ড০ সিদ্ধলঙ্গাইয়াৰ অনুবাদ কবিতা – (খামমুন ফুকন)
ড০ সিদ্ধলঙ্গাইয়া (Dr. Siddalingaiah) কন্নড় (Kannada) ভাষাৰ কবি, নাট্যকাৰ আৰু এগৰাকী দলিতকৰ্মী। “দলিত-বন্দায়া সাহিত্যিক আন্দোলন”ৰ এজন প্ৰধান পৃষ্ঠপোষক। বাংগালোৰ বিশ্ববিদ্যালয়ৰ কন্নড় সাহিত্য বিভাগৰ মুৰব্বী অধ্যাপক সিদ্ধলঙ্গাইয়াৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত Holemadigara Haadu (১৯৭৫), Kappu Kaadina Haadu (১৯৮২), Meravanige (২০০০), Ooru Saagaravagi (২০১৮) আদি প্ৰধান। ইয়াৰোপৰি তিনিখন নাটক আৰু সমালোচনা সাহিত্যও তেওঁ ৰচনা কৰে। Ooru Keri নামৰ আত্মজীৱনীখন ইংৰাজীৰ লগতে ভালেমান ভাৰতীয় ভাষালৈ অনুদিত হৈছে। সাহিত্যকৰ্ম আৰু সমাজ কুশলাৰ্থে কৰা কামৰ বাবে তেখেতক ভালেমান ৰাষ্ট্ৰীয় পুৰস্কাৰৰে সন্মানিত কৰা হয়। ১৯৫৪ চনত জন্মগ্ৰহণ কৰা এইজনা লেখকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয় ২০২১ চনৰ ১১ জুন তাৰিখে। তলৰ কবিতাকেইটা ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰা হৈছে।
১. মোৰ মানুহবোৰ
মোৰ মানুহবোৰ
অনাহাৰে মৃত
মূৰ্চ্ছিত হৈ নপৰালৈকে মোৰ মানুহবোৰক গুৰিয়াই থাকে
হাত-ভৰি মেলি কান্দে
হাত-যোৰ কৰি পৰি ৰয় সিহঁতৰ চৰণত
এইবোৰ
এইবোৰ মোৰ মানুহ।
প্ৰখৰ ৰ’দত কেঁচা-ঘামত তিতি
মাটি চহাই, ৰোৱে, ধান দাই
ভাগৰুৱা উশাহ টানি জিৰণি লয়
তথাপি
উকা হাতে যায়, খুদ মান অন্ন আৰু বস্ত্ৰ…
এৰা, এইবোৰেই মোৰ মানুহ।
ৰঙীন পাথৰ কঢ়িয়াই, অট্টালিকা সাজে
ধ্বংসস্তূপৰ তলত যন্ত্ৰণাত কেঁকাই উঠে
এনেকৈয়ে পথৰ দাঁতিত পৰি থাকে
নিশব্দে
চকুপানী সামৰে নিজৰ মাজতে,
এৰা, এইবোৰেই মোৰ মানুহ।
গা-পোৰা, ছাঁই হোৱা মোৰ মানুহবোৰক উদাত্ত ভাষণে প্ৰতিকাৰ কৰে
চেণ্ডেল, জোতা চিলোৱা মোৰ মানুহবোৰৰ ওঁঠত
ভগৱানৰ নামত মিঠাই চেলেকাই দিয়ে
মোৰ মানুহবোৰ সিহঁতৰ চিকাৰ
এইবোৰ, এইবোৰেই মোৰ মানুহ।
সোণ খনা মোৰ মানুহবোৰ ভোকত থাকে
কপাহী কাপোৰ বয় কিন্তু নিজলৈ নহয়
যি কৰিবলৈ কয় তাকেই কৰে
কেৱল হাৱা খাই জীয়াই থাকে
এইবোৰ, এইবোৰেই মোৰ মানুহ।
“My People” translated from Kannada by K. Narasimha Murthy
Source: A String of Pearls
Editors: H. S. Shivaprakash and K. S. Radhakrishna, Karnataka Sahitya Academy
২. কথা আছে
কেকটাছ আৰু কাঁইটীয়া পুলিবোৰৰ সৈতে মোৰ কথা পাতিবলগীয়া আছে
পোহৰ চুৰি হোৱা জোনটোক মোৰ এটা প্ৰশ্ন সুধিবলগীয়া আছে
সেই যে তেজ-ৰঙী গোলাপৰ পাহিবোৰ
সিহঁতক কাঁইটীয়া ডালবোৰৰ পৰা মুক্ত কৰিব লগীয়া আছে।
শুকান কুঁৱা, নিৰ্লজ ৰাজনীতিবিদ,
হাতত কাঁইটৰ দৰে লাঠি লৈ ফুৰা পুলিচবোৰ
হে পৃথিৱী,
তোমাৰ সৈতে মোৰ কথা আছে।
এই পৃথিৱীত পুনৰ সেউজীয়া গজাই তুলিবলৈ
আমাৰ হাতত যেতিয়ালৈকে সময় আছে
আমি কথা পাতিবই লাগিব…
মৃত্যুৰ বাবে প্ৰতিদিন
আমাৰ পাহাৰবোৰৰ লেন-দেন হয়,
গজি উঠা ঘাঁহবোৰ চোৰোকি পেলোৱা হয়,
মৰুভূমি হয় আমাৰ সকলো মাটি
তিনিতৰপীয়া
সকলো সিহঁতৰ কাৰবাৰ, কূটনীতিবিদ
যিবোৰে ঘোচ লয় বতাহৰ পৰা।
এতিয়া প্ৰতিটো শাখাই যুক্তিৰ কণ্ঠত
জ্বলি উঠিছে,
শুকাই গৈছে
কাৰাৰুদ্ধ,
দগ্ধ খৰিঘৰৰ দৰে।
মহৎ ফলবোৰ যেনে
আম, কঁঠাল,
নৰম বগৰীবোৰ,
সকলো শুকাই গৈছে।
হে পৃথিৱী, আৰু হ’বলৈ দিব নোৱাৰি
তোমাৰ সৈতে আমাৰ কথা আছে,
এতিয়াই।
“I Must Have a Word” translated from Kannada by Sumatheendra Nadig and David Ray
Source: These My Words -The Penguin Book of Indian Poetry
Editor: Eunice de Souza and Melanie Silgardo