কনচেণ্ট্ৰেচন কেম্প -(মূল: ৰুদ্র মুহান্মদ শহীদুল্লাহ; ভাষান্তৰ: মুনমুন সৰকাৰ)
তাৰ চকুহাল বান্ধি দিয়া হ’ল।
বুটজোতাৰে সোধোৱা প্ৰথমটো গোৰে ৰক্তাক্ত কৰিলে তাৰ মুখ।
থেতালি দিয়া ওঁঠজুৰিত লেলাউটি আৰু তেজ মিলি একাকাৰ হ’ল,
জিভাখন অলপ লৰচৰ হওঁতেই দাঁত দুটা সৰি পৰিল কংক্ৰিটত।
আই, আই ও… কেকাই উঠিল সি
পাঁচশ পচপন্ন নম্বৰৰ আধাখোৱা চিগাৰেটে
প্ৰথমে স্পৰ্শ কৰিলে তাৰ বুকু
পোৰা মঙহৰ উৎকট গোন্ধ
বিয়পি পৰিল কোঠাটোৰ ভিতৰত থকা বতাহত
জ্বলন্ত চিগাৰেটৰ স্পৰ্শত তাৰ দেহত আঙুৰৰ দৰে পানীজোলা বান্ধিবলৈ ল’লে।
দ্বিতীয়টো গোৰত ধেনুভিৰীয়া হৈ পৰিল তাৰ দেহ,
এইবাৰ সি চিঞৰিব নোৱাৰিলে
চিৎ কৰাই শুৱাই দিয়া হ’ল।
পেটৰ ওপৰত উফৰি পৰিল দুযোৰ বুটজোতা,
ক’লা আৰু কৰ্কশ।
কাৰণ সি তাৰ পাকস্থলীৰ কষ্টৰ কথা কৈছিল,
কৈছিল অনাহাৰ আৰু ক্ষুধাৰ কথা।
সি নিজৰ দেহৰ বস্ত্ৰহীনতাৰ কথা কৈছিল কিজানি-
সেইকাৰণে ফালি পেলোৱা হ’ল তাৰ কামিজ।
পেণ্ট খুলি পেলোৱা হ’ল।
সি এতিয়া বিবস্ত্ৰ, বীভৎস নগ্ন।
তাৰ দুখন হাত- মুষ্ঠিবদ্ধ
যি দুখন হাত
মিছিলত পতাকাৰ দৰে খঙত উৰিছিল,
যি দুখন হাতেৰে সি পোষ্টাৰ লগাইছিল,
লিফলেট বিলাইছিল,
লোহাৰ হাতুৰীৰে সেই হাত দুখন ভাঙি পেলোৱা হ’ল।
সেই জীৱন্ত হাত,
জীয়া মানুহৰ হাত।
তাৰ দহোটা আঙুলি-
যিকেইটা আঙুলিৰে সি স্পৰ্শ কৰিছে মাকৰ মুখ,
ভায়েকৰ দেহ
প্ৰেয়সীৰ থুতৰিত থকা তিল।
যিকেইটা আঙুলিৰে সি স্পৰ্শ কৰিছে
সমতাৰ অধিকাৰত বিশ্বাসী বন্ধুৰ হাত,
সপোনপিয়াসী হাথিয়াৰ,
গধুৰ গধুৰ ওজন দি সেই আঙুলিক পিচি পেলোৱা হ’ল।
সেই জীৱন্ত আঙুলি কেইটা জীয়া মানুহৰ নিচিনা।
লোৰ চেপনাৰে,
এটা এটাকৈ ওফৰাই পেলোৱা হ’ল তাৰ নিৰ্দোষ নখবোৰ।
কি চমৎকাৰ তেজৰঙা তেজৰ ৰং।
সি এতিয়া তাৰ শৰীৰ জুৰি
থোপা থোপা কৃষ্ণচূড়াৰ দৰে নিগৰি পৰিছে তেজ,
একেবাৰে তজবজীয়া তেজাল তেজ।
তাৰ থেতালি দিয়া হাত এখন পৰি আছে এইদেশৰ মানচিত্ৰত
আৰু সেই হাতৰ পৰা সৰি পৰিছে তেজৰ উদ্ধত লাভা…