অনুবাদপ্ৰবন্ধ

এগৰাকী কবিৰ জীৱনী  (মূল : মাৰ্ক আইনাৰ অনুবাদ; অৰুণ কুমাৰ শৰ্মা)

দ্বিতীয় অধ্যায় (খ)

আৰম্ভণিৰ পৰাই সতীয়া ভনীয়েক, লোৰাৰ সৈতে নেফটালিৰ মধুৰ সম্পৰ্ক আছিল। লোৰা আছিল নেফটালিতকৈ তিনি বছৰে সৰু। ডাঙৰ হোৱাৰ লগে লগে তাই নেফটালিৰ অতি ঘনিষ্ঠ হোৱাৰ উপৰিও, বিশ্বস্ত সমৰ্থক হৈ পৰিছিল। যিদিনাই অৰেলিয়াই তেওঁৰ কোঠাটোত শুই থকা কণমানি জীয়েক লোৰাৰ স’তে নেফটালিক শুৱাই থৈছিল আৰু দেউতাকে তাইক মাকৰ পৰা লৈ আনিছিল, সেই দিনৰ পৰাই দুয়োৰো মাজত চেনেহৰ বান্ধোন নিকপ্‌কপীয়া হৈ গৈ আছিল। নেফটালিয়ে সদায় তাইক সুৰক্ষা বেষ্টনীৰ মাজত আলফুল মৰমেৰে বুৰাই ৰাখিছিল। লোৰা আছিল মৰম লগা আৰু গহীন, দেখাত সহজ-সৰল যদিও জটিল প্ৰকৃতিৰ আছিল। মাহী মাক আৰু দেউতাকৰ প্ৰতি তাইৰ আছিল অপৰিসীম শ্ৰদ্ধা, কিন্তু ককায়েক নেফটালিৰ প্ৰতি এই শ্ৰদ্ধা আছিল তাতোকৈ অধিক।

আনহাতে, সতীয়া ভায়েক ৰোডোলফো নিজক লৈয়ে ব্যস্ত থাকিছিল। তেওঁ ভায়েক-ভনীয়েকৰ লগত তেনে কোনো সম্পৰ্ক নাৰাখিছিল। আগতে যদিও দিনৰ-দিনটো বনে-জংঘলে ঘূৰি ফুৰিছিল, এতিয়া কৈশোৰত উপনীত হোৱাৰ পাছত সেয়া তেওঁৰ ভাল নলগা হৈছিল আৰু পৰিয়ালৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকিও শান্তি নোপোৱাত মাজেসময়ে গান গোৱাৰ বাহিৰে প্ৰায়ভাগ সময় নীৰৱেই কটাইছিল। এইদৰে, ঘৰখনত যেতিয়া নেফটালিয়ে ধীৰে ধীৰে কবিতা লিখা আৰম্ভ কৰিছিল, ৰোডোলফোৱে সংগীতৰ যাদুময় জগতত আশ্ৰয় লৈছিল। ৰোডোলফোৰ কণ্ঠস্বৰ আছিল অসাধাৰণ, তেওঁ দুৱাৰ জপাই নিজৰ ক্ষুদ্ৰ কোঠাটোৰ ভিতৰত অকলে-অকলে নিবিষ্টচিত্তে গান গাইছিল।

দেউতাক যোচ ডেল কাৰমেনৰ ৰঙা চকু আৰু উগ্ৰ মেজাজৰ পৰা, তিনিওটা ল’ৰাছোৱালীক বচাবৰ বাবে মাক ত্ৰিনিদাদে ৰক্ষাকৰ্ত্ৰী হিচাপে সততে ঢাল হৈ থিয় দিছিল। কাৰমেনে তেওঁৰ এই বদমেজাজটো উত্তৰাধিকাৰীসূত্ৰে তেওঁৰেই দেউতাকৰ পৰা পাইছিল। শিশুকালৰ পৰা যৌৱনলৈকে পোৱা দেউতাকৰ এনে আচৰণে নেফটালিৰ জীৱন ৰুক্ষ কৰি তুলিছিল। তেওঁলোক সিমান দুখীয়া নাছিল যদিও, ৰেলৰ চৰকাৰী চাকৰিৰ দৰমহাই কেতিয়াও যোচক স্বচ্ছল জীৱন যাপনৰ বাট প্ৰশস্ত কৰা নাছিল। ফলস্বৰূপে, তেওঁলোকে আৰ্থিক ক্ষেত্ৰত এক স্বস্তিজনক অৱস্থাতো উপনীত হ’ব পৰা নাছিল। কিন্তু, এনে হতাশজনক পৰিস্থিতিৰ পাছতো আৰু উন্নতিৰ এবুকু আকাংক্ষা মনত কঢ়িয়াই লৈ ফুৰা সত্বেও দেউতাকে তেওঁৰ নিজ কৰ্তব্যত এধানিও গাফিলতি কৰা নাছিল আৰু কাৰো সৈতে প্ৰণয়ৰ সম্পৰ্ক দুনাই গঢ়া নাছিল৷

নেৰুডাই দক্ষিণ চিলিৰ অঞ্চলটোক, কবিতাৰ ভাষাত “য’ত উপজিছিল বৰষুণ” বুলি আখ্যা দিছিল। শীতকালত এই অঞ্চলটোত বিষাদ-গীতিৰ দৰে পেনপেনকৈ একেলেথাৰিয়ে কেবাদিন ধৰি ধাৰাষাৰে বৰষুণ দিছিল। এনে বিষাদভৰা সংগীতৰ মাজতেই অতিবাহিত হৈছিল নেফটালিৰ শিশুকাল৷ টেমুকো চহৰখনৰ কথা ভাবিলেই, তাৰ বোকাময় কদৰ্য ৰাস্তা, ফাটি ছিৰাছিৰ হোৱা জোতা, শীত, বৰষুণ আৰু সুখ-শান্তিৰহিত এক অনুপযুক্ত পৰিৱেশৰ কথাই তেওঁৰ মনলৈ আহিছিল।

একেধৰণে, নেফটালিয়ে পঢ়া স্কুলখনৰ অৱস্থাও আছিল অনুজ্জ্বল আৰু হতাশাজনক। দেখাত প্ৰকাণ্ড এটি ঘৰ হ’লেও, শ্ৰেণীকোঠাবোৰৰ অৱস্থা আছিল জৰাজীৰ্ণ৷ স্কুলত সোমাবৰ বেলিকাই হওঁক, কিম্বা শ্ৰেণীৰ পৰা খেলপথাৰলৈ যোৱাৰ ক্ষেত্ৰতে হওঁক, দুৰ্বল দেহটোৰ বাবে তেওঁ সদায় শাৰীৰ শেষত আছিল। বয়স হিচাপে তেওঁ বিশেষ ওখ নাছিল যদিও চকুত পৰাকৈ অতি খীণ আছিল৷ পৰিধানত তেওঁৰ আছিল এটি ঊণৰ জেকেট, লগত মিলাকৈ এটি পেণ্ট আৰু এযোৰ বুটজোতা। চেহেৰালৈ চালে তেওঁক বয়সতকৈ বহু বেছি ডাঙৰ লাগিছিল। এনে লাগিছিল, তেওঁ যেন সেই বয়সতে দেখাতকৈ বেছি দেখিছিল আৰু বুজিছিল যে জীৱনটো কেবল খেলধেমালি নহয়, ই দুখ-যন্ত্ৰণাৰেও ভৰা। ভংগুৰ স্বাস্থ্যৰ বাবে তেওঁৰ মুখত সদায়  বিষণ্ণতাৰ ভাব পৰিস্ফুত হৈছিল। চৰ্দি কাঁহ, ইনফ্লুৱেঞ্জা, কঁপনি উঠা পানী লগা জ্বৰ, এইদৰে কিবা নহয় কিবা এশ-এবুৰি বেমাৰ তেওঁৰ গাত অনবৰত লাগিয়েই আছিল। মাধ্যমিক স্কুলত পঢ়া সময়ত তেওঁৰ প্ৰথম অথচ প্ৰকৃত বন্ধু আছিল জুভেঞ্চিও ভেলে নামৰ সহপাঠীজন। শ্ৰেণীত অন্যান্য ল’ৰাছোৱালীৰ তুলনাত তেওঁৰ অৱস্থান আছিল একেবাৰে তলত। কিন্তু আত্মদৰ্শী আৰু ভাবুক জুভেঞ্চিওৱে যেন নেফটালিৰ “ৰহস্যপুৰ্ণ আভ্যন্তৰীণ জ্যোতিৰ” সম্ভেদ পাইছিল, আৰু দুয়ো গভীৰ বন্ধনত আবদ্ধ হৈছিল। এই বন্ধুত্বৰ আঁত ধৰিয়েই, নেফটালিয়ে প্ৰথমবাৰৰ বাবে তাক তেওঁৰ ঘৰলৈ মাতি আনিছিল। ত্ৰিনিদাদে দুয়োকে কফি খাবলৈ দিছিল ঠিকেই, কিন্তু  নেফটালিক দিছিল গাখীৰমিহলি কফি আৰু জুভেঞ্চিওক দিছিল গাখীৰ নিদিয়া ক’লা কফি। এই কথা নেফটালিয়ে সহজভাৱে ল’ব নোৱাৰি নিজৰ কাপটো বন্ধুজনক দি বন্ধুজনৰ কাপটো নিজে ল’ব বিচাৰিছিল। মাক ত্রিনিদাদে নেফটালিৰ এই কাৰ্যৰ বিৰোধিতা কৰি কৈছিল, “নকৰিবা, কাপ সালসলনি নকৰিবা। এই মুহূৰ্তত দিব পৰাকৈ আৰু গাখীৰ নাই, গতিকে, গাখীৰ মিহলোৱা কফিখিনি নেফটালিৰ, কাৰণ সি এনেয়ে দুৰ্বল”।

আৰু সচাঁকৈয়ে, এনে দুৰ্বলতাৰ বাবে, তেওঁ প্ৰায়ে স্কুল ক্ষতি কৰি ঘৰতে থাকিবলগীয়া হৈছিল। বিছনাত পৰি থকা অৱস্থা হ’লে, তেওঁ লোৰাক খিৰিকীৰে মূৰ জুমি চাই ৰাস্তাত ঘটা সকলো সৰু-বৰ ঘটনা খুঁটিনাতি মাৰি কৈ যাবলৈ কৈছিল৷ সেই মৰ্মে লোৰাই কৈছিল,“সৌৱা ৰেড ইণ্ডিয়ান ল’ৰা এজনে ৱাটাৰপ্ৰুফ কোট বিক্ৰী কৰি আছে”। তাই আৰু কৈছিল, “অ’ সেয়া, ৰাস্তাৰ দাঁতিত কেইটামান সৰু ল’ৰাই খেলি আছে”। নেফটালিয়ে ইয়াতে সন্তুষ্ট নহৈ লোৰাক আৰু সবিস্তাৰে ক’বলৈ কৈছিল। তেওঁ যেন বিছনাত শুই থাকিও সমগ্ৰ বিশ্বৰ ঘটনাকে জানিবলৈ অতি ব্যগ্ৰ।

স্কুলৰ মজিয়াৰ তলৰ মহলাৰ আন্ধাৰ কোঠাটোৱে, তেওঁক বৰকৈ মুগ্ধ কৰিছিল। সেইটোক তেওঁৰ সমাধি যেন লাগিছিল। প্ৰায়ে তেওঁ সেই গৰ্ভগৃহৰ সেমেকা গোন্ধৰ মাজত নিজকে একান্ত মনে নিবিষ্ট কৰিবলৈ, মাজে মাজে কেন্দেল জ্বলাই হ’লেও তালৈ গৈছিল। তেওঁৰ অনুসন্ধিৎসাৰ সহযোগী হিচাপে জুভেঞ্চিয়ও ভেলেই সঘনে আহি তেওঁৰ লগ লৈছিল। এই ভেলেই, এজন উল্লেখযোগ্য কবি হিচাবে প্ৰতিষ্ঠা লভাৰ পাছত ল’ৰালি কালৰ কথাবোৰ সুঁৱৰি কৈছিল যে, তেওঁ তেওঁৰ সেই বয়সতেই, নেফটালি যে এক অনন্য প্ৰতিভাৰ অধিকাৰী আছিল, তাৰ উমান পাইছিল। তেওঁ কৈছিল, “নেফটালি আছিল এটি অন-অনুভূত কম্পন আৰু একান্ত নিজস্ব বৈশিষ্ট্যৰে পূৰ্ণ এজন ব্যক্তি, যিয়ে তেওঁক আনতকৈ সদায় পৃথক কৰি ৰাখিছিল। সাধাৰণ দৰ্শকৰ বাবে ই যেন এক অনস্তিত্ব আভা, কিন্তু মোৰ বাবে ই আছিল সাংঘাটিকভাৱে চকুত লগা আৰু বাস্তৱিক”।

যেতিয়া অন্যান্য ল’ৰাছোৱালীয়ে দল বান্ধি উমলিজামলি, জঁপিয়াজঁপি কৰি চিঞৰ-বাখৰেৰে গগন ফালিছিল, তেতিয়া জুভেঞ্চিও আৰু নেফটালিয়ে হাবিত সোমাই জিজ্ঞাসু মন লৈ সততে আনৰ চকুত নপৰা গুৰুত্বহীন বস্তুবোৰ নিৰীক্ষণ কৰি ফুৰিছিল। তেওঁলোকে অনুসন্ধান কৰিছিল বিভিন্ন বৰ্ণৰ, বিভিন্ন আকাৰৰ পাত, পোক-পতংগ, বননিৰ লুঙলুঙীয়া বাট আৰু সেইবোৰেই দুয়োকো প্ৰতি দিনে ভুলাই ৰাখিছিল। আন ল’ৰাছোৱালীবোৰে যেতিয়া সেইবোৰক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন বোধ কৰা নাছিল, তেতিয়া নেফটালি আৰু ভেলেই তেওঁলোকে নিজে গঢ়া নিজৰ বিশেষ সাম্ৰাজ্যৰ, মনোৰম সপোনৰ জগতত আশ্ৰয় লৈছিল, য’ত দুয়োজন “চেম্পিয়ন হিচাপে আছিল অবিসম্বাদী”।

মাজে মাজে তেওঁলোকে স্কুলৰ ওচৰেৰে বৈ যোৱা কটিন নৈখনলৈ খোজ কাঢ়ি গৈ চেঁচা পানীত ভৰি জুবুৰিয়াই, সোঁতে সোঁতে জঁপিয়াই অহা ঢৌবোৰ চাই চাই আত্মতৃপ্তিত মগণ হৈছিল। এনেদৰে বিভোৰ হৈ থাকোঁতে কেতিয়াবা তেওঁলোকৰ উভতি আহি শ্ৰেণীকোঠা পাওঁতে পলম হৈছিল।

নেৰুডাই জীৱনৰ প্ৰাথমিক পৰ্যায়ৰ সেই দিনবোৰক “আৱিষ্কাৰৰ কাল” বুলি অভিহিত কৰিছিল। তেওঁ ভেলেৰ সৈতে জীৱনজোৰা বন্ধুত্ব গঢ়ি তুলি প্ৰাকৃতিক জগতখন উদ্ঘাটন কৰাত নামি পৰিছিল আৰু এই বাটেৰে বাট বোলোতেই কবিতাই আহি তেওঁক লগ ধৰিছিল। ইচলা নেগ্রাৰ স্মৃতিত লিখা কাব্যগ্ৰন্থখনৰ “কবিতা“ নামৰ কবিতাটোত তেওঁ এইদৰে লিখিছিল :

কি যে ঘটিল সেই বয়সত……….কবিতাই আহিল
মোক বিচাৰি। মই নাজানোঁ—মই নাজানোঁ
ক’ৰ পৰা ওলাল ই, শীতৰ পৰা, নে নৈৰ বুকুৰ পৰা।
কেতিয়া যে কেনেকৈ আহিল, একোৱেই নাজানোঁ,
সেয়াটো নহয় কণ্ঠধ্বনি, নহয়
শব্দ কিম্বা নৈঃশব্দ,
পিছে এয়া সত্য,
মোক মতা হৈছিল ৰাস্তাৰ পৰা,
ৰাতিৰ শাখা-প্ৰশাখাৰ পৰা,
আচম্বিতে আনবোৰৰ মাজৰ পৰা,
আগচি ধৰা হিংস্ৰ জুইৰ পৰা
নতুবা অকলে উভতি আহোঁতে,
মোক মাতি অনা হৈছিল
অথচ ই তাতেই আছিল,
চেহেৰা নোহোৱাকৈয়ে,
আৰু ই মোক স্পৰ্শ কৰিছিল।
~কবিতা~

তেতিয়া নেফটালিৰ এঘাৰ বছৰ হ’বলৈ দুসপ্তাহ বাকী আছিল, এনেতে এদিন, তেওঁৰ মাজত উথলি থকা কিছু অজানা ভাবনা, চেপা অনুভূতি, নতুবা স্বজ্ঞাই প্ৰবল জোঁকাৰণি সৃষ্টি কৰি ফিৰিঙতিৰ দৰে হঠাৎ জ্বলি উঠিছিল, আৰু নেফটালিয়ে তাক প্ৰকাশ কৰিছিল কবিতাৰ ভাষাৰে “অস্পষ্টকৈ প্ৰথম কেইটামান শাৰী”, যাৰ প্ৰমাণ এতিয়াও আছে। তেওঁ “স্মৃতিকথাত” উল্লেখ কৰামতে, তেওঁ এই মূল কবিতাটো লিখাৰ পৰত “এক ধৰণৰ মানসিক যন্ত্ৰণা আৰু দুঃখবোধে” হেঁচা মাৰি ধৰাত আৱেগৰ বহিৰ্প্ৰকাশ ঘটিছিল। কাগজৰ এপিঠিত লিখা কবিতাটোৰ প্ৰকাশ আছিল আচৰিত ধৰণৰ, “সাধাৰণতে ব্যৱহৃত ভাষাৰ পৰা পৃথক”৷

লিখি শেষ কৰাৰ পাছত, তেওঁ কবিতাটো, দেউতাকক দেখুওৱাৰ হেঁপাহেৰে, তেওঁৰ ওচৰলৈ গৈ, কঁপা কঁপা হাত দুখনিৰে কাগজখিলা তেওঁৰ হাতত তুলি দিছিল। দেউতাকে অন্যমনস্কতাৰে ওপৰে ওপৰে চাই  কাগজখিলা তেওঁক ঘূৰাই দি কৈছিল, “ঐ, ক’ৰ পৰা নকল কৰি লিখিছ এইটো”? এইবুলি কৈ তেওঁ পুনৰাই ত্ৰিনিদাদৰ স’তে কথাবতৰা পতাত নিমজ্জিত হৈছিল।

কবিতাটো অকণো কবিতা কবিতা লগা নহয় যদিও এইটো মাহীমাকৰ প্ৰতি শ্ৰদ্ধাভক্তি প্ৰদৰ্শন কৰাৰ বাবে এখন পোষ্ট কাৰ্ডত পকোৱা আখৰেৰে লিখা হৈছিল, যিখনৰ পাছফালে আছিল বৰফে আৱৰা গছ-গছনিৰ মাজত মনোৰমকৈ জিলিকা আলপাইন হ্ৰদৰ এখন ছবি।

সোণালী অঞ্চলৰ নৈসৰ্গিক শোভাৰ পৰা
মই যাচিছোঁ তোমাক, হে মোৰ মৰমৰ মা,
এখন সাধাৰণ পোষ্টকাৰ্ড।
~নেফটালি

ক’বলৈ গ’লে ই এটা অভিব্যক্তিহে। ছন্দশিল্পৰ মূল আহিলাবোৰ হাতত তুলি লৈ তেওঁ যেন তেওঁৰ স্কুলীয়া শিক্ষা আৰু ব্যক্তিগত অধ্যয়নক সাৰোগত কৰি মৌলিকাৰ্থত এটি কবিতাৰ অৱয়ৱ ৰচনা কৰিছিল। অৰ্থ, বৰণ আদিৰ সূক্ষ্ম পাৰ্থক্যৰাজিৰ প্ৰকাশ ঘটা কবিতাটোৰ ছন্দ, তাল আৰু বিষয়ভিত্তিক শব্দবোৰৰ নিৰ্বাচন আছিল অগতানুগতিক। মাহীমাকলৈ বিনম্ৰতাৰে আগ বঢ়োৱা চেনেহভৰা উপহাৰৰ জৰিয়তে তেওঁ নিৰুত্তাপ আলপাইনৰ প্ৰাকৃতিক দৃশ্যৰাজিক উষ্ণতাৰ এখন সোণালী জগতলৈ ৰূপান্তৰিত কৰিছিল। নেফটালিয়ে শূন্যতালৈ আহ্বান জনাই নিজকে সদৰি কৰিছিল, “মই—মই যাঁচিছো”। মাত্ৰ দহ বছৰ বয়সত ছন্দায়িত শব্দেৰে এনে এটা পৰিপ্ৰেক্ষিত ফুটাই তোলাৰ মাজেৰে, তেওঁ তেওঁৰ  মহাজাগতিক কল্পনাশক্তিৰ প্ৰখৰতাৰ উমান দিবলৈ সক্ষম হৈছিল। এনেকৈয়ে কবি এজনৰ আৱিৰ্ভাৱ হ’ব ধৰিছিল।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *