চ্যায়, চ্যায় : অজান জিৰণি ঠাইৰ যাত্ৰা ।। মূল: বিশ্বনাথ ঘোষ; অনুবাদ: কল্যাণী কোঁৱৰ
শৈশৱৰ ৰেলগাড়ী
মোগলছৰাই (চতুৰ্থ অংশ)
১২ ফেব্ৰুৱাৰী, ১৯৬৮ চন : পিতৃ উৎস জনসংঘৰ পৰা জন্মা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) যি পাছলৈ ভাৰতীয় জনতা পাৰ্টি হৈছিল, তাৰ সক্ৰিয় সদস্য তথা কাৰ্য্যকৰ্তা গুৰুবক্স কপাহীয়ে গা-পা ধুই নিতৌ কৰা ধ্যানত নিমগ্ন হওঁতে ৰাতিপুৱা ৮.৩০ মান হৈছিল, তেতিয়াই ‘ৰে’লৱে সুৰক্ষা বল’ ৰ এজন কনিষ্টবল তেওঁৰ ঘৰত উপস্থিত হ’লগৈ।
“কনিষ্টবলজনে মোক ক’লে, ‘থানাত এটা মৃতদেহ পৰি আছে। আপুনি মোৰ লগত গৈ সেইটো চিনাক্তকৰণ কৰিব লাগে।’ সমগ্ৰ মোগলছৰাইখনে জানে মই জনসংঘৰ এজন কাৰ্য্যকৰ্তা বুলি।” কপাহী চাহাবে ক’লে।
থানাত কপাহী চাহাবে তৎক্ষণাত দীনদয়াল উপাধ্যায়ৰ মৃতদেহটো চিনি পালে। তেওঁ ক’লে, মৃতদেহটো কেও-কিছু নথকাৰ দৰে ৰছীৰে বান্ধি থানাৰ দুৱাৰ মুখত মজিয়াত পেলাই থোৱা আছিল। “মই তেওঁলোকক অহৰহ কৈ আছিলোঁ, ‘এইজন পণ্ডিতজী। আপোনালোকে তেখেতক এনেকৈ মজিয়াত পেলাই থ’ব নোৱাৰে।’ তেতিয়ালৈকে, আন কেইবাজনো স্বয়ংসেৱক আহি পালেহি আৰু আমি চিঞৰ-বাখৰ কৰাতহে সিঁহতে মৃতদেহটো মজিয়াৰ পৰা আঁতৰালে ।”
কপাহী চাহাবে নিজৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰৰ এটা স্মৰণ কৰি থাকোতে, মোক হলঘৰটোলৈ অভিবাদন জনোৱা বয়োজ্যেষ্ঠ লোকজনে কিবা এটা খাবলৈ বুলি ক’বলৈ আহিল। তেওঁৰ লগতে পৰিয়ালৰ আন পুৰুষ সদস্যসকল কিছু চিন্তিত দেখা গৈছিল। দৰা আহি পাওঁতে দেৰি কৰিছে। মই বিনম্ৰভাৱে প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলোঁ কাৰণ মই আছিলো অনিমন্ত্ৰিত আলহী।
কপাহী চাহাবে কৈ গ’ল, “আমি জৌনপুৰলৈ খবৰ পঠালোঁ। তাৰ এটা অনুষ্ঠানলৈ গুৰুজী (গুৰু গোলৱলকাৰ, তেতিয়াৰ আৰ এছ এছৰ প্ৰমুখ) গৈছিল। তাৰপাছত মৃতদেহটো বেনাৰসৰ চিভিল লাইঞ্চলৈ নিলোঁ। মানুহবোৰ আহিবলৈ ধৰিলে। বলৰাজ মাধুক আৰু অটল বিহাৰী বাজপেয়ী উৰাজাহাজেৰে আহিল। তাৰপাছত গুৰুজী আহিল। তেওঁ দীন দয়াললৈ চাই ক’লে, “তোমাৰ লগত এইয়া কেনেকৈ হ’বলৈ পালে?” ইয়াৰ পাছৰে পৰা গুৰুজীৰ স্বাস্থ্য বেয়া হ’বলৈ ধৰিলে। ভাওচাহাব দেবৰস (গোলৱলকাৰৰ উত্তৰাধিকাৰী, আৰ এছ এছৰ প্ৰমুখ) আহিল। অৱশেষত এখন চৰকাৰী উৰাজাহাজেৰে মৃতদেহটো দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিলে।
কপাহী চাহাবে জনসংঘৰ লগত জড়িত দিনবোৰ মনত পেলাই, তাৰ শ্লোগানবোৰ আওৰাব ধৰিলে- ‘আমাৰ দাবী অখণ্ড ভাৰত।’ ‘কাশ্মীৰ আমাৰ হয়।’, ‘নেহৰুৱে যিমানে গৰজিব, জনসংঘই সিমানে বৰষিব।’ ১৯৫৩ চনত তেওঁ আৰু হাজাৰজন জনসংঘৰ সদস্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত দিল্লীৰ আজমীৰ গেটত কাশ্মীৰক সাংবিধানৰ অন্তৰ্গত বিশেষ মৰ্য্যদা প্ৰদান কৰাক বিৰোধিতা জনাই এই শ্লোগানবোৰ মাতিছিল। এজন ৰাজনৈতিক কৰ্মী হিচাপে কপাহী চাহাবৰ অৱদানক অস্বীকাৰ কৰিব নোৱাৰি। বৰ্তমান তেওঁ লোকতন্ত্ৰৰ সেনানী হিচাপে মাহিলি আঢ়ৈ হাজাৰ টকা পেন্সন আৰু বিনামূলীয়া বাছযাত্ৰাৰ সুবিধা লৈ এক শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিছে। কিন্তু এইটো বেলেগ বিষয় যে, জনসংঘ তথা আৰ এছ এছ বিৰোধী মোলায়ম সিং যাদৱ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে লোকতন্ত্ৰ সেনানী নামৰ এটা আঁচনি আৰম্ভ কৰিছিল। স্পষ্টভাৱেই বহু আগতে কংগ্ৰেছে আৰম্ভ কৰা স্বতন্ত্ৰতা সেনানী আঁচনিৰ দ্বাৰা যাদৱজী অনুপ্ৰাণিত হৈছিল, যি আঁচনিৰ অধীনত স্বতন্ত্ৰতা সেনানীসকলে পেন্সনৰ লগতে ৰাজহুৱা পৰিবহনত বিনামূলীয়া ভ্ৰমণৰ সুবিধা পাইছিল আৰু বৰ্তমানেও পাই আছে।
বিবাহস্থলীৰ বাহিৰত মোৰ কাৰণে ৰিক্সাৱালাজন ৰৈ আছিল। মোক হোটেলত থৈ আহিবলৈ তেওঁক ক’লোঁ। যাওঁতে বাটত ৰমেশ গুপ্তাৰ বাৰখন পাৰ হৈ গ’লোঁ। কেইঘন্টামানৰ আগতে তালৈ যাবৰ বাবে মই উচপিচাই আছিলোঁ, কিন্তু এতিয়া মোৰ মন যোৱা নাই। হয়তো এইয়া ফলাহাৰী বাবাক লগ পোৱাৰ প্ৰভাৱ।
হোটেলৰ গেটৰ সন্মুখত, মানিবেগটো উলিয়াই, ৰিক্সৱলাজনক কিমান টকা লাগিব সুধিম বুলি ভাবিছিলোঁ যদিও মই নুসুধিলোঁ। গোটেই সন্ধিয়াটো পেদেল মাৰি মাৰি মোক লৈ ফুৰাৰ পাছত এটা নিৰ্দিষ্ট অংকৰ হিচাপ ভাবি উলিওৱাটো তাৰ বাবে এটা মানসিক চাপ হ’ব। সেইবাবে মই তাক এশ টকা দিলোঁ। প্ৰথমে সি চক্ খাই উঠিছিল, কিন্তু পিছ মুহুৰ্ততে নিজক চম্ভালি ল’লে আৰু নোটটোত চুমা খালে, তাৰপাছত কপালত আৰু বুকুত লগাই পকেটত ভৰাই থ’লে।
বেনাৰস ঠাইটুকুৰাৰ প্ৰতি মানুহক আকৰ্ষণ কৰা মূল বস্তু দুটা হ’ল – আস্থা আৰু উৎসুকতা। বৰ্তমান মই আংশিকভাৱে দুয়োটাৰ কাৰণেই ইয়াত আছোহি। যদিওবা মই ভগৱানত বিশ্বাসী নহওঁ, তথাপিও সংহাৰী শিৱক মোৰ ভাল লাগে, যাৰ উপস্থিতি বেনাৰসত ব্যাপকভাৱে বিয়পি আছে! যিহেতু মই আগতেও ইয়ালৈ আহিছোঁ, কিন্তু তেতিয়া মই সৰু আৰু নিৰ্বোধ আছিলোঁ, সেই সূক্ষ্ম কথাবোৰ বুজি পোৱা নাছিলোঁ যিবোৰে চহৰখনৰ প্ৰতি মানুহক চুম্বকৰ দৰে আকৰ্ষণ কৰিছিল। আৰু এতিয়া মোগলছৰাইত কাম প্ৰায় শেষ হৈছে আৰু মোৰ হাতত সম্পূৰ্ণ এটা দিন বাকী আছে। গতিকে বেনাৰস ফুৰি আহোঁ।
মই এখন পুৰণা এম্বেচেদৰ গাড়ীত উঠি দিলোঁ, যিখন ৰেয়াৰভিউ আইনাৰ পৰা বঞ্চিত আছিল আৰু ৰাম ৰতন নামৰ এটা ল’ৰাই চলাইছিল, যাৰ বয়স, মই বেনাৰস গৈ পোৱাৰ পাছত হে গম পালোঁ মাত্ৰ সোতৰ বছৰ বুলি। গাড়ী চলাই যাওঁতে সি প্ৰায় গোটেই বাটটোত তাৰ হাতৰ তলুৱাৰে হৰ্ণটো টিপি ৰাখিছিল, যেন তাৰ হে অতি লৰালৰি হৈছে আৰু সোনকালে পাবগৈ লাগে। যাৰফলত মোৰ যাত্ৰাটো বৰ সুখকৰ নহ’ল আৰু ঠিকে ঠাকে বেনাৰস পামগৈ নে, তাৰে চিন্তাত থাকিলোঁ। অৱশ্যে ৰাস্তাৰ দুয়ো পাৰে মুকলি মাটিত সিঁচৰতি হৈ থকা কুৎসিত ঘৰবোৰৰ বাহিৰে যাত্ৰাটো সুখকৰ কৰি তুলিব পৰাকৈ বিশেষ একো উপাদানো নাছিল।
ঠিক বেনাৰস গৈ পোৱাৰ আগেয়ে মই দেখিলোঁ আমি এখন জীপৰ পিছে পিছে গৈ আছোঁ যিখন বহু মানুহেৰে ঠাহ খাই আছিল আৰু তাৰ ওপৰত এখন চাঙি বান্ধি অনা হৈছিল। চাঙিত থকা কফিনটো ৰঙীন আৰু উজ্জ্বল আছিল, যিয়ে মৃতদেহটো এগৰাকী বিবাহিতাৰ বুলি সংকেত দিয়ে। কিবা কাৰণত ৰাম ৰতনে জীপখনক পিছ পেলাব পৰা নাছিল। সি লাহে লাহে গাড়ীখন চলাই গৈ থাকিল আৰু কিছু সময়ৰ পাছত আমি এখন দলং পালোগৈ, য’ত লাখ লাখ পোষ্টকাৰ্ডত বিক্রী হোৱা দৃশ্যটো উন্মোচিত হ’ল – কাঠফুলাৰ দৰে চালি থকা বিন্দু বিন্দুকৈ বিস্তৃত বেনাৰসৰ ঘাট।
নদীখনৰ লগতে পুৰণি বেনাৰসখন অকোৱা-পকোৱা সৰু-ডাঙৰ গলিৰে ভৰা। কিছুমান গলি ইমানেই সৰু যে হাত দুখন মেলি দিয়েই গলিটোৰে অহা-যোৱা বন্ধ কৰি দিব পাৰি। তেনেকুৱা এটা গলিতেই বিশ্বনাথ মন্দিৰটো আছে। প্ৰথমতে মই তালৈকে যাব বিচাৰোঁ, যিহেতু মই মোৰ নামটো ইয়াৰ পৰাই পাইছোঁ। মোৰ জন্মৰ কিছুদিন আগেয়ে নে পাছতে মোৰ ককা মন্দিৰটোলৈ গৈছিল আৰু তেৱেঁই মোৰ নামটো ভগৱানৰ নামেৰে ৰাখিলে।
মই ভগৱান শিৱৰ অনুৰাগী হ’লেও মোৰ নামটোৰ লগত তাৰ একো সম্পৰ্ক নাই, নামটো যথেষ্ট দীঘল আৰু পুৰণি ধৰণৰ হোৱাৰ বাবে মই ভাল নাপাওঁ। ভগৱান শিৱক মোৰ ভাল লগাৰ কাৰণটো হ’ল এইজন সকলোতকৈ আপোনভোলা দেৱতা- আপোন সুখত সুখী, উদাৰ, খঙাল, যিজনে মদিৰা পান কৰে, নাচে, ভাং খায় আৰু যিজনে যোগাভ্যাস প্ৰতিষ্ঠা কৰিছিল। এইজন দেৱতাৰ লগত সম্পৰ্ক সাধন কৰিবৰ বাবে আপুনি কট্টৰ হিন্দু বা উপাসক হোৱাৰ দৰকাৰ নাই ।
কিন্তু বিশ্বনাথ মন্দিৰটো বৰ্তমান যি ধৰণৰ হৈ আছে, ই যিকোনো এজন শিৱ ভক্তৰ বাবে নিৰাশাজনক হ’ব পাৰে। ২০০৬ চনৰ মাৰ্চ মাহত ‘সংকট মোচন’ মন্দিৰত হোৱা বোমা বিস্ফোৰণৰ পাছত সুৰক্ষা ব্যৱস্থা যথেষ্ট সবল আৰু কাঢ়া কৰি দিয়া হৈছিল। (মই তালৈ যোৱাৰ এদিনৰ পাছতে তাৰ স্থানীয় আদালতত বোমা বিস্ফোৰণ হৈ ন জন লোকৰ মৃত্যু হৈছিল)। আজিকালি পূজাৰ সামগ্ৰী বিক্ৰী কৰা প্ৰায়বোৰ দোকানতে লকাৰৰ ব্যৱস্থা আছে। মন্দিৰলৈ যোৱাৰ আগতে আপোনাৰ বস্তুবোৰ লকাৰত থৈ যাব লাগিব। এইটো কথা নক’লেও হ’ব যে আপুনি লকাৰৰ সুবিধা তেতিয়াহে পাব, যেতিয়া সেই দোকানৰখনৰ পৰা পূজাৰ সামগ্রী কিনিব। মই একাৱন টকাৰ ফুল আৰু মিঠাই কিনাৰ প্ৰতিদানত এটা লকাৰ ব্যৱহাৰ কৰাৰ অনুমতি পালোঁ য’ত মোৰ ম’বাইল ফোন দুটা আৰু ম’ ব্লা (Mont Blanc) ফাউনটেন কলমটো থলোঁ। মোৰ জীৱনৰেখা কেইডাল এটা ফুল বেপাৰীৰ দোকানত বন্ধকত থৈ মই মনৰ শান্তিৰে ভগৱানক দেখা কৰিবলৈ যাব পৰা নাছিলোঁ।
প্ৰৱেশদ্বাৰত খানাতলাচীৰ পাছত মই আন ভক্তসকলৰ লগত শাৰী পাতি থিয় হ’লোঁ। “টুকুৰীটো হাতেৰে ঢাকি লওক,” সুৰক্ষাকৰ্মী এজনে মোক কৈ গ’ল । কিন্তু ইমানেই বেছি ঠেলা-হেঁচা যে মই কথাটোত ধ্যান দিবই নোৱাৰিলোঁ। পাণ্ডাবোৰ- আপোনাক ভগৱান দৰ্শন কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া ডকাইতবোৰ, ওচৰলৈ আহি থাকিল। মই সিঁহতক কৈ থাকিব লগা হৈছিল যে, মই কেৱল স্থানীয় মানুহেই নহয়, তাৰোপৰি এজন সংবাদদাতা যিয়ে নিজৰ ৰাস্তা উলিয়াই ল’ব জানে। ইয়াকে শুনি এজনে ক’লে, “মহাশয়, আপোনাৰ দৰে মানুহে যদি তেনেকৈ কয়, তেনেহ’লে আমি কেনেকৈ জীয়াই থাকিম?” মই তাৰ কথাত গুৰুত্ব নিদিলোঁ। সিঁহত জীয়াই থকাটো মই নিবিচাৰোঁ। টকা সৰকাব জনা সিঁহতৰ বিভিন্ন কৌশলৰ কাহিনীয়ে এটা চোৰৰ মনত নিজৰ ধাণ্ডা সলনি কৰি পেলোৱাৰ স্পৃহা জগাই তুলিব পাৰে। পিছত দুপৰীয়া আহাৰ খোৱাৰ সময়ত গাড়ী চালক ৰাম ৰতনে কেইদিনমানৰ আগতে এজন ধনী তীৰ্থযাত্ৰীৰ পৰা ভগৱান বিশ্বনাথৰ নামত এক লাখ টকা সিঁহতে সৰকাইছিল বুলি কৈছিল। তীৰ্থযাত্ৰীজনে নিজৰ মুৰ্খামি বুজি পাই পুলিচত গোচৰ দিলে। তেতিয়ালৈকে টকা সৰকাওঁতা পাণ্ডাটো পুনৰ বেনাৰসলৈ নহাৰ পণ লৈ পলালে। মোৰ মনলৈ এইটো ভাব অহাই নাছিল যে মগজু ঠিক থকা কোন মানুহে পকেটত এক লাখ টকালৈ মন্দিৰ দৰ্শন কৰিবলৈ যাব! অথবা এনেকুৱা হ’ব পাৰে যে মানুহজনৰ পৰা এক লাখ টকা মূল্যৰ বস্তু খুলি লৈ গ’ল। যেতিয়া পাণ্ডাৰ হাতত ফচিব তেতিয়া যিকোনো সম্ভৱ হ’ব পাৰে।
মন্দিৰৰ একেবাৰে ভিতৰলৈ অৰ্থাৎ গৰ্ভগৃহলৈ সোমোৱাৰ আগতে ভক্তসকলৰ আকৌ এবাৰ খানাতলাচী হয় আৰু সিঁহতৰ টুকুৰীবোৰ মেটেল ডিটেক্টৰৰ মাজেদি পাৰ কৰাব লাগে। মই শাৰী পাতি আগলৈ যাবৰ বাবে ৰৈ থাকোঁতে হঠাৎ বান্দৰ পোৱালি এটাই মোৰ টুকুৰীটোৰ পৰা মিঠাই পেকেটটো থপিয়াই লৈ গ’ল। মই থৰ লাগি ৰ’লোঁ, কি কৰিম ভাবিয়েই নাপালোঁ। টুকুৰীটোৰ পৰা পৰি যোৱা বস্তুবোৰ বুটলিবলৈ ধৰোতেহে বুজি পালোঁ, সুৰক্ষাকৰ্মীজনে কিয় টুকুৰীটো হাতেৰে ঢাকি ল’বলৈ কৈছিল। তেওঁ বান্দৰৰ কথা ভালকৈ জানিছিল, ঠিক যেনেকৈ পোৱালি বান্দৰটোৱে জানিছিল যে নিজৰ ভাবত মচগুল হৈ থকা মানুহক সহজে চিকাৰ কৰিব পাৰি।
“নাপায়, আপুনি সেই মালাডাল নল’ব। সেই ডাল মাটিত পৰিল।” কোনোবাই চিঞৰি উঠিল। সেইজন এজন পুৰোহিত আছিল। হঠাৎ নো ক’ৰ পৰা আহি ওলালহি! কেইপাহমান ফুল আৰু সেন্দূৰ এপেকেটৰ বাহিৰে ভগৱান শিৱক দিবলৈ মোৰ টুকুৰীটোত আন একো নাথাকিল। একাৱন টকাটো এনেয়ে গ’ল। গৰ্ভগৃহৰ ভিতৰত, ঐতিহাসিক শিৱলিংগৰ কাষত বহি থকা পুৰোহিতজনে মানুহবোৰে লৈ যোৱা টুকুৰীটোৰ ফালে ঘূৰিয়েই নাচালে। ভক্তসকলক দবিয়াই থাকিবলৈ হে যেন তেওঁক নিযুক্তি দিয়া হৈছে: “এইটো নুচুব!”, “এইটো নকৰিব!”, “সেইটো নকৰিব!”, “হৈছে, হৈছে!”
তেখেতে তামিলনাডুৰ পৰা অহা অভাগা তীৰ্থযাত্ৰী কেইজনমানক গৰজি থকা চাই থাকোঁতে এগৰাকী মহিলা পুলিচে মোক ওলাই যোৱা ৰাস্তাটো দেখুৱাই, একেবাৰে অতি ৰূঢ়ভাৱে ক’লে, “হৈ গ’ল, আগলৈ যাওক!” মোৰ ভগৱান দৰ্শন শেষ হ’ল।
বাহিৰত ৰাম ৰতন মোৰ বাবে ৰৈ আছিল। মই তাক মোক ঘাট দেখুৱাবলৈ ক’লোঁ। “মোৰ লগত আহক”, বুলি সি ক’লে। অকোৱা-পকোৱা ঠেক গলিবোৰ, তাত থকা দোকানীবোৰে জগাই তোলা মোৰ কৌতুহল আৰু তাতে তীৰ্থযাত্ৰীৰে ভৰি থকা এখন সাগৰৰ মাজেদি যাবলগীয়া হোৱাৰ বাবে মই তাৰ লগত খোজ মিলাব পৰা নাছিলোঁ। বাৰে বাৰে মোৰ দৃষ্টিৰ পৰা সি হেৰাই যায়, আকৌ তাক বিচাৰি উলিয়াওঁতে অলপ সময় লয়, তাৰপাছত আকৌ সি হেৰাই যায়। তাৰ ভৰিত সেই চঞ্চলতা ফুটি উঠিছিল যিটো সি হাতৰ তলুৱাৰে গাড়ীৰ হৰ্ণটো বজাই আহোঁতে দেখা গৈছিল। কিন্তু এতিয়া সি ন’হলে মই একো কৰিব নোৱাৰো কাৰণ সেই গলিবোৰ সি হাতৰ ৰেখাতকৈ বেছি ভালকৈ চিনি পায় ।
দুদিনমানৰ পাছত চৰকাৰৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া এক সাংস্কৃতিক উৎসৱৰ আয়োজন উপলক্ষে প্ৰসিদ্ধ দশাশ্বমেধ ঘাটৰ খটখটীবোৰ পানীৰ পাইপৰ সহায়ত ধুই আছিল। নদীয়ে মানুহৰ পাপ মোচন কৰে বুলি কোৱা যায়। কিন্তু নদীলৈ নামি যোৱা খটখটীবোৰ হাতেৰে ধুই থকা হৈছে! সদ্যস্নাতা খটখটী এটাত থিয় হৈ মই কিছু সময় নদীখনৰ ফালে চাই ৰ’লোঁ আৰু চেন্নাইত থকা মোৰ বছলৈ ফোন কৰিলোঁ।
“কওকচোন, মই ক’ত আছোঁ।”
“ক’ত আছে?”
“অনুমান কৰক।”
“মোগলছৰাইতে ক’ৰবাত আছে চাগে।” তেওঁ ক’লে।
“নহয়, মই বেনাৰসত আছো।”
“কি! বেনাৰসত?” স্বাভাৱিকভাৱে আচৰিত হৈ তেওঁ চিঞৰি উঠিল ।
“তাত আপুনি কি কৰি আছে? কেতিয়া তালৈ গ’ল ?”
তেওঁ আচৰিত হোৱা কাৰণটো বুজিব পাৰি। মোগলছৰাই, নামটোত ইতিহাসৰ হুমুনিয়াহ এটা উহ্য হৈ আছে যদিও শৈশৱত এই ঠাইৰ ৰে’ল ষ্টেচনৰ কাষেৰে নিয়মীয়াকৈ অহা-যোৱা নকৰা ব্যক্তিয়ে ইয়ালৈ আহিবলৈ কোনো ধৰণৰ আগ্ৰহ অনুভৱ নকৰে। কিন্তু মাত্ৰ দহ কিলোমিটাৰ আঁতৰত থকা বেনাৰসৰ কথা সুকীয়া, ই যেন বেলেগ এটা গ্ৰহ। সাধাৰণ অৰ্থত মই উত্তৰ প্ৰদেশৰ এখন সৰু চহৰৰ এখন নদীৰ পাৰত ৰৈ মানুহবোৰে কাম কৰি থকা চাই আছিলোঁ। কিন্তু যেতিয়াই আপুনি নদীখন আৰু চহৰখনৰ পৰিচয়টো জানিব, তেতিয়াই আপোনাৰ ভৰিৰ তলৰ মাটিটুকুৰা উপাস্য হৈ পৰিব। আনবোৰ চহৰৰ দৰে বেনাৰসৰ ইতিহাস বছৰত হিচাপ কৰা নাযায়। বেনাৰস যেন সময়ৰ অতীত, দেৱতাৰ লগত সাঙুৰিব পৰা এক মন্ত্ৰমুগ্ধকাৰী ইতিহাস সমৃদ্ধ চহৰ।
কেনেবাকৈ ইতিহাসে যদি মানৱজাতিক এখন টেলিভিছনৰ পৰ্দা আৰু সময়ক ঘূৰি চাব পৰা এটা বুটাম দিলেহেঁতেন যাৰ সহায়ত আপুনি বৰ্তমান যি ঠাইত থিয় হৈ আছে, তাত আপুনি ভাবি থকা তাৰিখ কেইটাত কি কি ঘটনা ঘটিছিল চাব পাৰিলেহেঁতেন! অৱশ্যে এক শতিকাৰ আগৰ বেনাৰসখনক স্কেন কৰি চালেও মই নাভাবো যে বেলেগ ধৰণৰ কিবা এটা আৱিষ্কাৰ হ’ব। কিন্তু মই অতীতৰ বুটাম টিপি ৰাখি নিশ্চয়কৈ কেইজনমান ব্যক্তিৰ সন্ধান কৰিম- তুলসীদাস গোস্বামী যিজনে জনসাধাৰণৰ কাৰণে ৰামায়ণ লিখিছিল! অথবা ত্ৰিলংগা স্বামী, পেটুৱা উলংগ নগা সাধুবাবা যিজন তিনিশ বছৰ জীৱিত আছিল বুলি শুনা যায়, তাৰে অধিকাংশ বছৰ তেওঁ নদীত উপঙি থাকি অথবা নদীৰ পাৰত বহি ধ্যানত নিমগ্ন আছিল! নতুবা বীটনিক কবি (beat poet) এলেন গিন্সবাৰ্গ যিজনে ঈশ্বৰৰ সন্ধানত এই ঘাটবোৰত ঘূৰি ফুৰিছিল। বৰ্তমান বেনাৰসত মই একমাত্র এজনকে চিনি পাওঁ, সেইজন হ’ল ৰাম ৰতন আৰু এতিয়া সি অনবৰতে থকাৰ দৰে অতি অস্থিৰভাৱে মোলৈ বাট চাই আছে ।
আমি খটখটীয়েদি নামি আহিলোঁ আৰু গংগা নদীত নৌকা বিহাৰৰ কাৰণে নাৱৰীয়া এটাৰ লগত কথা কটাকটি কৰাত লাগিলোঁ। নাৱৰীয়াটোৱে চল্লিশ টকা বিচাৰিছিল, কিন্তু ৰাম ৰতনে দৰ-দাম কৰি বিশ টকা কৰিলে। আমি যেতিয়া নাঁৱত উঠিলোঁ, তাত আগৰে পৰা মুখত মিচিকীয়া হাঁহিৰে এহাল বিদেশী দম্পতি বহি থকা দেখা পালোঁ । নাৱৰীয়াটোৱে বিশেষ একো প্ৰতিৰোধ নকৰি বিশ টকাতে কিয় মান্তি হ’ল মই লগে লগে বুজি পালোঁ। সেই বিদেশী দম্পতিহালে তাক যথেষ্ট টকা দি দিছে যাৰবাবে বঠাত হাত নিদিয়াকৈয়ো তাৰ সপ্তাহৰ বাকী কেইটা দিন পাৰ হ’ব। যি নহওঁক, এতিয়া আমি আহি নদীৰ মাজ পাইছোহি আৰু ইয়াৰ পৰা, আবেলি বেলি লহিওৱাৰ পৰত, বেনাৰসখন হুবহু পোষ্টকাৰ্ডৰ ছবিত দেখাৰ দৰে লাগিছিল। আঁতৰৰ কোলাহলবোৰে আমনি কৰিব পৰা নাছিল বাবে সেই দৃশ্য আৰু মনোমোহা হৈ উঠিছিল- এই সকলোবোৰ হৈ উঠিছিল মাত্ৰ বিশ টকাত!
দুপৰীয়া আহাৰ খাবৰ বাবে ৰাম ৰতনে মোক ৰেষ্টোৰাঁৰ লগতে মিঠাই দোকান এখনলৈ লৈ গ’ল যিখন চহৰৰ আটাইতকৈ ভালবোৰৰ মাজৰ এখন যেন লাগিছিল। প্ৰথমতে ৰাম ৰতনে মোৰ লগত একেখন টেবুলতে বহিবলৈ অস্বস্তি অনুভৱ কৰিছিল যদিও আমি চকীত বহাৰ লগে লগে আমাক দুইপ্লেট ৰসগোল্লা পৰিৱেশন কৰিলেহি। মই অনুমান কৰিলোঁ এইয়া নিশ্চয় অভিনন্দন স্বৰূপ আৰু কথাটো মই ৰাম ৰতনক সুধিলোঁ। সি হয় সূচক মন্তব্যৰে মূৰ দুপিয়ালে। মই খাদ্য তালিকাখন চাবলৈ ধৰিলোঁ আৰু সি কি খাব সুধিলোঁ। “দিয়ক, কিবা এটা” তাৰ স্বভাৱসুলভ চঞ্চলতাৰে সি উত্তৰ দিলে। মই বিগত কিছু সময় ধৰি খাবলৈ এৰি দিয়া চমোছা (চিঙৰা) দুইপ্লেট দিবলৈ ক’লোঁ। চমোছা খাই থাকোঁতে মই ৰাম ৰতনৰ লগত দুই এটা কথা পাতিবলৈ আৰম্ভ কৰিলোঁ- বেনাৰসৰ বিষয়ে, পাণ্ডাবোৰৰ বিষয়ে, তাৰ বিষয়ে। কথাৰ মাজতে মই তাক তাৰ বয়স কিমান সুধিলোঁ। “সোতৰ” সি উত্তৰ দিলে, তৎক্ষণাত বদলি কৰি আকৌ ক’লে, “ওঠৰ”। সি পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিলে আৰু সদায়েই তাৰ চখ আছিল ‘ড্ৰাইভাৰি’ত, ড্ৰাইভাৰ হোৱাত। সেইবাবে খুড়াক এজনৰ পৰা পুৰণি এম্বেচেদৰ গাড়ীখন ঋণত লৈ চলাবলৈ ল’লে।
চমোছা খাই শেষ কৰাৰ পাছত মোৰ আলু পৰঠা খাবলৈ মন গ’ল। কিন্তু ৰাম ৰতন উচপিচাই উঠিল যেন তাৰ যাবৰ সময় হ’ল। পেচাদাৰী চালক হিচাপে সি হয়তো তাৰ গ্ৰাহকৰ পিছফালে বা কাষত বহে। কিন্তু ইয়াত মোৰ লগত মুখামুখিকৈ বহিবলগীয়া হোৱাত সি অস্বস্তি পাইছিল। সি উঠি যোৱাৰ অজুহাত উলিয়ালে।
“মোৰ এজন বন্ধুক লগ কৰিবলগীয়া আছে” সি ক’লে।
“ইয়াতো তোমাৰ বন্ধু আছে নেকি?” মই সুধিলোঁ।
“হয় আছে। তাৰ দোকান আছে ইয়াত। মই বেছি দেৰি নকৰোঁ আৰু মোৰ ম’বাইল নাম্বাৰ আপোনাৰ হাতত আছেই। মোক এটা মিছ্ড কল কৰি দিব।”
ৰেষ্টোৰাঁখনলৈ অহা আন গ্ৰাহকবোৰক অভিনন্দন স্বৰূপ ৰসগোল্লা পৰিৱেশন কৰা চাই থাকি মই অকলেই পৰঠা খালোঁ। খাই উঠি বিল পৰিশোধ কৰোঁতে দেখিলো যে বিনামূলীয়া বুলি ভবা ৰসগোল্লাৰ দামটো মই দিব লগা হৈছে। কিন্তু তেতিয়ালৈকে বহুত দেৰি হ’ল আৰু “মই ৰসগোল্লা বিচৰা নাছিলো” বুলি ক’বলৈ যোৱাটো একপ্ৰকাৰৰ মুৰ্খামি হ’ব। হয়তো ৰসাল মিঠাইটো পৰিৱেশন কৰাটো নিৰাপত্তাজনিত মূল্য উলিওৱাৰ এটা উপায় : যিহেতু ইয়ালৈ বহুত মানুহ আহে আৰু এনেয়ে এগিলাচ পানী খাই গুচি যায়, যিটো এনে এখন চহৰৰ বাবে অকল্পনীয় নহয়, য’ত প্ৰত্যেক দিনাই হাজাৰ সংখ্যক তৃষ্ণাতুৰ ব্যক্তিৰ আগমন ঘটে।
মই ৰাম ৰতনক মাতি আনিলোঁ আৰু একেলগে খোজ কাঢ়ি কিছু দূৰত ৰখাই থোৱা গাড়ীখনৰ ওচৰলৈ যাবলৈ ধৰিলোঁ। গৈ থাকোঁতে বাটত আহি থকা অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ হিচাপটো পাহৰি গ’লোঁ: কিছুমান শোভাযাত্ৰাই ঢোলৰ চেৱে চেৱে নাচি নিজৰ মৃতকক মুক্তি দিয়া উদযাপন কৰিছিল আৰু আন কিছুমানে অতি দুখেৰে ‘ৰাম নাম সত্য’ ধ্বনিৰে গৈ আছিল। প্ৰতিটো শোভাযাত্ৰাই নিজৰ নিজৰ মৃতদেহ প্ৰদৰ্শনৰ দ্বাৰা যেন ৰোমান দেশৰ ধৰ্মীয় পৰম্পৰাগত মৃতকৰ উৎসৱৰ সাক্ষী হৈছিল আৰু মৃতকজনে অতি আনন্দেৰে কফিনৰ ভিতৰৰ পৰা অংগুষ্ঠ দেখুৱাই কৈছিল, “মই সফল হ’লোঁ! মই বেনাৰস পালেহি।”
পুৰণি এম্বেচেদৰ গাড়ীখনে বাটৰ ধূলি উৰুৱাই ঘৰঘৰাই মোগলছৰাইলৈ ঘূৰি আহি থাকোঁতে মোৰ মনলৈ সজাই-পৰাই অনা মৃতকৰ শোভাযাত্ৰাৰ দৃশ্যটো আহি থাকিল। এদিন সকলো মৰিব, কিন্তু সেই কথাটোকে কোনোবাই সোঁৱৰাই থকাটো একেবাৰে পছন্দ নহয়, নহয়নে? দৰাচলতে নিজৰ মৃত্যুৰ ধাৰণাই মৃতকৰ শোভাযাত্ৰাৰ দৃশ্যটো ভয়ানক কৰি তোলা নাই, বাস্তৱত আমাৰ অতি আপোনজনৰ মৃত্যুৰ ধাৰণাই আমাক ম্ৰিয়মান কৰি তোলে। ই হৃদয়ৰ গভীৰ কন্দৰত গোপনে বিবেচনা কৰি থকা এটা চিন্তা, যাক নিজৰ সৈতেও উচ্চস্বৰত বিনিময় কৰা নাযায়।
মোগলছৰাইত মোৰ শেষ সন্ধিয়া, পুৱতি নিশা দুই বজাত মই ট্ৰেইন ধৰিব লাগিব। কি কৰা যায়, ৰিক্সা এখন লৈ চহৰখনত শেষবাৰৰ বাবে এপাক ফুৰি আহোঁ, নে ৰমেশ গুপ্তাৰ বাৰত কিছু সময় থাকোঁ, য’ত মনটো ভাল লগাই আহিব পাৰি? মই হোটেলৰ কোঠাতে মন ভাল কৰাৰ সিদ্ধান্ত ল’লোঁ আৰু এটা হুইস্কিৰ বটল অনালোঁ। কিছু সময় মই লিখিলোঁ আৰু তাৰপাছত পঢ়িলোঁ, ইতিমধ্যে তিনি নম্বৰ পেগটো চলি আছিল আৰু মোৰ কাৰোবাৰ লগত কথা পাতিবলৈ মন গ’ল। মই ৰমেশ গুপ্তালৈ টেলিফোন কৰিলোঁ। মই ফোন কৰা দেখি সি বৰ আনন্দিত হ’ল আৰু অতি সোনকালেই মোৰ ওচৰ পাবহি বুলি জনালে। ৰমেশ আহি পোৱালৈকে হুইস্কি যাতে শেষ হৈ নাযায় বুলি ভাবি মই এঢোক-এঢোক কৈ লাহে লাহে খাবলৈ ধৰিলোঁ।
এঘন্টা পাৰ হৈ গ’ল। মই বস্তু বান্ধিবলৈ আৰম্ভ কৰিলোঁ। কোঠাটোত বহুত বস্তু ইফাল-সিফালে পৰি আছে আৰু মদৰ জালে বস্তুবোৰ নেদেখা কৰি তোলাৰ আগতেই মই বেগত ভৰাব লাগিব- ফোনৰ চাৰ্জাৰ, নোটবুক, কলম, ৰেজৰ। পিঠিত ওলমাই ল’ব পৰা বেগটোত বস্তুবোৰ ভৰাই লৈ মই যাবলৈ প্ৰায় সাজু হ’লোঁ, মাথো মাজৰ তিনি ঘন্টা সময় মই ক’তো যাব নোৱাৰো। কোঠাত থকা সৰু টি ভি টো অন কৰি ল’লো, যিটোৰ প্ৰতি মই ইমান সময়ে মনেই কৰা নাছিলোঁ। বেয়া খবৰ আহিল: কলকাতাত কাৰ্ফিউ লাগিছে, যলৈ মই পিছদিনা ৰাতিপুৱা গৈ পোৱাৰ কথা আছে। স্ব-নিৰ্বাসনত থকা বাংলাদেশৰ লেখিকা তসলিমা নাসৰিনক ভাৰতৰ পৰা খেদাই পঠিওৱাৰ দাবী জনাই কেইজনমান মুছলিম যুৱকৰদ্বাৰা কৰা হিংসাত্মক কাৰ্য্যৰ পাছত চহৰখনৰ কিছুমান ঠাইত সেনা নিয়োগ কৰা হৈছে। মোৰ চিন্তা হ’ল, কলকাতা চহৰলৈকে ট্ৰেইন চলিবলৈ দিবনে ?
ৰমেশ গুপ্তা কোঠাটোলৈ সোমাই আহিল। সি মোক সাৱট মাৰি ধৰি ক’লে, “দেখিলে, মই আহি গ’লোঁ।” এইবুলি উৎসাহেৰে মোলৈ অনা মিঠাইৰ টোপোলা এটা আগবঢ়াই দিলে। “এইটো বাটত খাবলৈ দিছোঁ।” মই ড্ৰিংকৰ এটা নতুন ৰাউণ্ড আৰম্ভ কৰি দিলোঁ আৰু হঠাতে যেন কোঠাটো জীৱন্ত হৈ উঠিল। আমি ফুৰিবলৈ যোৱাৰ কাৰ্য্যসূচী তৈয়াৰ কৰিবলৈ ধৰিলোঁ- সি আৰু তাৰ পৰিবাৰ মাদ্ৰাজ ফুৰিবলৈ আহিব আৰু যেতিয়া মই মোৰ পৰিবাৰক লগত লৈ পুনৰ মোগলছৰাই ফুৰিবলৈ আহিম তেতিয়া কোন কোন ঠাই চাবলৈ যাম ইত্যাদি। “ইয়াৰ পিছৰবাৰ আহিলে আপুনি মোৰ ঘৰত থাকিব লাগিব।” সি ধমকি দিয়া সুৰত তৰ্জনী আঙুলি মোৰ ফালে টোঁৱাই ক’লে, “আৰু নাথাকো বুলি ক’লে নহ’ব।” অহাবাৰ আহিলে মই মোৰ পৰিবাৰক লগত আনিম বুলি তাক কথা দিব লগা হ’ল। মইও একেধৰণৰ কথা তাৰ পৰা ল’লোঁ।
ইতিমধ্যে মদে কথা ক’বলৈ আৰম্ভ কৰিছে। ৰমেশে বন্ধুত্বৰ তত্ত্ব ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰি দিলে। সি ক’লে যে বন্ধুত্ব সমপৰ্য্যায়ৰ মানুহৰ মাজতহে সম্ভৱ হয়। “উদাহৰণ স্বৰূপে আমাৰ কথাই লোৱা যাওক,” সি ক’লে। “আপুনি এজন ডাঙৰ সাংবাদিক, নহয় জানো? কিন্তু মই ইমান পঢ়া-শুনা কৰা নাই যদিও মই নিজৰ টকা-পইছাৰে সেই অভাৱ পূৰ কৰিব পাৰোঁ। সেইফালৰ পৰা আমি সমান, নহয় জানো?”
“হয়।” মই উত্তৰ দিলোঁ।
“দুজন ব্যক্তিৰ মাজত গাঢ় বন্ধুত্ব থাকিব পাৰে, কিন্তু প্ৰত্যেকে সদায় নিজৰ আত্মসন্মানবোধ বৰ্তাই ৰখাটো অতি দৰকাৰী, নহয় নে?” সি সুধিলে ।
“আপোনাৰ মনত আছে নে নাই নাজানো, কিন্তু সেইদিনা সন্ধিয়া আমাৰ সকলোলৈ যেতিয়া আপুনি ড্ৰিংক অনাইছিল, মই চুবলৈকো সংকোচ বোধ কৰিছিলোঁ। আপুনি কথাটো মন কৰিছিল নে নাই?” মই মন কৰা নাছিলোঁ যদিও কৰা বুলিয়েই ক’লোঁ।
“কোনোবা লুভীয়া মানুহৰ দৰে মই যদি সিদিনা মদৰ গিলাছটো জপটিয়াই ধৰিলোহেঁতেন, আপোনাৰ মনত মোৰ প্ৰতি সন্মান নাথাকিল হয়।” সি ক’লে। “কালিলৈ যেতিয়া মই চেন্নাইলৈ যাম আৰু আপুনি মোক মানিবেগটো উলিওৱা দেখিব, মই জানো, মোক বাধা দি আপুনি ক’ব, ‘ৰমেশ ভাই, তুমি চেন্নাইত আছা। তুমি মোৰ আলহী। মই তোমাক কোনো বস্তুৰ দাম দিবলৈ নিদিওঁ।’ নহয় নে? কিন্তু মই যদি সেইনিশা মদৰ গিলাছটো থপিয়াই ধৰি খালোহেঁতেন, আপুনি মোৰ লগত বেলেগ ব্যৱহাৰ কৰিলেহেঁতেন।” মাজৰাতিৰ কিছু পৰৰ পাছত ৰমেশ গ’লগৈ। তাৰ পৰিবাৰে তাৰ কাৰণে বাট চাই থকা বুলি ক’লে। মই ষ্টেচনলৈ ওলাই যোৱালৈকে সি মোক লগ দিব বুলি ভাবিছিলোঁ। সি গুচি যোৱাৰ পাছত মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ট্ৰেইনৰ সময় হৈছে নেকি বুলি বাৰে বাৰে ঘড়ীটো চাবলৈ ধৰিলোঁ। সেইকাৰণে মই বাকী সময়খিনি ষ্টেচনতে পাৰ কৰাৰ সিদ্ধান্ত ল’লোঁ।
ৰিচেপচনলৈ নামি আহি থাকোঁতেই মই মনতে হিচাপটো কৰি পেলালোঁ: দুদিনৰ হোটেলৰ কোঠাৰ ভাড়া মুঠ ২২০ টকা, আগতীয়া ধন ১০০ টকা বিয়োগ কৰি মই দিলোঁ ১২০ টকা।
“ছাৰ, আপোনাৰ বিলৰ মুঠ টকা ৩৩০।” মেনেজাৰজনে মিচিকীয়া হাঁহিৰে ক’লে।
“কিন্তু কোঠাৰ ভাড়া দিনে ১১০ টকা নহয় জানো?”
“হয়, ছাৰ । ১১০ ৰ তিনিগুণ ।”
“কিন্তু মই দুদিন হে আছোঁ।”
“কথাটো হয়। কিন্তু আমি চৌব্বিশ ঘন্টা হিচাপ কৰোঁ। এইয়া, আপুনি ৰেজিষ্টাৰখন চাওক। সেইদিনা ৰাতি আপুনি ১২.০৫ বজাত হোটেলত সোমাইছিল আৰু এতিয়া ৰাতি ১.৩০ হৈছে। আপোনাৰ আঠচল্লিশ ঘন্টাৰ ওপৰ হৈ গৈছে। গতিকে তিনি দিন হৈছে।”
“আপুনি মোক কথাটো আগতীয়াকৈ জনাব লাগিছিল। মোৰ ওপৰত একো কাম নাছিল। তাৰোপৰি মই মাত্ৰ নব্বৈ মিনিট সময় হে অতিৰিক্ত আছো।”
“জানো, ছাৰ। কিন্তু এইটোৱেই ইয়াৰ নিয়ম।” এতিয়া মেনেজাৰটোৱে হাঁহি থকা নাছিল। আনকি মোলৈ চোৱাও নাছিল।
মই দামটো পৰিশোধ কৰিলোঁ। এশ টকাটো ডাঙৰ পৰিমাণ নহয়, কিন্তু সেইটো অযুক্তিকৰ আৰু অবিবেচক আছিল। ৰে’ল ষ্টেচনলৈ খোজ কাঢ়ি গৈ থাকোতে মই ৰমেশলৈ ফোন কৰি এটা অভিযোগ কৰোঁ বুলি ভাবিলোঁ। মোৰ তাক কথাটো জনাবলৈ মন গৈছিল। প্ৰথমবাৰ ফোনটো নুঠালে, আৰু তাৰপাছত তাৰ ফোনটো চুইচ্ অফ দেখালে।
টিকেটত প্ৰস্থানৰ সময়টো ৰাতি ১.৫৫ আছিল, দিল্লীৰ পৰা আহিবলগীয়া ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ীখন মোগলছৰাই পাবহি আৰু মোক হাওৰালৈ নিব। ষ্টেচনত মানুহ আৰু জন্তু, মানে গৰু আৰু কুকুৰৰ ভিৰৰ মাজেদি গৈ মই অনুসন্ধান কেন্দ্ৰৰ খিৰিকীৰ মুখত থিয় হ’লোঁ য’ত এখন বগা বৰ্ডত আহিবলগীয়া বিভিন্ন ৰে’লৰ সময়সূচী হিন্দীত লিখা আছিল। তাত ৰাজধানী এক্সপ্ৰেছৰ বিপৰীতে ‘গয়া’ শব্দটো লিখি থোৱা দেখিলোঁ। মোৰ মনটো মৰি গ’ল।
হিন্দী ভাষাত ‘গয়া’ মানে গ’ল ।
বিভিন্ন ভাবৰ বুৰবুৰণিৰ পাছত মোৰ মনত খেলালে যে ইয়াত গয়া মানে বিহাৰৰ ৰে’ল ষ্টেচনটোৰ কথা কোৱা হৈছে য’ত ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ হাওৰালৈ যোৱা বাটত নিৰ্ধাৰিত ৰখোৱা স্থান পৰে। কিন্তু পিছদিনা ৰাতিপুৱা ৰুটি, মাখন আৰু কাটলেটেৰে ৰে’লৱেৰ ব্ৰেকফাষ্ট খাবলৈ সাৰ পোৱালৈকে মই ঘটনাটোৰ ৰেশৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাছিলোঁ।
(আগলৈ)