দুৰ্ভাগা দেশ-(মূল: ৰবীন্দ্ৰ নাথ ঠাকুৰ, অনুবাদ: মাইনুদ্দিন)
হে মোৰ দুৰ্ভগীয়া দেশ, যিসকলক কৰিছা অপমান
অপমান হ’ব লাগিব সেইসকলৰ সমান
মানুহৰ অধিকাৰ
বঞ্চিত কৰিছা যাক
সন্মুখত থিয় হৈ থাকিব দি কোলাত স্থান দিয়া নাই
অপমান হ’ব লাগিব সেইসকলৰ সমান।
মানৱিক স্পর্শৰ পৰা প্রতিদিন দূৰলৈ পঠিয়াই
ঘিণ কৰিছা মানুহৰ অন্তৰৰ ভগৱানক
বিধাতাৰ ৰুদ্রৰোষত
দুর্ভিক্ষৰ দ্বাৰত বহি
ভাগ কৰি খাব লাগিব অন্ন সকলোৰে লগত
অপমান হ’ব লাগিব সেইসকলৰ সমান।
তোমাৰ আসনৰ পৰা য’লৈকে ঠেলি দিয়া হ’ল
তাতেই শক্তি প্রয়োগেৰে নির্বাসন দিলা অৱহেলাত
পদতলত লুন্ঠিত হৈ
ধূলিৰ লগত উৰি যায়
সেই নিম্ন স্থানত নামি আহা, নহ’লে পৰিত্ৰাণ নাই
অপমান হ’ব লাগিব সেইসকলৰ সমান।
যাক তুমি তলত পেলাই দিছা, সিয়ে তোমাক তলত বান্ধিব
পিছত ৰাখিছা যাক সিয়ে তোমাক পিছলৈ টানিব
অজ্ঞানৰ অন্ধকাৰত
লুকাই ৰাখিছা যাক
তোমাৰ উন্নতি আচ্ছন্ন কৰি ব্যৱধান সৃষ্টি কৰিছে
অপমান হ’ব লাগিব সেইসকলৰ সমান।
শ শতাব্দী জুৰি শিৰত অসন্মানৰ বোজা
মানৱৰ মাজৰ ভগৱানক নকৰা নমস্কাৰ
তথাপি চকু নত কৰি
চাব পোৱা নেকি
ধূলিত নামি আহিছে হীন পতিতৰ ভগৱান
অপমান হ’ব লাগিব সেইসকলৰ সমান।
তুমি দেখা নোপোৱা নে মৃত্যুদূত দুৱাৰত
অভিশাপ আঁকি দিলে তোমাৰ জাতিৰ অহংকাৰত
সকলোকে যদি এতিয়াও নামাতা
এতিয়া আঁতৰি থাকা
নিজকে অভিমানেৰে চাৰিওফালে মেৰিয়াই ৰাখা
মৃত্যু মাজতে হ’ব কিন্তু চিতাভস্ম সকলোৰে সমান।