ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশত অভিভাৱকৰ ভূমিকা-(প্ৰিয়ংকা চমুৱা)
শিক্ষা হৈছে মানৱ জীৱন গঢ়াৰ মূল ভেটি আৰু ঘৰখনেই হ’ল শিক্ষাৰ প্ৰথম ভেটি। ঘৰৰ পাছতে স্থান পঢ়াশালিৰ। বৰ্তমান শিক্ষা ব্যৱস্থাত সঘনাই সলনি হোৱা দৃশ্যপটে ছাত্র-ছাত্ৰীৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। সমাজত সচৰাচৰ ঘটি থকা অসামাজিক কাণ্ড, হত্যা, ধর্ষণ, লুণ্ঠন আদি ঘটনাবোৰ সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হয় আৰু এই ঘটনাবোৰেও শিশুৰ মনত কু-প্ৰভাৱ পেলায়।গতিকে, শিশুৰ মানসিক বিকাশ সঠিকৰূপত পৰিচালিত কৰিবলৈ হ’লে আমাৰ সচেতন অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এনেধৰণৰ পৰিঘটনাবোৰ উপেক্ষা কৰিলে নহ’ব৷শিশু আৰু কিশোৰ অৱস্থাত মানুহৰ মন উৎসুক্যৰে ভৰি থাকে। কৈশোৰ অৱস্থাটো হ’ল বয়ঃসন্ধিৰ সময়। এই সময়ছোৱাত নজনা কথা জনাৰ আৰু নেদেখা বস্তু চোৱাৰ উত্তেজনাই মনত বিৰাজমান কৰে। দৈহিক আৰু মানসিক পৰিৱৰ্তনে এওঁলোকৰ মনোজগতত যথেষ্ট প্ৰভাৱ পেলায়। বিশেষকৈ ষষ্ঠ বা সপ্তম শ্ৰেণীৰ পৰা দশম আৰু দাদ্বশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতেই তুলনামূলকভাৱে এনে সমস্যাসমূহৰ পৰিমাণ বেছি। সময় যিমানে আগবাঢ়িছে, সিমানে যেন সমস্যাও বাঢ়ি গৈছে।আমি বহুতেই ক’বলৈ বিচাৰোঁ যে আমাৰ সময়ত এনেকুৱা আছিল বা নাছিল। আচলতে আমি এনেকুৱা এটা সন্ধিক্ষণত আছোঁ যে আমাৰ মনে আগৰ প্ৰজন্মৰ পুৰণি ৰীতি-নীতিবোৰ খামোচ মাৰি ধৰি থাকিবও নিবিচাৰে, নতুন প্ৰজন্মৰ সকলোখিনি আধুনিকতা মানি ল’বও নোখোজে। বৰ্তমান সকলোৰে মনত এটা অহৈতুকী ভয় প্ৰতি পল বিৰাজমান হৈ থাকে সন্তানৰ ভৱিষ্যত সন্দৰ্ভত। আজিৰ সময়ত গুৰু-শিষ্যৰ সম্পর্কটো যথেষ্ট বন্ধুসুলভ হৈ পৰিছে আৰু আগৰ দৰে ছাৰ-বাইদেউ বুলি ক’লে ভয়তে কঁপা পৰিস্থিতি এতিয়া নাই। অৱশ্যে এইটো এটা শিক্ষা প্ৰক্ৰিয়াৰ ধনাত্মক দিশ বুলিয়েই ক’ব পাৰি। পূৰ্বে বিদ্যালয়ৰ পাঠদানত শিক্ষকৰ জ্ঞানেই ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ সীমা নিৰ্ধাৰণ কৰিছিল যদিও এতিয়া জ্ঞান আহৰণৰ বহুতো আহিলা ওলাইছে আৰু বন্ধুত্বসুলভ ভাৱে শিক্ষা প্ৰদানৰ ব্যৱস্থা হৈছে। শিক্ষকে শ্ৰেণীকোঠাত প্ৰতিজন ছাত্র-ছাত্রীকে বুজি পোৱাটো অত্যন্ত কঠিন। প্ৰত্যেক জনকে গুৰুত্ব দিয়া আৰু সমানে শিক্ষা দিয়াটোও শিক্ষকজনৰ বাবে এটা প্ৰত্যাহ্বান। শিক্ষাৰ অধিকাৰ আইন, ২০০৯ মতে এটি শ্ৰেণীকোঠাত ছাত্র-শিক্ষকৰ অনুপাত ৩০:১/8০:১ হ’ব লাগে। কিন্তু কোনো বিদ্যালয়ত বহুসময়ত এটা শ্ৰেণীকোঠাত নির্দিষ্ট অনুপাততকৈ বহু বেছি ল’ৰা-ছোৱালীৰ নামভৰ্তি হয় ওচৰত অন্যান্য শিক্ষানুষ্ঠানৰ অভাৱ আদি আনুসংগিক কাৰণত। গতিকে ৪০-৪৫ মিনিটৰ এটা ক্লাছত প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক ব্যক্তিগতভাৱে গুৰুত্ব দিবলৈ বহুক্ষেত্ৰত অসুবিধা নোহোৱা নহয়। কোনো কোনো বিদ্যালয়ত এটা শ্ৰেণীকোঠাত ছাত্র-ছাত্ৰীয়ে ১০০ৰ সংখ্যা চুলে বহু সময়ত দুটা শাখাত বিভক্তও কৰা হয়। এইখিনিতে সংবেদনশীল শিক্ষকে শিক্ষাৰ্থীক সম্পূৰ্ণ বুজি পাঠদানৰ পদ্ধতি প্ৰস্তুতৰ প্ৰয়োজনীয়তা আহি পৰে।সন্তানৰ চাৰিত্ৰিক দিশত গঢ় দিয়াৰ ক্ষেত্ৰত আজিকালি অভিভাৱকসকলো সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়। কাৰণ বৰ্তমানৰ প্ৰায়সংখ্যক ল’ৰা-ছোৱালীৰে স্বভাৱত জেদ, অহমিকা, অসহিষ্ণুতা, অনিয়মানুৱৰ্তিতা আদি প্ৰতিফলিত হয়। গতিকে সম্পূৰ্ণ আন্তৰিক মনোভাৱ লৈ বন্ধুত্ব সুলভ ব্যৱহাৰৰ দ্বাৰা তেওঁলোকৰ মন জয় কৰি লোৱাটো অভিভাৱকৰ বিশেষ কৰ্তব্য হৈ পৰিছে।নহ’লে সন্তানক অন্ধকাৰ ভৱিষ্যতৰ দিশে অভিভাৱকসকলে নিজে ঠেলি দিয়াৰ দৰে হয়। গতিকে অভিভাৱকসকলক যথেষ্ট পৰিমাণে ধৈর্য, সহিষ্ণুতাৰ প্ৰয়োজন হয়। সকলো সময়তে সন্তানকে নিশ্চয় দোষাৰোপ কৰিব নোৱাৰি। আমিও হয়তো বহুক্ষেত্ৰত দায়ী।সন্তানৰ ব্যৱহাৰ আৰু মানসিকতা গঢ় দিবলৈ পোনপ্ৰথমে নিজে পৰচৰ্চা,পৰনিন্দা আৰু কাজিয়া প্ৰিয় মানসিকতা পৰিহাৰ কৰিব লাগিব।সন্তানক উপযুক্ত মানুহ কৰিবলৈ হ’লে নিজৰ আৰ্থিক অৱস্থাৰ এটা আভাস দি তেওঁলোকক বুজাওক, যাতে খৰছ-পাতিত হাত ধৰিবলৈ শিকে। সেইদৰে, নিজৰ সপোনটো জোৰকৈ সন্তানৰ ওপৰত জাপি দিয়া অনুচিত,যাতে সেই সপোনটো পূৰ কৰিবলৈ গৈ শিশুটি দুখী হৈ পৰে বা নিজৰ ব্যৰ্থতাৰ ভয়ত নলবলগীয়া পন্থা লয় বা অভিভাৱকৰ প্ৰতি বিদ্ৰোহী হৈ পৰে।অভিভাৱকসকলে শিশুসকলক কেৱল এখন ভাল বিদ্যালয়ত নাম লগাই, শিক্ষক বা টিউচনৰ ওপৰত সকলো এৰি চকু মুদি থকাটো ভুল। পিতৃ-মাতৃ যিমানেই ব্যস্ত নহওক কিয়, সন্তানৰ লগত খোলাকৈ সকলো কথা আলোচনা কৰা, পাৰ হৈ যোৱা দিনটোৰ খতিয়ান লোৱা আৰু পিছৰ দিনৰ কাৰ্যসূচীৰ কথা জানিবলৈ-বুজিবলৈ চেষ্টা কৰা উচিত৷ বয়ঃসন্ধিৰ সময়ত আহিব লগা দৈহিক-মানসিক পৰিৱৰ্তনবোৰো বুজাই দিয়া উচিত। লগ- সংগৰ পৰা ভুল কিবা দেখি-শুনি-শিকি ভুল ধাৰণা লোৱাতকৈ ঘৰতে অৱগত কৰি ল’লে ভুল ধাৰণাৰ জন্মই নহয়।অভিভাৱকসকলে সৰু হ’লেও সন্তানৰ মতামত গুৰুত্ব সহকাৰে বিবেচনা কৰি চোৱা উচিত।সন্তানে ঘৰুৱা পৰিৱেশৰ পৰা দেখি-শুনিয়েই অনুকৰণ কৰে বাবে মৰম-স্নেহ, আন্তৰিকতা, সহৃদয়তা, নিয়মানুৱৰ্তিতা আদি গুণবোৰ আমি সন্তানৰ সন্মুখত ব্যৱহাৰিক ভাৱে দেখুওৱা উচিত।