একাকাৰ – (মূল বাংলা: মনোজ বসু অনুবাদ: বৰ্ণালী বৰুৱা দাস)
মহাৰাজে দলিচাখনৰ ওপৰতে মুকুটটো থৈ হোকা টানিছে। ঘোঁৰাৰ ঘাঁহ কটা লিগিৰা-লিগিৰীয়ে ঘাঁহৰ বোজা নমাই থৈ সেই দলিচাৰ ওপৰতে উবুৰি খাই পৰি বিচনীৰ বা লৈছে। সেনাপতিয়ে সতৃষ্ণ নয়নেৰে মহাৰাজৰ ফালে চাই আছে, হোকাত এক টান মৰাৰ আশাত।
মহাৰাজে কয়, মুকুটটো নমাই থৈহে প্ৰাণ বাচিছে।
লিগিৰাই সঁহাৰি দিলে, সঁচাকে। বৰ গৰম পৰিছে। ঘাঁহৰ বোজা মূৰত লৈ মোৰতো ব্ৰহ্মতালুত জুই জ্বলিছিল বুজিছে নে?
মহাৰাজে ক’লে, জ্বলাই মাৰিছিল উৰহসোপাই। মুকুটৰ ভাঁজে ভাঁজে কিলবিলাই আছে।
ইংৰাজী ভাষাজ্ঞানী সেনাপতিয়ে মন্তব্য কৰিলে, Uneasy lies the head that wears the crown—
ঠিক তেতিয়াই বাতৰি আহিল, যুদ্ধ আৰম্ভ হৈ গ’ল।
হোকাৰপৰা মুখ তুলি মহাৰাজে সেনাপাতিক আদেশ দিলে, যা –
সেনাপতিয়ে বোলে, চাওঁ দিয়কচোন, টান এটা মাৰি যাওঁ –
মহাৰাজে দাঁত কৰচি উঠিল, কাম নষ্ট কৰি হোকা টানিবি? ধেমালি পাইছ? সেই কাৰণে দৰমহা খাই আছ?
মন-চন মাৰি সেনাপতি উঠিল। ভুৰুক ভুৰুক হোকা টনা এৰি, গুৰুম গুৰুম বন্দুকৰ শব্দ।
কিন্তু, দিগদাৰটো হ’ল, তৰোৱালখন বিচাৰি পোৱা নাই। বেৰতে ওলোমাই থোৱা আছিল, এতিয়া খাপটোহে ওলমি আছে। গম পোৱা গ’ল, মহামন্ত্ৰীয়ে লিচুবাৰীলৈ গৈ তৰোৱালেৰে খুঁচি লিচু পাৰি আছে।
ৰাজকন্যাই মিচিকিয়াই ক’লে, খাপটোতো খাপেই আৰু। কঁকালত ওলোমাই লোৱা, নুখুলিলেই হ’ল। যুদ্ধতো মুখৰ চিঞৰহে। খাপেৰেই চলি যাব।
ৰাজকন্যাৰ হাতত দাঁত ঘঁহা এঙাৰ। কথা কৈ কৈ ফেচেককৈ ক’লা পিক এসোপা মজিয়াতে পেলাই দিলে। আকৌ নতুন উদ্যমেৰে দাঁতত এঙাৰ ঘঁহাত লাগিল।
নাই। বৰ বেছি হৈ গৈছে। আমাৰ নেটিভ-প্ৰিন্সবোৰৰ কোনো কাম নাই হয়, কিন্তু ৰজাই হোকা টানে, মহামন্ত্ৰীয়ে লিচু পাৰে, ৰাজকন্যাই এঙাৰ ঘঁহে – ইমান বেছিও নিশ্চয় নহয়।
কি সৰ্বনাশ!!! ৰজা আৰু লিগিৰাক একেখন দলিচাতে বহুৱাইছা—সাম্যবাদ আমদানি কৰিব খুজিছে নেকি হে এই দেশলৈ?
ওম। বুজিছো। পাকিস্তান-হিন্দুস্তান ভেমৰ বাহাৰ। আচলতে খাপৰ বাহিৰে সিঁহতৰ একো নাই, – এই কথাটোকে আকাৰে-ইংগিতে বুজাব খুজিছে আপুনি।
লেখকে লাহেকৈ হাঁহি এটা মাৰি ক’লে, এটা যাত্ৰা পাৰ্টিৰ ছোঁ-ঘৰত সোমাইছিলো। মালিকৰ লগত অলপ খাটিৰ আছিল, সেয়ে। যি দেখিলো, হুবহু তাকেই লিখিছো। এটা কথাও বঢ়াই লিখা নাই। এচিকুটো কল্পনা নাই।