গল্প-কবিতা

কণ্টেইনমেণ্ট জ’ন (দীপ জ্যোতি দাস)

মহামাৰীৰ সময়ত হোষ্টেলৰ কিতাপ-পত্ৰ, কাপোৰ-কানি, লেপটপ-স্পিকাৰ, হাঁহি-খিকিন্দালিবোৰ এৰি কোনো ডেকা বা গাভৰুৱে দুই-তিনিমাহৰ বাবে ঘৰত আৱদ্ধ হৈ যেনেকুৱা যমৰ যন্ত্ৰণা সহিবলগীয়া হয়—, ঠিক তেনে যন্ত্ৰণাই যেন বৃদ্ধগৰাকীয়ে বিগত এসপ্তাহ ধৰি অনুভৱ কৰি আহিছে। আজি এসপ্তাহ হ’ল, হকাৰজন অহা নাই—, অহা নাই মানে চুবুৰিটোৰ পিনে সি মুখেই কৰা নাই। হকাৰজনৰ লগত বৃদ্ধগৰাকীৰ বিশেষ কোনো আৱেগিক সম্পৰ্ক নাথাকিলেও, সি নিতৌ দি যোৱা বাতৰি কাকতখনৰ সৈতে তেওঁৰ সম্পৰ্কটো ভেকচিন আৰু আধুনিক মানুহৰ মাজৰ সম্পৰ্কহে যেন! ভেকচিন নোলোৱাকৈ যেনেদৰে আজিৰ মানুহ জীয়াই থাকিব নোৱাৰে, বাতৰি কাকতখন নোহোৱাকৈও বৃদ্ধগৰাকী জীয়াই থাকিব নোৱাৰে। নতুন এক মহামাৰী ওলোৱাৰ পিছত অতি উৎকণ্ঠাৰে ভেকচিনৰ বাবে ৰৈ থকা ভ্ৰমণবিলাসী অভিযাত্ৰী এজনৰ যেনেকুৱা অৱস্থা হয়, বাতৰি কাকতখনৰ সাদিনৰ অনুপস্থিতিয়ে বৃদ্ধগৰাকীকো যেন তেনেকুৱা এটা অৱস্থাতেই পেলাবলৈ ধৰিছে।

বৃদ্ধগৰাকীৰ এই বিৰক্তি অৱশ্যে নতুন কথা নহয়। তেওঁৰ বিৰক্তি লাগিয়েই থাকে। হকাৰ-সন্থাৰ মানুহে পেটৰ ভাত মুঠি বচাবলৈ ডিজিটেল ই-পেপাৰৰ বিৰুদ্ধে আন্দোলন কৰে—, বাতৰি কাকত বিলোৱা পৰ্বটো সিদিনা বন্ধ থাকে, বৃদ্ধ বিৰক্ত হয়। যৌৱনকালত বজাৰ কৰি ভাল পোৱা বৃদ্ধই আজিৰ এই সত্তৰ বছৰতো খুপি খুপি লাখুটিত ভৰ দি বজাৰ পাইগৈ—, দেখে বজাৰ বন্ধ! বজাৰ বুলিবলৈ একমাত্ৰ খোলা থকা স্মাৰ্ট ফ’নৰ দোকানকেইখনৰ পৰা গম পায়— বজাৰ-সন্থাই ই-কমাৰ্ছৰ বিৰুদ্ধে আমৰণ অনশনত বহিছে, কিবা এটা নোহোৱালৈ বজাৰ নোখোলে! যোৱা সাদিন ধৰি বজাৰ বন্ধ! বৃদ্ধজন বিৰক্ত হয়। নিৰাশ মনেৰে ঘূৰি আহি তেওঁ এই বিষয়ে পুতেকৰ সৈতে আলোচনা কৰিবলৈ বাটতে ঠিক কৰে—, কিন্তু ঘৰলৈ ঘূৰি আহি বৃদ্ধই দেখে যে পুতেকে লেপটপত অফিচৰ অন-লাইন মিটিংত বহিছে! বৃদ্ধগৰাকী এইবাৰ ভীষণ বিৰক্ত হয়। কাৰো লগত কথা পাতিবলৈ নাপাই এইবাৰ তেওঁ নাতিয়েকৰ কোঠালীলৈ যায়,“সোনটো….কি কৰিছা?”…..এই কথাষাৰ কোৱাই‌ নহয়, নাতিয়েকে তাৰ আগতেই তৰ্জনী আঙুলিটো ওঁঠৰ উলম্বভাৱে ৰাখি ছুউউউ জাতীয় এটা শব্দ কৰিছে—, সাপৰ দৰে মেৰিয়াই ধৰা কাণৰ ইয়াৰ-ফ’নৰে স্মাৰ্ট ফ’নত উবুৰি খাই থকা নাতিয়েকৰ এই অৱস্থাটো দেখি তেওঁ তৎক্ষণাত বুজি যায়,—নাতিয়েকে অন-লাইন ক্লাছ কৰি আছে! তাৰ ফ’নৰ স্ক্ৰীণত ফৰ্মেল ড্ৰেছ পৰিহিত মানুহ এজনে কিবাকিবি শিকায়। এইবাৰ বৃদ্ধৰ মুখেৰে কেৱল এটা নিশাহ বাহিৰ হৈ যায়—বৃদ্ধৰ নিজৰ ওচৰতেই এই নিশাহটো হুমুনিয়াহ যেনহে লাগে…।

তেওঁ এইবাৰ দিনবাৰ নোচোৱাকৈয়ে পুৰণি বাতৰি কাকত এখন লৈ বাৰণ্ডাৰ চকীখনত বহে। মুখেৰে সা দি কামিজেৰে চশমাযোৰ মচি লৈ এবাৰ তেওঁ পুৰণি কাকতখন আৰু পিছমুহূৰ্তত ফৰকাল আকাশখনলৈ চায়। আকাশত মুক্ত মনেৰে ঘূৰি ফুৰা ডাৱৰবোৰ দেখি বৃদ্ধৰ নামটো—আকাশ ডেকা—, কোনোবা শত্ৰুতা থকা গণকে দিয়া যেনহে অনুভৱ হ’ল তেওঁৰ। সেই সময়ত তেওঁৰ নিজকে অনাকাংক্ষিত, অস্পৃশ্য, কুৎসিত এক ভাইৰাছ যেন লাগিল।

এনেকুৱা চিন্তাৰ পৰা হাত সাৰিবলৈয়ে আকাশ ডেকাক বাতৰি কাকতখন লাগে। যোৱা দহটা বছৰে বাৰাণ্ডাত বহি তেওঁ বাতৰি কাকত পঢ়ি আহিছে। নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যতবাণী, নিৰ্বাচনী প্ৰচাৰ, মন্ত্ৰীসভাৰ গঠন, হাতী আৰু মানুহৰ সংঘাত, কৰ’না মহামাৰী, দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ, যুদ্ধৰ দামামা, কফ্‌-ছিৰাপৰ বিজ্ঞাপন—, কোনো এটা বিষয়ো তেওঁৰ আঙুলি আৰু চশমাৰ সাৰি যাব পৰা নাই! আকাশ ডেকা আৰু বাতৰি কাকতৰ সম্পৰ্কৰ মাজত ইমানদিনে কোনোৱেই বাধা-বিঘিনি দিয়া নাই। অৱশ্যে, বাৰাণ্ডাত তহল দি থকাৰ বাবে পুতেক-বোৱাৰীয়ে মাজে মাজে তেওঁক কথা শুনায়, কিন্তু তেওঁ একো নকয়। মনে মনে কাকতখন জাপি কোঠলিলৈ আহি তেওঁ শুই থাকে। তেওঁ ভাবে, পুতেক-বোৱাৰীয়ে চাগে বাতৰি নপঢ়িলেহে ভাল পায়, কাৰণ সিহঁতেও তেতিয়া মনে মনে থাকে।

এইবাৰৰ বাতৰি কাকতখনৰ এসপ্তাহৰ অনুপস্থিতিয়ে আকাশ ডেকাৰ অন্তৰাত্মা কঁপাই তুলিলে। যৌৱন কালত কলেজীয়া প্ৰেমিকাক এৰি বিদেশলৈ পঢ়িবলৈ যোৱা প্ৰেমিকৰ দৰেই যেন বৃদ্ধগৰাকী বিচ্ছেদ-বেদনাত ছটফটাবলৈ ধৰিলে।

নোৱাৰি! একো এখন নপঢ়াকৈ দিনটো কটাব নোৱাৰি। বৃদ্ধ আকাশ ডেকা থিয় হ’ল, কোঠালীলৈ গৈ তেওঁৰ আলমাৰিৰ পৰা চুৰিয়া-পিৰণযোৰ উলিয়াই আনিলে। তেওঁ বজাৰৰ অবিনাশ বুক ষ্টললৈ যাবলৈ উদ্যত হ’ল—উদ্দেশ্য, তেওঁক বাতৰি কাকত এখন লাগে। নতুন হওঁক পুৰণি হওঁক, তেওঁ নপঢ়া বাতৰি কাকত এখন লাগে। তেতিয়াহে তেওঁৰ মনে শান্তি পাব। তেওঁৰ ছাট্‌কৈ মনত পৰিল, শেষৰবাৰ পৰিৱৰ্তন নামৰ আলোচনীখন আনিবলৈ যাওতে সেইখন দোকানৰে দোকানীজনে কৈছিল,“কি ক’ম আৰু বৰ্তা! এই বেমাৰটোৰ পিছতে অহা ই-নিউজপেপাৰ আৰু অন-লাইন বেপাৰে আমাৰ পেটৰ ভাত মুঠি কাঢ়ি খালে!”

লাখুটিডাল লৈ বাৰণ্ডা পাইছেহে মাথোন, পুতেকৰ মাত কাণত পৰাত তেওঁ ৰৈ গ’ল ।

“ক’লৈ যায় দেউতা?”

“অলপ বজাৰৰ পৰা আহো অ’! কি বা হ’ল, হকাৰটোও দেখোন বহুত দিন এইফালে অহাই নাই! বাতৰি কাকত এখন লৈ আনোঁগৈ…” তেওঁ ক’লে।

“দেউতা!” পুতেকৰ কথাত বিৰক্তিৰ সুৰ ফুটি উঠিল,“এই বয়সতো আপুনি কিয় যে  বজাৰ বজাৰ কৰি থাকে বাৰু?”

তেওঁ কিবা এটা ক’বলৈ মুখ মেলিছিলহে মাত্ৰ, বোৱাৰীয়েক আহি বাৰাণ্ডা পালেহি। তাই চাগে ইটো কোঠালীৰ পৰা বাপেক-পুতেকৰ কথা শুনি আছিল।

“দেওঁতা, আপুনি আৰু আজিৰ পৰা বজাৰলৈ যাব নালাগে। আৰু হকাৰজনক আহিবলৈ ময়ে মানা কৰি দিছোঁ। ঘৰৰ খৰচ বাঢ়ি আহিছে, এনেই মিছামিছি সদায় সদায় পোন্ধৰ টকা খৰচ কৰি থাকিবলৈ নাই। কিবা খবৰ লাগিব ক’ব, এখেতে আপোনাক মোবাইলৰ পৰা পঢ়ি জনাই দিব। আৰু কালি লোহা-টিনৰ বেপাৰীটোক মাতিছোঁ। আপুনি গোটেই পুৰণা পেপাৰবোৰ বাচি থব, সি আহি লৈ যাবহি”।

আকাশ ডেকা স্তব্ধ হৈ গ’ল। তেওঁ চকুৰে জলক-তবক দেখিলে। কিমান সময় তেওঁ তেনেকৈয়ে থিয় হৈ থাকিল, গমেই নাপালে। লোহা-টিনৰ বেপাৰীটোৱে তেওঁৰ মূৰত যেন লোহা এডালেৰে কোবাই থৈ গ’ল! ইতিমধ্যে পুতেক-বোৱাৰীয়েকে তেওঁৰ পৰা আঁতৰি গৈছে। তেওঁৰ মূৰটো ঘূৰাইছে যেন লাগিল।

কিছু সময় পিছত সম্বিত ঘূৰাই পাই তেওঁ লাহে লাহে প্ৰকৃতিস্থ হ’ল। লাহে লাহে তেওঁ লাখুটিডাল থলে, আৰু চুকৰ মেজখনৰ পিনে আগবাঢ়ি গ’ল।

মেজখনৰ তলত এসোপা বাতৰি কাকত দম কৰি থোৱা আছিল। কিছুমানত ধূলি লাগি উৱলি গৈছে। আকাশ ডেকাৰ তিনি-চাৰি বছৰৰ বাতৰি কাকতৰ সংগ্ৰহ এয়া!

তেওঁ মেজখনৰ কাষতেই পকাখনত লেপেটা কাঢ়ি বহি ললে। পেপাৰৰ দম এটা লিৰিকি বিদাৰি চাই তেওঁ এটা  বিষাদসনা হাঁহি মাৰিলে, আৰু দমটোৰ তলৰ পৰা এখন বাতৰি কাকত উলিয়াই আনিলে।

কৰ’না মহামাৰীৰ সময়ৰ বাতৰি কাকত— দুবছৰ আগৰ। পেপাৰখন মেলি আকাশ ডেকাই বাতৰিখনৰ প্ৰথম পৃষ্ঠাৰ হেডলাইনৰ তলৰ বাক্যাংশবোৰ পঢ়িবলৈ ল’লে,“কোনো ঠাইত কৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত হ’লে তেওঁৰ এলেকাটো কণ্টেইনমেণ্ট জ’ন বুলি ঘোষণা কৰা হ’ব। কোনো কাৰণতে তাত থকা মানুহক বাহিৰলৈ যাবলৈ দিয়া নহ’ব। অত্যাৱশ্যকীয় সামগ্ৰীসমূহ চৰকাৰে ঘৰতে যোগান ধৰিব”।

আকাশ ডেকাৰ নিজকে কণ্টেইনমেণ্ট জ’নত চিনাক্ত হোৱা কৰ’নাত আক্ৰান্ত ৰোগীৰ দৰে লাগিল।

Leave a Reply

Your email address will not be published. Required fields are marked *