সম্পাদকৰ টোকা :: চিন্তাৰ স্বাধীনতা (কৌশিক দাস)
আধুনিক যুগৰ সভ্য সমাজ এখনত চিন্তাৰ স্বাধীনতাক সংগত কাৰণতেই মানুহৰ অন্যতম মৌলিক অধিকাৰ বুলি গণ্য কৰা হয়। তেনে অধিকাৰৰ প্ৰতি প্ৰদৰ্শন কৰা হয় যথোচিত সামাজিক সন্মান আৰু লগতে প্ৰদান কৰা হয় আইনগত স্বীকৃতি। চিন্তাৰ স্বাধীনতাৰ তেনে স্বীকৃতি আৰু সন্মান ব্যক্তি আৰু সমাজে কিন্তু এদিনতেই আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। চিন্তাৰ স্বাধীনতা যে মানুহৰ এটা মৌলিক অধিকাৰ, সেই কথাটো প্ৰতিষ্ঠা কৰিবলৈ মানুহে অতিক্ৰম কৰি আহিছে ইতিহাসৰ অনেক দীৰ্ঘ, কণ্টকাকীৰ্ণ আৰু ভয়াৱহ অন্ধকাৰ বাট। সেই বাট বহুতো অমিতসাহসী মহৎ সংগ্ৰামীৰ তেজেৰে ৰঞ্জিত। ইতিহাসৰ অজস্ৰ বিখ্যাত-অখ্যাত লোকৰ স্মৰণীয় সংগ্ৰামেৰে অৰ্জন কৰা চিন্তাৰ স্বাধীনতা আজি আধুনিক সমাজ-সভ্যতাৰ উমৈহতীয়া গৌৰৱময় সম্পদ।
অতিশয় শংকা আৰু উদ্বেগৰ কথা, সম্প্ৰতি আমাৰ সমাজখনত বিপুল ক্ষমতা হস্তগত কৰা চৰম প্ৰতিক্ৰিয়াশীল শক্তিয়ে মানুহৰ স্বাধীন চিন্তাক ব্যাহত আৰু বিনষ্ট কৰিবলৈ চমকপ্ৰদ তৎপৰতা প্ৰদৰ্শন কৰি আহিছে। এইটো এতিয়া ভৱিষ্যতৰ বিপদৰ সম্ভাৱনা মাত্ৰ হৈ থকা নাই। চিন্তাৰ স্বাধীনতাক মষিমূৰ কৰাত উক্ত শক্তিটোৱে সফলতা লাভ কৰিছে, আৰু অনুমান কৰিব পাৰি, নিশ্চিতভাৱে তেনে সফলতাৰ হাৰ দিনক দিনে দ্ৰুততৰ হৈ আহিব। সেইবাবেই, সমাজৰ শুভচিন্তক প্ৰগতিশীল লোকসকলৰ দৃষ্টিকোণৰ পৰা মানুহৰ চিন্তাৰ স্বাধীনতাৰ কথাটো সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক আৰু জৰুৰী বুলি বিবেচিত হৈছে।
চিন্তা কৰিবলৈ সক্ষম প্ৰত্যেক ব্যক্তি নিজস্ব ধৰণে চিন্তা কৰাত স্বাধীন, তাত কোনেও বাধা দিব নোৱাৰে। প্ৰচণ্ড শক্তিশালী প্ৰভুৰ সন্মুখতেই অসহায় ভৃত্যই প্ৰভুজনাক কেনেকৈ আক্ৰমণ কৰিব পাৰি, দিনে নিশাই তেনেকুৱা চিন্তা এটা কৰি থাকিব পাৰে। তেনে চিন্তা অবাধ, কিয়নো এজন ব্যক্তিয়ে কি চিন্তা কৰি আছে, সেইটো প্ৰকাশ নকৰালৈকে কোনেও তেওঁৰ চিন্তাৰ বিষয়ে জ্ঞাত নহয়। অন্যৰ বাবে অপৰিজ্ঞাত তেনে চিন্তাক বাধা দিয়াৰ প্ৰশ্ন নুঠেই, কাৰণ তেনে কৰাটো সম্ভৱেই নহয়। অৰ্থাৎ, সেই পৰ্যায়লৈকে সকলো ব্যক্তিৰ চিন্তাৰ নিৰংকুশ আৰু অবাধ স্বাধীনতা আছে। সেইটো পৰ্যায়ৰ চিন্তাৰ স্বাধীনতাক, অৰ্থাৎ ব্যক্তিৰ মনোজগতৰ অপ্ৰকাশ্য চিন্তাৰ স্বাধীনতাক কোনেও প্ৰত্যক্ষভাৱে বাধা দি সংকুচিত কৰিব নোৱাৰে।
কিন্তু মানুহে নিজৰ চিন্তা প্ৰকাশ কৰাৰ লগে লগে কথাটোৱে ভিন্নতৰ ৰূপ ধাৰণ কৰি এটা সুকীয়া মাত্ৰা লাভ কৰে। মানুহে নিজৰ চিন্তা প্ৰকাশ কৰাৰ কাৰ্যটো হৈছে এটা ক্ৰিয়া। ক্ৰিয়া এটি সম্পাদন কৰাৰ লগে লগে উক্ত ক্ৰিয়াসম্ভূত প্ৰতিক্ৰিয়াৰ আবিৰ্ভাৱ ঘটে। ব্যক্তিৰ চিন্তাই প্ৰকাশ্য ৰূপ ধাৰণ কৰাৰ লগে লগেই উক্ত চিন্তাৰ সপক্ষে কিম্বা বিপক্ষে বিভিন্ন প্ৰতিক্ৰিয়াই ভুমুকি মাৰেহি। তেনে প্ৰতিক্ৰিয়া কেতিয়াবা মূল চিন্তাটোৰ সাপেক্ষে ইতিবাচক, কেতিয়াবা আকৌ নেতিবাচক হৈ দেখা দিয়ে। ইতিবাচকেই হওক বা নেতিবাচকেই হওক, তেনে প্ৰতিক্ৰিয়াৰ সামাজিক গুৰুত্ব আছে। বিপৰীতপক্ষে, অপ্ৰকাশ্য চিন্তা সামাজিকভাৱে তাৎপৰ্যহীন। প্ৰভুক আক্ৰমণ কৰাৰ চিন্তা মনৰ ভিতৰত থকালৈকে ভৃত্যগৰাকীৰ তেনে চিন্তাৰ স্বাধীনতা অবাধ, কিন্তু সেই স্বাধীনতা সামাজিকভাৱে গুৰুত্বহীন। লক্ষণীয়, তেনে চিন্তা প্ৰকাশ কৰাৰ লগে লগেই, ভৃত্যগৰাকীৰ চিন্তাৰ স্বাধীনতাক বিপৰ্যস্ত আৰু খৰ্ব কৰিবলৈ প্ৰভুগৰাকীয়ে চেষ্টা চলাব। সেইবাবেই “চিন্তাৰ স্বাধীনতা”-ৰ প্ৰকৃত মৰ্ম অপ্ৰকাশ্য চিন্তাৰ স্বাধীনতাত নাই, তাৰ গূঢ়াৰ্থ নিহিত হৈ আছে মানুহৰ চিন্তা-প্ৰকাশৰ স্বাধীনতাত। গতিকে আমি চিন্তাৰ স্বাধীনতা বুলিলে বুজিব লাগিব মানুহৰ মত প্ৰকাশৰ স্বাধীনতাক, চিন্তা প্ৰকাশ কৰাৰ স্বাধীনতাক।
কোনোবাই যেতিয়া নিজৰ চিন্তা প্ৰকাশ কৰে, তেতিয়া তেনে প্ৰকাশিত চিন্তা মূলতঃ দুইধৰণে আখ্যায়িত হয়। প্ৰথম, তেনে চিন্তাক সমাজৰ স্বাৰ্থৰ সহায়ক বুলি গণ্য কৰা হয়; দ্বিতীয়টো তাৰ বিপৰীত, প্ৰকাশিত চিন্তাক সামগ্ৰিকভাবে চিহ্নিত কৰা হয় নেতিবাচক বুলি। অৱশ্যে, আপাতঃদৃষ্টিত বহুতো চিন্তা নিৰপেক্ষ হিচাপেও পৰিগণিত হয়, সেইটো সঁচা। তেনে “দ্বন্দ্ব-বিৰোধহীন নিৰপেক্ষ চিন্তা”-ৰ প্ৰসংগত আমি এটা কথালৈ লক্ষ্য ৰাখিব লাগিব। তেনে চিন্তা প্ৰকাশ কৰাৰ বাটত যিহেতু কোনো বাধা নাথাকে, সেইবাবেই আলোচ্য প্ৰসংগত—চিন্তাৰ স্বাধীনতাৰ সন্দৰ্ভত—এই দিশটো আমি অগ্ৰাহ্য কৰিব পাৰোঁ। বিজ্ঞান-জগতৰ সৰহভাগ আভ্যন্তৰীণ মৌলিক চিন্তা এইটো ভাগত পৰিব। যি কি নহওক, উল্লেখ কৰি অহা প্ৰকাশিত চিন্তাৰ শুভাশুভ দিশৰ কথাটো আকৌ মূলতঃ দুটা দিশৰ সৈতে সম্পৃক্ত। প্ৰথমটো সমাজৰ প্ৰমূল্যগত দিশৰ সৈতে সম্পৰ্কিত। দ্বিতীয়টো জড়িত হৈ থাকে প্ৰকাশিত চিন্তাৰ প্ৰায়োগিক দিশৰ সৈতে। অৱশ্য এই দুটা দিশ বাস্তৱত সাধাৰণতেই একীভূত হৈ পৰে। উদাহৰণ এটাই কথাটো স্পষ্ট কৰিব। বৰ্ণাশ্ৰমভিত্তিক সমাজৰ বিৰোধিতা কৰা চিন্তা মানুহৰ প্ৰমূল্যগত দিশৰ সৈতে সম্পৰ্কিত। তেনে চিন্তাৰ এটা সম্ভাব্য প্ৰায়োগিক দিশে আকৌ অসবৰ্ণ বিবাহৰ মাজেৰে আত্মপ্ৰকাশ কৰাটো সম্ভৱ। প্ৰায়োগিক আৰু প্ৰমূল্যগত— এই দুটা দিশ সাধাৰণতেই মিশ্ৰিত ৰূপত থাকিলেও, কথাটো যথেষ্ট সূক্ষ্ম হ’লেও, উক্ত দিশটোৰ প্ৰতি আমি লক্ষ্য ৰখা উচিত। কিয়নো এই কথাটো আমাৰ আলোচ্য বিষয়ৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।
এইখিনিতেই কিন্তু এটা জৰুৰী প্ৰশ্ন উত্থাপিত হ’ব পাৰে। প্ৰকাশিত চিন্তাৰ ক্ষেত্ৰত উপৰিউক্ত ইতিবাচক আৰু নেতিবাচকৰ যিটো ধাৰণা, সেইটো বিশ্বজনীন আৰু সৰ্বজনগ্ৰাহ্য হয়নে? অলপ গমি চালেই ধৰিব পাৰি, সি সাধাৰণতেই নিৰ্বিৰোধ নহয়, কিয়নো প্ৰকাশিত একেটা চিন্তা কাৰোবাৰ চকুত ইতিবাচক, অন্য কাৰোবাৰ দৃষ্টিত নেতিবাচক হিচাপে গণ্য হ’ব পাৰে। অৰ্থাৎ, প্ৰকাশিত চিন্তাৰ শুভাশুভৰ মাপকাঠিৰ সূচাংক সাধাৰণতেই সাৰ্বজনীন নহয়। এই কথাটো অনুধাৱন কৰাৰ পাছতো কিন্তু সমস্যাটোৰ অন্ত পৰিল বুলি ভাবিব নোৱাৰি। উপৰিউক্ত প্ৰশ্নটিতকৈও এটি গুৰুতৰ সমস্যা আলোচ্য প্ৰসংগলৈ আহি পৰে। প্ৰকাশিত চিন্তাৰ শুভাশুভৰ প্ৰসংগত মানুহৰ মাজত বিদ্যমান দ্বন্দ্ব-বিৰোধৰ বস্তুগত ভিত্তি কি? কথাটোৰ ব্যাখ্যা কেনেদৰে কৰা যাব?
প্ৰকাশিত চিন্তাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা দ্বন্দ্ব-বিৰোধ সমাজখনত বৰ্তি থকা বহুমাত্ৰিক স্তৰবিভাজনৰ সৈতে সম্পৰ্কিত। যিকোনো সজীৱ আৰু সক্ৰিয় চিন্তাই শেষ বিচাৰত সমাজৰ কোনো এটি শ্ৰেণীৰ শ্ৰেণী-স্বাৰ্থক বহন কিম্বা প্ৰতিনিধিত্ব কৰে। সহজেই ধৰিব পাৰি, সমাজ এখনত ক্ষমতাশালী শাসক শ্ৰেণীটোৱে, নিজৰ স্বাৰ্থৰ বাবেই—একধৰণৰ স্থিতাৱস্থা বৰ্তি থকাটো কামনা কৰে। কেতিয়াবা উক্ত শ্ৰেণীটোৱে ব্যৱস্থাটোৰ মাজত থাকিয়েই কিছুমান পৰিৱৰ্তন বিচাৰিলেও, সি সমাজব্যৱস্থাৰ আমূল ৰূপান্তৰৰ বাণী কেতিয়াও বহন নকৰে। আমূল পৰিৱৰ্তন কিম্বা স্থিতাৱস্থাৰ প্ৰতিমুখী চিন্তাক সেইবাবেই ক্ষমতাধিষ্ঠিত শ্ৰেণীটোৱে নিজ শ্ৰেণী-স্বাৰ্থৰ পৰিপন্থী আৰু বিপজ্জনক বুলি বিবেচনা কৰে। অন্যহাতেদি, পৰিৱৰ্তনকামী শ্ৰেণীটোৰ মাজত নিজৰ শ্ৰেণী-স্বাৰ্থৰ সৈতে সংগতিপূৰ্ণ চিন্তা-চৰ্চা চলি থাকে। স্পষ্টতঃ, এই শ্ৰেণীটোৰ চিন্তাৰ দিশ ক্ষমতাধিষ্ঠিত শ্ৰেণীটোৰ চিন্তাৰ বিপৰীত। তেনে চিন্তা ক্ষমতাশালী শ্ৰেণীটোৰ বাবে যিহেতু বিপজ্জনক, সেইবাবেই সেই মহলটোৱে পৰিৱৰ্তন-আকাংক্ষী চিন্তাক বাধা দিবলৈ প্ৰয়াস কৰে। নতুন চিন্তাৰ প্ৰমূল্যগত তাত্ত্বিক ৰূপটোৱে সন্মুখীন হোৱা বাধাৰ তীব্ৰতা সাধাৰণতেই তেনে চিন্তাৰ প্ৰায়োগিক দিশটোৰ ওপৰত পৰা বাধাতকৈ কম হয়।
গতিকে সাধাৰণভাবে ক’ব পাৰি যে দ্বন্দ্বমুখৰ সমাজ এখনত শ্ৰেণীদ্বন্দ্বৰ বাবেই চিন্তাৰ প্ৰকাশ নিৰ্বিৰোধ নহয়। আলোচ্য প্ৰসংগৰ এইটো বুনিয়াদী দিশৰ লগতে আমি আৰু এটা কথালৈ লক্ষ্য ৰাখিব লাগিব। কথাটো হৈছে, সমাজ-বাস্তৱত উক্ত কথাটো আমি ইমান সহজ-সৰল কিম্বা পোনপটীয়াকৈ সৰ্বত্ৰ আৰু সদায় দেখা নাপাবও পাৰোঁ। উদাহৰণ এটালৈ লক্ষ্য কৰা যাওক। নতুন মতক অৱদমন কৰা কাৰ্যত সাংস্কৃতিক উপাদান, সামাজিক ৰীতি-নীতি, ঐতিহ্য-পৰম্পৰা আদিক সাধাৰণতেই পৰোক্ষভাবে ব্যৱহাৰ কৰা দেখা যায়। প্ৰত্যেক ক্ষেত্ৰতে সচেতনভাবে তেনে কৰা হয় বুলি ক’লে সি অতিশয়োক্তি হ’ব। শ্ৰেণীদ্বন্দ্বই জন্ম দিয়া স্বাভাবিক প্ৰৱণতাৰ বশৱৰ্তী হৈ, —প্ৰায়েই অসতচেনভাবে,— নিজ শ্ৰেণীটোৰ স্বাৰ্থৰ অনুকূলে ক্ষমতাশালী শ্ৰেণীটো তেনে কাৰ্যত লিপ্ত হৈ পৰে। তদুপৰি, ক্ষমতাশালী শ্ৰেণীটোৱে যে প্ৰত্যেক ক্ষেত্ৰতেই বিৰুদ্ধ শ্ৰেণীটোৰ মত প্ৰকাশত বল প্ৰয়োগ কৰি বাধা দিব, তেনে নহয়। যিবোৰ চিন্তা তেওঁলোকৰ বাবে আপেক্ষিকভাবে কম বিপজ্জনক বা যিবোৰ সহজে বাস্তৱায়িত হোৱাৰ সম্ভাৱনা অদূৰ ভৱিষ্যতে নাই যেন লাগে, সেইবোৰৰ প্ৰতি উক্ত শ্ৰেণীটোৱে সাধাৰণতে সিমান অসহিষ্ণুতা প্ৰদৰ্শন নকৰে। তাৰ বিপৰীতে তেনে চিন্তাক স্থিতাৱস্থাৰ সমৰ্থক শ্ৰেণীটোৱে আত্মসাৎ কৰি, মূল চিন্তাৰ চোক প্ৰশমিত কৰি পেলোৱাৰ প্ৰয়াস কৰে। এই প্ৰসংগত প্ৰাকৃতিক পৰ্যাৱৰণৰ প্ৰসংগটো হৈছে এটা চমৎকাৰ উদাহৰণ। সম্প্ৰতি বৰ্তি থকা পুঁজিবাদী ব্যৱস্থাটোৱে প্ৰকৃতিক মাত্ৰ সম্পদৰ অফুৰন্ত ভাণ্ডাৰ বুলি গণ্য কৰি, তাক লুণ্ঠন কৰি যায় অবিৰতভাবে। কিন্তু প্ৰাকৃতিক প্ৰদূষণৰ বিৰুদ্ধে সংঘটিত হৈ থকা আন্দোলনত সাধাৰণতেই এই মূল ভাৱাদৰ্শগত দিশটো উপেক্ষিত হৈ থাকে। বনানীকৰণ আদিৰ দৰে কিছুমান কাৰ্যত পুঁজিবাদী ব্যৱস্থাটোৱেই অনুদানৰ যোগান ধৰে। তেনেধৰণৰ কাৰ্যাৱলীৰ কল্যাণকামী দিশটোৰ কথা অনস্বীকাৰ্য হ’লেও, তাত মূল ৰোগ নিদানৰ দিশটো উপেক্ষিত হৈয়েই ৰয়। হাততে পোৱা আৰু এটা উদাহৰণলৈ লক্ষ্য কৰা যাওক। সমাজৰ নানান অন্যায়-অবিচাৰ, অসাম্য-অত্যাচাৰৰ মূলতেই যে বৰ্তি থকা সমাজ-ব্যৱস্থাটো, সেই কথাটো পৰিষ্কাৰকৈ বুজিবলৈ বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী দৰ্শনে এটা ডাঙৰ ভূমিকা ল’ব পাৰে। কিন্তু বিজ্ঞানমনস্কতাৰ আন্দোলনতো ক্ষমতাশালী মহলেই এটা পৰ্যায়লৈকে উদগনি দিয়ে । কিন্তু যিবোৰ যুক্তিবাদী বিজ্ঞানমনস্ক চিন্তা প্ৰত্যক্ষভাবে তেওঁলোকৰ বাবে বিপজ্জনক, সেইবোৰৰ বিৰুদ্ধে ক্ষমতাশীল ব্যৱস্থাটোৱে প্ৰাতিষ্ঠানিক বাধা-নিষেধ আৰোপ কৰে চমকপ্ৰদ তৎপৰতাৰে। তেনে ক্ষেত্ৰত আইন-প্ৰণয়ন আদিৰ দৰে প্ৰচণ্ড ক্ষমতাশীল, অতিশয় কাৰ্যকৰী আৰু প্ৰশ্নাতীতভাবে নিপুণ প্ৰাতিষ্ঠানিক কৌশল ব্যৱহাৰ কৰা হয়। এটা উদাহৰণে কথাটো অধিক স্পষ্ট কৰিব। কোনো কোনো দেশত জনগোষ্ঠী এটাই নিৰ্দিষ্ট সীমাৰ মাজত নিজৰ অধিকাৰৰ বাবে চিন্তা কৰাৰ স্বাধীনতাত ৰাষ্ট্ৰব্যৱস্থাটোৱে বাধা নিদিয়ে। তেনে চিন্তাৰ পৰা উদ্ভূত আন্দোলনকো ৰাষ্ট্ৰই মোটামুটিভাবে অনুমোদন জনায়, কিয়নো তেনে আন্দোলনক শাসক শ্ৰেণীটোৱে বিভিন্ন আৰু বিচিত্ৰ কৌশল প্ৰয়োগ কৰি নিজৰ স্বাৰ্থৰ অনুকূলে পৰিচালনা কৰাৰ সুযোগ থাকে। কিন্তু সীমা অতিক্ৰম কৰি, জনগোষ্ঠীটোৱে বিচ্ছিন্ন হোৱাৰ চিন্তা প্ৰকাশ কৰিলেই তাক সন্দেহাতীত দেশদ্ৰোহ বুলি আইনগতভাবে প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা ৰখা হয়। লগতে আৰু এটা কথালৈ আমি লক্ষ্য ৰখা যুগুত। যেতিয়া সামাজিক দ্বন্দ্ব অতি প্ৰকট আৰু তীব্ৰ হৈ পৰে, তেতিয়া তাৰ প্ৰতিফলন চিন্তাৰ মুক্ততাৰ ওপৰতো পৰে। পূৰ্বতে যিবোৰ চিন্তাক সিমান বিপজ্জনক বুলি গণ্য কৰা নহৈছিল, সেইবোৰে সামাজিক দ্বন্দ্ব বৃদ্ধি পোৱাৰ লগে লগে প্ৰভূত শক্তি আহৰণ কৰিব পাৰে। তেনে চিন্তাকো তেতিয়া বল প্ৰয়োগ কৰি বাধা দিবলৈ চেষ্টা কৰা হয়। ফেচিষ্ট শাসনৰ ক্ষেত্ৰত এইটো এটা সাধাৰণতেই পৰিলক্ষিত হোৱা ঘটনা।
শাসকীয় আধিপত্যৰে বিৰুদ্ধ শ্ৰেণীৰ চিন্তাৰ প্ৰকাশক কৌশলেৰে কিম্বা প্ৰত্যক্ষভাবে বল প্ৰয়োগ কৰি সাময়িকভাবে ৰোধ কৰা সম্ভৱ হ’লেও সি তেনেই ক্ষণিক। কিয়নো, শ্ৰেণীবিভক্ত সমাজত শ্ৰেণীদ্বন্দ্বৰ অনিবাৰ্যতাই চিন্তাৰ প্ৰাংগণতো অৱধাৰিত সংঘাতৰ উদ্ভৱ ঘটাবই। যিমানেই বাধা দিয়া নহওক, প্ৰতিবাদী বিৰুদ্ধ চিন্তাক সেইবাবেই চিৰস্থায়ীৰূপে ৰুদ্ধ কৰি ৰখাটো সম্ভৱ নহয়। শাসকপ্ৰদত্ত গুৰুভাৰ বাধা ওফৰাই যুগে যুগে তেনে চিন্তাৰ অংকুৰোদ্গম ঘটি মহীৰূহৰ ৰূপ ধাৰণ কৰাৰ আঁৰৰ ইতিকথা এইটোৱেই।
এটা কথা স্পষ্টতাৰ বাবে ইয়াতেই পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন। সমাজৰ বিকাশৰ সকলো সময়তেই চিন্তাৰ প্ৰকাশৰ দ্বন্দ্ব ইমান প্ৰকট আৰু স্পষ্ট হৈ দেখা নিদিবও পাৰে। তাতোকৈও ডাঙৰ কথা, বহুমাত্ৰিক দ্বন্দ্ব আৰু তৎজনিত জটিল সংঘাতৰ জোঁটপোটৰ মাজত আধিপত্যশীল মহলৰ মতাদৰ্শগত নানান উপাদান অৱদমিত শ্ৰেণীটোৰো মনৰ মৰ্মমূলত প্ৰোথিত থৈ থাকিব পাৰে। ক্ষমতাশীল শাসক শ্ৰেণীটোৰ মতাদৰ্শ আৰু প্ৰমূল্যবোধকেই সাৰ্বজনীন বুলি একধৰণৰ বিশ্বাস বা ধাৰণা সমাজত সাধাৰণতেই প্ৰতিষ্ঠিত হৈ পৰে। তেনে ধাৰণাৰ পৰা আনকি অৱদমিত শ্ৰেণীটোও মুক্ত নহয়। পূৰ্বৰ উদাহৰণ এটালৈ উভতি যাওঁ। ভাৰতবৰ্ষত বৰ্ণাশ্ৰমভিত্তিক জাতপাতৰ ব্যৱস্থাটো হৈছে শোষক-শাসকৰ হাতৰ ইতিহাসপ্ৰসিদ্ধ এক নিৰ্ভৰযোগ্য হাথিয়াৰ। কিন্তু জাতপাতৰ ধাৰণাটো শোষিত শ্ৰেণীৰ মাজতো শিপাই আছে অতি গভীৰলৈ। তেনেদৰেই দেশপ্ৰেম, জাতিপ্ৰেম, দেশৰ শত্ৰু ইত্যাদিৰ ক্ষেত্ৰতো ক্ষমতাশালী শ্ৰেণীটোৰ অৱস্থানটোকেই স্বাভাবিক, সাৰ্বজনীন আৰু প্ৰশ্নাতীত বুলি প্ৰক্ষেপ কৰা হয়। বহুক্ষেত্ৰত উক্ত অৱস্থানটোকেই উচিত আৰু গ্ৰহণযোগ্য বুলি শ্ৰেণী নিৰ্বিশেষে সিংহভাগ মানুহ পতিয়ন যায়।
আলোচ্য প্ৰসংগত উক্ত কথাটোৰ এটা দিশ অতি তাৎপৰ্যপূৰ্ণ। ক্ষমতাশালী শ্ৰেণীটোৰ মতাদৰ্শভিত্তিক প্ৰমূল্যবোধ সকলো শ্ৰেণীৰ মাজত প্ৰোথিত হৈ থকাৰ বাবে, অৱদমিত মানুহৰো নতুন চিন্তাৰ অংকুৰণ সততেই বাধাগ্ৰস্ত হয়। এই আলোচনাৰ প্ৰথম অংশত আমি উল্লেখ কৰিছিলোঁ যে ব্যক্তি এগৰাকী তেওঁৰ অপ্ৰকাশ্য চিন্তাৰ ক্ষেত্ৰত স্বাধীন। হয়, ব্যক্তি এগৰাকীয়ে যি ইচ্ছা কৰে, তাকেই চিন্তা কৰিব পাৰে, নিজৰ মতে যি কোনো বিষয় ভাবি থাকিব পাৰে। সেইটো দিশৰ পৰা কথাটো যে সঁচা, তাত সন্দেহ নাই। কিন্তু শেষ বিচাৰত, ব্যক্তিৰ এই স্বাধীনতাও চৰ্তাধীন বুলি পৰিগণিত হ’ব। কিয়নো, মানুহৰ মনৰ গভীৰলৈ শিপাই থকা ঐতিহ্য-পৰম্পৰা, প্ৰচলিত মূল্যবোধ আদিৰ বাবে মানুহে বেলেগধৰণে চিন্তা কৰিবলৈ সক্ষম নহয়; মানুহৰ নতুন চিন্তাৰ অংকুৰণ সততেই বাধাগ্ৰস্ত হয়। এইটো দিশৰ পৰা চালে, অপ্ৰকাশ্য চিন্তাৰ মানসিক জগতখনকো পৰম স্বাধীনতাৰ এক বাধাহীন ৰম্যভূমি বুলি নিৰ্দ্দেশ কৰিব নোৱাৰি। লক্ষনীয়, তেনে ক্ষেত্ৰত ক্ষমতাশালী শ্ৰেণীটোৰ প্ৰত্যক্ষ আৰু সক্ৰিয় বাধাৰ অবিহনেই বিৰুদ্ধ শ্ৰেণীটোৰ প্ৰতিবাদী চিন্তাৰ বিকাশৰ বাট ৰুদ্ধ হৈ পৰে। আপাতঃদৃষ্টিত, তেনে ক্ষেত্ৰত চিন্তাৰ স্বাধীনতা সামান্যও খৰ্ব হোৱা বুলি ধাৰণা নহয়, কিয়নো বাধা কিম্বা বল প্ৰয়োগৰ ঘটনা তাত অনুপস্থিত। কিন্তু অলপ গমি চালেই ধৰিব পাৰি যে এইটো হৈছে মানুহৰ চিন্তাৰ স্বাধীনতাক বাধাগ্ৰস্ত কৰা এটা পৰোক্ষ প্ৰক্ৰিয়া। প্ৰত্যক্ষ বল প্ৰয়োগেৰে মানুহৰ চিন্তাৰ বাধা দিয়াতকৈ এই পৰোক্ষ প্ৰক্ৰিয়াটো হৈছে বহুত বেছি কাৰ্যকৰী আৰু দীৰ্ঘস্থায়ী, কিয়নো এই প্ৰক্ৰিয়াত অৱদমিত শ্ৰেণীটোৰ বহুতেই স্বেচ্ছাই শোষক শ্ৰেণীৰ প্ৰমূল্যগত অৱস্থানৰ সপক্ষে ঠিয় দিয়ে। উদাহৰণ এটিলৈ চালে কথাটো স্পষ্ট হৈ পৰিব। ধৰ্মভিত্তিক ৰাষ্ট্ৰনিৰ্মাণৰ মতাদৰ্শ আজি পৃথিৱীৰ বহুতো দেশত ভালদৰেই বিয়পি পৰিছে। সি হ’ল শোষক-শাসক শ্ৰেণীটোৰ সহায়ক মতাদৰ্শ। কিন্তু ধৰ্মভিত্তিক নানান মূল্যবোধ শোষিত শ্ৰেণীটোৰো মজ্জগত হোৱাৰ বাবে,—যদিও নিজ শ্ৰেণীটোৰ স্বাৰ্থৰ পৰিপন্থী—, তথাপি ধৰ্মভিত্তিক ৰাষ্ট্ৰৰ অলীক কল্পকথাত শোষিত শ্ৰেণীটোও আকৃষ্ট হৈ তাৰ সমৰ্থক হৈ পৰে। গতিকে অৱদমিত শ্ৰেণীটোৱে চিন্তাৰ প্ৰকৃত স্বাধীনতাৰ বাবে বাহিৰৰ বাধা-প্ৰতিবন্ধকৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাহিৰেও ওপৰঞ্চিকৈ এক আভ্যন্তৰীণ সংগ্ৰামত অৱতীৰ্ণ হ’বলগীয়া হয়।
উক্ত কথাটো বৰ এটা সুগম নহয়। মানুহৰ চিন্তন প্ৰক্ৰিয়া এটা বিমূৰ্ত্ত প্ৰপঞ্চ হলেও সি নিৰালম্ব নহয়, কিয়নো চিন্তাৰ মূল আৰু প্ৰাথমিক উৎস হৈছে সমাজ-বাস্তৱতা। সেইবাবেই মানৱ-চিন্তাৰ বিকাশৰ সৈতে সমাজৰ বিকাশৰ কথাটোও সম্পৰ্কিত হৈ থাকে। তেনে সম্পৰ্কৰ বাবেই মানুহৰ চিন্তাৰ বিকাশৰ এটা ঐতিহাসিক ধাৰাবাহিক ক্ৰম বিদ্যমান। তেনে ধাৰবাহিকতাৰ পৰা সৃষ্ট ক্ৰমসঞ্চয়মান স্বৰূপে মানৱ-চিন্তাক এটা বিশিষ্ট ৰূপেৰে সমৃদ্ধ কৰি আহিছে। গতিকে, নতুন চিন্তাকো—, যিমানেই অভূতপূৰ্ব আৰু বিপ্লৱী নহওক—, উক্ত ধাৰাবাহিকতাৰ পৰা মুক্ত কোনো নিৰালম্ব বস্তু বুলি ধাৰণা কৰিলে ভুল হ’ব। দুটা উদাহৰণলৈ লক্ষ্য কৰা যাওক। প্ৰাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰত ডাৰউইনীয় বিৱৰ্তনৰ তত্ত্ব আৰু সমাজবিজ্ঞানৰ প্ৰাংগণত মাৰ্ক্সীয় ঐতিহাসিক দ্বান্দ্বিক বস্তুবাদ,—এই দুয়োটাই আছিল মানুহৰ সকলো পূৰ্বৱৰ্তী চিন্তা-ভাৱনালৈ আমূল পৰিৱৰ্তনৰ বাণী কঢ়িয়াই অনা যুগান্তকাৰী বৈপ্লৱিক ধাৰণা। কিন্তু দুয়োটা তত্ত্বই আত্মপ্ৰকাশ কৰিছিল যথোচিত ঐতিহাসিক ভিত্তি প্ৰতিষ্ঠা হোৱাৰ পাছতহে। গতিকে সাধাৰণভাবে ক’ব পাৰি, মানুহৰ চিন্তাৰ বিকাশত পূৰ্বৱৰ্তী আৰু সমসাময়িক চিন্তাই প্ৰভাৱ পেলায়। অৱশ্যে পূৰ্বৱৰ্তী চিন্তাক অন্ধভাবে অনুকৰণ কৰিলে, প্ৰশ্নহীনভাবে মানি ললে চিন্তাৰ আভ্যন্তৰীণ স্বাধীনতা বাধাপ্ৰাপ্ত হয়, নতুন চিন্তাৰ স্ফুৰণ সম্ভৱ নহয়গৈ। চিন্তাৰ স্বাধীনতাৰ বাবে কৰা আভ্যন্তৰীণ সংগ্ৰামত এই কথাটো হৈছে এটা ডাঙৰ প্ৰতিবন্ধক। পূৰ্বৱৰ্তী আৰু সমসাময়িক ধ্যানধাৰণাক নতুন চিন্তাৰ সৈতে সম্পৃক্ত কৰাটো হৈছে এটা প্ৰত্যাহ্বানপূৰ্ণ সংশ্লেষণ প্ৰক্ৰিয়া। দেখদেখকৈ এই কথাটোৰ সৈতে মানুহৰ চিন্তাজগতখনৰ আভ্যন্তৰীণ স্বাধীনতাৰ কথাটো সম্পৰ্কিত হৈ আছে। স্বাধীন চিন্তাক বিনষ্ট কৰিবলৈ বিৰুদ্ধ শ্ৰেণীটোৱে প্ৰদান কৰা বাধা অতিক্ৰম কৰাৰ আগতেই, তেনে সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে নিজৰ চিন্তাৰ জগতখনক মুক্ত বা স্বাধীন কৰাৰ প্ৰয়োজন হয়। পূৰ্বৱৰ্তী, সমসাময়িক আৰু নতুন চিন্তাৰ সংশ্লেষণৰ প্ৰক্ৰিয়াটোত মানুহৰ ধ্যান-ধাৰণা আৰু দৃষ্টিকোণৰ নৱনিৰ্মাণ আৰু নৱবিন্যাস ঘটে। এই কথাটো বৰ এটা সহজ নহয়। কিয়নো প্ৰচলিত ধ্যান-ধাৰণা কিম্বা মূল্যবোধসমূহ সাধাৰণতেই মানুহৰ মানসিক স্থিতাৱস্থাৰো সহায়ক, লগতে সি স্বস্তিদায়কো—, তাৰ গণ্ডীৰ পৰা ওলাই আহিবলৈ মানুহে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। তাৰ লগতে, সেইসমূহ হৈছে বহু কালৰ পৰম্পৰাপ্ৰদত্ত শক্তিৰে বলীয়ান। তেনে বিপুল বাধাৰ প্ৰতিমুখে কৰা নিৰন্তৰ আভ্যন্তৰীণ সংগ্ৰামৰ সফল পৰিণতিতহে নতুন চিন্তাৰ জন্ম হোৱাটো সম্ভৱ।
গতিকে চিন্তাৰ স্বাধীনতাৰ ক্ষেত্ৰত মানসিক পৰাধীনতাৰ আভ্যন্তৰীণ শৃংখলৰ নাগপাশৰ পৰা মুক্তি লাভ কৰা হৈছে প্ৰথমটো ঢাপ। এইটো ঢাপ সফলতাৰে অতিক্ৰম কৰাৰ পাছত, তেনে চিন্তা প্ৰকাশ কৰাৰ কথাটো আহি পৰে। নতুন চিন্তা প্ৰকাশ কৰাৰ সময়তেই—আগতে কৈ অহাৰ দৰে—সি বিৰুদ্ধ শ্ৰেণীৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে। দেখদেখকৈ এই কথাটো চিন্তা প্ৰকাশৰ স্বাধীনতাৰ সৈতে সম্পৰ্কিত। সমগ্ৰ ঘটনাটো তেতিয়া আৰু কোনো ব্যক্তিবিশেষৰ মনোজগতৰ আভ্যন্তৰীণ বিষয় হৈ নাথাকে। বিপুল সংখ্যক মানুহে বিশ্বাস আৰু আস্থা স্থাপন কৰা ধ্যান-ধাৰণাৰ বিপৰীতে নতুন চিন্তা ডাঙি ধৰিবলগীয়া হয়।
নতুন চিন্তাৰ প্ৰকাশৰ স্বাধীনতাত বাধা দিয়াৰ অজস্ৰ উদাহৰণ ইতিহাসত অজস্ৰ। অৱশ্যে বিশুদ্ধ বিজ্ঞানৰ ক্ষেত্ৰত এই কথাটো প্ৰায় অনুপস্থিত। কিন্তু বিজ্ঞানৰ নতুন চিন্তাই যদি বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰখন পাৰহৈ কোনো সামাজিক প্ৰপঞ্চৰ সৈতে সম্পৰ্কিত হৈ পৰে, তেনেহলে তেনে বৈজ্ঞানিক তত্ত্বও সামাজিক প্ৰতিক্ৰিয়াৰ সন্মুখীন হয়। জীৱৰ বিৱৰ্তনৰ তত্ত্বটো তাৰ এটা চমৎকাৰ উদাহৰণ। যি কি নহওঁক, যুগে যুগে নতুন চিন্তাৰ উদ্গমন আৰু বিস্তাৰণত প্ৰদান কৰা বাধাই সামগ্ৰিকভাবে সভ্যতাৰ অগ্ৰগতিতো বাধা দি আহিছে। ভাৰতৰ প্ৰচণ্ড শক্তিশালী ব্ৰাহ্মণ্যবাদে বিৰুদ্ধ চিন্তাক নিঃশেষ কৰি পেলাইছিল। প্ৰাচীন ভাৰতৰ যুক্তিবাদী লোকায়ত দৰ্শনৰ কোনো মূল গ্ৰন্থ আজি আৰু পাবলৈ নাই। পণ্ডিতসকলে ঠিৰাং কৰিছে যে তেনে গ্ৰন্থ চিন-মোকাম নোহোৱাকৈ ধ্বংস কৰি পেলোৱা হৈছিল। চিন্তাৰ স্বাধীনতাক যে গুৰুতৰভাবে তেতিয়া খৰ্ব কৰা হৈছিল, সেইটো যুক্তিযুক্তভাবে অনুমান কৰিব পাৰি। চিন্তাৰ সাধনাত অতি উচ্চ স্থানত উপনীত হোৱা প্ৰাচীন গ্ৰীচৰ সমাজখনেও চক্ৰেটিছৰ চিন্তাৰ স্বাধীনতা হৰণ কৰি মৃত্যুদণ্ড প্ৰদান কৰিছিল। মধ্যযুগৰ ইউৰোপেতো চিন্তাৰ স্বাধীনতাক পদদলিত কৰি কাললৈ কুখ্যাতি অৰ্জন কৰি থৈছে। প্ৰায়বোৰ ক্ষেত্ৰতেই তেনে নতুন চিন্তা আছিল সমাজৰ আধিপত্যশীল শ্ৰেণীটোৰ স্বাৰ্থৰ পৰিপন্থী। অৱশ্যে তেনে বাধাৰ প্ৰাৱল্য দেশ-কালভেদে একেই নাছিল। চিন্তাৰ স্বাধীনতাৰ ওপৰত প্ৰদান কৰা বাধাৰ তীব্ৰতা নিৰ্ভৰ কৰিছিল ঘাইকৈ সমাজ-বাস্তৱত সংঘটিত হোৱা সংঘাতৰ স্বৰূপ আৰু প্ৰাৱল্যৰ ওপৰত। নতুন চিন্তাৰ ৰেহৰূপ আৰু চৰিত্ৰও আছিল অন্য এটা নিৰ্ণায়ক কাৰক। সেইবাবেই মধ্যযুগৰ ইউৰোপত যিদৰে চিন্তাৰ স্বাধীনতাক মষিমুৰ কৰি দিয়া হৈছিল, তেনে প্ৰচণ্ড অৱদমন ওঠৰ শতিকাৰ শেষ ফালে—ফৰাচী বিপ্লৱৰ আগে-আগে—, ফ্ৰান্সত পৰিলক্ষিত হোৱা নাছিল। বৰঞ্চ, ডিদৰো, ৰুচো, ভলট্যেয়াৰ, মন্টেস্ক’ আদি বিশ্ববিশ্ৰুত চিন্তানায়কৰ অভিনৱ চিন্তাই সমাজত আলোড়নৰ সৃষ্টি কৰিছিল, তেনে চিন্তাক বুজন সংখ্যক মানুহে আদৰণি জনাইছিল। তাৰ কাৰণো আমি সমাজ-বাস্তৱতাৰ মাজতেই বিচাৰিব লাগিব। সেই সময়ত উদীয়মান পুঁজিপতি শ্ৰেণীটো আছিল অতিশয় সজীৱ, সক্ৰিয়, প্ৰগতিশীল আৰু প্ৰাণবন্ত। বিপৰীতপক্ষে, ইতিহাসৰ ৰংগমঞ্চৰ পৰা ক্ষমতাত থকা সামন্তবাদী শ্ৰেণীটোৰ বিদায়ৰ ক্ষণ তেতিয়া আসন্ন হৈ পৰিছিল। নতুন শ্ৰেণীটোৰ দৰ্শনক প্ৰতিনিধিত্ব কৰা চিন্তানায়কসকলৰ নতুন চিন্তাই উদীয়মান শ্ৰেণীটোৰ পৃষ্ঠপোষকতা লাভ কৰাটো আছিল স্বাভাবিক। লক্ষনীয় কথা, চিন্তাৰ স্বাধীনতা, ব্যক্তি-স্বতন্ত্ৰতা, ধৰ্মনিৰপেক্ষতা আদি আধুনিক ধ্যান-ধাৰণাৰো উন্মেষ আৰু বিকাশ ঘটিছিল ইতিহাসৰ সেই ঘটনাঘন জংগম সময়চোৱাৰ আগে-পিছে। আকৌ উল্লেখ কৰা যায়, তদানীন্তন কালচোৱাত পুঁজিপতি শ্ৰেণীটো আছিল প্ৰগতিশীলতাৰ বাৰ্তাবাহক। উক্ত শ্ৰেণীটোৱে ক্ষমতা হস্তগত কৰাৰ আগতেই হেজাৰ বছৰৰ প্ৰাচীন সামন্তবাদ ইউৰোপত জৰাজীৰ্ণ হৈ পৰিছিল। আধুনিকতাৰ পথিকৃৎ চিন্তাবিদসকলৰ নতুন নতুন চিন্তাৰ প্ৰকাশক অপসৃয়মান সামন্তবাদে বাধা দিবলৈ সক্ষম নহ’ল। এই কথাটোৰ পৰা কিন্তু সামন্তবাদ চিন্তাৰ স্বাধীনতাৰ বাটৰ দুৰ্বল প্ৰতিবন্ধক আৰু পুঁজিবাদ হৈছে নতুন সজীৱ চিন্তাৰ উদ্গাতা, তেনে এটা সিদ্ধান্তলৈ আহিব নোৱাৰি। কিয়নো পূৰ্বৱৰ্তী ইতিহাসে যেনেদৰে চিন্তাৰ স্বাধীনতাক সামন্তবাদে কিমান বিভৎস নিষ্ঠুৰতাৰে বাধা দিছিল সেইটো অতি স্পষ্টকৈ দেখুৱায়, তেনেদৰেই পৰৱৰ্তী ঘটনাক্ৰমে পৰিষ্কাৰ কৰি দিয়ে পুঁজিবাদৰ বিকাশৰ বিৰাট উল্লম্ফনে চিন্তাৰ স্বাধীনতাৰ ধাৰণাটোকেই কেনেদৰে বিপৰ্যস্ত আৰু বিকৃত কৰি পেলাইছিল। এইখিনিৰ পৰা চিন্তা-প্ৰকাশৰ বাটৰ বাধাৰ প্ৰাৱল্যৰ স্বৰূপ যে দেশ-কালভেদে ভিন্ন, তাৰ নেপথ্য-কাৰণটোৰ উমান পাওঁ।
উপৰিউক্ত আলোচনাৰ পৰা আমি দেখিলোঁ যে মানুহৰ চিন্তা প্ৰকাশৰ স্বাধীনতা-পৰাধীনতাৰ কথাটো সমাজ-বাস্তৱৰ দ্বন্দ্ব-সংঘাতৰ সৈতে সংলগ্ল হৈ আছে। যুক্তিযুক্তভাবে অনুমান কৰিব পাৰি, আদিম অৱস্থাৰ শ্ৰেণীসংঘাতহীন সমাজখনত মানুহৰ চিন্তাৰ প্ৰকাশ— যিমানেই অপৈণত আৰু অপৰিপক্ক নহওঁক—সি নিশ্চয় বাধাহীন আছিল। অৱশ্যে তেতিয়া চিন্তাৰ স্বাধীনতাৰ কথাটোৱেই আছিল অৰ্থহীন, কিয়নো চিন্তাৰ প্ৰকাশ তেতিয়া স্বাভাবিকভাবেই আছিল অবাধ। মানুহৰ চিন্তাৰ স্বাধীনতাৰ কথাটো আধুনিক কালৰ ধাৰণা, এই কথাটো মনত ৰাখিয়েই মানুহৰ আদিমাৱস্থাৰ প্ৰসংগটো এটা বিশেষ প্ৰশ্নৰ বাবেহে আলোচনালৈ আনিছোঁ। প্ৰশ্নটো হৈছে, চিন্তাৰ স্বাধীনতাক কিয় সভ্যতাৰ এটা আকাংক্ষিত শুভ গুণ বুলি বিবেচনা কৰা হয়? এই প্ৰশ্নটোৰ বস্তুবাদী উত্তৰ আমি ঔচিত্যবোধৰ দৃষ্টিকোণৰ পৰা সন্ধান কৰিলে লাভ নহ’ব। “চিন্তাৰ স্বাধীনতা এটা মহৎ প্ৰমূল্য, সভ্যতাৰ বাবে সি অত্যাৱশ্যকীয়”—এইসমূহ প্ৰশ্নটোৰ কোনো সন্তোষজনক উত্তৰ নহয়, সেইবোৰ হ’ল চিন্তাৰ স্বাধীনতাৰ গুণানুকীৰ্তন মাত্ৰ। চিন্তাৰ স্বাধীনতা সভ্যতাৰ কিয় এটা শুভংকৰ উপাদান হিচাপে বিবেচিত হৈছে, সেই “কিয়”-ৰ উত্তৰ তেনে ব্যাখ্যাত অনুপস্থিত। আদিম অৱস্থাৰ মানুহৰ অন্য দুটি একেবাৰে বুনিয়াদী “স্বাধীনতা” বা “অধিকাৰ”-ৰ কথালৈ লক্ষ্য কৰা যাওঁক। প্ৰথমটো হৈছে আহাৰ গ্ৰহণৰ “স্বাধীনতা”; দ্বিতীয়টো, সন্তান জন্ম দিয়াৰ “স্বাধীনতা”। লৰালৰিকৈ কৈ থওঁ, তেতিয়া সেইসমূহক কোনেও স্বাধীনতা বা অধিকাৰ বুলি নকৈছিল; স্বাধীনতা, অধিকাৰ আদি হৈছে আধুনিক যুগৰহে ধ্যান-ধাৰণা। তেনে আধুনিক কালৰ ধাৰণা কিছুমান অতীতলৈ প্ৰক্ষেপ কৰাটোও সংগত নহয়। আদিম মানুহৰ আহাৰ গ্ৰহণ বা প্ৰজনন আছিল স্বাভাবিক প্ৰক্ৰিয়া, তাত কোনো প্ৰাতিষ্ঠানিক বাধা নাছিল। সেইফালৰ পৰাহে উক্ত প্ৰসংগত “অধিকাৰ” আৰু “স্বাধীনতা”— এই শব্দ দুটাৰ ব্যৱহাৰ কৰা হৈছে। কথাটো আমি কিছু সম্প্ৰসাৰিত পটভূমিতহে ব্যৱহাৰ কৰিছোঁ আলোচনাটিৰ বাট সুগম কৰিবলৈ; সেইবাবেই শব্দ দুটিক স্থান দিয়া হৈছে ঊৰ্ধক’মাৰ ভিতৰতহে। যি কি নহওঁক, আদিম মানুহৰ এইকেইটি “অধিকাৰ” কিয় বাৰু মৌলিক, স্বাভাবিক আৰু বুনিয়াদী বুলি পৰিগণিত হৈছিল? গমি চালেই ধৰিব পাৰি, কথা দুটা আছিল মানৱ-প্ৰজাতিটো পৃথিৱীত বৰ্তি থকাৰ সৈতে সম্পৰ্কিত। একেই কথা আমি তেতিয়াৰ চিন্তাৰ ক্ষেত্ৰতো প্ৰযোজ্য আছিল বুলি ভাবিলে বোধহয় ভুল নহ’ব। সেই কালৰ মানুহৰ চিন্তা, আধুনিক যুগৰ পদ্ধতিগত সুশৃংখল চিন্তাবিন্যাসৰ সৈতে নিশ্চয় একে নাছিল। তথাপি, প্ৰতিকুল আৰু সদা-পৰিৱৰ্তনশীল প্ৰকৃতিত বৰ্তি থাকিবলৈ নিশ্চয় নিত্য নতুন কৌশল আৰু উপায়ৰ, নতুন পদ্ধতি আৰু পন্থাৰ প্ৰয়োজন হৈছিল, আৰু তাৰ বাবে নতুন চিন্তা-ভাৱনা আছিল আৱশ্যকীয়। তেতিয়াৰ চিন্তাৰ স্বাভাবিক উন্মুক্ততা আছিল মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবেই অপৰিহাৰ্য। পৰৱৰ্তী কালত, সমাজৰ বিকাশৰ সৈতে সংগতি ৰাখি, তেনে আদিম কথাকাণ্ডসমূহৰ বিপুল সম্প্ৰসাৰণ ঘটি সেইবোৰৰ ৰেহৰূপ বেলেগ হৈ পৰিল। মানুহৰ আদিম অৱস্থাত, পৃথিৱীত বৰ্তি থাকিবলৈ প্ৰয়োজনীয় বুলি বিবেচিত নানান কথাকাণ্ডবোৰ ক্ৰমাৎ সমাজ আৰু ব্যক্তিৰ শুভাশুভভিত্তিক প্ৰমূল্যগত ধাৰণাৰ অন্তৰ্গত হৈ পৰিল। ইতিহাসৰ পৰৱৰ্তী কালত মানুহৰ চিন্তাৰ স্বাধীনতাক শুভ আৰু ইতিবাচক বুলি গণ্য কৰা ধাৰণাটোৰ আদি কাৰণ বোধকৰোঁ উপৰিউক্ত কথাখিনিৰ মাজত বিচাৰি পাব পাৰোঁ।
কিন্তু সভ্যতাৰ বিকাশৰ লগে লগে সমাজখনৰ নানান কৰ্মকাণ্ড ক্ৰমবৰ্ধিত ৰূপত জটিল হৈ আহিল। তেনে জটিলতাই পূৰ্বৰ ধ্যান-ধাৰণা, প্ৰমূল্যবোধ, দৃষ্টিভংগী আদিৰ আমূল পৰিৱৰ্তন সাধন কৰিলে। পূৰ্বৰ উদাহৰণ দুটিলৈ উভতি যোৱা যাওঁক। আদিম মানুহৰ আহাৰ গ্ৰহণত “স্বাধীনতা” আছিল, কিয়নো সেইটো আছিল প্ৰজাতিটোৰ অস্তিত্বৰ সহায়ক। সন্তান জন্ম দিয়াৰ “অধিকাৰ”-ৰ বেলিকাও কথাটো একেই। কিন্তু সমাজত ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো শিপাই পৰাৰ লগে লগে এই কথা দুটাৰ আমূল পৰিৱৰ্তন ঘটিল। আহাৰ গ্ৰহণ কৰাৰ অধিকাৰক পূৰ্বৰ দৰেই নিশ্চয় স্বীকাৰ কৰি থকা হ’ল, কিন্তু ভোকাতুৰ লোকক অন্যৰ ভাণ্ডাৰৰ পৰা বিনাপ্ৰশ্নে খাদ্য গ্ৰহণৰ স্বাধীনতা প্ৰদান কৰা নহ’ল। তাৰ বাবে আইনৰ বাহিৰেও ধৰ্মীয় নিয়ম-নীতিৰো সহায় লোৱা হ’ল। ইয়াৰ এটা চমৎকাৰ উদাহৰণ এখন সুপ্ৰাচীন গ্ৰন্থ ঈশোপনিষদৰ প্ৰথম শ্লোকটোতেই পোৱা যায়, “এই বিশ্বচৰাচৰৰ সকলোৰে মালিক পৰমেশ্বৰ ভগবান… ৷ সেইবাবে জীবন ধাৰণৰ বাবে তেওঁ যিমানখিনি দিছে, সেইখিনিকেই গ্রহণ কৰা উচিত…… আৰু সকলো যে ভগবানৰ সম্পত্তি সেইটো ভালদৰে বুজি, কেতিয়াও অন্যৰ সম্পত্তি গ্ৰহণ কৰা উচিত নহয়”। তেনেদৰেই, জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰিবলৈ প্ৰজননৰ আদিম “অধিকাৰ”-ক সংকুচিত কৰা হ’ল পৃথিৱীৰ বহুতো দেশত। প্ৰায় একে জাতীয় কথা আদিম চিন্তাৰ “স্বাধীনতা”-ৰ ক্ষেত্ৰতো প্ৰযোজ্য। পৰিৱৰ্তিত সমাজ-ব্যৱস্থাত আদিম সমাজখনৰ সেই চিন্তা প্ৰকাশৰ “স্বাধীনতা” সংকুচিত কিম্বা বাধাপ্ৰাপ্ত হ’বলৈ ধৰিলে। শ্ৰেণীবিভক্ত সমাজৰ দ্বন্দ্ব আৰু সংঘাতেই যে তাৰ মূল কাৰণ, সেই কথাটো ইতিমধ্যেই আমি আলোচনা কৰি আহিছোঁ।
গতিকে সমাজ-বাস্তৱৰ ঐতিহাসিক বিৱৰ্তনৰ ধাৰাটোৰ পৰা নিলগাই চিন্তাৰ স্বাধীনতাৰ কথাটো আলোচনা কৰিব নোৱাৰি। চিন্তাৰ স্বাধীনতা কিয় আদৰণীয়, সেইটো প্ৰশ্নৰ উত্তৰো মাত্ৰ ঔচিত্যবোধৰ সৈতে সম্পৰ্কিত কৰি সন্ধান কৰা নাযায়। কথাটোৰ জটিলতা অনুধাৱন কৰিবলৈ ক্ষমতাধিষ্ঠিত আধিপত্যবাদী দৃষ্টিকোণৰ পৰা কথাটো চোৱা যাওক। প্ৰজননৰ অধিকাৰ সংকুচিত কৰা হৈছে সমাজৰ মংগলৰ বাবে; সেই একেই যুক্তি চিন্তা প্ৰকাশৰ স্বাধীনতাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব কিয়? উক্ত দৃষ্টিকোণৰ পৰা কোৱা যায়, চিন্তাৰ অবাধ প্ৰকাশে যদি সমাজলৈ নৈৰাজ্য কিম্বা বিশৃংখলা কঢ়িয়াই আনে, তেনেহ’লে পূৰ্বৰ যুক্তিটোৰ আলমত তেনে স্বাধীনতাত অংকুশ লগোৱা নহ’ব কিয়? এই মাৰ্গৰ মত হ’ল, চিন্তাৰ প্ৰকাশ অবাধ আৰু মুক্ত হ’লে কিছুমান চিন্তাই সমাজৰ সৰ্বনাশ কৰিব। উদাহৰণ স্বৰূপে বুৰ্জোৱা ৰাষ্ট্ৰৰ ধাৰণাটো তেওঁলোকৰ বাবে এক পৰম, অখণ্ডনীয়, অনড় আৰু পবিত্ৰ বস্তু। তাৰ বিপৰীত মত তেওঁলোকৰ বাবে ভয়ংকৰ আৰু পৰিত্যাজ্য। কিন্তু আমি আগতেই স্পষ্ট কৰি আহিছিলোঁ যে এইবোৰ ধ্যান-ধাৰণা শ্ৰেণী নিৰ্বিশেষে সাৰ্বজনীন নহয়। গতিকে চিন্তাৰ স্বাধীনতাৰ জয়গান গোৱাৰ সময়ত আমি তেনে স্বাধীনতাৰ ধাৰণাটোৰ পক্ষপাতমূলক চৰিত্ৰটোৰ কথা মনত নাৰাখিলে বিভ্ৰান্তিত পৰিব লাগিব। যিমানেই উদাৰ নহওঁক, সমাজখনত শ্ৰেণী থকালৈকে শ্ৰেণীদ্বন্দ্ব থাকিবই, আৰু সেইবাবেই তেনে ব্যৱস্থাটোত প্ৰকাশিত চিন্তা নিৰ্বিৰোধ হ’ব নোৱাৰে।
সাম্প্ৰতিক সময়ত চিন্তাৰ স্বাধীনতাক বাধা প্ৰদান কৰা হৈছে, সেই কথাটো ভালদৰে বুজিবলৈ স্পষ্ট হৈ লোৱা প্ৰয়োজন, কাৰ চিন্তাক, কোন মাৰ্গৰ চিন্তাক কোনটো মহলে খৰ্ব কৰিবলৈ প্ৰয়াস কৰি আহিছে। দেখদেখ কথা, প্ৰগতিশীল শিবিৰৰ চিন্তাক সংকুচিত কৰাৰ বিৰাট এক পৰিকল্পিত প্ৰচেষ্টা চলি আছে। প্ৰগতিশীল শ্ৰেণীটোৰ দৃষ্টিত চিন্তাৰ স্বাধীনতা অত্যাৱশ্যকীয়, কিয়নো সেই শ্ৰেণীটোৰ আকাংক্ষিত সমাজলৈ আগবঢ়াৰ বাবে নতুন চিন্তাৰ পোহৰৰ প্ৰয়োজন। চিন্তা প্ৰকাশ কৰাৰ অধিকাৰকেই যেতিয়া বিনষ্ট কৰি দিয়াৰ উপক্ৰম হৈছে, তেনে পটভূমিত চিন্তাৰ স্বাধীনতাৰ বাবে কৰা সংগ্ৰাম এখনো অনিবাৰ্য হৈ পৰিছে। পৰিস্থিতিটো অতিশয় বিপজ্জনক, কিয়নো প্ৰগতিশীল মহলৰ চিন্তাৰ স্বাধীনতাক পদদলিত কৰিবলৈ উদ্যত হোৱা ৰক্ষণশীল শক্তিটোৰ হাতত কেন্দ্ৰীভূত হৈছে নিৰংকুশ ক্ষমতা। এই শ্ৰেণীটোৰ ভাৱাদৰ্শ নানান সাংস্কৃতিক উপাদানৰ ৰূপত সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মনত শিপাই পৰিছে অতি গভীৰলৈ। বাহিৰৰ পৰা পোৱা প্ৰত্যক্ষ বাধাৰ বাহিৰেও, আভ্যন্তৰীণ চিন্তাৰ জগতখনক তেনে প্ৰতিসাংস্কৃতিক উপাদানে কোঙা কৰি পেলাইছ। “চিন্তাৰ স্বাধীনতা সভ্যতাৰ এটা মহৎ উপাদান”, তেনে জাতীয় ধাৰণাৰে সংগ্ৰামত অৱতীৰ্ণ হ’লে মতাদৰ্শগত দিশত আউল লগাৰ সম্ভাৱনা আছে। চিন্তাৰ স্বাধীনতা যে প্ৰগতিশীল আন্দোলনৰ অন্যতম মৰ্মবস্তু, দুৰ্গম পথত পোহৰৰ উৎস, আনকি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেও সি অপৰিহাৰ্য, এই বুনিয়াদী কথাটো হৃদয়ংগম কৰাটো বৰ জৰুৰী হৈ পৰিছে।
মনৰ মাজৰ চিন্তাৰ স্বাধীনতাক সোপা দিব নোৱাৰি ৷ কিন্তু এই চিন্তাৰ প্ৰকাশৰ স্বাধীনতা প্ৰায়েই বাধাপ্ৰাপ্ত হয় যদিিিিহে ই শাসকৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰে ৷ এই চিন্তাৰ স্বাধীনতা যুগে যুগে ন ন ৰূপত বাধাপ্ৰাপ্ত হৈ আহিছে ৷ নতুন বা অগতানুগতিক বা সোঁঁতৰ বিপৰীতে কৰা চিন্তাৰ স্বাধীনতাইহে এখন দেশৰ গণতন্ত্ৰৰ মজবুত ভেটিৰ চিনাকি দিয়ে ৷ সেয়েহে সকলো নতুন চিন্তা প্ৰকাশৰ স্বাধীনতা মানুহৰ মৌলিক অধিকাৰ বুলি পৰিগণিত হ’ব লাগে ৷ মুক্তিকামী মানুহৰ চিন্তা প্ৰকাশৰ স্বাধীনতা হওক গণতন্ত্ৰৰ মূল চালিকা শক্তি ৷
সুলিখিত সম্পাদকীয় প্ৰৱন্ধটো পঢ়ি বহু নতুন চিন্তাৰ খোৰাক পালো ৷ আউল নলগা গদ্যৰ বাবে প্ৰৱন্ধটো পঢ়ি সুখী হ’লো
আপোনাৰ ‘সম্পাদকীয় টোকা’ নামৰ দীঘল সম্পাদকীয়টো পঢ়ি বহু চিন্তাৰ খোৰাক পালো। আজিৰ তাৰিখত অত্যন্ত গুৰুত্ত্বপূৰ্ণ বিষয় এটা আলোচনাৰ মাজলৈ আনি অতি বিস্তৃত যৌক্তিক বাখ্যাৰে আপুনি যি উপস্থাপন কৰিলে তাৰবাবে অৱশ্যেই আপুনি ধান্যবাদৰ পাত্ৰ। ‘চিন্তাৰ স্বাধীনতা’ হৈছে,এখন সমাজত আত্মমৰ্যদা সহকাৰে জীয়াই থাকিব বিচৰা এজন মানুহৰ প্ৰাৰ্থমিক চৰ্ত ।
আপোনাৰ লেখাটোৰ পৰা এইটো প্রায় স্পষ্ট যে- চিন্তাৰ স্বাধীনতা খৰ্ব কৰাৰ বাবে , মূলতঃ এজন ব্যক্তিৰ শ্ৰেণী অৱস্থান আৰু শাসক শ্ৰেণীৰ ,শ্ৰেণী স্বাৰ্থ সুৰক্ষাৰ বাবে লোৱা দৃষ্টি-ভংগীৰ dominance এই মুখ্যতে দায়ী। ময়ো তাৎক্ষণিক চিন্তাৰে সেইটোৱেই বুলি ভাবো। আপুনি লেখাটো মুখনি মৰাৰ সময়ত উল্লেখ কৰা এটা বাক্য বুজাত অসুবিধা হল। বাক্যটো হৈছে-“চিন্তাৰ স্বাধীনতা সভ্যতাৰ এটা মহৎ উপাদান”, তেনে জাতীয় ধাৰণাৰে সংগ্ৰামত অৱতীৰ্ণ হ’লে মতাদৰ্শগত দিশত আউল লগাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰিও লিখনিটো সামৰাৰ সময়ত ‘চিন্তাৰ স্বাধীনতা’ৰ বিষয়টোৰ সম্পৰ্কত যি সজাগতা আৰু গুৰুত্ত্বৰ প্ৰতি আপুনি যি দৃষ্টি নিক্ষেপ কৰিবলৈ পাঠকক জৰুৰী আহ্বান জনাইছে তাৰ লগে লগে এই কথাটোও উল্লেখ কৰাৰ সময় সমাগত বুলি ভাবো যে – ‘ চিন্তাৰ স্বাধীনতা’ বা ‘মত প্ৰকাশৰ স্বাধীনতা’ আজিৰ সমাজৰ বৈপ্লৱিক ৰূপান্তৰৰ যোগেদিহে সম্ভৱ। অন্যঠা ই এক অলীক স্বপ্ন বা কল্পনা প্ৰসুত আলোচনাৰ বিষয় হৈয়ে থাকি যাব।
সৰ্বশেষত এটা কথা কব বিচাৰো, (যিটো মোৰ ব্যক্তিগত সমস্যা বা মোৰ সীমাবদ্ধতাৰ বাবে হোৱা সমস্যা বুলি ভাবো যদিও) সেইটো হৈছে – আপোনাৰ লিখনিটো পঢ়ি যাওঁতে বিষয়বস্তুৰ উপস্থাপন শৈলীত ,’ভাষা আৰু যুক্তি বিন্যাসৰ মেৰপেছট মই বাৰে বাৰে উজুটি খাই পৰিছিলো। বিষয়বস্তুৰ গুৰুত্ত্বইহে মোক আগবাঢ়ি যোৱাত সহায় কৰিছিল। বহুসময়ত, মই এবাৰ পঢ়াৰ পাছত নিজাকৈ সৰলীকৃত অৰ্থ উলিয়াই লৈহে আগবাঢ়িব পৰিছিলো। বিষয়বস্তুৰ গুৰুত্ব আৰু প্ৰবন্ধটোৰ বিভিন্ন নতুন নতুন আলোচনাৰ দিশবোৰৰ সম্ভাৱনা আৰু সংশইবোৰে মোক বাৰে বাৰে কৌতুহলি কৰি তুলিছিল।
পুনৰ, চিন্তা উদ্বেগকাৰী লেখাটোৰ বাবে ধন্যবাদ জনালো।