নিবন্ধবিবিধ চিন্তা

ড্রেগন ফল : কৃষিপদ্ধতি আৰু ইটো-সিটো (মানসী বৰুৱা)

পৰিচয়

ড্ৰেগন ফল (Dragon fruit) হৈছে এবিধ আমেৰিকান মূলৰ ফল যি এতিয়া সমগ্ৰ ভাৰতবৰ্ষতেই অতি জনপ্ৰিয় হৈ পৰিছে। ড্ৰেগন ফলৰ গছবোৰ হৈছে এক প্ৰকাৰৰ কেকটাছ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হিলোকেয়াৰ্চ এণ্ডাটাছ (Hylocereus undatus) যি কেকটাচী গোত্ৰৰ অন্তৰ্গত। মূলতঃ মধ্য আৰু দক্ষিণ আমেৰিকাৰ ফল হিচাবে জনাজাত এইবিধ ফল দক্ষিণ-পূব এছিয়া, মধ্য এছিয়াৰ লগতে আফ্ৰিকাৰো বিভিন্ন অঞ্চলত পোৱা যায়। স্বাদ আৰু পুষ্টিগুণৰ দিশৰ পৰা অতি উত্তম হিচাপে পৰিগণিত হোৱা ড্ৰেগন ফল আমাৰ অসমৰ কম সংখ্যক লোকেহে ভালদৰে চিনি পায়, বা কিছুমানে চিনি পালেও ইয়াৰ গুণাগুণ, কৃষি পদ্ধতি ইত্যাদিৰ সন্দৰ্ভত অৱগত নহয়। সেই দিশলৈ লক্ষ্য ৰাখি ৰাইজৰ মাজত নতুনকৈ সমাদৰ লাভ কৰা এই ফলবিধৰ বিষয়ে কিছু কথা এইটো নিবন্ধত আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।

যিহেতু ই কাঁইটীয়া ধৰ্মৰ, সেয়েহে ড্ৰেগন ফলৰ গা-গছৰ পাত নাথাকে। গছবোৰৰ উচ্চতা সাধাৰণতে ১.৫ ৰ পৰা ২.৫ মিটাৰ পৰ্যন্ত হয়। ড্ৰেগন ফলৰ ফুলবোৰ কেৱল নিশাৰ ভাগত খোল খায় আৰু দুটিমান দিনৰ পিছতেই মৰহি যায় (ফটো নং ১)। সাধাৰণতে এপ্ৰিল-জুন মাহত ফুলবোৰ ফুলা দেখিবলৈ পোৱা যায়। ফলৰ আকাৰ ডাঙৰ, পকিলে ৰঙা বা হালধীয়া হয়, বাকলিটো ডাঠ গুলপীয়া, তদুপৰি পকিলে ৰঙা আৰু বগা ৰঙৰ ৰস ওলায়। তেনে ৰস আমি ফলৰ “জুছ” হিচাপে খাব পাৰোঁ ৷ ফলবিধৰ গুটিবোৰ সৰু, ক’লা আৰু কোমল। এটা ফলৰ ওজন প্রায় ১৫০ গ্ৰামৰ পৰা ৬০০ গ্ৰামৰ ভিতৰত হ’ব পাৰে।

ফটো ১ : ফুল ফুলাৰ সময়ত

ড্ৰেগন ফলৰ প্ৰকাৰ

ড্ৰেগন ফলৰ বিভিন্ন প্ৰকাৰ দেখিবলৈ পোৱা যায় (ফটো নং ২)। যেনে:-

ফটো ২ : বিভিন্ন প্ৰকাৰৰ ফল। ভিন্ন ভিন্ন বৰণ।

১) ৰঙা ৰঙৰ ফলৰ সৈতে অন্ত:ভাগ বগা।

২) ৰঙা ৰঙৰ ফলৰ সৈতে অন্ত:ভাগ ৰঙা।

৩) হালধীয়া ৰঙৰ ফলৰ সৈতে অন্ত:ভাগ বগা।

দিনে দিনে বাঢ়ি অহা চাহিদাৰ প্ৰতি দৃষ্টি ৰাখি অসমৰ ভালেকেইখন জিলাত বহুতো কৃষকে ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। যিহেতু অসমৰ কৃষিভূমিত এই খেতি এতিয়া এক প্ৰাৰম্ভিক স্তৰত আছে গতিকে ইয়াৰ কৃষি পদ্ধতিৰ বিষয়ে কিছু কথা ৰাইজে জানিব পাৰিলে নিশ্চয়কৈ লাভাম্বিত হ’ব।

ভূমি নিৰ্বাচন আৰু প্ৰস্তুতি

জৈৱিক পদাৰ্থত চহকী উৰ্বৰ মাটি ড্ৰেগন ফলৰ খেতিৰ বাবে উত্তম। ভালদৰে মোকলাই লোৱা পানী জমা নোহোৱা ওখ আৰু উৰ্বৰ ভূমি বাচনি কৰি ল’ব পৰা যায়। অত্যাধিক ৰ’দ পৰা ভূমি এই খেতিৰ বাবে উপযোগী নহয়। ইয়াক বাৰ্ষিক ৫০০-১৫০০ মি.মি. বৰষুণৰ প্ৰয়োজন। যদিও ড্ৰেগন ফলৰ নানা ধৰণৰ জাত এতিয়ালৈ মুকলি হৈছে, তথাপি সাধাৰণতে ব্যৱহৃত জাতসমূহ হ’ল ডাৰ্ক ষ্টাৰ, এমেৰিকান বিউটি, ব্লাড মেৰী, এলিছ ইত্যাদি।

সমতল ভূমিত বর্গ বা ষড়ভুজ আকাৰত আৰু পাহাৰীয়া ঠাইত কেণ্টাৰ পদ্ধতিৰে মাটিডৰা মুকলি কৰি লৈ পুলিবোৰ ৰোপণ কৰা উচিত। ড্ৰেগন ফল ৰোপণৰ সময় এপ্ৰিলৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈ। ৰ’দ পৰা ঠাইত ১.৫ মিটাৰ x ১.৫ মিটাৰ x ১.০ মিটাৰ আকাৰৰ গাঁত খান্দি, তাত ২০-২৫ দিনৰ পিছত যথেষ্ট পৰিমাণে পচি যোৱা গোৱৰ, ২৫০ গ্ৰাম টি.এছ.পি, ২৫০ গ্ৰাম এম.অ’.পি, ১৫০ গ্ৰাম জিপচাম আৰু ৫০ গ্ৰাম জিংক ছালফেট সাৰ মাটিৰে মিহলাই মাটি জাপি দিব লাগে। তাৰ ১০-১৫ দিন পিছত প্ৰতিটো গাঁতত ৪ টাকৈ পুলি—প্রত্যেকৰে মাজভাগত ৫০ ছে:মি: দূৰত্ব ৰাখি—ৰুব লাগে। পুলি ৰোপনৰ পৰা ১ বছৰলৈ প্রতি ১ মাহৰ মূৰে মূৰে প্ৰতিটো গাঁতত ১০০ গ্ৰামকৈ ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগিব। ড্ৰেগন ফলৰ গছবোৰক দৰকাৰ হোৱা পানীৰ পৰিমাণ তেনেই তাকৰ। কিন্তু গছজোপা ৰোপণৰ সময়, ফুল ফুলাৰ সময় আৰু ফল ধৰাৰ সময়ত গছবোৰক পানীৰ নিত্যান্তই প্ৰয়োজন (critical stages)। টোপাল জলসিঞ্চন (drip irrigation) ব্যৱস্থাৰ যোগেদি এই খেতিত পানী যোগান ধৰা যায়।

ড্ৰেগন ফলৰ বংশবিস্তাৰ পদ্ধতি

অংগজ প্ৰণালী বা বীজৰ যোগেৰে ড্ৰেগন ফলৰ বংশ বিস্তাৰ কৰা হয়। বীজৰ পৰা পুলি তৈয়াৰ কৰি ফল উৎপাদন কৰা প্ৰক্ৰিয়াটো খুবেই দীঘলীয়া, সেয়েহে মুখ্যত: অংগজ প্ৰণালীৰে ড্ৰেগন ফলৰ বংশবিস্তাৰ কৰা হয়। এনে কৰিলে অতি সোনকালে ফল ধৰে। কাটিঙৰ পৰা উৎপন্ন হোৱা গছৰ পৰা ফল পাবলৈ প্রায় ১২-১৮ মাহ সময় লাগে। সাধাৰণতে, পুৰণি আৰু কঠিন কাণ্ডবোৰ ২০-২৫ ছে.মি. দীঘলীয়াকৈ কাটি লৈ ৰোপণৰ দুদিন আগত ভেঁকুৰনাশক‌ আৰু শিপাবৃদ্ধিকাৰী হৰম’নেৰে পৰিশোধন কৰি ল’ব লাগে৷ সঠিক পৰিৱেশত আৰু প্ৰয়োজনীয়তা অনুসৰি এই কাণ্ডবোৰ আগতীয়াকৈ সাজু কৰি ৰখা ভূমিত তৈয়াৰ কৰি লোৱা গাঁতবোৰত পোনপটীয়াকৈ ৰোপণ কৰা হয়। কিছু ক্ষেত্ৰত ১২ x ৩০ ছে.মি.ৰ পলিথিন বেগতো ইয়াক ৰোপণ কৰা হয় (ফটো নং ৩)। প্ৰায় ২০-৩০ দিনৰ পিছত শিপাবোৰ ভালদৰে বৃদ্ধি হ’বলৈ ধৰে।

ফটো ৩ : সাজু কৰি থোৱা কাণ্ডৰ পৰা প্ৰস্তুত কৰা কাটিঙবোৰ।

সাৰ প্রয়োগ

ড্ৰেগন ফলৰ প্ৰতিজোপা গছত ১০-১২ কি.গ্ৰা. জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে আৰু প্ৰত্যেক বছৰত সাৰৰ পৰিমাণটো ২ কি.গ্ৰা. কৈ বঢ়াই দিব লাগে। ড্ৰেগন ফলৰ গছজোপা বাঢ়ি অহাৰ লগে লগে তলত উল্লেখিত ধৰণে সাৰ প্রয়োগ কৰিব লাগে:-

১) গছৰ বয়স ১ ৰ পৰা ৩ বছৰ হোৱালৈ প্ৰতি বছৰে প্রয়োগ কৰিব লগা সাৰৰ পৰিমাণ এনে ধৰণৰ : গোৱৰ সাৰ ৪০-৫০ কি.গ্ৰা., ইউৰিয়া ৩০০ গ্ৰাম, টি এছ পি ২৫০ গ্ৰাম, এম অ’ পি ২৫০ গ্ৰাম।

ঠিক সেইদৰে,

২) ৩-৬ বছৰ হ’লে গোৱৰ সাৰ ৫০-৬০ কি.গ্ৰা., ইউৰিয়া ৩৫০ গ্ৰাম, টি এছ পি ৩০০ গ্ৰাম, এম অ’ পি ৩০০ গ্ৰাম।

৩) ৬-৯ বছৰ হ’লে গোৱৰ সাৰ ৬০-৭০ কি.গ্ৰা., ইউৰিয়া ৪০০ গ্ৰাম, টি এছ পি ৩৫০ গ্ৰাম, এম অ’ পি ৩৫০ গ্ৰাম।

৪) ১০ বছৰৰ উর্দ্ধৰ হ’লে গোৱৰ সাৰ ৭০-৮০ কি.গ্ৰা., ইউৰিয়া ৫০০ গ্ৰাম, টি এছ পি ৫০০ গ্ৰাম, এম অ’ পি ৫০০ গ্ৰাম।

ড্ৰেগন ফলৰ খেতি কৰা ভূমিভাগ অপতৃণ মুক্ত কৰি ৰাখিব লাগে আৰু প্ৰয়োজন হ’লে নিয়মীয়া জলসিঞ্চন কৰিব লাগে। গছজোপা ৰোপণ কৰাৰ পিছত ১.৫ ৰ পৰা ২.৫ মিটাৰ দীঘল হ’লে প্রতিটো গাঁতৰ চাৰিওডাল পুলিত ৪ মিটাৰমান দীঘল খুঁটি (চিমেণ্ট বা মজবুত বাঁহৰ) পুতি দিব লাগে। যেতিয়া গছজোপা ডাঙৰ হয়, ইয়াক নাৰিকলৰ ৰচীৰে বান্ধিব লাগিব যাতে খুঁটিৰ সহায় লৈ বাঢ়ি যাব পাৰে (ফটো নং ৪) ৷

ফটো ৪ : ড্ৰেগন ফলৰ গছৰ শ্ৰীবৃদ্ধিৰ বাবে খুঁটিৰ প্ৰয়োজন।

ড্ৰেগন খেতিত পুলি ৰোপণৰ পৰা হিচাপ কৰিলে ১ৰ পৰা ১.৫ বছৰৰ ভিতৰত ফল চপাব পাৰি (ফটো নং ৫)। ফুল ফুলাৰ পৰা ৩০ দিনৰ ভিতৰত ফলবোৰ পৰিপক্ক হৈ উঠে। যেতিয়া ফলৰ বহিঃআৱৰণী সেউজীয়াৰ পৰা সম্পূৰ্ণ ৰঙা ৰঙলৈ পৰিৱৰ্তিত হয় তেতিয়া ইয়াক চিঙিব লাগে।  ফলবোৰ বছৰত ৫-৬টা পৰ্যায়ত সংগ্ৰহ কৰিব পাৰি। প্ৰথমতে জুন-অক্টোবৰ আৰু দ্বিতীয়তে ডিচেম্বৰ-জানুৱাৰী। ৰোপণৰ তৃতীয় বছৰলৈ প্ৰতি হেক্টৰত ১২-১৫ টন গড় উৎপাদন আশা কৰিব পাৰি।

ড্ৰেগন ফলৰ ৰোগ আৰু অনিষ্টকৰ কীট : নিৰাময়ৰ নিদান

ব্যৱসায়ভিত্তিক খেতিত শস্যৰ বেমাৰৰ প্রতিৰোধ আৰু প্ৰতিকাৰৰ বিষয়টো অতি গুৰুত্বপূর্ণ। এইক্ষেত্ৰত আগতীয়াকৈ সজাগতা অৱলম্বন কৰা উচিত, অন্যথা শস্য নষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিয়ে৷ ড্রেগন ফলত হ’ব পৰা কেইবিধমান বেমাৰ আৰু তাৰ উপশমৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে।

শিপা পচা ৰোগ

যেতিয়া গছজোপাৰ গুৰিত অতিৰিক্ত পানী জমা হয়, গুৰিটো পচিবলৈ আৰম্ভ হয়৷ এই ৰোগটো Fusarium নামৰ ভেঁকুৰৰ দ্বাৰা হয়। এই ৰোগ হ’লে গুৰিটো অলপ অলপকৈ মাটিৰ তললৈকে গোটেই শিপাখিনি পচি যায়। পিছত যেতিয়া গছজোপা ওপৰলৈ টানি অনা হয়, তেতিয়া মূল অবিহনে কেৱল গছডালহে ওপৰলৈ উঠি আহে। সেয়েহে ইয়াৰ পৰা হাত সাৰিবলৈ ওখ তথা উৰ্বৰ ভূমিত ড্ৰেগন ফলৰ খেতি কৰা যুগুত।

কাণ্ড পচা ৰোগ

এই ৰোগ ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হ’ব পাৰে। এই ৰোগে আক্ৰমণ কৰিলে গছজোপা প্ৰথমে হালধীয়া হৈ ক’লা পৰি যায় আৰু ক্ৰমান্নয়ে আক্ৰান্ত অংশটো পচিবলৈ আৰম্ভ কৰে। লাহে লাহে পচাৰ পৰিমাণ বাঢ়ি গৈ থাকে। ইয়াক প্ৰতিৰোধ কৰিবলৈ ভেঁকুৰনাশক (বেভিষ্টিন, ৰিডোমিল, থিওভিট আদি) প্ৰতি লিটাৰ পানীত ২ গ্ৰাম মিহলি কৰি স্প্ৰে কৰিব লাগে।

কীটপতংগ বা মকৰাৰ আক্ৰমণ

শোহনি পোক যেনে থ্ৰীপছ, মিলিবাগ আদি ড্ৰেগন ফলৰ বাবে অতি ক্ষতিকাৰক। এনে কীটে গছৰ কোমল অংশ আৰু পাত চুহি খায়৷ ফলত গছৰ শাখা আৰু পাতৰ ৰং হালধীয়া হৈ পৰে লগতে গছজোপা দুৰ্বল হৈ পৰে। তদুপৰি ইহঁতে sooty mold নামৰ ক’লা পৰা এটা ৰোগ সৃষ্টি কৰিব পাৰে, যি উদ্ভিদৰ খাদ্যৰ উৎপাদন হ্রাস কৰে। তাৰফলত ফুল আৰু ফলৰ উৎপাদন কমি যায়। এই কীটৰ পৰা হাত সাৰিবলৈ, চুমিথিয়ন বা মালাথিয়ন কীটনাশক প্ৰতি ১০ লিটাৰ পানীত ২৫ মি:লি: বা ৫ কাপ পানীত ভালদৰে মিহলাই স্প্ৰে কৰিব লাগে।

ফটো ৫ : মনোমোহা পূৰ্ণাংগ ফলৰে সৈতে গছবোৰ।

ড্ৰেগন ফলৰ গুণাগুণ

ড্রেগন ফলত ভিটামিন C, প্ৰ’টিন, কেলচিয়াম, খনিজ পদাৰ্থ আৰু যথেষ্ট পৰিমানে আঁহজাতীয় পদাৰ্থ পোৱা যায়।খোৱাৰ উপযুক্ত প্ৰতিটো ১০০ গ্ৰাম ওজনৰ ড্রেগন ফলত নিম্নলিখিত পুষ্টি উপাদানসমূহ পোৱা যায়:

  • পানী – ৮০-৯০ গ্ৰাম
  • শর্কৰা- ৯-১০ গ্ৰাম
  • প্ৰ’টিন – ০.১৫-০.৫ গ্ৰাম
  • আঁহ – ০.৩৩ -০.৯০গ্ৰাম
  • শক্তি – ৩৫-৫০ কেল’ৰি
  • চৰ্বি – ০.১০-০.৬০ গ্ৰাম
  • কেলচিয়াম – ৬-১০ মিলি গ্ৰাম
  • লো – ০.৩-০.৭ মি.গ্ৰা
  • ফছফৰাছ – ১৬-৩৫ গ্ৰাম
  • কেৰোটিন (ভিটামিন A সামান্য পৰিমানে থাকে )
  • ভিটামিন B- ০.২-০.৪ মি.গ্রা.

সুস্বাস্থ্যৰ গঠনত ড্রেগন ফলৰ ভূমিকা

ড্ৰেগন ফলত বিটা-কেৰ’টিন আৰু লাইক’পিন থাকে। কেৰ’টিন’ইড সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগ আৰু হৃদৰোগৰ আশংকা হ্ৰাস পায়। লগতে ই দেহত শর্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ড্ৰেগন ফলত এক প্ৰাকৃতিক এণ্টি-অক্সিডেণ্টৰ লগতে ফ্লেভ’ন’ইড, পেনোলিক এচিড, এচকৰ্বিক এচিড আৰু ফাইবাৰ থাকে। এই সকলোবোৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ড্ৰেগন ফল হৃদযন্ত্ৰৰ বাবেও লাভজনক। ড্ৰেগন ফলত পোৱা সৰু ক’লা বীজবোৰ হৈছে অমেগা-3 আৰু অ’মেগা-9 ফেটি এচিডৰ ভাল উৎস, যি হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। তদুপৰি ড্ৰেগন ফলে কলেষ্টেৰ’ল, ট্ৰাইগ্লিচাৰ’ইড আৰু নিম্ন ঘনত্বৰ লিপোপ্ৰ’টিন হ্ৰাস কৰিব পাৰে। যাৰ বাবে দেহত আন ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে ৷

 পাকস্থলীৰ সমস্যাতো ড্ৰেগন ফলে ইতিবাচক ফল দেখুৱায়। ড্ৰেগন ফলে পৰিপাক প্ৰক্ৰিয়াটো শক্তিশালী আৰু স্বাস্থ্যকৰ কৰি ৰাখে। ই পাকস্থলী আৰু অন্ত্ৰৰ উপকাৰী মাইক্ৰোবায়োমৰ বৃদ্ধিত সহায় কৰে। ই পাকস্থলী আৰু অন্ত্ৰৰ বিকাৰ আঁতৰ কৰাত সহায় কৰাৰ লগতে পাকস্থলী আৰু অন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাত ইতিবাচক ভূমিকা গ্ৰহণ কৰে। কথাটো স্বাভাবিক, কিয়নো ড্ৰেগনৰ ফলবোৰ আঁহ আৰু বহুতো ভিটামিনসমৃদ্ধ, যি দেহৰ পাচন প্ৰণালী উন্নত কৰাত সহায় কৰিব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো ড্ৰেগন ফলে সহায় কৰে। ড্ৰেগন ফলত থকা ভিটামিন C য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। তদুপৰি ড্ৰেগন ফলে হাড় আৰু দাঁতৰ গঠন শক্তিশালী কৰে। কেলচিয়াম আৰু ফছফৰাছৰ এক ভাল উৎস হোৱা বাবে, ই হাড় আৰু দাঁতৰ বাবে লাভজনক বুলি প্ৰমাণিত হৈছে। ড্ৰেগন ফলত থকা মেগনেছিয়াম হাড় আৰু দাঁতৰ সুস্বাস্থ্যৰ বাবে অতি কাৰ্যকৰী উপাদান।

Leave a Reply

Your email address will not be published. Required fields are marked *