ডাৰউইনবাদ আৰু হিন্দুত্ব প্ৰতিবিপ্লৱ- (কমল নয়ন মিশ্ৰ)
অকল ইতিহাস আৰু সংস্কৃতিৰ ওপৰতেই নহয়, হিন্দুত্ব প্ৰতি বিপ্লৱৰ শেষ আঘাত যে বৈজ্ঞানিক চিন্তা চৰ্চা আৰু বিজ্ঞানৰ ওপৰতো পৰিব সেয়া প্ৰায় নিশ্চিত আছিল। নৱম আৰু দশম শ্ৰেণীৰ NCERT কিতাপৰ পৰা ডাৰউইন হটাও অভিযান আৰম্ভ হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে। মোগল আৰু ডাৰউইনৰ মাজৰ সাধাৰণ সম্পৰ্কটো কি? প্ৰথম কথা এই নাম দুটি ভাৰতীয় নহয়। মোগলে যদি আমাৰ হিন্দু অতীতটোক ঢাহি মুহি শেষ কৰিছিল, তেন্তে ডাৰউইনে আমাৰ হিন্দু বৰ্তমানক অতীত মুখী বেদ আৰু পুৰাণৰ যুগলৈ ঘূৰি যাবলৈ দিয়া নাই। হিন্দুত্ব টাইম মেচিনে ডাৰউইনকো ওফৰাই সম্প্ৰতি এক আচৰিত অতীত যাত্ৰাত দেশ আৰু সমকালক পিছুৱাই নিবলৈ ওলাইছে।
আজি কিছু দিনৰ পূৰ্বে ʼআমাৰ অসমʼ কাকতত প্ৰকাশিত এটি লেখাত ছেলিম আলী নামৰ এজন লিখকে লিখিছিল যে বেচেৰা ডাৰউইনে ইভল্যুচনৰ তত্ত্ব হেনো হিন্দু শাস্ত্ৰৰ অৰ্থাৎ পুৰাণত থকা বিষ্ণুৰ দশাৱতাৰৰ ধাৰণাৰ পৰা চুৰ কৰিছিল, গতিকে ডাৰউইনবাদৰ বিষয়ে বেলেগকৈ পঢ়িব লগা নাই।
আজি কিছু বছৰৰ আগতে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ডাৰউইনক নস্যাৎ কৰি কৈছিল, কʼতা আমি আজিৰ যুগততো ক’তো হাবিয়ে বননিয়ে বান্দৰৰ পৰা মানুহ হোৱা দেখা নাই! এইখিনিতে এটি আমোদজনক ঘটনাৰ কথা উল্লেখ কৰিব খুজিছোঁ। প্ৰখ্যাত ডাৰউইনবাদী Thomas Huxley য়ে 1860 চনত অক্সফোৰ্ডত অনুষ্ঠিত ইউৰোপীয় বৌদ্ধিকতা বিষয়ক আলোচনা সভা এখনত অংশগ্ৰহণ কৰিছিল। মূল আলোচনাত ঠাই পাইছিল ডাৰউইনৰ বিৱৰ্তনবাদে। আলোচনাৰ মাজত খ্ৰীষ্টান বিছ’প ছেমুৱেল উইলবাৰফৰ্চে তেওঁক সুধিলে, মিষ্টাৰ হাক্সলি আপোনাৰ কোনটো বংশ আচলতে গৰিলাৰ; মাতৃৰ বংশ নে পিতৃৰ বংশ? হাক্সলিয়ে বিছ’পক উত্তৰ দিছিল, ‘মই মানুহৰ বংশতকৈ প্ৰত্যক্ষভাৱে গৰিলাৰ বংশৰ পৰাই উপজিবলৈ লজ্জাবোধ নকৰিম, যি মানুহৰ বংশত আপোনাৰ দৰে ব্যক্তিৰ জন্ম হয়, যি নিজৰ সমস্ত কৃতী আৰু ক্ষমতাক ব্যৱহাৰ কৰে একোটা সত্যক গাপ দি ৰাখিবলৈ।’ বৈজ্ঞানিক গৱেষণাই চৰম শিখৰত উপনীত হোৱাৰ পিছতো হাক্সলিৰ সময়ৰে পৰাই বৈজ্ঞানিক সত্যক বিভিন্ন ধৰণে গাপ দি ৰখা অথবা বিকৃত কৰি সমাজক মনস্তাত্ত্বিক অন্ধকাৰত বুৰাই ৰাখিব খোজা শক্তিৰ প্ৰভাৱ কমা নাই। বৰঞ্চ ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত তেনে শক্তিবোৰৰ জনবল আৰু ধনবল দিনক দিনে বৃদ্ধি পাইছে। ভাৰতবৰ্ষত এনে শক্তিয়েই অতীতক ঢাল হিচাপে লৈ বৰ্তমান আৰু ভৱিষ্যতৰ বিৰুদ্ধে প্ৰকাশ্যেই যুদ্ধ ঘোষণা কৰিছে।
1837 চনৰ পৰা 1844 চনৰ ভিতৰত তৰুণ ডাৰউইনে তেওঁৰ পাঁচ বছৰীয়া মহাযাত্ৰাৰ সমাপনৰ অন্তত কেইবালানিও টোকা লিখিছিল। এইটোকাসমূহৰ দ্বাৰা তেওঁ প্ৰজাতিসমূহৰ আন্তঃউৎপৰিৱৰ্তনৰ ধাৰণাৰ বিষয়ে লিখা আৰম্ভ কৰিছিল। সেই লানি টোকাতেই তেওঁ লিখিছিল Metaphysical enquiries বিষয়ক তেওঁৰ মৌলিক চিন্তাসমূহ। কিন্তু তেওঁৰ বিখ্যাত প্ৰজাতিৰ উৎপত্তি (Origin of Species), শীৰ্ষক গৱেষণা গ্ৰন্থ সহযোগী এলফ্ৰেড ৱালেছৰ সৈতে প্ৰকাশ কৰিছিল 1859 চনত। সেই সময় ইংলেণ্ড তথা ইউৰোপত ধৰ্মদ্ৰোহ আৰু বস্তুবাদ বিৰোধী কঠোৰ ধৰ্মীয় অনুশাসন আৰু ৰাষ্ট্ৰৰ দ্বাৰা নিপীড়নৰ সময়। 1844 ৰ পৰা 1859 ৰ সময়খিনিত ডাৰউইনে Metaphysics ৰ সকলো পৰিধি ভাঙি দৃঢ়চিত্তে তেওঁৰ বিৱৰ্তন সম্বন্ধীয় সিদ্ধান্ত সমূহ দাঙি ধৰিছিল, যাৰ আধাৰ আছিল এক বৈপ্লৱিক বস্তুবাদী দৰ্শন। এৰিষ্ট’টলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ এক নতুন পথেৰে যাত্ৰা কৰিব খোজা ওঠৰ শতিকাৰ ইংলেণ্ডৰ বুৰ্জোৱা দৰ্শনে নিউটনীয় বিশ্ববীক্ষাৰ দ্বাৰাহে প্ৰভাৱিত হৈছিল। নিউটনীয় ধাৰণা মতে প্ৰকৃতিৰ স্বতন্ত্ৰতা অথবা প্ৰকৃতিক পৰিচালনা কৰা নিয়মসমূহ আচলতে ঈশ্বৰৰ ইচ্ছাৰ অধীন। আনকি Enlightenment ৰ সময়তো ‘মন বা চেতনাʼ বোলা সত্তাটোক দেহ বা মগজুৰ পৰা পৃথক কৰি ৰখা চিন্তাৰ প্ৰাৱল্যই আছিল অতি শক্তিশালী। কিন্তু এই সমগ্ৰ চিন্তাধাৰাৰ বিৰুদ্ধে ডাৰউইনৰ বিৱৰ্তনবাদে এক আমোঘ ৰূপান্তৰৰ সূচনা কৰিলে, যি ৰূপান্তৰে পৰৱৰ্তী সময়ত মানৱ সভ্যতা তথা বৈজ্ঞানিক চিন্তা আৰু সমাজ চিন্তাৰ গতিধাৰাকেই সলনি কৰি দিছিল।
ডাৰউইনৰ তত্ত্বৰ দুটা কেন্দ্ৰীয় বিষয় আছিল। এটা হৈছে প্ৰাকৃতিক নিৰ্বাচন আৰু প্ৰাকৃতিক নিৰ্বাচনে অতি ধীৰ গতিত সূচনা কৰা কেতবোৰ অতি সূক্ষ্ম স্তৰৰ ভিন্নতা, যি ভিন্নতাই এটা সময়ত প্ৰজাতিসমূহৰ বিৱৰ্তনৰ কাৰণ হৈ উঠে, লগতে ভৱিষ্যতৰ নতুন প্ৰজাতিৰ সৃষ্টিৰো কাৰণ হৈ পৰে। ক্ৰমাৎ অতি সৰল জীৱৰ পৰা জটিল আৰু উন্নত স্তৰৰ জীৱ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো সৰলৰৈখিক বা এক নিৰ্দিষ্ট পৰিণাম অভিমুখী (teleological) হোৱাৰ বিপৰীতে প্ৰাকৃতিক নিৰ্বাচনে প্ৰতিনিয়ত সৃষ্টি কৰি থকা প্ৰজাতি এটাৰ জীৱনৰ বাবে সম্ভাৱনাময় ভিন্নতা সমূহৰ ওপৰতহে নিৰ্ভৰশীল। প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাক সূত্ৰৱদ্ধ কৰাৰ আগতে ডাৰউইনে মেলথিউজৰ জনসংখ্যাৰ বৃদ্ধি বিষয়ক ৰচনা সমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল, তাৰ পৰা তেওঁ প্ৰাণীজগতৰ মাজত সংঘটিত আন্তঃপ্ৰজাতিগত সংঘাত আৰু তাক নেওচি পৰিৱেশৰ সৈতে খাপ খুৱাই ল’ব পৰাৰ ক্ষমতা (adaptation) কো বিৱৰ্তনৰ অন্যতম ভিত্তি হিচাপে আৱিষ্কাৰ কৰিছিল। গেলেপেগ’জ দ্বীপপুঞ্জলৈ যাত্ৰাত ডাৰউইনে বিভিন্ন প্ৰাণীৰ প্ৰজাতিৰ জীৱাশ্ম স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিল, তেনে জীৱাশ্মৰ সৈতে মিল থকা বৰ্তমানৰ প্ৰজাতিৰ মাজৰ সম্পৰ্ক স্থাপন কৰি তেওঁ বিৱৰ্তনবাদৰ সেতু বান্ধিছিল।
1830 চনত প্ৰকাশিত Charles Lyell ৰ Principles
of Geology য়ে পৃথিৱীৰ ইতিহাস মাত্ৰ কেইহাজাৰ মান বছৰৰ বোলা অতি প্ৰভাৱশালী ধাৰণাৰ আমূল পৰিৱৰ্তন ঘটাইছিল, এই গ্ৰন্থই ভূ-তাত্ত্বিক সময়ৰ এক স্পষ্ট সংজ্ঞা আৰু লেখচিত্ৰ দাঙি ধৰিছিল। ঈশ্বৰ বা অতি প্ৰাকৃতিক শক্তিৰ অবিহনেই পৃথিৱীৰ বিকাশৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ সৈতে ডাৰউইনে তেওঁৰ ধীৰ গতিত হোৱা জীৱজগতৰ বিৱৰ্তনৰ এক অনুপম সাদৃশ্য বিচাৰি পাইছিল।
মানুহৰ বিৱৰ্তনৰ বিষয়ে বিশেষভাৱে নিলিখিলেও মানৱ জাতিৰ ওপৰত প্ৰাকৃতিক নিৰ্বাচনৰ প্ৰভাৱৰ কথা ডাৰউইনে তেওঁৰ ‘The Descent of Man’ গ্ৰন্থত উল্লেখ কৰিছিল। প্ৰাণীজগতৰ ক্ষেত্ৰত পৰিলক্ষিত জীয়াই থকাৰ সংগ্ৰামৰ এক বিকৃত, অধঃপতিত ব্যাখ্যাৰে ‘যোগ্য ভোগ্য বসুন্ধৰা’ নামে শ্ৰেণীসমাজৰ স্বাৰ্থ পূৰণকাৰী সামাজিক ডাৰউইনবাদী (Social Darwinism) প্ৰ’পাগণ্ডাৰ বিপদৰ কথাও ডাৰউইনে ওপৰোক্ত গ্ৰন্থত সোঁৱৰাই দিছিল। তেওঁৰ সূত্ৰৰ সাম্ভাব্য সামাজিক আৰু ৰাজনৈতিক পৰিণাম যে সুদুৰপ্ৰসাৰী আৰু কেতিয়াবা ভয়ানক হৈ উঠিব পাৰে সেই কথা ডাৰউইনে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল, সেয়েহে সহযোগিতা আৰু সহচৰ্যৰে মানুহে নিজৰ ভাগ্য নিজেই লিখিব পৰাৰ, আনকি প্ৰকৃতি আৰু পৰিৱেশৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰি মানুহেই প্ৰকৃতিৰ পৰিৱৰ্তনৰ দিশ সলনি কৰি দিব পৰাৰ কথাও তেওঁ উল্লেখ কৰিছিল।
মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত যিদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, একেদৰে প্ৰকৃতিৰ চিৰন্তন পৰিৱৰ্তনশীলতাইও মানৱ সভ্যতাৰ গতিপথক সলাই পেলায়। ডাৰউইনবাদৰ এই ঐতিহাসিক তাৎপৰ্যক সঠিকভাৱে বুজি উঠিছিল মাৰ্ক্স এংগেলছে।
সেয়েহে প্ৰকৃতিৰ সৈতে সংগ্ৰাম, সামাজিক উৎপাদন আৰু শ্ৰেণীগত সংগ্ৰাম মানৱ সমাজৰ বিৱৰ্তনৰ আঁৰৰ ঐতিহাসিক চালিকা শক্তি বুলি মাৰ্ক্স এংগেলছে ঘোষণা কৰিছিল। বিশেষকৈ এক উদ্দেশ্যহীন, যাদৃচ্ছিকভাৱে ঘটা বিৱৰ্তন, জীৱৰ সৈতে প্ৰকৃতিৰ ওতপ্ৰোত সম্পৰ্ক আৰু স্ৰষ্টা নিৰপেক্ষ প্ৰকৃতিৰো বিৱৰ্তনৰ বিষয়ে নতুন জ্ঞানে এংগেলছক বাৰুকৈয়ে উদ্বুদ্ধ কৰিছিল। তেওঁলোকে দাস যুগৰ পৰা সাম্যবাদলৈ সমাজ বিকাশৰ এটা পোনপটীয়া পথ অংকন কৰিছিল বুলিলে ভুল কৰা হ’ব। বৰঞ্চ সচেতন সামাজিক শ্ৰেণী এটাৰ সঠিক ৰণনীতিগত সংগ্ৰামৰ অবিহনে আপোনা-আপুনি এখন উন্নততৰ সাম্যৰ সমাজ গঢ় লৈ উঠাটো যে কাহানিও সম্ভৱ নহয়, সেয়াই আছিল মাৰ্ক্সবাদৰ এক অন্যতম প্ৰায়োগিক বীক্ষা। কিন্তু ডাৰউইনৰ জীৱজগতৰ বিৱৰ্তনবাদৰ সৈতে মাৰ্ক্সীয় সমাজ বিকাশৰ ধাৰাক একাকাৰ কৰাটোও এক প্ৰমাদগ্ৰস্ত চিন্তা। ইতিমধ্যে উল্লেখ কৰা হৈছে যে ডাৰউইনৰ বিৱৰ্তনবাদ এক নিৰ্দিষ্ট উদ্দেশ্য মুখী বা পৰম কাৰণ বাদী নাছিল; সেয়েহে মাছৰ পৰা ক্ৰমে কাছ, স্তন্যপায়ী প্ৰাণী আৰু শেষত শ্ৰেষ্ঠতম জীৱ মানুহৰ সৃষ্টিৰ আখ্যানক কোনোবাই প্ৰাক্ বিৱৰ্তনীয় জ্ঞান বুলিলেও, সি ডাৰউইনবাদ কেতিয়াও নাছিল। অথবা বান্দৰ বা চিম্পাঞ্জীৰ পৰা কেতিয়াও মানুহৰ সৃষ্টি হোৱা নাছিল। বৰঞ্চ আধুনিক জীৱ বিজ্ঞানে এই কথাহে প্ৰমাণ কৰিছে যে মাছ আৰু সৰীসৃপৰ বংশৰ বৃক্ষ দুটা সম্পূৰ্ণ পৃথক আছিল, মাটি আৰু পানীত সমানেই বসবাস কৰিব পৰা এক প্ৰাচীন উভচৰ প্ৰাণীৰ পৰাহে সৰীসৃপৰ উদ্ভৱ হৈছিল। একেদৰে মানুহ, চিম্পাঞ্জী, গৰিলা আদিৰ বংশধৰ আছিল এটা প্ৰাচীন এপ প্ৰজাতি, যি আজিৰ পৰা প্ৰায় দহ মিলিয়ন বছৰৰ পূৰ্বেই পৃথিৱীত বিচৰণ কৰিছিল। সেই প্ৰজাতি আকৌ আজিৰ বান্দৰৰ আদি বংশধৰ প্ৰজাতিৰ পৰা প্ৰায় 25 মিলিয়ন বছৰৰ পূৰ্বেই পৃথক হৈ পৰি এক স্বতন্ত্ৰ বিৱৰ্তনৰ পথত আগবাঢ়িছিল।সি যি নহওক, কল্পিত ঐশ্বৰিক ক্ষমতাৰ ওচৰত নতজানু; বিশ্বাস আৰু ধৰ্মীয় উন্মাদনাৰে জীৱন জগত আৰু মানুহক চাব খোজা অজ্ঞান, ক্ৰীড়নক স্বৰূপ জনতা তথা চতুৰ আৰু ধুৰন্ধৰ ক্ষমতাবলিয়া মৌলবাদীৰ বাবে ডাৰউইনৰ বিৱৰ্তনবাদ আজিও অস্পৃশ্য হৈয়েই আছে।
আধুনিক বিজ্ঞানৰ প্ৰায় প্ৰতিটো সূত্ৰ তথা ব্যাখ্যাকেই প্ৰাচীন ইতিহাসত বিচাৰি উলিওৱা আৰু প্ৰাচীন শাস্ত্ৰ সমূহৰ শ্ৰেষ্ঠতাক ঘোষণা কৰি মানুহক অন্ধৰ দৰে কতৃত্বশীল ক্ষমতাৰ দাস কৰি ৰখা, মৌলিক বিজ্ঞানৰ জ্ঞানেৰে মানুহে যাতে নিজৰ অস্তিত্ব সম্পৰ্কে উপলব্ধি কৰিবলৈ অৱকাশেই নাপায় আৰু ইতিহাস মানে কেৱল বিভিন্ন ধৰ্মগ্ৰন্থ বা পৌৰাণিক কাহিনীত বৰ্ণিত ‘ইতিহাসʼকেই বুজে; সেইবাবে বিজ্ঞানৰ ঐহিক, ধৰ্মমুক্ত, যুক্তিবাদী দৰ্শন আৰু প্ৰমূল্য তথা জীৱন জগত সম্পৰ্কীয় মৌলিক জ্ঞান চেতনাৰ বিৰুদ্ধে বিদ্ৰোহ সংগঠিত কৰা হয়। ভাৰতবৰ্ষত সম্প্ৰতি এই বিদ্ৰোহে এনেকুৱা ৰূপ পোৱাগৈ নাই যে দেশত মৌলিক বৈজ্ঞানিক গৱেষণা সমূহ বন্ধ কৰি দিয়াৰ উপক্ৰম হৈছে, কিন্তু বিজ্ঞান শিক্ষাৰ যি আনুষ্ঠানিক গাঁঠনি আৰু বিন্যাস তাৰ সমান্তৰালভাৱে অন্য এক ধাৰাৰ সৃষ্টি কৰা হৈছে। বৈদিক বিজ্ঞান, মহাভাৰতৰ বিজ্ঞান, পুৰাণৰ বিজ্ঞান, সদগুৰু আদিৰ বিজ্ঞানৰ ব্যাপক প্ৰচাৰেৰে আধুনিক পুঁজিবাদী জীৱন যাত্ৰাত থৰকাছুটি হেৰুওৱা মানুহৰ বাবে সকলোধৰণৰ Alternate বা বিকল্প জ্ঞানৰ সম্ভাৰ প্ৰস্তুত কৰি তোলা হৈছে। তথাকথিত কোৰাণৰ বিজ্ঞানকো উগ্ৰ মৌলবাদী সকলে ইছলাম ধৰ্মৰ শ্ৰেষ্ঠত্বৰ আস্ফালনেৰে ব্যাপক ভাৱে প্ৰচাৰ চলাইছে। সি যি নহওক এই বিকল্প জ্ঞান ধৰ্মীয় ফেঁচীবাদৰ বাবে প্ৰয়োজনীয় যি মগজুৰ প্ৰক্ষালন তাৰ বাবেও এক উপযুক্ত নিৰ্মাণ।
এনেধৰণৰ বিকল্প জ্ঞানেৰে অতিমাত্ৰা প্ৰচাৰত অভ্যস্ত (Aggrandised) সমাজ এখনৰ আত্মশ্লাঘাই মানুহক জ্ঞানচক্ষুৰ পৰা বঞ্চিত কৰি তিলতিলকৈ এখন সমাজক আত্মিক অন্ধকাৰৰ ফালে লৈ যাব পাৰে আৰু এটা সময়ত জ্ঞানৰ সভ্যতাৰেই পতন মাতি আনিব পাৰে। এনে পতনৰ সন্মুখীন হৈছিল বিজ্ঞানৰ সলনি ইছলামী ধৰ্মান্ধতাক আঁকোৱালি লোৱা আৰৱ সাম্ৰাজ্যই।
যি বুদ্ধ ধৰ্মক সম্ৰাট অশোকে ৰাজধৰ্মৰ মৰ্য্যাদা প্ৰদান কৰি সমাজৰ নিম্ন শ্ৰেণীলৈকে জ্ঞান আৰু অহিংসাৰ আদৰ্শক লৈ যাব খুজিছিল, সেই সময়তে এটা প্ৰতিবিপ্লৱ আৰম্ভ হৈছিল। সি আছিল বৰ্ণাশ্ৰম ধৰ্মৰ পুনঃ প্ৰতিষ্ঠা, অসংখ্য ধৰ্মীয় শাস্ত্ৰৰ সৃষ্টি, এফালে যুদ্ধ আৰু সমৰাস্ত্ৰৰ ওপৰত দৈৱত্ব আৰোপ আৰু আনফালে সমাজৰ কঠোৰ বৰ্ণশৃখংলক কিছু নৰম ৰূপ দিবলৈ মায়াবাদৰ আৱিৰ্ভাৱ। পৰিৱৰ্তন আৰু প্ৰগতিৰ যি অগ্ৰগামী ধাৰা, সি স্তব্ধ হৈ সমাজৰ সংখ্যাগৰিষ্ঠ মানুহক এনেদৰেই জ্ঞানচক্ষুৰ পৰা বঞ্চিত কৰি এক ধৰ্মীয় সমাজৰ নিৰ্মাণ কৰা হৈছিল, কেৱল পৰম্পৰা আৰু তথাকথিত ৰীতি নিবাসেই যাৰ প্ৰাণ স্বৰূপ।
আমি বৰ্তমান ভাৰতীয় ইতিহাসৰ এই দ্বিতীয়টো প্ৰতিবিপ্লৱৰ যুগত উপনীত হৈছোঁ। আজিৰ যুগত এই মায়াবাদ নতুন ৰূপত আহি হাজিৰ হৈছেহি। এই মায়াবাদে পূৰ্বৰ দৰে সকলো চৰাচৰ জগত মিথ্যা, এক সৰ্বব্যাপী মহাচৈতন্যহে সচাঁ; এই মতাদৰ্শতেই সীমাৱদ্ধ হৈ থকা নাই। এই মায়াবাদ আজিৰ যুগৰ অবাধ সম্পত্তিৰ কেন্দ্ৰীভৱন, অপ্ৰতিৰোধ্য তথ্য প্ৰযুক্তি, সামাজিক গণ মাধ্যম তথা ৰাজপথৰ ফেঁচীবাদৰ সৈতে অংগাংগীভাৱে যুক্ত হৈ পৰিছে। এই মায়াবাদে পূৰ্বৰ একান্ত ভাৱবাদৰ পথ এৰি পোনপটীয়াকৈ এক ছদ্মবৈজ্ঞানিক ভাৱবাদৰ ৰূপত আত্মপ্ৰকাশ কৰিছে। এই ছদ্মবৈজ্ঞানিক ভাৱবাদৰ চৰ্চাৰ দ্বাৰা ‘পশ্চিমীয়া আধিপত্যকামী বস্তুবাদী এলিট বিজ্ঞান’ক প্ৰত্যাহ্বান জনোৱা হৈছে। হাৰ্ভাৰ্ডতকৈ হাৰ্ড ৱৰ্কেই শ্ৰেষ্ঠ বোলা ৰাজনৈতিক ভাষ্য শুনাত যদিও এলিট বা অভিজাত্য বিৰোধী, কিন্তু বাস্তৱিকতে এনে ভাষ্য জ্ঞান আৰু বৌদ্ধিকতা বিৰোধী প্ৰতিবিপ্লৱৰ অংশ। গোমূত্ৰৰ পৰা আৰম্ভ কৰি এনে ছদ্মবিজ্ঞানে শেহতীয়াকৈ কোৱাণ্টাম বলবিজ্ঞানৰ সিদ্ধান্তসমূহকো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে (Quantum mysticism)। নতুন শিক্ষানীতিৰ প্ৰৱৰ্তনৰ পিছতেই এই ছদ্মবৈজ্ঞানিক আগ্ৰাসনে অতি শীঘ্ৰেই ভাৰতৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়সমূহত মূল বিজ্ঞানৰ সমান্তৰালভাৱে এক বিকল্প বিজ্ঞানৰূপে থিয় দি উঠিব। ইয়াক বাধা দিয়াৰ বাবে প্ৰতিবাদ হোৱাটো যিদৰে জৰুৰী, একেদৰে বিৱৰ্তনবাদ আৰু মহাকাশ বিজ্ঞানৰ আলমত মানৱ জাতি আৰু পৃথিৱীৰ ইতিহাসৰ বিষয়ে জ্ঞানসমৃদ্ধ ব্যাপক কাৰ্যসূচীৰো বিস্তৃত প্ৰসাৰৰ প্ৰয়োজন। প্ৰাচীনত্বৰ মাপকাঠিৰে বন্দিত জাতি ৰাষ্ট্ৰৰ তথা প্ৰাতিষ্ঠানিক ধৰ্মৰ ইতিহাস মানুহৰ অৰ্থাৎ হʼমʼ চেপিয়েন্সৰ বিৱৰ্তন, এই গ্ৰহটো আৰু আমাৰ সৌৰজগতৰ ‘বিৱৰ্তনীয়’ ইতিহাসৰ তুলনাত তেনেই অপ্ৰাসংগিক আৰু অৰ্থহীন।
“ডাৰউইনবাদ আৰু হিন্দুত্ব ” লেখাটো অৰ্থাৎ এই বিষয়তো আজিৰ সময়ৰ অতি প্ৰাসংগিক আৰু এক প্ৰকাৰ জৰুৰী বুলি বিবেচিত হব লগে। মই ভাবো ,আমি যিসকলে শাসকিয় ফেচিষ্ট হিন্দুত্ববাদী শক্তিটোৰ বিৰুদ্ধে সজাগ আৰু ডাৰউইনৰ তত্ব বুজিছো সংগঠিত ৰূপত নিজৰ সাধ্য অনুসৰি বিভিন্ন ৰূপৰ বস্তুবাদী চিন্তাৰ, বৈজ্ঞানিক তাৎপৰ্য আদিৰ প্ৰচাৰ আৰু বিতৰ্কত অংশ লব লগে। পাৰিলে কিছু বিকল্প সমান্তৰাল শিক্ষা দিব পৰাৰ সম্ভাৱনা থকা বেচৰকৰী শিক্ষা অনুষ্ঠানবোৰত এই বৈজ্ঞানিক চিন্তা বিস্তাৰ কৰাৰ সচেতন প্ৰচেষ্টা হাতত লব লগে। তাৰবাবে মেলমিটিং, সমভাবাপন্ন সকলৰ লগত যোগাযোগ আদিত মনোনিবেশ , সামাজিক মাধ্যমত মুকলি বিতৰ্ক ,পাৰিলে সংগঠিত ৰূপত পৰিকল্পিত বিতৰ্কৰ আয়োজন কৰি জন সমৰ্থন প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিব লাগে। অন্যথা এইবোৰ ঢোৰাসাপৰ ফুচফুচনিত শেষ হব। এইটো মোৰ ব্যক্তিগত মত।
শেষত এনে সজাগ পৰিশিলিত লেখা আমাক উপহাৰ দিয়াৰ লগতে এক সামাজিক দায়িত্ববোধেৰে চিন্তাৰ বিনিময়ত আগভাগ লোৱা বাবে পুনৰ প্ৰবন্ধটোৰ লেখক কমল নয়ন মিশ্ৰলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ। আশাকৰো আগলৈও এই চিন্তাৰ , কামৰ ধাৰাবাহিকতা বিনষ্ট নহব।
পঢ়িলো। অতি প্ৰাসংগিক।