বিবিধ চিন্তা

দাদা শিৱনাথ বৰ্মন : শৈশৱৰ স্মৃতি (জীৱৰাজ বৰ্মন)

বহুদিন চিকিৎসাধীন হৈ থাকি মোৰ দাদা শিৱনাথ বর্মন বৃহস্পতিবাৰে সন্ধিয়াৰ আগে আগে চিৰদিনৰ বাবে চকু মুদিলে। আমাৰ দেউতা, এসময়ৰ কৃতী শিক্ষক কাশীনাথ বর্মনৰ ৬৮ বছৰ বয়সত মৃত্যু হৈছিল। তুলনামূলকভাৱে দাদাই আশী বছৰীয়া এটা দীঘল জীৱন পাইছিল আৰু এই কালছোৱাৰ অর্ধেকৰো অধিক কালজুৰি দাদাই অসমব বৌদ্ধিক জগতলৈ যি অৱদান দি থৈ গ’ল, সেইখিনি আমাৰ পিতৃয়ে সাহিত্য আৰু শিক্ষা জগতলৈ দি যোৱা অৱদানতকৈ বহুত বেছি বুলি স্বীকাৰ কৰিব লাগিব, যদিও সাহিত্য চর্চা কৰা বিষয়ত তেওঁ আমাৰ দাদাৰ আদর্শ পুৰুষ আছিল।

দাদাৰ বৌদ্ধিক দিশটোৰ বিষয়ে বিজ্ঞজনেহে ভালকৈ লিখিব পাৰিব। এই লেখাটোত ম‍ই মাত্ৰ শৈশৱৰ কিছু কথাহে স্মৰণ কৰিম।

দাদা মোতকৈ যায় ৯ বছৰ ডাঙৰ আছিল। সৰুতে মই তেওঁৰ পিছে পিছে ফুৰিছিলোঁ আৰু দাদায়ো তেওঁৰ স্কুলীয়া বন্ধু-বান্ধৱৰ ঘৰলৈ গ’লে মোক লগত লৈ গৈছিল। আমি তেতিয়া নাজিৰাত আছিলোঁ। পঢ়া-শুনাৰ বাহিৰে খেলা-ধূলাত দাদাৰ বৰ ৰাপ নাছিল। খেলাৰ ভিতৰত কেৰমহে খুব খেলিছিল। আমাৰ ঘৰতো কেৰম বৰ্ড এখন আছিল যদিও দাদাই ওচৰৰ তেওঁৰ সহপাঠী মহচিনহঁতৰ (তিতাবৰ কলেজৰ প্রাক্তন প্ৰিঞ্চিপাল, বর্তমান প্রয়াত) বিশাল ইউনিটটোৱে সৈতে থকা ঘৰটোৰ চোতালতহে কেৰম খেলিবলৈ গৈছিল, কাৰণ দেউতাই লিখা-মেলা কৰি থাকে বাবে ল’ৰাবোৰে হুলস্থূল কৰিলে ডাবি-ধমকি দিছিল। লগত ম‍ই যামেই, বা দাদাই মোক নিজেই সুধিব, “যাবি নেকি”?

সৰু নাজিৰা চহৰখনৰ প্ৰাণকেন্দ্ৰ চ’ক বজাৰৰ সন্মুখৰ ধোদৰ আলিৰ পিছফালৰ টকৌ আলিত থকা আমাৰ ঘৰটোৰ ওচৰৰে টয়নুৰাম দাস নামৰ ল’ৰা এজন দাদাৰ স্কুলীয়া সহপাঠী আছিল। স্কুললৈ যোৱাৰ আগতে দাদাই মোক কয়, “যাচোন টয়নুক সুধি আহ দিখৌলৈ গা ধুবলৈ যাব নেকি”? মই দৌৰি গৈ সুধি আহোঁ। দিখৌ নৈখন আমাৰ ঘৰৰ ওচৰতে। দাদা আৰু তেওঁতকৈ দুবছৰ সৰু মোৰ দ্বিতীয়জন দাদা, বর্তমান মৃত, দীননাথ বৰ্মন দিখৌলৈ গ’লে পিছে পিছে ময়ো যাওঁ। দাদাই নৈখনত সাঁতুৰি থাকোঁতে মোক পিঠিত উঠাই কিছুদূৰ গৈ পানীত পেলাই দিয়ে। তেনেকৈয়ে মই সৰু কালতেই সাঁতুৰিবলৈ শিকিছিলোঁ।

দাদা বাঁওহতীয়া আছিল (নাজিৰাৰ ফালে “লেবেৰাহতীয়া” বুলি কয়)। সৰুতে ম‍ই আচৰিত হৈছিলোঁ—দাদাই বাঁওহাতেৰে কেনেকৈ লিখে? মই অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মুৰ্গীৰ ঠেং দুটা চিয়াঁহীত ডুবাই কাগজ এখনৰ ওপৰত খোজ কঢ়াই দিলে যেনেকুৱা জেং সদৃশ ৰেখাবোৰ হ’ব, মোৰ তেনেকুৱা আখৰবোৰ দেখি দাদাই মোক ঘৰুৱা জোকোৱা নামটো মাতি কয়, “ঐ সোলা, সোঁহাতেৰে লিখ”।

কেইবছৰমানৰ আগতে মৃত্যু হোৱা আমাৰ আটাইতকৈ ডাঙৰ বাইদেউ জয়ন্তী পাটোৱাৰীয়ে (ঘৰুৱা নাম মাইকণ আছিল আৰু নামটো বোলে আমাৰ দেউতাৰ গুৰু শৰৎ চন্দ্র গোস্বামীয়ে দিছিল) মোক কোৱা মনত আছে—কেইবাজনী ছোৱালীৰ পাছত ল’ৰা এটা জন্ম হোৱা বাবে দাদা মা-দেউতা আৰু আমাৰ বাইদেউকেইগৰাকীৰ আলাসৰ লা‌ড়ু আছিল। অন্নপ্ৰাসন পাতোঁতে বোলে দাদাই আন বস্তুৰ মাজৰ পৰা কলম এটাহে স্পর্শ কৰিছিল। বহু বছৰৰ পাছত মই দাদাৰ সোঁৱৰণীখন দেখিছিলোঁ। ইমান দীঘল আৰু ইমান ধুনীয়া সোঁৱৰণী মই আজিলৈকে দেখা নাই। মেৰুৱাই ৰেছম সূতাৰ বান্ধি দেউতাই সেইখন আন লাগতিয়াল বস্তুৰ লগত কাঠৰ পেৰা এটাত থৈ দিছিল (দাদাই অৱশ্যে পাছত সোঁৱৰণী-তোঁৱৰণীত বিশ্বাস নাৰাখিছিল)।

মই প্ৰাইমেৰী স্কুলত থাকোঁতেই দাদা নাজিৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্র আছিল। বছৰেকীয়া পৰীক্ষাত প্রতিবছৰে হয় প্রথম, নহয় দ্বিতীয় হৈছিল। সুখাতিৰে ওপৰ শ্ৰেণীলৈ উত্তীর্ণ হোৱা আৰু বেলেগ বেলেগ বিষয়ত সর্বোচ্চ নম্বৰ পোৱা ছাত্রবোৰক বঁটা প্ৰদান কৰিবলৈ তেতিয়া নাজিৰাত থকা চাহ প্রতিষ্ঠান “অসম কোম্পানী’-ৰ সদৰ অফিচটোৰ জেনেৰেল মেনেজাৰ ই পি লুম্‌লে এলিছ বঁটা বিতৰণী সভালৈ আহিছিল। ইংৰাজজনৰ নামটো মনত আছে, কাৰণ বঁটা হিচাপে দিয়া কিতাপবোধত সংযুক্ত ফ্লেপখনত তেওঁৰ নামটো লিখা থাকে। দাদাই বঁটা হিচাপে পোৱা “টম খু‌ড়াৰ জুপুৰি” কিতাপখন এতিয়াও মোৰ লগত আছে। ওপৰ শ্ৰেণীৰ ছাত্ৰবোৰৰ ভিতৰত বেছি বঁটা সংগ্ৰহ কৰিছিল বিপিন ঢেকিয়াল ফুকন, চৈয়দ মহিবুল্লা আৰু দাদাই। দাদাই পোৱা কিতাপবোৰ বঁটা বিতৰণী সভাৰ পৰা ৰিং মাৰিলেই শুনা দূৰত্বত থকা আমাৰ ঘৰলৈ মই লৈ আনিছিলোঁ—বৰ গৌবৰৱেৰে। মই হ’লে স্কুলত কেতিয়াও বঁটা পোৱা নাছিলোঁ। মোৰ দ্বিতীয়জন দাদা দীননাথেও স্কুলত বঁটা পাইছিল আৰু মেট্রিক পৰীক্ষাত তেওঁ অসমৰ সকলো স্কুলৰ ছাত্ৰ-ছাত্রীৰ ভিতৰত ইংৰাজীত সর্বোচ্চ নম্বৰ পাইছিল। তেওঁলোকে বঁটা হিচাপে পোৱা কিতাপবোৰ ঘৰলৈ আনি দেউতা ঘৰত থাকিলে তেওঁৰ হাতত দিওঁ। যোৰহাটৰ নৰ্মাল স্কুলত শিক্ষকতা কৰি পাছত এছিটেণ্ট হেডমাষ্টৰ হৈ শিৱসাগৰ গভর্নমেণ্ট হাইস্কুলৰ পৰা অৱসৰ পাই (গল্পকাৰ ইমৰাণ শ্বাহ আৰু দিলীপ কুমাৰ হাজৰিকা— দিকুহা সেইখন স্কুলত দেউতাৰ ছাত্ৰ আছিল) দেউতাই কিছু বছৰ নাজিৰাৰ ওচৰৰ নামতি হাইস্কুলত শিক্ষকতা কৰিছিল অঞ্চলটোৰ তেতিয়াৰ এম এল এ টংকেশ্বৰ চেতিয়াৰ অনুৰোধত।

দাদাই প্রথম স্থান লৈ মেট্রিক পাছ কৰাৰ পাছত দেউতাই তেওঁক নাজিৰা হাইস্কুলৰ তেতিয়াৰ হেডমাষ্টৰ গিৰীন্দ্র নাথ চাংকাকতিৰ চৰণ চুই আশীর্বাদ ল’বলৈ কৈছিল। দেউতাৰ আগত একো নকৈ দাদাই মাৰ আগত ভোৰ্‌ভোৰাইছিল—, “মই সেৱা-চেৱা কৰিবলৈ যাব নোৱাৰোঁ। পিতাক (দেউতাক আমি সেই নামেৰেই সম্বোধন কৰিছিলোঁ) কৈ দিবি”। কথাটো দেউতাৰ কাণত পৰাৰ পাছত তেওঁৰ খুব খং উঠিছিল।

আগতেই কৈছোঁ, নাজিৰাত আমাৰ ঘৰটো আছিল ধোদৰ আলি আৰু “অসম কোম্পানী”-ৰ নিজস্ব পথ টকৌ আলিৰ মাজত। এফালে চ’ক বজাৰ, আনফালে চাহ বাগিচাৰ বনুৱাৰ ঘৰবোৰ। এফালে বজাৰৰ হুলস্থূল আৰু আনফালে বনুৱাবোৰৰ বেছিভাগেই চুলাই খাই কৰা হুলস্থূল। মাজত আমি। দেউতা শিক্ষক। দাদা দুজন খ্যাতিমন্ত স্কুলীয়া ছাত্র। ওচৰৰ চিনেমা হলটোত আবেলিৰ পৰাই মাইকত গ্রামোফোন ৰেকর্ড বাজে—“ৰুক যা অ’ ৰুক যা, ম্যে তু ৰাহি তেৰি মঞ্জিলিকা”, “বৰষাত মে হমকো মিলে তুম অউৰ তুমকো মিলে হম, তাক ধিনা ধিন”। আজব পৰিৱেশ। তাৰ মাজতে পঢ়া মেজত বহি সংস্কৃত গ্ৰামাৰখন মেলি দাদাই মুখস্থ কৰে, “নৰ, নৰৌ, নৰাঃ” (সংস্কৃত দাদাৰ বিষয় আছিল বুলি দাদাই নিজেই লিখিছিল)। ইজন দাদাই মূৰ দুপিয়াই দুপিয়াই আওযায়—“নহ’বা গৰুৰ দৰে, খুঁচিলেহে খোজ ধৰে। ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান”।

আমি তিনিওজন ভাই-ককাই একেলগে এখন ডাঙৰ মেজত প‌ঢ়া-শুনা কৰোঁ (আমাৰ সৰু ভাই লক্ষ্মীনাথৰ তেতিয়া জন্মই হোৱা নাই)। দাদাই মোক অংক কৰিবলৈ দিয়ে। অংকবোৰ ভুল হয়। দাদাই খং নকৰে, কেৱল হাঁহে। মই যে অংকত ইমান গাধ সেইবাবে নহয়, অংক কৰি থাকোঁতে মই যে টোপনি যাওঁ, সেইবাবে।

স্কুলত থাকোঁতে দাদাই কোৱা শুনিছিলোঁ তেওঁ বোলে এদিন “ৰেংলাৰ” হ’ব। “ৰেংলাৰ” মানে যে অংক-শাস্ত্রী, তেতিয়া মই জনা নাছিলোঁ। দাদা “ৰেংলাৰ” নহয়, পদার্থ বিজ্ঞানৰ অধ্যাপক হ’ল। অংক, পদার্থ বিজ্ঞান—এইবোৰ যুক্তিসর্বস্ব বিষয়। সেইবাবেই হ’বলা দাদা অসমৰ এজন ওখখাপৰ যুক্তিবাদী আৰু বুদ্ধিজীৱী হ’ব পাৰিছিল। দাদাৰ পঢ়া মেজত মই দুজন মানুহৰ ছবি দেখা পাইছিলোঁ—বাৰ্ট্ৰেণ্ড ৰাছেল আৰু এলবার্ট আইনষ্টাইনৰ। বুদ্ধৰ প্রতিমূর্তি এটাও আছিল। তাত দাদাই নিজেই লিখি গৈছিল “আত্মদিপোভবঃ”। দাদাই তেওঁৰ নিজৰ জ্ঞানৰ যোগেদিয়েই আত্মানক প্রদীপ্ত কৰিছিল। এইজন অমায়িক বিদ্বৎ পুৰুষৰ দেহাৱসানৰ পাছত যে আজিৰ অসমৰ বৌদ্ধিক জগতখন নিষ্প্রভ হ’ল, তাত কোনো সন্দেহ নাই।

(১৭ ডিচেম্বৰ, ২০২২ তাৰিখত “আমাৰ অসম”-ত প্ৰকাশিত লিখাটি লেখকৰ সন্মতিলৈ ইউনিকোডলৈ ৰূপান্তৰ কৰি পুনৰ্প্ৰকাশ কৰা হৈছে)

Leave a Reply

Your email address will not be published. Required fields are marked *