চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ
শৈশৱৰ ৰে’লগাড়ী
মোগলছৰাই ( তৃতীয় অংশ)
নৱেম্বৰ মাহ যদিও ৰ’দটো অলপ চোকা আছিল। ষ্টেচনৰ সন্মুখৰ দৈনিক ব্যস্ততা, চিঞৰ-বাখৰ, যোৱাৰাতি বেছিকৈ মদ খোৱাৰ কাৰণে হোৱা হেং অভাৰ, গৰম, সকলোবোৰ মিলি মোৰ মূৰ কামুৰিবলৈ ধৰিলে। মই কিছু সময় হোটেলৰ গেটৰ মুখতে থিয় হৈ ভাবিবলৈ ধৰিলোঁ— এতিয়া ক’লৈ যাওঁ, কি কৰোঁ? এনেতে মোৰ চকু ৰাস্তাৰ সিপাৰৰ সৰু দোকান এখনত পৰিল। দোকানখনত লাগি থকা চাইনবৰ্ডৰ পৰা তাত সৰু ল’ৰা-ছোৱালীৰ খেলনা বস্তু পাম বুলি অনুমান কৰিলোঁ। মই তালৈ গ’লোঁ আৰু দোকানীজনক জঁপিওৱা ৰছী এডাল দিবলৈ ক’লোঁ- এই কথা ভাবি যে জঁপিয়ালে ঘামৰ লগতে মদৰ নিচাও বাহিৰ হ’ব। দোকানীজনে দিয়া ৰছীডাল কিছু চুটি যেন লাগিল। কিন্তু ৰছীডালৰ জোখটো মোৰ কাৰণে সঠিক হৈছে বুলি তেওঁ দাবী কৰিবলৈ ধৰিলে।
“মোৰ কথা শুনক। কেনেবাকৈ যদি ৰছীডাল চুটি হয়, আপুনি ঘূৰাই দিব।” দোকানীজনে আশ্বাস দিলে। আজিকালিৰ দোকানীবোৰৰ দৰে ‘ল’লে ল’বি, নল’লে নাই’ জাতীয় মতগৰ্বী আচৰণৰ বিপৰীতে সেই তাহানি পুৰণি আশ্বাস প্ৰদান আচৰণে দোকানীজনক মোৰ প্ৰিয় কৰি তুলিলে। অবিন্যস্ত পোছাক আৰু বগা দাড়ি কোছাৰে সৈতে তেওঁক কোনোবা বৃটিছৰ দিনৰে বঙলাৰ বাগিচাত কাম কৰা কৰ্ত্তব্যনিষ্ঠ মালী যেন দেখাইছিল।
“দাম কিমান?” মই সুধিলোঁ।
“দহ টকা।” সোলা দাঁতটোৰ ফাঁকেৰে তেওঁ উত্তৰ দিলে।
দহ টকাটো দিলোঁ আৰু মই তেওঁৰ লগত চিনা-পৰিচয় হ’ব বিচাৰিলোঁ। তেওঁৰ নাম ছ’টে লাল। বয়স আঠষষ্ঠী বছৰ। দেউতাকে ৰে’লৱেৰ ‘খান-পান’ বিভাগত কাম কৰিছিল। তেওঁ কৈছিল, দেউতাকে কাম কৰা সময়ত খাদ্যবোৰ খাটি ঘিউত ৰন্ধা হৈছিল। তেওঁৰ দেউতাকে হেনো তেওঁক কৈছিল কেনেকৈ বেপাৰীবোৰে গৰুগাড়ী আৰু উটগাড়ীত বস্তু বোজাই কৰি আনি গ্ৰেণ্ড ট্যাংক ৰোডৰ কাষত দমাই ৰাখিছিল। তেওঁ সৰু হৈ থাকোতে মোগলছৰাই এখন সৰু ঠাই আছিল, গাঁও এখনৰ দৰে। কিন্তু এতিয়া ইমান বিশাল হৈ পৰিল যে চিনিবই নোৱাৰি। তেওঁৰ মতে এই বিকাশ ৰে’লৱেৰ কাৰণে হৈছে ।
বানাৰসৰ সাম্প্ৰদায়িক উত্তেজনা তেওঁৰ চহৰ মোগলছৰাইলৈকে বিয়পি পৰিছিল নেকি, মই তেওঁক সুধিলোঁ, যিটো প্ৰশ্ন আগনিশা বাৰখনত মাৰ্বলৰ কাম কৰা বাবুক সুধিছিলোঁ। চ’টেলালে মূৰ জোকাৰিলে। “এইবোৰ ঘটনা বানাৰসত ঘটে, ইয়াত কেতিয়াও নহয়” তেওঁ দৃঢ়তাৰে ক’লে। “মই কিমান দিন ধৰি মুছলিম সকলৰ লগতে কছাইখানাত বাস কৰি আহিছোঁ, কিন্তু কেতিয়াও একো ঘটনা ঘটা নাই।” হঠাতে তেওঁ ৰৈ গ’ল, দেখিলে যে মই কথাবোৰ টোকাবহীত লিখি লৈছোঁ। তেওঁ কোৱা কথাখিনি কেনেবাকৈ যদি মই ছপা কৰি উলিয়াওঁ তেন্তে পুলিচী সমস্যা হ’ব নেকি, তেওঁ মোক সুধিলে। মই নিশ্চয়তা দি ক’লোঁ যে মোৰ কিতাপখনৰ লগত তেওঁৰ একো সম্পৰ্ক নাই, গতিকে চহৰখনৰ বিষয়ে তেওঁ মোক আৰু খবৰ দিব পাৰে। তেওঁ কিছু সময় চিন্তা কৰি ক’লে যে লালবাহাদুৰ শাস্ত্ৰীৰ ইয়াত জন্ম হৈছিল, তাৰ বাহিৰে তেওঁৰ আৰু একো কথাই মনত পৰা নাই। তাৰপাছত তেওঁ এনে এষাৰ কথা ক’লে যাৰ বিষয়ে মই অৱগত নাছিলোঁ- জনসংঘৰ প্ৰচাৰক দীনদয়াল উপাধ্যায়, যি জনক ভাৰতীয় জনতা পাৰ্টিয়ে তেনেদৰে সন্মান কৰে যিদৰে মহাত্মা গান্ধীক কংগ্ৰেছ পাৰ্টিয়ে, সেইজন ব্যক্তিক ১৯৬৮ চনৰ ১১ ফেব্ৰুৱাৰীৰ ৰাতি মোগলছৰাইৰ ৰে’লৱে প্ৰাংগনত মৃত ৰূপত পোৱা গৈছিল। তেওঁৰ হত্যা আজিও ৰহস্য হৈ থাকিল।
মই সবিশেষ জানিব খুজিলোঁ। চ’টেলালে ক’লে যে মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছত চহৰখনত যি ধৰণৰ উত্তেজনা বিৰাজ হৈছিল, তাৰ কিছু অস্পষ্ট স্মৃতি আছে। তাৰ বাহিৰে আন একো মনত নাই। “এক মিনিট ৰ’ব, মোৰ লগত আহক।” তেওঁ মোক তেওঁৰ পিছে পিছে যাবলৈ ইংগিত দিলে। তেওঁ মোক ওচৰতে থকা চল্লিশ বৰ্ষীয়ান এজন মানুহৰ ষ্টেচনাৰী দোকানখনলৈ লৈ গ’ল, যিজনৰ মোৰ লগত কথা পাতিবলৈ সময় নাছিল কাৰণ দোকানত গ্ৰাহকৰ ভিৰ লাগি আছিল। মই ‘সাংবাদিক’ হোৱাৰ সুবিধা আদায় কৰিব খুজি বিফল হ’লোঁ কাৰণ দোকানীজন এখন প্ৰতিষ্ঠিত দৈনিক হিন্দী বাতৰি কাকতৰ সাংবাদিক আছিল। যি নহওক, তেওঁ মোৰ প্ৰশ্নৰ উত্তৰ দিলে— “মোগলছৰাইত উদ্ধাৰ হোৱা দীনদয়াল উপাধ্যায়ৰ মৃতদেহটো চিনাক্ত কৰিবৰ বাবে ৰে’লৱে পুলিচে জনসংঘৰ এজন স্থানীয় কাৰ্যকৰ্তা গুৰুবক্স কপাহীক মতাই অনাইছিল।”
“কপাহী চাহাব বৰ্তমান জীৱিত নে?”
“হয়, জীৱিত।”
“তেখেতক ক’ত লগ পাম?”
“এই ৰাস্তাটোৰে আগলৈ গৈ থানাখনৰ পিছফালে তেখেতৰ ঘৰ। কাৰোবাক সুধিলেই হ’ল, ঘৰটো দেখুৱাই দিব। অলপ আগলৈ গৈ ৰাস্তাৰ কাষতে আদৰ্শ বস্তু ভাণ্ডাৰ নামৰ তেওঁৰ এখন দোকান আছিল। কিন্তু আজিকালি দোকানখন বন্ধ থাকে নেকি।” দোকানী তথা সাংবাদিকজনে ৰছিদ বহীখন চাই চাই উত্তৰ দিলে। তেওঁক প্ৰশ্ন সুধি আমনি কৰিবলৈ মোৰ মন নাছিল, কিন্তু মোৰ আৰু এটা প্ৰশ্নৰ উত্তৰ পাবলৈ বাকী আছে- “মোগলছৰাইক কিয় মোগলছৰাই বুলি কোৱা হয়?”
“১৬শ শতিকাত হুমায়ুনৰ সৈন্যই শ্বেৰ শ্বাহ চুৰীৰ লগত যুদ্ধ কৰিবলৈ চাচাৰাম(বৰ্তমানৰ বিহাৰ)-লৈ যাওঁতে ইয়াত বাহৰ পাতিছিল। সেইবাবেই এইটো নাম হ’ল। আপুনি আৰু কিবা জানিব বিচাৰিছে নেকি? যদি জানিব বিচাৰে তেন্তে তেখেতসকলক সোধক”, এইবুলি কৈ তেওঁ দোকানৰ সন্মুখত এনেয়ে ৰৈ থকা কিছুমান মানুহলৈ আঙুলিয়াই দেখুৱালে। এজনৰ বাহিৰে তেওঁলোক আটাইকেইজন কোনো হিন্দী বাতৰি কাকতৰ লগত জড়িত সাংবাদিক আছিল আৰু আনজনে নিজকে এটা ৰাজনৈতিক দলৰ স্থানীয় মুৰব্বী বুলি দাবী কৰিলে। ষ্টেচনাৰী দোকানখন তেওঁলোকৰ আড্ডাৰ থলী য’ত লেখা-মেলাৰ লগতে বিভিন্ন বাতৰি আদান-প্ৰদান কৰে। মোৰ লগত তেওঁলোক অতি উৎসাহেৰে চিনাকি হ’ল ।
তেওঁলোকৰ মতে মোগলছৰাই এখন কুখ্যাত ঠাই আৰু ঠাইখনৰ কুখ্যাতিৰ বাবে মূলত ৰে’ল ষ্টেচনটো দায়ী। জেপলুৰুকাবোৰ ইয়াত নিৰ্ভয়ে ঘূৰি ফুৰে! দুখীয়া আৰু নিৰ্জু প্ৰকৃতিৰ মানুহৰ পৰা টিকেট পৰীক্ষকে মুকলিকৈ টকা আদায় কৰে। ফেৰীৱালা বিলাকৰ ৰে’লৱে অফিচাৰৰ লগত মিতিৰালি আছে। পুলিচৰ জেপলুৰুকাৰ লগত মিতিৰালি আছে। এজন সাংবাদিকে ক’লে, “এটা পুৰণা প্ৰবাদ আছে যে এশ চোৰ লগ লাগিহে মোগলছৰাইৰ জন্ম হৈছে।” আৰু এজনে সংযোগ কৰিলে, “উৎসৱৰ দিনবোৰত যেতিয়া ঢেৰ ৰে’লগাড়ী আহি ইয়াত ৰয়হি, টিকেট পৰীক্ষকবোৰে মিলি বহুত টকা উপাৰ্জন কৰে। আৰু যোৱা বিশ-পঁচিশ বছৰ ধৰি তেওঁলোক মোগলছৰাইতে নিযুক্ত হৈ আছে। কাৰো বদলি হোৱা নাই। গতিকে ইয়াত তেওঁলোকে ব্যৱহাৰ কৰা শক্তিৰ বিষয়ে আপুনি কল্পনা কৰিব পাৰিছেই চাগে। মোগলছৰাইৰ বেছিভাগ গুণ্ডাক সিহঁতেই পোহপাল দিছে।”
মই তেওঁলোকক গুৰুবক্স কপাহীৰ বিষয়ে সুধিলোঁ, “যিজন ব্যক্তিক দীনদয়াল উপাধ্যায়ৰ মৃতদেহটো চিনাক্ত কৰিবৰ বাবে মাতি অনা হৈছিল। মই তেখেতক ক’ত লগ পাম?” এই ৰাস্তাটোৰে আগলৈ গৈ আদৰ্শ বস্তু ভাণ্ডাৰতে তেখেতক লগ পাম বুলি তেওঁলোকে ক’লে। কিন্তু সেইখন বন্ধ হোৱা নাই জানো? “নাই হোৱা” উত্তৰ আহিল। তেওঁলোকৰ কোনোবা এজনে দুদিনমানৰ আগত কপাহী চাহাবক দেখা বুলিও ক’লে।
মই লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে সুধিলোঁ। তেওঁলোকে ক’লে যে কোৰখালা চেণ্ট্ৰেল নামৰ ৰে’লৱে কলনীত বাস কৰা মাকৰ ফালৰ ককাকৰ ঘৰত শাস্ত্ৰীৰ জন্ম হৈছিল। ককাকে ৰে’লৱেৰ ইন্টাৰ কলেজ নামৰ এখন স্থানীয় স্কুলত পঢ়াইছিল। শাস্ত্ৰীয়ে সেইখন স্কুলতে পঢ়িছিল। সেই ৰে’লৱে কলনিখন আজিও আছে। স্কুলখনো আগৰ দৰেই আছে, কিন্তু আগৰ ঘৰবোৰ নাই। মই তেওঁলোকৰ পৰা বিদায় লৈ ৰে’ল ষ্টেচনৰ ফালে যাবলৈ ধৰিলোঁ। ষ্টেচনৰ চৌহদৰ বেৰত হাতেলিখা শ্লোগান এটা চকুত পৰিল- “নেতাজী জীৱিত, নেতাৰ ৰূপত আকৌ ঘূৰি আহিব।”
মই এখন ৰিক্সা ভাড়া কৰিলোঁ। মই ভবাৰ দৰেই আদৰ্শ বস্তু ভাণ্ডাৰ এখন গেলামালৰ দোকান, যাৰ সন্মুখৰ এছোৱা অংশত ডাঙৰ ডাঙৰ আচাৰৰ বটল থোৱা আছিল। মালিকৰ অনুপস্থিতিত (কেছ কাউন্টাৰও খালি) দোকান চম্ভালি থকা ল’ৰাটোৰ পৰা জানিব পাৰিলোঁ যে আজিকালি কপাহী চাহাব দোকানলৈ নাহে বুলিবই পাৰি আৰু তাৰ ঠাইত তেওঁৰ ল’ৰাই দোকান চলায়। কিন্তু এতিয়া সেইজনো দুপৰীয়া ভাত খাবলৈ ঘৰলৈ গৈছে। মই তেওঁলোকৰ ম’বাইল নম্বৰ বিচাৰিলোঁ। দোকানখনৰ ৰখীয়া হৈ থকা ল’ৰাটোৱে ম’বাইল নম্বৰ দিবলৈ অস্বীকাৰ কৰিলে যদিও এটা লেণ্ডলাইন নম্বৰ দিলে। মই লগে লগে ফোন কৰি জানিব পাৰিলোঁ যে কপাহী চাহাব কাৰোবাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ গৈছে আৰু সন্ধিয়াহে ঘৰ আহি পাবহি । “সন্ধিয়ালৈ তেখেত দোকানলৈ আহিব নেকি?”
“ক’ব নোৱাৰো।” ফোন ধৰা ব্যক্তিজনে উত্তৰ দিলে।
মই পুনৰ হোটেললৈ ঘূৰি যোৱাৰ সিদ্ধান্ত ল’লোঁ। ঘূৰি যাওঁতে সেই ষ্টেচনাৰী দোকানখনৰ পৰা ‘কস্মপলিটান’ আলোচনীখনৰ এটা কপি কিনি ল’লোঁ, যিখন আলোচনীৰ নামত সাধাৰণতে মই পইচা খৰচ নকৰোঁ, কিন্তু দন্ত চিকিৎসকৰ ক্লিনিকত পালে তাৰ পাত লুটিয়াই থাকিবলৈ হয়তো ভালেই পাম। আলোচনীখনৰ বেটুপাতত সুন্দৰকৈ সাজ-পোছাক পৰিধান কৰা অৰ্জুন ৰামপালৰ ফটো আছিল আৰু তাৰ লগতে অতি চাতুৰ্য্যৰে লিখা কিছুমান কেপচন আছিল- যেনে সুস্থ যৌন জীৱনৰ পঁচিশটা উপায়, সুন্দৰ হোৱাৰ পঁচিশটা উপায় ইত্যাদি । দোকানত ওলমাই থোৱা আনবোৰ আলোচনীতকৈ এইখন কিছু বেলেগ দেখাইছিল। আলোচনীখন দেখা আৰু মোগলছৰাইৰ পৰিৱেশৰ সৈতে ইয়াৰ অসংগতিয়ে মোক ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল। হঠাৎ মই যেন চহৰখনক হেৰুৱাই পেলালোঁ।
হোটেল আহি পোৱাৰ পাছত মই দুপৰীয়া আহাৰৰ বাবে ভাত আৰু আলু-মটৰ অৰ্ডাৰ কৰিলোঁ। আহাৰ দিবলৈ অহা ৱেইটাৰটোক মই ছ’টেলালৰ পৰা কিনি অনা জঁপিওৱা ৰছীডাল উপহাৰ দিলোঁ, যিডাল মোৰ কাৰণে সঁচাকৈয়ে চুটি হৈছিল। উপহাৰ পাই ল’ৰাটো খুব কৃতজ্ঞ যেন লাগিল কাৰণ সি সোনকালেই আকৌ নেমুৰ টুকুৰা আৰু ছালাড লৈ ঘূৰি আহিল। গংগা নদীৰ পাৰত থকা সৰু হোটেল বিলাকত পোৱা খাদ্যবোৰ সাধাৰণ খাদ্য অথচ অতি সোৱাদ লগা হয়, যিটো কথাৰে বৰ্ণনা কৰিব নোৱাৰি। পুৰী-আলু বা আলু-মটৰ ৰান্ধিবলৈ বিশেষ একো ৰন্ধন কলাৰ প্ৰয়োজন নহয় যদিও আপোনাৰ বাৰে বাৰে তাৰ সোৱাদ ল’বলৈ মন যাব আৰু প্ৰত্যেকবাৰেই এনে লাগিব আপুনি যেন প্ৰথম তাৰ সোৱাদ লৈছে। ঘন্টাৰ পাছত ঘন্টা কষ্ট কৰি ৰন্ধা মাংসৰ ব্যঞ্জনৰ সোৱাদ লোৱাৰ হেঁপাহতকৈ এই খাদ্যবোৰে সৃষ্টি কৰা হেঁপাহ তীব্ৰতৰ হয়। কিন্তু মই নিজৰ কথা কৈছোঁ, এজন অনিচ্ছুক নিৰামিষভোজী যিজনে ৰে’লযাত্ৰাত ৰাতিপুৱাৰ জলপানত ব্ৰেড-অমলেটৰ ঠাইত ব্ৰেড-কাটলেটক বেছি প্ৰাধান্য দিওঁ।
দুপৰীয়া আহাৰ খোৱাৰ সময়লৈকে, ‘কস্মপলিটান’ খনে মোক ‘প্ৰতিজনী ছোৱালীয়ে ডেটিং কৰিবলগীয়া বন্ধুসকল’ আৰু ‘পুৰুষে নোকোৱা আচৰিত কাম উত্তেজক কাৰকবোৰ’ৰ বিষয়ে ক’লে। তাতোতকৈও ডাঙৰ ৰহস্য ‘কস্ম’ৰ কৰ্মচাৰীয়ে নিৰ্বাচন কৰা বিষয়- আকস্মিকভাৱে আলোচনীখনৰ ছগৰাকী সদস্যৰ ওপৰত কৰা এক সমীক্ষা। স্বাভাৱিকতে বিষয় মূলতঃ পুৰুষ। সমীক্ষাৰ ফলাফল –
সুঠাম দেহৰ পুৰুষ নে সুৰুচীপূৰ্ণ ৰসবোধ থকা পুৰুষ?
সুঠাম দেহ ০ / ৰসবোধ ৬
সাধাৰণ গঢ়ী, মাৰ্জিত সাজ-পোছাক পৰিধান কৰা পুৰুষ নে হাস্যৰসময়ী জধলা পুৰুষ?
মাৰ্জিত সাজ-পোছাক ৩ / জধলা ৩
ধনী পুৰুষ নে কামুক পুৰুষ ?
ধনী ৪ / কামুক ২
অৰেল চেক্সত অভিজ্ঞ পুৰুষ নে ডাঙৰ আকাৰৰ লিংগৰ পুৰুষ?
অৰেল চেক্স ৬ / আকাৰ ০
নোমাল বুকু নে ৰোমহীন বুকু?
নোমাল বুকু ৬ / ৰোমহীন ০
দুপৰীয়া আহাৰ খোৱাৰ পাছত, মোৰ গুৰুবক্স কপাহীলৈ মনত পৰিল। কেনেকৈ এই মানুহজনক লগ পাম? তেখেতৰ ঘৰলৈ আকৌ টেলিফোন কৰিলোঁ। তেখেত অন্ত্যেষ্টিক্ৰিয়াৰ পৰা এতিয়াও ঘূৰি আহি ঘৰ পোৱাহি নাই বুলি উত্তৰ আহিল। সন্ধিয়া ৮ বজাৰ সময়ত টেলিফোন কৰি খবৰ কৰিবলৈ মোক জনোৱা হ’ল। মই পুনৰ ‘কস্মপলিটান’ লৈ ঘূৰি গ’লোঁ। সেই ব্যক্তিজনক বিচাৰি উলিয়াবলৈ মোৰ হাতত আৰু এটা দিন আছে ।
ভাৰতৰ আটাইতকৈ বিনম্ৰ প্ৰধানমন্ত্ৰীজনে শিক্ষা গ্ৰহণ কৰা ৰে’লৱে ইন্টাৰ কলেজলৈ যাবৰ বাবে মই ৰিক্সাত উঠাৰ সময়ত বেলি মাৰ যাবৰ হৈছিল। গ্ৰেণ্ড ট্যাংক ৰোড, যাক জি টি ৰোড বুলিও জনা যায়, তাৰ পৰা আঁতৰি আহি আৰামত ৰে’লৱেৰ অফিচ ঘৰ আৰু কৰ্মচাৰীৰ আৱাসিক এলেকাৰ সন্মুখেৰে আমি ওলাই আহিলোঁ। সন্ধিয়া বাহলৈ উভতি অহা চৰাইৰ কিচমিচনি আৰু ক্ৰিকেট খেলি থকা ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰবোৰ জি টি ৰোডৰ বিশৃংখলতাত অভ্যস্ত হৈ পৰা মোৰ কাণ দুখনৰ বাবে এক সকাহ আছিল। অতি সোনকালেই ৰাস্তাটোৱে দিগন্তলৈ বিস্তাৰিত এখন বহল মুকলি পথাৰ পালেগৈ য’ত হেঙুল বৰণৰ আকাশখনে পৃথিৱী চুব খুজিছিল। অ’ত-ত’ত থকা ৰে’লৱে ট্ৰেকৰ ওপৰেদি ৰিক্সাৰ চকা পাৰ হ’লেহে মনত পৰে যে এইখন ৰে’ল সাম্ৰাজ্য। অৱশেষত আমি এখন ৰে’লৱে বস্তি অঞ্চলৰ, ৰঙা ৰঙৰ এটা ভৱনৰ সন্মুখত ৰ’লোহি, যাৰ কম্পাউণ্ডৰ ভিতৰত ভাৰতীয় বায়ু সেনাৰ এখন যুদ্ধ বিমান আছিল। এইখনেই ৰে’লৱে ইন্টাৰ কলেজ। গেটখনত তলা লগাই থোৱা আছিল। তাতে ল’ৰা কেইটামান ইফালে সিফালে ঘূৰি ফুৰিছিল। মই ল’ৰা এটাৰ ওচৰলৈ গ’লোঁ আৰু তাত কোনোবা চকীদাৰ থাকে নেকি সুধিলোঁ যিয়ে গেটখনৰ তলাটো খুলি দিব পাৰিব।
“তলাটোৰ কথা নাভাবিব।” ল’ৰাটোৱে ক’লে। “মোৰ লগত আহক।” এইবুলি কৈ সি গেটখন বগাই জঁপিয়াই সিপাৰ পালেগৈ আৰু মোকো একেদৰেই জাঁপ মাৰি গেটখন পাৰ হ’বৰ বাবে সহায় কৰি দিলে। পাছে পাছে তৎক্ষণাত আন ল’ৰাবোৰেও জঁপিয়াই গেট পাৰ হ’ল। ছকামকা পোহৰত, বিমানখনৰ উপস্থিতিৰ বিৱৰণ থকা ফলকখন লিখি থাকোঁতে বাৰটা মান ল’ৰাই মোৰ কান্ধৰ ওপৰেদি জুপি চাই আছিল ।
শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ প্ৰতি উৎসৰ্গিত –
পূৱ ৰে’লৱে মাধ্যমিক বিদ্যালয়, মোগলছৰাই
দাতা- প্ৰাক্তন ছাত্ৰ এয়াৰ মাৰ্ছেল কে এচ চতুৰ্বেদী, বি এচ এম, এ অচি এন জি, মেইন্টেনেনছ কমাণ্ড, ভাৰতীয় বায়ু সেনা।
পিতৃ – স্বৰ্গীয় শিৱ কুমাৰ চতুৰ্বেদী, মাতৃ – শ্ৰীমতী লক্ষ্মী চতুৰ্বেদী । ১০ নৱেম্বৰ ২০০৬ ।
এইয়া এজন কৃতজ্ঞ ছাত্ৰৰ দ্বাৰা নিজৰ বিদ্যালয়লৈ আগবঢ়োৱা শ্ৰদ্ধা। মই ভাবিবলৈ ধৰিলোঁ যে প্ৰাক্তন ছাত্ৰ হিচাপে লাল বাহাদুৰ শাস্ত্ৰীয়েও প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নিশ্চয় বিদ্যালয়লৈ কিবা এটা আগবঢ়াইছে। কিন্তু বাস্তৱত, শাস্ত্ৰীজী সেই বিদ্যালয়খনত পঢ়াৰ কোনো স্পষ্ট চিহ্ন নাছিল। ছাত্ৰ সকলৰ পৰা জানিব পাৰিলোঁ যে এটা শ্ৰেণীকোঠাত ফলক এখন আছে যিয়ে শাস্ত্ৰীৰ সৈতে থকা সম্পৰ্কক অনুমোদন দিয়ে। কিন্তু সেই বিল্ডিংটো বন্ধ থকাৰ বাবে চাবলৈ নাপালোঁ আৰু ল’ৰাবোৰেও এইক্ষেত্ৰত মোক একো সহায় কৰিব নোৱাৰিলে ।
মই ল’ৰাবোৰৰ সৈতে হাত মিলাই আকৌ ৰিক্সাত উঠিলোঁ। তাৰ আগতে সিঁহতৰ পৰা কোৰখালা চেন্ট্ৰেল কলনিৰ ঠিকনাটো ল’লোঁ য’ত ১০৪ বছৰ আগতে শাস্ত্ৰীজীৰ জন্ম হৈছিল। কলনিখন বহুত দূৰত নহয় বুলি ল’ৰাবোৰে ক’লে আৰু ফলাহাৰী বাবাই শাস্ত্ৰীজীৰ জন্মস্থানখনৰ বিষয়ে সকলো কথা বিৱৰি ক’ব বুলি ক’লে। বাবাজন কলনিৰে হনুমান মন্দিৰ এটাত থাকে বুলি ল’ৰাবোৰে ক’লে ।
পৰিৱেশটো নিজম পৰি গ’ল আৰু আমি ৰিক্সাৰে এটা বস্তিৰ পৰা আন এটা বস্তি পাৰহৈ গৈ থাকোঁতে মোৰ মনটো বাৰে বাৰে ৰমেশ গুপ্তাৰ বাৰখনলৈ ঘূৰি গৈছিল। এই সময়ত বাৰখনত ঘটি থকা আনন্দ-উল্লাসৰ পৰিৱেশটোলৈ মোৰ মনত পৰিবলৈ ধৰিলে। ফলাহাৰী বাবাক লগ কৰাৰ পাছতে এক পেগ ল’বলৈ তালৈ যাম বুলি মই সিদ্ধান্ত ল’লোঁ। কঁকাল বিষাই যোৱা ৰিক্সা যাত্ৰাৰ পাছত এটা পেগৰ প্ৰয়োজনীয়তা খুব অনুভৱ কৰিছিলোঁ।
কলনিৰ ঠিক সোঁমাজতে হনুমান মন্দিৰটো আছে। ক্ৰমে গভীৰ হৈ অহা ৰাতিটোত, মন্দিৰৰ ভগৱানৰ সন্মুখত বহি মহিলাসকলে ভজন গাই আছিল। তাৰে মাজৰে এগৰাকীয়ে ঢোলক আৰু আন এগৰাকীয়ে খুটিতাল বজাইছিল। মই সন্তৰ্পনে তেওঁলোকৰ কাষেদি পাৰ হৈ গঢ়-গতি নথকা এটা বিশৃংখল ঘৰত সোমালোঁ আৰু বাবাজনৰ কথা সুধিলোঁ।
“হয়, বাবু, ময়েই সেই ফলাহাৰী বাবাজন।” এজন ওখ-পাখ, সুঠাম দেহৰ ব্যক্তি। আৰু তেওঁৰ চেহেৰাটো এনেকৈ জিলিকি আছিল যে তেওঁ যেন কোনোবা টিভি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাতল প্ৰসাধন সানি লৈছে। তেওঁৰ বয়স ষাঠিৰ ওচৰা ওচৰি হৈছে। তেওঁ মোক এটা ডাঙৰ অথচ অতি সাধাৰণ বয়-বস্তু থোৱা কোঠা এটালৈ লৈ গ’ল, য’ত এখন বেৰত হনুমানৰ ফটো আৰু আন দেৱতাৰ ফটো আছিল। কোঠাটোৰ এটা চুকত, মজিয়াত এটা ইলেকট্ৰিক হিটাৰ আৰু তাৰ কাষতে থকা এখন প্লেটত কাটি থোৱা সতেজ শাক-পাচলি এখিনি আছিল।
“মোৰ ৰাতিৰ আহাৰ” মই শাক-পাচলিবোৰলৈ চাই থকা দেখি তেওঁ উত্তৰ দিলে, “মই নিজে সিজাই খাওঁ ।”
বাবাই মজিয়াত এখন কম্বল পাৰি দি আমাক বহিবলৈ দিলে আৰু আমি বহি পৰাৰ পাছত আমালৈ চাহ আনিবলৈ পঠালে।
“বাৰু কওঁকচোন, মোৰ পৰা কি জানিব খুজিছে?”
“সকলোবোৰ কথা।” মই ক’লোঁ। তেওঁ কিছু সময় মজিয়াখনলৈ থৰ লাগি চাই ৰ’ল আৰু তাৰপাছত ক’বলৈ আৰম্ভ কৰিলে ।
সূদীৰ্ঘ ২৮ বছৰ ধৰি এই মন্দিৰতে থকা ফলাহাৰী বাবাৰ জন্ম ১৯২৭ চনত, পূৱ উত্তৰ প্ৰদেশৰ বলুৱাঘাটত হৈছিল। ইয়াৰ আগতে তেওঁ ২২ বছৰ ধৰি ৰে’লৱে প্ৰটেকচন ফৰ্ছত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। তেওঁৰ জীৱনটো আন কনিষ্টবলৰ দৰেই গতানুগতিক আছিল। কিন্তু কলকাতাত চাকৰি মকৰল হোৱাৰ পাছত তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আহিল। তেওঁ কৰ্তব্যৰত অৱস্থাত থাকোঁতেই এদিন এখন ট্ৰেইনৰ ডবা এটাৰ বৈদ্যুতিক তাঁৰ চুৰি হ’ল। ফলাহাৰী বাবাৰ বিৰুদ্ধে চুৰিৰ অভিযোগ আহি পৰিল। তেওঁক জাননী দিয়া হৈছিল আৰু তেওঁৰ বিৰুদ্ধে তদন্ত কৰা হৈছিল। চাকৰি যোৱাৰ পাছত তেওঁ পত্নী আৰু ল’ৰা-ছোৱালীৰ পৰা ঘৰৰ পৰা ওলাই যোৱাৰ অনুমতি বিচাৰিলে। ভগৱানৰ সন্ধানত কিছু দিন ইফালে সিফালে ঘূৰি ফুৰাৰ পাছত এই মন্দিৰত আশ্ৰয় পালে, যাৰ তত্বাৱধান এজন নাগা সাধুৱে কৰিছিল। মন্দিৰটো পুনৰ নিৰ্মাণ কৰাত তেওঁ নাগা সাধুজনক সহায় কৰি দিছিল। সাধু এজন হৃদৰোগী আছিল, গতিকে তেওঁৰ মৃত্যুৰ পাছত এই বাবাই মন্দিৰটোৰ দায়িত্ব লয়। তেতিয়াৰে পৰাই এই সৰু মন্দিৰটো তেওঁ চম্ভালি আছে আৰু ওচৰ-চুবুৰীয়াৰ বিভিন্ন বিপদ-আপদত দিহা পৰামৰ্শ দি আহিছে। অৱশ্যে কেতিয়াবা প্ৰয়োজন সাপেক্ষে তেওঁ বৃন্দাবন বা গংগোত্ৰী যাত্ৰাত ওলাই যায়।
মই তেওঁৰ নামটো সুধিলোঁ। তেওঁ ক’বলৈ অস্বীকাৰ কৰিলে- “এতিয়া আৰু তাৰ একো অৰ্থ নাই, বাবু। এতিয়া মানুহে মোক ফলাহাৰী বাবা বুলি মাতে। এইটোৱেই পৰ্যাপ্ত বুলি ভাবোঁ।” মই তেওঁক চুৰি ঘটনাটোৰ বিষয়ে সুধিলোঁ: তাঁৰবোৰ তেওঁ চুৰি কৰিছিল, নে তেওঁক বিনা দোষত দোষী সাব্যস্ত কৰা হ’ল? পুনৰবাৰ মোৰ উৎসুকতা দূৰ নকৰি তেওঁ পৰামৰ্শ দিলে, “এতিয়া সেইবোৰ কথা বাদ দিয়ক, মোৰ নিজৰো ভুল আছিল।” মই তেওঁক তেওঁ নিজে চাকৰি এৰিলে নে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল, সুধিলোঁ। তেওঁ বিনম্ৰতাৰে মোৰ প্ৰশ্নটো এৰাই গ’ল, “এতিয়া আৰু এইবোৰ কথাৰ একো অৰ্থ নাই। বহুত পুৰণি কাহিনী এটা।”
চাহ আহি পালে। চাহৰ লগত মোৰ বাবে এটা কমলা আৰু কল আছিল।হঠাতে মোৰ এই মানুহজনৰ প্ৰতি ঈৰ্ষা উপজিল। তেওঁৰ বয়স আচলতে আশী বছৰ, কিন্তু দেখাত ষাঠিৰ ওচৰ যেন লাগে। আৰু মোৰ দৰে বা আন কোটি কোটি মানুহৰ দৰে তেওঁ কাকো একো প্ৰমাণ দিয়াৰ বোজা কঢ়িয়াই ফুৰা নাছিল। তেওঁ যি ধৰণৰ ব্যক্তি তেনে ধৰণৰে- এক সৰল ব্যক্তিত্ব যিয়ে কোনোধৰণৰ বিশেষ শক্তিৰ দাবী নকৰে। য’ত নেকি তেওঁ অতি সহজতে এনেকুৱা কৰিব পাৰিলেহেঁতেন কাৰণ তেওঁ এনে এখিনি মানুহৰ মাজত আছে যাৰ ধৰ্মীয় বিশ্বাস তৰ্কৰ উৰ্ধত। কিন্তু এই সৰু মন্দিৰটো চোৱাচিতা কৰি, হনুমানজীৰ প্ৰতি নিজৰ প্ৰেম ব্যক্ত কৰি আৰু কলনিখনৰ নিবাসীসকলৰ বাবে বয়োজেষ্ঠজনৰ ভূমিকা পালন কৰি তেওঁ সুখী আছিল। কিন্তু সৰলতম জীৱনৰো এখন দীনপঞ্জী থাকে। অথবা এখন দীনপঞ্জীয়ে জীৱনটোক সৰল কৰি তোলে । ফলাহাৰী বাবা নিতৌ পুৱা তিনিবজাতে উঠে আৰু পুৱাৰ নিত্যকৰ্ম সমাপন কৰি পোহৰ হোৱালৈকে ভজন-প্ৰাৰ্থনা গায়, তাৰপাছত প্ৰাণায়াম আৰু ধ্যান কৰে। পুৱা ৭ বজাত হনুমান মন্দিৰৰ আৰতি কৰে। তাৰপাছত চাহ খায় । দুপৰীয়া আহাৰত অলপ ফলমুল আৰু সিজোৱা শাক-পাচলি খায়। ৰাতি ন বজাত আকৌ এটা আৰতি হয়। তাৰপাছত ৰাতিৰ ভোজন সিজোৱা শাক-পাচলিৰে কৰে। “মোৰ একো বেমাৰ নাই আৰু সদায়েই পাতল অনুভৱ কৰোঁ।” বাবাক তেওঁৰ খাদ্যাভাসৰ উপকাৰিতাৰ বিষয়ে সোধোতে এনেকৈ ক’লে ।
মই ঘড়ীটোলৈ চালোঁ। সময় ৮.৩০ হ’ল। তেওঁৰ আৰতিৰ সময় হৈছিল। লগতে শাক-পাচলি খিনিও সিজাবৰ হৈছে। মই নমস্কাৰ জনাই বিদায় ল’লোঁ। মহিলাসকলে তেতিয়াও সমবেত স্বৰত ভজন গাই আছিল। বাহিৰত, ৰিক্সাৱালাজন মোৰ কাৰণে ৰৈ আছিল। হোটেললৈ ঘূৰি যাওঁতে মোৰ চকু ৰে’লৱেৰ অভাৰবিজ্ৰত লাগি থকা আন এখন ভোজপুৰী চিনেমা ‘ৰংগবাজ আশিক’ৰ পোষ্টাৰত পৰিল। ‘ৰংগবাজ’ এনেকুৱা এটা শব্দ যাৰ সৈতে মই কানপুৰত একেলগে ডাঙৰ হৈছিলোঁ। এই বিশেষণটো ব্যংগাত্মক ৰূপত এনে এজন ব্যক্তিৰ প্ৰতি নিক্ষেপ কৰা হয় যিজনে নিজৰ বিষয়ে বেছিকৈ বঢ়াই কয়। হঠাৎ মনলৈ ভাব আহিল, মোগলছৰাইত হিন্দী চিনেমাৰ এখনো পোষ্টাৰ বা হৰ্ডিং মোৰ চকুত পৰা নাই। ভোজপুৰী চলচ্চিত্ৰ উদ্যোগৰ সফলতাৰ বিষয়ে মই পঢ়িছোঁ। কিন্তু হিন্দী প্ৰধান ক্ষেত্ৰৰ পৰা এনেকৈ হলিউডৰ তাৰকাবোৰক বাহিৰ কৰি দিব বুলি অনুমান কৰা নাছিলোঁ।
জি টি ৰোডলৈ ঘূৰি অহাৰ পাছত মই গুৰুবক্স কপাহী চাহাবৰ দোকানলৈ গৈ মোৰ ভাগ্য পৰীক্ষা কৰাৰ লোভ সম্বৰণ কৰিব নোৱাৰিলোঁ। অৱশেষত তেওঁক দোকানতে পালোঁ। “আপুনিয়েই কপাহী চাহাব নেকি?” মই সুধিলোঁ। আচাৰৰ বটলৰ মাজত বহি থকা বয়সস্থ লোকজনে মূৰ তুলি চালে। “হয়, আৰু আপুনি?” মোৰ পৰিচয় দিলোঁ আৰু ক’লোঁ যে মই সেই অভিশপ্ত ৰাতিপুৱাটোৰ বিষয়ে জানিব খুজিছোঁ যিদিনা দীনদয়াল উপাধ্যায়ৰ মৃতদেহটো চিনাক্ত কৰিবৰ বাবে তেওঁক মতা হৈছিল। “মোৰ ধাৰণা হৈছে আপুনি মোৰ দেউতাক লগ পাব খুজিছে। এতিয়া তেখেত ঘৰতে আছে ।”
ৰিক্সাঅলাটোৱে পুনৰ এবাৰ মোক উপপথৰ অঁকোৱা-পকোৱা বোৰৰ মাজলৈ লৈ গ’ল। কপাহী চাহাবৰ ঘৰটো বিচাৰি উলিয়াওতে মোৰ বিশেষ একো অসুবিধা নহ’ল। কাৰণ প্ৰায় সকলোবোৰ মানুহেই হয়তো তেখেতৰ বিষয়ে জানে আৰু প্ৰতিটো উপপথতে আমাক সঠিক দিশ জনাই গৈছিল। কপাহী চাহাবৰ ঘৰৰ দুৱাৰ মুখত ঘন্টা নাছিল বাবে মই দুৱাৰত ঢকিয়াব লগা হ’ল। দুৱাৰখন খোলাই আছিল আৰু এটা দীঘল বুলনি দেখা গৈছিল। কোনো উত্তৰ নাহিল। মই জোৰেৰে দুৱাৰখন ঢকিয়াবলৈ ধৰিলোঁ। এইবাৰো কোনো উত্তৰ নাই। উপপথৰ চুকটোতে থকা ধোবীৰ দোকানখন, যিখনক কপাহী চাহাবৰ ঘৰটোৰ স্থানচিহ্ন হিচাপে মোক কোৱা হৈছিল, তাত থকা ল’ৰাটোৱে কপাহী চাহাব কেই মিনিট মানৰ আগতে ওলাই যোৱা দেখিছিল বুলি মোক জনালে। “কিন্তু মই ভাবিছিলোঁ তেখেত অন্ত্যেষ্টিক্ৰিয়াৰ পৰা ঘূৰি আহি পাইছেহি,” মই নিজকে ক’লোঁ। ল’ৰাটোৱে কথাটো শুনি ক’লে, “মই সেইটো কথা নাজানো। কিন্তু মই তেখেতক এইফালে ওলাই যোৱা দেখিছোঁ।” সি জি টি ৰোডৰ ফালে আঙুলিয়াই দেখুৱালে। মই আকৌ আদৰ্শ বস্তু ভাণ্ডাৰলৈ কনিষ্ঠ কপাহীক তেওঁৰ দেউতাক ঘৰত নাই বুলি ক’বলৈ গ’লোঁ। এইবাৰ অৱশেষত তেওঁ দেউতাকৰ ম’বাইল নম্বৰটো মোক দিলে। মই অকনো বিলম্ব নকৰি নম্বৰ টিপিলোঁ।
গুৰুবক্স কপাহী অন্ত্যেষ্টিক্ৰিয়াৰ পৰা আহি, এতিয়া ৰাস্তাটোৰ পৰা আগলৈ বিয়া এখনলৈ গৈছিল। “তালৈ যাব পাৰো নে?” মই সুধিলোঁ। ৰিক্সাৱালাজনে সকলো কথা শুনি আছিল,গতিকে লগে লগে নিজৰ আসনত বহি ল’লে। কেই মিনিট মানৰ পাছতে মই গৈ বিবাহস্থলীৰ চিড়ি বগাবলৈ ধৰিলোঁ। কইনাৰ পৰিয়ালৰ প্ৰায় আধা ডজন মানুহ দৰা অহালৈ বাট চাই আছে। চ্যুট পৰিহিত এজনে মোক অতি উষ্ম আদৰণি জনালে, যিজন হয়তো কইনাৰ দেউতাক হয়। মই কপাহী চাহাবৰ কথা সুধিলত, তেওঁ মোক বগা কু্ৰ্তা-পাজামা পৰিহিত আন এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ ওচৰলৈ লৈ গ’ল ।
“অ’ তেনেহলে তুমিয়েই মোক বিচাৰি ফুৰিছা। মোৰ ল’ৰাটোৱে কৈছে মোক বিচাৰি তুমি দোকানলৈও গৈছিলা বুলি।” কপাহী চাহাবে মিচিকিয়াই হাঁহিলে। “মই আপোনাৰ ঘৰলৈও গৈছিলো।” মই ক’লোঁ । তেওঁ মোগলছৰাইৰ এজন গণ্য মান্য ব্যক্তি। অধিকাংশ আমন্ত্ৰিত ব্যক্তিয়ে তেওঁৰ ভৰি চুই সেৱা কৰিছে অথবা হাতযোৰ কৰি তেওঁৰ উপস্থিতি স্বীকাৰ কৰিছে আৰু কপাহী চাহাবে বালকসুলভ হাঁহিৰে সকলোৰে অভিবাদনৰ উত্তৰ দি আছিল।
তেওঁৰ কাষৰ চকীখনতে মোক বহিবলৈ ক’লে আৰু মোৰ কান্ধৰ ওপৰেদি হাতখন মেৰিয়াই ধৰি সুধিলে, “বাৰু কোৱাচোন, তুমি মোৰ পৰা কি জানিব বিচৰা?”
(আগলৈ)
(পূৰ্বৰ সংখ্যাৰ লেখাটি পঢ়িবলৈ ইয়াত টিপক)
চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা উপন্যাসখন পঢ়ি ভাল লাগিছে।