অনুবাদগল্প

এঘণ্টাৰ গল্প (মূল : কেইট শ্ব’পেন :: অনুবাদ : কৌশিক দাস)

[নাৰীবাদী গল্পকাৰ কেইট শ্ব’পেনৰ (Kate Chopin) জন্ম এমেৰিকাৰ চেণ্ট লুইচত, ১৮৫০ চনত, মৃত্যু ১৯০৪ চনত। ১৮৯৪ চনত প্ৰকাশিত কেইট শ্ব’পেনৰ এই গল্পটোৱে সেই সময়ত তুমুল বিতৰ্কৰ সৃষ্টি কৰিছিল। প্ৰথমতে গল্পটোৰ নাম আছিল “The Dream of an Hour”, পাছৰ সংস্কৰণত এই অনুবাদত ব্যৱহাৰ কৰা নামটো (The Story of an Hour) দিয়া হৈছিল]

শ্ৰীমতী মালার্ডৰ হৃদৰোগ থকা বাবে যিমান পাৰি সিমান লাহে-ধীৰে,—অতি সাৱধানতাৰে—, তেওঁক গিৰিয়েক ঢুকুৱাৰ বাতৰিটো দিয়া হ’ল।

ভনীয়েক জোচেফিনে টুকুৰা-টুকুৰ অস্পষ্ট কথাৰে, আকাৰে-ইংগিতে বাতৰিটো তেওঁক দিলে। শ্ৰীমতী মালার্ডৰ গিৰিয়েকৰ বন্ধু ৰিচাৰ্ডো তেতিয়া কাষতে ঠিয় হৈ থাকিল। যেতিয়া ৰিচাৰ্ড বাতৰি কাকতৰ অফিচত আছিল, তেতিয়াই আহিছিল ৰেল দুৰ্ঘটনাটোৰ খবৰ। ব্ৰেণ্টলী মালার্ডৰ নামটো নিহতসকলৰ তালিকাৰ প্ৰথমতেই আছিল। খবৰটো সঁচা নে মিছা, সেইটোত নিজে নিশ্চিত হ’বলৈকে বুলি ৰিচাৰ্ডে দ্বিতীয় টেলিগ্ৰামখনলৈ অপেক্ষা কৰিলে। তাৰ পাছত, কোনো অসাৱধানী বা অসংবেদনশীল লোকে যেনেকৈ-তেনেকৈ কথাটো কৈ পেলাব পাৰে বুলি ভাবি ততাতৈয়াকৈ তেওঁ নিজেই আহি বাতৰিটো দিলেহি।

বহুতো মহিলাই এইধৰণৰ বেয়া খবৰ পালে, ঘটনাৰ সত্যতাক স্বীকাৰ কৰিব নোৱাৰি যেনেকুৱা উদ্ভ্ৰান্ত আচৰণ কৰে, শ্ৰীমতী মালার্ডে কথাটো শুনি তেনেকুৱা একো নকৰিলে। তেওঁ ভনীয়েকৰ কান্ধত খপকৈ খামুচি ধৰি উচুপি উঠিল। কিছুপৰ পাছত যেতিয়া শোকৰ বা-মাৰলি অলপ পাতলিল, তেতিয়া তেওঁ নিজৰ কোঠালৈ অকলেই সোমাই গ’ল।

কোঠাটোৰ ভিতৰত, খোলা খিৰিকী এখনৰ ফালে মুখ কৰি থকা আৰামদায়ক আৰামী-চকীখনত তেওঁ গাটো অলসভাৱে এৰি দিলে। গোটেই দেহটোক হেঁচা মাৰি ধৰা প্ৰচণ্ড শাৰীৰিক অৱসাদ তেওঁৰ মনৰ নিভৃত চুক-কোণবোৰলৈও বিয়পি পৰিল।

খোলা খিৰিকীখনেৰে তেওঁৰ চকুত পৰিল বসন্তৰ পৰশত প্ৰাণ পাই উঠা ঘৰটোৰ পদূলিৰ গছ-বিৰিখৰ সজীৱ-সেউজীয়া আগবোৰ। সেমেকা বতাহত ভাহি আহিছে বৰষুণৰ মাদকতাময় গোন্ধ। আঁতৰৰ বাটত কোনোবা ফেৰীৱালাই সা-সামগ্ৰী বেছিবলৈ ৰৈ ৰৈ চিঞৰি আছে। আঁতৰত কোনোবাই গাই থকা গীতৰ অনুচ্ছ সুৰটো আহি তেওঁৰ কাণত পৰিছেহি। ঘৰটোৰ মাৰলিত এজাক ঘনচিৰিকাই কোৰ্হাল কৰি আছে। কোঠাটোৰ পশ্চিমৰ খিৰিকীখনেদি দেখা আকাশখনত তৰপে তৰপে ডাৱৰ, তাৰ মাজে মাজে অ’ত-ত’ত ভুমুকি মাৰিছে নীলা বৰণটিয়ে।

শ্ৰীমতী মালার্ডে আৰামী-চকীখনৰ কুছনত মূৰটো পেলাই একেবাৰে নিশ্চল হৈ পৰি থাকিল। মাত্ৰ যেতিয়া বুকুৰ পৰা উজাই অহা কান্দোনবোৰে তেওঁৰ দেহাটো মাজে মাজে কঁপাই তুলিছিল, তেতিয়া তেওঁক সপোনতে উচুপি উচুপি শুই থকা শিশু এটিৰ দৰে লাগিছিল।

শ্ৰীমতী মালার্ড গাভৰুৱেই হৈ আছিল, উজ্জ্বল আৰু শান্ত মুখখনত পৰা সৰু সৰু ৰেখাত যেন ফুটি উঠিছিল তেওঁৰ দৃঢ়তা। এতিয়া কিন্তু তেওঁৰ নিষ্প্ৰভ দুটি চকু নীলা আকাশখনক মলিয়ন কৰি পেলোৱা ডাৱৰৰ পটিবোৰত স্থিৰ হৈ আছে। তেওঁৰ এই দৃষ্টিত কোনো উজ্জ্বলতা নাছিল, বৰঞ্চ তাত ফুটি উঠিছিল বোধবুদ্ধি হেৰাই যোৱা এক স্তব্ধতাৰ প্ৰতিচ্ছবি।

তেনেতে তেওঁৰ মনলৈ কিবা এটা যেন বগাই আহিবলৈ আৰম্ভ কৰিলে। এইটোৰ বাবেই তেওঁ যেন ভয়ে ভয়ে ৰৈ আছিল। কি বাৰু এইটো? সেইটো আছিল ইমানেই ছঁয়াময়া আৰু অস্পষ্ট যে শ্ৰীমতী মালার্ডে তাৰ আগমণৰ উমানেই নাপালে। কিন্তু তেওঁ অনুভৱ কৰিলে, নানান শব্দৰে মুখৰিত বৰ্ণানাতীত অনুভূতি এটি আকাশেদি যেন বগাই আহি মোহনীয় বৰণ আৰু সুকোমল সুঘ্ৰাণৰ ৰূপত বতাহত ভাহি আহি স্পৰ্শ কৰিছে তেওঁক।

লাহে লাহে সেই অনুভূতিটোৱে তেওঁৰ মন-মগজু তীব্ৰভাৱে কঁপাই তুলিবলৈ ধৰিলে। তেওঁ এইবাৰ গম পালে অনুভূতিটোনো কি,—গম পালে যে সেইটোৱে তেওঁক লাহে লাহে পৰাভূত কৰিবলৈ আৰম্ভ কৰিছে। শ্ৰীমতী মালার্ডে সেই অনুভূতিটোক তেওঁৰ মনৰ ইচ্ছা-শক্তিৰে— যেন ক্ষীণ ব’গা অলস হাত দুখনৰ সহায়েৰে— আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰিলে। তাত বিফল হৈ শ্ৰীমতী মালার্ডে যেতিয়া তেনে চেষ্টা কৰা এৰি দিলে, তেতিয়া তেওঁৰ আধা মেলা ওঁঠৰ ফাঁকেদি অস্ফূট শব্দ এটা ফুচ্‌ফুচনিৰ দৰে ওলাই আহিল। গভীৰ উশাহ-নিশাহৰ লগে লগে তেওঁ মুখৰ পৰা বাৰে বাৰে ওলাল এইটো শব্দ, “মুক্ত মুক্ত মুক্ত”। শূন্য, উদাস আৰু আতংকভৰা দৃষ্টি তেওঁৰ চকুৰ পৰা আঁতৰি গ’ল। উজ্জ্বল উদ্ভাসিত নয়ন দুটিৰ দৃষ্টি তীক্ষ্ন হৈ পৰিল। তেওঁৰ হৃদস্পন্দনৰ দ্ৰুতি বাঢ়ি গ’ল, সিৰা-উপসিৰাত ঢৌ তুলি উষ্ণ ৰক্ত প্ৰৱাহিত হ’বলৈ ধৰিলে। শৰীৰৰ চুক-কোণ যেন সঞ্জীৱিত হৈ পৰিল। এই কথাটো এটা পৈশাচিক আনন্দ হয় নে নহয়, সেই প্ৰশ্নটো শ্ৰীমতী মালার্ডৰ মনলৈ নহাকৈ থকা নাছিল। কিন্তু এটা সুস্পষ্ট আৰু আনন্দদায়ক অনুভূতিয়ে সেইটো প্ৰশ্নক মনৰ দাঁতিলৈ ঠেলি পঠিয়ালে।

শ্ৰীমতী মালার্ডে ভালদৰেই জানে যে যেতিয়া তেওঁ গিৰিয়েকৰ মৰমীয়াল হাত দুখন মৃতদেহটোৰ বুকুৰ ওপৰত নিশ্চল ভাঁজ এটা লৈ পৰি থকা দেখিব, যেতিয়া উপলব্ধি কৰিব যে সেই আশ্বাসভৰা মুখখনে আৰু কেতিয়াও মৰমেৰে তেওঁলৈ নাচাব, যেতিয়া দেখিব সেই মুখখন হৈ পৰিছে বিবৰ্ণ আৰু শেঁতা—, তেতিয়া তেওঁ আকৌ উচুপি উঠিব।

কিন্তু এই সময়তো শ্ৰীমতী মালার্ডৰ মনলৈ আহিল, অনাগত সময়ত দীৰ্ঘ সমদলৰ দৰে আহিবলগীয়া বছৰবোৰ একান্তভাৱে হ’ব তেওঁৰ নিজৰ। সেই অনাগত দিনবোৰক আদৰিবলৈকে যেন তেওঁ বাহু দুটি মেলি দিলে। আহিবলগীয়া দিনবোৰত কোনেও তেওঁৰ কাৰণে বাচি থাকিব নালাগে, তেৱোঁ জীয়াই থাকিব একান্ত নিজৰ বাবেই। পুৰুষ-মহিলাই ইজনে সিজনৰ ওপৰত নিজৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছাবোৰ জাপি দিয়াটো এটা অধিকাৰ— এই ধাৰণাটোৰ ফালে এতিয়াৰে পৰা আৰু তেওঁৰ মনটোক ঢাল খুৱাব পৰা কোনো শক্তিশালী সমন্ধ নাথাকিল। উদ্দেশ্যত স্নেহেই থাকক বা নিষ্ঠুৰতাই থাকক—তেনে কাৰ্য অপৰাধতকৈ কোনো গুণে কম নহয়, মন আলোকিত হৈ পৰা এই মুহূৰ্ত্তত তেওঁ তেনে এটা সিদ্ধান্তলৈ আহিল।

তেওঁৰ মনলৈ আহিল— হয়, তেওঁ গিৰিয়েকক ভাল পাইছিল কেতিয়াবা ; কিন্তু বেছিভাগ সময়তেই ভাল নাপাইছিল। কিন্তু এতিয়া আৰু সেইবোৰ ভাবি লাভ কি, তাতে ভালপোৱা, প্ৰেম এইবোৰো কোনো সমাধান নোহোৱা ৰহস্যহে! এই মুহূৰ্ত্তত শ্ৰীমতী মালার্ডে নিজৰ সিদ্ধান্তটোক তেওঁৰ অস্তিত্বৰ সকলোতকৈ শক্তিশালী উদ্দীপক হিচাপে গণ্য কৰিলে।

“মুক্ত! মোৰ দেহা আৰু মন দুয়োটাই মুক্ত”, শ্ৰীমতী মালার্ডে ফুচ্‌ফুচাই উঠিল।

ভনীয়েক জোচেফিনে বন্ধ দুৱাৰখনৰ বাহিৰত আঠু কাঢ়ি, চাবিৰ ফুটাটোত ওঁঠ থৈ কাকুতি কৰি আছিল বায়েকক, “লুইচ, দুৱাৰ খোলা, খোলা না দুৱাৰখন! তেনেকুৱা নকৰিবা, দুৱাৰ খোলা, তোমাৰ গা বেয়া হৈ যাব, কি কৰিছা লুইচ, দুৱাৰখন খোলা”।

“নাই নাই, এতিয়া যোৱাচোন যোৱা, মই ঠিকেই আছোঁ, চিন্তা কৰিব নালাগে”, শ্ৰীমতী মালার্ডে ক’লে। চিন্তাৰ নো কি কাৰণ থাকিব, তেতিয়া যে তেওঁ এখন উন্মুক্ত খিৰিকীৰ মাজেৰে অমৃতময় জীৱনৰ সন্ধানত আত্মবিভোৰ হৈ পৰিছে। তেওঁৰ মন আহিবলগীয়া দিনবোৰৰ কল্পনাত আলো‌ড়িত, উদ্বেলিত। অনাগত বসন্তই হওক বা গ্ৰীষ্মই হওক, সকলো দিন-ঋতু তেওঁৰ একান্তই নিজৰ হ’ব। শ্ৰীমতী মালার্ডে মনে মনে প্ৰাৰ্থনা কৰিলে—তেওঁৰ জীৱনটো যাতে দীঘল হয়। মাত্ৰ কালিৰ কথা, জীৱনটো বৰ দীঘল বুলি তেওঁ কঁপি উঠিছিল!

আঁকোৰগোজ ভনীয়েকৰ নেৰা-নেপেৰা হুলস্থূলত শ্ৰীমতী মালার্ডে অৱশেষত দুৱাৰখন খুলিলে। তেওঁৰ মুখখন বিজয়ৰ আনন্দত ইষৎ ৰঙচুৱা হৈ পৰিছে, অজানিতেই যেন তেওঁ হৈ পৰিছে বিজয়ৰ কোনো দেৱী। তেওঁ ভনীয়েকৰ কঁকালত হাতেৰে মেৰিয়াই ধৰি ছিৰিৰে নামি আহিল। ৰিচাৰ্ডে তলত তেওঁলোকলৈ অপেক্ষা কৰি আছিল।

তেনেতে কোনোবাই চাবি পকাই সমুখৰ দুৱাৰখন খুলিলে। হাতত ছাতি আৰু বেগ, মুখত ভ্ৰমণৰ ক্লান্তিৰ ছাপ লৈ এয়া ব্ৰেণ্টলী মালার্ড। তেওঁ দুৰ্ঘটনাস্থলৰ পৰা বহুত আঁতৰত আছিল, আনকি কিবা যে দুৰ্ঘটনা হৈছে—তাকো নাজানিছিল। তেওঁ জোচেফিনৰ তীক্ষ্ন চিঞৰত, আৰু ৰিচাৰ্ডে বিদ্যুৎ বেগেৰে তেওঁক পত্নীৰ পৰা আঁৰ কৰিবলৈ দৌৰ মাৰি যোৱাত বিমূঢ়-অবাক হৈ পৰিছিল।

কিন্তু ৰিচাৰ্ডৰ পলম হৈ গৈছিল।

ডাক্টৰ আহিল আৰু ক’লে, হৃদযন্ত্ৰৰ বিজুতি ঘটি মৃত্যু হৈছে শ্ৰীমতী মালার্ডৰ—অত্যধিক আনন্দই তেওঁৰ কাল হ’ল।

One thought on “এঘণ্টাৰ গল্প (মূল : কেইট শ্ব’পেন :: অনুবাদ : কৌশিক দাস)

  • Kamal Sarma

    অনুবাদ সুন্দৰ আৰু সাৱলীল হৈছে।কিন্তু আৰম্ভণীৰ “নাৰীবাদী লিখিকা” অভীধাটো মানি লব নোৱাৰি।কাৰণ সেই অভীধাটো সৰ্বজন স্বীকৃত নহয়।বাৰ্কক’ভ ৰ সমালোচনাতহে তেনেদৰে পোৱা যায়।মোৰ ভুল হ’ব পাৰে।বহু বছৰৰ আগতে পঢ়া।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *