কেন্দ্ৰীয় নিবন্ধনিবন্ধ

দুৰ্দশাগ্ৰস্তৰ অৰ্থনীতিত কৰ্প’ৰেটতন্ত্ৰ -(মছউদুল হক)

অৰ্থনীতিৰ উঠা-নমা সাধাৰণ দৃষ্টিতে চকুত পৰা ঘটনা। কিন্তু বেছ ৰহস্যজনক। ঠিক কি কাৰণত হয় ব্যাখ্যা কৰিব পৰা তত্ত্ব এতিয়াও নাই। আদাম স্মিথে ভাবিছিল যোগান ঠিকে থাকিলে চাহিদা থাকিবই। কল-কাৰখানা চলি থাকিব। নিযুক্তিৰ সুযোগ বাঢ়ি গৈ থাকিব। কোনো নিবনুৱা হৈ নাথাকিব। প্রথম মহাযুদ্ধ আৰু স্পেনিছ ফ্লুৰ ধ্বংসলীলাৰ পাছত ছবিখন বিপৰীত হৈ গ’ল। কুৰি শতিকাৰ ত্ৰিশৰ দশকত বিশ্বজুৰি মহামন্দা। যোগান আছে, চাহিদাও আছে, কিন্তু কিনিবলৈ মানুহৰ হাতত ধন নাই। ভয়ংকৰ নিবনুৱা সমস্যাৰ ফলত সাধাৰণ মানুহৰ ক্রয় ক্ষমতা নাই। মঞ্চত অৱতীৰ্ণ হ’ল মেইনাৰ কেইঞ্জ আৰু তেওঁৰ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ তত্ত্ব।
কেইঞ্জে দেখুৱালে ৰাষ্ট্ৰই গাঁত খন্দাই আকৌ পুতিলেও বনুৱাৰ হাতলৈ ধন আহিব। ক্রয় ক্ষমতা বাঢ়িব আৰু অর্থনীতি সচল হ’ব। গাঁত খান্দি পোতাৰ ঠাইত যদি আন্তঃগাঁথনিৰ উন্নতিৰ পৰিকল্পিত ব্যৱস্থা কৰিব পৰা যায়, তেতিয়া কিছুমান দীর্ঘম্যাদী সুফললোভী সাধাৰণ মানুহ উপকৃত হ’ব। একেবাৰে সহজ দিহা। দেশে-দেশে তাকে কৰিবলগীয়া হ’ল। নিবনুৱাৰ সংখ্যা কমিল। সৰ্বসাধাৰণৰ ক্ৰয় ক্ষমতা বাঢ়িল। অৰ্থনীতিৰ গতি মসৃণ হ’ল। দুটা দশকৰ পাছতে অৰ্থনীতিত আকৌ আউল লাগিল। দ্বিতীয় মহাযুদ্ধই বিধ্বস্ত কৰি থৈ গ’ল বহু দেশৰ আন্তঃগাঁথনি। ইংলেণ্ড, ফ্রান্স, জার্মানী, ইটালী ধ্বংসস্তূপ। ইমান মানুহ মৰিল যে বাচি থকা এমুঠি কল-কাৰখানা চলাবলৈকো মানুহ নাই। ৰাষ্ট্ৰ দেউলীয়া। জাপানো আধামৰা। ছোভিয়েট ৰুছিয়াৰ অস্বচ্ছ ছবি হ’লেও সেই অৱস্থাই অৱধাৰিত। আমেৰিকা যুক্তৰাজ্যৰহে নিজৰ ভূমিত ক্ষয়-ক্ষতি নাই। তেওঁলোকৰ অৰ্থনীতিত আঁচোৰ নপৰিল। আহি গ’ল ফ্রীডমেনৰ তত্ত্ব। ৰাষ্ট্ৰৰ হস্তক্ষেপ নহয়, মুক্ত বাণিজ্য আৰু পুঁজিৰ অবাধ গতি স্বীকৃত হ’ব লাগিব। বিশ্ব অর্থনীতিৰ কেন্দ্ৰ লণ্ডনৰ ঠাইত নিউয়র্ক। ৱৰ্ল্ড বেংক আৰু আই এম এফ প্রতিষ্ঠা হ’ল, বিশ্ব অর্থনীতিৰ নীতি-নিৰ্দেশনা প্ৰস্তুত হ’ল। ফ্ৰীডমেনৰ ‘মণিটাইজেচন’ তত্ত্বই প্ৰতিষ্ঠা লাভ কৰিলে।
মজাৰ কথা হ’ল, আজিও অর্থনীতিৰ থৰক-বৰক অৱস্থা হ’লে আহি যায় কেইঞ্জ নতুবা ফ্রীডমেন। কিন্তু আই এম এফৰ পছন্দ ফ্রীডমেন। পুঁজিৰ আন্তঃৰাষ্ট্ৰীয়কৰণ সর্বত্র, কিন্তু শ্রমিক আদৰণীয় নহয়। আই এম এফে বিশ্বৰ দেশবোৰক চাৰিটা গোটত ভাগ কৰিছে। বৃহৎ চাৰিত আছে আমেৰিকা, ইউৰো অঞ্চল, চীন, জাপান। এই চাৰিৰ মুঠ উৎপাদন পৃথিৱীৰ মুঠ উৎপাদনৰ আধাতকৈ বেছি। লকডাউনৰ মাজতো তেওঁলোকৰ বৃদ্ধি এক শতাংশ বা তাতকৈ সামান্য বেছি। ভাৰত, ৰুছিয়া, মেক্সিকো, ব্রাজিল আৰু দক্ষিণ আফ্ৰিকাৰ নিজৰে বৃহৎ বজাৰ থকা বাবে তেওঁলোকৰ বৃদ্ধি অলপ বেছি আছিল। কিন্তু ভাৰতত শাসক দলৰ দক্ষতাৰ অভাৱত কেইটামান আত্মঘাতী ব্যৱস্থা গ্ৰহণ কৰি ৬/৭ দশকজুৰি গঢ়ি তোলা অৰ্থনীতিৰ ভেটিটোত কুঠাৰাঘাত কৰি থকা হৈছে।
অভাৱী মানুহৰ অৰ্থনীতিঃ-
বর্তমান দেশৰ অৰ্থনীতি অসুস্থ। সাধাৰণ মানুহৰ ভীষণ দুৰৱস্থা। তেওঁলোকৰ চৰম দুৰ্গতিৰ বিপৰীতে নিয়মীয়াকৈ দা-দৰমহা পাই থকাসকল সৌভাগ্যৱান। দেশৰ ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ পৰা হাজাৰ-হাজাৰ কোটি টকাৰ ঋণ লৈ বিদেশত মজা কৰি গা ঘেলাই ফুৰিব পৰাসকলৰো মজাই মজা। দয়ালু চৰকাৰে বহু লক্ষ কোটি টকাৰ ঋণ মাফ কৰি দিছে। হাৰাশাস্তিৰ ভয়ত বেংকবোৰে ঋণ দিবলৈ আগনবঢ়া হৈছে। চৰকাৰে ঋণ সহজলভ্য কৰিবলৈ ইটোৰ পাছত সিটো সুবিধা দিছে। কিন্তু বিনিয়োগকাৰীৰ আগ্ৰহ নাই। কাৰণ চাহিদা নাই। বৃহৎ পৰিমাণৰ ঋণ লৈছে চৰকাৰৰ অনুগ্ৰহপ্ৰাপ্ত ‘ক্ৰনী কেপিটেলিষ্ট’-এ। ক্ষুদ্ৰ ঋণ লৈছে শাসক দলৰ জনাজাত ভক্ত আৰু সমৰ্থকে।
আচল কথাটো হ’ল ভোগ্যপণ্যৰ চাহিদা নাই । কিয় নাই? উত্তৰটো জানিবলৈ মন কৰিব লাগিব কোনে কি কিনে। উপাৰ্জনৰ ফালৰ পৰা আটাইতকৈ তলৰ ৬০-৭০ শতাংশ মানুহে খাদ্য- সামগ্রীতে উপাৰ্জনৰ সৰহখিনি খৰচ কৰে। তাৰ পাছত? কিনিব কম দামৰ তেল-চাবোন, বাচন-বর্তন, মগ-বাল্টি, পোছাক-পৰিচ্ছদ। কাঠৰ খাট, প্লাষ্টিকৰ চকী। অনিয়মীয়া বিদ্যুতৰ কাৰণে মম-জুইশলা, টর্চ, চাৰ্জাৰ লাইট। ম’বাইল এটা, ফেন এখন, কাচিৎ এটা টিভি। এই সকলো মানুহেই অ-সংগঠিত খণ্ডত কাম কৰে। মিস্ত্ৰী, যোগালি, শ্রমিক, ৰিক্সা-ঠেলাচালক, ড্ৰাইভাৰ-হেণ্ডিমেন, ৰং কৰা শ্রমিক, চাইকেল-ঠেলাগাড়ী মেৰামতিৰ শ্রমিক, মুটিয়া, ছেলছমেন। প্রাপ্ত কৃষক আৰু ক্ষুদ্ৰ বেপাৰী, ফেৰীৱালা আৰু কৃষি শ্রমিকো তেওঁলোকৰ লগৰীয়া। অ-সংগঠিত খণ্ডৰ এই মানুহবোৰে যিমান উপাৰ্জন কৰে প্ৰায় সিমানেই খৰচ কৰিবলৈ বাধ্য হয় ভোগ্যপণ্যত। স্পষ্ট কথাত সাধাৰণ বজাৰখন চলাই ৰাখে নিম্ন আয়ৰ মানুহবোৰে। তেওঁলোকৰ ক্ৰয়ক্ষমতা বঢ়া মানে বজাৰত চাহিদা বঢ়া। অৰ্থনীতি সচ্ছল হোৱা।
মধ্যবিত্ত বুলি কোৱা চাকৰিজীৱী, বৃত্তিজীৱী,
ক্ষুদ্র-মজলীয়া ব্যৱসায়ী, ক্ষুদ্র উদ্যোগীয়ে আয়ৰ ডাঙৰ অংশ সঞ্চয় কৰে। বীমা, পি এফ, আৰ ডি । তেওঁলোকে মাটি-সম্পত্তি, ঘৰ-আচবাব পত্র, বিলাসী সামগ্রী, গাড়ী, প্রসাধন সামগ্ৰীত খৰচ কৰে। উপাৰ্জনৰ ফালৰ পৰা ওপৰত থকা দহ শতাংশই সা-সম্পত্তি, সোণ-হীৰা, বিনিয়োগ আৰু বিদেশী দ্রব্যত ধন ব্যয় কৰে। এই ছবিখন মনত ৰাখিলে দেখিব বজাৰখন চলাই ৰাখে নিম্নতম আয়ৰ মানুহবোৰে। অভাৱ-অভাৱ বুলি হা-হুমুনিয়াহ কাঢ়ি সুবিধাৰ সুৰুঙা বিচাৰি ফুৰে মধ্যবিত্তই। বিনিয়োগৰ নামত আচল সুবিধা, কৰ মাফ, ঋণৰ সহজ সুবিধা, ছাবছিডি লাভ কৰি থাকে উচ্চবিত্তই। নিম্নবিত্তৰ ৰোগ-ব্যাধি, বিয়া-সকাম, সতি-সন্ততি বেছি। হাইজিন, সুষম আহাৰৰ অভাৱ আৰু ঠেক বাসস্থলীৰ ফলত, ধোঁৱা-ধূলিৰ ফলতো আয়ুস টুটে। ধাৰ-ঋণ সুদখোৰৰ উৎপাতত আত্মহননৰ পথো ল’বলগীয়া হয়। বিদেশত উপাৰ্জন কৰা মিস্ত্ৰী-যোগালিৰ ধনেৰে কেৰালা সাধাৰণ মানুহৰ চিকিৎসা আৰু শিক্ষাত খৰকৈ আগবাঢ়িছে। এসময়ত পঞ্জাব আৰু এতিয়াও গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত সাধাৰণ মানুহৰ জীৱনৰ মান উন্নত হৈছে তেনেদৰে।
অসাম্য, বৈষম্য, বিভেদঃ-
লুকাছ ছানচেল আৰু টমাছ পিকেটিৰ গৱেষণা গ্ৰন্থ
‘Indian Income Inequality’ত ভাৰত চৰকাৰৰ তথ্য-পাতিৰ পৰাই বহু মজাৰ খবৰ বিশ্লেষণ কৰা হৈছে। ১৯৫১-৮০ এই তিনি দশকত সমাজবাদী পৰিকল্পনাত যথেষ্ট গুৰুত্ব দিয়া হৈছিল। ভাৰতীয় পুঁজিপতিৰ তেতিয়া পুঁজিৰ অভাব আছিল। পশ্চিমীয়া বিনিয়োগকাৰীৰ ভয় আছিল নেহৰুৰ গোষ্ঠী নিৰপেক্ষতালৈ। ফলত বিনিয়োগ কম আছিল। তাৰ মাজতো দেশৰ উদ্যোগ, যাতায়াত, ৰে’ল, বিদ্যুৎ, জলসিঞ্চন, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত মজবুত গাঁথনি এটা গঢ়ি উঠিছিল। সেই তিনি দশকত নিম্নতম আয়ৰ ৭০ শতাংশ মানুহৰ গড় আয় বাঢ়িছিল বছৰি ২.২ শতাংশকৈ। উচ্চতম ১০ শতাংশৰ বাঢ়িছিল ১.২ শতাংশ হাৰত। অতি চহকী পাঁচ লাখজনৰ বাঢ়িছিল ২ শতাংশকৈ। সেই সময়ছোৱাত উচ্চতম আয়ৰ ১০ শতাংশৰ হাতত আছিল মুঠ জাতীয় আয়ৰ ১২-১৫ শতাংশ। নিম্নতম আয়ৰ মানুহৰ হাতত আছিল ২৪-২৫ শতাংশ।
নোট বাতিলৰ ঠিক আগৰ ছবিখন সম্পূর্ণ ওলোটা। নিম্নতম আয় কৰা ৭০ শতাংশৰ হাতলৈ আহিছে মুঠ জাতীয় আয়ৰ ১০ শতাংশ। উচ্চতম আয়ৰ ১০ শতাংশৰ হাতলৈ মুঠ জাতীয় আয়ৰ ৭৫ শতাংশ। একেবাৰে ওপৰৰ ১ শতাংশৰ হাতলৈকে আহিছে ৫০ শতাংশৰ অধিক। নোট বাতিল, খুঁতযুক্ত জি এছ টি আৰু ২০২০ ৰ লকডাউনৰ খুন্দাত নিম্নতম আয়ৰ মানুহবোৰৰ জীৱন-জীৱিকা বিধ্বস্ত হ’ল। ২০২১ ৰ অৱস্থাটো আৰু বেছি পুতৌজনক। কিন্তু এই সময়ছোৱাত অতি চহকীৰ আয় বৃদ্ধিৰ গতি বেছি খৰ হৈছে। আম্বানিৰ আয় বাঢ়িছে দিনে গড়ে ২,২০০ কোটি টকাকৈ। আদানিৰ প্ৰায় এহেজাৰ কোটি টকাকৈ। আমাৰ চৰকাৰৰ কৃপাত সাধুকথাৰ আলাউদ্দিনৰ চাকিটো তেওঁলোকৰ হাতত। ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ শ্রমিক সৰ্বস্বান্ত। সংগঠিত খণ্ডৰ শ্রমিক-কৰ্মচাৰী কৰ্মহীন, নিবনুৱা। কোভিডে অনা লকডাউনতো চৌদিশে নিযুক্তি আৰু ব্যৱসায়ত মৃত্যু ঘণ্টা দেখা গৈছে।
এনে চৰম অসাম্যৰ পাছতো কৃষকৰ বাহিৰে আনসকলে সংগঠিত সংঘবদ্ধ আন্দোলনত নামিব পৰা নাই। ছেগা-চোৰোকাকৈ চিঞৰ-বাখৰ কৰি এনে বৃহৎ আন্তঃৰাষ্ট্ৰীয় শোষণ চক্ৰ আৰু তাৰ অনুগামী চৰকাৰৰ গাৰ নোম এডালো লৰাব নোৱাৰি। স্বচ্ছ ৰাজনীতিৰ অস্বচ্ছতাঃ- এসময়ত চীন বা ছোভিয়েট ৰুছিয়াৰ উন্নয়নৰ পৰিসংখ্যা বিশ্বাসযোগ্য নাছিল। এতিয়া তেনে নহয়। অতীতত ভাৰতৰ পৰিসংখ্যা বিশ্বৰ ঈৰ্ষাৰ কাৰণ আছিল। উন্নয়নৰ গতি ৩-৪ শতাংশৰ বেছি নাছিল। কিন্তু নেহৰুজীৰ প্ৰিয় পৰিসংখ্যাবিদ মহলানবীচে গঢ়ি থৈ যোৱা পৰিসংখ্যা বিজ্ঞানৰ গাঁথনি নতুনকৈ স্বাধীন হোৱা দেশবোৰৰ আদৰ্শ আছিল। মনমোহন সিঙৰ আমোললৈকে ভাৰতৰ গণতন্ত্রই সৃষ্টি কৰা অনুষ্ঠানবোৰৰ স্বাধীনতা অক্ষুণ্ণ আছিল। আৰ এছ এছৰ ভক্তসকল যেতিয়াই মঞ্চত বহিল, তেনে স্বাধীনতা বিপন্ন হ’ল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ পৰা অৰ্থনৈতিক উপদেষ্টা পর্যন্ত ইজনৰ পাছত সিজনে পদত্যাগ কৰিবলৈ বাধ্য হ’ল। পৰিসংখ্যা বিভাগৰ প্ৰধানেও পদত্যাগ কৰিবলগীয়া হ’ল।
২০১৯ চনৰ নিৰ্বাচনৰ আগেয়ে ‘অর্থনৈতিক সমীক্ষা’ প্রকাশ কৰিবলৈকে দিয়া নহ’ল। বহুত পাছত প্ৰকাশ পোৱা ২০১৭-১৮ৰ Periodic Labour Force Surveyত দেখা গ’ল দেশত নিবনুৱাৰ সংখ্যা যোৱা ৪৫ বছৰৰ ভিতৰতে সর্বাধিক হৈছে। ইফালে, বছৰি দুই কোটিকৈ শ্ৰম উপযুক্ত যুৱক-যুৱতী নতুনকৈ ওলায়ে আছে। ভাৰতীয় পৰিয়ালৰ ভোগ্য পণ্যত ব্যয়ৰ সমীক্ষাও প্ৰকাশ হ’বলৈ নিদিলে। পিছে এতিয়া দেখা গৈছে ২০১১-১২ চনৰ তুলনাত ২০১৮-১৯ চনত মাহিলি ব্যয় ১০ শতাংশ কমিছে। দামবৃদ্ধিৰ লগত ৰিজাই চালে এই হ্রাস প্রায় ৫০ শতাংশ। সহজ কথাত ২০১২ চনত যিমান পৰিমাণৰ খাদ্য আৰু আন আৱশ্যকীয় দ্রব্য এটা পৰিয়ালে কিনিব পাৰিছিল ২০১৯ চনত তাৰ আধাহে কিনিব পাৰিছে। কি বিৰাট উন্নয়ন! আৰু স্বচ্ছতা ক’ত?
চকু কাণ খুলি লক্ষ্য কৰিলে দেখিব আমাৰ ওচৰ-পাঁজৰৰ গাঁওবোৰৰ বহু যুৱক আছেগৈ কেৰালাত, বেংগালুৰু আৰু হায়দৰাবাদ- ছেকেন্দ্ৰাবাদত। তেওঁলোকৰ সংখ্যা কিমান ? দুই লাখৰ অধিক হ’ব। কিন্তু চৰকাৰে নাজানে । বংগৰ কুৰি লাখমান আছে বহিঃৰাজ্যত। আটাইতকৈ বেছি আছে বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, অন্ধ্র-তেলেংগানাৰ শ্রমজীৱী। তেওঁলোকৰ সংখ্যা দহ কোটিমান হ’ব পাৰে। ২০২০ আৰু ২০২১-ৰ লকডাউনে দেখুৱালে এই মানুহবোৰৰ দুখজনক অৱস্থা। অ-পৰিকল্পিত, চিন্তাহীন, স্বেচ্ছাচাৰী ব্যৱস্থাৰ ফলত লাখ লাখ মানুহৰ চৰম দুৰ্গতি। উচ্চতম ন্যায়লয় আৰু বিৰোধীৰ হেঁচাত চৰকাৰে সামান্য ব্যৱস্থা ল’বলৈ বাধ্য হ’ল। কিন্তু কোনো পৰিসংখ্যা নাই।
মানৱ উন্নয়ন বিশেষজ্ঞ ইৰুলায়া ৰাজন আৰু আৰ ডি ভগতে Internal Migration in Indiaত (২০২১ৰ ফেব্ৰুৱাৰীত প্ৰকাশিত) দেখুৱাইছে বহিঃৰাজ্যলৈ বোৱা শ্ৰমজীৱীৰ সোঁত দুই ধৰণৰ। কৃষিখণ্ড, নিৰ্মাণ খণ্ড আৰু গৃহকৰ্মত যোগ দিয়াসকলৰ সংখ্যা পশ্চিম আৰু উত্তৰ ভাৰততে বেছি। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হোটেল-ৰেস্তোৰাঁ, মল আদিত কৰ্মৰতসকল দক্ষিণত। ২০২১ৰ লোকপিয়লত দেখা গৈছে এইবোৰ অঞ্চলত চহৰীয়া জনসংখ্যাৰ ৪৬ শতাংশই বহিঃৰাজ্যৰ।
বিশেষজ্ঞ দুজনে শ্রম আইন দুৰ্বল কৰা ব্যৱস্থাৰ কথা কৈছে। লকডাউনৰ সুবিধাত ২০২০-ত চৰকাৰে লোৱা ব্যৱস্থাত এই বিপুল সংখ্যক প্রব্রজিত শ্রমিকৰ প্ৰতি ৰাষ্ট্ৰৰ কোনো দায়িত্ব নাই । তেওঁলোকৰ পঞ্জীয়ন নাই, সংগঠন নাই, স্বাস্থ্য ব্যৱস্থা, সন্তানৰ শিক্ষা, বীমা, বেংকৰ সুবিধা ইত্যাদি একো নাই। কেৰালাতহে সামান্য সুবিধা দিয়া হৈছে। থকা ঠাইৰো নিশ্চয়তা নাই। আছে কেৱল দুর্ভোগ। কিন্তু দেশৰ অৰ্থনীতিলৈ তেওঁলোকৰ প্রভূত বৰঙণি। আটাইতকৈ মজাৰ কথাটো হ’ল জনপ্রতিনিধি আৰু দেশৰ জনতাৰ সন্মতি নোহোৱাকৈ দেশৰ স্বাৰ্থৰ পৰিপন্থী অর্থনৈতিক পৰিৱৰ্তন চলোৱা হৈছে। সাত দশকত তিল-তিলকৈ গঢ়ি তোলা জাতীয় সম্পদবোৰ কৰ্প’ৰেট খণ্ডক পানীৰ দামত দি দিয়াৰ ৰাজনীতি চলিছে। প্রতিবাদী কণ্ঠবোৰ নিমাত।

Leave a Reply

Your email address will not be published. Required fields are marked *