ডাঃ সুৰজিৎ গিৰিৰ সৈতে সাক্ষাৎকাৰ (তৃতীয় অংশ) (কৌশিক দাস আৰু অদিতি বৰুৱা)
(প্ৰথম অংশৰ বাবে ইয়াতে, আৰু দ্বিতীয় অংশৰ বাবে ইয়াতে টিপক)
প্ৰশ্ন:- সাপে দংশন কৰিলে প্ৰথমতে কি কৰা উচিত—এই প্ৰশ্নটো প্ৰায়েই উত্থাপিত হয়। একেই প্ৰশ্নটো আপোনালৈও আগ বঢ়াই দিছোঁ। লগতে জানিবলৈ বিছাৰিছোঁ, এইক্ষেত্ৰত কি কি কৰিব নালাগে? কৰিবলগীয়া আৰু নলগীয়াখিনিৰ উল্লেখৰ লগতে কিঞ্চিৎ ব্যাখ্যা কৰি দিলে বৰ ভাল হয়।
উত্তৰ:- সাপে দংশন কৰিলে সৰ্বপ্ৰথমে আমি মানুহজনক বিচলিত নহ’বলৈ ক’ব লাগে। আমি পৌৰাণিক যুগৰ পৰাই বিভিন্নধৰণে—আখ্যান, কল্পকথা, কথাছবি ইত্যদিৰ জৰিয়তে সাপক এটা কাল হিচাপে সমাজত বিৱৰণ দিয়া হৈছে। এনেকুৱা দেখুৱা হৈছে যেন সাপে দংশন কৰিলে মানুহজনৰ মৃত্যু ঘটিবই। সেয়েহে সৰ্প-দংশনৰ পিছত মানুহজন ভয়ত বিহ্বল হয়। সাপ দেখিলেই হৃৎস্পন্দন বাঢ়ি যায় আৰু নাড়ীৰ গতি ১০০-ৰ পৰা বৃদ্ধি হৈ ১২০-১৪০ পায়গৈ। গতিকে দেখিলেই যদি আমাৰ ভয় লাগে তেন্তে ৰোগীৰ অৱস্থাটো অনুধাৱন কৰক। তেনেদৰে গতি ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি হৃদপিণ্ডটো ঘপহকৈ বন্ধ হৈ যায়। যাক আমি cardiac arrest বুলি কওঁ। হয়তো মানুহজনক অবিষাক্ত সাপেহে দংশন কৰিছিল বা বিহখিনি কমকৈ ঢালিছিল বা বিহ ঢলাই নাছিল—তেনে ব্যক্তিৰো কেৱল ভয়ৰ ফলস্বৰূপেই মৃত্যুবৰণ কৰাৰ উদাহৰণো আমাৰ হাতত আছে।
গতিকে প্ৰথম কথা ৰোগীক সাহস দিয়ক আৰু সকলো ভাল হৈ যাব বুলি উৎসাহ দিয়ক। তাৰপিছত যদি ৰোগীৰ চাৰিওফালে মানুহ উপস্থিত আছে তেন্তে তৎক্ষণাত ৰোগীক শুৱাই দিব লাগে। যদি ভৰিত দংশন কৰিছে তেখেতক খোজকঢ়াৰ পৰা বিৰত ৰাখিব লাগে। যদি বিষাক্ত সাপে দংশন কৰিছে আৰু বিহখিনি ঢালিছে তেন্তে দংশিত অংশ লৰচৰ কৰি থাকিলে বিহখিনি অতি সোনকালে তেজত মিহলি হোৱাৰ সম্ভাৱনা থাকে।
দ্বিতীয়তে, হৃৎস্পন্দন বৃদ্ধি পোৱাৰ ফলস্বৰূপেও বিহখিনি দ্ৰুতগতিত তেজত মিহলি হোৱাৰ অৱকাশ থাকে। গতিকে ৰোগীৰ হৃৎস্পন্দন ১০০ৰ তলত ৰাখিবলৈ যত্ন কৰিব লাগে আৰু তাৰ কাৰণে তেখেতক সাহস দিব লাগে আৰু শুৱাই দিব লাগে। কাৰণ বেছি পৰ থিয় হৈ থাকিলে ৰক্তচাপ বৃদ্ধি বা হ্ৰাস পাই ৰোগী মূৰ্চ্চা যাব পাৰে আৰু মূৰত দু্খ পাই ৰক্তক্ষৰণ হৈ মৃত্যুও হ’ব পাৰে। তেনেকুৱা হ’লে ঘটনাটো কি হ’ব? ব্যক্তিগৰাকীক বিহহীন সাপেহে দংশন কৰিছিল বা বিষাক্ত সাপে দংশন কৰাৰ পিছতো বিহ তেজৰ লগত মিহলি হোৱা নাছিল, কিন্তু মানুহজন ভয়ত বিহ্বল হোৱাৰ ফলস্বৰূপে মূৰ্চ্চা গৈ মৃত্যুমুখত পৰিল!
তৃতীয়তে, দংশিত অংশ খিনি কেতিয়াও বান্ধিবলৈ চেষ্টা নকৰিব। আমি বহুক্ষেত্ৰত দেখিছোঁ যে সৰ্পদংশনৰ পিছত বহুতে দংশিত অংশৰ ওপৰত বান্ধি দিয়ে। তেওঁলোকৰ ধাৰণা এয়ে যে বান্ধি দিলে সাপৰ বিহ তেজৰ লগত মিহলি নহয়। কিন্তু তেনেকুৱা কৰিলে হিতে বিপৰীতহে হ’ব পাৰে। গৱেষণাৰ পৰা দেখা গৈছে যে সৰ্পদংশনৰ পিছতেই বিহখিনি তৎক্ষণাত তেজৰ লগত মিহলি হৈ নাযায়। শৰীৰত থকা প্ৰত্যেক অংগ ধমনী, সিৰা আৰু লসিকাযন্ত্ৰৰে গঠিত। ৰক্তপৰিবাহী ধমনী-শিৰাৰে তৎমুহূৰ্ততে বিহখিনি তেজৰ লগত মিহলি নহয়গৈ। দৰাচলতে লসিকাতন্ত্ৰৰ দ্বাৰাহে সাপৰ বিহ তেজৰ লগত মিহলি হয়। অৰ্থাৎ যিটো অংগত সাপে দংশন কৰে সেই অংগৰ লসিকাতন্ত্ৰই সাপৰ বিহখিনি— যিখিনি একপ্ৰকাৰৰ প্ৰটিন— সেইখিনি শুহি লয় আৰু তাৰপিছত লাহে লাহে লসিকাতন্ত্ৰৰ জৰিয়তে গৈ গৈ, লসিকাতন্ত্ৰৰ নলীৰ দ্বাৰা অৱশেষত তেজৰ লগত মিহলি হৈ পৰে। যেতিয়ালৈকে বিহখিনি লসিকাতন্ত্ৰত থাকিব তেতিয়ালৈকে ৰোগীৰ একো অপকাৰ নহয়, কিন্তু যেতিয়াই এই লসিকাতন্ত্ৰৰ পৰা বিহ গৈ তেজত মিহলি হ’ব আৰু লক্ষ্যস্থল অংগ (target organ) পাবগৈ, তেতিয়াই ৰোগীৰ দেহত লক্ষণসমূহে আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰিব। গতিকে আমি সাধাৰণতেই যিটো ভাবোঁ— সৰ্পদংশনৰ পিছতেই বিহখিনি তৎক্ষণাত তেজত মিহলি হয়—সেইটো একেবাৰে ভুল ধাৰণা। শুদ্ধ কথাটো হৈছে লসিকাতন্ত্ৰৰ দ্বাৰাহে আচলতে বিহ তেজত মিহলি হয়। সেইকাৰণে আমি লসিকাতন্ত্ৰটো নিষ্ক্ৰিয় কৰিব লাগিব, যাতে আমি ৰোগীক সুস্থ কৰি তুলিবলৈ আৰু অলপ সময় পাম অৰ্থাৎ সময় আমি কিনি ল’ব পাৰিম। সৰ্পদংশনৰ ৰোগীৰ কাৰণে সময় কিনি ল’ব পৰাটোৰ নিচিনা আৰু কি সোণালী সুযোগ আছে আপোনালোকেই ভাবক।
এই লসিকাতন্ত্ৰটো নিষ্ক্ৰিয় কৰিবলৈ দংশিত অংশ লৰচৰ কৰিবলৈ দিব নালাগিব। দংশন কৰাৰ পিছত যদি ৰোগী দৌৰি থাকে, খোজ কাঢ়ি থাকে তেতিয়া লসিকাতন্ত্ৰ সক্ৰিয় হৈ উঠিব আৰু বিহখিনি পাম্প কৰি অতি শীঘ্ৰে তেজত মিহলাই দিব। বান্ধি দিলেই যে বিহ তেজত মিহলি নহ’ব সেইটোও এটা ভুল ধাৰণা, কাৰণ দংশিত অংশৰ ওপৰত বান্ধিলেও আপুনি লসিকাতন্ত্ৰটোক বান্ধিব নোৱাৰে। যদি বান্ধিবই লাগিছিল, তেন্তে লসিকাতন্ত্ৰটোকহে বান্ধিব লাগিছিল—যিটো সম্পূৰ্ণৰূপে অসম্ভৱ, কাৰণ ই হাড় আৰু মাংসপেশীৰ ভিতৰতহে সোমাই থাকে। তদুপৰি আৰু এটা কথা। বান্ধি দিয়াৰ ফলস্বৰূপে কোষসমূহত অক্সিজেনৰ অভাৱ হ’ব যিখিনি অংশত দৰাচলতে অক্সিজেন নিতান্তই প্ৰয়োজনীয় আছিল। এনেদৰে যদি ২-৩ ঘণ্টা অক্সিজেন নোপোৱাকৈ থাকে, কেতিয়াবা ভৰি বা আঙুলি কাটিব লগাও হ’ব পাৰে। কেনেবাকৈ সাৰি গ’লেও বহুসময়ৰ বাবে স্নায়ুত অক্সিজেনৰ অভাৱত সেই অংশত বহুদিনলৈ জিন্জিননি অনুভৱ কৰিব পাৰে। অৰ্থাৎ দংশন কৰাৰ অংশখিনি বান্ধি আপুনি ৰোগীক সহায় কৰাৰ বিপৰীতে অপকাৰহে কৰিছে।
এই নৱেম্বৰ মাহৰ এটা দুপৰীয়াৰ ঘটনা। পাঠশালাত এজন যুৱকক ফেঁটী সাপে ভৰিত দংশন কৰে আৰু তৎক্ষণাত তেওঁ মোলৈ ফোন কৰে। আমি ফটোৰ সহায়ত সেইটো ফেঁটী সাপ বুলি নিশ্চিত হ’লোঁ আৰু লগতে দংশন কৰা অংশখিনিত ৰঙৰ পৰিৱৰ্তন লক্ষ্য কৰিলোঁ। তেওঁক মই বিচলিত নহ’বলৈ ক’লোঁ আৰু ভৰিখন ভাগিছে বুলি ধৰি লৈ, একেবাৰে লৰচৰ নকৰাকৈ ৰাখিবলৈ কলোঁ। তেওঁ পাঠশালা চিকিৎসালয়লৈ গ’ল য’ত তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰি দিলে। প্ৰায় ডেৰ ঘণ্টাৰ পিছত তেখেত তাত উপস্থিত হয়গৈ যদিও লক্ষণসমূহে দেখা দিয়া নাছিল। ৰাতি মই যোগাযোগ কৰিলোঁ যিহেতু ৬-৭ ঘণ্টাৰ ভিতৰত লক্ষণসমূহে দেখা দিব লাগে। তাৎপৰ্যপূৰ্ণভাৱে নিশা ৯-বজালৈ একো লক্ষণ দেখা দিয়া নাছিল। আমি সাধাৰণতে early symptom অৰ্থাৎ চকুৰ বাদু নামি অহা, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা ইত্যাদি দেখিলেহে এণ্টিভেনম প্ৰয়োগ কৰোঁ। ল’ৰাজনৰ একো লক্ষণ নেদেখি তেখেতক চিকিৎসকৰ নিৰীক্ষণত ৰখা হ’ল। পিছদিনা ৰাতিপুৱা প্ৰায় ৫.৩০ বজাতহে লক্ষণসমূহে দেখা দিবলৈ আৰম্ভ কৰিলে। তেতিয়া চিকিৎসকে তৎক্ষণাত ১০-টা এণ্টিভেনম আৰু neostigmine বেজী প্ৰয়োগ কৰিলে। তাৰপিছতে ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল। অৰ্থাৎ আমি ১৭-১৮ ঘণ্টা সময় পালোঁ, কিয়নো আমি ভৰিখন লৰচৰ কৰিবলৈ হাক দিলোঁ আৰু বান্ধিবলৈ নিদিলোঁ। ফলস্বৰূপে, বিহখিনি লসিকানলীত সোমাল আৰু যিহেতু লৰচৰ কৰা নাছিল, লসিকানলী নিষ্ক্ৰিয় হৈ থাকিল। যদিহে তেওঁ লৰচৰ কৰিলেহেঁতেন, তেতিয়া লসিকাতন্ত্ৰ সক্ৰিয় হৈ বিহখিনি পাম্প কৰি তেজৰ লগত মিহলি কৰি দিলেহেঁতেন আৰু তেখেত মৃত্যুমুখত পৰিলহেঁতেন। গতিকে আমি এটা কাম কৰাৰ খুবেই প্ৰয়োজনীয়—, সেইটো হৈছে immobilisation, যিয়ে আমাক ৰোগীক সুস্থ কৰি তুলিবলৈ সময় ক্ৰয় কৰি লোৱাত সহায় কৰিব। অৰ্থাৎ দংশন কৰাৰ পিছত বান্ধি দিয়া, “বিহ শুহি লোৱা” ইত্যাদি একো কৰাৰ প্ৰয়োজন নাই। মাত্ৰ লৰচৰ হ’বলৈ নিদিলেই ৰোগীক বহুতখিনি সহায় কৰা হ’ব।
গতিকে সৰ্পদংশনৰ পিছত আমি কি কৰিম? আমি ৰোগীগৰাকীক সাহস দিম, শুৱাই দিম আৰু মৃত্যুঞ্জয়ৰ সৈতে (১০৮) যোগাযোগ কৰিম। যদি সময়মতে ১০৮ উপস্থিত নহয়, তেন্তে চাৰিচকীয়া বাহনৰ ব্যৱস্থা কৰিম। সেয়াও যদি সম্ভৱ নহয়, তেনেহ’লে দুচকীয়া বাহনৰ ব্যৱস্থা কৰিম। মাজত ৰোগীক ৰাখি, দুয়োকাষে দুজন মানুহ থাকিব। পিছৰজনে দুখন হাতেৰে ৰোগীৰ মূৰটো ধৰি ৰাখিব, কাৰণ ফেঁটী সাপে দংশন কৰিলে মাংসাপেশী অকামিলা হৈ ডিঙিটো অকামিলা হৈ যাব পাৰে বা ভঙাৰ সম্ভাৱনা থাকে। গতিকে এইখিনি ব্যৱস্থা কৰি ৰোগীক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যাব আৰু কোনখন চিকিৎসালয়লৈ লৈ যাব সেয়াও আগতীয়াকৈ নিৰ্ধাৰণ কৰি ল’ব। কাৰণ সঠিককৈ নিৰ্ধাৰণ কৰি নল’লে অযথা সময় অপব্যয় হয় আৰু ৰোগীৰ কাৰণে অসুবিধা হয়।
প্ৰশ্ন:- অকলশৰে থকা অৱস্থাত কোনো ব্যক্তি সৰ্প-দংশনত আক্ৰান্ত হ’লে তেওঁ তাৎক্ষণিকভাৱে কি কৰিব লাগিব?
উত্তৰ:- অকলশৰে থকা অৱস্থাত সৰ্পদংশন হ’লে অলপ অসুবিধা হয়। প্ৰথমতে, যদি ভৰিত দংশন কৰে তেন্তে বহি দিব লাগে আৰু ফোনৰ যোগেদি ঘৰৰ অন্য সদস্যসকলক জনাব লাগে। চলা ফুৰা একেবাৰেই কৰিব নালাগে, কাৰণ তেনে কৰিলে বিষাক্ত সাপ হ’লে বিহখিনি সোনকালে তেজত বিয়পি পৰাৰ সম্ভাৱনা থাকে। আনহাতে, হাতত দংশন কৰিলে খোজ কাঢ়িব পাৰিব কিন্তু হাতৰ অংশ বা আঙুলি লৰচৰ কৰাৰ পৰা বিৰত থাকিব লাগিব। যিমান পাৰি লৰচৰ নকৰাকৈয়ে চিকিৎসালয় আহি পোৱাৰ ব্যৱস্থা কৰিব লাগে। সহায়ৰ হাত বিচাৰিব লাগিব, কাৰণ ৰোগী অকলে অহাটো উচিত বা সম্ভৱ নহয়। লগত কাৰোবাক লৈহে হস্পিতাললৈ আহিব লাগে।
প্ৰশ্ন:- সাপৰ সৈতে সম্পৰ্কিত বহুতো অন্ধবিশ্বাস আমি দেখিবলৈ পাওঁ। তাৰ ভিতৰত বেজৰ মন্ত্ৰ এটা প্ৰধান অন্ধবিশ্বাস। এইক্ষেত্ৰত অনুগ্ৰহ কৰি আপোনাৰ মতামত আমাক জনাব নেকি?
উত্তৰ:- মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে যিসকল লোকে বেজৰ সহায় লোৱা বাবে ৰোগী সুস্থ হৈ উঠিছে বুলি যে ভাবিছে, সেইটো আচলতে বিহহীন সাপে দংশন কৰাৰ বাবেহে সম্ভৱ হৈছে। আমাৰ তথ্যৰ পৰা স্পষ্টকৈ জানিব পৰা গৈছে যে কেৱল ১০-১২% ৰোগীকহে বিষাক্ত সাপে দংশন কৰে আৰু বিহ ঢালে। বাকী প্ৰায় ৮৮-৯০% লোককেই বিহহীন সাপে দংশন কৰে। গতিকে বিহহীন সাপে দংশন কৰা লোক যদি যিকোনো লোকৰ ওচৰলৈ চিকিৎসা কৰিবলৈ যায়, তেন্তে জৰা-ফুঁকা কৰি বা মন্ত্ৰ-তন্ত্ৰ কৰি বা নকৰাকৈ হ’লেও সুস্থ হৈ উঠিবই। কিন্তু বিষাক্ত সাপে দংশন কৰিলে এণ্টিভেনম বা যাৱতীয় ঔষধ পাতি দিবই লাগিব, অন্যথা মৃত্যু অনিবাৰ্য।
প্ৰশ্ন:- বেজৰ হাতত তথাকথিত “ৰক্ষা পৰা”-ৰ আঁৰত বিষাক্ত সাপে কমকৈ বিষ ঢলাৰ কথাটোও সম্পৰ্কিত হৈ নাথাকে জানো? কথাটো অলপ বুজাই ক’বনে বাৰু?
উত্তৰ:- আজিলৈ আমি প্ৰায় ১৫০০ লোকক চিকিৎসা প্ৰদান কৰিছোঁ। আমাৰ পৰিসংখ্যা অনুসৰি ১০০-জনৰ মাত্ৰ ১২-জন লোককহে বিষাক্ত সাপে দংশন কৰিছে। বাকী প্ৰায় ৯০%-ক বিহহীন সাপে দংশন কৰিছে। কেতিয়াবা এনেকুৱা হয় যে ৰোগীক ফেঁটী সাপে দংশন কৰিছে, ফটোও লৈ আহিছে, কিন্তু বেজ-বেজালি কৰিহে সুস্থ হৈ উঠিছে। ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে ফেঁটী সাপটোৱে বিহ ঢলাই নাই। অৰ্থাৎ ফেঁটী সাপ হ’লেই যে বিহ ঢালিব তেনে নহয়। বিহ ঢালিবলৈ হ’লে যি চাৰিটা পৰ্যায়ৰ প্ৰয়োজন, সেইকেইটা মই ইতিমধ্যে উল্লেখ কৰিছোঁ। প্ৰথমে মুখখন মেলি দিব লাগিব, তাৰপিছত মুখখন মেলাৰ লগে লগে মাংসপেশীৰ দ্বাৰা সৃষ্টি হোৱা শক্তিয়ে ভেনম গ্ৰন্থিৰ পৰা বিহ ভেনম নলীকালৈ আনিব লাগিব, সেই নলীকাৰ পৰা বিহ দাঁতলৈ আহিব লাগিব আৰু অৱশেষত দাঁতে বেজীৰ দৰে বিহখিনি ৰোগীৰ শৰীৰত ঢালিব। এই চাৰিটাৰ ভিতৰত যদি এটাও সম্ভৱ নহয় তেন্তে ই বিহ ঢালিব নোৱাৰে। এবাৰ এজন লোকক বিষাক্ত ফেঁটী সাপে দংশন কৰিছিল, ফটোও তেওঁ আনিছিল। আমি তেখেতক পৰীক্ষা কৰিলোঁ যদিও একো লক্ষণ দেখা নাপালোঁ। যদিও সাপটোৰ দুটা দাঁতৰ চিন আছিল, তথাপি সুদীৰ্ঘ ২৪ ঘণ্টা নিৰীক্ষণত ৰখাৰ পিছতো তেওঁৰ গাত কোনো লক্ষণ ধৰা পৰা নাছিল। গতিকে আমি তেওঁক ছুটী দিলোঁ। কিন্তু ইয়ে অলপ তৰ্কতৰ্কিৰ সৃষ্টি কৰিলে। তেওঁলোকৰ মতে বিষাক্ত সাপৰ দংশন বুলি জানিও আমি কিয় anti-venom নিদিলোঁ। তেতিয়া আমি জনালোঁ যে এইটো শুকান দংশন (dry bite) আছিল। যদিও বিষাক্ত সাপ আছিল, দাঁতৰো চিন আছিল কিন্তু সি বিহ ঢালিব নোৱাৰিলে। অৰ্থাৎ উল্লেখিত চাৰিটা স্তৰৰ এটা স্তৰও সম্ভৱ হৈ উঠা নাই বাবে ই বিহ ঢালিব নোৱাৰিলে। বহুক্ষেত্ৰত—যেনে, সাপডালে যদি মুখত ইতিমধ্যে বেলেগ চিকাৰ ধৰি ৰাখিছে—তেন্তে ই বিহ ঢলাত অসুবিধাৰ সম্মুখীন হ’ব পাৰে। ঠিক তেনেদৰে যদি ই ভালকৈ মুখখন মেলিব পৰা নাই, তেতিয়াও সি বিহ ঢালিব নোৱাৰে, অৰ্থাৎ গ্ৰন্থিটোত যথাযথ চাপ দিব নোৱৰা কাৰণেও ই বিহখিনি ঢলাত বিফল হ’ব পাৰে। গতিকে তেনেকুৱা এজন ৰোগী বেজৰ ওচৰলৈ গ’লে “সুস্থ হৈ উঠা”-ৰ সম্ভাৱনা থাকিবই।
প্ৰশ্ন:- সৰ্প-দংশনত আক্ৰান্ত ব্যক্তিৰ চিকিৎসা কৰিবলৈ যাওঁতে মানুহৰ অন্ধবিশ্বাসে কেতিয়াবা আপোনাক অসুবিধা দিছে নেকি?
উত্তৰ:- হয়। প্রায়েই এইবোৰ কথাই আমাক আমনি দিয়ে। আমি প্ৰায়েই শুনা পাওঁ যে “পুৰণি দিনত যদি বেজৰ দ্বাৰাই সুস্থ হৈ উঠিছিল, এতিয়া কিহৰ মেডিকেলৰ কথা আহে”! আগতে আমাৰ হাতত উত্তৰ নাছিল, কিন্তু এতিয়া আমি অতিকৈ সুখী, কাৰণ আমাৰ ওচৰত সঠিক উত্তৰ আছে। ৯০% মানুহকেই বিহহীন সাপে দংশন কৰে, কেৱল ১০% লোকহে বিষাক্ত সাপৰ চিকাৰ হয়। বিষাক্ত সাপে দংশন কৰিলেও আমি ৰোগীক সুস্থ কৰি তুলিব পাৰোঁ যদিহে ৰোগী তৎক্ষণাত চিকিৎসালয়লৈ আহে। আগতে বেজৰ ওচৰলৈ যোৱাৰ পিছতহে আমাৰ কাষ চাপিছিল আৰু যিহেতু তেনেদৰে প্ৰায় ৬-৭ ঘণ্টা পাৰ হৈ গৈছিল আৰু আমি সুস্থ কৰি তোলাত বিফল হৈছিলোঁ। কিন্তু আমি এতিয়া সুখী, কিয়নো বিভিন্ন মাধ্যমৰ জৰিয়তে বহুতো মানুহ বহুখিনি সজাগ হৈছে। এই অন্ধবিশ্বাসবোৰে আচলতে সমাজক কোঙা কৰি পেলাইছে, লগতে কেতিয়াবা চিকিৎসা প্ৰণালীটোত অসুবিধাৰ সৃষ্টি কৰিছে। এবাৰ এজন ৰোগীক তিনিবাৰ দংশন কৰাৰ আধা ঘণ্টামান পিছত আমাৰ ওচৰলৈ আহিছিল আৰু প্ৰায় এঘণ্টাৰ পিছত লক্ষণসমূহ দেখা পোৱা গৈছিল। দৰৱ-পাতি, anti-venom ইত্যাদি দিয়াৰ পিছতো স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেতিয়া ল’ৰাজনে খুব খঙেৰে কৈছিল, “ছাৰ, নোৱাৰে যদি কওক। আমাৰ ওচৰত ভাল বেজ আছে। তেওঁক মাতি আনি চিকিৎসা কৰাম”। কিন্তু আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমি ৰোগীগৰাকীক বচাবলৈ সক্ষম হলোঁ। এইয়া অন্ধবিশ্বাসৰ বিৰুদ্ধে জয়, এইয়া বিজ্ঞানৰ জয়। এই জয়ৰ কৃতিত্ব স্বাস্থ্যকৰ্মীসকলক দিব বিচাৰোঁ। মানুহ জীয়াই থকা বা মৃত্যু হোৱা—এনেধৰণৰ কথাবোৰ আমাৰ হাতত নাথাকে। আমাৰ ওচৰলৈ ৰোগী আহিছে, দৰৱ-পাতি দিছোঁ। কেতিয়াবা ৰোগী সুস্থ হ’বও পাৰে আৰু কেতিয়াবা সুস্থ হৈ নুঠিবও পাৰে, তেনেস্থলত বেজ-বেজালিৰ কথা ক’লে আমাৰ দুঃখ লাগে। আমি এতিয়াও দেখিছোঁ, কিছুমান ঠাইৰ কাহিনী শুনিছোঁ—যেনে হোজাই, তিনিচুকীয়া ইত্যাদিত; য’ত ৰোগীক বেজৰ ওচৰলৈ লৈ যায় আৰু বহুত দেৰিকৈহে চিকিৎসালয়ৰ কাষ চাপে আৰু ৰোগীয়ে অৱশেষত মৃত্যুক সাৱটি লয়। এনেক্ষেত্ৰত যদিও আমি ৰোগীক সুস্থ কৰি তুলিব পৰিলোঁহেঁতেল, কিন্তু ৰোগী অন্ধবিশ্বাসৰহে চিকাৰ হৈ মৃত্যুৰ মুখত পৰিল।
প্ৰশ্ন:- সাপৰ সৈতে সম্পৰ্কিত অন্ধবিশ্বাসৰ প্ৰসংগত জনসচেতনতা গঢ় দিয়াটো বৰ জৰুৰী যেন বোধ হয়। এই ক্ষেত্ৰত আপুনি কি পৰামৰ্শ আগ বঢ়াব?
উত্তৰ:- হয়। সাপ সম্পৰ্কীয় অন্ধবিশ্বাসবোৰৰ বিৰুদ্ধে জন সচেতনতা অনাটো অতিকে প্ৰয়োজনীয়। তেনে ক্ষেত্ৰত বিভিন্ন সামাজিক মাধ্যমে সহায় আগ বঢ়ায় আৰু আমিও ইতিমধ্যে ইয়াৰ সহায় লৈছোঁ। কাৰণ এটা চামে প্ৰিণ্ট মিডিয়া চায়, এটা চামে ছ’চিয়েল মিডিয়া চায়, অন্য এটা চামে আকৌ ৰেডিঅ’, দূৰদৰ্শন আদি চায়। আমি চৰকাৰকো অনুৰোধ কৰিছোঁ। আমি এই বিষয়ে বিভিন্ন বাতৰি কাকতত প্ৰকাশ কৰি যদি জনসাধাৰণক জনাব পাৰোঁ, তেন্তে নিশ্চয়কৈ জনসচেতনতা গঢ় লৈ উঠিব। আমি ১৭০০-জন ৰোগীক কৰা চিকিৎসাৰ অভিজ্ঞতাৰ পৰা এটাই দেখিছোঁ যে যদি সৰ্পদংশনৰ পিছতেই তৎক্ষণাত ৰোগী চিকিৎসালয়লৈ আহে, তেন্তে তেওঁৰ মৃত্যুৰ সম্ভাৱনা অতিকৈ কম। কিন্তু যিমান পলম কৰে সিমান অসুবিধা হ’ব।
(পিছৰ অংশ পৰৱৰ্তী সংখ্যাত প্ৰকাশ হ’ব)