দেশী মুছলমানসকলৰ সবল নেতৃত্বৰ প্ৰয়োজনীয়তা – (জেহেৰুল ইছলাম)
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমত বাস কৰা দেশী মুছলমানসকলে নিজৰ ন্যায্য প্ৰাপ্য পূৰণ কৰাৰ নিমিত্তে বহু দিনৰ পৰাই সবল নেতৃত্বৰ সন্ধান কৰি আহিছে। অসমৰ খিলঞ্জীয়া হোৱা সত্ত্বেও আজিকোপতি দেশী মুছলমানসকলসকলৰ আশাবোৰ হৈ আছে মৰীচিকাৰ দৰে। বিভিন্ন ঘটনাক্ৰমে তেওঁলোকক বাৰে বাৰে আশাহত কৰি ক্ষত-বিক্ষত কৰি তুলিছে। তাৰ মাজতো, পলমকৈ হ’লেও, তেওঁলোক আশাবাদী হ’বলৈ শিকিছে। এই সময়ত দেশী মুছলমানসকলৰ আশাবোৰ পূৰণ কৰাটো যে সময়ৰ আহ্বান, সেয়া বুজাবলৈ এই চমু টোকাটোত দেশীসকলৰ ইতিবৃত্ত অলপমান দাঙি ধৰিবলৈ যত্ন কৰা হ’ল।
দেশীসকল হ’ল পশ্চিম অসমৰ ইছলামধৰ্মীয় খিলঞ্জীয়া তথা ভূমিপুত্ৰ। অবিভক্ত গোৱালপাৰা জিলাত তেওঁলোকৰ মূল বসতি বিস্তাৰিত যদিও কামৰূপ জিলাৰ বকোৰ (বৰুৱা-বামুনবড়ী-জামলাই ইত্যাদি অঞ্চল) লগতে মেঘালয়ৰ গাৰো পাহাৰৰ পাদদেশলৈকে দেশীসকলৰ জনবসতি পোৱা যায়। তেওঁলোক মূলতঃ কোচ ৰাজবংশীৰ পৰা ধৰ্মান্তৰিত যদিও পশ্চিম অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীসমূহ যেনে, বড়ো, যোগী, নাথ ইত্যাদিৰ পৰাও ধৰ্মান্তৰিত হোৱা বুলি জানিব পৰা যায়। ঐতিহাসিক মিনহাজ-আল-চিৰাজে তেওঁৰ ফাৰ্চী ভাষাৰ পুথি তাবাকত-ই-নাচৰিত উল্লেখ কৰা মতে ১২০৬ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজিয়ে তিব্বত আক্ৰমণৰ উদ্দেশ্যৰে অসমৰ মাজেদি যোৱাৰ সিদ্ধান্ত লৈছিল। ডাঠ হাবিৰে ভৰা অসমত পথ নিৰ্দেশক হিছাপে সহায় কৰিছিল সেই সময়ৰ জনজাতীয় মেচ ৰজা এজনে। বখতিয়াৰৰ লগত থকা চুফী সাধকৰ প্ৰভাৱত আকৃষ্ট হৈ মেচ ৰজাজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ নামেই আলি মেচ বুলি জনা যায়। তাৰপৰাই অসমত মুছলমানৰ ইতিহাসৰ পাতনি মেলা কাৰণে দেশী মুছলমানসকলে আলি মেচক আদি-পুৰুষ বুলি গণ্য কৰে। দ্বিতীয়তে, পৰ্যটক ইবনবটুতাৰ চফৰনামাত উল্লেখ কৰা মতে ১৩৩৬ খ্ৰীষ্টাব্দৰ পৰা ১৩৫২ খ্ৰীষ্টাব্দলৈকে চুলতান ফখৰুদ্দিন মোবাৰক শ্বাহে অবিভক্ত গোৱালপাৰা জিলাত শাসন চলোৱাৰ সময়ত ভালেমান স্থানীয় নিম্ন শ্ৰেণীৰ লোকে বিভিন্ন সামাজিক কাৰণত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। প্ৰায় এটা শতিকাৰ পাছত, ১৪৬০ খ্ৰীষ্টাব্দত কমতেশ্বৰ (কমতাৰাজ) চক্ৰধ্বজে ইছমাইল গাজীৰ লগত যুদ্ধত পৰাজিত হৈছিল। পৰাজয় হোৱাৰ পিছত ইছমাইল গাজীৰ ব্যৱহাৰত আকৃষ্ট হৈ কমতেশ্বৰ চক্ৰধ্বজে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ফলত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ৰজাৰ অনুগামী বৃহৎসংখ্যক প্ৰজাই। পূৰ্বৰ তুলনাত চক্ৰধ্বজৰ সময়ত হোৱা ধৰ্মান্তৰণৰ সংখ্যা আছিল সৰ্বাধিক আৰু তাৰ পৰাই দেশীমুছলমানসকলৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছিল। এই ধৰ্মান্তৰিত প্ৰক্ৰিয়াৰ সাক্ষ্য ইতিহাসত যথেষ্ট। লক্ষণীয় কথা, এই লোকসকলৰ ভাষা আৰু সংস্কৃতিয়ে তে ওঁলোকৰ মূলগত পৰিচয়ৰ সাক্ষৰ বহন কৰি আহিছে। পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতত যি ভাষাই সুৰৰ ৰূপত ভাহি আহি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে সেই ভাষাই হ’ল দেশীসকলৰ ভাষা। কোনোবাই এই ভাষাক গোৱালপৰীয়া উপভাষা বুলি কয় যদিও দেশীসকলে এই ভাষাক ‘দেশী ভাষা’ আৰু কোচ ৰাজবংশীসকলে ‘ৰাজবংশী’ ভাষা বুলি কয়। পূৰ্বতে এই অঞ্চলক দেশ বুলি কোৱা হৈছিল আৰু ইয়াৰ সকলো লোককে দেশী বুলি কোৱা হৈছিল। কিন্তু সম্প্ৰতি দেশী বুলিলে ইছলাম ধৰ্মীয়সকলকহে বুজোৱা হয়। এই লোকসকল “উজনি” নামেৰে পৰিচিত। ব্ৰহ্মপুত্ৰ নদীৰ উজনি ভাগত পূর্বৰে পৰা বসতি কৰা কাৰণে “উজনি” বুলি কয় (যেনেকৈ পূর্ববংগীয় মূলৰ মুছলমানক বুজাবলৈ “ভাটিয়া” বুলি কোৱা হয়)। লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ বীৰেন্দ্ৰনাথ দত্তই উল্লেখ কৰিছে “পশ্চিম অঞ্চলৰ থলুৱা মুছলমানসকলেও আন থলুৱা অধিবাসীৰ নিচিনাকৈ দেশী বুলি পৰিচয় দিয়ে আৰু এই পৰিচয়ত গৌৰৱবোধ কৰে। গোৱালপৰীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ এই থলুৱা মুছলমানসকলেই ৰক্ষা কৰি আছে। সাংস্কৃতিক ক্ষেত্ৰত দেশী মুছলমান পূর্ববংগৰ পৰা পিছত অহা মুছলমানসকলোতকৈ (দেশীসকলে যিসকল লোকক ভাটিয়া বুলি কয়) নিশ্চিতভাৱে স্বতন্ত্ৰ।” লগতে সংস্কৃতিৰ ক্ষেত্ৰলৈ মন কৰিলে এটা কথাই প্ৰমাণ হয় যে দেশীসকল সংস্কৃতিগতভাৱে তেওঁলোক সমগ্ৰ অসমীয়া সংস্কৃতিৰ লগত আত্মিকভাৱে জড়িত। সেইবাবেই তাহানিতে মোগল ঐতিহাসিক চিহাবুদ্দিন তালিচেও সেই কথা ইতিহাসত লিপিবদ্ধ কৰি থৈছিল ।
সাংস্কৃতিক দিশত কোচ আৰু দেশীসকলৰ মাজত কোনোধৰণৰ পাৰ্থক্য পৰিলক্ষিত নহয়। দেশীসকলৰ বিহু পালনৰ নিয়ম কোচসকলৰ লগত সম্পূৰ্ণৰূপে একেই। ঠিক একেদৰে বিয়া-বাৰুৰ নিয়ম-নীতিৰো ভালেখিনি সাদৃশ্য দেখিবলৈ পোৱা যায় তেওঁলোকৰ মাজত। উল্লেখ কৰিব লাগিব যে দেশীসকলে মাত্ৰ এক-দুই দশকমান পূর্বেও বিয়াত সেন্দূৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিল। লিখনিৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ভাষা আৰু সংস্কৃতিৰ তথ্যসমূহ পৰৱৰ্তী সময়ত দাঙি ধৰিবলৈ যত্ন কৰা হ’ব। তাৰ মাজতে দেশীসকল কিদৰে অসমীয়া জাতিৰ অপৰিহাৰ্য অংগ সেইখিনি বুজাবলৈ মাত্ৰ দেশীসকলৰ বেষমা (ৰঙালী বিহু)ৰ বিষয়ে কিছু তথ্য দাঙি ধৰা হ’ল ।
দেশীসকলে বহাগ বিহুক বেষমা বা বিষমা বুলি কয় যদিও চ’তৰ শেষৰ দিনৰ পৰা এই বিহু আৰম্ভ হয় কাৰণে অঞ্চলভেদে ইয়াক ‘চৈত-বেষমা’ বুলিও কয়। বেষমাৰ দিনা ৰাতিপুৱা সোনকালে উঠি ওচৰৰ কণমানি ল’ৰা-ছোৱালীহঁতে দল বান্ধি তিতাগুটি (তিতাভেকুৰী, ইয়াক দেশী ভাষাত বৃষ্টিতিতা বুলি জনা যায়। এয়া হ’ল কাঁইটীয়া জোপোহা গছত লগা তিতা সৰু এবিধ গুটি) বুটলিবলৈ যায়। তিতা বুটলি আনোতে দীঘলতী, নৰসিংহৰ পাত, ভাং গছৰ পাত, নিমপাত আদিৰ সৰু সৰু ঠানি ঘৰলৈ লৈ আহে। ঘৰৰ গৃহিণীয়ে এটা চৰিয়াত পানী লৈ তাতে আদা, তিতাগুটি, হালধি আদিৰ টুকুৰা পেলাই দিয়ে। আৰু সেই পানী নৰসিংহ বা আনি থোৱা আন ঠানিবিলাকৰে ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ে। তেনে কৰিলে “চৈতেৰ বাওঁ” নাইবা “চতৰ বা” (বেমাৰ-আজাৰ বা বিপদক বুজোৱা হয় ) নালাগে বুলি লোকবিশ্বাস আছে। লগতে সেই ঠানিডাল ঘৰ দুৱাৰমুখৰ ওপৰত চালত গুঁজি দিয়ে। এনে কৰিলে ঘৰ-দুৱাৰ বিপদমুক্ত হৈ যায় বা ধুমুহাৰ পৰা ক্ষতি নহয় বুলি বিশ্বাস কৰে।
সৰু ল’ৰা-ছোৱালীক ‘চ’তৰ বা’-ৰ পৰা ৰক্ষা কৰিবলৈ কঁকালত আদা-হালধিৰে ‘শিকাই’ (ফই) বান্ধি দিয়া হয়। বিশ্বাস কৰা হয় যে কণমানিহতৰ ‘চৈতেৰ বাওঁ’ (চতৰ বা)-ত গা ক্ষীণাই যোৱা ৰোগ বা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যৰে এয়া হ’ল পিতৃ-মাতৃৰ কৰণীয় নিয়ম। ইয়াৰ উপৰিও কণমানিহঁতক সোনকালে গা ধুৱাই দিয়াৰ ব্যৱস্থা কৰে। তাৰ আগতে তিতাৰে মূৰটো ধুৱাই দিয়ে। এনে নিয়মবোৰ মানিলে কিছুমানে ‘বালাই’ (বেমাৰমুক্ত) হোৱা বুলিও বিশ্বাস কৰে।
গৰু বিহুৰ দিনা দুপৰীয়া হোৱাৰ আগতে গাঁৱৰ ডেকাবোৰে সদলবলে গৰুক গা ধুৱাবলৈ ওচৰৰ নদী, পুখুৰী বা খাল-বিললৈ লৈ যায় । দীঘলতী ঠানিৰে কোবাই কোবাই গৰুক নৈৰ পাৰ-ঘাটলৈ লৈ যায় আৰু গৰুক গা ধুৱাই দিওঁতে গায় –
“দীঘলতীৰ দীঘিলে দীঘিলে পাত,
গৰুক ডাঙাং ঝাটাও ঝাটাও কৰি ।
তোৰ মাও চটো , বাপ চটো
তুই হৈইচ্ বৰো গৰু।”
লগতে লাও-বেঙেনাৰ সৰু সৰু টুকুৰা কৰি গৰুলৈ দলিয়াই দিয়া হয়। উল্লেখযোগ্য যে সিদিনাৰ পৰা অহা বছৰলৈ নতুন লাও-বেঙেনা নধৰালৈকে কোনেও নাখায়। খাদ্যৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে পৰম্পৰা ৰক্ষা কৰিবলৈ ৰাতিপুৱা তিতা খাবই লাগিব। দুপৰীয়াৰ সাঁজৰ কাৰণে সাত-মিহলি শাকৰ ব্যৱস্থা কৰে। তাৰ ভিতৰত তিতা হিচাপে মৰাপাটৰ শাক থকাটো বাঞ্ছনীয়। দেশীসকলে ইয়াক ‘সাত-মিশ্বেলী’ বুলি কোৱাৰ লেখীয়া কোচ-ৰাজবংশীসকলে ‘সাত-শাকী’ বুলি কয়। এইখিনিতে আন এটা কথা উল্লেখ কৰিব লাগিব যে বেষমাৰ দিনাৰ পৰাহে বছৰটোত প্ৰথম আম খাব পাৰে। তাৰ আগতে আম খালে পেটৰ বেমাৰ বা অমংগল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। এয়া আচলতে গছত লাগি থকা আমবোৰ ডাঙৰ হ’বলৈ সুযোগ দিয়াৰ এটা উপায়। দেশীসকলে যে প্ৰকৃতিৰ লগত সহাৱস্থান কৰে, তাৰে প্ৰমাণ ৰীতি-নীতিৰ মাজেদি ওলাই পৰে ।
আবেলি সময়ত সকলোৱে ওচৰৰ বুঢ়া-বুঢ়ীৰ থানত মেলা চাবলৈ যায় (এয়া স্থান বিশেষে)। মেলাৰ পৰা ঘূৰি আহোঁতে ধুমুহা বা ঘূৰ্ণিবতাহৰ সন্মুখীন হোৱাৰ আশংকা থাকে। সেই দিনটোৰ ধুমুহা বা ঘূৰ্ণি বতাহক দেশীসকলে “দাবাৰি” বুলি কয় আৰু সিদিনাৰ পৰা ধুমহাৰ আৰম্ভণি হয় বুলি বিশ্বাস কৰে। দেশীসকলে গোটেই ব’হাগ মাহত আহি থকা ধুমুহাক “মুণ্ডি-চিৰা” বুলি কয়, যিদৰে আন লোকসকলে বৰদৈচিলা বুলি কয়। মুণ্ডি-চিৰা বুলি কোৱাৰ কাৰণ হল, এই ধুমুহা যিফালেৰে পাৰ হৈ যায়, সেইফালে থকা গছ-গছনিৰ আগ বা ঠাল (মুন্ডা) ভাঙি- ছিৰি লৈ যায়। ব’হাগ মাহ অতিক্ৰম হৈ যোৱাৰ পিছত জেঠ মাহত ১২ আৰু ১৩ তাৰিখে যি ধুমুহা হয়, তাক ক্ৰমে বেৰা-ভঙা আৰু তেৰ-ভঙা বুলি কয় । সিদিনাৰ পৰা ধুমুহাৰ প্ৰবলতা কমি যায়। লোকবিশ্বাস আছে যে বেষমাৰ দিনাখন যি আগলতী পাতৰ ঠানি ঘৰৰ চালত গুঁজি দিয়া হৈছিল, সেই ঠানিয়ে ঘৰ-দুৱাৰৰ লগতে ঘৰৰ চৌপাশে থকা গছ-গছনিক ধুমুহাৰ পৰা ৰক্ষা কৰে।
ওপৰত উল্লেখ কৰা বিহু পালনৰ নিয়ম হ’ল দেশীসকলৰ সংস্কৃতিৰ এক জীৱন্ত সাক্ষী । কোনোবাই ক্ষেত্ৰ অধ্যয়ন কৰোঁ বুলি অসমৰ দেশী লোকৰ যিকোনো এখন গাঁৱত ভৰি দিলে এনেকুৱা বহুতো তথ্য লাভ কৰিব পাৰিব, যিবোৰে প্ৰমাণ কৰিব দেশীসকলৰ অসমীয়া ভাষা-সাংস্কৃতিৰ প্ৰতি থকা অৱদান।
প্ৰশ্ন উঠিব, ইমানখিনি ইতিহাস থকাৰ পাছতো, লগতে ভাষা আৰু সংস্কৃতিৰে চহকী হোৱাৰ পিছতো, দেশীসকল কিয় অপৰিচিত আৰু অৱহেলিত? খিলঞ্জীয়া হোৱা সত্বেও সৌ সিদিনা শিৱসাগৰৰ মাজ-মজিয়াত দেশীসকলৰ কেইজনমান শ্ৰমিক বাংলাদেশী বুলি অপমানিত হ’ব লগা হৈছিল। এই লোকসকলৰ অভাৱ আছে কাৰণে জীৱিকাৰ সন্ধানত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ বাধ্য হৈ পৰিছে। চুৰ-ডকাইতি নকৰাকৈ মূৰৰ ঘাম মাটিত পেলাই নিজৰ পেট পুহিছে। এইসকল লোকক বাংলাদেশী বুলি কাণত ধৰাই বহুৱাই থোৱাটোৱে বুজায় যে খিলঞ্জীয়া জনগোষ্ঠী এটাৰ দুখ-অভাৱৰ প্ৰতি নৈতিক দায়িত্ব পূৰাবলৈ এচামৰ নাই কোনো নৈতিকতা বা চেতনা। এচামৰ ইতিহাস-ভাষা সম্বন্ধীয় অধ্যয়নৰ অভাৱৰ বাবে এটা খিলঞ্জীয়া গোষ্ঠীৰ লোকে পায় চৰম অপমান। শিৱসাগৰ বা উজনিৰ কিছুসংখ্যক লোকে হয়তো বুজি পোৱা নাছিল দেশীসকলৰ মুখত ফুটি থকা গোৱালপৰীয়া ভাষা। এইখিনিতেই আন এটা বিষয় উল্লেখ কৰিব লাগিব যে ১৮৩৬ চনত ব্ৰিটিছে অসমত স্কুলবোৰৰ মাধ্যম বাঙালী হিচাপে ঘোষণা কৰিছিল। সেয়া আছিল ব্ৰিটিছে শাসন চলোৱাৰ সুবিধাৰ্থে লোৱা সিদ্ধান্ত। কিন্তু সেই সময়তে সৌভাগ্যক্ৰমে খ্ৰীষ্টান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত হৈছিল। শিৱসাগৰীয়া ভাষাত ধৰ্ম প্ৰচাৰ কৰাটো অতি সহজ হ’ব বুলি তেওঁলোকে বুজিব পাৰিছিল। মিছনেৰীসকলে প্ৰথমতে শিৱসাগৰৰ কথিত ভাষাত কিতাপ-পত্ৰ প্ৰকাশ কৰিছিল। ১৮৪৬ চনত মিছনেৰীসকলে প্ৰথম অসমীয়া সংবাদপত্ৰ “অৰুণোদয়” প্ৰকাশ কৰিছিল, যিখন সংবাদপত্ৰই অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। যাৰ ফলত কিছু সমাজ সচেতন অসমীয়া ব্যক্তিয়ে অসমীয়া ভাষাক মাধ্যম হিচাপে পুনঃপ্ৰৱৰ্তন কৰিবলৈ মিছনেৰীসকলক সহযোগী হিচাপে ল’বলৈ এটা ডাঙৰ সুযোগ পাইছিল। পৰৱৰ্তী সময়ত অসমীয়া ভাষাই পুনৰ শিক্ষাৰ মাধ্যম হিচাপে পৰিগণিত হৈছিল আৰু তেতিয়াই শিৱসাগৰীয়া ভাষাই অসমীয়া ভাষাৰ মান্যৰূপ পাইছিল। অৰুণোদয় কাকতৰ বাবেই হওক বা আন কাৰণতে হওক, শিৱসাগৰৰ ভাষাই মান্যৰূপ পালে কাৰণে তাৰে কিছুসংখ্যক লোকে কামৰূপীয়া ভাষা, নলবৰীয়া ভাষা, গোৱালপৰীয়া ভাষা-ভাষীসকলক অসমীয়া নহয় বুলি ভবাৰ থল আছে জানো? ঠিক একেদৰে গোৱালপৰীয়া ভাষা-ভাষী খিলঞ্জীয়া দেশী মুছলমানক বাংলাদেশী বুলি সন্দেহ কৰাৰ যে মুঠেই থল নাই সেইটো তেওঁলোকৰ ইতিহাস, ভাষা আৰু সংস্কৃতিয়ে দিনৰ পোহৰৰ দৰে স্পষ্ট সূচক বহন কৰে। দ্বিতীয়তে, দেশীসকলে নিজৰ পৰিচয় দাঙি ধৰিবলৈ আহোঁতেও বিভিন্ন বাধাৰ সন্মুখীন নোহোৱাকৈ থকা নাই। স্বধৰ্মীয় একাংশ লোকেই দোহাৰি থাকে যে দেশীসকলে নিজৰ জনগোষ্ঠীয় পৰিচয় দিলে অসমৰ মুছলমানসকল বিভাজিত হয়। তেওঁলোকৰ মতে ধৰ্মীয় পৰিচয়েৰে অকল মুছলমান হিচাপে একাকাৰ হৈ থাকিব লাগে । কিন্তু সেইসকল লোকেই অন্য ধর্মাৱলম্বী লোকক ধৰ্মীয় পৰিচয়েৰে একাকাৰ হোৱা দেখিলে ঘোৰ সমালোচনা কৰে। জনগোষ্ঠীয় পৰিচয় দাঙি ধৰিলে যদি ধৰ্মক বিভাজন কৰা হয় তেন্তে আহোম, কোচ, ৰাভা, বড়ো ইত্যাদি লোকসকলে ধৰ্মক বিভাজন হোৱা বুলি কোৱাৰ উদাহৰণ পোৱা নাযায় কিয়? যি সময়ত সকলো জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিৰ একো একোটা অংশৰ উন্নয়ন সাধন কৰি আহিছে সেই সময়ত ইছলাম ধর্মাৱলম্বী লোকসকল ধৰ্মীয় পৰিচয়ৰে একাকাৰ হৈ থকাটো কিমান যুক্তিসংগত? মুছলমানসকল বিভাজিত হোৱা বুলি সেইসকল লোকেই ভাবিব পাৰে যিসকলে অসমত মুছলমানৰ সংখ্যাক লৈ মুনাফা আদায় কৰাৰ চিন্তা কৰি থাকে। দেশী লোকসকলে ইমান দিনে নিজৰ জনগোষ্ঠীয় পৰিচয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল নহয়, এই অনুভৱ কৰাৰ পৰা পাকে-প্ৰকাৰে তেওঁলোকক হয়তো দূৰত ৰখা হৈছিল। যাৰ বাবেই হয়তো বৌদ্ধিক, সামাজিক আৰু ৰাজনৈতিক সচেতনতাৰে এই লোকসকলে সিমানখিনি আগুৱাই যাব পৰা নাই। খিলঞ্জীয়া তথা ভূমিপুত্ৰ হৈও আজিলৈকে এই লোকসকলৰ নাই কোনো উন্নয়ন পৰিষদ বা বিশেষ শ্ৰেণীৰ মৰ্যাদা বা অন্যান্য সা-সুবিধা। সম্প্ৰতি কোচসকলে যিমান সা-সুবিধা লাভ কৰিছে (সেয়া খুবেই গ্ৰহণযোগ্য), শিপাসম্পন্ন দেশীসকল সিমানখিনি প্ৰাপ্যৰ অধিকাৰী কেতিয়া হ’ব পাৰিব ?
দেশীসকলে পলমকৈ হলেও তেওঁলোকৰ ইতিহাস, ভাষা আৰু সংস্কৃতি সম্পৰ্কে সচেতন হৈছে। বিভিন্ন মঞ্চৰ পৰা নিজৰ দাবীসমূহ কৰ্তৃপক্ষৰ ওচৰত উপস্থাপন কৰিবলৈ আগ বাঢ়ি অহা দেখা গৈছে। এই সময়তে ইতিহাস, ভাষা, সংস্কৃতি সম্বলিত এই দেশী জনগোষ্ঠীক ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক দিশত সবল নেতৃত্ব দিবলৈ কোন আগ বাঢ়ি আহে সেয়া হ’ব লক্ষণীয়। অন্যথা দেশীসকলে মৰীচিকা খেদি, আশা পালি থকাৰ দৰে নহ’বনে ?