গল্প-কবিতা

একলব্য-(দিমালী ৰাজবংশী)

একলব্যৰ বুঢ়া আঙুলিটো যিদিনাই কটা হ’ল সিদিনাই আৰম্ভ হ’ল কিছুমান নতুন কথাৰ। ইমানদিনে ৰজাঘৰৰ কথা মানুহে জানিছিল, এতিয়া জানিবলৈ ল’লে প্ৰজাৰ কথা। ইমানদিনে বুৰঞ্জী লিখা হৈছিল, এতিয়া সৃষ্টি হ’ল নতুন ইতিহাস।
আপুনি ক’ব পাৰে এয়া বাওঁ পথ, বাওঁ ইতিহাস!
আপুনি ক’ব পাৰে এয়া ৰঙা পথ, ৰঙা ইতিহাস!

হয়, একলব্য বিপ্লৱৰ প্ৰথমটো ফিৰিঙতি, যুগে যুগে প্ৰতাৰিত প্ৰজাৰ প্ৰতিনিধি!

আপুনি একলব্যক ক’ত নাপাব? পাৰে যদি মোক কওক!
আজি একলব্য সকলোতে, বিদ্যালয়ত, খেতিপথাৰত, বজাৰত, পদপথত…
শদিয়াত, ধুবুৰীত, ধেমাজিত, গুৱাহাটীত…

আপুনি অসম ঘূৰক, আপুনি ভাৰতবৰ্ষ ঘুৰক সকলোতে আছে পীড়িত ৰাইজ, পীড়িত নাগৰিক!

বহু একলব্য আছে, সোঁহাতৰ বুঢ়া আঙুলি হেৰুৱাইহে বাওঁ হাত জোকাৰিবলৈ শিকিছে!

অগণন গাঁৱৰ অগণন একলব্যই বুঢ়া আঙুলি হেৰুৱাইছে!
অগণন নগৰৰ অগণন একলব্যই বুঢ়া আঙুলি হেৰুৱাইছে!

গাঁৱে-ভূঁঞে, পাহাৰে-কন্দৰে একেই একলব্য, একেই বুঢ়া আঙুলি হেৰোৱাৰ কাহিনী!

একলব্যৰ পেট আছে, ভাত নাই!
একলব্যৰ শ্ৰম আছে, শস্য নাই!
একলব্যৰ প্ৰতিভা আছে, কদৰ নাই!
একলব্যৰ ডিগ্ৰী আছে, চাকৰি নাই!
একলব্যৰ যৌৱন আছে,
আছে নিভাঁজ প্ৰেম আৰু নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পৰা আত্মবিশ্বাস!


একলব্যৰ প্ৰেয়সী নাই!
প্ৰেয়সী থাকিলেও একলব্যৰ প্ৰতি তাইৰ নাই আস্থা আৰু বিশ্বাস!


একলব্যই বুঢ়া আঙুলি হেৰুৱাই
একলব্যই হৃদয় হেৰুৱাই একলব্যই যুগে যুগে, গাঁৱে-ভূঁঞে জীৱন হেৰুৱায়!

বহু ইতিহাস, বহু একলব্য সৰাপত হৈ সৰি পচি মাটিৰ লগত জহি খহি যায়
বহু একলব্যৰ ইতিহাস আজিও লিখা হোৱা নাই!

একলব্যৰ সোঁহাতৰ বুঢ়া আঙুলিটো কটা যোৱাৰ পিছত বাওঁ হাতৰ আঙুলিৰে আঁক-বাক কৰিবলৈ শিকিলে। একলব্যই ভাবিলে ক’ৰ পৰা লিখা যায় বুঢ়া আঙুলিটো কটা যোৱাৰ ইতিহাস! ক’ৰ পৰা বৰ্ণনা কৰা যায় মহাভাৰতৰ ভুল! ক’ৰ পৰা লিখা যায় পীড়িত মানুহৰ ব্যথা!

একলব্য অশিক্ষিত, একলব্যই কবিত্ব নাজানে,
সৌন্দৰ্য মানে সি কেৱল বুজে তাৰ ঘামত গজা পথাৰৰ শইচ!

একলব্য খিলঞ্জীয়া, ভূমিপুত্ৰ! একলব্যৰ পৰিশ্ৰম এটা মহৎ কবিতা!
ৰাধা, ৰুক্মিনী, লক্ষ্মী, সৰস্বতী — সকলো অলংকাৰেৰে পৰিশোভিত, ৰজা- ৰাজ পৰিবাৰৰ নাৰী!
অলংকাৰ অবিহনেও যে হ’ব পাৰে নাৰী ৰূপহী
একলব্যৰ মাক আৰু ভনীয়েক তাৰেই সাক্ষী!

ব্যাস কোন? ব্যাসে কিয় নিলিখিলে প্ৰজাঘৰৰ ইতিহাস? যি লিখি গ’ল সেয়া মাথোঁ ৰজা আৰু ৰাজ পৰিবাৰৰ কাহিনী!
মহাভাৰতক কিয় কোৱা হয় ভাৰতৰ সঁচা ইতিহাস বুলি?
পৰ্বতত কি কাছ থাকে? ব্যাস যে ৰজাৰ প্ৰতিনিধি

প্ৰজাৰ কথা ব্যাসে লিখিছে?
মিছা
মিছা
মিছা
ব্যাসৰ প্ৰজাৰ কাহিনী
একলব্যই তুলি লয় কলম
লিখি যায় প্ৰজাৰ কাহিনী — বাওঁ হাতে, বাওঁ হাতৰ বুঢ়া আঙুলিৰে… একলব্য কোন?

শোষিত ৰাইজৰ এজন সাধাৰণ প্ৰতিনিধি
একলব্যই মহাভাৰত পঢ়ে
মহাভাৰত — ভুলৰ প্ৰকাণ্ড ভঁৰাল!

মহাভাৰতত ব্যাসে লিখিছে, পাণ্ডু মৰিছে ঋষিৰ অভিশাপত
মিছা
মিছা
মিছা সেই কথা
ব্যাস জানো আছিল সিদিনা
সেই বনত আছলতে পাণ্ডু মৰিছিল খিলঞ্জীয়া প্ৰজা (নিষাদ)ৰ হাতত
পাণ্ডু আহিছিল মৃগয়ালৈ (ৰাজনৈতিক অভিযানলৈ),
দেখিলে মুনি কন্যাক (খিলঞ্জীয়াৰ সম্পদক),
দেখি কামনা জাগিল, বলাৎকাৰ কৰিলে
মাদ্ৰি থৰহৰি কঁপিছিল
টনা আজোৰাত ফাটি যোৱা চাদৰে মাদ্ৰিৰ গা ঢাকিব পৰা নাছিল
বুকুখনত আছিল অসহ্য বিষ কৰঙণত তেজ
সমগ্ৰ নিষাদ (খিলঞ্জীয়া) জাগি উঠিছিল
কচু কটাদি কাটি পেলালে ৰজা পাণ্ডুক
একলব্য বনৰ ল’ৰা, সি খিলঞ্জীয়া, সি সকলো জানে, জানে ব্যাসেও
কিন্তু ব্যাসে জানো লিখিব পাৰে এইবোৰ কথা?
পাণ্ডু তেওঁৰ পুত্র,
তেওঁ ৰজাৰ পিতৃ,
তেওঁ ৰজাৰ লিখক, তেওঁ ৰজাৰ কবি!
ব্যাসে আৰু নিলিখিলে, কিমান যাতনা দি ৰজাঘৰে বধিলে কিমান খিলঞ্জীয়াক
কিমান খিলঞ্জীয়াৰ ওপৰত পৰিল বলিয়া হাতীৰ গচক
কিমান খিলঞ্জীয়া গাভৰুৰ যৌৱন
চূৰমাৰ কৰি দিলে ৰজাঘৰৰ সৈনিকে
কিমান খিলঞ্জীয়া ডেকালৰাৰ পিঠিত পৰিল চাবুকৰ কোব
ভাঙি দিয়া হ’ল হাড়
ব্যাসে লিখিলে মাথোঁ মিছামিছা বুৰঞ্জী মিছা ইতিহাস ব্যাসে লিখিলে,
মাদ্ৰীয়ে সতী গ’ল স্বামীৰ স’তে,
কুন্তী থাকিল মাথোঁ জীয়াই পুত্রৰ বাবে!
(ব্যাসে ৰচনা কৰা কল্পনাৰ মায়াজালত ৰজাঘৰৰো যে কি এই নিয়ম,
কেনে এই সতী যোৱাৰ পৰম্পৰা! আগগুৰি নোহোৱা!)

একলব্য শোষিত খিলঞ্জীয়া, নিষাধৰ প্ৰতিনিধি, চাবুকৰ কোব খোৱা
সি লিখিব নোৱাৰে এনে মিছা কথা ৰহণ চৰোৱা
ব্যাসৰ বিপৰীতে একলব্য সঁচা
সঁচা লিখক
সঁচা প্ৰজাৰ প্ৰতিনিধি ৰজাঘৰে ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছে
বাওঁ হাতৰ কলম
বাওঁ হাতৰ বুঢ়া আঙুলিৰে লিখা প্ৰজাৰ ইতিহাস

Leave a Reply

Your email address will not be published. Required fields are marked *