দেশদ্ৰোহী ।। মূল হিন্দী: সঞ্জয় কুন্দন, অনুবাদ: পল্লৱ হাজৰিকা
সেই অখ্যাত কবিজন
যি নিজৰ দেশখনক ভালপোৱাত আকণ্ঠ ডুবি আছিল
কিন্তু দেশভক্ত হ’ব নোৱাৰিলে তেওঁ
তেওঁ দেশৰ কথা ক’বলৈ গৈ
অন্ধকাৰ গলি আৰু গিৰিখাদবোৰৰ চৰ্চাত মজি গৈছিল
পংকিল ৰাস্তাবোৰৰ
ঢোকা দিয়া ঘৰবোৰৰ
আৰু পৰাজিত মানুহৰ কথা ক’বলৈ আৰম্ভ কৰি দিছিল
তেওঁ সাধাৰণতেই উদাস কৰি দিব পৰা
গীতবোৰ গাইছিল
বহুবাৰ আনকি বিজয় উৎসৱৰ শোভাযাত্ৰাৰ সন্মুখতো গাবলৈ ধৰিছিল
সেই গীতবোৰ
এদিন ভোক আৰু নিসংগতাত
প্ৰাণবায়ু উৰি যোৱা
এগৰাকী বুঢ়ী বেশ্যাৰ বিষয়ে
তেওঁ ক’লে – “তেওঁ ৰাষ্ট্ৰৰ মা আছিল”
এই কথাটো ৰাজমাতৃৰ ভাল নালাগিল
ৰাজমাতৃৰ খং উঠিলত
ৰজাৰো খং উঠিল
ৰজাৰ খং উঠিলত
মন্ত্ৰী পৰিষদৰো খং উঠিল
মন্ত্ৰী পৰিষদৰো খং উঠিলত
বেপাৰীসকলৰো খং উঠিল
আৰু খং উঠিল
কিছুসংখ্যক কবি আৰু বিদ্বানৰো
আৰু এই সকলোৰে লগত
খং উঠিল আটাইবোৰ দেশভক্তৰো
তেওঁলোকে সমস্বৰে দাবী তুলিলে –
সেই অখ্যাত কবিজনৰ বিৰুদ্ধে দেশদ্ৰোহৰ
গোচৰ চলোৱা হওক।