নিবন্ধবিবিধ চিন্তা

‘Coming Out As a Dalit’ : এক আলোচনা ।। প্ৰাৰ্থনা গগৈ

মুক্ত চিন্তা, ১০ম বছৰ, ৫ম সংখ্যা
লেখক সাংবাদিক ইয়াশিকা দত্তৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘Coming Out as a Dalit’ এখন ভাৰতীয় ইংৰাজী সাহিত্যৰ উল্লেখযোগ্য গ্ৰন্থ। ২০২০ বৰ্ষত সাহিত্য একাডেমী যুৱ পুৰস্কাৰেৰে সন্মানিত এইখন গ্ৰন্থই সম্প্ৰতি পশ্চিমীয়া দেশবোৰতো খলকনি তুলিছে। আমাৰ উচ্চ স্তৰৰ সাহিত্য আলোচনীত যেতিয়া মনুসংহিতাৰ সমৰ্থনত প্ৰৱন্ধ লিখা হৈছে, সেই সময়ত বৰ্ণবাদ বা জাতিবৈষম্যৰ বিৰুদ্ধে এক সাহসী পদক্ষেপ লৈ ইয়াশিকা দত্তই নিজৰ ব্যক্তিগত জীৱনৰ সংগ্ৰামখনক লৈ আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত আজি হাজাৰ বছৰ ধৰি চলি থকা জাতি বৈষম্য, অস্পৃশ্যতা, দলিত শ্ৰেণীৰ প্ৰতি অৱজ্ঞাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁৰ দলিত পৰিচয় কলেজীয়া শিক্ষা শেষ কৰি চাকৰি জীৱনলৈকে কিয় লুকুৱাই ৰাখিবলগীয়া হৈছিল সেই ঘটনাৰাজী অকপটে স্বীকাৰ কৰিছে কিয়নো সমাজৰপৰা, বন্ধু-বান্ধৱৰপৰা বহিষ্কাৰ হোৱাৰ ভয়ত বা অপমানৰ ভয়ত ইয়াশিকাই নিজৰ দলিত পৰিচয় লুকুৱাই ৰাখিছিল। শৈশৱ কালৰপৰাই ইয়াশিকাই মাকৰ তত্ত্বাৱধনাত উচ্চ বৰ্ণৰ আচাৰ-আচৰণ অনুকৰণ কৰিছিল। ২০১৬ চনত হায়দৰাবাদ বিশ্ববিদ্যালয়ত ৰোহিথ ভেমুলা নামৰ গৱেষক ছাত্ৰজনে কৰ্তৃপক্ষৰ নিন্দা আৰু গৰিহণাৰ আতিশয্যত আত্মহত্যা কৰিছিল। এই ঘটনাৰ পিছত ইয়াশিকা দত্ত অন্তৰ্দ্বন্দত দগ্ধ হয় আৰু নিজৰ দলিত পৰিচয় মুকলিকৈ জনাবলৈ অনুপ্ৰাণিত হয়।
এই গ্ৰন্থখনত দলিত সম্প্ৰদায়ৰ সুৰক্ষাৰ স্বাৰ্থত বি. আৰ. আম্বেদকাৰে কৰা আন্দোলনৰপৰা বৰ্তমান চৰকাৰৰ সংৰক্ষণক লৈ কৰা কূটিল চক্ৰান্তৰ বিষয়ে তীব্ৰ সমালোচনা কৰিছে। গ্ৰন্থখনত এইটোও উল্লেখ কৰিছে যে সংৰক্ষণৰ বাবে ‘ক্ৰীমযুক্ত স্তৰ’ (Non creamy layer)ৰ অন্তৰ্ভুক্তিয়ে, অ’বিচি আৰু আদিবাসীৰ মাজত থকা বৈষম্যক তীব্ৰতৰ কৰি তুলিছে। এই ননফিকচন গ্ৰন্থখনত ইয়াশিকা দত্তৰ ব্যক্তিগত জীৱন কাহিনীয়ে মুখ্য স্থান পাইছে যদিও আমি একেষাৰে ক’ব পাৰোঁ যে এই গ্ৰন্থখনৰ মূল থিম হৈছে দলিত আন্দোলনৰ ইতিহাসৰ লগতে নিম্ন আৰু উচ্চ বৰ্ণৰ মাজৰ সংঘাত আৰু বিদ্বেষক লৈ চলিত পুৰাতন নেৰেটিভ। সেই নেৰেটিভ হৈছে কেনেকৈ স্বাধীনতাৰ সাতটা দশকৰ পিছতো দেশৰ উচ্চ আৰু মান্য শিক্ষানুষ্ঠান আই আই টি, এমইছ, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানত শিপাই আছে আৰু ফলশ্ৰুতিত কিদৰে দলিত শিক্ষাৰ্থীসকলক শোষণ আৰু বঞ্চনাৰ বলি হৈছে সেইখিনি।
ইয়াশিকা দত্তৰ এয়া কেৱল স্মৃতিকথা নহয় এই গ্ৰন্থখন ব্যক্তিগত জীৱনগাথাক অতিক্ৰম কৰি এক শক্তিশালী সামাজিক ভাষ্য হৈ উঠিছে। আমাৰ সমাজত প্ৰচলিত ষ্টেৰি’অ’ টাইপ এক ধাৰণা মতে দলিতসকলৰ গাৰ বৰণ হৈছে ক’লা। এই ক’লা বৰণৰ ছালক বগা কৰি তুলিবলৈ লেখিকাৰ মাতৃয়ে ইয়াশিকাৰ গাত সানিবলৈ দিছিল ছাল বগা কৰাৰ প্ৰসাধন। নিজৰ দলিত পৰিচয় লুকুৱাবলৈ লেখিকাৰ মাতৃয়ে সকলো সময়তে সন্তানকেইটাক উচ্চ বৰ্ণৰ মধ্যবিত্তীয় আচৰণ শিকাইছিল। সেয়া আছিল দলিত পৰিচয়ৰ বাবে সমাজত বৰ্জন বা নিন্দিত হোৱাৰ শংকা। তেওঁৰ পৰিয়ালৰ বয়োজ্যেষ্ঠই নিজা উপাধি ত্যাগ কৰি দত্ত উপাধি গ্ৰহণ কৰিছিল।
ইয়াশিকা দত্তই এগৰাকী এক্টিভিষ্টৰ ভূমিকা লৈ ‘’Documents of Dalit Discrimination” নামৰ অনলাইন প্লেটফৰ্মৰ প্ৰতিষ্ঠাপক হৈ দেশৰ বিভিন্ন ঠাইত দলিত বা নিম্ন শ্ৰেণীৰ টেগটোৰ বাবে শোষণ আৰু বঞ্চনাৰ বলি হোৱা দলিতসকলৰ তথ্য সংগ্ৰহ কৰিছিল। দিল্লীৰ চেইণ্ট ষ্টীফেন্স কলেজৰ বিজ্ঞানৰ স্নাতক ইয়াশিকাই কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লয়। স্নাতক হোৱাৰ পাছতে তেওঁ দিল্লীত বহুবছৰ সাংবাদিকতা কৰে। সেই সময়তে তেওঁ ইমান দিনে লুকুৱাই থকা তেওঁৰ দলিত পৰিচয় প্ৰথম এগৰাকী বান্ধৱীৰ সন্মুখত প্ৰকাশ কৰে। ইয়াশিকাৰ পৰিয়ালো আছিল শিক্ষিত, দেউতাকৰ ফালৰ ককাক এজন প্ৰশাসনিক বিষয়া আছিল আৰু মাকৰ ফালৰ ককাকো এজন বিষয়া আছিল। ইয়াশিকাৰ উচ্চ শিক্ষিত মাকে তেওঁৰ জীয়ৰীক জনপ্ৰিয় ছফিয়া কনভেণ্টত নামভৰ্ত্তি কৰাইছিল কাৰণ আধুনিক শিক্ষাইহে যেন তেওঁৰ সন্তানকেইটিক দলিত টেগটোৰপৰা বচাব পাৰে। যদিও তেওঁৰ দেউতাকো এজন ৰাজস্থানৰ প্ৰশাসনিক বিষয়া আছিল তেওঁৰ মদ্যপানৰ বাবে মাক ঘৰুৱা হিংসাৰো বলি হৈছিল। উচ্চ হিন্দুৰ আদৱ-কায়দা শিকোৱাৰ লগতে সাজপাৰ আৰু গাৰ বৰণ সুন্দৰ কৰিবলৈ ইয়াশিকাৰ মাকে চেষ্টা কৰিছিল কিয়নো ইয়াশিকাৰ মাকৰ এক শংকা আছিল তেওঁলোকৰ ভাংগী কমিউনিটিৰ পৰিচয়টো যেন তল পৰি যাওক। অপমানিত হোৱাৰ ভয়ত বা উচ্চ শ্ৰেণীৰ সৈতে একেলগে সামাজিক জীৱনত চলা-ফুৰা কৰিবলৈ বহু নিম্ন শ্ৰেণীৰ লোকৰ দৰে ইয়াশিকাৰ মাতৃয়েও সন্তানক উচ্চ হিন্দুৰ আচৰণ, সাজপাৰ, নকল কৰিবলৈ শিকাইছিল আৰু সমাজবিজ্ঞানীৰ ভাষাত সেয়া হৈছে সংস্কৃতায়ন বা সংস্কৃতকৰণ।
ইয়াশিকাৰ দেউতাকৰ ফালৰ প্ৰথমগৰাকী আইতাক যে এগৰাকী মেনুৱেল স্কেভেনঞ্জাৰ আছিল (মেটৰৰ ঠাইত বৰ্তমান চাফাইকৰ্মী শব্দটো ব্যৱহাৰ কৰা হয়) সেই কথা তেওঁ উল্লেখ কৰিছে। ভাৰত চৰকাৰে হাতেৰে পায়খানা চাফা কৰাটো (বৰ্তমান চাফাইকৰ্মী শব্দটোহে ব্যৱহাৰ কৰা হয়) ২০১৩ চনত এখন আইনৰ যোগেদি আইনগতভাৱে নিষিদ্ধ কৰাৰ পাছতো দলিতসকলক মূলসুঁতিৰ উচ্চ বৰ্ণ হিন্দুৱে অস্পৃশ্য বুলি নিন্দা কৰিবলৈ নেৰিলে। দলিত লেখকসকলৰ লিখনি আৰু প্ৰতিবাদেও আমাৰ ভাৰতীয় সমাজত দকৈ শিপাই থকা উচ্চ নীচ এই ধাৰণা সলনি কৰিব নোৱাৰিলে।
বৰ্তমান নিউইয়ৰ্কৰ বাসিন্দা ইয়াশিকা দত্তই আমেৰিকাৰ বিশ্ববিদ্যালয় কেইবাখনতো বুক ট্ৰুৰ কৰি বিভিন্ন আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেকৈ দলিতসকল এতিয়াও আমাৰ সমাজত মাৰ্জিনেলাইজড হৈ আছে সেইয়া বিশ্ববাসীক জনাইছে। পশ্চিমীয়া দেশত বা আমেৰিকাত যদি ক’লা আৰু বগা ছালৰ মাজত সংঘাত, আমাৰ দেশত সেই সংঘাত বা দ্বন্দ্ব হৈছে চতুবৰ্ণৰ বিভাজনৰ বাবে। ইয়াশিকাই এই শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে ঊনৈশ শতিকাৰ শেষৰ ফালে সোচ্চাৰ হোৱা মহাৰাষ্ট্ৰৰ এজন সমাজকৰ্মী, শিক্ষক আৰু লেখক জ্যোতিবা ফুলেৰ সংগ্ৰামৰ লগতে দেশৰ সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ উপৰিও দলিত এক্টিভিষ্টসকলৰ লিগেচিকো বিশ্লেষণ কৰিছে।
Coming Out as a Dalit হৈছে এখন গৱেষণামূলক গ্ৰন্থ। গান্ধীজীৰ সৈতে আম্বেদকাৰৰ পৃথক দলিত ইলেকট্ৰৰেট দাবীৰ বাবে কিয় সংঘাত হৈছিল আধুনিক ভাৰতৰ ইতিহাসৰ সেই অধ্যায়টোকো লেখিকাই ফঁহিয়াই চাইছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই গ্ৰন্থখনত দেশৰ উচ্চ শিক্ষানুষ্ঠানবোৰত চলা জাত-পাতৰ ৰাজনীতিক গৰিহণা দি লেখিকাই সত্য ঘটনাক পোহৰলৈ আনিছে। সেয়েহে এই গ্ৰন্থখনে কেৱল ব্যক্তিগত জীৱন কাহিনীৰ উৰ্ধত গৈ এখন সামাজিক গৱেষণামূলক গ্ৰন্থৰ স্বীকৃতি পাইছে আৰু আমাৰ ভাৰতীয় সমাজত হিন্দু শাস্ত্ৰত উল্লেখিত কৰ্মৰ ভিত্তিত শ্ৰেণী বিভাজন যে এক অলৌকিক আৰু অমূলক যুক্তিহীন বিষয় সেয়া প্ৰতিপন্ন কৰি শ্ৰেণী বৈষম্যক তীব্ৰ ভাষাৰে গৰিহণা দি বৰ্ণবাদৰ বিৰুদ্ধে এক শক্তিশালী শেল নিক্ষেপ কৰিছে।
সাহিত্য একাডেমী যুৱ পুৰস্কাৰেৰে সন্মানিত হোৱাৰ পাছত ইয়াশিকা দত্তই তেওঁৰ ফেচবুক পষ্টত লিখিছিল “এই জয় সকলোবোৰ দলিত কাহিনীৰ বাবে, ৰোহিথ ভেমলুাৰ বাবে যিজন ছাত্ৰই প্ৰথম প্ৰতিবাদৰ অগ্নিৰ শিখা জ্বলাইছিল আৰু যিবোৰ দলিত প্ৰতিবাদী ঘটনা-পৰিঘটনাই আমাৰ দেশৰ জাতি বৈষম্যৰ সামাজিক পৰিকাঠামোক উৎখাত আৰু উলংঘা কৰিবৰ বাবে সম্ভাৱনা বহন কৰিছে আৰু এই বিজয় মোৰ মাৰ বাবে যিগৰাকী মহিলাই মোক এই স্থান পাবৰ বাবে গঢ় দিছিল আৰু সাহস দিছিল।”
২০১৬ চনৰ জানুৱাৰী মাহত দলিত ছাত্ৰ (চৰকাৰী প্ৰতিবেদনত ৰোহিথৰ কাষ্ট অ’বিচি বুলি কোৱা হৈছে) ৰোহিথ ভেমুলাৰ কৰুণ আত্মহত্যাৰ ফলত ভাৰতৰ বিশ্ববিদ্যালয়সমূহত জাতিভিত্তিক বৈষম্যক কেন্দ্ৰ কৰি চলা নিৰ্যাতনৰ বহু অভিযোগ উত্থাপন হৈছিল। নিউয়ৰ্কত বাস কৰা সাংবাদিক ইয়াছিকা দত্তৰ বাবে এইটোৱেই আছিল সত্য স্বীকাৰ কৰাৰ এটা গৌৰৱৰ মুহূৰ্ত আৰু বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ পৰা একদশকৰো অধিক সময় লুকুৱাই ৰখা তেওঁৰ দলিত পৰিচয় আত্মপ্ৰকাশ কৰাৰ সময়।
নিজৰ দলিত পৰিচয় গোপন কৰি থৈ লেখিকাই এক অপৰাধবোধত ভুগিছিল। এই গ্ৰন্থখন লিখি ইয়াশিকা দত্তই আত্মপৰিচয় প্ৰতিষ্ঠাৰ লগতে অৱহেলিত আৰু শোষিত দলিত শ্ৰেণীৰ মৰ্যাদাক প্ৰতিষ্ঠা কৰাৰ দৰে এক বৌদ্ধিক যুঁজত ব্ৰতী হৈছিল য’ত তেওঁ মনুবাদীসকলৰ ট্ৰলৰ সন্মুখীন হৈছিল।
নিজৰ আৰু নিজৰ সমাজৰ পক্ষত থিয় দি শৈশৱৰপৰা গঢ়ি তোলা ভুৱা উচ্চবৰ্ণৰ পৰিচয় ত্যাগ কৰি নিজৰ আত্মপৰিচয় দাঙি ধৰিবলৈ যোৱাৰ এই সময়ত এইগৰাকী সাংবাদিক প্ৰবল আত্মবিশ্বাসী হৈ উঠে।

Leave a Reply

Your email address will not be published. Required fields are marked *