ইংৰাজী বৰ্ণ-মালাৰ পাতনি প্ৰথমে কোনে মেলিছিল? ।। পূৰৱী দেৱী
বিজ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত ইংৰাজী ভাষাৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিজন বিজ্ঞানীয়ে স্বীকাৰ কৰিব। সৰহ সংখ্যক গুৰুত্বপূৰ্ণ বিজ্ঞান পত্ৰিকা ইংৰাজী ভাষাত প্ৰকাশ হয়। ফৰাচী আৰু জাৰ্মান ভাষাত প্ৰকাশ হোৱা পত্ৰিকা প্ৰায়ে ইংৰাজী ভাষালৈ অনুবাদ হোৱাৰ পিচতহে বহল বিজ্ঞানী সমাজলৈ আহে। গতিকে উপৰিউক্ত প্ৰশ্নৰ এক গুৰুত্ব আছে আৰু নৱম-দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ ততালিকে দিব—‘ফিনিচিয়ানসকলে’। এই ফিনিচিয়ানসকল কোন আছিল আৰু তেওঁলোকে কিয় বৰ্ণ-মালাৰ পাতনি মেলিছিল? প্ৰশ্নৰ উত্তৰৰ অন্তৰালত লুকাই আছে প্ৰাচীন সভ্যতাসমূহে নিজৰ মাজত গঠন কৰা জৰীডালৰ সুন্দৰ কাহিনী।
ইংৰাজী ‘Alphabet’ শব্দৰ অসমীয়া প্ৰতিশব্দ বৰ্ণ-মালা বা অক্ষৰ-মালা। কিন্তু Alphabet শব্দটোৱে পশ্চিমীয়া অক্ষৰ-মালা, বিশেষকৈ ইংৰাজী ‘A—Z’ লৈকে থকা আখৰৰ মালাডালহে বুজায়। গ্ৰীক বৰ্ণ-মালাৰ প্ৰথম দুটা আখৰ ‘alpha’ আৰু ‘beta’ গোটাই কৰা হৈছে ‘alphabet’। গতিকে আমি ইংৰাজী বৰ্ণ-মালাৰ ইতিহাস সম্বন্ধহে আলোচনা কৰিছোঁ। আমাৰ দেশৰ নহয়।
বৰ্ণ-মালা ব্যৱহাৰৰ বহু আগতেই মানুহে কিতাপ লিখিছিল। খ্ৰীষ্টপূৰ্ব ৩০০০ শতিকাৰ পৰা ইজিপ্ত, মধ্যপ্ৰাচ্য আৰু সিন্ধু উপত্যকাত সভ্যতা গঢ়ি উঠিছিল বুলি কোৱা হয় যদিও প্ৰকৃততে এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব সাত শতিকাৰ পৰা। কাৰণ এই শতিকাৰ পৰা কৃষিকাৰ্যৰ প্ৰসাৰ ঘটে। খেতিয়কে তেওঁলোকৰ বীজ, পশু আৰু কৰ্মকুশলতা লৈ ইজিপ্ত, পূব-ইৰান, সিন্ধু-উপত্যকা, উত্তৰ আনাটোলিয়া আৰু তাৰ পৰা ইউৰোপলৈ ঢাপলি মেলিছিল বুলি বৰ্তমান ইতিহাসবিদে মত প্ৰকাশ কৰিছে। য’তেই উৰ্বৰ মাটি আছিল ততেই তেওঁলোকে খোপনি পুতিছিল। টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ সাৰুৱা উপত্যকাত জল-সিঞ্চ নৰ সহায়ত উদ্বৃত্ত শস্য উৎপাদন কৰিব পৰা হোৱাত কমাৰ, কুমাৰকে আদি কৰি এচাম পুৰোহিত আৰু পৰিচালকক ভৰণ-পোষণ দিয়া সম্ভৱপৰ হয়। খ্ৰীষ্টপূৰ্ব ৩৫০০ শতিকাতে উৰুক (বাইবেলত উদ্ধৃত Erech, বৰ্তমান দক্ষিণ ইৰাকৰ শুকান ভূমি) এখন নগৰলৈ ৰূপান্তৰিত হৈছিল। সুমেৰীয় সকলৰ অস্তিত্বৰ বাবে ধৰ্ম আছিল সমাজৰ অত্যাৱশ্যকীয় অংশ আৰু সেয়েহে সমাজৰ ওপৰত আধিপত্য বিস্তাৰ কৰা পুৰোহিত শ্ৰেণী আছিল সমাজ গাঁথনিৰ সৰ্বোচ্চ স্তৰত। নগৰৰ ওখ স্থানত তেওঁলোকে মন্দিৰ সাজিছিল, দেৱতাক উছৰ্গা কৰিবলৈ অনা পশু, শস্য আদি তদাৰক কৰাৰ ভাৰ পুৰোহিত আৰু মন্দিৰ পৰিচালকৰ ওপৰত পৰিছিল। নিজ স্বাৰ্থৰ খাতিৰতে তেওঁলোকেই প্ৰথমতে লিখন পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল বুলি ইতিহাসবিদে মত প্ৰকাশ কৰে। প্ৰথমতে গণনা কৰিবলৈকে লিখনিৰ প্ৰয়োজন হয়। পুৰাতত্ব খনন কাৰ্যই উৰুকত বহুতো মাৰ্বল সদৃশ মাটিৰ টুকুৰা আৱিষ্কাৰ কৰিছে। এইবোৰ বিভিন্ন আকৃতিৰ যেনে, গোলাকাৰ, ত্ৰিভুজাকাৰ আদি। কিছুমানৰ ওপৰত ৰেখা বা ফোঁটৰ চিত্ৰ আছে। ইতিহাসবিদৰ মতে এটা আকৃতিয়ে এটা বস্তু, যেনে কেইটামান পশু বা এমুঠি খেৰ আদি সূচায়।উৰুকত উদ্ধাৰ কৰা মাটিৰ পাতৰ ওপৰত বহু ধৰণৰ সামগ্ৰী, যেনে খাদ্য, পশু আদি প্ৰতীকৰ দ্বাৰা বুজোৱা হৈছে।লাহে-লাহে মানুহে নিশ্চয় উপলব্ধি কৰিলে যে মাটিৰ টুকুৰাতকৈ মাটিৰ টুকুৰাৰ ওপৰত প্ৰতীক আঁকিলে গণনা অধিক সহজ হৈ পৰে।আমাৰ বাবে সাধাৰণ জ্ঞান যেন মনে ধৰা এই ধাৰণা সেই যুগত আছিল এক প্ৰচণ্ড পদক্ষেপ।উৰুকত উদ্ধাৰ কৰা বহু মাটিৰ পাতত খাদ্য, পশু আদি সামগ্ৰী প্ৰতীকৰ সহায়ত বুজোৱা দেখা যায়। লাহে-লাহে গণনা কৰিবলৈকো প্ৰতীক ব্যৱহৃত হয়, এক বুজাবলৈ এডাল ৰেখা, দহ বুজাবলৈ এটা বৃত্ত ব্যৱহাৰ কৰা দেখা যায়। বৈপ্লৱিক এই ধাৰণা ‘ideogram’ ৰ সকলোতকৈ প্ৰাচীন উদাহৰণ। কিছুমান প্ৰতীকৰ কাষত থাকে এটা আকৃতি, যেনে এমুঠি ধানৰ কাষত এডাল ৰেখা বা এটা পশুৰ কাষত এটা বৃত্ত আদি। আকৃতিবোৰে বস্তুটোৰ পৰিমাণ সূচায়। ইয়াক বোলা হয় চিত্ৰ-লিখন (pictogram)।
চিত্ৰ-লিখন সম্পূৰ্ণ লিখনি নহয়। ইয়াৰ সহায়ত বস্তু বা বস্তুৰ পৰিমাণ বুজাব পাৰি, কিন্তু মনৰ অনুভূতি প্ৰকাশ কৰিব নোৱাৰি। মাটিৰ ফলকবোৰৰ পৰা দেখা যায় যে লাহে-লাহে দুটা চিত্ৰৰ সহায়ত এটা শব্দ প্ৰকাশ কৰাৰ পদ্ধতিৰ উদ্ধৱ হয়। উদাহৰণ স্বৰূপে মৌ-মাখি (bee) বুজাবলৈ ব্যৱহাৰ কৰা চিত্ৰৰ পিচত পাতৰ (leaf) চিত্ৰ ব্যৱহাৰ কৰিলে শব্দটো হয় belief (bee + leaf)। এই নীতিক বোলা বয় ‘rebus principle) । খ্ৰীষ্টপূৰ্ব ২৭০০ শতিকাতেই সুমেৰীয়বাসীযে এনে পদ্ধতি ব্যৱহাৰ কৰি লিখনি সহজ কৰি পেলায়। লাহে-ধীৰে চিত্ৰ-লিখন অধিক সহজ আৰু বিমূৰ্ত্ত হৈ পৰে। প্ৰতিটো প্ৰতীকে এটা যুক্ত শব্দ বুজাবলৈ ধৰে, যেনে pa, re, mu । উদ্ভিদ বুজোৱা mu শব্দৰ কাষত আন শব্দ যোগ কৰি উদ্ভিদ জাতীয় শব্দ বুজোৱা দেখা যায়। প্ৰতীকবোৰো সহজে লিখিব পৰা হয় আৰু কৌণিক-অক্ষৰ (Cuneiform) লিখন পদ্ধতিৰ বিকাশ হয়। এই দৰে লিখনি আৰম্ভ হৈছিল নে নাই, ইয়াকে কেন্দ্ৰ কৰি পণ্ডিত মহলৰ মাজত বিতৰ্কৰ শেষ নাই। সি-যি নহওকপ্ৰায় ২৫০০০০ খন মাটিৰ ফলক উদ্ধাৰ কৰা হৈছে, সৰহ সংখ্যক চৰকাৰী নথি-পত্ৰ, চিঠি-পত্ৰ, ব্যৱসায়িক লেন-দেন আদি। প্ৰায় ৩০০০ মাটিৰ ফলকত আছে সাহিত্যিক ৰচনা, ইয়াৰ এখন বিশ্ব-বিখ্যাত ‘Gilgamesh’।
এনে বিশাল পৰিমাণৰ ফলকৰ পৰা ক’ব পাৰি যে অক্ষৰ জ্ঞান মাথো পুৰোহিত শ্ৰেণীৰ মাজতে আৱদ্ধ নাছিল। উদ্ধাৰ হোৱা ফলকত পঢ়িবলৈ পোৱা গৈছে যে মন্দিৰৰ লগত যুক্ত আছিল ‘ফলক-ঘৰ’ য’ত ল’ৰা-ছোৱালীক লিখা-পঢ়া কৰিবলৈ শিকোৱা হৈছিল। ‘জ্ঞান-ঘৰ’ত উচ্চস্তৰৰ শিক্ষা দিয়া হৈছিল।
ইজিপ্তত ব্যৱহৃত লিখন পদ্ধতি ‘Hieroglyphs’ শব্দ আহিছে গ্ৰীক শব্দ ‘Hierogluphika’ (পৱিত্ৰ খোদন)ৰ পৰা বুজিব পাৰি যে পুৰোহিত শ্ৰেণীয়েই প্ৰধানকৈ লিখা-পঢ়া কৰিছিল। লিখন ‘দৈৱ-প্ৰদত্ত’ আৰু ভগৱান থ’থৰ পৰা তেওঁলোকে লিখিবলৈ শিকিছিল বুলি প্ৰাচীন ইজিপ্তবাসীয়ে দাবী কৰিছিল। ইতিহাসবিদৰ মতে মেছোপটেমিয়াৰপৰা তেওঁলোকে লিখন পদ্ধতি ধাৰ কৰিছিল। চাহাৰা মৰুভূমিৰ দাঁতি-কাষৰীয়া শিলত, মাটিৰ পাত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰৰ ওপৰত দেখা প্ৰতীকৰ পৰা এই সিদ্ধান্তলৈ অহা হৈছে যে খ্ৰীষ্টপূৰ্ব প্ৰায় চাৰি শতিকাৰ পৰায়েই তেওঁলোকে লিখিবলৈ ধৰিছিল, অৱশ্যে লিখন সম্পূৰ্ণ হ’বলৈ আৰু বহু সময়ৰ প্ৰয়োজন হৈছিল। খ্ৰীষ্টপূৰ্ব ৩৪০০-৩২০০ৰ পৰা তেওঁলোকে ‘Rebus principle’ ব্যৱহাৰ কৰিছিল। ক্ৰমান্বয়ে জটিল লিখন সৰল হয়। কিছুমান প্ৰতীকে মাথো এটা ধ্বনি যেনে (n), কিছুমানে দুটা যুক্ত ধ্বনি, যেনে (nm) আদি বুজাবলৈ ধৰে। বৰ্ণ-মালায়ে প্ৰায় পাতনি মেলিছিল, কিন্তু নিজ স্বাৰ্থৰ খাতিৰতে পুৰোহিত শ্ৰেণীয়ে্লিখন জটিল কৰি ৰাখি ‘পৱিত্ৰ-পুথি’ ৰচনা কৰিছিল। দৈনন্দিন চিঠি-পত্ৰ, ব্যৱসায়িক লেন-দেন, নথি-পত্ৰ আদি লিখিবলৈ ব্যৱহৃত সৰল, বিমূৰ্ত্ত লিখন পদ্ধতিক বোলা হৈছিল ‘Hieratic’ লিখন পদ্ধতি। এটা ধ্বনি বুজোৱা প্ৰতীক আছিল ব্যঞ্জন বৰ্ণ, বিদেশী নাম লিখিবলৈ তেওঁলোকে এইবোৰ ব্যৱহাৰ কৰিছিল।
মধ্যপ্ৰাচ্য আৰু ইজিপ্ত আছিল সভ্যতাৰ সাৰুৱা ভূমি। কিন্তু যুদ্ধ-বিগ্ৰহ, ব্যৱসায়-বাণিজ্য, অভিযানকাৰীৰ অভিযান, যিকোনো ধৰণেই নহওক, সভ্যতাৰ প্ৰভাৱ ওচৰ-চুবুৰীয়া অঞ্চলত পৰিবই আৰু এই ক্ষেত্ৰতো পৰিছিল, ফল আছিল সুদূৰ প্ৰসাৰী। কাৰণমধ্যপ্ৰাচ্যৰ কিছুমান স্থান পূব আৰু পশ্চিমৰ মাজৰ সেতুবন্ধন স্বৰূপ।
এখন ডাঙৰ নগৰত প্ৰয়োজন ঘৰ, মন্দিৰ, খাদ্যৰ যোগান আৰু নগৰক সুৰক্ষিত কৰিবলৈ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত সৈনিক। নগৰ সাজিবলৈকে প্ৰয়োজন কাঠ, ধাতু, শিল আৰু বনুৱাৰ শ্ৰম। খ্ৰীষ্টপূৰ্ব ৩০০০ শতিকাৰ পৰায়েই ব্ৰঞ্জ মানুহে ব্যৱহাৰ কৰিছিল বুলি পুৰাতত্ববিদে মত প্ৰকাশ কৰে। ব্ৰঞ্জৰ আৱিষ্কাৰ আছিল বৈপ্লৱিক, ধাতু নিষ্কাশন কৰা সহজ নহয়, সংকৰ ধাতু প্ৰস্তুত কৰা ততোধিক কঠিন। সেয়েহে ধাতু বিজ্ঞানৰ আৰম্ভ হয় খ্ৰীষ্টপূৰ্ব ৩০০০ শতিকাৰ পৰা। সমস্যা হ’ল, পৰ্বতীয়া স্থানতহে তামৰ আকৰ সৰহ পৰিমাণে পোৱা যায়, নদীৰ উপত্যকাত নহয়, টিনৰ আকৰ পোৱা গৈছিল দক্ষিণ-পশ্চিম ইৰানৰপৰ্বতত, ‘ইলামাইট’ ম নামৰ পৰ্বতীয়া সুমেৰীয়সকলে ইয়াৰ যোগান ধৰিছিল।
নগৰৰ লাগতিয়াল সামগ্ৰী ৰপ্তানি কৰিবৰ বাবে আৱশ্যক বণিক আৰু যোগাযোগ ব্যৱস্থা। মেচোপটেমিয়া আৰু ইজিপ্তত গাধ আৰু চকা ব্যৱহৃত হৈছিল। ইয়াৰ এটাও তেওঁলোকে আৱিষ্কাৰ কৰা নাছিল। চকা আহিছিল ইউৰেচিয়াৰ বিস্তীৰ্ণ তৃণভূমিৰ পৰা, গাধ আফ্ৰিকা আৰু চাহাৰা মৰুভূমিৰ পৰা। আফ্ৰিকাৰ অধিবাসীয়ে বনৰীয়া গাধ পোহ মনাব জানিছিল।ইজিপ্ততখ্ৰীষ্টপূৰ্ব ৩০০০ শতিকাৰ পৰা গাধ ব্যৱহাৰ কৰিবলৈ ধৰা হয়।
জল-পথ আছিল ইজিপ্তৰ প্ৰধান যোগাযোগ ব্যৱস্থা। প্ৰথমে নদীত চলা-চল কৰা সৰু নাও তেওঁলোকে ব্যৱহাৰ কৰিছিল যদিও তিনি শতিকাৰ মধ্য ভাগৰ পৰা ভূমধ্য সাগৰত পাৰ দিব পৰা নৌ নিৰ্মাণ কৌশলৰ বিকাশ হয়।
ওচৰ-চুবুৰীয়া অঞ্চলত সংঘটিত হোৱা ঘটনাৱলী আমাৰ লিখনিৰ হকে অত্যন্ত প্ৰয়োজন। প্ৰাচীন যুগৰ ইতিহাসৰ কিতাপ মেলি চাওক, খ্ৰীষ্টপূৰ্ব ৩০০০ শতিকাৰ মানচিত্ৰত দেখা পাব এখন সৰু স্থান, ‘Levant’। খ্ৰীষ্টপূৰ্ব ২০০০ শতিকাৰ মানচিত্ৰত উল্লেখ কৰা কিছুমান স্থান-Aleppo, Tyre, Hazor, Ugarit, আদি। ভূমধ্য সাগৰৰ পাৰত থকা বিবলচ্ আছিল এক বন্দৰ। এই স্থানবোৰ বৰ্তমান চিৰিয়া, লেবান’ন, ইজৰাইল আৰু পেলেষ্টাইনৰ অন্তৰ্গত। এই অঞ্চলত বাস কৰা , মোৱাবাইট, কেনানাইট, হিটাইট আদি জাতি আছিল যাযাবৰ পশুপালক। ভিন্ন দেৱতাক পূজা কৰিছিল যদিও প্ৰধান দেৱতা আছিল ‘বাল’ (আমাৰ বৰুণ দেৱতাৰ লগত তুলনীয়)। দোৱান আছিল ভিন্ন, কিন্তু মূল ভাষা আছিল একে।সেই যুগৰ এই ভাষা গোষ্ঠীৰ লোকক ইতিহাসবিদে চেমেটিক্ (Semitic) গোষ্ঠীৰ মালুহ বোলে, (আৰৱ, হিব্ৰু, আৰামায়িক, ইথিওপিয় ভাষা চেমেটিক্ ভাষাৰ অন্তৰ্গত)।
এওঁলোকৰ জীৱিকাৰ প্ৰধান উপায় আছিল বাণিজ্য। ডাঠ হাবি, মৰুভূমি আৰু খেতি উপযোগী মাটিৰ অভাৱে বাণিজ্য কৰিবলৈ তেওঁলোকক পশুৰ ছাল আৰু মাংসৰ বাণিজ্য কৰিবলৈ বাধ্য কৰে, তদুপৰি ওচৰতে আছিল নগৰৰ বজাৰ।
প্ৰথমতে স্থলপথ তেওঁলোকৰ যোগাযোগ ব্যৱস্থা আছিল। মধ্যপ্ৰাচ্যৰ খ্ৰীষ্টপূৰ্ব ২৪০০ শতিকাৰ কবৰত আফগানিস্থানৰ বৈদুৰ্যমণি (lapis lazuli), উজবেকিস্থানৰ ফিৰোজা (turquoise) আৰু সিন্ধু উপত্যকাৰ ক্ষীৰ-মণি (carnelian) পোৱা গৈছে।
ইজিপ্তত জল-পথ যোগাযোগৰ প্ৰধান পথ আছিল, কাৰণ বহুদিন ধৰি সৰু নাও নীল নদীত চলা-চল কৰিছিল। প্ৰায় খ্ৰীষ্টপূৰ্ব তিনি শতিকাৰ পৰা ইজিপ্তত নৌ কৌশলৰ বিকাশ হয় আৰু ভূমধ্য সাগৰত তেওঁলোকে পাৰ দিবলৈ ধৰে। জল-পথে ‘Levant’ অঞ্চলৰ উদ্যমী, চতুৰ, দুঃসাহসী বণিক আৰু অভিযানকাৰীক এক নতুন পৃথিৱীৰ সন্ধান দিয়ে, কাৰণ ভূমধ্য সাগৰৰ পাৰত থকা বিবলচত (Byblos) ভৰি দিয়া মানে চাইপ্ৰাছত(গ্ৰীচ) অৰ্থাৎ ইউৰোপত ভৰি দিয়া। এওঁলোকে পূব আৰু পশ্চিমৰ মাজত সেতু বান্ধিবলৈ ধৰে।
‘Levant’ অঞ্চলৰ ইজৰালাইটসকলৰ (ইহুদী) সুকীয়া ইতিহাস আমি আলোচনা কৰিব খোজোঁ, কাৰণ হিব্ৰু ভাষায়ে বৰ্ণ-মালাৰ ইতিহাসত এক মুখ্য অংশ গ্ৰহণ কৰিছে।
ধৰ্মভীৰু, ৰক্ষণশীল ইহুদিয়েতেওঁলোকৰ ধৰ্মপুথি ‘Old Testament’ (‘বাইবেল’ৰ প্ৰথম অংশ) কিতাপখন আক্ষৰিক অৰ্থত বিশ্বাস কৰে। আনহাতে ইহুদী ইতিহাসবিদ চাইমন, চিবাগ, মন্টিফিউৰিৰ মতে—“This sacred work of so many epochs and so many hands contains some facts of provable history, some stories of unprovable myth, some poetry of soaring beauty, and many passages of unintelligible, perhaps coded, perhaps simply mistranslated, mystery”অৱশ্যে তেখেতে কৈছে যে অখ্যাত লিখকৰ এই কিতাপখন ইহুদী ইতিহাসৰ অমূল্য উৎস। তেখেতৰ মতে কিতাপখন বিভিন্ন সময়ত ভিন্ন উদ্দেশ্য আগত ৰাখি ভিন্ন লিখকে ৰচনা কৰিছিল, কিন্তু কিতাপখনৰ প্ৰধান উদ্দেশ্য ইহুদী জাতিক তেওঁলোকৰ ভগৱানৰ লগত সম্বন্ধ সম্পৰ্কে সকীয়াই দিয়া।
বাইবেলৰ প্ৰথম পাঁচটা অধ্যায়—‘Genesis’,’ Exodus’, ‘Leviticus’, ‘Numbers’ ‘Deuteronomy’ ক বোলা হয় ‘Five books of Moses’, the Pentateuch) । এইখনেই ইহুদী জাতিৰ প্ৰধান ধৰ্মগ্ৰন্থ ‘Tanakh’।
‘Genesis’ ত আছে সৃষ্টিতত্ব, আদাম আৰু ইভৰ স্বৰ্গচুত্যৰ, প্ৰলয়ঙ্কৰ বানপানীৰ পৰা নোৱাৰ মাধ্যমেৰে ভগৱানে মানৱ জাতিক ৰক্ষা কৰাৰ কাহিনী আৰু ইহুদী জাতিৰ ইতিহাস। বাইবেলৰ অনুসাৰে হিব্ৰু জাতিৰ প্ৰতিষ্ঠাপক প্ৰথম পিতা আবৰাম বাস কৰিছিল উৰত (বৰ্তমান ইৰাক)। ‘মৌ আৰু গাখীৰৰে ভৰপূৰ’ কানান তেওঁৰ বংশধৰক দিয়াৰ প্ৰতিশ্ৰুতি দি ভগৱানে তেওঁক কানানলৈ যাত্ৰা কৰিবলৈ আদেশ দিয়াত পত্নী আৰু ভতিজাক সহ আবৰাম আহি হেবৰণত বাস কৰিবলৈ ধৰে। সেই যুগৰ কানান ভূমধ্য সাগৰৰ পাৰৰ পৰা লেবান’নৰ পৰ্বত পৰ্যন্ত বিস্তৃত আছিল। ভগৱানে আবৰামক নৱ নামকৰণ কৰে আব্ৰাহম (‘Father of Peoples’) । লক্ষ্যণীয় যে এই যাত্ৰাত মেলকিজ্যদেক (Melchizedek) নামে এজন পুৰোহিত-ৰজায়ে চেলেমত (‘Shelem’) স্বাগতম জনাইছিল। এইখিনিতেই প্ৰথমে বাইবেলত কানানৰ নাম উল্লেখিত হৈছে। বুজিব পৰা যায় তেতিয়া কানানত দেৱতা পূজাৰ চলন আছিল ।বাইবেলত কানান কানানাইট জাতিৰ বাসভূমি বুলি উল্লেখ কৰা হৈছে আৰু উল্লেখ হৈছে- ‘Abram the Hebrew’।
ভগৱানে আব্ৰাহমক বহু জাতিৰ পিতা হ’বলৈ আশীৰ্বাদ দিছিল যদিও তেওঁ আছিল সন্তানহীন আৰু পত্নী চাৰাৰ গৰ্ভধাৰণৰ বয়স পাৰ হৈ গৈছিল। সেয়ে পত্নীৰ অনুৰোধ ক্ৰমে আব্ৰাহমৰ ঔৰসত তেওঁৰ পত্নীৰ দাসী হেগাৰৰ গৰ্ভত পুত্ৰ ইচমাইলৰ জন্ম হয়। অৱশেষত চাৰা পুত্ৰ সন্তান আইজাকৰ মাতৃ হোৱাৰ পিচত হিংসাকুৰীয়া পত্নীৰ অনুৰোধ ক্ৰমেহেগাৰক পুত্ৰসহ ঘৰৰ পৰা খেদাই দিয়াত সৰু ইচমাইলক বুকুত বান্ধি হেগাৰ মৰুভূমিত অনাই-বনাই ঘূৰি ফুৰিছিল। পিয়াহত আতুৰ পুত্ৰৰ মৃত্যু দৃশ্য চাব নোৱাৰি হেগাৰে ইচমাইলক অলপ দূৰৈত এৰি থৈ আহে। ভগৱানে কেঁচুৱাৰ কান্দোন শুনি হেগাৰক কয়- “ Arise, lift up the lad, and hold him in thine hand; for I will make him a great nation’ । হেগাৰে কেঁচুৱাৰ সন্মুখত এক পানী পূৰ্ণ নাদ দেখিবলৈ পায়। এই পানী মুছলমান সকলৰ পৱিত্ৰ পানী। দেখা যায় আব্ৰাহম হৈছে দুটা জাতিৰ আদি পিতা- ইহুদী আৰু মুছলমান।
আইজাকৰ দুজন পুত্ৰ, ইচ’ আৰু জেক’ব। চল কৰি জেক’বে ইচ’ক বঞ্চিত কৰি পিতৃৰ উত্তৰাধিকাৰী হয়, ইয়াৰ পিচত মাতৃৰ উপদেশত হাৰাণ নামৰ স্থানলৈ পলাই যায়।
বাইবেল পঢ়িলে দেখা যায় যে প্ৰথমতে ইহুদীসকলে স্থানীয় জাতিৰ লগত মিলা-মিচা কৰিছিল। ইচ’ৰ এগৰাকী পত্নী আছিল কানানাইট আৰু দ্বিতীয় গৰাকী আছিল ইচমাইলৰ দুহিতা।
জেক’বৰ কাহিনী সুকীয়া। হাৰাণত বিয়া-বাৰু কৰাই তেওঁ স্থায়ী বসতি আৰম্ভ কৰিছিল যদিও পুনৰ স্থান সলাব লগাত পৰে। এটা সময়ত, যাত্ৰা-পথত এজন মানুহৰ লগত তেওঁৰ দবৰাদবৰি হয় আৰু দেখা যায় যে মানুহজন ইহুদী সকলৰ ভগৱান। ভগৱানে জেক’বৰ নাম দিয়ে ‘ইজৰাইল’, ইয়াৰ অৰ্থ ‘ভগৱানৰ লগত যিজনে সংগ্ৰাম কৰে’ (‘He who Strives with God)। ইজৰাইলৰ বাৰজন পুত্ৰৰ পৰা বাৰটা গোষ্ঠীৰ জন্ম, এওঁলোকেই ‘ইজৰালাইট’। এওঁলোকৰ এক ধৰ্ম, এক ধৰ্মগ্ৰন্থ, এক নাম হীনঈশ্বৰ, ইহুদী ভাষাত এওঁক বোলা হয় YHWH, এক উচ্চাৰণহীন নাম। তেওঁলোকে নিজ জাতিৰ মাজত খোৱা-বোৱা, বিয়া-বাৰু আৰু মিলা-মিচা বাধ্যতামূলক কৰি অত্যন্ত ৰক্ষণশীল হৈ পৰে।
জেক’বৰ নুমলীয়া পুত্ৰ জোচেফক ককায়েক কেইজনে হিংসাবশতঃ ‘ইচমাইলাইট’ সকলক বিক্ৰী কৰে আৰু তেওঁলোকে বিক্ৰী কৰে ইজিপ্তত। ইজিপ্তৰ ৰজাৰ অনুগ্ৰহ লাভ কৰি জোচেফে দোপতদোপে উন্নতি কৰে আৰু অৱশেষত পিতৃৰ লগতে ককায়েক সকলকো দুৰ্ভিক্ষৰ কবলৰ পৰা মুক্ত কৰি ইজিপ্তত থিতাপি ল’ব’লৈ সহায় কৰে। ইজিপ্তত তেওঁলোকৰ বংশ বৃদ্ধি হয়।
৪৩০ বছৰৰ পিচৰ ঘটনা ‘Exodus’ ত ইজৰালাইট সকলক ফেৰ’ৰ দাস ৰূপে বৰ্ণনা কৰা হৈছে। মোজেচৰ নেতৃত্বত শোষণ-শাসনৰ পৰা ভগৱানৰ সহায়ত অৱিশাস্য ভাবে ৰক্ষা পৰি তেওঁলোকে যাত্ৰা কৰে কানানলৈ। এই কাহিনীৰ ভিত্তিতে ইহুদী জাতিৰ ‘Passover’ উৎসৱ। চিনাই পৰ্বতৰ ওপৰত ঘূৰি ফুৰোঁতে মোজেচে ভগৱানৰ পৰা তেওঁলোকৰ ‘Ten Commandments’ লাভ কৰে। অৱশ্যে গাখীৰ আৰু মৌৰ দেশত তেওঁ প্ৰৱেশ কৰিব নোৱাৰিলে। প্ৰৱেশ কৰিলে তেওঁৰ স্থলাভিষিক্ত জছোৱাই। বাইবেলত কানানত প্ৰৱেশৰ কাহিনী প্ৰথমে অত্যন্ত ৰক্তাক্ত, ক্ৰমান্বয়ে স্থায়ী বসতি বুলি বৰ্ণিত হৈছে। কিন্তু পুৰাতত্ব খনন কাৰ্যই কোনো ধৰণৰ সংঘাতৰ প্ৰমাণ পোৱা নাই। বহু সৰু-সৰু গাওঁৰ প্ৰমাণ পোৱা গৈছে, সম্ভৱত কিছুমান ইজৰালাইট সকলৰ।
বাইবেলত সেই যুগৰ সামাজিক জীৱনৰ ছবি দেখিবলৈ পোৱা যায়। অহৰহ যুদ্ধ-বিগ্ৰহ, মহামাৰী, দুৰ্ভিক্ষৰ পৰা ৰক্ষা পাবলৈ মানুহে সঘনাই স্থান সলাব লগা হৈছিলবুলি সুন্দৰকৈ ধৰিব পাৰি। দাস কিনা বেচা কৰা আছিল সাধাৰণ ঘটনা। মাথো কায়িক শ্ৰম নহয়, মানসিক শ্ৰম কৰিবলৈকো দাস নিয়োগ কৰা হৈছিল। প্ৰভুৰ নথি-পত্ৰ, চিঠি আদি লিখিবলৈ দাস নিয়োগ কৰা হৈছিল।
‘বাইবেলত’ উল্লেখটিতঘটনাৱলীৰ সত্য-সত্যতা প্ৰমাণ কৰিবলৈ ওঠৰ শতিকাৰ পৰা বহু ইতিহাসবিদে বহু ধৰণৰ গৱেষণা কৰি আহিছে। বহু তথ্য-পাতি ‘ব্ৰিটিছ মিউজিয়াম’ত সংগ্ৰহ কৰা হৈছে। তথাপি আব্ৰাহম নো কোন আছিল বা আছিল নে নাই ঠাৱৰ হোৱা নাই, কাৰণ কোনো তথ্য-পাতিত ‘বাইবেল’ত উল্লেখটিত আব্ৰাহমৰ নাম পোৱা নাই। অৱশ্যে আব্ৰাহমে চাৰিজন ৰজাৰ লগত যুঁজ দিয়া ৰজাকেইজনৰ নাম খ্ৰীষ্টপূৰ্ব ২০০০-১৬০০ শতিকাৰ বুলি ধৰিব পাৰি। ইয়াৰ পৰা ইতিহাসবিদে আব্ৰাহম ব্ৰঞ্জ যুগৰ মধ্য ভাগত বেবিলনৰ পৰা আহি পেলেষ্টাইনত উপস্থিত হৈছিল বুলি কয়, ‘Exodus’ ৰ ঘটনা ব্ৰঞ্জ যুগৰ শেষ ভাগৰ ঘটনা।
ইহুদী ইতিহাসৰ ঘটনাৱলী সংঘটিত হৈছিল কানানত। তেওঁলোকে স্থানীয় সংস্কৃতিৰ বহুখিনি আৰু বিশেষকৈ স্থানীয় ভাষাৰ বহুখিনি গ্ৰহণ কৰিছিল।
ব্ৰঞ্জ যুগৰ মধ্য ভাগৰ পৰা ‘Levant’ অঞ্চলত সৰু-সৰু স্বশাসিত নগৰ ৰাষ্ট্ৰ গঢ়ি উঠে। বাণিজ্যৰ মাত্ৰা বৃদ্ধি ইয়াৰ প্ৰধান কাৰণ। মাজে সময়ে ইজিপ্ত বা বেবিলনে এওঁলোকক আক্ৰমণ কৰি বনুৱাৰ ঘাটি পূৰাবলৈকে দাস বন্দী কৰি লৈ গৈছিল যদিও নিয়মিত, শান্তিপূৰ্ণ বেহা-বেপাৰ তেওঁলোকে শক্তিশালী দেশৰ লগত কৰিছিল। এই অঞ্চল সমূহত বৰ্ণ-মালাৰ বিকাশ ঘটে। ‘Dead Sea’ আৰু ‘River Jordan’ ৰ পাৰত হোৱা খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰা খ্ৰীষ্টপূৰ্ব ১৬০০-১৪০০ শতিকাৰ কিছুমান মাটিৰ পাত্ৰ, তৰোৱাল, যাঠিৰ মূৰত আৰু ভঙা শিলত ইজিপ্তৰ Hieroglyphs ত এটা প্ৰতীকে এটা ধ্বনি বুজাব পৰা প্ৰতীক ‘চেমেটিক’ ভাষাত লিখা দেখা যায়।
কেনেকৈ বৰ্ণ-মালাৰ উদ্ভৱ হ’ল ক’ব পৰা নাযায়। সম্ভৱত বেহা-বেপাৰৰ সুবিধাৰ্থে বণিকসকলে সহজ এটা ধ্বনি যুক্ত প্ৰতীক ব্যৱহাৰ কৰিবলৈ ধৰে। বহু পণ্ডিতে মত পোষণ কৰে যে লিখনি খৰতকীয়া কৰিবলৈ দাসসকলে প্ৰথমে আখৰ লিখিবলৈ ধৰে।
‘ব্ৰিটিছ মিউজিয়াম’ত থকা এটা সিংহনাৰী মূৰ্ত্তিৰ (The Sphinxex of Sinai) ওপৰৰ এশাৰী লিখনি চাৰ এলান গাৰ্ডিনাৰে পঢ়িবলৈ সক্ষম হয়। চাৰিটা প্ৰতীক যুক্ত এই শব্দটো হ’ল b’lt, । তেখেতে ধৰিব পাৰে যে লিখকে মাথো ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰিছে। তেখেতে স্বৰ বৰ্ণ সুমাই দিয়াত শব্দটো হয় ‘Ba’alat’ (Mistress) । ইজিপ্তৰ দেৱী হেৰ’থৰ ‘চেমেটিক’ অনুবাদ। ইয়াৰ পৰায়েই পণ্ডিত মহলে প্ৰথম বৰ্ণ-মালা ‘চেমেটিক’ সংস্কৃতিৰ লোকে ব্যৱহাৰ কৰিছিল বুলি কয়। গাৰ্ডিনাৰে প্ৰায় প্ৰতিটো প্ৰতীক পঢ়িবল সক্ষম হয়, কাৰণ কিছুমান প্ৰতীক হিব্ৰু ভাষাত আজিও ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে ইজিপ্তৰ ষাঁড় গৰুৰ প্ৰতীক তেখেতে পঢ়ে ‘aleph’, ‘চেমেটিক’ ভাষাত ষাঁড় গৰু। সেইদৰে ঘৰৰ প্ৰতীক ‘চেমেটিক’ভাষাত ‘beth’, (Bethlehem ৰ অৰ্থ ৰুটিৰ ঘৰ)। তৰোৱাল আৰু যাঠিৰ মূৰত লিখা হৈছে মানুহৰ নাম।
কোনে, ক’ত, কেতিয়া বৰ্ণ ব্যৱহাৰ কৰিছিল ঠাৱৰ কৰা টান। এটা সিদ্ধান্ত সঠিক যে প্ৰথমে ‘চেমেটিক’ গোষ্ঠীৰ সৈনিক, দাস আদি সাধাৰণ মানুহে বৰ্ণ (আমি ক’ব পাৰোঁআখৰ) ব্যৱহাৰ কৰি লিখিবলৈ ধৰে। খ্ৰীষ্ট-পূৰ্ব ১৮০০-১৬০০ৰ ভিতৰত ‘চেমেটিক’ ভাষা গোষ্ঠীৰ লোকে বিভিন্ন ধৰণৰ আখৰৰ সহায়ত লিখিবলৈ ধৰে। দক্ষিণ অঞ্চলত ইজিপ্তৰ ‘Hieroglyph’ ৰ প্ৰভাৱ আৰু উত্তৰ আৰু পূব অঞ্চলত বেবিলনৰ ‘Cuneiform’ ৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।
লাহে-ধীৰে প্ৰতীক ব্যৱহাৰ কৰাকৈ আখৰ ব্যৱহাৰ কৰিবলৈ আৰু শিকিবলৈ সহজ বুলি মানুহে উপলব্ধি কৰে। ৮০০ বছৰৰ ভিতৰত বিভিন্ন ধৰণৰ আখৰৰ বিকাশ হয়।
খ্ৰীষ্টপূৰ্ব ১২০০-১০৫০ শতিকাৰ ভিতৰত ব্ৰঞ্জৰ যুগ লৌহ যুগলৈ পৰিবৰ্তিত হ’বলৈ আৰম্ভ কৰে। এই সময়ত ‘Levant’ অঞ্চলৰ সৰু-সৰু নগৰসমূহ ধনী আৰু শক্তিশালী হয়। Byblos, Sidon, Ashkelon, Tyre আদি প্ৰত্যেক খননগৰত নিজস্ব ৰজা আছিল। নিজৰ মাজত মাজে সময়ে যুদ্ধ-বিগ্ৰহ হৈছিল যদিও সৰহভাগ সময়তে তেওঁলোকে শান্তিপূৰ্ণ জীৱন কটাইছিল, নিজৰ মাজত বেহা-বেপাৰ কৰিছিল আৰু প্ৰয়োজন অনুসাৰে এখনে আনখনক সহায় কৰিছিল। বাণিজ্যৰ প্ৰসাৰে এওঁলোকক ধনী কৰে। এহাতে এইচাম লোকক কুশলী কাৰিকৰ, অভিযন্তা, বুদ্ধিমান বুলি মানুহে সন্মান কৰিছিল আৰু আনহাতে দুঃসাহসী, দস্যু, ৰীতি-নীতি বিহীন, লাভ-খোৰ বণিক শ্ৰেণীক মানুহে ঘৃণা কৰিছিল। সোণ, ৰূপ আৰু সীহৰ সন্ধানত এওঁলোক ব্ৰিটেইন পৰ্যন্ত যাত্ৰা কৰিছিল।
এই অঞ্চলৰ এখন প্ৰধান নগৰ আছিল Tyre( বৰ্তমান লেবান’নত অৱস্থিত)। ইজিপ্তবাসীয়ে এওঁলোকক বুলিছিল ‘সাগৰীয় মানুহ’ (Sea people)। গ্ৰীচবাসীয়ে বুলিছিল ‘ফিনিচিয়ান’, কাৰণ তেওঁলোকে ব্যৱসায় কৰা এটা উজ্জল বেঙুনীয়া আৰু ৰঙা ৰঙক গ্ৰীক ভাষাত বোলা হয় ‘Phoenikes’। বহু ভাষা আৰু সংস্কৃতিৰ লগত পৰিচিত ফিনিচিয়ান সকলে বহু মাথোঁ এটা ধ্বনিযুক্ত প্ৰতীক সংগ্ৰহ কৰি লিখিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে জন্ম হয় ‘চেমেটিক’ ভাষাৰ লগত সম্বন্ধ থকা বৰ্ণ-মালা। খ্ৰীষ্টপূৰ্ব ১১০০ শতিকাত ফিনিচিয়ান ৰজা অহিৰামৰ ক’ফিনৰ ওপৰত খোদিত লিপিয়েই হ’ল ইয়াৰ প্ৰথম উদাহৰণ। ইয়াৰ পিচৰ কেইটামান শতিকাত ‘Levant’ অঞ্চলৰ বহু স্থানত ই বিয়পি পৰিল। ‘Aramean’ (আৰামায়িক ভাষা, ১০০০ বছৰৰ পিচতো যীশুখ্ৰীষ্টই আৰামায়িক ভাষাত কথা পাতিছিল)সকলে গ্ৰহণ কৰে আৰু তেওঁলোকৰ পৰা গ্ৰহণ কৰে ইহুদী সকলে। আধুনিক হিব্ৰু ভাষাৰ ইয়েই ভেঁটি। ‘Nabatean’ সকলে গ্ৰহণ কৰাৰ পিচত আৰৱ লিখনিত ইয়াৰ প্ৰবেশ ঘটে।
খ্ৰীষ্টপূৰ্ব ১২১৫-১১০০ শতিকাত আন এখন প্ৰধান নগৰ আছিল ‘Ugarit’ (বৰ্তমান চিৰিয়াত অৱস্থিত)। এই নগৰখনে উপকূল বৰ্তীসাৰুৱা এক ডাঙৰ অঞ্চল শাসন কৰিছিল আৰু এক স্বাভাৱিক বন্দৰৰ অধিকাৰী আছিল যি বন্দৰে এনাটোলিয়াৰ (বৰ্তমান তুৰ্কীস্থানত) পৰা ইজিপ্তৰ ডেল্টা সংযোগ কৰিছিল । ইয়াৰ পৰা সমুদ্ৰপথেৰে এদিন যাত্ৰা কৰিলেই গ্ৰীচৰ এটা সৰু দ্বীপ চাইপ্ৰাছত উপস্থিত হ’ব পাৰি। স্বাভাৱিকতেই ই আছিল বাণিজ্যিক কেন্দ্ৰ। ওচৰ-পাজৰৰ বণিক কোনো নহয় কোনো সময়ত ইয়াত প্ৰৱেশ কৰিছিল। এইখন নগৰে বৰ্ণ-মালা ব্যৱহাৰ কৰি প্ৰথম চৰকাৰী নথি-পত্ৰ স্থানীয় ভাষাত লিখিবলৈ ধৰে।
ইহুদিসকলৰ লিখা-পঢ়াৰ লগত সম্বন্ধ ‘Old Testament’ ৰ পৰায়েই বুজিব পাৰি। মোজেচ লালিত-পালিত হৈছিল ৰাজগৃহত, শিক্ষা-দীক্ষাৰ কেন্দ্ৰস্থলত। সেইবাবেই সম্ভৱত ‘Old Testament’ ৰ প্ৰথম পাঁচখন পুথি তেখেতৰ ৰচনা বুলি দাবী কৰা হয়। তেওঁলোকৰ ইতিহাসত তেওঁলোকক অদম্য জাতি ৰূপে অংকিত কৰা হৈছে। বাৰে-বাৰে পৰাজিত হ’লেও একেশ্বৰবাদী এই জাতিয়ে সঘনাই মূৰ দাঙি উঠিছিল আৰু বৰ্ণ-মালা ব্যৱহাৰ কৰি লিখিছিল এখন ধৰ্মপুথি ‘বাইবেল’।
ফিনিচিয়ানৰ মাধ্যমেৰে গ্ৰীচবাসীৰ লগত বৰ্ণ-মালাৰ পৰিচয় ঘটে বুলি হেৰোডেটাচে‘Histories, লিখি থৈ গৈছে।তেখেতে লিখিছে—“The Phoenicians introduced to Greece a number of accomplishments of which the most important was writing, an art until then unknown to the Greeks”। অৱশ্যে কেনেকৈ গ্ৰীচবাসীয়ে এই লিখন পদ্ধতি ব্যৱহাৰ কৰিছিল ক’ব নোৱাৰি। খ্ৰীষ্টপূৰ্ব ১০০০-৯০০ শতিকাৰ ভিতৰত ফিনিচিয়ান আৰু গ্ৰীচৰ মাজত সম্বন্ধ ঘটিছিল বুলি ঠাৱৰ কৰা হৈছে আৰু সম্ভৱত সেই সময়তে গ্ৰীচত বৰ্ণ-মালাৰ প্ৰচলন হয়। কিন্তু গ্ৰীক সকলেবহু আখৰ যোগ কৰিবলগীয়াত পৰে। বিশেষকৈ স্বৰবৰ্ণ তেওঁলোকে যোগ কৰে। ফিনিচিয়ান ২২টা আখৰৰ উচ্চাৰণ গ্ৰীক ভাষাত নথকা হেতুকে তেওঁলোকৰ নিজ উচ্চাৰণৰ লগত খাপ খুৱাৱ পৰাকৈ এই প্ৰতীকবোৰ ব্যৱহাৰ কৰিবলৈ ধৰাত বৰ্ণ-মালাৰ সালসলনি ঘটে।
সেই যুগৰ এক ৰহস্যজনক গোষ্ঠী আছিল ‘Etruscan’। বৰ্তমান ইটালী দেশত অৱস্থিত টাচকেনিত তেওঁলোকে বসবাস কৰিছিল। তেওঁলোকৰ নথি-পত্ৰ বা সাহিত্য উদ্ধাৰ হোৱা নাই কিন্তু শৱ-সৎকাৰ ক্ৰিয়া-বিধিত পালন কৰা ৰীতি-নীতি খোদিত শিলালিপিৰ পৰা এওঁলোকৰ ভাষা উদ্ধাৰ কৰা হৈছে। গ্ৰীকৰ পৰা বৰ্ণ-মালা ধাৰ কৰি নিজস্ব ভাষাৰ লগত খাপ খুৱাবলৈ বৰ্ণ-মালাৰ সাল-সলনি কৰে। খ্ৰীষ্টপূৰ্ব ৬০০ শতিকাত এওঁলোকৰ পৰা ৰোমান সকলে বৰ্ণ-মালা ব্যৱহাৰ কৰিবলৈ শিকি লিখিবলৈ ধৰে লেটিন। গতিকে শেষ ঢাপ ৰোমান সকলে পেলায় বুলিব পাৰি, কাৰণ ইংৰাজী বৰ্ণ-মালাৰ ইয়েই উৎস। সকলো ইংৰাজী আখৰ ৰোমান আখৰৰ পৰা আহিছে।
শতিকা জুৰি ৰোম-বাসীয়ে বিভিন্ন উদ্দেশ্য আগত ৰাখি আখৰ লিখাৰ ধৰণৰ সাল-সলনি কৰি আহিছিল যদিও লেটিন আখৰে খ্ৰীষ্টপূৰ্ব সাত শতিকাতেই আজিৰ ৰূপ ধাৰণ কৰিছিল। পিচলৈ গ্ৰীক নাম লিখিবলৈ X,Y,Z প্ৰতীক গ্ৰীকৰ পৰা ধাৰ কৰা হৈছিল আৰু প্ৰায় ১৭০০ বছৰৰ পিচত J,U,W আখৰ যোগ কৰা হয়। এইদৰে বৰফলা ইংৰাজী আখৰৰ জন্ম হয়।
সৰু ফলাআখৰৰ জন্ম হয় খ্ৰীষ্ট ধৰ্মীয় গীৰ্জা আৰু সন্ন্যাসী মঠত। ৰোমান সম্ৰাট ক’নষ্টানটিনে (খ্ৰীষ্টাব্দ ৩০৬-৩৩৭) খ্ৰীষ্ট ধৰ্ম ৰাষ্ট্ৰীয় ধৰ্ম কৰাৰ পিচত সমগ্ৰ সাম্ৰাজ্য জুৰি যাজক সকলে বহু ধৰণৰ লিখা-মেলা কৰিবলৈ ধৰে। ‘বাইবেল’ নকল কৰা তেওঁলোকৰ এক প্ৰধান কাম আছিল। এনে পবিত্ৰ কামৰ বাবে তেওঁলোকে সাধাৰণ নথি-পত্ৰ বা চিঠি লিখাৰ ধৰণে আখৰ লিখা নাছিল। এই বিশেষ লিখন শৈলীক বোলা হয় ‘Uncial’। লাহে-ধীৰে ইয়াৰ পৰায়েই সৰু ফলা ইংৰাজী আখৰৰ জন্ম হয়। থূল-মূলকৈ এয়ে বৰ্ণ-মালাৰ ইতিহাস।
প্ৰাচীন যুগৰ মধ্যপ্ৰাচ্যৰ সৰু-সৰু নগৰ ৰাষ্ট্ৰসমূহ বৰ্ণ-মালাৰ জন্মদাতা। আমোলা-পুৰোহিতৰ মাজত আৱদ্ধ হৈ থকা জটিল লিখন পদ্ধতিক সহজ কৰি তেওঁলোকে সাধাৰণ মানুহৰ মাজলৈ লৈ আহিছিল,পূব আৰু পশ্চিমৰ মাজত সেতু বান্ধি সভ্যতাৰ প্ৰসাৰ কৰিছিল আৰু তেওঁলোকে লিখিছিল পৃথিৱীৰ হাজাৰ-কোটি মানুহে পঢ়া এখন কিতাপ-‘বাইবেল’। ইংৰাজী সাহিত্য অধ্যয়ন কৰা সকলোৱে এই কিতাপখন পঢ়ে। তেওঁলোকৰ অৱদান বিশ্ব-ইতিহাসৰ পাতত সোণালী আখৰৰে লিখা আছে। বৰ্তমান নিজৰ মাজত যুদ্ধ-বিগ্ৰহ কৰি হাজাৰ মানুহক মৃত্যু মুখলৈ থেলি দিয়া অত্যন্ত দুখৰ বিষয়। পৃথিৱীৰ প্ৰতিজন শান্তিকামী মানুহে আশা কৰিব-এবাৰ তেওঁলোকে অতীতলৈ উভতি চাওক, দেখিব, ফলে-ফুলে জাতিষ্কাৰ এজোপা গছৰ তেওঁলোক শাখা-প্ৰশাখা মাথোন।