এমিলি ডু চাটেলেট: যুগজয়ী প্ৰতিভাৰ শাশ্বত স্বাক্ষৰ — (ৰ’জ্জা ৰুক্মীণ পাঠক)
“… I saw her, one day, divide a nine-figure number by nine others, in her head, without any help, in the presence of a mathematician unable to keep up with her.”– Voltaire
১৭৩৪ চনৰ এটি মনোৰম সন্ধিয়া পেৰিচৰ গ্ৰেডত কেফেত এটি আশ্চৰ্যকৰ ঘটনা ঘটিছিল। কেফেখনত গণিত বিষয়ক আলোচনা এটা হৈ আছিল য’ত ভাগ ল’বৰ বাবে অহা এগৰাকী ব্যক্তিক কেৱল মহিলা হোৱাৰ বাবেই প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল। কিন্তু পৰিস্থিতিৰ ওচৰত হাৰ নামানি তেওঁ পুনৰবাৰ পুৰুষৰ পোছাক পিন্ধি কেফেখনত উপস্থিত হৈছিল। তেওঁ এইবাৰ আলোচনাত ভাগ লোৱা পুৰুষসকল আৰু তেওঁৰ মাজত থকা কাপোৰ সাজৰ ব্যৱধান আঁতৰাই অহা বুলি যুক্তি দিছিল। তেওঁৰ কথাত নিজৰ নিকৃষ্ট মানসিকতাৰ বিষয়ে বুজিব পাৰি কেফেৰ সমস্ত কৰ্মচাৰী লজ্জানত হৈ পৰিছিল। সেইদিনা তেওঁ কেৱল আলোচনাত ভাগ লোৱাই নহয়, নিজৰ তৰ্ক, বুদ্ধিমত্তা আৰু পাণ্ডিত্যৰ বলত উপস্থিত সকলোকে আচম্বিত কৰি তুলিছিল। অষ্টাদশ শতিকাৰ ফৰাচী সমাজব্যৱস্থা, য’ত মহিলাক শিক্ষা গ্ৰহণৰ উপযোগী হিচাপেও গণ্য কৰা হোৱা নাছিল, তেনে এখন সমাজত জীৱনজোৰা অধ্যৱসায়ৰ বলত নিজকে পণ্ডিতৰ শাৰীত প্ৰতিষ্ঠিত কৰি পৰৱৰ্তী কালত বিশ্ববিশ্ৰুত বিজ্ঞানী হিচাপে ইতিহাসত স্থান লাভ কৰা এইগৰাকী মহীয়সী নাৰীয়ে আছিল এমিলি ডু চাটেলেট।
১৭০৬ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছত এমিলি ডু চাটেলেটৰ জন্ম হৈছিল। এমিলি আছিল তেওঁৰ পিতৃ লুইছ নিকোলাছ লে টনেলিয়াৰ ডি ব্ৰেটুৱেল আৰু মাতৃ গেব্ৰিয়েল এন্ ডে ফ্ৰ্’লেৰ ষষ্ঠ তথা কনিষ্ঠ সন্তান। জন্মৰ সময়ত এমিলিৰ পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল গেব্ৰিয়েল-এমিলি লে টনেলিয়াৰ ডি ব্ৰেটুৱেল।
অষ্টাদশ শতিকাৰ আৰম্ভণিৰ পৰা ফ্ৰান্সত এক ব্যাপক বৌদ্ধিক বিপ্লৱৰ জোৱাৰ উঠিছিল। সেই সময়ছোৱাতে ফ্ৰান্সত বহুতো প্ৰখ্যাত বিজ্ঞানী তথা দাৰ্শনিক পণ্ডিতৰ উত্থান ঘটিছিল। সেইসকলৰ ভিতৰত ভল্টেয়াৰ, ৰুছ’, ডিডেৰট, মণ্টেস্কিউ, পিয়েৰ-চাইমন লেপ্লাছ ইত্যাদি চিন্তাজীৱী পণ্ডিতসকল আছিল অন্যতম। আলোকীকৰণৰ যুগ হিচাপে খ্যাত তথা ‘encyclopaedia movement’–ৰ বাবে জনাজাত এই সময়ছোৱাতে ফ্ৰান্সত বহুকেইখন বৈজ্ঞানিক সমাজৰো আৱিৰ্ভাৱ হৈছিল। এনে সমাজসমূহ বৈজ্ঞানিক উদ্ভাৱন আৰু আৱিষ্কাৰৰ মূল কেন্দ্ৰ স্বৰূপ হৈ পৰিছিল। বিজ্ঞানৰ আৰু গণিতৰ বিভিন্ন ক্ষেত্ৰসমূহলৈ এনেবোৰ সমাজৰ অৱদান অতি গুৰুত্বপূৰ্ণ। কিন্তু উল্লেখযোগ্য যে, এনে বৈজ্ঞানিক তথা বৌদ্ধিক সমাজত মহিলাৰ অংশগ্ৰহণ আছিল অতিশয় সীমিত। সেয়েহে সেইসময়ৰ মহিলাবিজ্ঞানী অথবা চিন্তাবিদৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা। ইয়াৰ মূলতে আছিল সেই সময়ৰ পুৰুষতান্ত্ৰিক ৰক্ষণশীল সমাজখন য’ত নাৰীসকলক সকলোধৰণৰ বৌদ্ধিক চিন্তা-চৰ্চা, আলোচনা ইত্যাদিত অংশগ্ৰহণৰ পৰা বিৰত ৰখা হৈছিল।
অষ্টাদশ শতিকাৰ ফৰাচী সমাজত মহিলাৰ বাবে স্বাধীনতা, অধিকাৰ আৰু শিক্ষা আছিল অতি সীমিত। যি নূন্যতম সংখ্যকে শিক্ষা আহৰণ কৰিছিল তেওঁলোককো শৈক্ষিক বিষয়ৰ পৰিৱৰ্তে পৰিয়াল পৰিচালনাত দক্ষ কৰি তুলিবৰ বাবে প্ৰয়োজনীয় জ্ঞানহে দিয়া হৈছিল। সেই সময়তেই পেৰিছৰ এটি আঢ্যৱন্ত পৰিয়ালত জন্ম গ্রহণ কৰা এমিলিয়ে এক ব্যতিক্ৰমী পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱাৰ সুযোগ পাইছিল। এটি উদাৰ মনৰ অধিকাৰী এমিলি ডু চাটেলেটৰ পিতৃ আছিল ফৰাচী চৰকাৰৰ এজন উচ্চপদস্থ বিষয়া। সেই সময়ৰ বহুতো প্রতিভাবান বিজ্ঞানী, চিন্তাবিদ তথা দাৰ্শনিকৰ তেওঁলোকৰ ঘৰলৈ আহ্-যাহ্ আছিল যাৰ সান্নিধ্যই কোমল বয়সীয়া এমিলিৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছিল। অতিশয় কৌতূহলী তথা প্ৰখৰ বুদ্ধি-বৃত্তিৰ অধিকাৰী এমিলি সৰুৰে পৰাই গণিত আৰু বিজ্ঞানৰ প্ৰতি বিশেষভাৱে আগ্ৰহী হৈ উঠিছিল। নিজ কন্যাৰ জ্ঞান পিপাসু মনৰ উমান পাই এমিলিৰ পিতৃয়েও তেওঁক শিক্ষা আহৰণ কৰিবৰ বাবে অহৰহ উৎসাহ যোগাইছিল। কিন্তু, এমিলিৰ বিজ্ঞান আৰু গণিতৰ প্ৰতি থকা আগ্ৰহক তেওঁৰ মাতৃয়ে নাৰীসুলভ নহয় বুলি বিবেচনা কৰিছিল আৰু সেইবাবেই বিভিন্ন সময়ত এমিলিৰ শিক্ষাৰ বিৰোধিতাও কৰিছিল।
প্ৰাৰম্ভিক শিক্ষা হিচাপে এমিলিয়ে ঘৰতেই তেওঁৰ পিতৃৰ পৰা গণিত আৰু বিজ্ঞানৰ শিক্ষা আহৰণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ লেটিন আৰু গ্ৰীক ভাষাও শিকি গৈছিল। পিতৃৰ পৰা শিক্ষা আহৰণ কৰাৰ উপৰিও বিভিন্ন সময়ত ঘৰলৈ অহা জ্ঞানী পণ্ডিতসকলৰ পৰাও এমিলিয়ে বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল। কম সময়ৰ ভিতৰতে তেওঁ সকলোবোৰ বিষয়তে পাকৈত হৈ উঠিছিল আৰু অতি সোনকালে কেলকুলাছৰ দৰে উন্নত বিষয়সমূহৰো অধ্যয়ন আৰম্ভ কৰিছিল। বাৰ বছৰ বয়সত পৰৱৰ্তী শিক্ষা সম্পূৰ্ণ কৰিবৰ বাবে তেওঁক কনভেণ্টলৈ পঠিওৱা হৈছিল। কনভেণ্টত থাকি তেওঁ দৰ্শন শাস্ত্ৰ, লেটিন আৰু গ্ৰীক ভাষাৰ ওপৰত শিক্ষা আহৰণ কৰিছিল। ওঠৰ বছৰ বয়সত তেওঁ কনভেণ্টৰ শিক্ষা সম্পূৰ্ণ কৰি ঘৰলৈ ওভতি আহে আৰু দৰ্শন, গণিত, পদাৰ্থ-বিজ্ঞান আদি বিষয়ত বিশদভাৱে অধ্যয়ন আৰম্ভ কৰে। ইয়াৰ উপৰিও, তেওঁ ছাৰ আইজাক নিউটনকে প্ৰমুখ্য কৰি আন বহুকেইজন বিজ্ঞানীৰ কৰ্মৰাজিৰ অধ্যয়নতো গভীৰভাৱে মনোনিৱেশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গণিতজ্ঞ লুই ম’ৰ’ ডি মাউপাৰটুইছৰ পৰা গণিতৰ বহুতো জ্ঞান আহৰণ কৰিছিল। ইয়াৰ উপৰিও এমিলিয়ে বিভিন্ন সময়ত এলেক্সিছ ক্লেৰাউট, লিঅ’নাৰ্ড অইলাৰ্, ডেনিয়েল বাৰ্ন’লি, চেমুৱেল কনিগ ইত্যাদি আন বহুকেইজন বিজ্ঞানী আৰু গণিতজ্ঞৰ লগত নানান বিষয়ৰ আলোচনাত লিপ্ত হৈ তেওঁৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছিল।
১৭২৫ চনত মাৰ্কিছ ফ্ল’ৰেণ্ট-ক্ল’ড ডু চাটেলেট-লমণ্ট নামৰ এজন উচ্চপদস্থ ফৰাছী সামৰিক বিষয়াৰ লগত তেওঁ বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ পাছত তেওঁৰ নাম গেব্ৰিয়েল-এমিলি লে টনেলিয়াৰ ডি ব্ৰেটুৱেলৰ পৰা সলনি কৰি এমিলি ডু চাটেলেট ৰখা হৈছিল। বিবাহৰ সময়ত এমিলিৰ বয়স আছিল মাত্ৰ ওঠৰ বছৰ। তেওঁৰ স্বামী মাৰ্কিছ প্ৰায়ে বিভিন্ন সামৰিক অভিযানত দীৰ্ঘ সময়ৰ বাবে ঘৰৰ পৰা আঁতৰত থাকিব লগা হৈছিল। ৰক্ষণশীল স্বভাৱৰ মাৰ্কিছে এমিলিৰ চিন্তা-ধাৰা আৰু বিচাৰ-বিবেচনাৰ মুঠেও সমৰ্থন কৰা নাছিল। তদুপৰি, তেওঁ এমিলিৰ বৌদ্ধিক প্ৰতিভাসমূহতো বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল। বৈবাহিক জীৱনত এমিলি আছিল অতিশয় নিঃসংগ আৰু উপেক্ষিত। স্বাভাৱিকতেই এমিলি ডু চাটেলেট আৰু মাৰ্কিছ ফ্ল’ৰেণ্টৰ সাংসাৰিক জীৱন সুখৰ নাছিল।
এমিলিৰ প্ৰথমটি সন্তানৰ জন্ম হৈছিল ১৭২৬ চনত। ইয়াৰ পাছত ১৭২৭ আৰু ১৭৩৩ চনত ক্ৰমে তেওঁৰ দ্বিতীয় আৰু তৃতীয় সন্তানৰ জন্ম হয়। তিনিটাকৈ সন্তান ডাঙৰ-দীঘল কৰাৰ গুৰুদায়িত্ব কান্ধত থকা সত্ত্বেও এমিলিয়ে নিজৰ অধ্যয়ন অব্যাহত ৰাখিছিল। অৱশেষত নিজৰ ঐকান্তিক চেষ্টাৰ বলত এগৰাকী সুদক্ষ গণিতজ্ঞ, পদাৰ্থবিদ তথা লেখিকা হিচাপে সমাজত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা এমিলি হৈ পৰিছিল পুৰুষপ্ৰধান ফৰাছী সমাজখনত নাৰী স্বাধীনতাৰ বাটকটীয়া তথা নাৰী মুক্তিৰ এগৰাকী মূল প্ৰবক্তা।
বিজ্ঞান আৰু দৰ্শন শাস্ত্ৰৰ ইতিহাসৰ অন্যতম উল্লেখযোগ্য ব্যক্তিত্ব হিচাপে পৰিগণিত হোৱা এমিলি ডু চাটেলেটৰ বিজ্ঞানৰ জগতখনলৈ অৱদান সুদূৰপ্ৰসাৰী। এমিলিৰ কৰ্মজীৱনৰ কীৰ্তি-স্তম্ভ হৈছে বিজ্ঞানৰ জগতত আলোড়ন সৃষ্টি কৰা ছাৰ আইজাক নিউটনৰ প্ৰিন্সিপিয়া মেথেমেটিকাৰ (Principia Mathematica) ফৰাচী ভাষালৈ অনুবাদ (১৭৪৫)। প্ৰিন্সিপিয়া হৈছে গাণিতিক তত্ত্বৰে পৰিপূৰ্ণ এখন অতি জটিল গ্ৰন্থ। এনে এখন গ্ৰন্থ বিস্তৃতভাৱে বিশ্লেষণ কৰি অন্য এক ভাষালৈ অনুবাদ কৰাৰ দৰে এটি কঠিন কাৰ্য মাত্ৰ তিনিবছৰৰ ভিতৰত সম্পূৰ্ণ কৰি এমিলিয়ে সেইসময়ৰ পণ্ডিতমহলত খলকনিৰ সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে এইখনেই আছিল প্ৰিন্সিপিয়াৰ প্ৰথম সম্পূৰ্ণ ফৰাচী অনুবাদ যিয়ে নিউটনৰ জটিল তত্ত্বসমূহ ফ্ৰান্সকে ধৰি বৃহত্তৰ ইউৰোপৰ জনসাধাৰণৰ বাবে সহজলভ্য তথা সহজে বোধগম্য কৰি তোলাত সহায় কৰিছিল।
ছাৰ আইজাক নিউটনৰ কৰ্মৰ প্ৰতি থকা গভীৰ আগ্ৰহৰ বাবেই এমিলি ডু চাটেলেট নিউটন-লাইবনিজ বিতৰ্কতো জড়িত হৈ পৰিছিল। সেই সময়ত কেলকুলাছ আৱিষ্কাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰকলৈ নিউটন আৰু লাইবনিজৰ অনুৰাগীসকলৰ মাজত উত্তপ্ত বিতৰ্ক চলি আছিল। এমিলিয়ে নিউটনৰ সমৰ্থনত যুক্তি দাঙি ধৰিছিল। তেওঁ নিউটনৰ কেলকুলাছ তুলনামূলকভাৱে অধিক বিস্তৃত হোৱাৰ লগতে প্ৰকৃতিৰ নিয়মসমূহ বুজাৰ বাবে প্ৰয়োজনীয় প্ৰধান আহিলা বুলি অভিহিত কৰিছিল।
ইয়াৰ উপৰিও তেওঁ কেলকুলাছ, শক্তি আৰু ভৰ বেগৰ সংৰক্ষণ নীতি, পোহৰ বিজ্ঞান ইত্যাদিৰ ওপৰত নিজাববীয়া গৱেষণা অব্যাহত ৰাখিছিল আৰু তেওঁৰ Institutions de Physique (১৭৪০) নামৰ গ্ৰন্থখনত উক্ত বিষয়সমূহ বিশদভাৱে বৰ্ণনা কৰিছিল। এই গ্ৰন্থখনত তেওঁ যুক্তি দিছিল যে কিছুমান পৰিস্থিতিত শক্তিৰ অপচয় হোৱা যেন লাগিলেও প্ৰকৃতাৰ্থত সকলো পৰিস্থিতিতে শক্তিৰ সংৰক্ষণহে হয়। পদাৰ্থৰ প্ৰকৃতি, পৰমাণুৰ অস্তিত্ব ইত্যাদি বিষয়ৰ প্ৰতিও এমিলি যথেষ্ট আগ্ৰহী আছিল। তেওঁ বিশ্বাস কৰিছিল যে সকলো পদাৰ্থ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অবিভাজ্য কণাৰ দ্বাৰা গঠিত যিবোৰ সকলো সময়তে সুস্থিৰ গতিত চলমান অৱস্থাত থাকে। পৰৱৰ্তী সময়ত এমিলিৰ এই ধাৰণাসমূহে এলবাৰ্ট আইনষ্টাইনকে আদি কৰি আন বহুকেইজন স্বনামধন্য বিজ্ঞানীৰ কৰ্মৰাজিক প্ৰভাৱান্বিত কৰিছিল।
এগৰাকী দক্ষ গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী হোৱাৰ উপৰিও এমিলি আছিল এগৰাকী নিপুণ লেখিকা, সমালোচক তথা দাৰ্শনিক। তেওঁ জন লক, বাৰ্নাৰ্ড মেণ্ডেভিল আদি প্ৰখ্যাত দাৰ্শনিকৰ বিভিন্ন লিখনিসমূহ ফৰাচী ভাষালৈ অনুবাদ কৰিছিল। তদুপৰি তেওঁ বহুতো কবিতা, নাটক, প্ৰবন্ধ ইত্যাদি ৰচনা কৰিছিল। যিহেতু সেই সময়ৰ গৰিষ্ঠ সংখ্যক কাকত আৰু আলোচনীয়ে মহিলাৰ লেখা গ্ৰহণ নকৰিছিল, সেয়েহে তেওঁ বিভিন্ন ছদ্মনাম ব্যৱহাৰ কৰি অথবা বহু সময়ত নামহীনভাৱে তেওঁৰ লেখাবোৰ প্ৰকাশ কৰিব লগা হৈছিল।
এমিলিৰ কৰ্মৰাজিয়ে সেই সময়ৰ বহুতো গণ্যমান্য ব্যক্তিক প্ৰভাৱিত কৰিছিল। বিখ্যাত ফৰাচী লেখক, ইতিহাসবিদ তথা দাৰ্শনিক ভল্টেয়াৰ তেওঁৰ প্ৰতিভা আৰু পাণ্ডিত্যত বাৰুকৈয়ে অভিভূত হৈছিল। ১৭৩৩ চনত দুয়ো পোনপ্ৰথমবাৰৰ বাবে পৰস্পৰ মুখা-মুখি হৈছিল আৰু বিভিন্ন বিষয়ৰ ভাব বিনিময়ৰ পাছত দুয়োৰে মাজত এটি ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল। তেওঁলোকৰ কৰ্ম-প্ৰণালী আৰু চিন্তাধাৰাৰ মাজত এক অদ্ভুত সামঞ্জস্য আছিল। ক্ৰমাত তেওঁলোক দুয়োৰে মাজত প্ৰায় দশকজোৰা এটি প্ৰেমৰ সম্বন্ধও গঢ়ি উঠিছিল। সেই সময়ছোৱাতে তেওঁলোকে বিজ্ঞানৰ লগতে সাহিত্য আৰু দৰ্শনৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিছিল। এমিলিয়ে প্ৰিন্সিপিয়া গ্ৰন্থখন অনুবাদ কৰাৰ ক্ষেত্ৰতো ভল্টেয়াৰে বিভিন্নধৰণে সহায় সহযোগিতা আগবঢ়াইছিল। অৱশ্যে তেওঁলোকৰ দুয়োৰে মাজত এটি মধুৰ সম্পৰ্ক থকা সত্ত্বেও বহু ক্ষেত্ৰত তেওঁলোকৰ মাজত আদৰ্শগত পাৰ্থক্যও আছিল। এমিলি আৰু ভল্টেয়াৰ দুয়ো নিজস্ব ধ্যান ধাৰণাত দৃঢ় বিশ্বাসী আছিল। বিশেষকৈ ধৰ্মীয় মতবাদক লৈ তেওঁলোকৰ মাজত কেতিয়াবা যুক্তি-তৰ্কৰ সৃষ্টি হৈছিল। কিয়নো এমিলি আছিল ঈশ্বৰবিশ্বাসী, আনহাতে ভল্টেয়াৰে মুক্তভাৱে সংগঠিত ধৰ্মসমূহৰ বিৰোধিতা আৰু সমালোচনা কৰিছিল। এমিলিৰ মৃত্যুৰ পাছত তেওঁৰ জীৱন আৰু কৰ্মৰাজি চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে ভল্টেয়াৰে এমিলি ডু চাটেলেটৰ এখন বিস্তৃত জীৱনী লিখি উলিয়াইছিল।
এগৰাকী দৃঢ়মনা, প্ৰগতিশীল শিক্ষিতা নাৰী হৈও এমিলি ডু চাটেলেট সেই সময়ৰ সমাজৰ ৰক্ষণশীল চিন্তা-ধাৰাৰ আওতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাছিল আৰু পৰৱৰ্তী সময়ত এয়েই এমিলিৰ মৃত্যুৰ অন্যতম কাৰণ হৈ পৰিছিল। দিনটো আছিল ১৭৪৯ চনৰ ৪ ছেপ্টেম্বৰ। ৪২ বছৰ বয়সীয়া এমিলিয়ে সেইদিনা তেওঁৰ চতুৰ্থটি সন্তান জন্ম দিছিল। কিন্তু দুখৰ বিষয় যে সন্তানটি জন্ম হোৱাৰ ঠিক পাছতেই তেওঁৰ দেহত সংক্ৰমিত হৈছিল এটি প্ৰসৱকালীন মাৰাত্মক ব্যাধি, যাৰ ফলত ১৭৪৯ চনৰ ১০ ছেপ্টেম্বৰ তাৰিখে এমিলি ডু চাটেলেটে অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল। নিঃসন্দেহে তেওঁৰ মৃত্যু বিজ্ঞান আৰু দৰ্শনৰ জগতখনৰ বাবে আছিল এক অপূৰণীয় ক্ষতি। এমিলি ডু চাটেলেটৰ কৰ্ম, আদৰ্শ, চিন্তা আৰু ধ্যান-ধাৰণা অনাগত প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ অন্তহীন উৎস হৈ ৰ’ব।