ড০ প্ৰফুল্ল মহন্ত: এক বিৰল ব্যক্তিত্বলৈ শ্ৰদ্ধাঞ্জলি (প্ৰণৱজ্যোতি ডেকা)
বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্ৰফুল্ল কুমাৰ মহন্তৰ পৰলোকপ্ৰাপ্তি অসমৰ বাবে এক ডাঙৰ আঘাত। বিপথে যোৱা অসমীয়া সমাজখনৰ দুৰাৱস্থা দেখি তেখেত মৰ্মাহত হৈছিল। ফোনত প্ৰায়ে এই বিষয়টোৰ ওপৰত আলোচনা হৈছিল। কাকতত মোৰ লেখা প্ৰকাশ হলেই সদায় প্ৰথম ফোনটো আহিছিল ছাৰৰ পৰা। কথা ক’ব নোৱাৰে, বহু কষ্ট কৰি ক’বলগীয়া হয়। “অসমীয়া মধ্যবিত্তৰ ইতিহাস”, “হিন্দুত্ববাদ-বর্ণবাদবিভক্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্রত জনজাতীয় চেতনা”, “সমাজ নায়ক শংকৰদেৱ” আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ।
বিশিষ্ট সংবাদিকদ্বয় অজিত কুমাৰ ভূঞা আৰু জিতেন্দ্ৰলাল শৰ্মাৰ দ্বাৰা সম্পাদিত, পূৰ্বাঞ্চল প্রকাশৰ দ্বাৰা প্ৰকাশিত “ড০ প্ৰফুল্ল মহন্ত : জীৱন আৰু অন্বেষণ” নামৰ গ্ৰন্থখনি প্ৰকাশ হৈ ওলাইছে। ৫৯গৰাকী বিশিষ্ট লেখক-সাহিত্যিকে ড০ মহন্তৰ জীৱন আৰু সাহিত্যৰ বিষয়ে যি আলোচনা কৰিছে, গ্ৰন্থখন অধ্যয়নৰ মাজেৰে পাঠক সকলে ড০ প্ৰফুল্ল মহন্তদেৱৰ সংগ্ৰামী জীৱন, সাহিত্য আৰু অসমৰ জাতি জনজাতিৰ গঠন আৰু ইতিহাসৰ পৰিচয় লাভ কৰিব।
অসমৰ মিশ্ৰিত সমাজ-সংস্কৃতিত বিভাজন আহিলেই ড০ প্ৰফুল্ল মহন্তই সাহসেৰে কলম তুলি লৈছিল আৰু অসমৰ বৌদ্ধিক জগতখনক সকিয়াই দিছিল। বিশেষকৈ অসমৰ তথাকথিত বৰ্ণহিন্দু সমাজখনে জনজাতীয় লোকসকলক কৰা অৱহেলা আৰু ৰাজ্যখনত হিন্দুত্বৰ দ্রুত উত্থান দেখি ড০ মহন্ত মৰ্মাহত হৈ পৰিছিল কিন্তু তেখেতে চলাই থকা বৌদ্ধিক সংগ্রামখন কেতিয়াও দুৰ্বল হ’বলৈ এৰি দিয়া নাছিল। মৃত্যুৰ কিছুদিন আগলৈকে তেখেতে সাহিত্যচৰ্চা চলাই গৈছিল।
১৯৯৪ চনত তেওঁ মৰিয়নি কলেজৰ অধ্যাপকৰ চাকৰিৰ পৰা পদত্যাগ কৰি সেই বছৰেই আনন্দৰাম ভাষা কলা সংস্কৃতি কেন্দ্ৰত (আবিলাক) যোগদান কৰে একমাত্ৰ ভাষা সংস্কৃতিৰ সেৱা কৰাৰ তাগিদাত।
পুৰণি সমাজ ভাঙি নতুন সমাজৰ সপোন দেখা এইগৰাকী বিশিষ্ট সমাজ-বিজ্ঞানীয়ে হয়তো মধ্যবিত্ত শ্ৰেণীৰ চৰিত্ৰ মজ্জাই মজ্জাই বুজি পাইছিল বাবেই মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস চৰ্চাত মনোনিবেশ কৰিলে। “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস” গ্ৰন্থৰ মাজেৰে ড° মহন্তই অসমীয়া জাতি গঠন আৰু অসমীয়া বিদ্বৎ সমাজৰ চিন্তাৰ বিৱৰ্তনৰ ৰূপৰেখা তাৎপৰ্যপূৰ্ণভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে অসমীয়া মানুহৰ ৰাজনৈতিক চিন্তা-চেতনাৰ বিৱৰ্তনৰ নিৰ্মোহ খতিয়ান দিবলৈকো তেওঁ যত্নৰ কৰা নাই। এক কথাত ক’বলৈ গ’লে “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস” অসমীয়া সাহিত্যৰ ভঁৰালত এক শ্ৰেষ্ঠ সম্পদ, যিখন গ্ৰন্থৰ বাবে ড০ মহন্ত চিৰদিন গৱেষক-ছাত্ৰ আৰু চিন্তাশীল পাঠকৰ মাজত জীয়াই থাকিব। ড০ মহন্তৰ দৰে এগৰাকী উচ্চ পৰ্যায়ৰ লেখক সাহিত্য অকাডেমীৰ দৃষ্টিৰ বাহিৰতে ৰৈ যোৱাটো অসমৰ বাবে দুৰ্ভাগ্যজনক। এই কথাও সঁচা যে বঁটাৰ প্ৰতি দুৰ্বলতা আদৰ্শবাদী, আপোচবিহীন সাহিত্য-কৰ্মীৰ চিন্তাৰ বাহিৰত, “অসমৰ লোক সাহিত্য” বা “অসমত হিন্দু মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক” আদি গ্ৰন্থৰ প্ৰণেতা শশী শৰ্মাৰ দৰে “আধুনিক অসমীয়া সাহিত্য : সামাজিক বৌদ্ধিক পটভূমি” তথা “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস”-ৰ প্ৰণেতা ড০ প্ৰফুল্ল মহন্তও এই শ্ৰেণীৰ লেখক, কেৱল বাঁওপন্থী মতাদৰ্শত বিশ্বাস কৰা বাবেই উপেক্ষিত হৈ থাকি লগীয়া হ’ল। ইতিহাসে নিশ্চয় এদিন ইয়াৰ বিচাৰ কৰিব। উপযুক্ত সময়ত এইসকল লেখকক স্বীকৃতি দিয়াহেঁতেন বঁটা প্ৰাপকতকৈ বঁটাৰহে সৌষ্ঠৱ বৃদ্ধি পালেহেঁতেন, এই কথাও দিনৰ পোহৰৰ দৰে সত্য। নগাঁও সাহিত্য সভাই “সূৰ্য কুমাৰ ভূঞা সাহিত্য বঁটা-২০২০”, আৰু অসমীয়া সাহিত্য সন্মিলনীয়ে “অম্বিকা চৰণ চৌধুৰী ইতিহাস চেতনা বঁটা, ২০১৮”-ৰে সাহিত্যিকগৰাকীক সন্মান দিছে, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ৰ এইগৰাকী লেখকৰ বাবে এই স্বীকৃতি যথেষ্ট নহয়। অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে কথাবোৰ ভালদৰে গমি চোৱা ভাল। দুখৰ বিষয় যে এইগৰাকী বিশিষ্ট গৱেষক, লেখক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনৰ বাবেও যোগ্য বিবেচিত নহ’ল।
অসমৰ জনজাতীয় সমস্যাৰ সন্দৰ্ভত তেখেতৰ অনুভৱ আছিল অন্তৰ্ভেদী, সূক্ষ্ম। তেওঁ স্পষ্টভাৱে কৈছিল, জনজাতীয় সমাজখনক আস্থা আৰু বিশ্বাসত নোলোৱাটোৱেই অসমীয়া মধ্যবিত্তৰ ডাঙৰ কেৰোণ। তৃতীয় দশকত অসমৰ আন এগৰাকী সুসন্তান ভীমকান্ত দেউৰীয়ে তেতিয়াই জনজাতীয় সমস্যাৰ ওপৰত যি কথা কৈছিল, ড° প্ৰফুল্ল মহন্তইও অতি স্পষ্টভাৱে জনজাতিৰ বিভিন্ন সমস্যাৰ বিষয়ে মাত মাতি আহিছে। জনজাতীয় সমস্যাক লৈ মহন্তই যিমান গভীৰভাৱে লিখা-মেলা কৰিছে, অসমৰ খুব কম লেখকেহে এই বিষয়ত চিন্তা-চৰ্চা কৰি আছে। উল্লেখ্য যে ড০ হীৰেন গোহাঁইৰ তত্ত্বাৱধানত “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ বিকাশ আৰু ব্ৰিটিছ আমোলৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)” শীর্ষক গৱেষণা কৰি ১৯৮৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্রী লাভ কৰিছিল।
ড° প্রফুল্ল মহন্তই তেখেতৰ গৱেষণা গ্ৰন্থ আৰু প্ৰায়বোৰ নিবন্ধত বিস্তৃতভাৱে লিখিছে যে কিদৰে মধ্যবিত্ত শ্ৰেণীয়ে স্বাধীন ভাৰতৰ মূল শক্তি ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। স্বাধীনোত্তৰকালত পশ্চিমীয়া শিক্ষাৰ আলোকেৰে তেওঁলোকে ইংৰাজ বিষয়াৰ আনুগত্য লাভ কৰি ব্ৰিটিছ আমোলত এইসকলেই বিষয়বাব লাভ কৰি পৰম প্ৰভাৱশালী লোক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিছিল। উদাহৰণস্বৰূপে ইংৰাজে বাঙালী ভাষাক অগ্ৰাধিকাৰ দিয়াৰ আগতেই ১৮২৯ চনত বাংলা ভাষাত ৰচিত হলিৰাম ঢেকিয়ালৰ “আসাম বুৰঞ্জী” প্রকাশ পায়, যি সময়ত শিক্ষিত শ্ৰেণীটোৰ বহুলাংশই বাংলা ভাষাৰ প্ৰতি আছিল অধিক শ্ৰদ্ধাশীল, যি সময়ত বিদ্বৎ সমাজৰ মতামত আছিল যে অসমীয়া ভাষাক কথিত ভাষা বুলি কোৱাহে যুক্তি সংগত।
তাৎপর্যপূর্ণভাৱে বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছত হিন্দুত্ববাদী শক্তিয়ে কেনেদৰে ভাৰত তথা অসমৰ সমাজ জীৱনৰ মেৰুদণ্ড ভাঙি পেলাইছে, কা (CAA) আইন আনি অসমীয়া ভাষালৈ কিধৰণৰ বিপদ মাতি আনিছে, তাক অতি সাহসী আৰু স্পষ্টভাৱে বিভিন্ন কাকত আলোচনীত লিখি আহিছে। হিন্দুত্ববাদৰ অগ্ৰসৰৰ লগে লগে অসমৰ জনজাতীয় সমাজত কি সংহাৰী ৰূপ ল’ব পাৰে সেই সম্পর্কেও তেখেতে স্পষ্ট মতামত দাঙি ধৰিছে ১৯১৮ চনত প্ৰকাশিত তেখেতৰ মূল্যবান গ্ৰন্থ “হিন্দুত্ববাদ-বর্ণবাদবিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্রত জনজাতীয় চেতনা”-ত।
তথাকথিত ব্রাহ্মণ্যবাদী ব্যৱস্থাৰ শোষণৰ বলি হৈ থকা অসমৰ জনজাতীয় লোকসকলক মুক্ত কৰাৰ বাবে বিশিষ্ট বুদ্ধিজাৱীগৰাকীৰ বিৰামহীন চেষ্টাই তীব্ৰ প্রত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে।
হিন্দুত্বৰ আগ্ৰাসনৰ পৰা জনজাতিসকলক মুক্ত কৰাৰ বাবে গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ লোকসকলৰ প্ৰতি আহ্বান জনায়েই ক্ষান্ত নাথাকি তেখেতে যুক্তিসহ ক’বলৈ চেষ্টা কৰিছে, “অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি, কোনো বিশেষ জনগোষ্ঠীৰ সংস্কৃতি নহয়৷ আৰ্য আৰু অনাৰ্যৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰিত ৰূপটোৱেই হ’ল অসমীয়া সংস্কৃতি”।
ড০ মহন্তৰ “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস” আলোচনা প্ৰসংগত বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী ড° হীৰেন গোহাঁই ছাৰে কৈছে, “তথ্যনিষ্ঠ, বিশ্লেষণাত্মক আৰু নির্মোহ আলোচনাৰে বিষয়টোক এক বেলেগধৰণৰ গভীৰতা দান কৰাৰ বাবে ড° মহন্তৰ শলাগ লৈছোঁ। কোনো গৱেষণাই শেষ সত্য বুলি দাবী কৰিব নোৱাৰে। পৰৱৰ্তী গৱেষকক নতুন প্রশ্ন, নতুন পথৰ সন্ধান দিব পৰাই গৱেষণাৰ প্ৰধান সাৰ্থকতা। এই পিনৰ পৰা ড° প্ৰফুল্ল মহন্তৰ গৱেষণা গ্রন্থই সুধী সমাজৰ মনোযোগ দাবী কৰে”।
ড° মহন্তৰ প্ৰায়বোৰ লেখাই গৱেষণামূলক, বিভিন্ন আলোচনাত তেখেতে লিখিছে যে “অসমলৈ ব্রাহ্মণ্যবাদৰ আগমনৰ পাছত জনজাতীয় সমাজৰ উপাসনাগৃহ ,দেৱ-দেৱী, নদ-নদী আদি সকলোতে আর্যীকৰণৰ অংশস্বৰূপে ভাৰতীয় হিন্দু সংস্কৃতিৰ সৈতে অসমৰ অনাৰ্য সংস্কৃতিক একাকাৰ কৰি পেলোৱা হৈছে।…..হিন্দু ধৰ্মৰ আচাৰ-অনুষ্ঠান, পূজা-অৰ্চনা আদিৰ মাধ্যম যিহেতু সংস্কৃত, গতিকে “উৎসৱ”ৰ আঁৰত থকা “পূজা ভাগ”-ক লুকুৱাই ৰাখিবলৈকে যেন সংস্কৃত “নমামি”-ৰ সৃষ্টি। ভাৰত হিন্দুপ্রধান ৰাষ্ট্ৰ হ’লেও ‘ধৰ্মনিৰপেক্ষ’। হিন্দু ধর্ম ৰাজধর্ম নহয়”। (“খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি-জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল”)।
জীৱনত কোনোদিনে কাৰো পৰা একো নিবিচৰা, এগৰাকী সমাজ-শিক্ষক হিচাপে জ্ঞানৰ পোহৰ বিলাই ফুৰা মানুহজনে “ইলোৰা বিজ্ঞান মঞ্চ”-ৰ জৰিয়তে মৰণোত্তৰ অংগদানৰ অংগীকাৰ পত্ৰত স্বাক্ষৰ কৰি গৈছিল। চকু দুটাই কোনোবা দুজনক পৃথিৱীৰ পোহৰ দেখুৱাব, ইয়াতকৈ মহান কাম কি হব পাৰে? কিন্তু দুখৰ কথা, চকুত ইনফেকচন থকা বাবে নেত্ৰালয়ে চকুৰ কৰ্নিয়া সংগ্ৰহ কৰিব নোৱাৰিলে। “ইলোৰা বিজ্ঞান মঞ্চ” আৰু পৰিয়ালৰ সহযোগত তেখেতৰ শৰীৰ গুৱাহাটী AIIMS কৰ্তৃপক্ষৰ হাতত হস্তান্তৰ কৰা হয়। উল্লে্যযোগ্য যে ড° মহন্তৰ মৃতদেহ AIIMS গুৱাহাটীৰ প্ৰথমটো মৰণোত্তৰ অংগদান।
[“আমাৰ অসম”-ত (০৩.০৯.২০২২) প্ৰকাশিত এই নিবন্ধটি লেখকৰ সন্মতি লৈ ইউনিকোডত প্ৰকাশ কৰা হ’ল]