সম্পাদকীয়

সম্পাদকৰ টোকা :: ধৰ্মমুক্ততাৰ পথ আৰু পাথেয় (কৌশিক দাস)

(১)

মানৱ-সমাজত ধৰ্মচিন্তাৰ উদ্ভৱ হৈছিল বহু দূৰ অতীতত। শত-সহস্ৰ বছৰত বহুতো পৰিৱৰ্তন ঘটিলেও, মানুহৰ মাজত ধৰ্মচিন্তা নানান ৰূপত আজিও সুস্পষ্টভাৱে বৰ্তি আছে। গতিকে কোৱা বাহুল্য হ’ব যে ধৰ্মৰ সৈতে মানুহৰ সম্পৰ্কৰ ইতিহাস বহুত বেছি দীঘলীয়া। মানৱ-সমাজত পৰৱৰ্তী যুগত ৰাষ্ট্ৰৰ উদ্ভৱ আৰু বিকাশ ঘটিছিল। মানৱ-সমাজত ৰাষ্ট্ৰৰ ইতিহাসো দীঘলীয়াই। ৰাষ্ট্ৰৰ উদ্ভৱৰ সৈতে সংগতি ৰাখি ধৰ্মৰো ৰেহৰূপ পৰিৱৰ্তিত হৈ পৰিছিল। এই সমন্ধে আমি অন্যত্ৰ বিস্তাৰিতভাৱে আলোচনা কৰাৰ যত্ন কৰিছিলোঁ (কৌশিক দাস, ২০০৫, প্ৰাতিষ্ঠানিক ধৰ্মৰ পৰিৱৰ্তনশীল স্বৰূপ; ধৰ্ম, সমাজ আৰু সাম্প্ৰদায়িকতা গ্ৰন্থত, সম্পাদক: প্ৰসেনজিৎ চৌধুৰী আৰু পৰমানন্দ মজুমদাৰ, অসম প্ৰকাশন পৰিষদ, পৃ. ১৫৫-১৬০)। ৰাষ্ট্ৰৰ অভ্যূদয়ৰ সৈতে সংগতি ৰাখি সংঘটিত হোৱা ধৰ্মৰ তেনে পৰিৱৰ্তনৰ প্ৰভাৱ মানৱ-সমাজখনত আছিল গভীৰ আৰু সুদূৰপ্ৰসাৰী।

বিভিন্ন ঐতিহাসিক সাক্ষ্য-প্ৰমাণে বিতৰ্কাতীতভাৱে প্ৰতিপন্ন কৰিছে যে, ধৰ্ম আৰু ৰাষ্ট্ৰ—এই দুয়োটা এটা সময়ত ওতপ্ৰোত সমন্ধৰে বান্ধ খাই পৰিছিল। ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ সন্দৰ্ভত মানুহৰ চিন্তা-চৰ্চাৰ ইতিহাসো কিছু দীঘলীয়া। এই দীঘলীয়া সময়ত ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কটো কেনেকুৱা হোৱা উচিত, তাৰ তাত্ত্বিক ধাৰণাত ক্ৰমাগত পৰিৱৰ্তন আহিছে। এই সময়ছোৱাত ধৰ্ম আৰু ৰাষ্ট্ৰৰ সম্পৰ্কটো—প্ৰায়োগিক ক্ষেত্ৰতো—বহুতো দেশত সলনি হৈ পৰিছে। অতীজত ভাৰতীয় উপমহাদেশত ধৰ্ম আৰু  শাসন প্ৰায় অভিন্ন হৈ আছিল বুলিলেও বঢ়াই কোৱা নহ’ব; সাহিত্য-সংস্কৃতিমূলক তথ্যই তাৰ শক্তিশালী আৰু নিৰ্ভৰযোগ্য সাক্ষ্য দিয়ে। বহুলভাৱে ব্যৱহৃত “ৰাজধৰ্ম” শব্দটোৱেই তাৰ এটা চমৎকাৰ উদাহৰণ। মধ্যযুগৰ ইউৰোপত ধৰ্ম আৰু ৰাষ্ট্ৰ একেটা মূদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছিল, ধৰ্মই নিৰ্ধাৰণ কৰি দিছিল শাসকে কি কৰা উচিত বা অনুচিত। শাসন-ব্যৱস্থাটোক ধৰ্মীয় ন্যায্যতা প্ৰদান কৰিছিল গীৰ্জাই, ইফালে শাসন-ব্যৱস্থাটোৰ পেশীশক্তিয়ে ধৰ্মক প্ৰদান কৰিছিল নিশ্চিত নিৰাপত্তা। তেনে দ্বিমুখী সহযোগিতাৰে সম্পৃক্ত ব্যৱস্থাটোৱে সমগ্ৰ ৰাষ্ট্ৰক এক নিৰ্বিৰোধ, অপ্ৰতিহত আৰু প্ৰশ্নাতীত শক্তিত পৰিণত কৰিছিল।

ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কটোৰ তেনে স্বৰূপ চিৰস্থায়ী হৈ নাথাকিল। হাতে হাত ধৰি অৱস্থান কৰা ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত কালক্ৰমত প্ৰকট সংঘাতৰ সূত্ৰপাত হৈছিল ইউৰোপত। ইতিহাসৰ ৰংগমঞ্চৰ পৰা সামন্তপ্ৰথাৰ পশ্চাৎসৰণ আৰু পুঁজিবাদৰ উক্‌মুকনিৰ সেই জংগম ঘূৰ্ণাৱৰ্তৰ আগে-পিছে যুক্তিবাদৰ পুনৰুজ্জীৱন আৰু আধুনিক বিজ্ঞানৰ মুকুলোদ্গম হৈছিল ইউৰোপত। পুৰাতন অপসৃয়মান মূল্যবোধ আৰু অৰ্বাচীন সতেজ ধ্যান-ধাৰণাৰ মাজৰ সংঘাতে মানৱজাতিৰ আগত উন্মোচন কৰিছিল নতুন এক আলোক-উজ্জ্বল দিগন্তৰ। মানুহৰ মনন স্পন্দিত কৰি তুলিছিল অভূতপূৰ্ব এক নৱজাগৰণে, মানৱচিন্তাৰ জগতখনত তেনে বিৰাট বৈপ্লৱিক অভিঘাত পূৰ্বৰ সহস্ৰ বছৰত কাহানিও পৰিলক্ষিত হোৱা নাছিল। তাত্ত্বিক দিশত যুঁজখনৰ এফালে আছিল যুক্তিবাদ আৰু বিজ্ঞান, অন্য পক্ষত আছিল প্ৰাচীন অথচ প্ৰভূত শক্তিশালী প্ৰাতিষ্ঠানিক ধৰ্ম। মানুহৰ চিন্তালৈ নতুনত্বৰ উলম্ফন আনি দিয়া চিন্তাবিপ্লৱৰ বহুতো ধ্বজাধাৰী—যেনে, অকুতোভয় জিওৰ্ডানো ব্রুনো, সেই ঐতিহাসিক সংগ্ৰামত ছহিদ হৈছিল। মানৱ-ইতিহাসত অতি তাৎপৰ্যপূৰ্ণ বুলি পৰিগণিত হোৱা সেই ঘটনাঘন ইতিহাসৰ বৰ্ণনা-বিশ্লেষণ এই আলোচনাৰ বিষয় নহয়। আমি সেই সংঘাতৰ এটি তাৎপৰ্যপূৰ্ণ পৰিণতিৰ কথাহে আলোচনালৈ আনিম।

কোৱা বাহুল্য, মানৱ-ইতিহাসৰ উপৰিউক্ত অতি গুৰুত্বপূৰ্ণ যুঁজখনত নতুন আৰু তেজাল চিন্তাই সহস্ৰ বছৰৰ অটল-অন‌ড় পুৰণি ধ্যান-ধাৰণাক পৰাভূত কৰিছিল। এইটো মাত্ৰ তাত্ত্বিক-তাৰ্কিক জয়-পৰাজয়ৰ কথা নাছিল; তাত্ত্বিক আৰু প্ৰায়োগিক, দুয়োটা দিশতে—সামগ্ৰিকভাৱে—ঘটনাটো ঘটিছিল সমাজখনৰ উৎপাদন ব্যৱস্থাটোৰ পুনৰ্বিন্যাসৰ সৈতে সংগতি ৰাখিহে। সেইসময়ত ৰাষ্ট্ৰব্যৱস্থাটো ক্ৰমাৎ নৱোত্থিত পুঁজিবাদে দখল কৰিবলৈ আৰম্ভ কৰিছিল। ধৰ্মনিয়ন্ত্ৰিত কট্‌কটীয়া পূৰ্বৰ ৰাষ্ট্ৰব্যৱস্থাটো নব্য উৎপাদন প্ৰক্ৰিয়াৰ সৈতে বিসদৃশ বুলি পৰিগণিত হৈছিল। দিনে দিনে শক্তিশালী হৈ উঠা উদীয়মান শ্ৰেণীটোৰ মতাদৰ্শ ইতিহাসৰ সেই পৰ্বত প্ৰতীয়মান হৈছিল প্ৰগতিশীল বুলি। বুৰ্জোৱা শ্ৰেণীটোৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতাপত এটা সময়ত পুৰণি সামন্ততন্ত্ৰই মোটামুটিভাৱে সমাজৰ পৰা মেলানি মাগিলে। তাৰ এটা অন্যতম সুদূৰপ্ৰসাৰী পৰিণতি আছিল ধৰ্ম আৰু ৰাষ্ট্ৰৰ সম্পৰ্কৰ সন্দৰ্ভত মানুহৰ ধ্যান-ধাৰণাৰ আমূল পৰিৱৰ্তন। ধৰ্ম আৰু ৰাষ্ট্ৰক সনা-পোটকা কৰিব নালাগে, ধৰ্ম আৰু ৰাষ্ট্ৰক দুটা পৃথক প্ৰকোষ্ঠত ৰখা যুগুত—সেয়াই আছিল তেনে উজ্জীৱিত নৱচিন্তাৰ মৰ্মবস্তু। ধৰ্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণ আধুনিকতাৰ অন্যতম সোপান, এই কথাটো উদাৰনৈতিক, গণতান্ত্ৰিক, সমাজবাদী আদি দৰ্শনত এটি ঘাই প্ৰমেয় হিচাপে লাহে লাহে অংগীভূত হৈ পৰিল। তদানীন্তন কালৰ ইউৰোপৰ কেইখনমান ৰাষ্ট্ৰত উক্ত চিন্তা কম-বেছি পৰিসৰত বাস্তৱায়িতও হৈছিল। পৰৱৰ্তী কালত উক্ত ভাবাদৰ্শই ইউৰোপৰ বাহিৰৰ অন্য দেশৰো ৰাষ্ট্ৰব্যৱস্থাত পেলাইছিল সুগভীৰ প্ৰভাৱ। তেনে এটা বাস্তৱ ঐতিহাসিক পটভূমিৰে বলীয়ান হোৱাৰ পাছতো কিন্তু উপৰিউক্ত ধ্যান-ধাৰণা—আজিৰ এই একবিংশ শতিকাতো— প্ৰায়োগিক দিশত কিমান সফল হৈছে, তাৰ বিস্তাৰেই বা হৈছে কিমান—এই কথাটো ভালদৰে গমি চোৱাটো বৰ জৰুৰী। সঁচাই বাৰু ধৰ্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণক—প্ৰায়োগিক ক্ষেত্ৰত—এটা বিস্তাৰিত গোলকীয় প্ৰপঞ্চ বুলিব পাৰিনে? অলপ গমি চালেই প্ৰশ্নটোৰ উত্তৰ নেতিবাচক বুলি ধৰিব পাৰি। আধুনিক মননে সভ্যতাৰ অন্যতম সোপান বুলি স্বীকৃত কৰিলেও, বহুক্ষেত্ৰত—ভাৰতীয় উপমহাদেশ, মধ্যপ্ৰাচ্যৰ কিছুমান দেশ আদিত—উপৰিউক্ত প্ৰসংগত বতাহ সম্পূৰ্ণ ওলোটা দিশতহে প্ৰৱাহিত হ’বলৈ আৰম্ভ কৰিছে, তাকো বেছ প্ৰবল গতিত। বিজ্ঞান-প্ৰযুক্তিৰ দিশত অতি উচ্চ শিখৰলৈ আৰোহণ কৰা ভালেকেইখন দেশতো ধৰ্ম আজিও ৰাষ্ট্ৰৰ সৈতে নিকপ্‌কপীয়াকৈ সাঙোৰ খাই আছে।

(২)

উপৰিউক্ত দফাৰ শেষৰ কথাটি পৰিষ্কাৰ কৰিবলৈ এমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা চমৎকাৰ উদাহৰণ আলোচনালৈ আনিব পাৰি। এমেৰিকাক বহুতেই ব্যক্তিস্বাধীনতাৰ আদৰ্শ পীঠস্থান বুলি গণ্য কৰে। এইখন এমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰৰ নোটবোৰত মুদ্রিত হৈ আছে এইষাৰ কথা, “In God We Trust”— আমি ঈশ্বৰত বিশ্বাস ৰাখোঁ (চিত্ৰ ১)

চিত্ৰ ১। এমেৰিকাৰ ডলাৰত মুদ্রিত হৈ আছে-, আমি ঈশ্বৰত বিশ্বাস ৰাখোঁ।

কোনো সন্দেহ নাই, এইটোৰ জৰিয়তে সমগ্ৰ ৰাষ্ট্ৰব্যৱস্থাটোৱে ধৰ্মীয় বিশ্বাসৰ উপাদান এটাক প্ৰশ্নাতীত সত্য হিচাপে আনুষ্ঠানিক মর্যাদা প্রদান কৰিছে। কথাটোৱে বাৰু ঈশ্বৰৰ অস্তিত্বত সন্দিহান কিম্বা অবিশ্বাসীসকলৰ ব্যক্তিস্বাধীনতা মষিমূৰ কৰা নাইনে? এইটো প্ৰশ্ন সংগত কাৰণেই উত্থাপিত হ’ব আৰু প্ৰশ্নটোৰ উত্তৰো সহজবোধ্য—হয়, এই কথাটো এমেৰিকাৰ ৰাষ্ট্ৰশক্তিয়ে চৰম কৰ্তৃত্বসূলভ আপোচহীনতাৰে অন্য মতাৱলম্বী লোকৰ চিন্তা-দৰ্শন-স্বাধীনতাক অগ্ৰাহ্য আৰু অস্বীকাৰ কৰাৰ ছিদ্ৰহীন প্ৰমাণ। আমি দিবলৈ লোৱা উদাহৰণটিয়ে কথাটো অধিক স্পষ্ট কৰি দিব।

চিত্ৰ ২। নাস্তিক্যবাদৰ অতিশয় সক্ৰিয় কৰ্মী, মেধাজীৱি ফ্ৰেংক জিন্দলাৰ।

সাম্প্ৰতিক সময়ৰ যুক্তিবাদ-বিজ্ঞানমনস্কতা-নাস্তিকতা আদিৰ সন্দৰ্ভত বা-বাতৰি ৰখা লোকসকলৰ বাবে ফ্ৰেংক জিন্দলাৰ (জন্ম ১৯৩৯ চন) এটা পৰিচিত নাম। জিন্দলাৰ এমেৰিকাৰ এগৰাকী প্ৰবীণ মেধাজীৱি, পণ্ডিত, বহুতো গ্ৰন্থৰ লেখক আৰু নাস্তিক্যবাদৰ অতিশয় সক্ৰিয় কৰ্মী (চিত্ৰ ২)। ২০০৪ চনমানত আমি ব্যক্তিগত পর্যায়ত তেখেতক ই-মেইলৰ যোগেদি সুধিছিলোঁ, আমেৰিকাৰ ডলাৰত মুদ্রিত উক্ত কথাটোৰ বিৰুদ্ধে যুক্তিবাদীসকলৰ ফালৰ পৰা প্রতিবাদ কৰা হৈছেনে? উত্তৰত গম পালোঁ, হৈছে। লগতে অৱগত হ’লোঁ, তেনে বাদ-প্ৰতিবাদৰ পৰিণতি এমেৰিকাত অতি ভয়াবহ।

ঘটনাটো এনেকুৱা। মাডালেন মাৰিয়ে ও’হেয়াৰ নামৰ বিদূষী আৰু বিদ্বৎ নাস্তিক এগৰাকীয়ে ডলাৰত In God We Trust,—এই ধর্মীয় কথাটো থাকিব নালাগে বুলি এমেৰিকাৰ এখন আদালতত মোকৰ্দমা তৰিছিল। ফ্ৰেংক জিন্দলাৰো আছিল তেখেতৰ পক্ষত। জিন্দলাৰ তেতিয়া আছিল এখন প্রখ্যাত মহাবিদ্যালয়ৰ অধ্যাপক আৰু বিজ্ঞান-প্রযুক্তিবিদ্যা বিভাগৰ সঞ্চালক। মোকৰ্দমাটোৰ শুনানীৰ অন্তত কোর্টে ৰায় দিলে—ডলাৰত মুদ্রিত উক্ত বাক্যটো ধর্মীয় নহয়, ই দেশপ্রেমমূলকহে! ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজৰ নিবি‌ড় সম্পৰ্কটো ইয়াৰ পৰা পৰিষ্কাৰ হৈ পৰা নাইনে বাৰু? কথা সিমানতে শেষ নহ’ল। জিন্দলাৰৰ কাৰ্যক— ঈশ্বৰ সম্বন্ধীয় কথাত সংশয় প্রকাশ কৰা বাবে “অ-এমেৰিকীয়” (Un-American) আখ্যা দিয়া হ’ল। নানানধৰণে হাৰাশাস্তি কৰি তেওঁক খেদি দিয়া হ’ল চাকৰিটোৰ পৰা। প্ৰসংগত উল্লেখ কৰি থ’ব পাৰি, ১৯৯৫ চনত মাৰিয়ে ও’হেয়াৰক অতি ৰহস্যজনকভাৱে হত্যা কৰা হৈছিল। যি কি নহওক, ফ্ৰেংক জিন্দলাৰৰ উদাহৰণটোৰ পৰা নিশ্চয় স্পষ্ট হৈছে, গণতান্ত্ৰিক মূল্যবোধৰ উচ্চ শিখৰত আৰোহণ কৰা বুলি বহুতেই ধাৰণা কৰা এমেৰিকা যুক্তৰাষ্ট্ৰত ধৰ্ম আৰু ৰাষ্ট্ৰৰ সম্পৰ্কটো প্ৰায়োগিক ক্ষেত্ৰত কিমান কঠোৰ। উপৰিউক্ত ঘটনাটোৱে ধৰ্ম আৰু ৰাষ্ট্ৰ যে দেশখনত পৃথক হৈ পৰা নাই, তাৰেই বিতৰ্কাতীত প্ৰমাণ দাঙি ধৰিছে।

চিত্ৰ ৩। এমেৰিকাত ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কহীন লোকৰ সংখ্যা বাঢ়ি আহিছে।

কোনো সন্দেহ নাই, ধৰ্মৰ পৃষ্ঠপোষকতা কৰাৰ ক্ষেত্ৰত এমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান দ্বিধাহীন আৰু অতি জংগী। কিন্তু দেশখনত ধৰ্ম আৰু ৰাষ্ট্ৰক পৃথক কৰিবলৈ প্ৰয়াস কৰা প্ৰগতিশীল লোকো যে সক্ৰিয় হৈ আছে, উক্ত ঘটনাটোৱে তাকো দেখুৱাই যায় (এইখিনি লেখি থাকোঁতেই, ফ্ৰেংক জিন্দলাৰৰ মেইলৰ পৰা গম পালোঁ, প্ৰায় ৮২ বছৰীয়া মানুহজন কালিও ব্যস্ত হৈ আছিল নাস্তিকৰ এখন সভাত)। পদ্ধতিগত সাম্প্ৰতিক অনুসন্ধান এটিৰ ফলত পোহৰলৈ অহা কেইটিমান তথ্য এইখিনিতে বৰ প্ৰাসংগিক হ’ব (দ্ৰষ্টব্যঃ Jones R.P and Daniel Cox D, 2017, America’s Changing Religious Identity, Public Religion Research Institute)। অনুসন্ধানটিৰ পৰা দেখা গৈছে, ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কহীন, নাস্তিক, অজ্ঞেয়তাবাদী কিম্বা ধৰ্ম সম্পৰ্কে উদাসীন লোকৰ সংখ্যা এমেৰিকাৰ মুঠ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ (২৪%)। যোৱা শতিকাৰ শেষ দশকৰ (১৯৯০-১৯৯৯) পৰা ২০১৬ চনলৈ এইসকল লোকৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। মুঠ জনসংখ্যাৰ মাত্ৰ ৪৩% মানুহে নিজকে শ্বেতাংগ আৰু খ্ৰীষ্টান বুলি কয়, তাৰে ৩০%-এ নিজকে শ্বেতাংগ আৰু প্ৰটেষ্টাণ্ট বুলি চিহ্নিত কৰে (অধিক তথ্যৰ বাবে চিত্ৰ ৩ দ্ৰষ্টব্য)। তুলনাৰ বাবে উল্লেখ কৰিব পাৰি, ১৯৭৬ চনত প্ৰতি ১০-জনৰ ৮-জনেই (৮১%) নিজকে শ্বেতাংগ আৰু খ্ৰীষ্টান বুলি চিহ্নিত কৰিছিল, তাৰে মাজৰ সিংহভাগে (৫৫%) নিজকে কৈছিল শ্বেতাংগ আৰু প্ৰটেষ্টাণ্ট বুলি (দ্ৰষ্টব্যঃ Jones R.P and Daniel Cox D, 2017, পূৰ্বোক্ত সূত্ৰ। চিত্ৰ ৪)

চিত্ৰ ৪। এমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহৰ ধৰ্মচিন্তাত পৰিৱৰ্তন আহিছে।

কৈ থোৱা ভাল, এইধৰণৰ সমীক্ষাৰ ফলাফল হিচাপে ওলাই অহা পৰিসংখ্যাসমূহ এশ শতাংশ নিৰ্ভুল আৰু ধ্ৰুৱ নহ’বও পাৰে। কিন্তু আমি তুলনাৰ বাবে যদি অন্য তথ্যৰ উৎসলৈ (উদাহৰণ, প্ৰখ্যাত Barna Group-ৰ ২০১৮ চনৰ তথ্য) লক্ষ্য কৰোঁ, তেনেহ’লে দেখিম যে পৰিসংখ্যাগত খুটিনাটিত সামান্য ইফাল-সিফাল থাকিলেও, অনুসন্ধানমূলক সমীক্ষাসমূহৰ ফলাফলৰ মূল অৱয়বটো একেই। অৰ্থাৎ, ধৰ্মবিশ্বাসৰ সংক্ৰান্তত এমেৰিকাৰ জনসাধাৰণৰ ধ্যান-ধাৰণা-চিন্তা-চৰ্চাত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনটো অহা কথাটো সঁচা। এই কথাটোৰ সাক্ষৰ সাম্প্ৰতিক এমেৰিকাত গ্ৰন্থপাতিৰ বিপণন আৰু পঠনৰ মাজত সুন্দৰভাৱে প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাওঁ। নব্য-নাস্তিক্যবাদৰ বহুকেইজন প্ৰবক্তাৰ গ্ৰন্থসমূহৰ বিক্ৰী এমেৰিকাৰ জনগণৰ মাজত অতি চমকপ্ৰদ (চিত্ৰ ৫)। ছেম হেৰিছ আদিৰ দৰে এমেৰিকান নব্য-নাস্তিক্যবাদৰ প্ৰবক্তাৰ ৰচনাৰ উপৰিও এমেৰিকাৰ বাহিৰৰ ৰিচাৰ্ড ডকিন্স আদিৰ গ্ৰন্থ দেশখনত সম্প্ৰতি বহুজনপঠিত বুলি পৰিগণিত হৈ আহিছে।

চিত্ৰ ৫। নব্য-নাস্তিক্যবাদৰ গ্ৰন্থৰ বিক্ৰী এমেৰিকাত চমকপ্ৰদ।

এই সংক্ৰান্তত মুনাফাসৰ্বস্ব পুঁজিবাদী বজাৰকেন্দ্ৰিকতাৰ কিছুমান মজাৰ খবৰো আমি পঢ়িবলৈ পাওঁ। যিকোনো সামগ্ৰীকেই পণ্যলৈ ৰূপান্তৰ কৰাত পুঁজিবাদৰ স্বভাৱজাত দক্ষতা আছে। ধৰ্মমুক্ত ধ্যান-ধাৰণা মানুহৰ মাজত প্ৰসাৰ হোৱাৰ লগে লগে, তেনেজাতীয় দৃষ্টিকোণৰ পৰা ৰচিত গ্ৰন্থ প্ৰকাশ কৰি বজাৰখন দখল কৰিবলৈ বৃহৎ প্ৰকাশন প্ৰতিষ্ঠানসমূহ অতিশয় সক্ৰিয় হৈ উঠিছে (দ্ৰষ্টব্যঃ Staks Rosch, 2018, Rise of Secularism Attracts Publishers to Growing Market, https://www.publishersweekly.com)। অৱশ্যে তেনে বজাৰকেন্দ্ৰিকতা সমগ্ৰ পৰিঘটনাটোৰ এটা পাৰ্শ্বপৰিণতিহে। বিদ্যায়তনিক পৰিমণ্ডলতো ধৰ্মৰ সন্দৰ্ভত তেনে পৰিৱৰ্তনৰ অভিঘাত ভালদৰেই অনুভূত হৈছে। গৱেষণাপত্ৰ এখনত প্ৰকাশ পাইছে এটি তাৎপৰ্যপূৰ্ণ আৰু চিত্তাকৰ্ষক তথ্য। Journal for the Scientific Study of Religion (JSSR), Sociology of Religion (sofR) আৰু Review of Religious Research (RRR)— এই তিনিখন বৈদ্যায়তনিক পত্ৰিকাত “নাস্তিক” আৰু “নাস্তিকতা” (Atheist and Atheism), এই শব্দ দুটিৰ ব্যৱহাৰ এই শতিকাৰ আৰম্ভণিৰ পৰা সাংঘাতিকধৰণে বাঢ়ি আহিছে [চিত্ৰ ৬ ; দ্ৰষ্টব্যঃ Ryan T. Cragun, 2016, Nonreligion and Atheism, D. Yamane (ed.), Handbook of Religion and Society, 301-320]। এই তথ্যসমূহৰ পৰা এমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহৰ ধৰ্মচিন্তাত যে উল্লেখনীয় আৰু বিপৰীতমুখী পৰিৱৰ্তন আহিছে, তাৰ উমান পাব পাৰি।

চিত্ৰ ৬। বৈদ্যায়তনিক পৰিমণ্ডলতো বৃদ্ধি পাইছে নাস্তিকতাৰ আলোচনা।

উপৰিউক্ত তথ্যখিনিৰ পৰা সংগত কাৰণেই প্ৰশ্ন উঠিব, এমেৰিকাৰ জনগণ বাৰু অতি দ্ৰুতগতিত নাস্তিকতাৰ দিশে গমন কৰি আছে নেকি? তাৰ পৰিণতিত ধৰ্ম আৰু ৰাষ্ট্ৰৰ সম্পৰ্কটো পৰিৱৰ্তিত হৈ পৰিব নেকি? তেনে সিদ্ধান্তলৈ পোনচাটেই অহাটো যে যুগুত নহ’ব, সেইটো উক্ত অনুসন্ধানৰ ফলত পোহৰলৈ অহা অন্য তথ্যৰ পৰাই বুজিব পৰা যাব। দেখা গৈছিল যে ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কহীন লোকসকলৰ মাজৰ মাত্ৰ ২৭% মানুহহে নাস্তিক অথবা অজ্ঞেয়তাবাদী। বৰ চিত্তাকৰ্ষক কথা, ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কৰহিত প্ৰায় ১৬% মানুহে কিন্তু ব্যক্তিগত পৰ্যায়ত নিজকে ধাৰ্মিক বুলি চিহ্নিত কৰে। আমাৰ আলোচ্য বিষয়টোত অধিক প্ৰাসংগিক তথ্যটি হ’ল, ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কহীন লোকসকলৰ সৰহভাগ—১০-জনৰ মাজৰ ৬-জন, প্ৰায় ৫৮%—হৈছে চেকুলাৰ ভাবাদৰ্শৰ মানুহ (Jones R.P and Daniel Cox D, 2017, পূৰ্বোক্ত সূত্ৰ। চিত্ৰ ৭)।

চিত্ৰ ৭। ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কৰহিত বহুতো মানুহ ব্যক্তিগত পৰ্যায়ত ধাৰ্মিক।

ধৰ্মৰ সংক্ৰাম্তত একাংশ মানুহৰ ধ্যান-ধাৰণাত পৰিৱৰ্তন আহিলেও, সামগ্ৰিকভাৱে—গোলকীয় পৰিসৰত—জনসাধাৰণৰ মাজত ধৰ্মবিশ্বাসী লোকৰ সংখ্যা, অবিশ্বাসীসকলতকৈ বহুগুণে বেছি। লক্ষণীয়, দেশভেদে ধৰ্মবিশ্বাসী আৰু অবিশ্বাসীৰ অনুপাত মুঠেও একে নহয়, তাত প্ৰকট তাৰতম্য বিদ্যমান। ৱাছিংটনৰ গৱেষণা সংস্থা Pew Research Center-এ বিশ্বজোৰা এটি চিত্তাকৰ্ষক অনুসন্ধান চলাইছিল মানুহৰ ধৰ্মীয় বিশ্বাসৰ পৰিৱৰ্তনৰ সন্দৰ্ভত। অনুসন্ধানৰ অন্তত ২০১৮ চনত গৱেষণা সংস্থাটোৱে এখনি চমৎকাৰ ৰিপ’ৰ্ট প্ৰকাশ কৰে। সেই প্ৰতিবেদনৰ পৰা জনা গৈছে, বিশ্বৰ প্ৰায় ৫৪% প্ৰাপ্তবয়স্ক লোকেই তেওঁলোকৰ জীৱনত ধৰ্মক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। কিন্তু এই পৰিসংখ্যাটিৰ বৰ বেছি তাৎপৰ্য নাই, কিয়নো ধৰ্মবিশ্বাসী আৰু অবিশ্বাসীৰ অনুপাত বিভিন্ন দেশত একেবাৰেই বেলেগ বেলেগ। উদাহৰণ স্বৰূপে, পাকিস্তান (৯৪%), ভাৰত (৮০%) আদিত সৰহভাগ মানুহে ধৰ্মক জীৱনত অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰাৰ বিপৰীতে জাপান (১০%) আৰু চীনত (৩%) খুৱ কম সংখ্যক লোকেহে তেনেদৰে ভাবে (চিত্ৰ ৮। দ্ৰষ্টব্যঃ The Age Gap in Religion Around the World, Pew Research Center, 2018)।

চিত্ৰ ৮। ধৰ্মক গুৰুত্ত্বপূৰ্ণ বুলি ধাৰণা কৰা মানুহৰ সংখ্যা দেশভেদে বেলেগ বেলেগ।

এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াই থোৱাটো সমীচীন হ’ব। উল্লেখ কৰা হৈছিল, জনগণৰ মাজত ধৰ্মত অবিশ্বাসীসকলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ আহিছে। এই কথাটোত প্ৰজন্মগত প্ৰভাৱ আছে নেকি, সেইটো একাধিক সমীক্ষাই সতৰ্কভাৱে অনুসন্ধান কৰিছিল। এমেৰিকা যুক্তৰাষ্ট্ৰত দেখা গৈছিল যে ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কহীনসকলৰ বেছিভাগেই যুৱক-যুৱতী। এইক্ষেত্ৰত যুৱক-যুৱতীসকলৰ সংখ্যা (৩৮%) বয়স্কসকলৰ (১২%) তিনিগুণতকৈও অধিক (দ্ৰষ্টব্যঃ Jones R.P and Daniel Cox D, পূৰ্বোক্ত সূত্ৰ)। প্ৰজন্মগত এই দিশটো মাত্ৰ এমেৰিকাতেই পৰিলক্ষিত হোৱা নাই, এইটো এটা প্ৰায়-গোলকীয় পৰিঘটনা বুলি প্ৰতীয়মান হৈছে (চিত্ৰ-৯। Pew Research Center, 2018, পূৰ্বোক্ত সূত্ৰ)।

চিত্ৰ ৯। ধৰ্মৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কহীনসকলৰ বেছিভাগেই যুৱক-যুৱতী।

(৩)

ধৰ্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণ যে আধুনিকতাৰ অন্যতম আকাংক্ষিত স্তম্ভ, সেইটো আলোচনাৰ প্ৰথম দফাতেই উনুকিয়াই অহা হৈছিল। পাছৰ দফাটিত দেখুৱা হৈছে যে ধৰ্মত আস্থাহীন মানুহৰ সংখ্যা, বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ সংখ্যা—দেশভেদে ভিন্নতা থাকিলেও— দ্ৰুতভাৱে বৃদ্ধি পাই আহিছে। এইটোৰ পৰা সাম্প্ৰতিক সময়ত বহুতেই আশা কৰা দেখা যায় যে এসময়ত ধৰ্ম তেনেই নিশকটীয়া হৈ পৰিব, পৃথিৱীত তেতিয়া ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত কোনো সম্পৰ্ক নাথাকিব। পিছে কথাটো সহজতো নহয়েই, ইমান সৰলৰৈখিকো নহয়। অৱশ্যে বহুকাল আগৰে পৰাই কোনো কোনো চিন্তাবিদে তেনে আশা-আকাংক্ষা কৰিছিল, ধৰ্মমুক্ত ৰাষ্ট্ৰৰ স্বপ্ন ৰচনা কৰিছিল তেওঁলোকে। এই প্ৰসংগত আমি, নিদৰ্শন হিচাপে, আগষ্ট বেবেলৰ চিন্তাৰ এটি দিশৰ কথা উল্লেখ কৰিব পাৰোঁ।

আগষ্ট্‌ বেবেল (১৮৪০-১৯১৩) আছিল কাৰ্ল মাৰ্ক্সৰ সমসাময়িক এগৰাকী সমাজবাদী চিন্তানায়ক (চিত্ৰ- ১০)। তেখেতৰ এখন বিখ্যাত পুথি হৈছে Woman and Socialism (প্ৰথম প্ৰকাশ হৈছিল জাৰ্মান ভাষাত, ১৮৭৯ চনত)। পাছলৈ তাৰেই এটি অংশ Society of the Future নামত গ্ৰন্থাকাৰে প্ৰকাশ হৈছিল। এই গ্ৰন্থখনৰ চতুৰ্থ পৰিচ্ছদটিৰ শিৰোনাম হৈছে The Future of Religion। তাত বেবেলে লেখিছিল যে ধৰ্মীয় প্ৰতিষ্ঠানবোৰ—কোনো জংগী কাৰ্যক্ৰম, অথবা বিশ্বাসৰ অৱদমনৰ অবিহনেই—এদিন পৃথিৱীৰ পৰা লাহে লাহে নোহোৱা হৈ যাব—Religious organizations and with them the churches will gradually disappear without any violent assault or any suppression of beliefs

চিত্ৰ ১০। সমাজবাদী চিন্তাবিদ আগষ্ট্‌ বেবেল

যুক্তিবাদী চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰীদেৱে মানুহৰ ঈশ্বৰচিন্তাৰ ভূত-ভৱিষ্যতৰ সন্দৰ্ভত ৰচনা কৰা এটি দিকদৰ্শী আৰু অভিনৱ নিবন্ধৰ প্ৰথমতেই আগষ্ট্‌ বেবেলৰ উপৰিউক্ত মতটি উদ্ধৃত কৰি, কথাটো গভীৰভাৱে জুকিয়াই চাইছে (দ্ৰষ্টব্যঃ প্ৰসেনজিৎ চৌধুৰী, ভগৱানৰ ভূত ভৱিষ্যত ইত্যাদি : কিছু চিন্তা : বিক্ষিপ্ত আৰু সংক্ষিপ্ত; নিষিদ্ধ প্ৰসংগ গ্ৰন্থত, ২০১১, পৃ. ১৩২)। আমাৰ এই আলোচনাৰ প্ৰসংগতো আগষ্ট্‌ বেবেলৰ মতটো অতিকৈ প্ৰাসংগিক। কিয়নো, পুনৰাবৃত্তি কৰিয়েই কওঁ, সাম্প্ৰতিক সমীক্ষাসমূহে প্ৰতীয়মান কৰা কথাটোৰ পৰা—, ধৰ্মত আস্থাহীন মানুহৰ সংখ্যা বৃদ্ধি পোৱাৰ কথাটোৰ পৰা, বহুতেই অনুসিদ্ধান্ত হিচাপে মত পোষণ কৰা দেখা গৈছে যে এসময়ত এইদৰেই ধৰ্ম আৰু ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক নোহোৱা হৈ যাব। এই মাৰ্গৰ চিন্তাৰ সৈতে আগষ্ট্‌ বেবেলৰ মতৰ আদৰ্শগত মৌলিক পাৰ্থক্য থাকিলেও, তাত তেওঁৰ কণ্ঠৰ ক্ষীণ অনুৰণন যেন অনুভূত হয়।

এইখিনিতেই আমি আলোচনাৰ প্ৰথম দফাত উত্থাপন কৰা প্ৰশ্নটোলৈ উভতি চাব পাৰোঁ। আধুনিকতাৰ ধ্যান-ধাৰণাৰে উদ্দীপিত মানুহৰ বাবে অতি আদৰৰ ধৰ্মমুক্ত ৰাষ্ট্ৰৰ ধাৰণাটো বাৰু প্ৰায়োগিক ক্ষেত্ৰত কিমান দূৰলৈ বাস্তৱায়িত হৈছে? বাস্তৱত ইয়াক এটা বিশ্বব্যাপী সংঘটিত হোৱা ঘটনা বুলিব পাৰিনে? একাংশ প্ৰগতিশীল আৰু আধুনিক মননৰ মানুহে তেনে প্ৰয়াস চলাই থাকিলেও, বহুতো দেশত, যেনে, এই ভাৰতীয় উপমহাদেশ, মধ্যপ্ৰাচ্যৰ কিছুমান ৰাষ্ট্ৰ আদিত আমি সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখিবলৈ পাওঁ। সেইসমূহ দেশত যেন দিনে দিনে ৰাষ্ট্ৰৰ সৈতে ধৰ্ম সমন্ধটো অধিক অন্তৰংগহে হৈ পৰাৰ উপক্ৰম হৈছে। এনে এক বৈশ্বিক পটভূমিত, নিজে নিজেই—কোনো উদ্যমৰ অবিহনে, মাত্ৰ ধৰ্মৰ সৈতে আনুষ্ঠানিক সম্পৰ্ক ছেদ কৰা মানুহৰ সংখ্যা লাহে লাহে বাঢ়ি অহাৰ বাবেই—ধৰ্ম আৰু ৰাষ্ট্ৰ পৃথক হৈ পৰিব বুলি ভাবিব নোৱাৰি। তেনেহ’লে বাৰু আগষ্ট্‌ বেবেলে বিৰোধিতা কৰা জংগী কাৰ্যক্ৰম আৰু বিশ্বাসৰ অৱদমনৰ বাটটোহে উক্ত প্ৰসংগত কাৰ্যকৰী পন্থা হ’ব নেকি? কথাটো জুকিয়াই চোৱা জৰুৰী। এই প্ৰসংগত আমি দুটি উদাহৰণ আলোচনালৈ আনিম। প্ৰথমটো ইউজিন কাৰ্ল ডুৰিংগ নামৰ এজন মানুহৰ কথা, দ্বিতীয়টো ইউৰোপৰ এখন সৰু দেশ, আলবেনিয়াৰ ঘটনা। প্ৰথম উদাহৰণটিৰ কথা প্ৰায় সকলোৰে জ্ঞাত বাবে সেইটো অতি চমুকৈহে উল্লেখ কৰিম।

(৪)

ডুৰিংগ (Eugen Karl Duhring, ১৮৩৩-১৯২১) আছিল এগৰাকী জাৰ্মান লেখক। তেওঁৰ চিন্তা-চৰ্চাৰ কথা আজি কোনেও মনত নেৰাখিলেহেঁতেন যদিহে এজন যুগন্ধৰ দাৰ্শনিক সংগ্ৰামীয়ে ডুৰিংগৰ মতাদৰ্শৰ বিৰোধিতা কৰি Anti Duhring নামৰ বিখ্যাত গ্ৰন্থখন প্ৰণয়ন নকৰিলেহেঁতেন। এই আমোদজনক ঘটনাটোৰ বিষয়ে বহুতেই জানে। Anti Duhring গ্ৰন্থখনিৰ ৰচক আছিল কমিউনিজমৰ অন্যতম পথিকৃৎ ফ্ৰেডৰিক এংগেলছ। আমাৰ আলোচ্য বিষয়টোত ডুৰিংগৰ এষাৰ কথা বৰ প্ৰাসংগিক। তেওঁ কৈছিল যে শক্তি প্ৰয়োগৰ মাজেদি ধৰ্মক নিষিদ্ধ কৰিব লাগে। বল প্ৰয়োগ কৰি ধৰ্মক অৱলুপ্ত কৰাৰ ডুৰিংগৰ মতটোক ফ্ৰেডৰিক এংগেলছে পোনছাটেই বিৰোধিতা কৰিছে শাণিত যুক্তি-বিশ্লেষণৰ জৰিয়তে (দ্ৰষ্টব্যঃ Frederick Engels, 1877, State, Family, Education, Anti-Duhring)। তেনে বিশ্লেষণৰ কথা চমুকৈ আহিব অলপ পাছতেই, তাৰ আগতে আমাৰ দ্বিতীয় উদাহৰণটোলৈ লক্ষ্য কৰা যাওক।

ডুৰিংগে যিটো ভাবিছিল, যিটো তত্ত্ব আগ বঢ়াইছিল, তাক বাস্তৱত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰা হৈছিল বহু বছৰ পাছত ইউৰোপৰ এখন সৰু দেশ আলবেনিয়াত। পৰিহাসপূৰ্ণ কথা, আলবেনিয়া আছিল এখন “কমিউনিষ্ট” দেশ। দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে, ১৯৪৪ চনৰ নৱেম্বৰত আলবেনিয়াত কমিউনিষ্টসকলে ক্ষমতা দখল কৰিলে। আলবেনিয়াৰ সকলো ক্ষমতা কেন্দ্ৰীভূত হ’ল এনভাৰ হ’ক্সহাৰ (Enver Hoxha) হাতত। তেওঁৰ নেতৃত্বত কমিউনিষ্টসকলে দেশখনৰ আভ্যন্তৰীণ ক্ষেত্ৰত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক—এই সকলো দিশতে নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা চলাবলৈ ধৰিলে। বৈদেশিক নীতিৰ ক্ষেত্ৰত আলবেনিয়া আছিল ছোৱিয়েট য়ুনিয়নৰ সহচৰ। কিন্তু স্তালিনৰ মৃত্যুৰ পাছত, ক্ৰুছেভৰ দিন আৰম্ভ হোৱাৰ লগে লগে আলবেনিয়াই চীনৰ ফালে ঢাল খালে। হ’ক্সহা আছিল এগৰাকী বৰ একাচেকা কঠোৰ শাসক। দেশৰ ভিতৰত আৰম্ভ হ’ল কঠোৰ পুনৰ্গঠনৰ কামকাজ। তেনে কামকাজত সজীৱতা আছিল নে নাই, প্ৰাণচাঞ্চল্য কিমান আছিল, কামবোৰ ফলপ্ৰসূ হৈছিল নে—সেইবোৰ প্ৰসংগ ইয়াত নাহে। এই আলোচনাত প্ৰাসংগিক কথাটো হ’ল, আলবেনিয়াত কমিউনিষ্ট শাসনৰ আৰম্ভণিতে ব্যক্তিগত স্তৰত ধৰ্মাচৰণৰ স্বাধীনতা আছিল। কিন্তু প্ৰাতিষ্ঠানিক দিশত ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত বাধ্যবাধ্যকতা কিছুমান আৰোপ কৰা হ’ল। ভেটিকানৰ পৰা অহা বিদেশী ধৰ্মবেত্তাক বহিষ্কাৰ কৰা হ’ল দেশখনৰ পৰা, ধৰ্মাশ্ৰিত শিক্ষানুষ্ঠানসমূহক ৰাষ্ট্ৰীয়কৃৎ কৰা হ’ল। ভেটিকানৰ সৈতে সম্পৰ্ক নিষিদ্ধ বুলি আইন প্ৰণয়ন কৰা হ’ল। এইখিনি ঘটিছিল ১৯৫১ চনৰ আগতে। তাৰ পাছৰ বহুবছৰলৈ ধৰ্ম ক্ষেত্ৰত বিশেষ কোনো উল্লেখযোগ্য ঘটনা ঘটা নাছিল আলবেনিয়াত।

কিন্তু আলবেনিয়াৰ কমিউনিষ্ট পাৰ্টিৰ মাজত ধৰ্মৰ সংক্ৰান্তত আলোচনা চলি আছিল। আলোচনাত কমিউনিষ্টসকল দুটা ভাগত বিভক্ত হৈ পৰিছিল। এটা ভাগে ধাৰণা কৰিছিল যে ইতিমধ্যেই কাৰ্যকৰি কৰা ব্যৱস্থাসমূহে ধৰ্মক ক্ৰমাৎ নিশকতীয়া কৰি পেলাইছে, সেইদৰেই ধৰ্ম এদিন অৱলুপ্ত হৈ পৰিব (আগষ্ট্‌ বেবেলৰ মতটিলৈ আমি এইখিনিতে স্মৰণ কৰি ল’ব পাৰোঁ)। তেওঁলোকৰ বিবেচনাত আলবেনিয়াৰ ৰাজনীতিত ধৰ্ম  লাহে লাহে হৈ পৰিছিল এটা তাৎপৰ্যহীন উপাদান, সেয়ে ধৰ্মৰ সংক্ৰান্তত তেওঁলোক আছিল নিষ্ক্ৰিয় আৰু প্ৰায় উদাসীন। অন্য ভাগটোৱে কিন্তু কৈছিল, ধৰ্ম যিহেতু পৰম্পৰা, ৰীতি-নীতি, নৈতিক প্ৰমূল্য, শিক্ষা, পাৰিবাৰিক জীৱন আৰু অন্যান্য সামাজিক সমন্ধৰ গভীৰলৈ সোমাই আছে, সেয়েহে ধৰ্মৰ বিৰুদ্ধে দীৰ্ঘ সময়ৰ বাবে কঠোৰ হৈ থকা উচিত।

প্ৰায় ডেৰ দশকৰ পাছত চীনত আৰম্ভ কৰা মহাপৰিৱৰ্তনৰ প্ৰয়াসৰ অভিঘাত আলবেনিয়াতো আহি পৰিল। আলবেনিয়াই ১৯৬৭ চনত নিজকে “বিশ্বৰ প্ৰথমখন নাস্তিক দেশ” বুলি ঘোষণা কৰিলে। ধৰ্মৰ ওপৰত কঠোৰ অৱদমন আৰম্ভ হ’ল (Evalda Jera, An Overview on the Freedom of Religion in Albania, Mediterranean Journal of Social Sciences, Vol. 6, pp.225-58)।) সকলো ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰা হ’ল, অৱশিষ্ট মুষ্টিমেয় পুৰোহিত-পূজাৰীকেইজনক “নতুন শিক্ষা” প্ৰদান কৰিবৰ বাবে “কেম্প”-লৈ পঠাই দিয়া হ’ল। ধৰ্মীয় পুস্তক আৰু ধৰ্মীয় সা-সামগ্ৰী ৰখাটো বেআইনী বুলি ঘোষণা কৰা হ’ল। ধৰ্মীয় আৰাধনা, আনকি ব্যক্তিগত স্তৰতো নিষিদ্ধ ঘোষিত হ’ল। ধৰ্মীয় স্থলসমূহ হয় ধ্বংস কৰি দিয়া হ’ল, নতুবা সেইসমূহক পৰিৱৰ্তন কৰা হ’ল ক্ৰী‌ড়া-ভৱন, নৃত্যৰ প্ৰাংগণ, কাৰখানা, যাদুঘৰ আদিলৈ। মজাৰ কথা, তেতিয়াও কিন্তু দেশখনৰ সংবিধানত ধৰ্মীয় স্বাধীনতাৰ কথাটো আছিলেই। ১৯৭৬ চনতহে দেশখনৰ সংবিধানত ধৰ্ম নিষিদ্ধকৰণৰ কথাটো অন্তৰ্ভূক্ত হৈ পৰিল (বিস্তাৰিত বিৱৰণৰ বাবে দ্ৰষ্টব্যঃ Hiorth, Finngeir, 1990, “Albania: An Atheistic State?,” Occasional Papers on Religion in Eastern Europe, Vol. 10, Iss. 5 , Article 3)।

ইমানৰ পাছতো সঁচাকৈয়ে জানো আলবেনিয়াত ধৰ্ম অৱলুপ্ত হৈ পৰিছিল? ব্যক্তিগত স্তৰত বহুতো মানুহে ধৰ্মাচৰণ চলাই গৈছিল, আনকি গোপনে সমষ্টিগতভাৱেও উপাসনাত মিলিত হৈছিল। কিছুমান লোকে পূৰ্বৰ ধৰ্মীয় বন্ধৰ দিনত কামৰ পৰা বিৰত থাকিছিল। তাৎপৰ্যপূৰ্ণ কথা, আন্তঃধৰ্মীয় বিবাহৰ ঘটনা নাস্তিক আলবেনিয়াত আছিল বিৰল ঘটনা, মাত্ৰ চাৰি শতাংশ (Hiorth, Finngeir, পূৰ্বোক্ত সূত্ৰ)।

প্ৰায় চাৰিটা দশক বৰ্তি থকাৰ পাছত আলবেনিয়াত “কমিউনিষ্ট” শাসনৰ অন্ত পৰিল। প্ৰশ্ন উঠিব ধৰ্মৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ’ল সেই দীৰ্ঘ কঠোৰ শাসনত? ১৯৩৮ চনৰ গণনা মতে, অৰ্থাৎ কমিউনিষ্ট শাসনৰ পূৰ্বে, আলবেনিয়াত আছিল ৫৪% ছুন্নী মুছলিম, ১০% কেথলিক, ২১% অৰ্থডক্স ধৰ্মমতৰ মানুহ (Hiorth, Finngeir, পূৰ্বোক্ত সূত্ৰ)। ২০১১ চনৰ লোকপিয়লৰ পৰা দেখা গ’ল, দেশখনত আছে ৫৬.৭% মুছলিম, ১০.০৩% কেথলিক আৰু ৬.৭৫% অৰ্থডক্স ধৰ্মমতৰ মানুহ। মাত্ৰ ২.০৯% আলবেনিয়াৰ মানুহহে নাস্তিক; ১৩.৭৯%-এ ধৰ্মৰ সংক্ৰান্তত কোনো মন্তব্য নাই বুলি কয় (The 2011 Albanian Population and Housing Census, p.71)। ধৰ্মমুক্ততাৰ পথত প্ৰচণ্ড অৱদমন নিৰ্ভৰযোগ্য পাথেয় নহয় বুলি আলবেনিয়াৰ ঘটনাপ্ৰৱাহে দেখুৱাই দিলে।

(৫)

বল প্ৰয়োগৰ জৰিয়তে যে ধৰ্মৰ অৱলুপ্তি সম্ভৱ নহয়, সেইটো নিশ্চয় আলবেনিয়াৰ ঘটনাটোৱে জলজলপটপটকৈ দেখুৱাই দিছে। প্ৰসংগত আৰু এটা কথা উল্লেখ কৰিছোঁ। আমি আগৰ দফাটিত পাই আহিছিলোঁ যে বিশ্বৰ সৰহভাগ দেশত নৱপ্ৰজন্মৰ মাজত ধৰ্মবিশ্বাসীৰ সংখ্যা কমি আহিছে। কিন্তু জৰ্জিয়া নামৰ দেশখনৰ পৰিস্থিতি একেবাৰেই বিপৰীত, তাত কম বয়সীয়া কিশোৰ-কিশোৰীসকল বয়স্কসকলতকৈ অধিক ধৰ্মবিশ্বাসী (দ্ৰষ্টব্যঃ Pew Research Center, পূৰ্বোক্ত সূত্ৰ, 2018)। মন কৰিবলগীয়া কথা, জৰ্জিয়া আছিল পূৰ্বৰ “কমিউনিষ্ট” দেশ ছোৱিয়েট য়ুনিয়নৰ অন্তৰ্গত। এইসমূহ বিষম ঐতিহাসিক পৰিণতিয়ে সকীয়াই দিয়ে যে ধৰ্মৰ সৈতে ৰাষ্ট্ৰৰ সম্পৰ্ক, ধৰ্মৰ অৱলুপ্তি আদিৰ প্ৰসংগত মাৰ্ক্সবাদীসকলে মাৰ্ক্সবাদৰেই পথিকৃৎসকলৰ মতামতসমূহ বিশ্লেষণাত্মক দৃষ্টিৰে—আজিৰ পৰিৱৰ্তিত বিশ্ব-পৰিস্থিতিটো চকুৰ আগত ৰাখি—গভীৰভাৱে জুকিয়াই চোৱাটো বৰ জৰুৰী। ইয়াত আমি দুটিমান কথা উনুকিয়াইছোঁহে মাত্ৰ, এইটো প্ৰসংগত বিদ্বৎসকলে বিস্তাৰিত আলোচনা আগ বঢ়ালে বৰ ভাল হ’ব।

ডুৰিংগৰ সমালোচনা কৰোঁতে এংগেলছে দেখুৱাইছে যে ধৰ্মৰ উৎসৰ সামাজিক ভিত্তিৰ আৰু কাৰণ আছে। নক’লেও হ’ব, সেই ভিত্তি আৰু কাৰণসমূহক অগ্ৰাহ্য কৰি ধৰ্মৰ বিষয়ে যৌক্তিক আলোচনা সম্ভৱ নহয়। ধৰ্মৰ সৈতে ৰাষ্ট্ৰৰ সম্পৰ্ক ছেদৰ পদ্ধতি-পন্থাৰ কথা আলচ কৰোঁতে আমি ধৰ্মৰ জাগতিক ভিত্তিটোৰ সবিশেষ বিচাৰ-বিশ্লেষণলৈ আনিবই লাগিব। এইটো দিশক সম্পূৰ্ণ আগ্ৰাহ্য কৰি, বল প্ৰয়োগ কৰিবলৈ গৈ “কমিউনিষ্ট” আলবেনিয়াত যি শোচনীয় পৰিণতি হ’ল, সেইটো আমি মনত ৰখা যুগুত। ধৰ্মৰ জাগতিক আৰু সামাজিক ভিত্তি, তৎকালীন সমাজৰ শ্ৰেণীবিন্যাস, শ্ৰেণী দ্বন্দ্বত ধৰ্মৰ ভূমিকা ইত্যাদি গুৰুতৰ প্ৰশ্নক অগ্ৰাহ্য কৰা নিৰালম্ব ধৰ্মহীনতা কিম্বা উৎকেন্দ্ৰিক নাস্তিকতাই এইক্ষেত্ৰত মুঠেও সহায় নকৰে।

কাৰ্ল মাৰ্ক্সে সমাজত ধৰ্ম বৰ্তি থকাৰ আঁৰৰ সঞ্জীৱনী শক্তিৰ সন্দৰ্ভত বিস্ময়কৰ অন্তৰ্দৃষ্টি আৰু সুগভীৰ বিশ্লেষণেৰে কিছু কথা লেখি গৈছে। মাৰ্ক্সকথিত এটি বাক্যাংশ অতি বিখ্যাত। সেইটো হৈছে,”ধৰ্ম মানুহৰ বাবে আফিং“। আফিং সেৱন কৰিলে মানুহ নিচাগ্ৰস্ত হৈ পৰে। নিচাগ্ৰস্ত মানুহৰ মন চৌপাশৰ বাস্তৱৰ পৰা নিলগলৈ যায়গৈ, তেনে বাস্তৱবিমুখিতাই প্ৰকৃত বাস্তৱতাৰ অনুধাৱনৰ বাটত দুৰাতিক্ৰম্য প্ৰাচীৰ এখন হৈ ঠিয় দিয়ে। আফিং সেৱনে যিদৰে মানুহক নিচাগ্ৰস্ত কৰি মনটো এখন আনন্দময় তুৰীয় জগতত ভাসমান কৰাই লৈ ফুৰে, তেনেদৰে ধৰ্মিষ্ঠ আৰু ধৰ্ম-আৱিষ্ট মানুহৰ কায়িক অৱস্থিতি বাস্তৱৰ সমাজখনত থাকিলেও মন-মগজু বিচৰণ কৰে এখন বাস্তৱবিমুখ আধিভৌতিক জগতত। এইসকলে ৰূঢ় কঠিন বাস্তৱৰ নানান দুখ-বেদনাৰ প্ৰকৃত আৰু জাগতিক উৎসৰ সন্ধানত ব্যৰ্থ হয়। তেনে দুখ-বেদনাৰ সিংহভাগ যে বহুমাত্ৰিক শোষণ-নিষ্পেষণৰ পৰা উদ্ভূত, সেই কথাটো তেওঁলোকে বুজিব নোৱাৰি পাৰ্থিৱ কষ্ট-বেদনাৰ বাবে জগৰীয়া কৰে অবাস্তৱ-অতিপ্ৰকৃত শক্তিয়ে নিৰ্ণয় কৰা অসংজ্ঞায়িত ভাগ্যৰ ওপৰত। শোষণৰ পৰা মুক্তি লভিবলৈ বাস্তৱৰ সংগ্ৰামত চামিল হোৱাৰ সলনি তেওঁলোকে ধৰ্মকথিত মোক্ষ কিম্বা পাৰলৌকিক সুখ-শান্তিলৈহে  ধিয়াই থাকে। “ধৰ্ম মানুহৰ বাবে আফিং“— মাৰ্ক্সৰ এই কথাটো অতি মৰ্মস্পৰ্শী, বিস্ময়কৰভাৱে কাব্যিক আৰু সঠিক। জনসাধাৰণ ধৰ্মৰ সৰ্বগ্ৰাসী নিচাত নিমজ্জিত হৈ থকাটো শোষণ-নিষ্পেষণৰ বাবে যে বৰ উপযোগী, সেইটো বহলাই কোৱাৰ প্ৰয়োজন নাই। সেইবাবেই শোষক আৰু নিষ্পেষকসকলে জনসাধাৰণৰ মাজত অতি সচেতন আৰু সুচতুৰভাৱে ধৰ্ম-আফিঙৰ ৰাগি বিয়পাই দিয়াত সদা সচেষ্ট হৈ থাকে।

এইখিনিতে এটা তাৎপৰ্যপূৰ্ণ আৰু লক্ষণীয় কথা আছে। উপৰিউক্ত বাক্যাংশ—ধৰ্ম মানুহৰ বাবে আফিং—তাৰ ঠিক আগে আগে মাৰ্ক্সে আৰু দুটিমান মৰ্মস্পৰ্শী কথা কৈছিল। ধৰ্ম মানুহৰ বাবে আফিং, কিন্তু—তাৰ লগতে—ই নিষ্পেষিতৰ হুমুনিয়াহো, ই উদ্যমহীন পৰিস্থিতিৰ উদ্যম, ধৰ্ম হৈছে হৃদয়হীন জগতৰ হৃদয়। ধৰ্মৰ মাজত মানুহে, যিমানেই কাল্পনিক আৰু অবাস্তৱ নহওক—একধৰণৰ  মানসিক শান্তি আৰু অলীক নিৰাপত্তাৰ আশ্বাসৰ সন্ধান পায়। ধৰ্মই মানুহৰ পাৰ্থিৱ জ্বালা-যান্ত্ৰণা-দুখ-কষ্টক কেতিয়াও অস্বীকাৰ নকৰে। বাস্তৱৰ নিৰ্মম হৃদয়হীন আচৰণত ক্ষতবিক্ষত হৈ পৰা অসহায় মানুহক ধৰ্মই হাতবাউলি দি মাতে মমতাৰে ভৰা, বোধবুদ্ধিনাশক, মায়াময় এক হৃদয়ৰ আলিংগনৰ বাবে। বাস্তৱৰ পৃথিৱীখনত যেতিয়া জীয়াই থকাৰেই উদ্যম অন্তৰ্হিত হৈ পৰে, তেতিয়া ধৰ্মই ধৰ্মাৱিষ্ট লোকৰ বাবে সংৰক্ষণ কৰি ৰাখে এক অলীক আৰু ছঁয়াময়া উদ্যম। বাট ভুল হ’লেও তেনে উদ্যমে মানুহক জীৱনৰ বন্ধুৰ বাট বুলিবলৈ প্ৰেৰণা যোগায়। ধৰ্মৰ সংক্ৰান্তত মাৰ্ক্সবাদৰ পথিকৃৎসকলৰ এইধৰণৰ বহুমাত্ৰিক কথাখিনিত যথোচিত গুৰুত্ব প্ৰদান নকৰিলে ধৰ্মবিৰোধীৰ বিচাৰ-বিশ্লেষণ খণ্ডিত হৈ পৰাটো নিশ্চিত হৈ পৰে। পৰিতাপৰ কথা, সাধাৰণতেই দেখা যায়, একাংশ লোকে “ধৰ্ম মানুহৰ বাবে আফিং“, এই অংশটোক একমাত্ৰ আধাৰ হিচাপে বিবেচনা কৰি ধৰ্মৰ বিৰোধ কৰে। ধৰ্মৰ সৰ্বগ্ৰাসী আগ্ৰাসনৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সদিচ্ছা সন্দেহাতীত। কিন্তু সদিচ্ছা শুদ্ধতাৰ নিৰ্ভৰযোগ্য সূচক নহয়।

ধৰ্ম মানুহৰ বাবে আফিং, এই আফিং সচেতন-সুচতুৰভাৱে মানুহক সেৱন কৰাই দিয়া হয়, সেইটো একেবাৰে সঁচা। কিন্তু লগতে আমি মন কৰিব লাগিব, সহস্ৰজনে এই আফিং স্বেচ্ছাই সেৱন কৰে। আনকি যিসকলে অন্যক এই আফিং সেৱন কৰোৱায়, তেওঁলোকৰ কিছুমানে নিজেও সেই একেই আফিঙৰ নিচাত আসক্ত হয়। মানুহৰ ধৰ্মাচৰণৰ সৈতে সংলগ্ন হৈ থকা তেনে সমাজ-বাস্তৱতাক অস্বীকাৰ কিম্বা অগ্ৰাহ্য কৰি ধৰ্মৰ পূৰ্ণাংগ যৌক্তিক আলোচনা সম্ভৱ নহয়। নক’লেও হ’ব, তেনে আলোচনাৰ পৰিসৰ বিৰাট-বিপুল। আমি মাত্ৰ তৎসংলগ্ন দুটি দিশ প্ৰশ্নাকাৰে আলোচনাৰ এই অংশত উত্থাপন কৰিছোঁ। প্ৰথম, কিয় একাংশ মানুহে ধৰ্ম-আফিং অন্যক খুৱাই আহিছে? দ্বিতীয়, কিয় বুজন সংখ্যক মানুহে, অন্যই সেৱন কৰাই নিদিলেও, ধৰ্ম-আফিং স্বেচ্ছাই, দ্বন্দ্ব-বিৰোধহীনভাৱে, চৰ্তহীন আনুগত্যৰে, আনন্দমনেৰে সেৱন কৰে? অলপ গমি চালেই ধৰিব পাৰি, প্ৰথম প্ৰশ্নটোৰ উত্তৰ লুকাই আছে বিৰাট এক শোষণভিত্তিক উৎপাদন প্ৰক্ৰিয়াৰ পৰিচালনা-ব্যৱস্থাৰ কাৰ্যপ্ৰণালীৰ মাজত। ধৰ্ম শ্ৰেণী-শোষণৰ এটা নিৰ্ভৰযোগ্য হাথিয়াৰ, এই হাথিয়াৰটি শোষক-নিষ্পেষকে বৰ কৰিৎকৰ্মা কাৰ্যপন্থাৰে ব্যৱহাৰ কৰে। এই কাৰ্যপন্থাক ৰাষ্ট্ৰই মাত্ৰ অনুমোদনেই নকৰে, তাক উৎসাহিতও কৰে। গতিকে দেখদেখকৈ এইটো এটা আৰ্থ-ৰাজনৈতিক-সামাজিক বিষয়। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰি পাম ধৰ্মৰ নিজস্ব আৱেদনৰ মাজত। ধৰ্মৰ তেনে আৱেদন যে বিভিন্ন সামাজিক-আৰ্থিক-মনস্তাত্ত্বিক বিষয়ৰ সৈতে অংগাংগীভাৱে সংলগ্ন হৈ আছে, সেইটো কথা আলচ কৰি আহিছোঁ। অৰ্থাৎ, এই প্ৰশ্নটোৰ উত্তৰো সামাজিক-আৰ্থিক-মনস্তাত্ত্বিক প্ৰপঞ্চৰ সৈতে সম্পৰ্কিত হৈ আছে। নানান সামাজিক-মনস্তাত্ত্বিক কাৰণৰ বাবেই ধৰ্মৰ ছঁয়াময়া অলীক মায়াজাল মানুহৰ বাবে অতীৱ অৰ্থৱহ হৈ উঠে। মানুহৰ মাজত তেনে গ্ৰহণযোগ্যতাৰ বাবেই শোষকে ধৰ্মক হাথিয়াৰ হিচাপে নিৰ্বাচন আৰু ব্যৱহাৰ কৰে। তাৰফলত, দুয়োটাৰে সন্মিলিত শক্তিত—চক্ৰৱৎ আৱৰ্তত—ধৰ্মৰ প্ৰভাৱ বৃদ্ধি হৈ গৈ থাকে। সাম্প্ৰতিক ভাৰতবৰ্ষৰ পৰিস্থিতিটোলৈ মন কৰিলেই কথাটো ভালদৰে বুজিব পাৰি।

গতিকে, ধৰ্মমুক্ত ৰাষ্ট্ৰ, ধৰ্মহীন পৃথিৱীৰ সপোন দেখা লোকসকলৰ বাবে এই দিশকেইটিৰ সৈতে সম্পৰ্কিত দুটা প্ৰায়োগিক আৰু জৰুৰী প্ৰশ্ন আছে। প্ৰথমটো হ’ল, ধৰ্ম-আফিং সেৱন কৰাই দিয়াৰ আঁৰৰ বিৰাট-বিপুল ব্যৱস্থাটোৰ বেলিকা কি কৰা যাবব্যৱস্থাটোৰ প্ৰতি নিৰ্লিপ্ত হৈ থাকিলে ধৰ্মৰ অৱলুপ্তি সম্ভৱনে? দ্বিতীয় প্ৰশ্নটো অধিক গুৰুতৰ। ধৰ্মৰ অলীক আৱেদন মানুহৰ মাজত নোহোৱা কৰিবলৈ কি পদ্ধতি ফলপ্ৰসূ হ’ব? এইখিনিতে আমি বল প্ৰয়োগৰ কথাটো যে হঠকাৰী, অযৌক্তিক আৰু অনুচিত—সেই কথাটো আলবেনিয়াৰ ঘটনাটোৰ পৰা স্মৰণ কৰি ল’ব পাৰোঁ। প্ৰশ্ন উঠিব, বল প্ৰয়োগ কৰি—চিন্তা আৰু কাৰ্যৰ ওপৰত প্ৰচণ্ড অৱদমন নমাই আনি— ধৰ্মৰ পৰা মুক্ত যে হ’ব পৰা নাযায়, সেইটো বাৰু বুজা গ’ল; তেনেহ’লে কোন দিশেৰে অগ্ৰসৰ হ’লে বাট অধিক সুগম হ’ব?

ধৰ্মবিৰোধী যৌক্তিক আৰু প্ৰায়োগিক যুঁজত ধৰ্মৰ স্বৰূপ সঠিকভাৱে নিৰ্ণয় কৰি লোৱাটো হৈছে প্ৰধান পূৰ্বচৰ্ত। মনোগত দিশত প্ৰচণ্ড প্ৰভাৱ পেলোৱা ধৰ্ম হৈছে এটা অমিত শক্তিধৰ আৰ্থ-ৰাজনৈতিক-সামাজিক শক্তিৰ বিশ্বস্ত সহচৰ। সেইবাবেই, ধৰ্মৰ বিপক্ষে যুঁজখনো অনিবাৰ্যভাৱে আৰ্থ-ৰাজনৈতিক-সামাজিক সংগ্ৰামৰ অংগীভূত হ’বই লাগিব। সামাজিক দ্বন্দ্ব, আৰ্থ-ৰাজনৈতিক দিশৰ প্ৰতি নিৰ্লিপ্ত ব্যক্তিকেন্দ্ৰিক নিৰালম্ব নাস্তিকতা আৰু ধৰ্মবিৰোধিতা এইক্ষেত্ৰত হ’বগৈ তেনেই সীমাবদ্ধ আৰু অফলপ্ৰসূ। বহুক্ষেত্ৰত দেখা যায়, তেনে দিশসমূহৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত হৈ নাস্তিকতাৰ একাংশ প্ৰবক্তাই ধৰ্মবিৰোধী অত্যন্ত উগ্ৰ মত-মন্তব্য প্ৰদান কৰে। এই হুংকাৰসৰ্বস্ব ধৰ্মবিৰোধিতা আৰু উৎকেন্দ্ৰিক নাস্তিকতাৰ পৰা স্বাভাবিকতেই ধৰ্ম কিম্বা ঈশ্বৰ বিশ্বাসৰ আঁৰৰ সমাজতাত্ত্বিক, অৰ্থনৈতিক আদি কাৰকসমূহৰ বিচাৰ-বিশ্লেষণ আশা কৰিব নোৱাৰি। ধৰ্মবিৰোধী নাস্তিক্যবাদী আন্দোলনক তেনে হুংকাৰসৰ্বস্ব তৰলতাৰ পৰা মুক্ত কৰাটো বৰ জৰুৰী। কেৱল ধৰ্মৰ নেতিবাচক দিশত আক্ৰমণ কৰি অগ্ৰসৰ হোৱাৰ চেষ্টা চলালে বিশেষ অৰ্থবহ ফল লাভ কৰা যাব বুলি ধাৰণা নহয়। ধৰ্মই মানুহক প্ৰদান কৰা নিৰাপত্তাৰ অলীক আশ্বাসৰ বাস্তৱ-বিকল্প ধৰ্মবিহীন সমাজখনৰ ৰূপৰেখাত সঁচা অৰ্থত মূৰ্ত হ’ব লাগিব, তেনে বিকল্পৰ গ্ৰহণযোগ্যতাও মানুহৰ ওচৰত থাকিব লাগিব।

(৬)

ধৰ্মমুক্ততাৰ বাবে বাস্তৱ পৰিস্থিতিটো কিন্তু অতি প্ৰত্যাহ্বানপূৰ্ণ। বিশ্বৰ বিভিন্ন দেশত এতিয়া প্ৰতিক্ৰিয়াশীল সোঁপন্থাৰ উত্থান অতি চকুত পৰাকৈ ঘটি আছে। তাৰ সংগী হৈছে পশ্চাৎমুখী ধৰ্মীয় পুনৰুত্থান। তেনে ঘটনাৰ সামন্তৰালভাৱে প্ৰগতিশীল আন্দোলনৰ গতিত যে মন্থৰতা আহিছে, সজীৱতা হ্ৰাস পাইছে, তাত কোনো সন্দেহ নাই। এই পটভূমিত, বিভিন্ন দেশত যে নব্য-নাস্তিকতাৰো উত্থান ঘটিছে, তালৈও আমি লক্ষ্য ৰাখিব লাগিব। ডকিন্স, হেৰিছ আদিৰ দৰে চিন্তাবিদৰ কথা উল্লেখ কৰি আহিছিলোঁ আলোচনাৰ আগৰ দফা এটাত। ধৰ্মৰ সংক্ৰান্তত উক্ত মাৰ্গে বহুতো চিত্তাকৰ্ষক প্ৰশ্ন উত্থাপন কৰিছে, ধৰ্মৰ অসংশোধনীয় বিসংগতি মানুহৰ আগত অতি স্পষ্টকৈ উন্মোচন কৰিছে। নব্য-নাস্তিকতাৰ এই মাৰ্গৰ তেনে ইতিবাচক অৱদানক গুৰুত্বসহকাৰে স্বীকাৰ কৰিও প্ৰশ্ন এটি থাকি যায়। ধৰ্মৰ আৰ্থ-ৰাজনৈতিক-সামাজিক দিশসমূহত এই মাৰ্গৰ চিন্তা-চৰ্চাই যথোচিত গুৰুত্ব প্ৰদান কৰি আহিছেনে? এই প্ৰসংগত বিপৰীত দৃষ্টিকোণৰ পৰা, অৰ্থাৎ ধৰ্মবেত্তাৰ ফালৰ পৰা কৰা পৰ্যবেক্ষণ এটাই আমাক কথাটো পৰিষ্কাৰ কৰাত সহায় কৰিব। এমেৰিকাৰ প্ৰসিদ্ধ খ্ৰীষ্টান ধৰ্মগ্ৰন্থৰ প্ৰকাশক-প্ৰতিষ্ঠান জনডাৰ্ভানৰ এগৰাকী মুৰব্বী ৰায়ান পাজডাৰৰে কৈছে, “Much has been made of the decline in religious affiliation and the rise of the ‘nones’ in recent years. However, it would be a mistake to assume that the decline in religious affiliation equates to a rise in secularism. What we are likely seeing is a shift toward a more individualized, personal expression of religious faith away from more institutional and historic affiliations” (দ্ৰষ্ট্ৰব্যঃ https://www.publishersweekly.com/pw/by-topic/industry-news/religion/article/76083-rise-of-secularism-attracts-publishers-to-growing-market.html)। দেখা গৈছে যে ধৰ্মানুষ্ঠানৰ সৈতে সম্পৰ্কৰহিত হ’লেই মানুহ এজন ধৰ্মবিশ্বাসৰ পৰা মুক্ত হৈছে বুলি সিদ্ধান্তলৈ আহিব নোৱাৰি। এই কথাটো আগৰ দফা এটিতো পৰিসংখ্যাৰ সহায়েৰে উনুকিয়াই অহা হৈছিল। ব্যক্তিগত স্তৰত ধৰ্মচিন্তা মানুহৰ মনত বৰ গভীৰলৈ শিপাই আছে। ধৰ্মানুষ্ঠানৰ সৈতে সম্পৰ্কৰহিত ব্যক্তিৰ ব্যক্তিগত ধৰ্মবিশ্বাস যে কোনোবা মুহূৰ্তত প্ৰতিষ্ঠানিক ৰূপটোলৈ পুনৰ্গমন নকৰিব, তাৰ কোনো নিশ্চয়তা নাই। এই প্ৰসংগত আলবেনিয়াৰ ঐতিহাসিক ঘটনাক্ৰমৰ কথা আমি মনত পেলাই ল’ব পাৰোঁ।

উক্ত ধাৰাটোৰ বিপৰীত দিশত আমি অন্য এবিধ চিন্তাৰো সম্ভেদ পাওঁ। এইটো ধাৰাই সমাজ-বাস্তাৱতাৰ দ্বন্দ্ব-সংগ্ৰামক বিচাৰ-বিশ্লেষণৰ মাজলৈ আনে বেছ গুৰুত্বসহকাৰে। কিন্তু লগতে মত প্ৰকাশ কৰে যে ধৰ্ম হৈছে আৰ্থিক ব্যৱস্থাটোৰ উপৰিসৌধহে মাত্ৰ, তাত আক্ৰমণ কৰি একো লাভ নাই, মূল কাম হৈছে ভিত্তিটোৰ সলনি কৰা। এই মাৰ্গৰ চিন্তাক সাধাৰণভাৱে যান্ত্ৰিক মাৰ্ক্সবাদী বুলি অভিহিত কৰা যায়। লগতে দেখা যায়, নিৰ্বাচনকেন্দ্ৰী হ্ৰস্বম্যাদী কলাকৌশলক ৰূপান্তৰৰ একমাত্ৰ পন্থা বুলি আঁকোৱালি লোৱা বহুতেই ভোট হেৰুৱাৰ আশংকাত ধৰ্মৰ ক্ষেত্ৰত বৰ লেহুকা অৱস্থান গ্ৰহণ কৰে। প্ৰায়োগিক ক্ষেত্ৰত তেওঁলোকৰ তেনে অসহায় বাস্তৱ অৱস্থাটো অতি প্ৰত্যাহ্বানপূৰ্ণ, তাক তুচ্ছ-তাচ্ছিল্য কৰা যুগুত নহয়। সেইটো কিছু প্ৰসংগান্তৰৰ কথা হেতুকে আমি ইয়াত কথাটোৰ তাত্ত্বিক দিশটোলৈ লক্ষ্য কৰিব পাৰোঁ। ভিত্তিৰ আমূল পৰিৱৰ্তনৰ পাছতহে ধৰ্মৰ উপৰিসৌধ আঁতৰ হ’ব, এইটো এটা অতি বিপজ্জনক ধাৰণা। সমাজৰ ৰূপান্তৰৰ কথাটো মাত্ৰ অৰ্থনৈতিক দিশত সীমাবদ্ধ নহয়, তাৰ সৈতে মানুহৰ সাংস্কৃতিক প্ৰমূল্যবোধৰ আমূল আৰু সৰ্বাত্মক পৰিৱৰ্তনৰ কথাটো নিবি‌ড়ভাৱে সাঙোৰ খাই আছে। তেনে পৰিৱৰ্তন একে দিনাই নাহে, তাৰ বাবে লাগিব এক দীৰ্ঘকালীন মতাদৰ্শগত সংগ্ৰাম। এতিয়া বৰ্তি থকা ব্যৱস্থাটোৰ মাজত থাকিয়েই সেই সংগ্ৰাম চলাই যাব লাগিব ভৱিষ্যতৰ বাবে। আমি অতি সতৰ্ক হৈ লক্ষ্য কৰিব লাগিব যে নানান ধৰ্মীয় উপাদান সমাজখনৰ কিছুমান ধৰ্মমুক্ত-আচাৰ-অনুষ্ঠানৰ মাজতো অংগীভূত হৈ আছে। হাততে পোৱা এটা উদাহৰণ দিছোঁ, অসমৰ কাতি বিহু। মূলতঃ ধৰ্মমুক্ত কৃষিভিত্তিক এই অনুষ্ঠানৰ মাজত ধৰ্মীয় উপাদান সোমাই পৰিছে স্বতঃস্ফূৰ্তভাৱে। ধৰ্ম মানুহৰ নান্দনিক-সাংস্কৃতিক ক্ষেত্ৰতো গভীৰভাৱে প্ৰোথিত হৈ আছে। কেনেকৈ ধৰ্মীয় উপাদানৰ পৰা সেইসমূহক পৰিশ্ৰুত কৰা যায়, বিকল্প যুক্তিভিত্তিক নান্দনিকতা কেনেকৈ গঢ় দিয়া যায়, সেইটো এটা গুৰুতৰ প্ৰশ্ন। নক’লেও হ’ব, এইসমূহৰ বাবে লাগিব দীৰ্ঘ আলোচনা-বিচাৰ-বিশ্লেষণ আৰু প্ৰায়োগিক অনুশীলন। বহল অৰ্থত ই হ’ব লাগিব সৰ্বাত্মক এক সাংস্কৃতিক বিপ্লৱৰ বাবে কৰা ঐকান্তিক প্ৰয়াস। দেখদেখ কথা, ভিত্তিৰ সলনি হোৱাৰ পাছতহে তেনে প্ৰচেষ্টা আৰম্ভ কৰা হ’ব—উপৰিসৌধত তেতিয়াহে আক্ৰমণ চলোৱা হ’ব—সেই মাৰ্গৰ চিন্তা অযৌক্তিক আৰু অকাৰ্যকৰী।

মানৱ-সভ্যতাৰ বিকাশত, আধুনিকতাৰ উন্মেষত নাস্তিকতা আৰু ধৰ্মবিৰোধিতাৰ বিশাল আৰু যুগান্তকাৰী ঐতিহাসিক অৱদান আছে। ই মানুহৰ মাজলৈ কঢ়িয়াই আনিছিল জগতমুখী দৃষ্টি। জগত আৰু জীৱনৰ ধৰ্মীয় ব্যাখ্যা ভ্ৰান্ত আৰু ক্ষতিকাৰক, ঈশ্বৰনিৰ্ভৰতা অলীক—এইটো আছিল এটা সাংঘাতিক বৈপ্লৱিক ধাৰণা। আধুনিক বিজ্ঞান আৰু উক্ত বৈপ্লৱিক চিন্তাৰ মাৰ্গ হাতে হাত ধৰি আগ বাঢ়িছিল। উক্ত মাৰ্গৰ চিন্তাই পুষ্টি আহৰণ কৰিছিল বাস্তৱ সমাজখনৰ দ্বন্দ্ব-সংগ্ৰামৰ পৰা, তাৰ শিপা প্ৰোথিত হৈ আছিল জাগতিক বিশ্বখনৰ ঘটনাৱলীত। এই ঐতিহাসিক পটভূমিয়ে আমাক এটা অমূল্য শিক্ষা দি থৈ গৈছে। সেইটো হৈছে, আমাক যদি সঁচাকৈ অৰ্থবহ পৰিণতি এটা লাগে, তেনেহ’লে—এই পৰিৱৰ্তিত বিশ্ব-পৰিস্থিতিতো—ধৰ্মহীন সমাজ, ধৰ্মমুক্ত ৰাষ্ট্ৰ আদি গঢ় দিয়াৰ প্ৰয়াসক আমি জাগতিক দ্বন্দ্বৰ পৰা উদ্ভূত সংগ্ৰামখনৰ অংগীভূত কৰি পেলাবই লাগিব। আমি সৰ্বক্ষণ, সতৰ্কভাৱে এই শিক্ষাটি মনত ৰখা যুগুত।

2 thoughts on “সম্পাদকৰ টোকা :: ধৰ্মমুক্ততাৰ পথ আৰু পাথেয় (কৌশিক দাস)

  • খুব সুন্দৰ বিশ্লেষণ ! মোৰ কাৰণে কিছুমান কথা একেবাৰে নতুন

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *