নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ডায়েবেটিছ ৰোগৰ হাতপুথি (সপ্তম অংশ)— (ডা: কুঞ্জন শইকীয়া)

ডায়েবেটিছ ৰোগৰ চিকিৎসাত প্ৰযুক্তিৰ প্ৰয়োগ

কাৰিকৰী উন্নতিৰ প্ৰয়োগ ডায়েবেটিছ ৰোগৰ চিকিৎসাত ক্ৰমাগতভাৱে বেছিকৈ কৰা হৈছে। ইনচুলিন দিয়াৰ বাবে নতুন কাৰিকৰী দিশৰ উন্নত PEN বা কলম আৰু ছুগাৰ ঘৰতে বা নিজে জুখিবলৈ GLUCOMETER-ৰ ব্যৱহাৰ বহুলভাৱে হৈছেই। তাৰ লগতে নতুনকৈ আহিছে আঙুলিৰ মূৰত বাৰে বাৰে নোখোচাকৈ তেজত গ্লুকজৰ পৰিমাণ প্রায় বিৰতি নোহোৱাকৈ নিৰ্ধাৰণ কৰিব পৰা CONTINUOUS MONITORING SYSTEM (CGM) আৰু ক্ৰমান্বয়ে উন্নত হৈ অহা ইনচুলিন পাম্প (INSULIN PUMP); যাৰ ব্যৱহাৰৰ দ্বাৰা ইনচুলিনক বেজীৰ ৰূপত দিয়াৰ পদ্ধতিৰ বিকল্প হিচাপে বিচৰা হৈছে।

GLUCOMETER বা GLUCOSE METER এবিধ সৰু যন্ত্ৰ যাৰ প্ৰয়োগেৰে আঙুলিৰ মূৰত গ্লুকজৰ পৰিমাণ চাব পাৰি। এই যন্ত্র বা মিটাৰৰ লগত থাকে Test Strip আৰু LANCET। Test Strip-ডাল মিটাৰটোৰ তললৈ বা ওপৰৰ ফালে থকা এটা বিন্ধাত ভৰাই ল’ব লাগে। LANCET-ৰ প্ৰয়োগেৰে আঙুলিৰ মূৰত বিন্ধি তেজৰ টোপাল উলিয়াই লোৱা হয়। LANCET হ’ল সহজভাৱে ক’বলৈ গ’লে বেজীটো যাক কলম আকৃতিৰ LANCET PEN-ত ভৰাই লোৱা হয়। আঙুলিৰ মূৰত লোৱা এই তেজৰ টোপাল Test Strip-ডালৰ ওপৰত দিলে মিটাৰটোৰ স্ক্ৰীনত গ্লুকজৰ মাত্ৰা ভাঁহি উঠে। এনেদৰে গ্লুকজৰ মাত্ৰা Glucometer-ৰ পৰা গম পাব পাৰি। Glucometer-এ কাম কৰে ইলেক্‌ট্র-কেমিকেল প্ৰযুক্তিৰ আধাৰত। Test Strip-ৰ মূৰত দিয়া তেজৰ টোপালে Strip-ত থকা এটা এনজাইম Glucose OXIDASE-ৰ লগত বিক্রিয়া কৰে। এই বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা Ferrocyanide-ৰ লগত গ্লুকমিটাৰেৰে উৎপন্ন কৰা এটা বৈদ্যুতিক প্ৰৱাহৰ সংযোগ ঘটে আৰু তেজৰ টোপালত থকা গ্লুকজৰ পৰিমাণ তেতিয়া গ্লুকমিটাৰৰ স্ক্ৰীনত দেখা পোৱা যায়।

গ্লুকমিটাৰ ব্যৱহাৰ কৰা ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত প্ৰায়েই এই কথা শুনা যায় যে এই মিটাৰবোৰে সঠিক ফলাফল নিদিয়ে আৰু লেবৰেটৰীত কৰা ৰিপৰ্টৰ লগত গ্লুকমিটাৰৰ বহু পার্থক্য থাকে। কিন্তু আচল কথাটো হ’ল যে গ্লুকমিটাৰত পৰীক্ষা কৰা তেজ হ’ল Whole Blood আৰু ইয়াত থকা গ্লুকজৰ পৰিমাণ লেবৰেটৰীত কৰা Plasma-ৰ গ্লুকজতকৈ ১০-১৫% কম। তাৰ মানে গ্লুকমিটাৰ লেবৰেটৰীতকৈ ১০-১৫% কমকৈ গ্লুকজৰ মাত্ৰা দেখুৱায়। এই হিচাপটো কৰি লৈ গ্লুকজৰ মাত্ৰা গম পাব পাৰি। গ্লুকমিটাৰ ডায়েবেটিছৰ চিকিৎসাৰ অপৰিহাৰ্য অংশ। বিশেষকৈ ইনচুলিন ব্যৱহাৰ কৰি থকা ৰোগীৰ বাবে—যিয়ে দিনত কেইবাবাৰো গ্লুকজৰ পৰীক্ষা কৰিব লগা হয়। আজিকালি বহু নতুন গ্লুকমিটাৰ ওলাইছে যি Whole Blood-ৰ গ্লুকজৰ মাত্ৰাক নিজে Plasma Glucose-লৈ ৰূপান্তৰিত কৰি গ্লুকজৰ মাত্ৰা দেখুৱাব পাৰে।

গ্লুকমিটাৰৰ সঠিক ব্যৱহাৰৰ বাবে সদায় সেই মিটাৰৰ লগত অহা ব্যৱহাৰৰ নিৰ্দেশনা ভালদৰে পঢ়ি ল’ব লাগে। গ্লুকমিটাৰৰ বেটেৰী নিয়মীয়াভাৱে সলনি কৰিব লাগে। যিবোৰ Test Strip ব্যৱহাৰ কৰা হয় সিহঁতৰো যতন লোৱা দৰকাৰ। বহু Test Strip-ৰ একেটা Code থাকে যাক ব্যৱহাৰৰ আগে আগে মিলাই ল’ব লাগে। Strip-বোৰক ঢাকনি মাৰি বতাহৰ পৰা আঁতৰাই থোৱা ভাল। তলত দিয়া ধৰণে পৰিপাটিকৈ গ্লুকমিটাৰৰ পৰীক্ষাৰ বাবে আগবাঢ়িব লাগে—
(ক) হাত দুখন ভালদৰে চাবোনেৰে ধুই ল’ব লাগে বা এলকহলৰ পেডেৰে চাফা কৰিব লাগে।
(খ) আঙুলিৰ মূৰ এলকহলৰ পেডেৰে চাফা কৰি ল’ব লাগে। এলকহলখিনি তাৰ পাছত শুকাবলৈ দিয়া উচিত।
(গ) আঙুলিৰ মূৰত LANCET-ৰে বিন্ধিব লাগে। এই জেগাডোখৰ হ’ল আঙুলিৰ মূৰৰ দাঁতিত, নখৰ গুৰিৰ পৰা আগলৈ পিছফালৰ ঠাইডোখৰ।
(ঘ) তেজৰ টোপাল মিটাৰত থকা Test Strip-ত দিব লাগে।
(ঙ) এলকহলৰ পেডেৰে আঙুলিৰ মূৰৰ বিন্ধা ঠাইডোখৰ চাফা কৰি পেলোৱা উচিত।
ডায়েবেটিছৰ ৰোগীসকলে ঘৰত এই গ্লুকমিটাৰৰ সঠিক ব্যৱহাৰেৰে গ্লুকজৰ মাত্ৰাৰ ওপৰত লক্ষ্য ৰাখি সুফল পাব পাৰে।

Continuous Glucose Monitoring (CGM) হ’ল এনে এবিধ সঁজুলি যি এটা Sensor আৰু এটা Transmiter ব্যৱহাৰ কৰে। SENSOR-টো ছালৰ তলত সৰু বেজী এটাৰে লগাই দিয়া হয়। সাধাৰণতে পেটত বা হাতত এই SENSOR-টো লগাই দিয়া হয়। SENSOR-ৰ লগত TRANSMITTER-টো থাকে যি এটা ৰিছিভাৰলৈ গ্লুকজৰ তথ্যসমূহ প্ৰেৰণ কৰে আৰু সেই ৰিছিভাৰৰ দ্বাৰা এই গ্লুকজৰ মাত্রাসমূহ গম পোৱা যায়। CGM-এ এই তথ্য আজিকালি টেবলেট বা স্মার্টফোনতো প্ৰেৰণ কৰিব পাৰে। এই তথ্যসমূহে শৰীৰৰ গ্লুকজৰ বিষয়ে নিৰৱচ্ছিন্নভাৱে জনাই থাকে আৰু কিছুমান CGM-এ গ্লুকজ বঢ়া বা কমাৰ এলাৰ্মো দিব পাৰে যাতে ৰোগীয়ে তাৎক্ষণিকভাৱে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হয়। CGM-এ গ্লুকমিটাৰৰ কেইবাবাৰো নিজকে আঙুলিৰ মূৰত বিন্ধিব লগা অসুবিধাৰ পৰা ৰেহাই দিয়ে। তথাপিও CGM-ৰ মেছিনক গ্লুকমিটাৰৰ লগত মিলাই পৰীক্ষা কৰিব লাগে যাতে CGM-এ সঠিকভাৱে কাম কৰি আছে নে নাই সেই কথা গম পোৱা যায়। CGM-ৰ SENSOR-ক প্ৰত্যেক ৩-ৰ পৰা ৭ দিনৰ মূৰে মূৰে সলনি কৰি থাকিব লাগে। CGM-সমূহ খৰছী হয় আৰু ইহঁতৰ ব্যয় গ্লুকমিটাৰতকৈ বেছি। ইয়াৰ মুখ্য সুবিধা হ’ল এজন ৰোগীৰ গোটেই দিনটোৰ বা কেইবাদিনৰো বিভিন্ন সময়ত শৰীৰৰ গ্লুকজৰ মাত্ৰাৰ বিষয়ে এটা সম্পূর্ণ তথ্য লাভ কৰা। এইদৰে আহৰণ কৰা তথ্যই যিসকল TYPE 1 ডায়েবেটিছ ৰোগী বা যি দিনে কেইবাবাৰো ইনচুলিন ব্যৱহাৰ কৰি আছে—তেওঁলোকৰ বাবে ইনচুলিনৰ পৰিমাণ নির্ণয় কৰাত আৰু গ্লুকজৰ মাত্ৰাক নিয়মীয়া কৰি ৰখাত সহায়ক হয়। CGM-ৰ ব্যৱহাৰ বেছিকৈ হ’বলৈ লোৱাত এতিয়া HbA1c-ৰ লগতে গ্লুকজ নিয়ন্ত্রণৰ আৰু এটা মাপকাঠী ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে যাক কোৱা হয় গ্লুকজৰ TIME IN RANGE (TIR)। TIR হ’ল এজন ৰোগীয়ে গ্লুকজৰ যি আদর্শ মাত্ৰা (৭০ ৰ পৰা ১৮০ মি.গ্রা/ডে.লি) তাৰ ভিতৰত কিমান সময় নিজৰ গ্লুকজৰ মাত্ৰাক ৰাখিব পাৰিছে তাৰ এটা হিচাব। HbA1c বা গ্লাইকছিলেটেড হিমগ্লবিনৰ লগত TIR এটা নতুন মাপকাঠী হিচাপে CGM-এ এনেদৰে লৈ আহিছে।

INSULIN PUMP হ’ল এনে এবিধ সঁজুলি যি নিৰৱচ্ছিন্নভাৱে শৰীৰক ইনচুলিনৰ যোগান ধৰে। গ্লুকমিটাৰৰ দৰে আকৃতিৰ এই যন্ত্ৰক এডাল টিউবেৰে আৰু সৰু বেজী এটাৰে শৰীৰত লগাই ৰখা হয়। এই PUMP-বোৰৰ ক্ৰমাগতভাৱে উন্নতি হৈ আহিছে। কিছুমান পাম্পত ৰোগীয়ে নিজে ইনচুলিনৰ ল’বলগীয়া পৰিমাণ মিলাই ল’ব লাগে। আনবোৰ যি নতুন কাৰিকৰী প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছে সেয়া হ’ল AID (AUTOMATED INSULIN DELIVERY)। এইধৰণৰ পাম্পে নিজে গ্লুকজৰ মাত্ৰাৰ কথা গম পাব পাৰে ইয়াৰ লগত থকা CGM SENSOR জৰিয়তে আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় ইনচুলিন নিজেই গণনা কৰি যোগান ধৰিব পাৰে। দিনক-দিনে এই বিষয়ে নতুন গৱেষণা হৈ আছে আৰু ভৱিষ্যতে ইয়াৰ অভাৱনীয়ভাৱে উন্নতি হ’ব পাৰে। এনে যন্ত্ৰই মানুহৰ নিজৰ প্ৰাকৃতিক অগ্নাশয় বা PANCREAS-ৰ দৰে কাম কৰে বাবে ইহঁতক কৃত্রিম অগ্নাশয় বা ARTIFICIAL PANCREAS বুলি কোৱা হয়। ভৱিষ্যতৰ বিজ্ঞানৰ জয়যাত্রাই এই ARTIFICIAL PANCREAS-ৰ উন্নতি সাধনেৰে TYPE 1-ৰ ৰোগীক ইনচুলিনৰ খোচৰ পৰা মুক্তি দিব পাৰে। এই কথা সকলো TYPE 1 ডায়েবেটিছ ৰোগীয়ে জনা উচিত যে ইনচুলিন পাম্পক বর্তমান সকলো এনে ৰোগীৰ ব্যৱহাৰ বাবে মুকলি কৰি দিয়া হৈছে, যি ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতিক বুজি লৈ ইনচুলিনৰ বেজীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে। এই AID-বোৰ ব্যয়বহুল হয়, কিন্তু বাৰে বাৰে আঙুলিৰ মূৰত বিন্ধি গ্লুকজ চাই থকা আৰু ইনচুলিনৰ বেজীৰ খোচৰ পৰা ই অব্যাহতি দিয়ে। ছুগাৰ কম বা বেছি হোৱাৰ এলাৰ্ম, ইনচুলিনৰ পৰিমাণৰ স্বয়ংক্রিয় গণনা আদিৰ সুবিধাই এই AID-বোৰক ভৱিষ্যতে যে ডায়েবেটিছ ৰোগীৰ চিকিৎসাৰ অন্যতম আহিলা কৰি তুলিব তাৰ সম্ভাৱনা খুব বেছি।

Leave a Reply

Your email address will not be published. Required fields are marked *