এৰাখাঁতীৰ কিছু কথা – (নন্দ গগৈ)
শৰৎ কাল অহাৰ লগে লগে আমাৰ চৌপাশৰ প্ৰাকৃতিক পৰিবেশত পুৱাৰ ভাগত এবিধ চৰায়ে কেৰ্কেটুৱাই মাত মতাৰ দৰে মাত মতা নিশ্চয় শুনা পাইছে। পুৱাৰ ভাগত এনেদৰে মাত মাতি বিশেষ ভংগিমাৰে নেজ নচুৱাই নাচি নাচি প্রাকৃতিক পৰিৱেশত চকুত ক’লা পটিৰ চৰাইজনী দেখা পালে, দেখা-শুনাই পোক-পতংগৰ হত্যাকাৰী চৰাই বুলিয়েই ক’ব পাৰি। শৰৎ কালৰ বৈচিত্ৰ্যময় পৰিবেশত আমাৰ প্রাকৃতিক পৰিৱেশৰ বিভিন্ন প্রান্তৰে প্রান্তৰে ঘৰ-দুৱাৰৰ পৰিৱেশ, হাবি-বননি, খেতি-পথাৰ, চৰ-চাপৰি আদিৰ সৰু-সুৰা গছ-বিৰিখে প্রাকৃতিক জৈৱ-বৈচিত্র্যৰে বহু উপকাৰী এই চৰাইজনী আমাৰ চকুত ধৰা দিয়েহি। খৰালি কালৰ শুকান পৰিৱেশত শীতৰ নিশাবোৰ কটাবলৈ হয়তো বেছি শীতল অঞ্চলৰপৰা ইহঁতৰ চিনাকি ঠাইবোৰলৈ দিন-মাহ-সময় মিলাই ইহঁতে বাস কৰি যোৱা গছ-গছনিবোৰলৈ পুনৰ আহে, এই এৰাখাঁতী নামৰ চৰাইজনী। বাৰিষা আৰম্ভ হ’লেই আমাৰ প্রাকৃতিক পৰিৱেশত ইহঁত পুনৰ নোহোৱা হয়।
পক্ষীবিদসকলৰ মতে পোক-পতংগ, জেঠি, সাপ হত্যাকাৰী এই চৰাইজনীয়ে বাহ সজা ঠাইত প্রয়োজনত খাবলৈ পোক-পতংগ আদি হত্যা কৰি গছৰ কাঁইটীয়া ডালত সি থয়। প্রয়োজনীয় পোক-পতংগ আদি খোৱাবোৰ খায় আৰু কিছুমান নষ্টও কৰে। আমাৰ প্রাকৃতিক পৰিৱেশত বিচৰণ কৰোতে ইহঁতে পোক-পতংগ ধৰি কোনোবাটোক ঠোঁটেৰে এচাৰি মৃত্যুমুখত পেলায় আৰু কিছুমান পতংগ ধৰি আনি গছৰ ডালত এৰি ঘনে ঘনে মৰিল নে নাই চোৱাও দেখা যায়। ঘনে ঘনে চাই মৃত্যু হোৱা পোক-পতংগবোৰ ইহঁতে খোৱা দেখা যায়। এনেদৰে পোক-পতংগ আদি এৰি থৈ খাদ্য গ্ৰহণ কৰা এই চৰাইজনীক নাম দিওঁতাজনে হয়তো এৰাখাঁতী নামেৰে নামকৰণ কৰিলে।
সূৰ্যোদয়ৰ সময়ত গছ-বিৰিখ, জোপোহানিৰপৰা পোক-পতংগৰ সন্ধানত প্রাকৃতিক পৰিবেশত বিচৰণ কৰা আৰু আজৰি পৰত মৃদু গুঞ্জনেৰে গুণগুণাই গান গোৱা চৰাইজনীৰ ঠোঁট আঁকোৰা। মূৰৰ দুয়োফালে ঠোঁটৰ গুৰিৰ কাষেদি এছটা দীঘল ক’লা পটিৰ মাজত দেখা পোৱা যায় চকুহালৰ অৱস্থিতি। চকুৰ ক’লা পটিৰ তলৰ অংশ বগা। পিঠিৰ পাখিবোৰ মুগা বৰণৰ আভাৰে ধোঁৱা বৰণীয়া। গাল বগা। মূৰ ধোঁৱা বৰণীয়া, বুকু আৰু তলপেট বগা। ডেউকাৰ কাষলৈ ক্রমে মুগা বৰণীয়া। মাইকী চৰাইজনী মতাটোতকৈ কিছু সৰু আৰু মুগা বৰণীয়া। বসন্ত কাললৈ আমাৰ প্রাকৃতিক পৰিবেশত বিচৰণ কৰি ইহঁত পুনৰ যায়গৈ, ইহঁতৰ জন্মস্থানৰ আচল ঘৰখনলৈ, সংসাৰৰ চক্ৰ পুনৰ পালন কৰিবলৈ।
বহুকেইটা মাত মতা আৰু বেলেগ বেলেগ চৰাইৰ মাত অনুকৰণ কৰিব পৰা এই চৰাইজনীয়ে পুৱা প্রকৃতিত বিচৰণ আৰু সূৰ্যাস্তৰ সময়ত চেক্ চেক্কৈ কৰ্কশ মাতেৰে নিশা যাপনৰ বাবে সাজু হয়। বিশ্ৰামৰ সময় আৰু পুৱাভাগত আপোন মনে মৃদু মাতেৰে কলকলাই গান গাই থকা দেখা যায়। প্রাকৃতিক পৰিৱেশত পোক-পতংগ ধৰি ভক্ষণ কৰি থকা চৰাইবিধক জোপোহানি, সৰু-সুৰা গছ-গছনি, বিজুলী তাঁৰ আদিৰ সুবিধা থকা পথাৰতো পোক-পতংগৰ ওপৰত নজৰ ৰাখি কৃষি শস্যৰ পোক-পতংগ নিয়ন্ত্ৰণত উপকাৰ সাধন কৰা দেখা পোৱা যায়।
এই চৰাইবিধৰ প্রাকৃতিক জৈৱ-বৈচিত্ৰৰ মূল্যৰ বিষয়ত ভাবি চালে প্রাকৃতিক জৈৱ-বৈচিত্ৰ্যৰ বহু অমূল্য সম্পদ বুলিয়েই গণ্য কৰিব পাৰি। আমাৰ প্ৰাকৃতিক পৰিবেশত সৰু-সুৰা জোপোহা জাতীয় গছত নিশা যাপন কৰা চৰাইজনীৰ সংখ্যা প্রকৃতিত কম পৰিমাণে উপস্থিতি দেখা পালেও প্রায় আধা কিলোমিটাৰ ব্যাসাৰ্ধলৈ বিভিন্ন দিশত বিচৰণ কৰা দেখা পোৱা যায়। প্রাকৃতিক পৰিৱেশত এৰাখাঁতী চৰাইবিধক বিচৰণ কৰাবলৈ হ’লে সৰু-সুৰা জোপোহা জাতীয় গছৰ সংৰক্ষণ আৰু বিন্যাসৰ প্রয়োজন আছে। আগষ্ট মাহৰ শেষৰপৰা বসন্ত কাললৈ আমাৰ প্ৰাকৃতিক পৰিবেশত বিচৰণ কৰি পোক-পতংগ নিয়ন্ত্ৰণত কাম কৰি থকা চৰাইজনীয়ে বর্তমানে অসমৰ বিভিন্ন স্থানত হৈ যোৱা শূৰ পোকৰ দৰে তাণ্ডৱ কিছু পৰিমাণে হ’লেও লাঘৱ কৰাত সহায় কৰিব বুলি মনে ধৰে৷ পতংগভোজী চৰাই-চিৰিকটিৰ সংৰক্ষণ আৰু চৰাইবিলাকে বসবাস কৰা গছ-গছনিৰ বিষয়ে কিছু ভাবি চোৱাৰ প্রয়োজন আহি পৰিছে। এজোপা বৈচিত্র্যময়, চৰাইৰ প্রিয় গছ ধ্বংস কৰা, জধে-মধে কীটনাশকৰ ব্যবহাৰ আৰু আমি কৰা প্ৰতিটো কামৰ ভিতৰত লুকাই থকা বিধ্বংসী দিশটোৰ কথাও এবাৰ ভাবি চোৱাৰ প্রয়োজন আছে।