ধূলিয়ৰী বাটৰ সপোন মালিতা – (উপাসনা বৰদলৈ)
সোণগুটিৰ লগতে হাঁহিবলৈ শিকে সিহঁতে
মলিয়ন দুভৰি, নিজ ৰং হেৰুৱা স্কুলৰ সাজযোৰেৰে
পুৱাটোৰ সৈতে ঢপলিয়াই ফুৰে সিহঁত,
যঁতৰ এটাত ৰাতিটোৱে সোণালী দিনবোৰ কাটি থাকে, পিছচোতালত।
মুকুতা সৰা খিলখিলনিবোৰে দুপৰীয়াটোৰ ভাতঘুমতি ভাঙে।
পুনৰ সোণগুটিৰ ভৰত গাঁওখনে হাঁহে,
গাঁওখনে নুবুজে মলিয়ন ভৰি দুটাই চোঁচৰাই লৈ ফুৰা, কলীয়া আখৰৰ আঁৰত লহপহাই বঢ়া চকচকীয়া বাটটো !
ফলি-পুথিৰ অট্টহাস্যক কাগজী নোটৰ হাতোৰাই ঠেলি দিয়ে বকুল বুটলা বাটটোত ইতিহাস হ’বলৈ।
মৰণা মৰা গৰুকেইটাৰ খোৰাই পিষ্ট কৰে সোণগুটিৰ ভৰত হাঁহি উঠা আবেলিবোৰ।
জেউতিহঁতৰ সুলকি যাব খোজা স্কাৰ্টটো অতিৰিক্ত এটা সিয়নিৰ ওচৰত নতশিৰ।
আৰু হঠাৎ এদিন স্কাৰ্টৰ ৰক্তবিধৌত পশ্চাদে ব্যতিব্যস্ত কৰে মা, বৰমা, খুৰী, আইতাহঁতক ।
তাৰ পাছত স্কাৰ্টৰ কাহিনীটো সলনি হ’ল।
যঁতৰৰ পাকত সোমাই ৰাতিবোৰে ঘৰ্ঘৰ শব্দ কৰি সোণালী দিনৰ সূতা কটাৰ কচৰৎ কৰি থাকিল,
জেউতিহঁতো মেখেলা চাদৰেৰে গা ঢাকি মানুহ(?) হ’ল।
নামঘৰত খোল বাজে, সমাজে বাঃ বাঃ দিয়ে বাদকক,
মেঘমল্লাৰৰ চেৱত জেউতিহঁতৰ গধূলিবোৰ নিয়ৰৰ দৰে সৰে।
তেজত বুৰ গৈ সময়বোৰ ক’ৰবাত ওপঙি থাকে ৰজস্বলা নাৰীৰ ।।