কেন্দ্ৰীয় নিবন্ধ

চিন্তাৰ সংকীৰ্ণতা-(ড° বসন্ত কুমাৰ বৰা)

উদাৰ চিন্তাৰ অবিহনে এখন সমাজ প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে । সৎ, যুক্তিসিদ্ধ, বিজ্ঞানমনস্ক, ভাৰসাম্য-সম্পন্ন, দূৰদৰ্শী, সৃষ্টিশীল, অসংকীৰ্ণ চিন্তাইহে জন্ম দিব পাৰে এটা সংস্কৃত জাতিৰ, এখন প্ৰাপ্তবয়স্ক সমাজৰ আৰু এটা নতুনত্বৰ প্ৰতি আগ্ৰহী, শ্ৰেষ্ঠত্বৰ প্ৰতি উৎসৰ্গীকৃত প্ৰজন্মৰ; আৰু এয়াই এখন প্ৰগতিশীল সমাজৰ মূল চালিকা-শক্তি । মূলতঃ বিদ্যায়তনিক, আৰু লগতে আধ্যাত্মিক, সামাজিক আদি বিভিন্ন দিশৰ শিক্ষাই জন্ম দিয়ে এনে প্ৰগতিশীল চিন্তাৰ আৰু শেষত, এখন প্ৰগতিশীল সমাজৰ ।

প্ৰগতিশীল চিন্তাৰ জন্ম হ’বৰ কাৰণে অধ্যয়ন আৰু অভিজ্ঞতা অপৰিহাৰ্য্য । স্থানীয় আৰু বিশ্ব-ইতিহাস, ভুগোল, সমাজনীতি, অৰ্থনীতি, সংস্কৃতি আদিৰ গভীৰ অধ্যয়নেহে দৰাচলতে সৃষ্টিশীল চিন্তাৰ উন্মেষ ঘটাব পাৰে । কিন্তু এনে গভীৰ অধ্যয়নৰ বাবে গ্ৰন্থই বহুসময়ত যথেষ্ট নহয়, অথবা সিমানখিনি অধ্যয়ন বিভিন্ন কাৰণত সম্ভৱো নহয় । এনেকুৱা ক্ষেত্ৰত সহায় কৰিব পাৰে ভ্ৰমণে । ‘নানা দেশ ফুৰে যিয়ে নানা কথা শিকে সিয়ে’ – ভ্ৰমণে বহুসময়ত অন্যথা বিৰক্তিদায়ক তথা অসংপৃক্ত অধ্যয়নৰ সলনি তুলনামূলকভাবে কম সময়তে ওপৰোক্ত বিষয়বিলাকৰ ওপৰত গভীৰ, অন্তৰ্মুখী জ্ঞান অৰ্জন কৰিবলৈ সহায় কৰে । তদুপৰি, চাক্ষুষ অভিজ্ঞতাও যুক্ত হোৱাৰ ফলত ভ্ৰমণে ভ্ৰমণ কৰোঁতাৰ ধ্যান-ধাৰণাবিলাক সংপৃক্ত আৰু সম্পূৰ্ণ কৰি তুলিব পাৰে । কিন্তু এইখিনিতে এটা কথা । শিকাৰ আগ্ৰহ নাথাকিলে যিদৰে পুথি অধ্যয়নেই জ্ঞান বঢ়াব নোৱাৰে, ভালৰ প্ৰতি আগ্ৰহ অবিহনে ভ্ৰমণেও মানুহৰ জ্ঞান-চক্ষু মুকলি কৰিব নোৱাৰে ।

এটা সময় আছিল, সীমিত যোগাযোগ-ব্যৱস্থাৰ সুবাদত জ্ঞান আহৰণৰ বাবে, প্ৰজ্ঞাৰ পৰিধি সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অধ্যয়ন আৰু ভ্ৰমণ – দুয়োটাই আছিল কষ্টসাধ্য । কিন্তু যোৱা কেইটামান দশকৰ ভিতৰতে যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি হৈছে, অধ্যয়নৰ পৰিসৰ বৃদ্ধি হৈছে, দেশ-বিদেশ ভ্ৰমণ কৰা মানুহৰ সংখ্যাও অভাৱনীয় ভাবে বৃদ্ধি হৈছে । কিন্তু অত্যন্ত দুখৰ কথা, বিশ্বখন আজি প্ৰযুক্তিবিদ্যাৰ কৃপাত সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ পৰা এখন সৰু গাঁৱলৈ পৰিণত হোৱাৰ সময়তে আশা কৰাৰ বিপৰীতে মানুহৰ মনৰ চিন্তাৰ পৰিধি আৰু বৈচিত্ৰবিলাক আশংকাজনকভাবে সংকীৰ্ণ হৈ আহিছে । ইয়াৰ ফলত আমাৰ সমাজসমূহৰ বৌদ্ধিক উত্তৰণো আজি চকুত লগাকৈ স্তব্ধ হৈ পৰিছে । আনকি, বহু সময়ত এনেকুৱা অনুভৱো হয় যেন আমাৰ আচলতে এক ধৰণৰ বৌদ্ধিক অধোগতিহে আৰম্ভ হৈছে !

এটা কথা অনস্বীকাৰ্য্য, হৰপ্পা-মহেঞ্জোদাৰোৰ পিছত ইমানদিনে বন্ধ হৈ থকা ভাৰতবৰ্ষৰ আৱৰণখন জ্ঞান-জ্যোতিৰ ভালে মেলি দিছিল ভাৰতবৰ্ষলৈ অহা ঔপনিবেশিক বৃটিছসকলে । বৃটিছসকলৰ উদ্দেশ্য যিয়েই নাথাকক লাগিলে, কিন্তু এই খোলা খিৰিকীখনেৰে সোমাই অহা প্ৰজ্ঞাৰ পোহৰে বহু সংখ্যক ভাৰতীয়ৰ মনৰ আন্ধাৰবিলাক দূৰ কৰিছিল, জ্ঞান-চক্ষু মকলি কৰি দিছিল, চিন্তাৰ পৰিধি চকুত পৰাকৈ বৃদ্ধি কৰিছিল আৰি ইয়াৰ ফলতে ভাৰতীয় সমাজখন ক্ৰমান্বয়ে তমসাৰ পৰা জ্যোতিৰ ফালে আগবাঢ়িছিল । মন কৰিবলগীয়া কথা যে বৃটিছসকলৰ সময়ত তেতিয়াৰ কলিকতাই আছিল ভাৰতবৰ্ষৰ প্ৰাণকেন্দ্ৰ আৰু কলিকতাৰপৰা অসমৰ ভৈগোলিক দূৰত্ব ভাৰতবৰ্ষৰ অন্যান্য অংশৰ তুলনাত নিচেই কম হোৱাৰ সুবাদত বৃটিছৰ আমোলত আৰম্ভ হোৱা এই জ্ঞান-জাগৰণৰ প্ৰভাৱ তেতিয়াৰ অসমৰ সমাজখনতো বাৰুকৈয়ে পৰিছিল । আমাৰ তেতিয়াৰ অসমবাসীসকলৰো চিন্তাৰ সৰু গণ্ডী এই জাগৰণৰ উত্তাল ঢৌত ভাগি পৰিছিল, বৌদ্ধিক পৰিধিৰ বিস্তাৰ ঘটিছিল আৰু স্বাভাবিকতে, অসমীয়া সমাজখনো প্ৰগতিৰ পথেৰে খৰতকীয়াকৈ বাট বুলিছিল । অসমৰ ভাষা, সাহিত্য, সংস্কৃতিয়ে মোটামুটিভাবে এক মান্য আৰু গ্ৰাহ্য ৰূপ পৰিগ্ৰহণ কৰিছিল আৰু অসমীয়া জাতিয়ে এক একক, সংস্কৃত আৰু মান্য জাতি হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছিল । এই প্ৰগতিৰ দ্ৰুতি কিছু পৰিমাণে স্বাধীনতাৰ পিছৰপৰাই বিভিন্ন কাৰণত স্তিমিত হৈ আহিলেও কিন্তু যোৱা কেইটামান দশকৰ আগলৈকে এই উত্তৰণৰ ধাৰাটো একেবাৰে স্তব্ধ হৈ যোৱা নাছিল ।

কিন্তু, সাধাৰণভাবে, যোৱা আশীৰ দশকৰ সময়ৰপৰা অসমীয়া সমাজখনৰ উত্তৰণ প্ৰায় স্তব্ধ হৈ পৰিছে । বিশ্লেষণ কৰিলে দেখা যায় – আনুষ্ঠানিক শিক্ষা-ব্যৱস্থাটোৱে সমাজৰ প্ৰকৃত প্ৰজ্ঞাৰ প্ৰতি আগ্ৰহ আৰু জ্ঞানৰ অন্বেষণত উৎসাহ যোগাব নোৱাৰাটোৱেই ইয়াৰ মূল কাৰণ । পৰীক্ষা আৰু নম্বৰ-কেন্দ্ৰিক লক্ষ্য আৰু অযুক্তিকৰ তথা বহুল বস্তুনিষ্ঠতাৰ হেঁচাত আমাৰ আনুষ্ঠানিক শিক্ষা-ব্যৱস্থাটোৱে ইয়াৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য লাভ কৰাত চুড়ান্তভাবে বিফল হৈছে । শিক্ষা-ব্যৱস্থাটোৰ বিফলতাৰ ফলত প্ৰগতিবাদী চিন্তাৰ সলনি সংকীৰ্ণ চিন্তাইহে সমাজত গা-কৰি উঠিছে, আৰু তাৰ ফলতে সমাজৰ উল্লিখিত উত্তৰণৰ অনুপস্থিতি তথা অধোগতি লক্ষ্য কৰা গৈছে । ইয়াৰ ফলতেই অসমীয়া জাতিটোৱে এটা প্ৰাপ্তবয়স্ক জাতি হিচাপে পৰিপূৰ্ণতা এতিয়াও লাভ কৰা নাই । সততে জাতীয়তাবাদী ভাৱধাৰাৰ লগে লগে অসমীয়া জাতি-সত্তা এটাৰ কথা শুনা গ’লেও কাজেই এতিয়াও অসমীয়া জাতি-সত্তাটোৰ স্বৰূপ একেবাৰেই অস্পষ্ট । জাতি-সত্তাৰ কথা কোৱা সকলো নহয়, কিন্তু বেছিভাগ চিন্তাবিদ-নেতাৰ মাজতে বিভিন্ন দিশৰ পৰা সীমাবদ্ধ তথা সংকীৰ্ণ চিন্তাৰ উপস্থিতি আৰু ইয়াৰ ফলস্বৰূপে জাতিটোৰ গোষ্ঠীগত উপাদানবিলাকৰ মাজতো এক ধৰণৰ ‘আমি নিষ্পেষিত, আমি শোষিত’ ধৰণৰ ধাৰণাই গা কৰি উঠা আৰু সেই সেই উপাদানবিলাকৰ মাজতো একে ধৰণৰ সীমাৱদ্ধ চিন্তাৰে উন্মেষ ঘটা আদি কাৰণতে অসমীয়া জাতি-সত্তাৰ ধাৰণাটো এতিয়াও ধুসৰ । সহজ কথাত, যি সময়ত অসমত অতীতৰে পৰা বাস কৰি অহা সকলো জাতি-উপজাতি, জনগোষ্ঠী, সকলো ভাষা-ভাষী, সকলো ধৰ্ম-সম্প্ৰদায়ৰ সমন্বয়ত এক স্বকীয় অসমীয়া জাতি ইমানদিনে গঢ় লৈ উঠিব লাগিছিল, ইয়াৰ উদ্দেশ্য অন্ততঃ এটা গভীৰ চেষ্টা চলিব লাগিছিল, দুৰ্ভাগ্যজনকভাবে, জাতিটোৰ অভিভাৱক বুলি নিজকে সময়বিশেষে দাবী কৰা দল-সংগঠন-অনুষ্ঠানবিলাকে এই দিশত একো উল্লেখনীয় পদক্ষেপেই অদ্যপি উঠোৱা নাই । বৰঞ্চ, তেওঁলোকৰ সীমাৱদ্ধ চিন্তা আৰু কাৰ্য্যৰ ফলস্বৰূপে অসমীয়া জাতিটোৰ অন্তৰ্ভুক্ত গোষ্ঠীগত উপাদানবিলাকৰ ইতিবাচক বৈচিত্ৰবিলাকে নেতিবাচক বিভাজনৰ ৰূপহে পৰিগ্ৰহণ কৰিছে; এই বিভাজনমুখীতাৰ ফলত জাতিটোৰ উপাদানবিলাকে নিজকে বৃহত্তৰ অসমীয়া জাতিটোৰ অংশই নহয় বুলি স্বকীয়তা একোটাহঁতহে দাবী কৰিবলৈ ধৰিছে – এইবোৰ ঘটনা-পৰিঘটনাই জাতিটোৰ অস্বিত্বকে সম্প্ৰতি বিপন্ন কৰি তুলিছে । কাজেই, কথাবোৰ স্পষ্ট -চিন্তাৰ এই সংকীৰ্ণতা আৰু অনাকাংক্ষিত বিভাজনমুখীতা পৰস্পৰ পৰস্পৰৰ পৰিপূৰক । কিন্তু চিন্তাৰ সংকীৰ্ণতাই বিভাজনমুখীতাৰ উন্মেষ ঘটাইছে নে বিভাজনমুখীতাহে চিন্তাৰ সংকীৰ্ণতাৰ বাবে দায়ী, আজিৰ পৰিস্থিতিত তাৰ বিচাৰ কৰাটো কুকুৰা আৰু কণীৰ কোনটো আগতে আহিল তাৰ বিচাৰ কৰাৰ দৰে কথা হ’ব । শেহতীয়াকৈ, যি সময়ত সাধাৰণ জনগণৰ ত্ৰাণকৰ্তা স্বৰূপ নীতি-নিৰ্ধাৰকৰূপী ৰাজনৈতিক নেতাসকলৰ চিন্তাও বিভিন্ন কাৰণত সনকীৰ্ণ হৈ পৰাটো প্ৰত্যক্ষ কৰা গৈছে (উদাহৰণস্বৰূপে, আজি জাতি-মাটি-ভেঁটিৰ নতুন সংজ্ঞা আহিছে, ধৰ্ম-সম্প্ৰদায়-ভিত্তিক নাগৰিকত্বৰ কথা ওলাইছে, গোবৰ-গোমুত্ৰই মগজু উৰ্বৰ কৰাৰ কথা আহিছে), সেই সময়ত কিন্তু ৰাইজেই মিলি নখ জোকাৰি নৈ বোওৱাৰ গত্যন্তৰ নাই । নিজৰ, নিজৰ ভৱিষ্যতৰ, নিজৰ জাতিটোৰ স্বাৰ্থত জনগণে এই সময়ত নিজৰ চিন্তাৰ সীমাৱদ্ধতাসমূহকো জোকাৰি দলিয়াই প্ৰগতিবাদী, উদাৰ, যুক্তিবাদী, চিন্তাধাৰাৰে অসমীয়া জাতিটোৰ উত্তৰণৰ বাবে বদ্ধপৰিকৰ হৈ সমিলমিল, সহনশীলতা আৰু দিয়া-লোৱাৰ মনোবৃত্তিৰে আগ নাবাঢ়িলে জাতিটোৰ ভৱিষ্যতত পোহৰৰ লেশমানো আছে বুলি অনুভৱ নহয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *