অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (দ্বিতীয় বছৰ)দ্বিতীয় বছৰ

চিনেমাৰ শৈল্পিক ভ্ৰমণত নিৰ্দেশকৰ ভূমিকা – (অমৰদীপ গগৈ)

অসমীয়া চিনেমাৰ ক্ষেত্ৰত সততে উঠা এটা অভিযোগ হ’ল, চিনেমাবোৰ লেহেমীয়া আৰু কাৰিকৰী ক্ষেত্ৰত অত্যন্ত দুৰ্বল। একাশী বছৰীয়া অসমীয়া চিনেমাৰ যাত্ৰাপথত এই অভিযোগ বহু পৰিমাণে সত্য। সঁচাকৈ সৰহভাগ অসমীয়া চিনেমাৰ ক্ষেত্ৰতে এই দুৰ্বলতা দেখা যায়। ইয়াৰ মাজতে কিন্তু স্বীকাৰ কৰিব লাগিব, বহুকেইজন অসমীয়া চিনেমাৰ পৰিচালক এই দুৰ্বলতাবোৰৰপৰা মুক্ত। পৃথিৱীৰ আধুনিকতম শিল্পমাধ্যম চিনেমা সম্পূৰ্ণভাৱে কাৰিকৰী দিশৰ ওপৰত নিৰ্ভৰশীল। চিনেমাৰ ভাষা সদায়ে কেমেৰাৰ লেঞ্চৰ ওপৰত নিৰ্ভৰ কৰে। পৰিচালকৰ দৃষ্টিকোণে এই ক্ষেত্ৰত সৃষ্টিশীলতাৰ কাম কৰে। চিনেমাত যদিও বহু লোকৰ পৰিশ্ৰম জড়িত হৈ থাকে, মূলতঃ কিন্তু পৰিচালকৰ সপোনৰূপে ইয়াক তুলি ধৰা হয়। আদৰ্শ চিনেমা সদায়ে পৰিচালকৰ মাধ্যম হৈ আহিছে। গতিকে আমি ক’ব পাৰোঁ, পৰিচালকৰ দক্ষতাৰ ওপৰতে চিনেমা এখনৰ মান নিৰ্ভৰ কৰে। যিহেতু চিনেমা এখনৰ সৃষ্টিশীলতা সম্পূৰ্ণভাৱে কাৰিকৰি-নিৰ্ভৰ, গতিকে ইয়াক নিৰ্মাণ কৰিবলৈও কাৰিকৰী দক্ষতাৰ প্ৰয়োজন। চিনেমা নিৰ্মাণত পৰিচালকৰ যদি কাৰিকৰী দক্ষতা নাথাকে, তেওঁৰ সহযোগীসকল দক্ষ হ’লেও সফলতা নাহে। কাৰণ পৰিচালকৰ নিৰ্দেশতহে চিত্ৰগ্ৰহণকাৰীয়ে চিত্ৰগ্ৰহণ কৰে, শব্দযন্ত্ৰীয়ে শব্দগ্ৰহণ কৰে ইত্যাদি। গতিকে পৰিচালক কাৰিকৰীভাৱে দক্ষ হোৱাটো যথেষ্ট প্ৰয়োজনীয়। কিন্তু অসমীয়া চিনেমাৰ ক্ষেত্ৰত পৰিচালকসকলৰ দুৰ্বলতাসমূহ দুখ লগাকৈ প্ৰকট হৈ পৰে। ফলত চিনেমাসমূহতে ইয়াৰ প্ৰতিফলন ঘটে আৰু দৰ্শকে চাই ৰস নাপায়। পৰিচালকজন দক্ষ মানে এইটো নহয় যে তেওঁ সকলো বিষয়তে বিশেষজ্ঞ হ’ব লাগিব। কিন্তু চিনেমাৰ লগত জড়িত প্ৰতিটো বিষয়ৰ সম্যক জ্ঞান তেওঁৰ লাগিব। তেতিয়াহে তেওঁ বিষয় এটা চিনেমাত তুলি ধৰিবলৈ সক্ষম হ’ব। নহ’লে তেওঁ কাৰিকৰী দিশৰ অন্যান্য সহযোগীসকলৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিব লাগিব আৰু তেওঁলোকক নিৰ্দেশ দিয়াৰ অধিকাৰ হেৰুৱাব। আধুনিকতম কলা হিচাপে চিনেমাত পৃথিৱীৰ অন্য সমস্ত কলা জড়িত হৈ আছে। বাণিজ্য, শিল্পকলা, সংগীত, শব্দ আদি চিনেমা এখনৰ অংশ হিচাপে বিবেচিত হৈ আহিছে। গতিকে চিনেমা এখন নিৰ্মাণ কৰিবলৈ লোৱাৰ আগতে পৰিচালকে এই কলাসমূহৰ অধ্যয়ন কৰাটো অত্যন্ত জৰুৰী। কিন্তু অসমীয়া চিনেমা নিৰ্মাতাসকলৰ এই ক্ষেত্ৰত অধ্যয়নৰ অভাৱ পৰিলক্ষিত হয় (সকলো নিৰ্মাতা নহয়)। কবিতা এটা নপঢ়া, পেইন্টিং এখন নোচোৱা, সৰ্বোপৰি ভাল চিনেমা এখন নোচোৱা বহু নিৰ্মাতা আমি লগ পাইছো। দৃশ্য এটি কৰিবলৈ কেমেৰাটো ক’ত বহাব, সেয়াও নজনা নিৰ্মাতা বহু দেখিছোঁ। এনে নিৰ্মাতাসকলৰ ছবিবোৰতে সাধাৰণতে কাৰিকৰী দিশসমূহৰ দুৰ্বলতা বেছিকৈ দেখা যায়। বৰ্তমান চিনেমা এখন নিৰ্মাণ কৰাটো যথেষ্ট সহজ হৈ পৰিছে। ডিজিটেল মাধ্যমেৰে সকলো কথা উজু কৰি তুলিছে। কিন্তু আমি মনত ৰাখিব লাগিব, মাধ্যম যিমানে সহজ-সৰল হয়, সিমানে উত্তীৰ্ণ হোৱাৰ দক্ষতা হ্ৰাস পায়। এতিয়া যিকোনো এটা কেমেৰাত চিনেমা এখনৰ দৃশ্যগ্ৰহণ কৰাটো সহজ, কিন্তু তাৰ নান্দনিক সৌন্দৰ্য অটুট ৰখাটো খুবেই টান। চিনেমাক আমি শিল্প বুলি স্বীকৃতি দিছো যেতিয়া, তাৰ শিল্পগুণ অটুট ৰখাটো খুবেই প্ৰয়োজনীয়। শিল্পগুণ-বৰ্জিত পণ্য এটি বিক্ৰী হ’ব পাৰে, কিন্তু তাৰ কোনো মূল্য নাথাকে, অৰ্থাৎ বজাৰত বিক্ৰী কৰিবলৈও বস্তু এটাৰ গুণগত মান ভাল হ’ব লাগিব। নহ’লে সি ক্ষণস্থায়ী হ’বলৈ বাধ্য। অসমীয়া চিনেমাৰ ক্ষেত্ৰতো কথাটো সঁচা। মাজে মাজে দুই-এখন চিনেমা দৰ্শকে আঁকোৱালি লয়। কিন্তু তাৰ পাছতে ইমান বেয়া চিনেমা ছবিগৃহলৈ আহে যে দৰ্শকে পুনৰ ছবিগৃহলৈ আহিবলৈ বাদ দিয়ে। গতিকে নিৰ্মাতাসকলে চিনেমাৰ বিষয়ে শিকি-বুজি আহিলে অসমীয়া চিনেমা জগতখন ঠন ধৰি উঠিব। উদ্যোগ হিচাপে স্বীকৃতি পাব।

আমি সৰুতে ঘৰখনত বা বিদ্যালয়খনত ‘ক, খ, A, B, C, D’ যেনেকৈ শিকো, তেনেকৈ শিল্প-সাহিত্যৰ বিষয়েও শিকাটো উচিত। ভাল কবিতা এটা, ভাল উপন্যাস এখন, ভাল পেইন্টিং এখন চাবলৈ যেনেকৈ চৰ্চা কৰিব লাগে, ভাল চিনেমা এখন চাবলৈও চৰ্চা এটিৰ দৰকাৰ। কিন্তু আমি দেখিছোঁ, অসমৰ নিৰ্মাতাসকলৰ এই ক্ষেত্ৰত চৰ্চাৰ অভাৱ। ম’বাইল এটা চলাবলৈ যিদৰে আমি শিকোঁ, যিমান কষ্ট কৰোঁ তাৰ এশভাগৰ এভাগো শিল্পকলাৰ ক্ষেত্ৰত বুজিবলৈ কষ্ট নকৰো। আমি হলিউড-বলিউডে যি কেমেৰাত কাম কৰে সেই কেমেৰাত কাম কৰিলেও সফলতা নাপাওঁ। কাৰণ সেই এটাই – চৰ্চাৰ অভাৱ। চিনেমা এখনৰ নিৰ্মাণ কাৰিকৰী জ্ঞানৰ ওপৰত নিৰ্ভৰশীল হ’লেও নান্দনিক সৌন্দৰ্যইহে ইয়াক সাৰ্থক কৰি তোলে। কাৰিকৰী জ্ঞান আৰু নান্দনিকতা, এই দুয়োটাৰ সংমিশ্ৰণতহে ভাল চিনেমা এখন নিৰ্মিত হয়। গতিকে প্ৰতিটো ক্ষণতে দুয়োটাৰ বিষয়ে চৰ্চা চলি থাকিব লাগিব। বৰ্তমান অসমীয়া চিনেমা জগতৰ বাবে আশাৰ বতৰা হৈছে, বহু যুৱক-যুৱতী ওলাই আহিছে চিনেমা নিৰ্মাণ কৰিবলৈ। যিসকলৰ অধ্যয়নশীল এটা মন আছে আৰু দেশ-বিদেশত কি চলি আছে সেই বিষয়ে উৎসুকতা আছে; চিনেমাক তেওঁলোকে শিল্পৰ মৰ্যাদা দিয়ে আৰু ভাল চিনেমা নিৰ্মাণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। গতিকে আমি আশা কৰিব পাৰোঁ, অনাগত দিনত অসমীয়া চিনেমাই জগতত খোপনি পুতিবলৈ সক্ষম হ’ব।

(নাজিৰাত জন্মগ্ৰহণ কৰি যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰপৰা আনুষ্ঠানিক শিক্ষা সাং কৰা অমৰদীপ গগৈ এগৰাকী নিষ্ঠাৱান চুটি চলচ্চিত্ৰ নিৰ্মাতা। ‘আড্ডা চুটি ছবি মহোৎসৱ’ৰ প্ৰতিষ্ঠাপক।)

One thought on “চিনেমাৰ শৈল্পিক ভ্ৰমণত নিৰ্দেশকৰ ভূমিকা – (অমৰদীপ গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *