অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

ক্ষুধাৰ আঁৰৰ অৰ্থনীতি-(ড৹ জয়দীপ বৰুৱা)

ক্ষূধা (hunger) বা ভোকৰ ধাৰণা এহাতে যিদৰে অতি সহজ, পৰিচিত আৰু সাধাৰণ, সেইদৰে পিছে ই জটিল তথা বহুমাত্ৰিকো। পৰ্যাপ্ত আৰু উপযুক্ত খাদ্যৰ অভাৱত জীৱন নিৰ্বাহ কৰিবলগীয়া হোৱা অৱস্থা এটাকে সামগ্ৰিকভাৱে ক্ষুধাৰ ধাৰণাই সামৰি লয়। সেয়ে হ’লেও, পেটত খুদকণ এটা নপৰা লঘোনীয়া অৱস্থাৰ পৰা উপযুক্ত খাদ্যৰ অভাৱত পুষ্টিহীনতাত ভোগালৈ- এই সকলো প্ৰসংগ ক্ষুধাৰ ধাৰণাটোৱে সামৰি লয়। মনকৰিবলগীয়া যে, “উপযুক্ত খাদ্য” বুলি কওঁতে খাদ্যৰ পৰিমাণগত আৰু গুণগত দুয়োটা দিশেই আহি পৰে। ৰাষ্ট্ৰ সংঘৰ অন্তৰ্গত খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ সংজ্ঞা অনুসৰি কোনো এজন ব্যক্তিৰ বয়স, লিংগ বা কৰ্ম অনুসৰি প্ৰয়োজন হোৱা ন্যূনতম শক্তি অথবা কেলৰিৰ বাবে প্ৰতিদিনে যিমান পৰিমাণৰ আহাৰ বা খাদ্য লাগে তাৰ অভাৱেই ক্ষুধাৰ অৱস্থা নিৰ্দেশ কৰে। এইফালৰ পৰা ক্ষুদ্ধা আৰু দাৰিদ্ৰ সম পৰ্যায়ৰ, কিয়নো ভাৰতৰ দৰে ভালেমান দেশেই দাৰিদ্যৰ ধাৰণাটো নিৰ্দিষ্ট পৰিমাণৰ কেলৰিৰ সৈতে সংযুক্ত কৰি ৰাখিছে। সহজ ভাষাত দুবেলা দুসাজ পেট পূৰাই খাবলৈ নোপোৱাৰ কথাটোৱে ক্ষুধাৰ অৱস্থা এটা বৰ্ণনা কৰে।

ইয়াৰ বিপৰীতে পুষ্টিহীনতাৰ প্ৰসংগটো অধিক জটিল আৰু গুৰুতৰ। মানৱ দেহৰ পূৰ্ণ পুষ্টিৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ কেলৰিৰ লগতে যাৱতীয় খনিজ পদাৰ্থ, ভিটামিন তথা শক্তিযুক্ত সুষম আহাৰৰ প্ৰয়োজন। পুষ্টিহীনতাৰ ফলত, বিশেষকৈ কম বয়সীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত, ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পায়, না না বেমাৰে হেঁচা মাৰি ধৰে, মগজুৰ বোধ শক্তি ব্যাহত হয়, কৰ্মত বিৰূপ প্ৰভাৱ পৰে আনকি জীৱনকালো সংকুচিত হয়। গতিকে ক্ষুধাৰ এই বহল ধাৰণাটোৱে খাদ্যৰ গুণগত দিশটো উন্মোচিত কৰে।

বিশ্বৰ ১১৬ খন দেশ সামৰি প্ৰস্তুত কৰা বিশ্বৰ ক্ষুধাৰ সূচাংক (Global Hunger Index) অনুসৰি ২০২১ চনত ভাৰতৰ ক্ষুধাৰ সূচাংক হ’ল ২৭.৫ আৰু স্থান হ’ল ১০১। ২০১২ চনত এই সূ্চাংকৰ মান আছিল ২৮.৮। মন কৰিবলগীয়া যে ভাৰতৰ ক্ষুধাৰ এই সূচাংক “গুৰুতৰ” (serious) হিচাপে চিহ্নত হৈছে আৰু যোৱা দশক জুৰি অৱস্থাৰ বৰ উন্নতি হোৱা নাই। এই কথাটো ভালকৈ টলকি চাবৰ বাবে এই ক্ষুধাৰ সূচাংক নিৰ্মাণ প্ৰক্ৰিয়াটোলৈ অলপমান মন কৰিব লাগিব।

বিশ্ব ক্ষুধাৰ সূচাংক নিৰ্মাণ কৰা হয় তিনিটা কথাৰ ওপৰত: প্ৰথম, খাদ্যৰ যোগানৰ অভাৱ (inadequate supply of food); দ্বিতীয়, শিশুৰ পুষ্টিহীনতাৰ অনুপাত আৰু তৃতীয়, শিশু মৃত্যুৰ হাৰ। ভাৰতত ক্ষুধাৰ ধাৰণাটো খাদ্যৰ অভাৱতকৈও অধিক প্ৰভাৱিত শিশুৰ পুষ্টিহীনতা আৰু শিশুৰ মৃত্যুৰ হাৰৰ দ্বাৰা। যিখিনি সময়ত (২০১২-২০২১) ভাৰতত ক্ষুধাৰ সূচাংক প্ৰায় অপৰিবৰ্তিতভাৱে “গুৰুতৰ” বুলি অভিহিত কৰা হৈছে সেইখিনি সময়ত ভাৰতত খাদ্য শস্যৰ উৎপাদান লক্ষ্যনীয়ভাৱে হ্ৰাস পোৱা নাই,  বৰং ক্ৰমাৎ বৃদ্ধিহে পাইছে। উদাহৰণ স্বৰূপে, ২০২০-২১ বৰ্ষত ভাৰতত খাদ্য শস্যৰ উৎপাদনে নতুন অভিলেখ সৃষ্টি কৰি ৩০৮.৬৫ মিলিয়ন টন হোৱা বুলি চৰকাৰীভাৱেই জনাইছে। গতিকে সমসাময়িক ক্ষুধাৰ কাৰণ খাদ্যৰ যোগানত নাটনি বুলি ভৱাৰ অৱকাশ নাই।

ইয়াৰ বিপৰীতে দেশৰ পুষ্টিহীনতাৰ ছবিখন বিশেষভাৱে চিন্তনীয়। ২০১৯ -২০২০ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্যই দেখৱাইছে যে ভাৰতৰ ৫ বছৰৰ তলৰ মুঠ শিশুৰ ৩২.১ শতাংশৰে দেহৰ ওজন বয়স অনুপাতে কম। সেইদৰে ৩৫.৫ শতাংশৰ আকৌ দেহৰ উচ্চতা বয়স অনুপাতে কম। উল্লেখযোগ্য যে অসমৰ ক্ষেত্ৰত এই অনুপাতো প্ৰায় একে – ক্ৰমে ৩২.৮ আৰু ৩৫.৩ শতাংশ। অৰ্থাৎ আমাৰ দেশৰ (লগতে ৰাজ্যৰো) এক তৃতীয়াংশ শিশুৱেই গুৰুতৰ অপুষ্টিহীনতাত ভুগি আছে। একেদৰে জানিব পৰা গৈছে যে ৫ বছৰৰ তলৰ মুঠ শিশুৰ ৬৭ শতাংশই ৰক্তহীণতাৰ চিকাৰ। স্বাভাৱিকতে প্ৰশ্ন হয় যদিহে দেশত খাদ্যৰ যোগানৰ অভাৱ ঘটা নাই এনে ব্যাপক শিশু অপুষ্টিৰ কাৰণ কি? ইয়াৰ উত্তৰৰ বাবে ক্ষুদ্ধাৰ অন্তৰালৰ অৰ্থনীতিত এভুমুকি মাৰিব লাগিব।

ক্ষুধা সম্পৰ্কীয় অৰ্থনৈতিক চিন্তা-চৰ্চা আৰু গৱেষণাই এই কথা প্ৰায় নিশ্চিত কৰিছে যে খাদ্যৰ উৎপাদন অথবা যোগান ক্ষুধাৰ বাবে গুৰুত্বপূৰ্ণ হ’লেও সৰ্বশেষ কথা নহয়। খাদ্যৰ পৰ্যাপ্ত যোগান থাকিলেও জনসাধাৰণে তাক লাভ কৰিব তেনে কোনো নিশ্চিতি নাই। তাৰ কাৰণ হ’ল কোনো এজন ব্যক্তিয়ে কোনো এক উৎপাদিত সামগ্ৰীৰ কিমানখিনি উপভোগ কৰিব পাৰিব সেয়া নিৰ্ভৰ কৰিব সেই ব্যক্তিজনৰ সেই বিশেষ সামগ্ৰীবিধৰ ওপৰত থকা অধিকাৰ বা স্বত্ত্বৰ ক্ষেত্ৰত। ক্ষুধা আৰু দাৰিদ্ৰৰ না না দিশ সম্পৰ্কে চিন্তা-চৰ্চা কৰা নবেল বঁটা বিজয়ী অৰ্থনিতিবিদ অমৰ্ত্য সেনে সেই অধিকাৰক বুজাবৰ বাবে entitlement ৰ ধাৰণাটো ব্যৱবাৰ কৰিছে। সেনে দেখুৱাইছে যে entitlement ৰ ধাৰণাটোৱে ব্যক্তি আৰু সামগ্ৰীৰ মাজৰ এনে এক সম্পৰ্ক নিৰ্দেশ কৰে যাৰ মাধ্যমেদি ব্যক্তিজনে সেই বিশেষ সামগ্ৰীৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰি ভোগ কৰিব পাৰে। তেখেতে এইটোও দেখুৱাইছে যে এই সম্পৰ্ক বিভিন্ন ধৰণেৰে সাব্যস্ত কৰিব পাৰি যেনে নিজা মালিকীস্বত্ত্ব, উত্তৰাধিকাৰী, বিনিময় অথবা ক্ৰয়। দেখা যায় যে সমকালীন সমাজত য’ত নিজৰ অধিকাংশ মৌলিক প্ৰয়োজনেই বজাৰৰ ওপৰত নিৰ্ভৰশীল, তেনে ক্ষেত্ৰত ক্ৰয়েই হ’ল যিকোনো সামগ্ৰীৰ উপভোগৰ ঘাই কথা। গতিকে প্ৰয়োজনীয় খাদ্য ক্ৰয় কৰাৰ ক্ষমতা নাথাকিলে খাদ্যৰ যোগান পৰ্যাপ্ত হ’লেও উপভোগৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

এতিয়া কথা হ’ল মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ কাৰণ কি? ক’বলৈ হ’লে ই এক বহুতৰপীয়া প্ৰক্ৰিয়া। সমকালীন সময়ত খাদ্যৰ মূল্যবৃদ্ধি আৰু তাৰ সমান অনুপাতে আয়ৰ বৃদ্ধি নোহোৱাটো মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ। চৰকাৰী-বেচৰকাৰী বিভিন্ন পৰিসংখ্যাৰ পৰা এই কথা জনা যায় যে বিগত প্ৰায় তিনিটা দশকত ভাৰতত মূল্যবৃদ্ধিৰ পৰিমাণ গড়ে ৩ শতাংশ হোৱাৰ বিপৰীতে সেই একেখিনি সময়তে দেশৰ কৃষক আৰু শ্ৰমিকসকলক সামৰি প্ৰায় ৮০ শতাংশ লোকৰ আয়ৰ গড় বৃদ্ধিৰ পৰিমাণ ২ শতাংশতকৈ কম। নকলেও হয় যে দেশৰ গৰিষ্ঠসংখ্যক লোকৰ আয়ৰ এনে অৱস্ফীতিত ক্ৰমে জটিল হৈ পৰা নিবনুৱা সমস্যাৰো এক ব্যাপক প্ৰভাৱ আছে।

বিভিন্ন অৰ্থনীতিবিদে ইতিমধ্যে এই কথা বিশ্লেষণ কৰি দেখুৱাইছে যে সমসাময়িক ক্ষুদ্ধা, বিশেষকৈ ব্যাপক তথা গুৰুতৰ পুষ্টিহীনতাৰ অন্তৰালৰ কাৰণ হ’ল সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ আয়ৰ সৰ্বাত্মক অৱস্ফীতি। এইখিনিতে এন এছ এছ অ’ৰ ২০১৭-১৮ বৰ্ষত কৰা উপভোক্তা ব্যয় সমীক্ষাৰ এটা ফলাফল উল্লেখ কৰিব পাৰি। এই সমীক্ষাৰ তথ্যৰ আধাৰত ২০১৯ চনৰ ১৪ নবেম্বৰ তাৰিখে Business Standard কাকতত এটি বাতৰি প্ৰকাশিত হয়। এই বাতৰিত কোৱা হয় যে বিগত সময়ত ভাৰতত গড় মাহিলী উপভোক্তা ব্যয় ৩.৭ শতাংশ হ্ৰাস পাইছে আৰু গ্ৰামাঞ্চলত এই হ্ৰাসৰ পৰিমাণ সৰ্বাধিক ৮.৮ শতাংশ। স্বাধীনতাৰ পাছত এনে ব্যাপক ব্যয় হ্ৰাসৰ বাতৰিত চৰকাৰ ব্যতিব্যস্ত হৈ পৰে আৰু এই সমগ্ৰ সমীক্ষাটোকে কাৰিকৰী আঁসোৱাহ থকা বুলি বাতিল কৰে। মনকৰিবলগীয়া যে ২০১১ চনৰ পিছত ভাৰতত কোনো উপভোক্তা ব্যয় আৰু তাৰ আধাৰত দৰিদ্ৰৰ পৰিসংখ্যা চৰকাৰে সদৰি কৰা নাই।

এতিয়া কথা হ’ল সাধাৰণ মানুহৰ আয়ৰ এনে অৱস্ফীতিৰ কাৰণ কি? ভালেমান অৰ্থনীতিবিদৰ মতে আয়ৰ এনে ব্যাপক অৱস্ফীতিৰ গুৰিতে আছে দুই ধৰণৰ সংকোচন। প্ৰথম, উৎপাদনৰ ব্যয়ৰ অনুপাতে দামৰ বৃদ্ধিৰ পৰিমাণ নগন্য। এই ক্ষেত্ৰত এটা উদাহৰণেই যথেষ্ট। চৰকাৰী পৰিসংখ্যা অনুসৰি বিগত বিশ বছৰত কৃষিৰ উৎপাদন ব্যয়ৰ বৃদ্ধিৰ হাৰ প্ৰায় ৩০০ শতাংশ; আনহাতে কৃষিজাত সামগ্ৰীৰ দামৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ২০ ৰ পৰা ৩০ শতাংশ। দ্বিতীয়, ১৯৯১ চনত আঁকোৱালি লোৱা মুক্ত বজাৰ অৰ্থনীতিৰ ফলত চৰকাৰী খণ্ডৰ পৰা শিক্ষা, স্বাস্হ্যকে ধৰি নানান অত্যাৱশ্যকীয় সামগ্ৰী বেচৰকাৰী খণ্ডলৈ যোৱাৰ ফলত খাদ্যৰ বাবে নিৰ্দ্ধাৰিত আয়ৰ পৰোক্ষ সংকোচন ঘটিবলৈ ধৰে। অৰ্থাৎ, সামগ্ৰিকভাৱে ক’বলৈ গ’লে সমসাময়িক অৰ্থনৈতিক ব্যৱস্থা তথা নীতিৰ ফলত ব্যাপক হাৰত হোৱা আয়ৰ সংকোচন তথা অৱস্ফীতিয়ে সাম্প্ৰতিকালীন ক্ষুধা আৰু পুষ্টিহীনতাৰ প্ৰধান কাৰণ।

এই প্ৰসংগতে এটা কথা উনুকিয়াই থ’ব পাৰি যে স্থানীয় লোকৰ আয়ৰ ব্যাপক সংকোচন তথা অৱস্ফীতি বৃটিশ উপনিবেশিক শাসনৰো এক উল্লেখনীয় অৰ্থনৈতিক চৰিত্ৰ আছিল বুলি অনেক অৰ্থনীতিবিদে উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, উৎসা পাটনায়কে তেঁওৰ Republic of Hunger গ্ৰন্হত সবিস্তাৰে আলোচনা কৰিছে। এনে অৰ্থত নব্যউদাৰবাদী মুক্ত অৰ্থনীতি আৰু ঔপনিবেশিক অৰ্থনীতিৰ মাজত যে বিশেষ পাৰ্থক্য নাই সেই কথা অনুধাৱন কৰিবলৈ অসুবিধা নহয়। অৰ্থাৎ ক’ব পাৰি ক্ষুধা আৰু অপুষ্টি নব্যউদাৰবাদী অৰ্থনীতিৰ এক ব্যৱস্থাগত ফল তথা অনিবাৰ্য পৰিণতি।

Leave a Reply

Your email address will not be published. Required fields are marked *