ডায়েবেটিছ ৰোগৰ হাতপুথি (প্ৰথম অংশ) (ডা: কুঞ্জন শইকীয়া )
(ডা: কুঞ্জন শইকীয়া এগৰাকী বিশিষ্ট এণ্ড’ক্ৰাইন’লজিষ্ট। অতিশয় বৃত্তিগত ব্যস্ততাৰ মাজতেই তেখেতে লেখি উলিয়াইছে এখনি তাৎপৰ্যপূৰ্ণ গ্ৰন্থ, “ডায়েবেটিছ ৰোগৰ হাতপুথি”। সহজ-সৰল ভাষা আৰু মনোগ্ৰাহী উপস্থাপন-শৈলী হৈছে গ্ৰন্থখনৰ বৈশিষ্ট্য। সৰ্বসাধাৰণ লোকৰ লগতে বিষয়টোত অবিশেষজ্ঞ বিদ্বানৰ বাবেও বহুতো শিকিবলগীয়া আৰু প্ৰয়োজনীয় কথা আছে গ্ৰন্থখনত। পুথিখনৰ নিৰ্বাচিত অংশ ধাৰাবাহিকভাৱে “মুক্ত চিন্তা“-ত প্ৰকাশৰ প্ৰস্তাৱ দিয়াত লেখকে তাত আনন্দৰে সন্মতি দিছে। বিজ্ঞান-প্ৰযুক্তি শিতানত তেনে নিৰ্বাচিত অংশসমূহ প্ৰকাশ কৰি থকা হ’ব, এইটো তাৰে প্ৰথম অংশ। ডা: শইকীয়ালৈ “মুক্ত চিন্তা”-ৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰা হ’ল। ~ মুখ্য সম্পাদক)
ডায়েবেটিছ ৰোগৰ অতীত বিচাৰি
খ্রীষ্ট জন্মৰ আগৰ ইজিপ্তত সেই পুৰণি যুগৰ চিকিৎসকসকলে ডায়েবেটিছৰ বিভিন্ন লক্ষণ আৰু চিকিৎসাৰ চিন্তা-চৰ্চা কৰিছিল। সেই সময়ৰ পৰাই ডায়েবেটিছ ৰোগে মানৱ শৰীৰত প্ৰভাৱ পেলোৱাৰ তথ্য পোৱা গৈছে। খ্রীষ্টপূর্ব ১৫৫০ চনত EBERS PAPYRUS নামৰ ইজিপ্তিয়ান পেপাইৰাছ গছৰ ছালত লিখা পুথিত ডায়েবেটিছৰ বিষয়ে প্রথম বর্ণনা পোৱা যায়। ইজিপ্তৰ দাঁতি কাষৰীয়া ৰাষ্ট্ৰ হ’ল গ্রীক আৰু ইয়াৰ চিকিৎসকসকল ইজিপ্তৰ চিন্তা-চৰ্চা আৰু ৰোগৰ চিকিৎসা পদ্ধতিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। প্রথম খ্রীষ্টাব্দৰ পাছৰ পৰা গ্রীকসকলৰ লেখনিত ডায়েবেটিছৰ ফলত শৰীৰৰ হাত আৰু ভৰিৰ মাংস গলি গৈ প্ৰস্ৰাৱত ওলাই যোৱা বুলি উল্লেখ কৰা হৈছে। এই গ্রীকসকলৰ এজন APOLLONIUS OF MEMPHIS-এ প্রথম ডায়েবেটিছ শব্দৰ নামকৰণ কৰিছিল। ইয়াৰ অৰ্থ হ’ল পাৰ হৈ যোৱা। ডায়েবেটিছত ৰোগীৰ অত্যাধিক পৰিমাণত প্রস্রাৱ হোৱা পৰিঘটনা এই শব্দৰে বুজোৱা হৈছে। ইংৰাজীত ডায়েবেটিছৰ সম্পূর্ণ নামটো হ’ল DIABETES MELLITUS। ৰোগটিক মেলাইটাছ বুলি নামকৰণ কৰিছিল বহু যুগ পাছৰ ১৮০৯ চনৰ চিকিৎসক জন ৰ’ল-এ (JOHN ROLLO)। তেওঁ লেটিন ভাষাৰ পৰাই এই শব্দটো ধাৰ কৰিছিল যাৰ অৰ্থ আছিল মৌ (HONEY)। আনহাতে মধুমেহ শব্দৰ গুৰি হ’ল ভাৰতৰ পঞ্চমৰ পৰা ষষ্ঠ খ্রীষ্টাব্দৰ বিখ্যাত চিকিৎসক চৰক আৰু শুশ্রুত। এই দুই তীক্ষ্ণবুদ্ধিসম্পন্ন চিকিৎসকে লক্ষ্য কৰিছিল যে ৰোগীসকলৰ প্ৰস্ৰাৱত মিঠা পদার্থ এবিধ থাকে আৰু এই প্রস্রাৱে পৰুৱাবোৰক আকৃষ্ট কৰে। ইয়াৰ পৰাই তেওঁলোকে এই ৰোগৰ নামকৰণ কৰিছিল মধুমেহ, যাৰ অর্থ হ’ল মৌৰ দৰে মিঠা প্রস্রাৱ। চীন দেশ আৰু আৰৱৰ সেই যুগৰ চিকিৎসকসকলেও ডায়েবেটিছৰ একেধৰণৰ বৰ্ণনা দিছিল।
বহু বছৰলৈকে ডায়েবেটিছক বৃক্কৰ ৰোগ বুলিয়েই ভবা হৈছিল। ৰোগৰ মুখ্য লক্ষণসমূহৰ ভিতৰত প্ৰস্ৰাৱ বেছিকৈ হোৱাটো অন্যতম হোৱা বাবে বৃক্কৰ ওপৰতে সকলোৰে মনোযোগ কেন্দ্রীভূত হৈছিল। এই ধাৰণাৰ পৰিৱৰ্তন ঘটে বহুত দিনৰ পাছতহে। ফৰাছী বৈজ্ঞানিক CLAUDE BERNARD (১৮১৩-১৮৭৮), যাক পৃথিৱীৰ মহৎ বৈজ্ঞানিকসকলৰ ভিতৰত এজন বুলি ধৰা হয় তেৱেঁ প্রথম পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা ঠাৱৰ কৰিলে যে ডায়েবেটিছ ৰোগৰ যি মিঠা পদার্থ প্রস্রাৱত পোৱা যায় সি লিভাৰত গ্লাইকজেন হিচাপে জমা হৈ থাকে। এই সময়ছোৱাত এজন ডেকা চিকিৎসক PAUL LANGERHANS-এ (১৮৪৭-১৮৮৮) মাত্র ২২ বছৰ বয়সতে আৱিষ্কাৰ কৰিলে অগ্নাশয়ৰ ভিতৰত থকা কোষৰ থুপসমূহ (ISLET OF LANGERHANS)। সেই সময়ত বার্লিনত নিজৰ ডক্টৰেট ডিগ্ৰীৰ বাবে কাম কৰি থাকোঁতেই তেওঁ এই গুৰুত্বপূর্ণ আৱিষ্কাৰ কৰিছিল। অৱশ্য তেওঁ এই কথা জনা নাছিল যে এই কোষৰ থুপসমূহৰ গ্লুকছৰ লগত কিবা সম্পর্ক থাকে, তেওঁ কেৱল তাৰ বৰ্ণনাহে দিছিল। LANGERHANS-ৰ পাছত OSKER MINKOWSKI আৰু JOSEPH VON MERING-এ গৱেষণাৰ জৰিয়তে অগ্নাশয়ৰ ভূমিকাৰ কথা পোনপ্ৰথমবাৰৰ বাবে বৈজ্ঞানিক সমাজৰ আগত ডাঙি ধৰিছিল। তেওঁলোক দুজনে কাম কৰিছিল STRASSBOURG বিশ্ববিদ্যালয়ত আৰু তাতে ১৮৮৯ চনত তেওঁলোকে এটা কুকুৰৰ দেহৰ পৰা অগ্নাশ্যয় বা PANCREAS অস্ত্রোপচাৰ কৰি উলিয়াই দি তাৰ ফলত কুকুৰটোৰ দেহত হোৱা পৰিঘটনাবোৰ লিপিবদ্ধ কৰিছিল। অগ্নাশয়টো আঁতৰাই দিয়াৰ পাছত কুকুৰটোৰ দেহত ডায়েবেটিছৰ সকলো লক্ষণে দেখা দিলে। এই পৰীক্ষাৰ পৰাই প্রমাণিত হয় যে ডায়েবেটিছৰ মুখ্য কাৰক হ’ল অগ্নাশয়ৰ কাৰ্যৰ বিজুতি। MINKOWSKI আৰু VON MERING-ৰ এই অভিনৱ পৰীক্ষা ভৱিষ্যতলৈও ৰোগৰ অধ্যয়নৰ বাবে পথ নির্দেশকস্বৰূপ আছিল। ১৮৯০ চনত EDWARD LAGUSSE-এ LANGERHANS-য়ে বর্ণনা কৰি যোৱা অগ্নাশয়ৰ কোষৰ থুপসমূহক ডায়েবেটিছৰ উৎস আৰু হৰম’নযুক্ত কোষ বুলি কয় আৰু ইয়াৰ উদ্ভাৱকৰ নামেৰে ISLET OF LANGERHANS বুলি নামকৰণ কৰে। ইয়াৰ কেইবাবছৰৰ পাছত ১৯০৯ চনত অৱশেষত এই সকলো বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ শেষ স্তৰ হিচাপে JEAN DE MAYER-এ অগ্নাশ্যয়ৰ পৰা এবিধ হৰম’নৰ নিষ্কাশন কৰিবলৈ সক্ষম হয়, যি শৰীৰৰ গ্লুকজৰ অন্যতম নির্ণায়ক আৰু ইয়াৰ নাম দিয়ে ইনচুলিন।
ডায়েবেটিছৰ চিকিৎসাৰ বাবে ইনচুলিন আৰু ঔষধৰ আৱিষ্কাৰ বহু পাছতহে হৈছিল। ইয়াৰ আগৰ দীর্ঘদিনীয়া সময়খিনিত কোনো ফলপ্রসু চিকিৎসা নাছিল। ব্যায়ামৰ উপকাৰিতা পুৰণি যুগৰ চিকিৎসকসকলেও জানিছিল আৰু গ্রীকসকলৰ দিনত ৰোগীক ঘোঁৰাৰ পিঠিত উঠি দীঘলীয়াকৈ ঘোঁৰাচালনা কৰিবলৈ দিয়া হৈছিল। এনে ব্যায়ামে কি পৰিমাণে হ’লেও গ্লুকজৰ মাত্রা কম কৰিছিল। খাদ্যৰ বিষয়ে বৈজ্ঞানিক জ্ঞান একেবাৰে চালুকীয়া অৱস্থাত থকাৰ বাবে বেলেগ বেলেগ ধৰণৰ খাদ্য ৰোগীৰ বাবে পথ্য হিচাপে দিয়া হৈছিল, যেনে— গাখীৰ আৰু ভাত, মেথি গুটি, ছাগলীৰ আৰু ভিলৰ মাংস, গেলি যোৱা জন্তুৰ মাংস, ধপাত, সেউজীয়া শাক-পাচলি, কার্বহাইড্রেট শূন্য আহাৰ ইত্যাদি। খাদ্য একেবাৰে খাবলৈ নিদিয়া বা কমকৈ খাবলৈ দিয়াও চিকিৎসাৰ অংশ আছিল।
JEAN DE MEYER-ৰ ইনচুলিনৰ বিষয়ে কৰা পৰীক্ষা আৰু অগ্নাশ্যয়তে যে ইনচুলিনৰ উৎস আছে—সেই জ্ঞানে চিকিৎসক-বিজ্ঞানীসকলৰ প্রচেষ্টাক হৰম’নটোক কৃত্রিমভাৱে তৈয়াৰ কৰাৰ ফালে আগবঢ়ালে। যদি ইনচুলিনক পৰীক্ষাগাৰত অগ্নাশয়ৰ পৰা নিষ্কাষণ আৰু পৰিশোধন কৰি লৈ ব্যৱহাৰৰ উপযোগী কৰি ল’ব পাৰি তেতিয়াহ’লে সেয়া ডায়েবেটিছ ৰোগীৰ দেহত প্রয়োগ কৰি তেওঁলোকক জীৱন দান দিব পাৰি। জার্মানীৰ GORGE LUDWIG ZUELZER-এ এই ক্ষেত্ৰত প্রথম আগবাঢ়িছিল। ZUELZER-এ অগ্নাশ্যয়ৰ পৰা নিষ্কাষিত পদার্থৰে ACOMETRAL নামৰ এবিধ বেজী তৈয়াৰ কৰি ডায়েবেটিছৰ ৰোগী এজনৰ গাত প্রয়োগ কৰি সুফল লাভ কৰিছিল। পাছত প্রথম বিশ্বযুদ্ধ আহি পোৱাত কুৰি শতিকাৰ আৰম্ভণিৰ দশকৰ এই প্রচেষ্টাৰ যতি পৰিল। ইয়াৰ পাছৰ পৰ্যায়ত প্রথম বিশ্বযুদ্ধৰ শেষত প্রফেছাৰ জন জেমছ ৰিকার্ড মেকল’ড-ৰ (JOHN JAMES RICKARD MACLEOD) দ্বাৰা আৰম্ভ হ’ল ইনচুলিনৰ আৱিষ্কাৰৰ প্রচেষ্টা। FREDERICK G. BANTING আছিল এজন কানাডিয়ান চিকিৎসক যি ইনচুলিনৰ বিষয়ে গৱেষণাত আগৰে পৰা লাগি আছিল। তেওঁ মেকল’ডৰ লগত লগ লাগি টৰণ্ট বিশ্ববিদ্যালয়ত এই বিষয়ে কাম আৰম্ভ কৰে। প্রফেছৰ মেকল’ডৰ ছাত্র আছিল চার্লছ বেষ্ট (CHARLES BEST) যাক তেওঁ বেণ্টিঙৰ লগত সহায়ৰ বাবে নিযুক্ত কৰে। মেকল’ডৰ পৰীক্ষাগাৰত হোৱা এই গৱেষণাতে চতুর্থজন সহায়ক হয় জেমছ ক’লিপ (JAMES COLLIP)। এই চাৰিওজনৰ প্ৰচেষ্টাত কৃত্রিমভাৱে ইনচুলিন তৈয়াৰ কৰা হয় আৰু ১৯২২ চনৰ ১ জানুৱাৰীত পৃথিৱীৰ প্রথম ইনচুলিনক প্রয়োগ কৰা হয় TYPE 1 ডায়েবেটিছৰ ৰোগী এজনক যাৰ নাম আছিল লিওনার্ড থমছন। ১৪ বছৰ বয়সীয়া এই ৰোগীজন, যি টৰণ্টৰ হস্পিতালত মৃত্যুৰ ক্ষণ গণি আছিল, তেওঁ এই ইনচুলিন দিয়াৰ পাছত চমৎকাৰভাৱে সুস্থ হৈ উঠিল। তেওঁৰ বাঢ়ি থকা ছুগাৰ কমি গ’ল আৰু হাড়ে-ছালে লাগি থকা দেহৰ ওজন বৃদ্ধি হ’বলৈ ললে। ২৭ বছৰ বয়সত অৱশ্যে লিওনার্ডৰ মৃত্যু হয়, কিন্তু তেওঁ আছিল প্রথমজন ৰোগী যি ইনচুলিনৰ দ্বাৰা সুস্থ হৈছিল। ডাঃ বেণ্টিঙে ইয়াৰ পাছত সেই সময়ত আমেৰিকান ৰোগী এলিজাবেথ গচ্ছেটক ইনচুলিন দিছিল আৰু এই মহিলাগৰাকীয়ে একেবাৰে অসুস্থ অৱস্থাৰ পৰা স্বাভাৱিক জীৱন লাভ কৰি বিয়া-বাৰু পাতি ৭৩ বছৰ জীয়াই আছিল। ইনচুলিনৰ আৱিষ্কাৰ আৰু প্ৰয়োগ আছিল কুৰি শতিকাৰ এক মেডিকেল মিৰাক’ল। ইয়াৰ বাবে ১৯২৩ চনত নৱেল বঁটা আগবঢ়োৱা হয় যুটীয়াভাৱে মেকল’ড আৰু বেণ্টিঙলৈ। কিন্তু ইনচুলিনৰ আৱিষ্কাৰৰ অৱদান আছিল গোটেইকেইজনৰে— মেকল’ডৰ গৱেষণাগাৰত পৰীক্ষাসমূহ হৈছিল, বেণ্টিং আৰু চাৰ্লছ বেষ্টে ইনচুলিনৰ তৈয়াৰ কৰিছিল আৰু তাক ব্যৱহাৰৰ বাবে উপযোগী কৰি পৰিশোধিত কৰিছিল ক’লিপে। আনকি পাছত এই গৱেষণাৰ কৃতিত্বৰ বাবে তেওঁলোকৰ মাজত ভালেমান মতভেদও হৈছিল। অৱশ্যে ইয়াৰ অন্ত পৰে শেষত আৰু মেকল’ডে তেওঁৰ নবেল বঁটাৰ পৰা পোৱা ধন ক’লিপৰ লগত ভাগ কৰি লয় আৰু বেণ্টিঙে তেওঁৰ ভাগৰখিনিৰ আধা দিয়ে চার্লছ বেষ্টক। যুগান্তকাৰী এই ইনচুলিন আৱিষ্কাৰৰ সবাতোকৈ মহৎ দিশটো হ’ল যে ইনচুলিনক পেটেণ্ট (PATENT) কৰা হোৱা নাছিল আৰু আৱিষ্কাৰকসকলে সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ ইয়াক মুক্ত কৰি দিছিল।
ইনচুলিনৰ পাছত ডায়েবেটিছৰ ইতিহাসত আৰু এটা উল্লেখযোগ্য ঘটনা হ’ল মুখেৰে খোৱা ঔষধৰ আৱিষ্কাৰ। TYPE 2 ডায়েবেটিছ প্ৰাৰম্ভিক পর্যায়ত আৰু পাছত বহুদিনলৈ টেবলেটেৰে নিয়ন্ত্রণ কৰিব পাৰি। জিন ষ্টার্নি-এ (JEAN STERNE) প্রথম METFORMIN-ৰ বিষয়ে গৱেষণা কৰে ১৯৫৭ চনত। এতিয়া ইয়েই হ’ল সবাতোকৈ বহুলভাৱে ব্যৱহৃত ডায়েবেটিছৰ ঔষধ। জিন ষ্টার্ণিয়ে মানুহৰ শৰীৰত ইয়াক প্রথমে ব্যৱহাৰ কৰিছিল, তেওঁৰ আগতে ১৯২৯ চনত SLOTTA আৰু TSCHESCHE-এ এন্দুৰত ইয়াৰ প্ৰয়োগ কৰি গ্লুকজ কমোৱাৰ কথা আৱিষ্কাৰ কৰিছিল। METFORMIN-ৰ উৎস হ’ল ফ্রেন্স লাইলাক ফুলৰ গছ (Galega officinalis)। তাৰ পাছত জিন ষ্টার্ণিয়ে যেতিয়া ইয়াক মানৱ দেহত ব্যৱহাৰ কৰিবলৈ ল’লে তেতিয়া তাৰ নাম দিলে GLUCOPHAGE যাৰ অৰ্থ হ’ল গ্লুকজক ভক্ষণ কৰা। METFORMINৰ পাছতেই বহুলভাৱে ব্যৱহাত ডায়েবেটিছৰ ঔষধ হ’ল ছালফনাইলইউৰিয়া (SULPHONYLUREA) শ্রেণীৰ ঔষধ। প্রফেছৰ M. J. JANBON-এ ফ্রান্সত টাইফয়ডৰ চিকিৎসাৰ ক্ষেত্ৰত ইয়াক অধ্যয়ন কৰি থাকোঁতে প্রথমে গ্লুকজ কমোৱা পৰিঘটনা দেখা পায়। পাছত বার্লিনত FRANK আৰু FUCHS-এ ইয়াক মানৱ শৰীৰত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে। তাৰ পাছৰ পৰা বর্তমান যুগলৈকে নতুন নতুন ঔষধৰ আৱিষ্কাৰ হৈছে আৰু ডায়েবেটিছৰ চিকিৎসাও উন্নত হৈ গৈ আছে। যিসকল মহৎ চিকিৎসক আৰু বিজ্ঞানীয়ে নীৰৱে কাম কৰি গৈছে লোকচক্ষুৰ আঁৰত, পৰীক্ষাগাৰত আৰু চিকিৎসালয়ত, যি অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ডায়েবেটিছৰ ঔষধসমূহ আৱিষ্কাৰ কৰিছে আৰু সেইবোৰৰ প্ৰয়োগেৰে ৰোগীক সুস্থ কৰিছে সেই সকলো খ্যাত-অখ্যাত ব্যক্তিসকল মানৱ সমাজৰ বাবে শ্রদ্ধা আৰু কৃতজ্ঞতাৰ পাত্র।
ডায়েবেটিছৰ উৎপত্তি আৰু শ্রেণী বিভাজন
শৰীৰৰ পাকস্থলীৰ পিছফালে থাকে অগ্ন্যাশয় বা PANCREAS। এই অগ্ন্যাশয় প্রায় ১২-১৫ ছে.মি. দীঘল হয়। ইয়াৰ সৰহ ভাগ স্থান জুৰি থাকে শৰীৰৰ পাচন ক্রিয়াত সহায় কৰা বিভিন্ন এনজাইম সৃষ্টি কৰা কোষ। মাত্র ৫% জুৰি থাকে ইনচুলিন হৰমনৰ সৃষ্টি কৰা ISLETS OF LANGERHANS। আঙুৰৰ দৰে আকৃতিৰ কোষৰ এই সমষ্টিক আৱিষ্কাৰ কৰিছিল বিখ্যাত জার্মান চিকিৎসক পল লেগাংৰহেনচে (PAUL LANGERHANS)। এই ISLETS OF LANGERHANS-ৰে এবিধ বিশেষ কোষ হ’ল বিটা কোষ (Beta Cell)। বিটা কোষতে সৃষ্টি হয় শৰীৰত গ্লুকজৰ মাত্রা নিয়ন্ত্রণ কৰা ইনচুলিন। কোষৰ সমষ্টি এই ISLET-সমূহ অগ্ন্যাশয়ত প্রায় এক মিলিয়ন থাকে আৰু ইয়াৰে ৭৫ শতাংশ কোষেই হ’ল বিটা কোষ। বাকী ২৫ শতাংশ আলফা, ডেল্টা (DELTA) আৰু PP কোষ থাকে। তলৰ চিত্ৰত এইখিনি কথা বেছি স্পষ্টকৈ বুজিব পৰা হ’ব।
ইনচুলিন হ’ল এবিধ হৰমন। হৰমন বুলিলে সেই শ্ৰেণীৰ পদার্থক বুজা যায় যি নিজৰ সৃষ্টিৰ উৎসৰ পৰা দূৰৰ বিভিন্ন ঠাইলৈ গৈ নিজৰ কাম কৰে। ইনচুলিন বিটা কোষত সৃষ্টি হৈ ৰক্তপ্রবাহত ভাঁহি যায় আৰু লিভাৰ, মাংসপেশী আৰু চর্বীত থকা কোষবোৰত ক্রিয়া কৰে। ইনচুলিনৰ গঠনত দুডাল CHAIN বা গাঁথনি থাকে— A আৰু B। A CHAIN-ত ২১ টা এমিন এচিড আৰু B CHAIN-ত ৩০ টা এমিনএচিড থাকে।
ইনচুলিনে কাম কৰে ইয়াৰ RECEPTOR-ৰ যোগেৰে। এই RECEPTORসমূহ কোষত থাকে। ইনচুলিনে ইয়াৰ লগত সংলগ্ন হোৱাৰ পাছত বহু জটিল ৰাসায়নিক ক্রিয়া সংঘটিত হয় আৰু দেহত গ্লুকজৰ ব্যৱহাৰ হয়।
গতিকে দেখা যায় যে ইনচুলিন অবিহনে দেহৰ কোষৰ ভিতৰলৈ গ্লুকজৰ প্ৰৱেশ নহয় আৰু ফলত তেজত গ্লুকজ অব্যৱহৃত হৈ উপঙি থাকে। এই গ্লুকজৰ আধিক্যই হ’ল মধুমেহ বা ডায়েবেটিছ ৰোগ। এই ৰোগৰ আৰম্ভণি দুই প্রকাৰে হয়। প্রথমবিধ ইনচুলিনৰ সৃষ্টিৰ উৎস বিটা কোষসমূহ সম্পূর্ণৰূপে ধ্বংসপ্রাপ্ত হয়। ফলত ততালিকে দেহত গ্লুকজ বাঢ়ি গৈ কেতিয়াবা জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি কৰে য’ত উপযুক্ত সময়ত বাহিৰৰ পৰা ইনচুলিনৰ যোগান নেপালে জীৱনৰ সংশয় হ’ব পাৰে। এয়াই হ’ল TYPE 1 ডায়েবেটিছ বা মধুমেহ ৰোগ। TYPE 1-ৰ আৱিৰ্ভাৱ প্রায় অতি কম সময়ৰ ভিতৰতে হয় আৰু ইনচুলিনৰ অবিহনে এই শ্ৰেণীৰ ৰোগীৰ জীৱন সম্ভৱ নহয়। সাধাৰণতে কম বয়সতে দেখা দিয়া এই জটিল ৰোগৰ চিকিৎসাও সহজ নহয়। আনহাতে TYPE 2 ডায়েবেটিছ বা মধুমেহ ৰোগ অলপ দেৰিকৈ প্রাপ্তবয়স্ক লোকৰ ৩৫ পৰা ৪০ বছৰ বয়সৰ ভিতৰত দেখা দিয়ে আৰু ইয়াৰ গতি মন্থৰ হয়। পৰীক্ষা নকৰিলে বহু সময়ত ই মনে মনে থাকে আৰু ফুটি নুঠে। এইবিধ ৰোগত ইনচুলিনৰ সম্পূর্ণ অভাৱ নঘটে। বিটা কোষসমূহত তৈয়াৰ হোৱা ইনচুলিন নিজৰ লক্ষ্যস্থান ইনচুলিন Receptor সমূহত কাম কৰিব নোৱাৰে আৰু এই স্থানসমূহত ইনচুলিনৰ প্ৰতিৰোধ বা Resistance-ৰ সৃষ্টি হয়। ফলত এই প্রতিৰোধ ভেদ কৰিবলৈ বিটা কোষসমূহ অধিক পৰিমাণৰ ইনচুলিনৰ তৈয়াৰ কৰিবলৈ লয় আৰু এই প্রক্রিয়াত শেষত গৈ লাহে লাহে নিজৰ কার্যক্ষমতা হেৰুৱাই পেলায়। বংশগত কাৰণ, মেদবহুলতা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আদিয়েই হ’ল ইনচুলিন Resistance-ৰ কাৰণ। গতিকে যি ব্যক্তিৰ ওজন বেছি, যি শাৰীৰিক পৰিশ্ৰম নকৰে বা পৰিয়ালত যাৰ ডায়েবেটিছ ৰোগ আছে তেওঁলোকৰ এই ৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। অন্যহাতে প্রথমবিধ অর্থাৎ TYPE 1-ত এবিধ স্বতন্ত্র স্বধ্বংসী প্রক্রিয়াৰে, যাক বৈজ্ঞানিক ভাষাত Autoimmune বুলি কোৱা হয়, এই প্রক্রিয়াত বিটা কোষসমূহ সম্পূর্ণৰূপে ধ্বংসপ্রাপ্ত হয়। ইয়াৰ কাৰণসমূহ ভালকৈ এতিয়াও বুজিব পৰা হোৱা নাই যদিও MUMPS, COXSACKIE আদি ভাইৰাছৰ আক্রমণ, আইচলেণ্ড আদি দেশত ধোঁৱাত সিজোৱা মাংস (SMOKED) খোৱাৰ প্রথা আদি কিছু কাৰকৰ বিষয়ে জনা গৈছে। কম বয়সতে গৰুৰ গাখীৰ খালেও TYPE 1 ডায়েবেটিছ হয় বুলিও বিতর্কিত মতবাদ এটা আছে। থোৰতে ক’বলৈ গলে TYPE 1 হ’ল এক প্রক্রিয়াৰ ফল য’ত বাহিৰৰ পৰা নিয়ন্ত্রণ কম থাকে। আনহাতে TYPE 2 হ’ল বংশগত প্রভাৱৰ লগতে জীৱনশৈলীৰ ওপৰত নিৰ্ভৰশীল আৰু ব্যক্তি এজনৰ নিজৰো এই ৰোগৰ উৎপত্তি আৰু চিকিৎসাত ভালেখিনি যোগদান থাকে।
গৰ্ভৱতী অৱস্থাত নতুনকৈ ডায়েবেটিছ হোৱাও দেখা যায়। এইবিধ ডায়েবেটিছক Gestational Diabetes Mellitus বুলি কোৱা হয়। ১০-১৪% মহিলাৰ গৰ্ভৱতী হোৱাৰ সময়ত GDM হ’ব পাৰে। এই সময়ত ওজন বেছিকৈ হোৱা, বিভিন্ন হৰমনৰ তাৰতম্য, বংশগতভাৱে ডায়েবেটিছ থকা আদি কাৰকৰ বাবে গ্লুকজৰ মাত্রা বেছি হয়। গৰ্ভাৱস্থাৰ দ্বিতীয় বা তৃতীয় ভাগত সাধাৰণতে এইবিধ ডায়েবেটিছ ৰোগ ধৰা পৰে।
ইয়াৰ উপৰিও আৰু কেতবোৰ বিশেষ কাৰণত ডায়েবেটিছ ৰোগ হ’ব পাৰে। যেনে, Steroid আদি দৰৱৰ ব্যৱহাৰ, কিড্নী সংস্থাপনৰ পাছত বা কিছু জেনেটিক কাৰণ যেনে MODY নামৰ বিশেষ ভাগৰ বংশগত ডায়েবেটিছ আদি।
ডায়েবেটিছৰ ডায়েগনছিছ
ডায়েবেটিছ বা মধুমেহ ৰোগৰ ডায়েগনছিছ বা নির্ধাৰণৰ বাবে খালী পেটৰ গ্লুকজৰ মাত্রা, খোৱাৰ ২ ঘণ্টা সময়ত গ্লুকজৰ মাত্ৰা আৰু গ্লাইকছিলেটেড হিম’গ্লবিন (GLYCOSYLATED HAEMOGOBIN) বা HbA1c এইখিনিৰ ওপৰত ভিত্তি কৰি কৰা হয়।
এই ডায়েবেটিছ নিৰ্দ্ধাৰণৰ সংজ্ঞাসমূহ তলত দিয়া ধৰণে কৰা হয়:-
(ক) FPG (Fasting Plasma Glucose) ≥ 126 মি.গ্রা./ডে.লি.
(খ) 2 hour PG (2 hour plasma glucose), যেতিয়া ৭৫ গ্রাম গ্লুকজ খাই কৰা হয় ≥ 2 200 মি.গ্রা./ডে.লি.
(গ) HbA1c ≥ ৬.৫%
(ঘ) গ্লকজৰ মাত্রা তেজত অতি বেছিকৈ থকাৰ লক্ষণ যেনে অতি বেছিকৈ পিয়াহ লগা বা প্রস্রাৱ কৰা, ওজন হ্রাস আদিৰ লগতে যিকোনো সময়ত খোৱাৰ লগত সম্বন্ধ নথকাকৈ কৰা RANDOM PLASMA GLUCOSE (RBS) যদি ২০০ মি.গ্রা./ডে.লি. বা তাতোকৈ বেছি থাকে তেতিয়াও মধুমেহ বা ডায়েবেটিছৰ সংজ্ঞা দিয়া হয়।
(ঘ)-ৰ ধৰণে ডায়েবেটিছৰ লক্ষণ অতি স্পষ্ট হ’লে আৰু লগতে গ্লুকজৰ মাত্রা ২০০ মি.গ্রা./ডে.লি.ৰ বেছি হ’লে ডায়েবেটিছৰ নিৰ্দ্ধাৰণ নিশ্চিত হয়। অন্য ক্ষেত্ৰত ৰোগৰ নিৰূপণৰ বাবে (ক), (খ) বা (গ) যিকোনাো এটা প্রয়োজন। কিন্তু অকল এবাৰ তেজৰ নমুনাতে ৰোগৰ সংজ্ঞা নিশ্চিত নহয়। একেটা নমুনাতে বা বেলেগ নমুনাত দুবাৰ এনে ফলাফল পালেহে ৰোগ আছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে কোনো ব্যক্তিৰ যদি HbA1c ৭% যদি পোৱা হয় আৰু আকৌ দ্বিতীয়বাৰ পৰীক্ষাত তাক ৬.৮% পায় তেন্তে ৰোগৰ সিদ্ধান্ত নিশ্চিত হয়। (ক), (খ) আৰু (গ) তিনিওটাই ডায়েবেটিছৰ সংজ্ঞাৰ বাবে সমানেই শক্তিশালী হয়। যদি একোজন ব্যক্তিৰ ইয়াৰে যিকোনো দুটা পোৱা যায় তেতিয়াও ৰোগৰ নিশ্চয়তা হয়। উদাহৰণস্বৰূপে যদি এজন লোকৰ FPG 150 মি.গ্রা./ডে.লি. আৰু 2 hours PG ২৬০ মি.গ্রা./ডে.লি. হয় তেন্তে তেওঁৰ যে ডায়েবেটিছ ৰোগ হৈছে সেয়া প্রমাণিত হয়।
GLYCOSYLATED HAEMOGLOBIN বা HbA1c-ৰ বিষয়ে অলপ বহলাই কোৱা প্রয়োজন হ’ব। এই পৰীক্ষাই মুঠ তিনিমাহৰ তেজত থকা গ্লুকজৰ পৰিমাণৰ গড় হিচাপ এটা দিয়ে। হিম’গ্লবিন A-ৰ লগত গ্লুকজ সংযুক্ত হৈ HbA1c হয়। এই সংযুক্ত হোৱা প্ৰক্ৰিয়াটোক NON ENZYMATIC GLYCATION বুলি কোৱা হয়। তেজত গ্লুকজৰ পৰিমাণ যিমানে বেছি হ’ব সিমানে HbA1c-ও বেছি হ’ব। যিহেতু ই যোৱা তিনি মাহৰ হিচাপ দিয়ে গতিকে একোটা মাহত থকা গ্লুকজৰ পৰিমাণৰ ভাগ এনেধৰণৰ হয়—প্রথম মাহৰ গ্লুকজৰ ৫০%, দ্বিতীয় মাহৰ ৪০% আৰু তৃতীয় মাহৰ ১০%। পৰীক্ষা কৰা মাহটোক প্রথম মাহ আৰু তাৰ আগৰকেইটা মাহক দ্বিতীয় আৰু তৃতীয় মাহ বুলি ক্রমান্বয়ে ধৰা হয়। এই HbA1c-ৰ পৰা এটা বিশেষ মাত্রাৰ Estimated AVERAGE GLUCOSE (eAG) নিৰ্ধাৰণ কৰা হয়। পৰীক্ষাগাৰৰ পৰা দিয়া HbA1c-ৰ ফলাফলৰ তলত এই eAG দেখা পাব।
ডায়েবেটিছৰ সংজ্ঞা নিৰূপণ আৰু চিকিৎসা উভয়তে HbA1cৰ ব্যৱহাৰ হয়। HbA1c যদি ৫.৭% আৰু ৬.৪%ৰ ভিতৰত হয় তেন্তে এই অৱস্থাক কোৱা হয় PREDIABETES বা ডায়েবেটিছৰ প্ৰাৰম্ভিক অৱস্থা আৰু ৬.৫% বা তাৰ ওপৰত হ’লে মধুমেহ বা ডায়েবেটিছ । চিকিৎসা কৰোঁতে একোজন ৰোগীৰ HbA1c ৭%-ৰ তলত ৰাখিবলৈ চেষ্টা কৰা হয়। এই বিষয়ে পাছত আকৌ আলোচনা কৰা হ’ব।
কিছু ক্ষেত্ৰত HbA1c-ৰ নিৰূপণ সঠিক নহয়। গৰ্ভৱতী অৱস্থাত, বৃক্কৰ অসুখত ভোগা বা হিম’গ্লবিন কম থকা আৰু HbE বা তা তেনেধৰণৰ হিমগ্লবিন’পাথি (Hemoglobinopathy) থকা ব্যক্তিৰ ক্ষেত্ৰত সঠিক ফলাফল দেখা নিদিয়ে। আমাৰ অসমত বহুলোকৰ হিমগ্লবিন E Type-ৰ হোৱা বাবে HbA1c নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লগা হয়।
ডায়েবেটিছৰ সংজ্ঞাৰ বিষয়লৈ পুনৰ ঘূৰি আহি এই কথা আলোচনা কৰিব লাগিব যে GDM বা গৰ্ভৱতী অৱস্থাত ডায়েবেটিছ হৈছে বুলি কেনেকৈ গম পাব? গৰ্ভৱতী মহিলাৰ প্ৰথম পৰীক্ষাৰ সময়তে খাদ্য খালেও বা নেখালেও ৭৫ গ্রাম গ্লুকজ প্রায় ৩০০ মি.লি. পানীত মিহলাই খাবলৈ দি ২ ঘণ্টাত গ্লুকজৰ মাত্রা ১৪০ মি.গ্রা./ডে.লি.-ৰ অধিক হলে GDM বুলি কোৱা হয়। প্রথমবাৰ এইদৰে পৰীক্ষা কৰোঁতে গ্রুকজৰ মাত্রা কম (<১৪০ মি.গ্রা/ডে.লি.) হ’লে ২৪-২৮ সপ্তাহৰ গৰ্ভাৱস্থাত আকৌ পৰীক্ষা কৰা হয়। GDM-ৰ বাবে এই পদ্ধতি আমাৰ ভাৰতত কৰা হয়। তদুপৰি ADA বা আমেৰিকান ডায়েবেটিছ এছচিয়েছনে আৰু এটা নিয়মত পৰীক্ষা কৰিবলৈ কয় যাক IADPSG CONSENSUS বুলি কোৱা হয়। ইয়াত মহিলাগৰাকীক খালী পেটত ৭৫ গ্রাম গ্লুকজ পানীত মিহলাই খাবলৈ দিয়া হয় খালী পেটত তেজৰ নমুনা লোৱাৰ পাছত। গ্লকজ খোৱাৰ ১ ঘণ্টা আৰু ২ ঘণ্টাৰ পাছত ক্রমান্বয়ে তেজৰ নমুনা লোৱা হয়। খালী পেটৰ গ্লুকজ যদি ৯২ মি.গ্রা./ডে.লিৰ ওপৰৰ হয় আৰু ১ ঘণ্টা আৰু ২ ঘণ্টা পাছৰ গ্লুকজৰ পৰিমাণ যদি ক্রমান্বয়ে ১৮৩ মি.গ্রা./ডে.লি আৰু ১৫৩ মি.গ্রা./ডে.লিৰ ওপৰৰ হয় তেনে GDM-ৰ সংজ্ঞাত পৰে। এই তিনিটা তেজৰ নমুনাৰ যিকোনো এটাতে গ্লুকজৰ পৰিমাণ নির্ধাৰিত মাত্ৰাতকৈ বেছি হ’লে GDM বুলি কোৱা হয়।
(মূল পুথিখন ইউনিকোডলৈ ৰূপান্তৰ কৰিছে “মুক্ত চিন্তা”-ৰ মুখ্য সম্পাদকে। চিত্ৰসমূহ ইণ্টাৰনেটত পোৱা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। গ্ৰন্থখনিৰ পাছৰ অংশ পৰৱৰ্তী সংখ্যাত প্ৰকাশ পাব)