ডাৰউইনিজিম তথা বিৱৰ্তনীয় জীৱবিজ্ঞান: এটি সংক্ষিপ্ত পর্যালোচনা – (ড০ পল্লবী গোস্বামী)
নতুন আবিষ্কাৰ, নতুন পদ্ধতি তথা নতুন তত্ত্বৰ জৰিয়তে মানৱ বিৱৰ্তন প্ৰক্ৰিয়াক পুংখানুপুংখভাৱে জনাৰ হাবিয়াষ তথা উৎসাহ আজিকোপতি অবিৰতভাৱে চলি আছে। জেনিটিক বিদ্যাৰ তত্ত্বসমূহে আমাক জানিবলৈ দিছে যে মানুহ আৰু চিম্পাঞ্জি জিনীয়ভাৱে পৰস্পৰৰ লগত ঘনিষ্ঠভাৱে সম্পর্কিত। মানুহ মগজুৰ বিকাশ তথা উদ্ভাৱনী আৰু মানসিক শক্তি ব্যৱহাৰ কৰিব পৰা উচ্চ বর্গভুক্ত প্রাণী। শাৰীৰিক আৰু জিনগত মিলসমূহে দেখুৱায় যে আধুনিক মানৱ প্ৰজাতি ‘হ’ম’ চেপিয়েন্স’, চিম্পাঞ্জি, বন’ব আৰু গৰিলা – ৮ ৰ পৰা ৬ মিলিয়ন বছৰ পূর্বে বসবাসকাৰী এটি সাধাৰণ পূর্বপুৰুষৰে অংশ বহনকাৰী। মানুহ প্ৰথম আফ্রিকাত বিৱর্তিত হৈছিল, আৰু মানৱ বিৱৰ্তনৰ বেছি ভাগ অংশই সেই মহাদেশত ঘটিছিল। আদি মানৱৰ জীবাশ্মসমূহ যি ৬ ৰ পৰা ২ মিলিয়ন বছৰ আগতে বাস কৰিছিল সেই সকলো আফ্রিকাৰ পৰাই অহা বুলি বিজ্ঞানে দেখুৱায়।
আধুনিক বিশ্বৰ নাগৰিক হিচাবে আমাৰ সকলোৰে এই পৃথিৱী সম্পর্কে তথা এই ধৰাত আমাৰ অৱস্থান সম্পৰ্কে সকলো ধাৰণা আচলতে বিজ্ঞানৰ ভিন ভিন পৰীক্ষালব্ধ জ্ঞানৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত। ১ম শতিকাৰ পৰা একবিংশ শতাব্দীৰ এই যাত্ৰা পথত আমি যি যি নতুন নতুন সত্যৰ সন্ধান পালোঁ তাৰ আঁৰত থকা বহু বিজ্ঞানীৰ অৱদানৰ কথা স্বীকাৰ কৰিবলৈ আৰু বহু সময়ত তেখেতসকলৰ অভিজ্ঞতা তথা পৰীক্ষালব্ধ সত্যসমূহ সম্পূৰ্ণৰূপে মানি ল’বলৈ যেন আজিও মানৱ সমাজ দ্বিধাগ্ৰস্ত। নিউটন, আইনষ্টাইন আদিৰ পদাৰ্থ বিজ্ঞানৰ তত্ত্বসমূহক সাধাৰণ নাগৰিকসকলে মানি লয় কিয়নো এই সমূহৰ বিতং চৰ্চাৰ বাবে পদার্থবিজ্ঞানৰ চিন্তাভাবনা তথা গাণিতিক কৌশলৰ কুশলী খেলুৱৈ হোৱাটো নিতান্তই প্রয়োজন। প্রকৃতপক্ষে, আধুনিক পদার্থবিজ্ঞানৰ সমস্ত অসাধাৰণ তত্ত্বৰ চৰ্চাৰ ক্ষেত্রত এই সীমাবদ্ধতা সত্য। ন্যূনতম ব্যক্তিবিশেষৰ এইবিষয়ক মন্তব্যই বিশ্বক বিবুধিত পেলোৱাৰ লেখিয়া কোনো পৰিস্থিতিৰ সৃষ্টি আজিকোপতি হোৱা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে জীববিজ্ঞানৰ ধাৰণাৰ ক্ষেত্রত পৰিস্থিতি নাটকীয়ভাৱে পৃথক। বিগত ডেৰশ বছৰ পূৰ্বে প্ৰস্তাবিত অনেক জৈৱিক ধাৰণা প্ৰত্যেকেই অসত্য বুলি ধৰি লৈছিল আৰু স্বাভাৱিকৰূপে তাৰ বিৰোধিতা কৰিছিল। বৰ্তমানেও সেয়ে জীৱন সম্পৰ্কে, জীৱ সৃষ্টি সম্পৰ্কে জীৱবিদসকলে আগবঢ়োৱা তত্ত্বৰ বিপৰীতে কেতবোৰ অবৈজ্ঞানিক ধ্যান ধাৰণাই সময় সাপেক্ষে কোনো কোনো সমাজত গা কৰি উঠে। এই ধাৰণাসমূহৰ বিপৰীতে যুক্তিনিষ্ঠ বৈজ্ঞানিক ধাৰণা গ্ৰহণৰ বাবে এটি আদর্শ বিপ্লবৰ প্ৰয়োজন।
মানৱ বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ পুংখানুপুংখ প্ৰক্ৰিয়া চাৰ্লচ ডাৰউইনৰ বিৱৰ্তন তত্বই ফাঁহি ফাঁহি দেখুওৱা সত্বেও আজিও যেন তাক সম্পূৰ্ণৰূপে গ্ৰহণ কৰিৱলৈ মানুহ অনিচ্ছুক। চাৰ্লচ ডাৰউইনৰ কৃতিত্বৰ ক্ষেত্ৰখনি ইমানেই বিশাল আৰু বিচিত্ৰ আছিল যে তেখেতে যি তিনিটি ক্ষেত্ৰত বৃহৎ অৱদান দি থৈ গ’ল তাক পৃথক কৰা দৰকাৰী। মূলত: বিৱর্তনীয় জীৱবিজ্ঞান; বিজ্ঞানৰ দর্শন তথা ইতিহাসৰ এক নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট সংবেদনশীল মনোভাৱৰ পূৰ্ণ চিত্ৰণ – এই তিনিটি ক্ষেত্ৰত ডাৰউইনৰ বৃহৎ অৱদান আছে। ডাৰউইনৰ প্ৰথম উল্লেখনীয় সাফল্য আছিল জীৱনৰ প্ৰতি ধর্মনিৰপেক্ষ দৃষ্টিভঙ্গী। ডাৰউইনে বিৱৰ্তনীয় জীৱবিজ্ঞান নামৰ জীৱবিজ্ঞানৰ এটি নতুন শাখা প্ৰতিষ্ঠা কৰিলে। বিৱৰ্তনীয় জীৱবিজ্ঞানত তেখেতৰ চাৰিটি অৱদান বিশেষভাৱে গুৰুত্বপূর্ণ, কাৰণ সেই অৱদানসমূহ জীৱ বিজ্ঞানৰ বাহিৰেও, বিজ্ঞানৰ আন বহু ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত। প্ৰথমটি হ’ল প্ৰজাতিৰ অ-সংস্থান বা বিৱৰ্তনৰ আধুনিক ধাৰণা। দ্বিতীয়টি হ’ল বিৱর্তন শাখাৰ ধাৰণা যি এক অনন্য তথা একক উৎসৰ পৰা পৃথিৱীত উদ্ভৱ হোৱা সমস্ত প্ৰজাতিৰ প্রাণীৰ সাধাৰণ বংশ পৰিয়ালনামাক বুজায়। ১৮৫৯ চনলৈকে এই সময়কালীন সমস্ত বিৱর্তনীয় বৈজ্ঞানিক সূত্ৰ হিচাবে জঁ-বাতিস্ত লামার্কৰ “মৃদু উত্তৰাধিকাৰ” বা লামার্কবাদ বা “অর্জিত বৈশিষ্ট্যৰ উত্তৰাধিকাৰ” তত্ত্বক মানি লোৱা হৈছিল। চার্লচ ডাৰউইনৰ পূৰ্বে সকলো প্রাকৃতিক ইতিহাসবিদেই লামাৰ্কৰ মৃদু উত্তৰাধিকাৰ তত্ত্বক সমৰ্থন কৰিছিল। লামাৰ্কৰ মৃদু উত্তৰাধিকাৰ তত্ত্ব অনুসৰি কোৱা হয় যে এটি ৰাসায়নিক জটিলীকৰণ প্রক্রিয়াই জীৱকূলক ক্রমান্বয়ে জটিলতৰ কৰি আনিছে আৰু এটি দ্বিতীয় পাৰিপার্শ্বিক বল বা শক্তিয়ে জীৱসমূহক স্থানীয় পৰিৱেশৰ সৈতে অভিযোজিত কৰি তুলিছে। বৈশিষ্ট্যৰ ব্যৱহাৰ, অব্যৱহাৰ আৰু এটি জীৱৰ সৈতে অন্য জীৱৰ পার্থক্য অনাৰ মাধ্যমেৰে এই পাৰিপার্শ্বিক শক্তিয়ে কাম কৰে।ডাৰউইনে তেখেতৰ মতবাদত লামাৰ্কৰ কিছু তথ্য গ্ৰহণ কৰি কয় যে বিৱৰ্তন অবশ্যেই ধীৰে ধীৰে হোৱা উচিত, কিন্তু দীঘলীয়া বিৰতি অবিহনেই হোৱা উচিত। অৱশেষত নিজৰ যুক্তিৰ সমৰ্থনত ডাৰউইনে যুক্তি দিছিলে যে বিৱৰ্তনৰ প্ৰক্ৰিয়াটি নিসন্দেহে এক প্রাকৃতিক নির্বাচন। এই চাৰিটি অন্তর্দৃষ্টিয়ে ডাৰউইনৰ সূত্ৰৰ সহায়ত বিজ্ঞানত দর্শনৰ এটি যেন নতুন শাখা বা জীববিজ্ঞানৰ দর্শন প্ৰতিষ্ঠাৰ ভিত্তি হিচাবে কাম কৰিছিল। দর্শনৰ এই নতুন শাখা সম্পূর্ণৰূপে বিকশিত হোৱাৰ এটা শতাব্দী পাৰ হৈ গ’লেও ইয়াৰ চূড়ান্ত ৰূপটি বা আধুনিক ৰূপটিও কিন্তু ডাৰউইনীয় ধাৰণাৰ উপৰত ভিত্তি কৰিহে সৃষ্ট। উদাহৰণস্বৰূপে, ডাৰউইনে বিজ্ঞানত ঐতিহাসিকতাৰ পৰিচয় দিছিল। পদার্থবিজ্ঞান অথবা ৰসায়নৰ বিপৰীতে বিৱৰ্তনমূলক জীববিজ্ঞান এটি ঐতিহাসিক বিজ্ঞান। বিৱৰ্তনবাদীয়ে ইতিমধ্যে সংঘটিত ঘটনা আৰু প্ৰক্রিয়াসমূহ ব্যাখ্যা কৰাৰ চেষ্টা কৰে। আইন তথা পৰীক্ষা-নিৰীক্ষা এই জাতীয় ঘটনা আৰু প্ৰক্রিয়াসমূহৰ ব্যাখ্যা দিবৰ বাবে অনুপযুক্ত কৌশল। ইয়াৰ পৰিৱর্তে বিৱৰ্তন বিজ্ঞানীসকলে এক ঐতিহাসিক আখ্যান ৰচনা কৰে, নির্দিষ্ট দৃশ্যৰ এটি অস্থায়ী পুনর্গঠন গঠিত কৰে আৰু তাৰ সহায়ত বিৱৰ্তিত ঘটনাৰাজি ব্যাখ্যা কৰাৰ চেষ্টা কৰে।
উদাহৰণস্বৰূপে, ক্রিটাছিয়াচ যুগৰ শেষত ডাইন’চৰসমূহৰ আকস্মিক বিলুপ্তিৰ বাবে তিনিটি পৃথক পৰিস্থিতি প্ৰস্তাৱ কৰা হৈছে: এটি বিধ্বংসী মহামাৰী; জলবায়ুৰ এক বিপর্যকৰ পৰিৱর্তন; আৰু সৰ্বশেষত এটি গ্ৰহাণুৰ প্ৰভাব, যাক আলভাৰেজ তত্ত্ব (Luis Alvarez) হিচাবে জনা যায়।। প্ৰথম দুটি কাৰণ শেষলৈ অসংখ্য প্ৰমাণৰ দ্বাৰা খণ্ডন কৰা হৈছিল। সমস্ত জ্ঞাত তথ্য অৱশ্যে আলভাৰেজ তত্ত্বৰ সৈতে খাপ নেখায় যি এতিয়া ব্যাপকভাৱে গ্ৰহণযোগ্য। এই সকলো সিদ্বান্তই কিন্তু ঐতিহাসিক ঘটনাৰাজিৰ অধ্যয়নৰ অভিজ্ঞতাৰ পৰাহে আহৰণ কৰা হৈছে।
ডাৰউইনীয় বিৱর্তন তত্ত্ব বর্তমান সময়ত এটি সম্পূর্ণ বিতৰ্কিত বিষয় হিচাপে পুনৰাই আত্ম প্ৰকাশ কৰিছে। সমালোচকসকলে বেছ কিছু দৃষ্টিকোণৰ পৰা ধৰ্মৰ গইনা লৈ বিৱর্তন তত্ত্ব তথা এই তত্ত্বই আগবঢ়োৱা অভিজ্ঞতা সম্পর্কে পুনৰাই বিবেচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। বৈজ্ঞানিক তত্ত্বসমূহ সময়ে সময়ে, যুগান্তকাৰী বৈজ্ঞানিক অনুসন্ধান তথা আবিষ্কাৰৰ ফলত নতুন ধাৰণাৰ আকাৰেৰে পুনৰায় বিতৰ্কৰ সন্মুখীন হয়। কিন্তু আমোদৰ বিষয় হ’ল বিৱর্তনৰ ক্ষেত্ৰত ডাৰউইনীয় তত্ত্বৰ ক্ষেত্রত এটি কেৱলমাত্র নতুন ধাৰণা নহয়, অনেক বিতৰ্কিত বিষয়কো প্ৰসংগ সংগতিবিহীনভাৱে টানি অনা হৈছে।
ডাৰউইনীয় বিৱর্তন তত্ত্বটি তিনিটি মূখ্য উপাদান সম্পর্কিত তথ্যৰ ওপৰত নির্ভৰ কৰে। সেই কেইটি হ’ল-
(১) সমস্ত জীৱৰ পক্ষে এক নিৰ্দিষ্ট পৰিবেশে যিমানখিনি বহন ক্ষমতা ৰাখে তাতকৈ অধিক বংশধৰৰ জন্ম হয়,
(২) জীৱৰ প্ৰজননৰ মানদণ্ডৰ তাৰতম্য ঘটে,
(৩) জীৱৰ জীৱন শৈলীৰ উপৰত অ-স্থিৰ পৰিবেশৰ অস্তিত্ব এটিয়ে চিৰ-পৰিৱর্তিত চাহিদাৰ ৰ্সৃষ্টি কৰে।
এই তিনিটি প্ৰসংগৰ ভিত্তিতেই ডাৰউইনীয় বিৱর্তনীয় তত্ত্বৰ ভেটি, সৰলভাৱে ক’বলৈ গ’লে এটা প্ৰজাতিৰ পৰা অন্য এটা প্ৰজাতিলৈ আৰু সবাটোকৈ স্পষ্টভাৱে উচ্চতৰ বৰ্গভুক্ত প্ৰাণীলৈ বিৱর্তনৰ হাৰ অতিকে ধীৰ, প্রায় অলক্ষণীয়। বিৱৰ্তনৰ মূল কেচাঁসামগ্ৰী হিচাবে সহজে হোৱা জিনীয় অভিযোজনা, যি সামান্যতমভাৱে হ’লেও কিছু উন্নত প্ৰজাতিৰ সৃষ্টিৰ নিৰ্দেশনা কৰে। এই ক্ষেত্ৰত দিশ নিৰ্দেশনা শক্তি হ’ল প্রাকৃতিক নির্বাচন যি দুর্বলভাৱে অভিযোজিত জিনীয় পুন:নিৰ্মানক নেওচা দিয়ে আৰু “যি উপযুক্ত তেৱেই বাচি থাকিব” (Survival of the fittest)। ১৯৩০ চনত প্ৰাৰম্ভ হোৱা আৰু ১৯৪০ চনত বিকশিত হোৱা নব্য-ডাৰউইনিজিমে যুক্তি দেখায় যে সুক্ষ্ম অথবা বৃহৎ এই দুয়ো বিধ বিৱর্তনমূলক প্ৰক্রিয়াৰ মাজত দৰাচলতে কোনো মৌলিক পার্থক্য নাই।
বিগত কেইবা দশক জুৰি দল বিশেষে ডাৰউইনবাদ বা নব্য-ডাৰউইনবাদক প্ৰবল প্ৰত্যাহ্বান জনোৱা হৈছে। ডাৰউইনৰ মতবাদৰ বিৰোধীসকলৰ মত অনুসৰি বিৱর্তন ধীৰে ধীৰে অগোচৰে অগ্ৰসৰ নহয়। জিনীয় মিউটেশনসমূহ কোনো নীতিনিয়ম নমনাকৈ অভিযোজিত নহয়। DNA কার্যকৰী অভিযোজন প্রাথমিকভাৱে প্রাকৃতিক নির্বাচনৰ দ্বাৰা সজোৱা নহয় আৰু নব্য-ডাৰউইনিজমৰ যুক্তি গ্ৰহণযোগ্য নহয়।
বিৱর্তনৰ ডাৰউইনীয় তত্ত্বৰ প্রধান প্রক্রিয়াটিৰ ধীৰে ধীৰে অগ্রগতি হয়। এটা জীৱনৰ পৰা আন এটা জীৱনলৈ বিৱর্তনৰ হাৰ খুব ধীৰ। বিৱৰ্তনৰ হাৰ লেহেমীয়া এই কথাৰ গইনা লৈয়েই সাম্প্ৰতিক সময়ত ডাৰউইনৰ তত্ত্বটি বৈজ্ঞানিকভাৱে বৈধ হয় নে নহয় সেই প্ৰশ্ন তথা অভিযোগ অনেকে কৰিছে আৰু ফলশ্ৰুতিত অবিৰত চেষ্টা কৰা হৈছে বিৱর্তনৰ বিকল্প হিচাবে অন্য কোনো মতবাদ যেনে ধৰ্ম তত্ত্ববাদ অথবা সৃজনবাদীতা য’ত পৃথিৱীত মানুহৰ আৱির্ভাৱক ঈশ্বৰৰ সিদ্ধান্ত অথবা অৱদান বুলি গণ্য কৰা হয়।
কিন্তু সৌভাগ্যবশতঃ বিজ্ঞানে আজি নিশ্চিত কৰিছে যে ডাৰউইনৰ মতবাদ অবিহনে বিৱৰ্তনৰ প্ৰক্ৰিয়া অধ্যয়ন কৰাটো অমূলক আৰু ভিত্তিহীন। সমালোচকসকলৰ প্ৰতিটো প্ৰশ্নৰ নহ’লেও বৃহদাংশক বিজ্ঞানে আজি উত্তৰ দিবলৈ সক্ষম হৈছে। যুক্তিৰ তুলাচনীত ধৰ্মীয় অন্ধবিশ্বাসৰ মান অতি নিম্ন যদিও বৰ্তমানেও ডাৰউইনৰ তত্ত্বই যেন সাধাৰণ মানুহৰ মনত সামান্যতমভাৱেও ৰেখাপাত কৰিবলৈ সমৰ্থ হোৱা নাই। জনসাধাৰনক শুদ্ধ বিচাৰ বোধ কৰিবলৈ সক্ষম কৰি তুলিব পৰাকৈ বিজ্ঞান আজিও জনসাধাৰণৰ ওচৰ চাপিব পৰা নাই আজিও অনেক মানুহেই সৰলভাৱে বিশ্বাস কৰে যে ডাৰউইনৰ তত্ত্ব বিজ্ঞানৰ আন আন মতবাদৰ দৰে এটি মতবাদহে মাথোন। আমাৰ দৈনন্দিন জীৱনত ইয়াৰ পৰা আমি গ্ৰহণ কৰিব পৰা একোৱে নাই।
সকলো প্রাণী সৰলতৰ প্রাণীৰ পৰা কেইবা মিলিয়ন বছৰৰ অন্তত বিৱর্তিত হৈ বর্তমানৰ অৱস্থান পাইছেহি। সেই সৰলতৰ প্রাণীক কোৱা হয় LUCA (Last Universal Common Ancestor)- এইটি এটি বৈজ্ঞানিক তথ্য। এই তথ্যৰ সত্যতা বহন কৰে বৰ্তমানলৈ আৱিষ্কৃত অনেক জীৱৰ জীৱাশ্মসমূহে আৰু তাক পুনৰাই প্ৰমাণ কৰে জিনীয় পৰীক্ষা নিৰীক্ষা, ডিএনএ আৰু জৈৱভূগোলে। ডিএনএৰ গঠনে অতি নিখুঁতভাৱে বিৱর্তনৰ প্ৰমাণ দিয়ে। চিম্পাঞ্জীৰ সৈতে মানুহৰ কাৰ্যকৰী জিনৰ ৯৯.৬% মিল আছে। এন্দুৰৰ সৈতে ৮০% মিলি যায়। এই শতকৰা অনুপাত আকৌ একক পূর্বপুৰুষৰ জীৱনকালৰ সৈতে সম্পর্কিত। এইসমূহ পৰিঘটনাই বিৱর্তনক এটি সত্য তথ্য হিচাবে প্ৰতিষ্ঠিত কৰে।
যদি মানুহৰ বিৱর্তন বান্দৰ বা নৰবান্দৰৰ পৰা হৈছে তেন্তে কিয় এতিয়াও বান্দৰ আৰু গৰিলা আদি আছে? সেইবোৰ কিয় মানুহ নহয়? এই প্রশ্নটি কিন্তু অতি দু:খজনকভাৱে ভুল। মানুহ বান্দৰ বা নৰবান্দৰৰ পৰা বিৱর্তিত হোৱা নাই। মানুহ, বান্দৰ বা নৰবান্দৰৰ পূর্বপুৰুষ একে আছিল। যদি অতীতলৈ সময়ৰ যাত্রা কৰি আমি কেইবা মিলিয়ন বছৰ পিছলৈ ঘূৰি যাব পাৰোঁ, তেন্তে আমি আমাৰ বান্দৰ সদৃশ পূর্বপুৰুষসকলক সাক্ষাৎ কৰিব পাৰিলোঁঁহেঁতেন। তেওঁলোকৰ জনসংখ্যা কেইটিমান ভাগত বিভক্ত হৈছিল আৰু বিৱর্তনৰ ভিন্ন ভিন্ন পথেৰে যাত্রা আৰম্ভ কৰিছিল। তাৰেই এটি ধাৰাৰ প্রাণী হ’লোঁ আমি, সমূহ মানৱ, আৰু আন এটি ধাৰাৰ প্রাণী চিম্পাঞ্জী।
বহুতেই দাবী কৰে বিৱর্তন বিজ্ঞান নহয়, কাৰণ বিৱৰ্তন প্রত্যক্ষ বা পৰীক্ষা কৰিব নোৱাৰি।
পিছে ক্ষুদ্রতৰ পৰিসৰত বিৱর্তন বিস্তৰভাৱে প্রত্যক্ষ কৰা হৈছে। বেক্টেৰিয়াসমূহে আজি এন্টিবায়োটিকৰ বিৰুদ্ধে প্রতিৰোধ গঢ়ি তুলিছে, বিজ্ঞানীসকলে সেয়া নিত্য প্ৰত্যক্ষ কৰি নতুন এন্টিবায়োটিক বনায়েই আছে। পখীকূলৰ ঠোঁটৰ পৰিৱেশসাপেক্ষ পৰিৱৰ্তন সহজেই লক্ষণীয়।
ডাৰউইনৰ বিৱৰ্তনবাদ অসংখ্য প্রামাণিক তথ্যৰ সমর্থনত সন্দেহাতীতভাৱে প্রমাণিত এক বৈজ্ঞানিক সত্য। ইয়াৰ বিপক্ষে কোৱা যিকোনো উক্তিয়েই দৰাচলতে আমাক দিয়া আমোদহে।