চিনেমা চাওঁ আহক ।। কল্যাণী কোঁৱৰ
মোৰ এজন সতীৰ্থ বন্ধুৰ উদ্যোগত চলচ্চিত্ৰ সম্পৰ্কীয় এটি অনুবাদ লেখাৰ জৰিয়তে গুৱাহাটী চিনে ক্লাবৰ লগত প্ৰথম বাৰৰ বাবে জড়িত হোৱাৰ লগতে চিনে ক্লাবটোৱে অনুষ্ঠিত কৰা ১৭ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত ভাগ লোৱাৰ সুযোগ পালোঁ। ১৯৬৫ চনত স্থাপিত হোৱা গুৱাহাটী চিনে ক্লাৱে প্ৰতি বছৰে ডিচেম্বৰ মাহত চলচ্চিত্ৰ উৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যোৱা ডিচেম্বৰৰ ১১ তাৰিখৰ পৰা ১৬ তাৰিখলৈকে দেশী আৰু বিদেশী কেইবাখনো চিনেমা প্ৰদৰ্শিত হয়।
মোৰ অনুবাদ লেখাটো মূল সুঁতিৰ ব্যৱসায়িক চিনেমাৰ বিপৰীত অৱস্থানত থকা দুখন চিনেমা ‘অগৌৰা’(স্পেনিছ) আৰু ‘চিলড্ৰেন অব হেভেন’(ইৰাণী) ৰ বিষয়ে আছিল। ‘অগৌৰা’, চতুৰ্থ শতিকাত খ্ৰীষ্টান ধৰ্মৰ উত্থানৰ সময়ত এগৰাকী নাৰীয়ে ধৰ্মৰ সলনি বিজ্ঞানক অগ্ৰাধিকাৰ দিয়া কাহিনীক লৈ নিৰ্মাণ কৰা চিনেমা আৰু ‘চিলড্ৰেন অব হেভেন’ হৈছে এযোৰ জোতাক কেন্দ্ৰ কৰি দুটি শিশুৰ কোমল মনত সৃষ্টি হোৱা সৰল ভাৱনাৰ কাহিনী। এনেদৰেই চলচ্চিত্ৰ উৎসৱ অনুষ্ঠিত কৰা গুৱাহাটী চিনে ক্লাবৰ দৰে অনুষ্ঠানৰ লগত মোৰ প্ৰথম সম্পৰ্ক আৰম্ভ হয়। মনত কিছু শংকা আছিল মই পঠোৱা চিনেমা বিষয়ৰ লেখাটো এই অনুষ্ঠানৰ আদৰ্শগত দিশৰ লগত মিলা হ’বনে তথা মোৰ পছন্দৰ ধাৰাৰ চিনেমা অনুষ্ঠানটোৱে প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰিবনে? লেখাটো অনুষ্ঠানটোৰ বছৰেকীয়া মুখপত্ৰ ‘চিত্ৰচিন্তা’ ত প্ৰকাশৰ বাবে নিৰ্বাচন হোৱা বুলি গম পাই বুজিলো মোৰ শংকা অমূলক আছিল আৰু লগে লগেই শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যোৱা ট্ৰেইনৰ টিকেট কাটিলো। মোৰ কাৰ্যসূচী এদিনৰ আছিল আৰু সেই অনুসৰি তিনিখন চিনেমা – দুখন অসমীয়া আৰু এখন ফৰাচী চিনেমা উপভোগ কৰিলো।
বৰ্তমান বজাৰৰ উৰ্ধমুখী দামে চিনেমাহলত চিনেমা এখন সকলোৰে বাবে উপভোগ্য কৰি তুলিব পৰা নাই । হলত এটা টিকেটৰ সৰ্বনিম্ন দাম ১৫০/২০০ টকাৰ পৰা আৰম্ভ হয়। তেনেস্থলত গুৱাহাটী চিনে ক্লাবে অনুষ্ঠিত কৰা চলচ্চিত্ৰ উৎসৱত মাত্ৰ ৫০ টকাৰ টিকেটত বিদেশী চিনেমাও উপলব্ধ আৰু দেশীয় বা অসমীয়া চিনেমাৰ প্ৰথম দৰ্শনী চোৱাৰ আনন্দও ল’ব পাৰি। কিন্তু অতি দুখৰ বিষয় যে প্ৰথম দৰ্শনীৰ চিনেমাখনৰ বাহিৰে আনবোৰ চিনেমাৰ দৰ্শক তেনেই এমুঠিমান। তাৰ কাৰণ হয়তো অনুষ্ঠানটোৱে যেনেধৰনে প্ৰচাৰ কৰিব লাগিছিল, তেনেধৰনে কৰা নাই। তাৰোপৰি অসমত অব্যৱসায়িক তথা ভাৱ উদ্ৰেককাৰী চিনেমা চোৱাৰ এটা পৰিৱেশ গঢ় লৈ উঠা নাই। এনে উৎসৱত ভাগ লৈ আৰু এটা বিশেষ অভিজ্ঞতা হ’ল- চিনেমা এখন শেষ হোৱাৰ পাছত এজন বা দুজন সমালোচকে চিনেমাখনৰ ওপৰত একোটা বক্তব্য ৰাখে আৰু তেওঁলোকক সম্বৰ্ধনা জনাই দৰ্শকৰ সন্মূখত চিনাকি কৰি দিয়ে। প্ৰথম দৰ্শনীৰ চিনেমাখনৰ প্ৰায় সকলোবোৰ কলা-কুশলীয়ে তাত উপস্থিত আছিল আৰু দৰ্শকৰ লগত একে শাৰীতে বহি চিনেমা উপভোগ কৰিছিল আৰু পৰিচালকজনে চিনেমাখন সৃষ্টিৰ নেপথ্যৰ কাহিনী দৰ্শকৰ আগত ব্যক্ত কৰিছিল। এনেবোৰ কথাই মোৰ দৰে সাধাৰণ এজন দৰ্শকক যথেষ্ট অনুপ্ৰাণিত কৰিলে।
ল’ৰালিতে টাওকাক চাহ বাগিছাৰ কলঘৰৰ বাকৰিত দুৰ্গা পূজা আৰু লক্ষ্মী পূজাত বগা কাপোৰৰ পৰ্দাত চিনেমা চোৱা মনত পৰে। ডাঙৰ পৰ্দাত জীৱনৰ প্ৰথম চিনেমা চোৱাৰ অভিজ্ঞতা হৈছিল, একো বুজি নোপোৱাকৈ। কিন্তু চিনেমা চাবলৈ অহা বাগিছাৰ চাহ শ্ৰমিক সকলক চিনেমাৰ কাহিনী তথা চৰিত্ৰৰ লগত একাত্ম হৈ পৰা দেখি বৰ ভাল লাগিছিল। পিছত আমাৰ ঘৰলৈ টি ভি ৰ আগমন ঘটোতে দেওবাৰে দুপৰীয়া আঞ্চলিক ভাষাৰ চিনেমাকে ধৰি হিন্দী ভাষাৰ চিনেমাবোৰ চাইছিলো। লাহে লাহে চিনেমা চোৱাৰ অভ্যাস এটা গঢ় লৈ উঠিছিল, বুজি উঠিছিলো যে ই এনে এক কলা যি চাওঁতাজনৰ লগত আটাইতকৈ সোনকালে আৰু সহজে যোগসূত্ৰ স্থাপন কৰে যাৰ ভিত্তিতে চৰিত্ৰই কান্দিলে দৰ্শকেও কান্দে আৰু হাঁহিলে হাঁহে।
চিনেমা এখনক আলোচনা কৰাৰ থল বহুত আছে- চিত্ৰনাট্য, পৰিচালনা, অভিনয় দক্ষতা, সংগীতৰ ব্যৱহাৰ ও প্ৰয়োগ, কেমেৰাৰ কাৰিকৰী দিশ ইত্যাদি। এনে বিষয়ৰ বিশ্লেষক তথা চিনেমাৰ সমালোচক মই নহওঁ। এজন সাধাৰণ দৰ্শক হিচাপে, চলচ্চিত্ৰ উৎসৱত মই চোৱা চিনেমা কেইখনে মোক মানৱীয় সম্পৰ্ক, মানুহৰ মনস্তত্ত্ব, সমাজ ব্যৱস্থা সমন্ধে বহুতো উত্তৰ বিচাৰি পোৱাত সহায় কৰাৰ লগতে মনত কিছুমান প্ৰশ্নৰ উন্মেষ ঘটোৱা অনুভৱবোৰ পাঠকৰ আগত ব্যক্ত কৰিব খুজিছোঁ।
ইতি তোমাৰ
বিজ্ঞাপন প্ৰচাৰৰ পৰা নতুনকৈ চিনেমা পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা পাৰভেজ আহমেদৰ এখন মন পৰশা চিনেমা ‘ইতি তোমাৰ’। বিদেশত প্ৰেমহীন সাংসাৰিক জীৱন অতিবাহিত কৰাৰ পাছত জীৱনৰ অপৰাহ্ন বেলাত অমৰ হাজৰিকাই নিজৰ জন্মস্থানলৈ ঘূৰি আহে শৈশৱৰ লগৰী, যৌৱনৰ প্ৰেয়সী মানসী গোস্বামীৰ সন্ধানত। একেলগে খেলা-ধুলা আৰু পঢ়া-শুনাৰ মাজেৰে অমৰ আৰু মানসী ডাঙৰ হয়, কৈশোৰ অতিক্ৰমি যৌৱনত ভৰি দিয়ে। দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হয়। অমৰ পঢ়াত ভাল। সি মানসীক পঢ়ুয়াই, তাইক উৎসাহিত কৰে অধ্যয়নৰ প্ৰতি। কিতাপ, কিতাপৰ মাজত চিঠিৰ আদান-প্ৰদানৰ মাজেৰে সিঁহতৰ ভালপোৱাৰ বিনিময় ঘটে, মান-অভিমানেৰে ভৰা যৌৱনৰ প্ৰথম প্ৰেম গাঢ়ৰ পৰা গাঢ়তৰ হয়। কৈশোৰ-যৌৱনৰ মানসী আৰু অমৰৰ প্ৰেমে আমাকো সেই অতীতলৈ নিৰ্বিঘ্নে লৈ যাব – জনা-অজানা এক আৱেগত দুৰু দুৰু কম্পিত হৃদয়ৰ স্পন্দনৰ স্মৃতি নিশ্চয়কৈ ৰোমন্থন কৰিব।
ভদ্ৰ, অমায়িক, পঢ়াত চোকা অমৰক মানসীৰ ঘৰখনে তথা মানসীৰ মাকে খুব মৰম কৰে আৰু জীয়েকৰ পঢ়াৰ দায়িত্ব একপ্ৰকাৰ অমৰৰ হাততে অৰ্পন কৰে। উচ্চাকাংক্ষী অমৰৰ বিলাতত পঢ়াৰ মন। বিলাতলৈ যোৱাৰ আগতে মানসীক বিয়া কৰাই লগত লৈ যাব। এই সিদ্ধান্তমৰ্মে মানসীৰ মাকৰ আগত অমৰে প্ৰস্তাৱ ৰাখিলে। ইমানদিনে দুয়োটাৰ মিলা-মিছাক অনুমোদন দি থকা মানসীৰ মাকে জাত-পাতৰ দোহাই দি প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে। জীয়েকৰ শৈশৱ- কৈশোৰৰ লগৰী, পঢ়া-শুনা তদাৰক কৰা লগ হিচাপে অমৰক অনুমোদন দিব, কিন্তু বিবাহৰ অনুমোদন কেতিয়াও দিব নোৱাৰে। নিজৰ প্ৰয়োজনত বা স্বাৰ্থতহে মাকে অমৰক নিজৰ ছোৱালীৰ লগত মিলা-মিছা কৰিবলৈ দিছিল। মাকৰ কথাৰ একো প্ৰতিবাদ মানসীয়ে নকৰিলে, মাথো সাম্ভাব্য বিচ্ছেদৰ স্পষ্টতাই তাইক ম্ৰিয়মান কৰি তুলিলে। মাকৰ বিৰুদ্ধে যোৱাৰ সাহস মানসীৰ নহ’ল আৰু অমৰে বেলেগ ছোৱালী এজনীক বিয়া পাতি বিদেশলৈ গুচি যায়। মানসীৰ মাকে সিঁহতৰ মাজত থকা আন্তৰিক সম্পৰ্কক বিচাৰ নকৰি, অমৰক একপ্ৰকাৰ অপমান কৰিলে আৰু নিজৰ সন্তান মানসীয়ে পাব পৰা মনোকষ্টৰ বিষয়ে এবাৰো নাভাবিলে। অমৰে মানসীক ভাল পায়। তেনে ক্ষেত্ৰত তাইৰ সন্মূখতে আন এগৰাকীৰ লগত যুগ্ম জীৱন কেনেকৈ আৰম্ভ কৰিব পাৰিলে!? অমৰে মানসী আৰু তাইৰ মাকৰ ওপৰত যেন পোতক ল’লে! প্ৰেমে(?) প্ৰতিশোধৰ ৰূপ পালে। প্ৰথম প্ৰেমৰ তীব্ৰ সুবাস ক’ৰবাত হেৰাই গ’ল।
অৱশেষত অমৰে মানসীক লগ পালে। অমৰক লগ পোৱাৰ পাছত মানসীয়ে গোটেই জীৱন প্ৰথম প্ৰেমৰ বিচ্ছেদৰ যন্ত্ৰণাত ভূগি থকাৰ কথা স্বীকাৰ কৰি কয়, “মোৰ মনে সদায় তোমাক বিচাৰিছিল। মোৰ স্বামীৰ সৈতে হোৱা নিভৃততম সময়ত মই সদায় ধৰ্ষিতা হোৱা যেন অনুভৱ কৰিছিলো।” লোকচক্ষুৰ অলক্ষিতে হৃদয়ৰ নিভৃত কোণত গোপনে নিজৰ আশা আকাংক্ষা সাঁচি ৰাখি এগৰাকী নাৰীয়ে স্বামী আৰু সন্তানসহ এখন পৰিপূৰ্ণ সংসাৰ পালন কৰিব জানে। চিনেমাৰ শেষত বিদেশলৈ ঘূৰি যাবলগীয়া অমৰ মানসীৰ ওচৰলৈ ঘূৰি যায়। ডেকা বয়সত মানসীৰ প্ৰতি কৰা অন্যায়ৰ বাবে অনুতপ্ত হৈ অমৰে এই সিদ্ধান্ত ল’লে নে তেওঁৰ প্ৰতি থকা মানসীৰ ভালপোৱাক সন্মান জনায়?
Delicieux ( Delicious)
পৰিচালক এৰিক বেছনাৰ্ড (Eric Besnard) য়ে ফ্ৰান্সত প্ৰথমখন ৰেষ্টুৰাঁ সৃষ্টিৰ আঁৰত থকা এটা অৱজ্ঞাৰ কাহিনীক অতি কলা সুলভ ভাৱে উপস্থাপন কৰে। ফৰাচী বিপ্লৱৰ আগৰ এই কাহিনীটোত সেই সময়ৰ এখন সমাজ, এটা ব্যৱস্থাক দৰ্শকৰ সন্মূখত তুলি ধৰাটো যথেষ্ট প্ৰত্যাহ্বানজনক। পৰিচালকজনে সেই প্ৰত্যাহবান গ্ৰহণ কৰাই নহয়, তাক অতিক্ৰম কৰিবলৈও সক্ষম হৈছে।
সমাজৰ শ্ৰেণীগত অৱস্থান অনুসৰি খাদ্যবস্তুৰ মূল্য তথা তাৰ সোৱাদ যেন ভিন্ন হৈ উঠে। ধনীক শ্ৰেণীৰ বাবে খাদ্য ভোক নিবাৰণৰ উপাদান নহৈ বহুসময়ত যেন বিলাসিতা হৈ পৰে। সেইবাবে খাদ্যৰ যি সোৱাদ তাক প্ৰকৃততে ধনী ব্যক্তিয়ে উপভোগ কৰিব নোৱাৰে। ‘ভোকৰ ভাত’ বুলি আমি যি কওঁ, তাৰ প্ৰকৃত মূল্যায়ন ভোকত থকা বা ভোক চিনি পোৱা মানুহে দিব পাৰে।
ফ্ৰান্সৰ সম্ভ্ৰান্ত ব্যক্তি ডিউক (Duke of Camfort) পৰিয়ালৰ সুদক্ষ ৰান্ধনি পিয়েৰী ম্যানছাৰণ (Pierre Manceron)। এবাৰ ডিউকৰ ৰন্ধন তালিকাত পিয়েৰীয়ে নিজৰ পছন্দত ৰন্ধা এবিধ খাদ্য অন্তৰ্ভুক্ত কৰিছিল। সেই খাদ্য সোৱাদ লগা হৈছিল যদিও ডিউকৰ আলহী বন্ধুৱে অপছন্দ কৰাৰ বাবে পিয়েৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। মনৰ বেজাৰত পিয়েৰীয়ে গাঁৱত এৰি থৈ যোৱা নিজৰ ঘৰলৈ গুচি আহে আৰু তাত লুইছক লগ পায়। লুইছে পিয়েৰীৰ তত্বাৱধানত ৰন্ধন বিদ্যাৰ নতুন নতুন প্ৰক্ৰিয়া শিকিব বিচাৰে, যিবোৰ ৰন্ধনৰ যোগেদি সি ডিউকক আপ্যায়ন কৰিছিল। কিন্তু পিয়েৰীয়ে মনত পোৱা আঘাতৰ লগতে ‘সেই ৰন্ধন প্ৰক্ৰিয়াবোৰৰ দ্বাৰা তৈয়াৰ কৰা খাদ্য ডিউক তথা সেই অভিজাত পৰিয়ালক পৰিৱেশন কৰিবৰ কাৰণে, আন সাধাৰণ মানুহৰ বাবে নহয়’ ৰ দৰে এটা সেৱাৰ মনোভাৱ পোষণ কৰি চলিছিল যাৰবাবে সি নিজে ভাল পোৱা ৰন্ধন কামটো কৰাৰ পৰা বিৰত আছিল আৰু লুইছকো শিকাবলৈ মান্তি হোৱা নাছিল। লুইছ, তাইৰ সিদ্ধান্তত অটল আছিল। পিয়েৰীৰ প্ৰতি থকা তাইৰ মৰম আৰু ৰন্ধন কলাৰ প্ৰতি থকা একাগ্ৰতাৰ বাবে পিয়েৰীয়ে তাইক শিকাবলৈ বাধ্য হৈছিল।
সুস্বাদু খাদ্য ৰন্ধাত পাকৈত পিয়েৰীৰ খাদ্যৰ সোৱাদ যে অন্যতম সেই কথাটো লুইছে সিঁহতৰ গাঁৱৰ মানুহৰ আগত প্ৰতিষ্ঠা কৰে। ডিউকৰ মানুহে পিয়েৰীক অৱজ্ঞা কৰাৰ বিপৰীতে গাঁৱৰ মানুহে পিয়েৰীয়ে ৰন্ধা খাদ্যৰ সোৱাদৰ ভূয়সী প্ৰশংসা কৰাত পিয়েৰীৰ আত্মবিশ্বাস ঘূৰি আহে। পিয়েৰীৰ খাদ্যৰ প্ৰকৃত মূল্যায়ন গাঁৱৰ মানুহখিনিয়েহে কৰিলে। পিয়েৰী আৰু লুইছ দুয়োজনে মিলি ৰন্ধা-বঢ়াৰ প্ৰতি থকা আকৰ্ষণক পুনৰ সজীৱ কৰি তোলে। এইক্ষেত্ৰত লুইছক পিয়েৰীৰ পুত্ৰ বেঞ্জামিনে সহায় কৰে। বেঞ্জামিনে খুব কিতাপ পঢ়ে আৰু সি পৰিৱৰ্তনত বিশ্বাসী। দেউতাক ডিউকৰ দাসত্বৰ পৰা মুক্ত হৈ নিজৰ ৰন্ধন কলাৰ জৰিয়তে স্বতন্ত্ৰভাৱে প্ৰতিষ্ঠিত হোৱাটো বেঞ্জামিনে বিচাৰে। পিয়েৰী, লুইছ আৰু বেঞ্জামিনে শ্ৰেণী নিৰ্বিশেষে সকলোৰে বাবে সুলভ মূল্যৰ বিনিময়ত খাদ্য ৰন্ধা আৰু পৰিৱেশন কৰা আৰম্ভ কৰে। লুইছে গাঁৱৰ মহিলাকো এই কামত জড়িত কৰাই স্বনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাই। এনেদৰেই এক নতুন উন্মেষণ- ৰেষ্টোৰাঁ বা খাদ্য বিপনী মুকলি হয়। আতিথ্য আৰু সামাজিক পৰিৱৰ্তনৰ নতুন যুগৰ আৰম্ভণি ঘটে।
মজ’লি : ভগ্ন হৃদয়ৰ এটা দ্বীপ
পৰিচালক নৱজ্যোতি বৰাৰ দ্বাৰা নিৰ্মিত মজ’লি- ভগ্ন হৃদয়ৰ এটা দ্বীপ (Mojoli : an island of broken heart), চিনেমাখনৰ প্ৰথম দৰ্শনী অনুষ্ঠিত কৰা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ এটা দ্বীপত ৩৫ বছৰ ধৰি অকলশৰীয়াকৈ থকা এজন ব্যক্তিক লৈ নিৰ্মাণ কৰা এটা কাহিনীয়েই হৈছে মজ’লি চিনেমাখন।
নিজকে মজ’লিৰ ৰজা বুলি কৈ গৰ্ব বোধ কৰা ‘ৰাজা’ ই দ্বীপটোত নিসংগ এটা জীৱন কটাই অহাৰ অন্তৰালত অতীতৰ এটা ৰহস্য আছে। সেই ৰহস্য ভেদ কৰে এক বিদেশী দম্পতিয়ে। পৃথিৱী বৃহত্তৰ নদীদ্বীপ মাজুলী ফুৰিবলৈ আহোঁতে ব্ৰহ্মপুত্ৰৰ বালিত জাহাজখন লাগি ধৰাত সেই বিদেশী দম্পতিহালে ৰাজাক আৱিষ্কাৰ কৰে। লোকবসতি নথকা দ্বীপটোত কিহৰ তাড়নাত তেওঁ তাত থাকে, সেই প্ৰশ্নৰ উত্তৰৰ সন্ধানত সিঁহতিও ৰাজাৰ লগতে থাকিবলৈ লয়। প্ৰথম অৱস্থাত ৰাজাই প্ৰশয় দিয়া নাছিল যদিও লাহে লাহে সিঁহতক সংগ দিবলৈ লয় আৰু আৱিষ্কাৰ হয় যে ৰাজা ইংৰাজী ভাষা বুজি পোৱা এজন শিক্ষিত মানুহ। খেতি-বাতি কৰি, গৰু পুহি দ্বীপটোতে তেওঁ জীৱন ধাৰণৰ উপায় উলিয়াই লৈছে আৰু আন প্ৰয়োজনীয় বস্তুবোৰ বাল্যকালৰ বন্ধু এজনে ৰাজাক যোগান ধৰে। লাহে লাহে অচিনাকি বিদেশী বন্ধু হৈ উঠে। অচিনাকি ব্যক্তিৰ আগত মনৰ গভীৰ কোণত সোমাই থকা বেথা যেন সহজে ব্যক্ত কৰিব পাৰি!
বেউলা! মজ’লি দ্বীপৰ পৰা এটা সুঁতি পাৰ হ’লেই সিঁহতৰ গাঁৱখন। ৰাজা আৰু বেউলাৰ গাঁৱখন। বেউলা আৰু অসুখীয়া মাক, আত্মসন্মানবোধ থকা দুখীয়া এখন ঘৰ। ৰাজাৰ ঘৰখন জমিদাৰৰ ঘৰ। দেউতাক টকা আৰু ক্ষমতাৰ বলেৰে বলিয়ান। ৰাজাৰ ককায়েকৰ স্বভাৱ উতনুৱা, জমিদাৰী বাপেকৰ ল’ৰা যে! ৰাজা অমায়িক, কলেজত পঢ়ি থকা চফল ডেকা। বেউলা আৰু তাৰ মাজত এটা আন্তৰিক সম্পৰ্ক আছে।
এদিন বেউলাক ৰাস্তাত ধৰি ৰাজাৰ ককায়েকে অপমান কৰে। তাৰ ন্যায় বিচাৰি তাই দেউতাকক গোচৰ দিয়ে আৰু ৰাজাক প্ৰশংসা কৰি তাৰ প্ৰতি থকা তাইৰ অনুৰাগৰ কথা ব্যক্ত কৰে। ন্যায়ৰ আস্থা ৰখা জমিদাৰ দেউতাকে বেউলাক ঘৰত মাক নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে। টকা আৰু ক্ষমতাৰ ৰাগীয়ে মানুহক কিমান নিলাজ কৰিব পাৰে! নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰাজনৰ কেনে স্খলন! আন জীৱকুলত স্ত্ৰী জাতি ধৰ্ষিতা হয় নে!? সেই সময়তে বেউলাক মনৰ কথা ক’বলৈ যোৱা ৰাজাই ঘটনাটো প্ৰত্যক্ষ কৰে। নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা এটা পৰিস্থিতিত সি কিংকৰ্তব্যবিমোৰ হৈ পৰে। বেউলাৰ মাকে জীয়েকৰ এনে অৱস্থা সহ্য কৰিব নোৱাৰে আৰু মনৰ শোকত মৃত্যুবৰণ কৰে। ইমানবোৰ ঘটনা হৈ যোৱাৰ পাছতো দেউতাকে ৰাজাক বেউলাৰ লগত সম্পৰ্ক ৰখাৰ বাবে তিৰস্কাৰ কৰে। ৰাজাৰ বাবে দেউতাকৰ ব্যৱহাৰ অসহ্যকৰ হৈ উঠে আৰু তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে দূৰ্ঘটনাবশত: দেউতাক আঘাতপ্ৰাপ্ত হয় আৰু মৃত্যু ঘটে।
একমাত্ৰ ৰাজাই জানে প্ৰকৃত সত্যটো কি। অতি আপোনজনে বিশ্বাসঘাটকতা কৰিলে মানুহৰ প্ৰতি আস্থা কমি যায়, অকলশৰীয়া জীৱন এটাই যেন শ্ৰেয় হৈ পৰে। মানসিকভাৱে অস্থিৰ হৈ পৰা বেউলাক সেই পৰিৱেশৰ পৰা আঁতৰাই আনি, দুয়ো নতুনকৈ এটা জীৱন গঢ়াৰ সংকল্পৰ প্ৰস্তাৱ তাইৰ আগত ৰাখি ৰাজাই এই মজ’লিত এটা ঘৰ সাজে। সন্তানসম্ভৱা বেউলাক লৈ সি সপোন দেখে। সি জানে বেউলাৰ গৰ্ভৰ সন্তানৰ ৰহস্য। কিন্তু বেউলাই সি দেখা সপোনত হয়ভৰ দিব নোৱাৰে । তাই আত্মহননৰ পথ বাছি লয়। বেউলাৰ অনুপস্থিতিটো তাইৰ উপস্থিতি সদায়েই অনুভৱ কৰা ৰাজাই মজ’লি এৰি যাব নোৱাৰে। মজ’লিয়ে তাৰ জীৱন হৈ পৰে। এটা কৰুণ কাহিনী। বেউলাৰ লগত সংঘটিত হোৱা ঘটনাটোৱে তাইৰ আৰু ৰাজাৰ সম্পৰ্কটোক তাইৰ সন্মূখত জটিল কৰি তুলিলে। ৰাজাৰ নিঃস্বাৰ্থ মৰম ভালপোৱাইও সেই জটিলতাক অতিক্ৰম কৰিব নোৱাৰিলে।
সমাজৰ বিভিন্ন প্ৰেক্ষাপটৰ পৰা চিনেমা এখনৰ কাহিনীৰ জন্ম হয়, যাক সমাজ-ৰাজনৈতিক দৃষ্টিকোণেৰে ফঁহিয়াই বিচাৰ কৰিব পাৰি বা কৰা হয়। ঠিক বিপৰীতে চিনেমাই সমাজৰ সমাজ-ৰাজনৈতিক দিশটোক প্ৰভাৱিত কৰি থাকে। আনহাতে সমান্তৰাল চিনেমাই সমাজ পৰিৱৰ্তনৰ দাবী কৰে। চিনেমা, ইমান শক্তিশালী এটা মাধ্যম যে, ই পোনপটীয়াকৈ এজন ব্যক্তিক প্ৰভাৱিত কৰে। ভাল কিতাপ পঢ়াতো যেনেকৈ এটা সুৰুচীপূৰ্ণ কাম ঠিক তেনেদৰে এখন ভাল চিনেমা চোৱাটোও। চিনেমা চোৱা সংস্কৃতি এটা গঢ় দিয়াৰ ক্ষেত্ৰত বহু অনুষ্ঠানে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাৰ ভিতৰত গুৱাহাটী চিনে ক্লাব এটা অন্যতম অনুষ্ঠান । চিনেমা চোৱা সংস্কৃতি এটা গঢ়ি তোলাৰ আহ্বান জনাই সকলোকে কওঁ- চিনেমা চাওঁ, আহক।