তেওঁলোকৰ প্ৰাথমিক উপাৰ্জনৰ সমল। মই চুক এটাত থকা টেবুল এখনত বহি ল’লোগৈ য’ত আগৰে পৰা এজন মানুহ বহি আছিল আৰু এটা কোৰ্ৱাটাৰ বটল – ১৮০ মিলি হুইস্কি অৰ্ডাৰ কৰিলোঁ।
“কিবা খোৱা বস্তু দিম নে?” ‘জিম-ফিট’ ৱেটাৰটোৱে সুধিলে।
“একো নালাগে।” মই ক’লোঁ ।
“কিবা এটা লওক?” সি জিদ ধৰিলে।
“প্ৰথমে হুইস্কিৰ বটলটোকে দিয়াচোন ।” মই ক’লোঁ।
সি যোৱাৰ পাছত মই খাদ্য তালিকাৰ দামবোৰ নীৰিক্ষণ কৰিবলৈ ল’লোঁ।
পুৰা-পুৰি আধা
চিকেন ফ্ৰাই ১৮০/ ৮০/
পনীৰ চিলি ৬০/ ৩০/
চিকেন চিলি ৬০/ ৩০/
পনীৰ পকোড়া ৪০/ ২৫/
মাছ ৪০/ ২০/
মোৰ আশে-পাশে থকা মানুহবোৰলৈ লক্ষ্য কৰিলোঁ- বেছিভাগেই খেতিয়ক, দিনটো কঠোৰ পৰিশ্ৰম কৰাৰ পাছত গধূলি অলপ আৰাম ল’বলৈ আহিছে। তেওঁলোকৰ ডিঙিত থকা গামোচাখন দেখিয়েই বুজিব পাৰি যে তেওঁলোক শ্ৰমজীৱী।
বাৰখনৰ কাউণ্টাৰৰ ওচৰত থকা টেবুলখনৰ পৰা বেছি চিঞৰ-বাখৰ আহিছিল- জাক-জমক কাপোৰ পিন্ধি নিজকে আনতকৈ বেলেগ দেখুওৱা চাৰিজন যুৱকে আনন্দ-বিলাসৰ কাৰণে মদ্যপান কৰিছে, সেই লোকসকলৰ দৰে নহয় যি উদাস মনেৰে নিজৰ গিলাছটো ওঁঠলৈ নিছে। আটাইতকৈ বেছি হুলস্থূল কৰাজন এজন ফূৰ্তিবাজ শিখ ডেকা, যিজন হয়তো টেবুলখনত সৃষ্টি হোৱা হাঁহি-তামাছাৰ মূল উৎস।
মই যিজন মানুহৰ টেবুলত বহিছিলোগৈ, তেওঁ খুব দুখ মনেৰে আছিল আৰু নীৰৱে মদ্যপান কৰি আছিল। মানুহজনৰ লগত কথা পাতিবলৈ মন গৈছিল যদিও প্ৰথমে মোক এটা ড্ৰিংকৰ দৰকাৰ হৈছিল। ল’ৰাটোৱে হুইস্কিৰ বটল এটা লৈ আহিল আৰু মোৰ ড্ৰিংকটো গিলাছত বাকি দি পুনৰ মোক কিবা ভজা-পোৰা খাদ্য লাগিব নেকি সুধিলে। মই জানিছিলো, যে তাত বহি যদি হুইস্কিৰ সোৱাদ ল’বলৈ মন আছে তেন্তে ইয়াৰ পৰা নিস্তাৰ নাই, সেইকাৰণে মই পনীৰ পকোড়া অৰ্ডাৰ কৰিলোঁ। পকোড়া আহি পোৱাত মই প্লেটখন দুখী মানুহজনৰ ফালে আগবঢ়াই দিলোঁ। প্ৰথমে ল’বলৈ অস্বীকাৰ কৰিছিল যদিও পিছত লওঁ-নলওঁ কৈ এটা পকোড়া ল’লে আৰু সোনকালেই নিজৰ কাহিনী মোৰ আগত ক’বলৈ আৰম্ভ কৰিলে।
তাৰ নাম বাবু। সি ‘মাৰ্বলৰ ব্যৱসায়’ কৰে। মানে মানুহৰ ঘৰত পাকঘৰ আৰু বাথৰুমৰ চেল্ফত মাৰ্বল লগোৱায়। কিছু বছৰৰ আগলৈকে মোটামুটি তাৰ উপাৰ্জন ভাল আছিল, সি সুখী আছিল যেতিয়া ৮×১০ বৰ্গফুটত মাৰ্বল লগালে ‘লেবাৰ চাৰ্জ’ প্ৰতিদিনে ৩০/৩৫ টকা আছিল।
“কিন্তু আজিকালি পাঁচ বৰ্গফুটত প্ৰায় ৮০/৮৫ টকা লয়। মজদুৰক ইমান টকা হাজিৰা দিবলৈ হ’লে আমাৰ দৰে ঠিকাদাৰলৈ কি বাকী থাকিব? আগতে মোৰ দৰে দুই-চাৰিজনে এই ব্যৱসায় কৰিছিল। এতিয়া ডজন সংখ্যকে কৰে। তেনেস্থলত মোক বিচাৰি কোন আহিব?”
তাৰ গিলাছটো ইতিমধ্যে খালী হৈছিল বাবে মোৰ পৰা এটা পেগ ল’ব নেকি বুলি সুধিলোঁ। তাৰ চকুত লালসাৰ ভাব ফুটি উঠিল যদিও ভাৰতীয় নম্ৰতাৰে সি “নালাগে, নালাগে” বুলি হাত জোকাৰি উঠিল। কিন্তু তাৰ গিলাছটো লৈ পেগ এটা ঢালি দিওঁতে সি মোক বাধা নিদিলে।
“আপুনি কল্পনা কৰিব নোৱাৰিব, ছাৰ, কিমান খৰকৈ পৰিস্থিতি সলনি হৈছে। কিছুদিনৰ আগলৈকে এক বিচা মাটিৰ দাম ষোল্লশ টকা আছিল। এতিয়া এক বিচাত তিনি লাখ টকা। আপুনি ভাবিব পাৰে নে?” মই এক বিচা মাটিৰ পৰিমাণ কিমান সুধিলো। সি কিছু সময় ভাবিলে আৰু মোৰ নোটবুকত পৰিৱৰ্তিত সংখ্যাটো লিখা গ’ল: ১৩৬৫ বৰ্গফুট।
তাক মোগলছৰাই চহৰখনৰ বিষয়ে মই সুধিলোঁ- এই ঠাইখন কেনেকুৱা? সি ক’লে যে এই ঠাইখনৰ বাহিৰে বেলেগ ঠাইত থাকি উপাৰ্জন কৰাৰ কথা সি ভাবিব নোৱাৰে। সি ইয়াতেই জন্ম হৈছিল আৰু যিকোনো পৰিস্থিতিতে সি ইয়াতেই থাকিব। মই তাক সুধিলোঁ, যে ২০০৬ চনৰ আৰম্ভণিতে বেনাৰসৰ সংকটমোছন মন্দিৰত বোমা বিস্ফোৰণৰ দৰে সাম্প্ৰদায়িক উত্তেজনা উৎপন্ন কৰিব পৰা ঘটনাই মোগলছৰাইৰ ওপৰত প্ৰভাৱ পেলায় নে। সি সজোৰে ‘নেপেলায়’ বুলি ক’লে। “বেনাৰসত কাৰ্ফিউ লাগিব পাৰে, কিন্তু ইয়াত পৰিৱেশ শান্ত।” সি আকৌ ক’লে, “সদ্যহতে মোৰ কথাকেই কওঁ। মই হিন্দু পৰিয়ালৰ মাজতে থাকোঁ। কিন্তু মই কোনোদিনে বিপদ অনুভৱ কৰা নাই ।” আপুনা-আপুনি মোৰ চেলাউৰিযোৰ উঠি আহিল- ইমান সময় ধৰি বাবু নামটোৰ বাবে মই তাক হিন্দু বুলি ভাবিছিলোঁ। সি মোৰ মনটো বুজি পালে।
“মোক বাবু বুলি মাতে, কিন্তু মোৰ সম্পূৰ্ণ নামটো মুছ্লিমীন আহমেদ।” সি ক্ষমা খোজা ভংগীত ক’লে। মই তাক মুছলিম বুলি জানি উঠাৰ বাবে সি যেন দু:খিত।
ঘৰৰ মানুহে তাৰ কাৰণে বাট চাই থাকিব বুলি কৈ, বাবু গ’ল গৈ। এতিয়া মই বাকীবোৰ টেবুল লক্ষ্য কৰিবলৈ ধৰিলোঁ। মোৰ কাষতে থকা টেবুলখনৰ ব্যক্তি দুজনক এইমাত্ৰ চিলি চিকেন পৰিৱেশন কৰা দেখিলোঁ। পৰম আনন্দেৰে সিঁহতি ধোঁৱা বলি থকা ব্যঞ্জনখিনিলৈ চাইছে আৰু ঠাণ্ডা হ’বলৈ কাঁটা চামুচেৰে অলপ লৰাই-চৰাই দিছে যাতে খাওঁতে সিঁহতৰ জিভা নোপোৰে। হঠাৎ সন্মুখৰ টেবুলত বহি থকা এজনে সিঁহতৰ ফালে ঘূৰি লৈ সুধিলে, “ইয়াত চিকেন কেনেকুৱা ৰান্ধে?” তেওঁলোকৰ মাজৰ কোনোবা এজনে উত্তৰ দিয়াৰ আগতেই মানুহজনে কাঁটা চামুচেৰে মাংসৰ টুকুৰা এটা খোঁচ মাৰি লৈ মুখত ভৰাই দিলে। তেওঁৰ লগৰজন লজ্জিত হ’ল– “ আপুনি বিচাৰে যদি আমাৰ কাৰণেও অৰ্ডাৰ কৰি দিওঁ। ”চিকেনৰ টুকুৰাটো চোবাই থাকিয়েই নিলাজ মানুহটোৱে উত্তৰ দিলে, “নাই, নাই, নালাগে। মই মাথো ইয়াৰ চিকেনটো কেনেকুৱা, তাৰ সোৱাদ ল’ব খুজিছিলোঁ ।”
হঠাতে বাৰখন নিজম পৰি গ’ল। এইটো স্পষ্ট যে বাকী মানুহবোৰেও সেই মানুহটোৱে ঘূৰি লৈ একেবাৰে অচিনাকি ব্যক্তিয়ে অৰ্ডাৰ কৰা চিকেনত কাঁটা চামুচেৰে খোঁচ মৰা দেখি আছিল। সকলোৱে বাট চাই আছিল, এতিয়া চিলি চিকেনৰ মালিকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। কিন্তু দুয়ো পক্ষৰ প্ৰতিক্ৰিয়া এনেকুৱা যেন একো হোৱাই নাই। সেইকাৰণে বাৰখন আকৌ নিজৰ হুলস্থূলীয়া পৰিৱেশৰ মাজত ডুব গ’ল।
কিন্তু ক’ব নোৱাৰো, কিয় জানো সেই নিলাজ মানুহটোৰ পৰা মই দৃষ্টি আঁতৰাই আনিব নোৱাৰিলোঁ। সি আৰু তাৰ লগৰটোৱে ড্ৰিংক শেষ কৰি উঠিবলৈ লওঁতেই, সেই মানুহটোৱে আকৌ এবাৰ ঘূৰি লৈ কাঁটা চামুচখনেৰে চিকেনৰ আন এটা টুকুৰা খুঁচি আনি মুখত ভৰাই ল’লে। চিকেনৰ টুকুৰাটো মুখত ৰাখিয়েই সি লগৰটোক তাৰ পৰা উঠি যোৱাৰ ইংগিত দিলে। পুনৰ এবাৰ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰা বাৰখন, সিঁহত দুটা আঁতৰি যোৱাৰ লগে লগে হাঁহিত ফাটি পৰিল।
চৰ্দাৰজনৰ হাঁহিত ৰ’ব নোৱাৰা অৱস্থা। “এইয়া কেনে কাণ্ড?” মোৰ কাষত বহা সেই মানুহ দুজনক সুধিলে। এজনে লাজ লাজ কৈ উত্তৰ দিলে, “কি কৰিব আৰু? কোনোবাই যদি কাঁটাৰ খোঁচ বহুৱাবই খোজে, কেনেকৈ বাধা দিব?” পুনৰ এবাৰ হাঁহিৰ জোৱাৰ উঠিল। ইয়াত ভুক্তভোগী আছিল ভাৰতীয় আতিথ্যৰ পৃষ্ঠপোষক। এই দেশত ভোজন এক পৱিত্ৰ বিষয় বুলি গণ্য কৰা হয়- এই সন্দৰ্ভত কোনেও কাকো খোৱাত বাধা নিদিয়ে। খোৱাৰ সময়ত কোনোবা আহি উপস্থিত হ’লে তেওঁকো খাবলৈ আমন্ত্ৰণ জনোৱা হয়। কোনোবা প্ৰতিৱেশীৰ কাঁহীৰ পৰা কিবা লৈ খালেও কোনোৱে বিশেষ একো আপত্তি নকৰে। সেই নিৰ্লজ মানুহটোৱে জানিছিল যে পৃষ্ঠপোষক দুজনে সিঁহতৰ চিকেনৰ সোৱাদ লোৱাত সম্পূৰ্ণ আপত্তি নকৰে, সেইবাবে আনকি অনুমতিৰ বাবেও অপেক্ষা কৰা নাছিল। কিন্তু মোগলছৰাইৰ দৰে সৰু নগৰত কষ্টৰ ধনৰ বিনিময়ত পোৱা আঠ টুকুৰা চিকেনৰ প্লেটখনৰ পৰা দুটুকুৰা মাংস বিনা অনুমতিত কাঢ়ি লোৱাটো এক প্ৰকাৰ দিন-দুপৰতে কৰা ডকাইতি।
মোৰ আৰু এটা ড্ৰিংক ল’বলৈ মন গ’ল। এই সিদ্ধান্তটো লোৱাৰ আঁৰৰ কথাটো হ’ল- যাতে বাৰখনত আৰু কিছু সময় থাকি এনেকুৱা কিছুমান ঘটনা মোৰ নোটবুকত লিপিবদ্ধ কৰিব পাৰোঁ। আচলতে নোটবুকত লিপিবদ্ধ কৰাটোও এটা অজুহাত: মই বেছ ফূৰ্তি পাইছিলোঁ, গতিকে আৰু এটা ড্ৰিংক লৈ মোৰ ওচৰে-পাজৰে থকা মানুহবোৰৰ লগত কিছু ঘনিষ্ঠতা বঢ়াবৰ মন গ’ল। উত্তৰ প্ৰদেশ অথবা মধ্যপ্ৰদেশৰ দৰে ৰাজ্যত মদ নব্বৈ মিলিলিটাৰ বটলতো পোৱা যায়, যাক ‘বাচ্চা’ বুলি কয়, যিটো বহুত কামত আহে যেতিয়া আপুনি ‘মোক আৰু এটা পেগ লাগে’ ৰ দ্বাৰা আক্ৰান্ত হৈ থাকে। এইটো হাতৰ মুঠিতে আহে বাবে সেই ঠাইসমূহত খুব কামত আহে, য’লৈ আপুনি ডাঙৰ বটল এটা নিবলৈ সংকোচবোধ কৰিব পাৰে অথবা ই বেলেগৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, যেনে ট্ৰেইনত। মই বাৰখনৰ ল’ৰাটোক এটা ‘বাচ্চা’ হুইস্কি আনিবলৈ পঠালো।
তেতিয়ালৈকে কেছ কাউন্টাৰত স্বাস্থ্যৱান, ওখ-পাখ, ক’লাকৈ এজন মানুহ বহি আছিল। পিন্ধি থকা ক’লা কোটটোৰে সৈতে তাক আৰু ভয়ানক দেখিছিল। সি ল’ৰাবোৰক যিদৰে কথা কৈছিল, মই বুজিছিলোঁ যে বাৰখন সিয়েই চলায়। সি চিঞঁৰি কিবা এটা নিৰ্দেশ দিলে, কাগজত কিবা হিচাব এটা লিখিলে, তাৰ পাছত চৰ্দাৰজন আৰু তেওঁৰ সংগী সকল বহি থকা টেবুলখনত বহি ল’লেহি। সিঁহত নিশ্চয়কৈ বন্ধুবৰ্গ আৰু প্ৰায়ে গধূলি, দিনটোৰ শেষৰ কেইঘন্টামান সময় একেলগে কটাবলৈ লগ হয়। ‘বাচ্চা’টোক গলাধকৰণ কৰাৰ পাছত মই সিঁহতৰ লগত সিঁহতৰ টেবুলখনত বহি পৰাৰ পৰা নিজকে বিৰত ৰাখিব নোৱাৰিলোঁ। মই আশা কৰিছিলোঁ যে ‘সাংবাদিকতা’ শব্দটো ইয়াত কামত আহিব আৰু সেইটোৱেই হ’ল। চামৰাৰ জেকেট পিন্ধা ক’লা, ওখ-পাখ মানুহটো বাৰখনৰ মালিক। তাৰ নাম ৰমেশ গুপ্তা আৰু টাউনখনত তাৰ পৰিয়ালৰ আন কেইবাখনো দোকান আছে। মোগলছৰাইতে জন্ম গ্ৰহণ কৰা চৰ্দাৰজনে বেপাৰ কৰে। বাকী দুজনে চিভিল চাৰ্ভিচৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আৰু একেসময়তে যুৱক-যুৱতীক বিভিন্ন প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিবৰ বাবে কোচিং ক্লাছ লয়। আন এজন ৰে’লৱেৰ বুকিং ক্লাৰ্ক।
এসময়ত ভাৰতীয় আতিথ্যই ভৰপক দিলে। সিঁহতে মোক মই ক’ত আছোঁ সুধিলে। মই দেৱী ল’জত থকা বুলি শুনি সকলোৱে একে মুখে চিঞৰি উঠিল, “আৰে, আপুনি তালৈ কিয় গ’ল?” মই ‘লুঙিৱালা’ৰ ল’জটো কি কাৰণত বেয়া সুধিলোঁ। সিঁহতে ক’লে যে তাত প্ৰায়ে পুলিচে তালাচী চলায় কাৰণ তালৈ কলগাৰ্ল লৈ মানুহবোৰ যায়। মই চিন্তাত পৰিলো- ‘লুঙিৱালা’ই মোৰ সৈতে কথা পাতিবলৈ নিবিচৰাৰ আঁৰৰ কাৰণ এইটোৱেই নেকি? সিঁহতি মোক ভাড়া কিমান সুধিলে। মই ভাড়াটো কোৱাৰ লগে লগে সিঁহতি অবিশ্বাসত জপিয়াই উঠিল- “এশ আশী টকা! কি কয় হে! কেইদিনমানৰ আগতে মই সিঁহতৰ বিজ্ঞাপন দেখিছিলো। নব্বৈ টকাত কোঠা ভাড়ালৈ দিছে।” বাৰখনৰ মালিক ৰমেশ গুপ্তা গৰজি উঠিল। লগে লগেই সেই ল’জৰ পৰা মোক উদ্ধাৰ কৰাৰ পৰিকল্পনা তৈয়াৰ হ’বলৈ ধৰিলে। ৰে’লৱে ক্লাৰ্কজনে ক’লে, “আপুনি ৰে’লৱেৰ ৰিটায়াৰিং ৰূমত কিয় নাথাকে? ৰে’লৱেত বহুতো সুবিধা আছে। এজন সাংবাদিক হিচাপে আপুনি সেই সুবিধাবোৰ আদায় কৰিব পাৰে।”
মই তালৈ যাম বুলি কথা দিলোঁ, আৰু ইজনে সিজনৰ ফোন নাম্বাৰ ল’লোঁ যাতে ষ্টেচনত কোঠা খালি থাকিলে খবৰ দিব পাৰে। তেওঁৰ নাইট ডিউটি থকাৰ বাবে তেতিয়াই ষ্টেচনলৈ যাব আৰু এঘন্টাৰ ভিতৰতে টেলিফোন কৰি খবৰ জনাব বুলি ক’লে। “চিন্তা নকৰিব” ৰমেশে অভয় দিলে। “ষ্টেচনৰ ৰিটায়াৰিং ৰূম নাপালে, আপোনাক মই বেলেগ হোটেল ঠিক কৰি দিম। কিন্তু আপুনি আজি ৰাতিয়েই সেই ল’জৰ পৰা ওলাই আহক।” টেবুলৰ বাকীসকলেও এই কথাত হয়ভৰ দিলে।
ক্লাৰ্কজন আৰু ৰঙিয়াল শিখজন গ’লগৈ। বাৰখনৰ মালিক আৰু আন দুজন প্ৰশাসনিক চাকৰি আকাংক্ষী প্ৰাৰ্থী বাকী থাকিল। মই সিঁহতক মোৰ পৰা একোটাকৈ ড্ৰিংক ল’ব নেকি সুধিলোঁ। সিঁহতে সন্মতি নিদিলে যদিও না বুলিও নক’লে। মই ল’ৰাটোক আকৌ হুইস্কি আনিবলৈ পঠালোঁ। উদাৰতাৰ ক্ষেত্ৰত পিছ পৰি ৰ’বলৈ মন নকৰা ৰমেশ গুপ্তাই ৰান্ধনিটোক মাতিলে আৰু কৃত্ৰিম ৰং ব্যৱহাৰ নকৰাকৈ চিলি চিকেন ৰান্ধিবলৈ ক’লে। “ৰং ঢালি নিদিবি আকৌ”- সি কেইবাবাৰো সোঁৱৰাই দিলে, অভ্যাসবশত ৰান্ধনিজনে যাতে অকণমানো ৰং মিলাই নিদিয়ে ।
মই ইয়াৰ আগলৈকে জনাই নাছিলোঁ যে আঞ্জা এখন দেখিবলৈ আকৰ্ষণীয় হ’বৰ বাবে কৃত্ৰিম ৰং মিলাই দিয়ে। মই ঠিক থিৰাং কৰিব পৰা নাই যে মোক সম্মান কৰা হৈছে নে ঠগা হৈছে। মই সন্মানিত হৈছোঁ বুলি ভাবিবলৈ সিদ্ধান্ত ল’লোঁ, কাৰণ এনেধৰণৰ যাত্ৰাবোৰত আমি সদায়েই এটা কথা মনত ৰাখি চলোঁ যে বাহিৰৰ দুনীয়াখনে আমাক ঠগিবলৈকে ৰৈ থাকে। হুইস্কি আৰু চিকেন আহি পোৱাৰ পাছত মই ৰমেশ গুপ্তাক বাৰখনৰ বিষয়ে ক’বলৈ ক’লোঁ – ইয়ালৈ সাধাৰণতে কেনে ধৰণৰ মানুহ মদ খাবলৈ আহে।
“নব্বৈ শতাংশই নিম্ন শ্ৰেণীৰ লোক। তাৰে ষাঠি শতাংশ মদ খাবলৈ আহে। পাঁচ শতাংশ বেলেগ খাদ্য খাবলৈ আহে।” সি ক’লে আৰু উত্তৰটোৰ অনুমোদন বিচাৰি ‘কোচিং’ শিক্ষক দুজনক সুধিলে, “মই ঠিকেই কৈছো নে?” দুয়োজনে স্বীকৃতি প্ৰদানৰ সুৰত মূৰ দুপিয়ালে। “কিন্তু ইয়ালৈ অহা সকলো মানুহ এটা কথাত একে।” তৰ্জনী আঙুলি জোকাৰি সি ক’লে। “কি কথা?” মই সুধিলোঁ। এই প্ৰশ্নটোৰ অপেক্ষাত থকা ৰমেশে উত্তৰ দিলে, “ইয়ালৈ সকলো ৰামৰ দৰে আহে আৰু যাওঁতে ৰাৱণৰ দৰে যায়।”
মই তাক মোগলছৰাই ঠাইখনৰ বিষয়ে সুধিলোঁ যে ইয়াত মোগলৰ দিনৰ পৰাই যাত্ৰীৰ বাবে কিবা ‘পানখানা’ (জিৰণি ঠাই) আছিল নেকি? “একো তেনেকুৱা পানখানা-চানখানা নাছিল। সেই সময়ত যেতিয়া মোগল সম্ৰাট ভ্ৰমণত ওলায়, বিলাস কৰিবৰ বাবে মোগলছৰাইত সহজে সকলো পোৱা গৈছিল। দেহোপজীৱিনী পাইছিল। সেই কাৰণে এইখন ঠাইৰ নাম মোগলছৰাই হ’ল।” ৰমেশে ক’লে। কোচিঙৰ শিক্ষক দুজন তেওঁৰ কথাত পতিয়ন যাব নোৱাৰিলে আৰু এজনে “তই কিমান শ্ৰেণীলৈকে পঢ়িলি?” বুলি ৰমেশক কটাক্ষ কৰিলে। “কিয়! মই বি কম পাছ।” সি গৰজি উঠিল।
শিক্ষক এজনে উত্তৰত ক’লে, “তই ইতিহাসৰ বিষয়ে নজনাটো একো ডাঙৰ কথা নহয়। মোগলে ইয়াত জিৰণি লৈছিল কাৰণ সিঁহতৰ কাৰণে ঠাই টুকুৰাৰ অৱস্থান সুবিধাজনক। দেহোপজীৱিনীৰ কথা ইয়াত নাই ।” তেন্তে এই চহৰখনৰ নাম কিয় মোগলছৰাই হ’ল তাৰ বিষয়ে কিবা জানে নেকি, মই অধ্যাপকজনক সুধিলোঁ। তেওঁ খুব সঠিককৈ নাজানে যদিও সম্ভৱত কাশী আক্ৰমণ কৰাৰ আগেয়ে ঔৰংগজেৱৰ সেনাই ইয়াত বাহৰ পাতি জিৰণি লৈছিল বাবে নামটো হ’ল। “কিন্তু মই খুব সঠিককৈ নাজানো।”,তেওঁ পুনৰ দোহাৰিলে। পাছদিনা ৰাতিপুৱা তেওঁ মোক চহৰখনৰ কেইজনমান বয়োজ্যেষ্ঠ ব্যক্তিৰ ওচৰলৈ লৈ যাব বুলি কথা দিলে, যাৰ ওচৰত হয়তো নামটোৰ সন্দৰ্ভত বেছি তথ্য পোৱা যাব।
তাৰ পাছৰ কথোপকথনে সাংসাৰিক দিশলৈ ঢাল ল’লে। ৰমেশে মোগলছৰাইলৈ মোক পৰিয়ালসহ পুনৰ নিমন্ত্ৰণ জনালে আৰু তাৰ ঘৰত থকাৰ প্ৰস্তাৱ দিলেদিলে। এই উদাৰতা সেই সময়ত মদৰ নিচাতে আছিল যদিও আন্তৰিক আছিল। সেইবাবে মইও অনুৰূপ প্ৰস্তাৱ আগবঢ়ালোঁ আৰু অতি সোনকালেই মাদ্ৰাজৰ ওচৰৰ পণ্ডিচেৰী তথা মাদ্ৰাজ ফুৰাৰ কাল্পনিক কাৰ্যসূচী বনিবলৈ ধৰিলে। মই গম পাইছোঁ যে সেইখিনি সময়লৈ মোৰ ভালদৰে নিচা হৈছিল। কিন্তু মোৰ মনত আছিল ৰেলৱে ক্লাৰ্কজনলৈ ফোন কৰি ৰিটায়াৰিং ৰূম পোৱা-নোপোৱাটো নিশ্চিত কৰা। কিন্তু তাৰ ফোন চুইচ্ অফ। “চিন্তা নকৰিব” ৰমেশে ক’লে, “মই আপোনাক এখন হোটেললৈ লৈ যাম।”
ৰাতিৰ এঘাৰটা বাজিছিল আৰু মোগলছৰাই আকৌ পুনৰাই শুই পৰিছিল। ৰমেশৰ বুলেট মটৰ চাইকেলৰ পিছত মোক বহুৱাই, ৰাতিৰ নিস্তব্ধতা ভাঙি, আমি ‘লুঙিৱালা’ ৰ ল’জৰ পৰা মোৰ বস্তুবোৰ আনিবলৈ গৈছিলোঁ। ৰমেশে তাৰ মটৰ চাইকেলখন নিজৰ সন্তানৰ দৰে খুব মৰমত ৰাখে আৰু যেতিয়া মই তাক ক’লোঁ যে এনে এখন মটৰ চাইকেলৰ মালিক হিচাপে তাৰ নাম তথা তাৰ বিষয়ে স্থানীয় খবৰ কাগজত এটা লেখা ছপা হ’ব লাগে, তাৰ চকু দুটা কৃতজ্ঞতাত টগবগাই উঠিল।
আমি ল’জটোলৈ গৈ ‘লুঙিৱালা’ক লগ নাপালো। তাৰ ঠাইত ৰিচেপচনত আন এটা ল’ৰা দেখিলোঁ। মোক সেই ল’জটোৰ পৰা মুক্ত কৰাৰ উছাহত মোতকৈ আগেয়ে গৈ থকা ৰমেশ হঠাৎ ৰৈ গ’ল। কুকুৰৰ মুখামুখি হ’লে মেকুৰী এটা যেনেকৈ ৰৈ যায়, তেনেকৈ। “আৰে, এইখনচোন বিজয়ৰ গাড়ী! ই ইয়াত কি কৰিছে?” সি ল’জটোৰ কম্পাউণ্ডৰ ভিতৰত ৰখাই থোৱা এখন মটৰ চাইকেল দেখি আচৰিত হৈ ক’লে। বিজয় হৈছে সেই বুকিং ক্লাৰ্কজন যিজনে ৰিটায়াৰিং ৰূম দিম বুলি মোক কথা দিছিল ।
আশ্চৰ্য চকিত ৰমেশ হঠাৎ মৌন হৈ পৰিল আৰু বস্তুবোৰ আনিবলৈ মই চিৰিয়েদি উঠি যাওঁতে মোৰ পাছে পাছে আহিবলৈ ধৰিলে। তেতিয়ালৈকে মোৰ মগজুৱে দুই যোগ দুই কৰিবলৈ ধৰিলে – মাত্ৰ দুঘন্টা আগেয়ে মোক ল’জটোত চলা কলগাৰ্ল ব্যৱসায়ৰ বিষয়ে সাৱধানবাণী শুনাই অহা ক্লাৰ্কজনৰ বাইকখন তাত থিয় দি আছে আৰু তাৰ ম’বাইল ফোনটোৰ চুইচ্ অফ হৈ আছে । ইয়াৰ দ্বাৰা মই কি বুজিব লাগে?
মই খৰধৰকৈ মোৰ বস্তুবোৰ বেগত ভৰাবলৈ ল’লোঁ। সেই টিচাৰ্ট আৰু লুঙিখনো ভৰাই ল’লোঁ, যি কেইটা মই তাতে এৰি থৈ আহিম বুলি ভাবিছিলোঁ (মোৰ মনটোৱে এৰি থৈ আহিবলৈ নক’লে)। ৰমেশ বাথৰুমত সোমাল আৰু দুৱাৰখন খোলা ৰাখিয়েই পেছাব কৰিবলৈ ধৰিলে । “কোঠাটো বেয়া নহয়”, পেন্টৰ জিপ টানি টানি বাহিৰলৈ আহি ক’লে।
চিৰিয়েদি নামি আহি সেই ল’ৰাটোকে ৰিচেপচনত ঘূৰি ফুৰা দেখিলোঁ। মই যোৱাৰ কথা তাক ক’লোঁ। কোৱাৰ লগে লগে সি বাহিৰলৈ গ’ল আৰু কেই ছেকেণ্ড মানৰ পাছতে ঘূৰি আহি মোৰ হাতত বিশ টকা এটা দিলে। এইটো ঘূৰাই পাবলগীয়া খুচুৰা আছিল। মই এডভান্স হিচাপে দুশ টকা দিছিলোঁ, কিন্তু কোঠাটো ১৮০ টকীয়া আছিল। গুচি আহোঁতে মোৰ অলপ বেয়া লাগিছিল।
ৰমেশে মোক যিখন হোটেল লৈ গ’ল, সেইখন ষ্টেচনৰ একেবাৰে সন্মুখতে আছিল। সি হোটেলখনৰ ডেকা মেনেজাৰটোক চিনি পায়, যি অতি উৎসাহী হৈ মোক সম্ভাষণ জনালে আৰু মোক ৰেহাই মূল্যত কোঠা দিয়া বুলি জনালে: প্ৰতি নিশাৰ বাবদ ১১০ টকা। মই কৃতজ্ঞতা জনালোঁ। এইখন সেই হোটেলখন য’ৰ পৰা সেই ৰাতিপুৱাটোতে মোক ঘূৰাই পঠোৱা হৈছিল আৰু এতিয়া মই তাত পাবলগীয়া পৰ্যাপ্ত আদৰ-সাদৰ গ্ৰহণ কৰিছোঁ। হোটেলৰ লিগিৰাটোৱে ( এজন প্ৰাপ্তবয়স্ক লোক যিজনে হয়তো এইখন হোটেলতে জীৱনৰ চল্লিশটা জাৰকালি পাৰ কৰিছে ) আমাৰ কাৰণে আকৌ হুইস্কি আৰু ব্ৰেড-অমলেট লৈ আহিল । নতুন কম্বল এখনো দিলে। দিনটোক বিদায় দিয়াৰ আগতে ৰমেশ আৰু মই আধা-আধা ভাগ কৰি খালোঁ। ৰমেশ ঘৰলৈ গ’লগৈ আৰু মই শুই পৰিলোঁ। সেই নিশা মই সুন্দৰকৈ টোপনি গ’লোঁ।
পাছদিনা ৰাতিপুৱা, মোক মোগলছৰাইৰ কেইজনমান পুৰণি ব্যক্তিক লগ কৰাই দিম বুলি কথা দিয়া কোচিং শিক্ষকজনলৈ টেলিফোন কৰিলো। এগৰাকী মহিলাই ফোনটো উঠালে আৰু সেইজন শুই থকা বুলি ক’লে। মই এঘন্টাৰ পাছত আকৌ ফোন কৰিলো। তেতিয়াও সেই একেগৰাকী মহিলাই মোক ফোনত ক’লে যে সি বাহিৰলৈ ওলাই গৈছে আৰু সোনকালে ঘূৰি আহিব। বিশ মিনিটমানৰ পাছত ফোন কৰাত, ফোনটোৰ চুইচ্ অফ পালোঁ। মোৰেই ভুল! মদৰ ৰাগী বুজি পোৱা, মই বুজি পাব লাগিছিল যে বাৰৰ টেবুলত বহি কৰা প্ৰতিজ্ঞা, লাগিলে যিমানেই সঁচা আন্তৰিকতাৰে নকৰক কিয়, কেতিয়াও গুৰুত্ব সহকাৰে ল’ব নালাগে। মই ৰাস্তাত খোজ কাঢ়িবলৈ বুলি ওলাই গ’লো। ৰাতি খুব ভাল টোপনি যোৱাৰ বাবে মই চহৰখনক আৰু ভালদৰে আৱিষ্কাৰ কৰিব পাৰিম বুলি আশা কৰিছিলোঁ। (আগলৈ)
(পূৰ্বৰ সংখ্যাটি পঢ়িবলৈ ইয়াত টিপক)