এটি সংস্কৃতিৰ শোকগীত –(মূল ইংৰাজী: আশীস নন্দী, হিন্দীৰ পৰা ৰূপান্তৰ: কল্যাণী কোঁৱৰ)
আশীস নন্দীৰ জন্ম বিহাৰৰ ভাগলপুৰত ১৯৩৫ চনত। ৰাজনৈতিক মনোবিজ্ঞানী তথা সামাজিক সাংস্কৃতিক বিশ্লেষক হিচাপে খ্যাত আশীস নন্দী দেৱে ইউৰোপীয় ঔপনিৱেশিকতাবাদ, উন্নয়ন, আধুনিকতা, ধৰ্মনিৰপেক্ষতা, হিন্দুত্ব, বিজ্ঞান- প্ৰযুক্তি, ইত্যাদিকে ধৰি বহুতো বিষয়ৰ ওপৰত তাত্ত্বিক বিশ্লেষণ আগবঢ়াই আহিছে। তেওঁ আনকি ‘সৰ্বাংগসুন্দৰ জগত’ ৰ ওপৰতো নিজৰ অভিমত ব্যক্ত কৰিছে। তেওঁ বহুবছৰ ধৰি ‘Centre for the Study of Development of Societies’ ৰ এজন জ্যেষ্ঠ সতীৰ্থ তথা প্ৰাক্তন সঞ্চালক আছিল। ২০০৭ চনত জাপানৰ ‘Fukuoka Asian Culture Prize’ বঁটাৰে সন্মানিত আশীস নন্দীক ২০০৮ চনত আলোচনী ‘Foreign policy’ য়ে কৰা সমীক্ষা অনুসৰি এশজন বুদ্ধিজীৱীৰ মাজত ধৰা যায়।
২০০২ চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ যি বিশ্লেষণাত্মক আলোচনা আশীস নন্দীয়ে আগবঢ়াইছিল, তাৰ প্ৰাসংগিকতা আজিৰ তাৰিখতো নুই কৰিব নোৱাৰি। এই সাম্প্ৰদায়িক সংঘৰ্ষই ভাৰতীয় ৰাজনীতিত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু লোকতন্ত্ৰৰ সংজ্ঞাকে সলনি কৰি পেলাব বুলি আশংকা প্ৰকাশ কৰিছিল। আৰ এছ এছ, বিজেপিৰ সুসংগঠিত পৰিকল্পনা তথা নেতৃত্বত সংঘটিত হোৱা এনে সাম্প্ৰদায়িক সংঘৰ্ষ শেষ নহয় বুলি তেওঁ মন্তব্য কৰিছিল। পৰবৰ্তী সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছত মুজাফৰনগৰ আৰু দিল্লীত পুনৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাটোৱে তেওঁৰ মন্তব্যকে যেন প্ৰমাণিত কৰিলে।
উত্তৰ ভাৰত, গুজৰাটৰ সামাজিক সাংস্কৃতিক বাতাৱৰণ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ লগত একে নহয়। এই অঞ্চল নিকৃষ্ট হিন্দুত্ববাদী প্ৰদূষণৰ পৰা বহু পৰিমানে মুক্ত আছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাজ্য অসমত বৰ্তমান আৰ এছ এছ ৰ আশীৰ্বাদ পুষ্ট বিজেপি দল শাসনাধিষ্ঠিত। ফেচিষ্ট আদৰ্শৰে পৰিচালিত, হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ মনোভাৱেৰে অনুপ্ৰাণিত এটা দলৰ হাতত আমাৰ ৰাজ্য তথা দেশৰ শাসন ভাৰ ন্যস্ত। যাৰবাবে আমাৰ আগন্তুক সময় যথেষ্ট সংশয়াচন্ন । সেয়েহে স্পষ্ট ৰাজনৈতিক তথা আদৰ্শগত অৱস্থান স্থিৰ কৰি, দৃঢ়তাৰে এই মানৱবিৰোধী শক্তিৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময় সমাগত। তেনে পৰিপ্ৰেক্ষিতত আমাৰ ৰাজনৈতিক সমৰনীতিৰ স্পষ্টতা এটা জৰুৰী বিষয়। এনেবোৰ প্ৰয়োজনীয়তা মনত ৰাখিয়েই আশীস নন্দীৰ ‘Obituary of a culture’ লেখাটোৰ হিন্দী সংস্কৰণৰ অনুবাদ অসমীয়া পাঠকলৈ আগবঢ়ালোঁ —অনুবাদিকাৰ টোকা ।
সামাজিক মনোবিজ্ঞানী আৰু বুদ্ধিজীৱী আশীস নন্দীদেৱৰ এই লেখাটো ২০০২ চনত গৱেষণা পত্ৰৰ ৪১৭ নং পৃষ্ঠাত প্ৰকাশ পাইছিল। তেতিয়া গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘাঁডোখৰ তেজাল হৈ আছিল। শ শ লোকক মাৰি পেলোৱা হৈছিল আৰু হাজাৰজনে আশ্ৰয় শিৱিৰত অপ্ৰত্যাশিত বন্দীত্বৰ জীৱন কটাই সেই ভয়ানক স্মৃতিৰ সৈতে সহবাস কৰি আছিল। নন্দীদেৱে ২০০২ চনৰ গুজৰাটৰ এই সংঘৰ্ষই ভাৰতীয় ৰাজনীতিত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি অভিহিত কৰিছিল আৰু তেখেতে কিছু বছৰৰ আগতে লোৱা এটা সাক্ষাৎকাৰৰ ভিত্তিত নৰেন্দ্ৰ মোদীক তেতিয়াৰ “textbook case of fascism” বুলি কৈছিল । ফেচীবাদৰ সেই ক্লাছিক চেহেৰা আজি যেতিয়া ৰাষ্ট্ৰীয় ফলকত পৰিণত হ’ল আৰু প্ৰায় প্ৰতিটো খবৰ নৰেন্দ্ৰ মোদীত আৰম্ভ হৈ তেওঁতে শেষ হ’বলৈ ধৰিলে , এনেসময়তে আশীস নন্দীৰ এই লেখাটো আকৌ দ্বিতীয়বাৰৰ বাবে পঢ়াটো খুব জৰুৰী হৈ পৰিছে। নন্দীদেৱে ২০০২ চনতে ভাৰতৰ ভৱিষ্যত অনিষ্টকাৰী ৰূপত দেখা পাইছিল তেওঁ গুজৰাট ক্ৰমান্বয়ে এখন পেলেষ্টাইন ( Palestine) ৰাষ্ট্ৰৰ ৰূপত উদ্ভাসিত হৈ উঠা লক্ষ্য কৰিছিল। সংঘৰ্ষৰ এটা দশক পাৰ হৈ যোৱাৰ পাছত বাস্তৱিকতে আমি সেই অনিষ্টৰ বহুত ওচৰ চাপি আহিলোঁ নেকি, যাৰ কল্পনা নন্দীদেৱে কৰিছিল ? বাস্তৱতে গুজৰাটৰ চহৰীয়া মধ্যবৰ্গই ২০০২ চনত ৰাজ্যৰ লগতে নিজৰ ষড়যন্ত্ৰৰ মূল্য আদায় কৰাৰ দুৱাৰদলিত আহি আজি উপস্থিত হৈছেহি নেকি ? তাৰে উত্তৰ পাবলৈ আশীস নন্দীৰ লেখা “Obituary of a culture” ৰ হিন্দী ৰূপান্তৰ ।– হিন্দী অনুবাদক অভিষেক শ্ৰীবাস্তৱৰ টোকা।
ৰাৱাণ্ডা (Rwanda) আৰু বছনীয়া (Bosnia) ত হোৱা ভীষণ গণসংহাৰে আমাক এটা কথা শিকায় যে সৰ্বাধিক বৰ্বৰ আৰু বিদ্বেষপূৰ্ণ হত্যা তথা উৎপীড়নৰ ঘটনা য’ত সংগঠিত হয় তাত জড়িত গোষ্ঠী দুটা ইটো সিটোৰ অচিনাকী নহয় বৰঞ্চ সাংস্কৃতিক আৰু সামাজিক ভাৱে অতি ওচৰৰ আৰু তেওঁলোকৰ জীৱন বহু সময়ত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ।
এই সান্নিধ্যত যেতিয়া ফাঁক আহি পৰে, ইয়াৰ ঘৰ্ষণত ক’ৰবাত বিস্ফোৰণ ঘটে, তাৰপৰা এনেকুৱা কিছুমান ভয়ানক আৰু অচিনাকী মুখৰ আৱিৰ্ভাৱ হয় যি দানৱীয় ৰূপ ধাৰণ কৰে । গুজৰাটত হোৱা সাম্প্ৰদায়িক হিংসাৰ বৰ্বৰ আৰু পাশৱিক ৰূপে যিসকল ব্যক্তিক ম্ৰিয়মাণ কৰি তুলিছে, তেওঁলোকে ৰাৱাণ্ডা আৰু বছনীয়াৰ নৰসংহাৰৰ কাহিনী পঢ়ি চাব পাৰে। দুয়ো ঠাইতে হিংসাত জড়িত গোষ্ঠী দুটা ইটো সিটোৰ আত্মীয় স্বৰূপ আছিল আৰু তাত সংঘটিত জাতি সংহাৰে এটা আত্মঘাতী ৰূপ উদঙাই দিলে। ঠিক একেধৰণে ১৯৪৬-৪৮ ৰ দেশ বিভাজনৰ সময়ৰ হিংসাত দেখা গৈছিল। পশ্চিম এছিয়াত সংঘটিত হৈ থকা মৃত্যুৰ নগ্ন ৰূপৰ আন এটা উদাহৰণ হ’ল আৰব আৰু ইজৰাইল যিয়ে হত্যাভূমিৰ মাজত নিজকে বন্দী যেন অনুভৱ কৰে। এনেকুৱা অন্তৰ আত্মা কঁপি যোৱা হিংসাৰ বাবে গুজৰাটক এক দীৰ্ঘ সময় ধৰি প্ৰস্তুত কৰা হৈছিল। এইখন ৰাজ্য বিগত তেত্ৰিশ বছৰ ধৰি বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষৰ সাক্ষী, ভীষণ উত্তেজনাপূৰ্ণ কঠিন সময়ৰ সাক্ষী, য’ত সহজে শান্তিময় এটা অৱস্থা আশা কৰিব নোৱাৰি। এই সময়ছোৱাত গুজৰাটৰ চহৰীয়া নিম্নবৰ্গৰ বিশাল এক অংশই সাম্প্ৰদায়িকতা আৰু সংঘৰ্ষক নিজৰ জীৱিকা, অতি সহজে উৰ্পাজন কৰি লাভান্বিত হ’ব পৰা উপায়, আনকি কেতিয়াবা মনোৰঞ্জনৰ মাধ্যম তথা জীৱনশৈলী হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। তাৰোপৰি দাংগা বা সংঘৰ্ষই এই নিম্নবৰ্গটোক অস্থায়ী ৰূপত এটা status দিয়ে । ইহঁতক সংঘৰ্ষৰ সময়ত বা তাৰ পাছৰ সময়ত নিজৰ নিজৰ সম্প্ৰদায়ত হিৰ’ হিচাপে মানি লয়। সমাজৰ প্ৰান্তীয় অংশৰ ব্যক্তিৰ বাবে এনে সন্মান বা পুৰস্কাৰ অৰ্থবহ হৈ পৰে।
সাম্প্ৰদায়িক সংঘৰ্ষ য’তেই নহওঁক, ই নিশ্চয়কৈ এক নগৰীয়া ব্যাধি ! সংঘৰ্ষৰ বিষয়ে অধ্যয়ন কৰা গৱেষক- গোপাল কৃষ্ণ, অজগৰ আলি ইঞ্জিনিয়াৰ, পি আৰ ৰাজগোপালন, আশুতোষ বাৰ্ষন্য vershaney) আদিয়ে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই কথা দৃঢ়তাৰে প্ৰতিপন্ন কৰিছে। আজিৰ ভাৰতত আটাইতকৈ বেছি সাম্প্ৰদায়িকৰণ গুজৰাটৰ চহৰীয়া মধ্যবৰ্গৰ মাজত দেখা যায়, যিসকল সাম্প্ৰদায়িক হিংসাক উৎসাহিত কৰাত আৰু তাৰ উত্তৰণ ঘটোৱাত অতি সিদ্ধহস্ত।
বিগত ঘটি যোৱা সংঘৰ্ষৰ সময়ত আমি দেখিছোঁ যে ইয়াৰে কিছু অংশই অতি উৎসাহেৰে লুটপাত চলায়। কিন্তু এইসকলে সাধাৰণতে দেখাদেখিকৈ হিংসাত ভাগ নলয়। বিগত প্ৰায় এশ বছৰ ধৰি এই উপমহাদ্বীপত তথাকথিত শান্তিপ্ৰিয় জাতি, যেনে- বাঙালী বাবু, কাশ্মীৰী মুছলমান আৰু গুজৰাটী উচ্চবৰ্ণ সকলৰ হিংসাৰ প্ৰতি বিশেষ আকৰ্ষণ বাঢ়িছে যি সময়ত অন্য কোনোবাই জীৱন যুদ্ধত যুঁজি নিজৰ প্ৰাণৰ প্ৰতি ভাবুকি মাতি আনিছে ! বৰ্তমান সময়ত হিংসাৰ প্ৰতিদান হিংসাৰে দিয়াৰ প্ৰতি আকৰ্ষিত হৈছে। হিংসাই সাৰ্বজনীন জীৱনত প্ৰত্যক্ষ ৰূপত নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছে, যি অন্যৰ দ্বাৰা সংঘটিত হোৱা হিংসাক নিজৰ ‘কাপুৰুষালি’ আৰু ‘নিষ্ক্ৰিয়তা’ ৰ প্ৰায়চিত্তৰ ৰূপ হিচাপে গণ্য কৰে আৰু তাক প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰে।
উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বিপৰীতে গুজৰাটত চহৰৰ প্ৰাধান্য বেছি। গুজৰাটৰ ৰাজনীতিত চহৰীয়া জীৱনৰ(urbanity) উপস্থিতিয়ে এক নিৰ্ণায়ক ভূমিকা পালন কৰে। ইয়াত চহৰৰ সংখ্যা ৫০খন, ইয়াৰে বহু কেইখন চহৰত সাম্প্ৰদায়িক বিদ্বেষৰ তুঁহ জুইকুৰা বহুসময় ধৰি উমি উমিকৈ জ্বলি আছিল। ইয়াৰ পৰিণাম স্বৰূপে গুজৰাট বৰ্তমানে চহৰ আৰু উদ্যোগ মিশ্ৰিত এক পৰিকল্পিত ধ্ৰুপদী উদাহৰণ ৰূপে চিহ্নিত হ’ল যাৰ আৱৰণৰ তলত সদায় লুকাই থকা হিংসাত্মক কাৰ্যকলাপে বৰ্তমান নিজৰ ৰূপ প্ৰকাশ কৰিলে। এইখন ৰাজ্য মাথোঁ সংঘৰ্ষ পীড়িত নহয়, বৰঞ্চ এখন যুদ্ধলৈ পৰিণত হ’ল। সংঘৰ্ষবোৰ শেষ হৈ যাব পাৰে। কিন্তু ই মাত্ৰ অস্থায়ী শান্তিময় পৰিৱেশ বুলিহে ক’ব পাৰি কাৰণ সংখ্যাৰ ফালৰ পৰা চাবলৈ গ’লে বাকী ৰাজ্যবোৰৰ তুলনাত গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষ বহু সময় ধৰি চলি থাকে, উত্তেজনা আৰু বিদ্বেষ ভাব বাহাল থাকে। দুয়োপক্ষ পিছৰ সংঘৰ্ষৰ বাবে যেন কঁকালত টঙালি বান্ধি সাজু হয় আৰু অনাগত দিনৰ বাবে গুজৰাটত গৃহযুদ্ধৰ আখৰা চলি থাকে।
এনে পৰিস্থিতি কিন্তু পাকিস্তানৰ আই এছ আই য়ে সৃষ্টি কৰা নাই! প্ৰায় প্ৰতিজন ভাৰতীয়ই ভাবে যে নিৰাকাৰ ভগৱানৰ দৰে এই এজেঞ্চীটো সকলোতে উপস্থিত থাকে আৰু ইয়ে এইবোৰ কৰোৱায়। এইটো নহয় যে সংঘৰ্ষৰ চিকাৰ মূখ্যতঃ সংখ্যালঘু সকলহে হয়। এনে পৰিস্থিতি উৎপন্ন হোৱা মূল কথাটো হ’ল যে সংখ্যালঘু সকলে ৰাজ্য চৰকাৰে তেওঁলোকক কোনো ধৰণৰ সুৰক্ষা নিদিয়ে বুলি অনুভৱ কৰে আৰু আশাও নকৰে। কিছুমান ৰাজ্যত বাৰে বাৰে দেখা যায় যে চৰকাৰৰ নিম্নবৰ্গীয় অফিচাৰ এনে সংঘৰ্ষত জড়িত থাকে। ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ পিছত সম্ভৱতঃ প্ৰথম বাৰৰ বাবে সহমত নথকা আৰু সাহসী প্ৰশাসক কিছুমানক বাদ দি প্ৰায় সকলো ৰাষ্ট্ৰতন্ত্ৰ সংখ্যালঘুৰ বিৰুদ্ধে থিয় দিলে। ভালেই হওঁক বা বেয়া, কিন্তু গুজৰাটৰ সংখ্যালঘু সকলে বুজি উঠিছে যে তেওঁলোকে নিজৰ সুৰক্ষা নিজেই কৰিব লাগিব। এইটো মাৰাত্মক কথা! ই গৃহযুদ্ধৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিব আৰু সন্ত্ৰাসবাদী উকমুকনিৰ নতুন ক্ষেত্ৰ তৈয়াৰ হ’ব। আশী দশকত পঞ্জাৱত সন্ত্ৰাসবাদৰ ক্ষেত্ৰখন অপাৰেশ্যন ব্লুষ্টাৰতকৈ বেছি শিখ বিৰোধী সংঘৰ্ষই সৃষ্টি কৰিছিল। ঠিক সেইদৰে গুজৰাটত দুই দশক ধৰি চলি থকা সংঘৰ্ষই নৈৰাজ্য দৰে এটা পৰিৱেশ গঠন কৰিলে যিটো আতংকবাদৰ উত্থানৰ আগেয়ে দেখা যায়। ৬০ দশকৰ আৰম্ভণিতে প্ৰথম বাৰৰ বাবে ছাত্ৰাৱস্থাত যেতিয়া মই গুজৰাটলৈ গৈছিলো, ভাবিবই নোৱাৰি যে তাত ইমান ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষ হ’ব। অৱশ্যে অতীতত হোৱা কিছুমান সংঘৰ্ষৰ কথা মানুহৰ মুখে শুনা পাইছিলো আৰু ৰাজ্যৰ খাটাত অ’ত ত’ত হোৱা সৰু-সুৰা কাজিয়া তথা সংঘৰ্ষৰ কিছু ইতিহাস লিপিবদ্ধও আছিল। আহমেদাবাদৰ বহুতো হিন্দুৱে মুছলমান লোকক সন্দেহৰ চকুৰে চাইছিল আৰু ভয় কৰিছিল। কিন্তু আহমেদাবাদৰ ডাঙৰ কাপোৰৰ উদ্যোগত গুজৰাটৰ বাহিৰৰ পৰা কাম কৰিবলৈ অহা মুছলমানৰ ক্ষেত্ৰতহে এনে ঘটিছিল। ইয়াৰ হিন্দু লোকে গুজৰাটী মুছলিম সকলক, যিয়ে ঘাইকৈ বেপাৰ কৰিছিল, গুজৰাটৰ অংশীদাৰী বুলিয়েই বিবেচনা কৰিছিল যদিও এটা সামাজিক দূৰত্ব বজাই ৰখা স্পষ্ট ৰূপত ধৰা পৰিছিল।
মোৰ মনত পৰে, এনেকুৱা এটা দৃশ্য কোচিনৰ ঠিক সমৰূপ আছিল যিখনক মই কিছু বছৰৰ আগলৈকে ধাৰ্মিক আৰু জাতীয় সদ্ভাৱৰ চহৰ বুলি জানিছিলো বা বুজিছিলো। এইক্ষেত্ৰত আহমেদাবাদ পৃথক আছিল, য’ৰ জৈন-বনিয়া সংস্কৃতিত মুছলমানক ‘অন্ধকাৰ’ চৰিত্ৰৰ বুলি ভাবি প্ৰয়োজনতকৈ বেছি অপছন্দ কৰিছিল। এই অপছন্দ চহৰত স্থাপিত হোৱা নতুন আধুনিক সংস্থানলৈ অহা পশ্চিমীয়া বহিৰাগত লোকৰ প্ৰতি থকা অপছন্দৰ লগত একপ্ৰকাৰ ‘সন্তুলিত’ অৱস্থাত আছিল। আহমেদাবাদৰ পৰম্পৰা মানি চলা অংশই এই দুই শ্ৰেণীৰ পৰা দূৰত্ব বজাই ৰাখিছিল। ১৯৬৯ চনত হোৱা সংঘৰ্ষই চহৰখনৰ বুনিয়াদ সলাই পেলাবলৈ আৰম্ভ কৰিছিল যদিও এই পৰিৱৰ্তন দৃষ্টিগোচৰ হোৱা নাছিল। দক্ষিণ এছিয়াত হোৱা সংঘৰ্ষবোৰৰ দৰেই এইবোৰ সংঘৰ্ষ well planned যাৰ অন্তৰালত আৰ এছ এছৰ সুসংগঠিত ব্যৱস্থাপনা আছিল। এনে হিংসাৰ দ্বাৰা সিহঁত খুব লাভবান হৈছিল। ইয়াৰ উপৰিও বিশ্ব হিন্দু পৰিষদ আৰু আৰ এছ এছৰ দ্বাৰা প্ৰচাৰিত বিভেদকামী অভিযান সমূহৰো এইক্ষেত্ৰত অৰিহণা আছে। এইসকলোবোৰ লগলাগি মুছলমান সকলক এটা ‘খোলা’ৰ মাজত সুমুৱাই সংকুচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু দুয়োটা গোষ্ঠীৰ ভিতৰত মাফিয়াগিৰি সক্ৰিয় হৈ উঠিছিল, যি সদায় সংঘৰ্ষৰ সময়ত হিন্দু আৰু মুছলমানক ৰক্ষা কৰাৰ ভূমিকা পালন কৰে লগতে যিকোনো অজুহাতত যিকোনো সময়ত কাজিয়া পেচাল কৰিবলৈ উৎসাহিত কৰি থাকে। ডেকা আৰু নিবনুৱা মুছলমান সকলৰ মাজত মাফিয়াগিৰিৰ প্ৰভাৱ আৰু বিস্তাৰ বেছিকৈ পৰিলক্ষিত হৈছিল, যিটো বুজিব পৰা গৈছিল। দুয়োটা গোষ্ঠীৰ মাজত আৰম্ভণিৰে পৰা যি সামাজিক দূৰত্ব বৰ্তি আছিল, সি বেলেগ এটা ৰূপ ল’লে। সংস্থাপন আৰু বিভিন্ন সা-সুবিধাৰ পাৰ্থক্যৰ সন্মূখীন হোৱা মুছলমান সকলৰ বেছিভাগ নিবনুৱা ডেকাই সেই কামবোৰ কৰিবলৈ ল’লে য’ত পৃথিৱীৰ প্ৰত্যেক শ্লাম অঞ্চলৰ তৰুণ জড়িত হৈ থাকে – যেনে কেঁচা মদ বনোৱা, নীচাজাতীয় দৰৱৰ ৰপ্তানি, ঘোচ আদায় কৰা আৰু সৰু-সুৰা অপৰাধ । সিঁহতি নিজকে সদায় সৰু-সুৰা অপৰাধৰ কাৰণে সাজু ৰাখে। পৰিস্থিতি আৰু বেয়ালৈ ঢাল লয় যেতিয়া আহমেদাবাদৰ প্ৰতিষ্ঠিত কাপোৰ উদ্যোগ ধ্বংস হ’ল। চহৰৰ পৰিবৰ্তিত ৰাজনৈতিক চিত্ৰপটত এইটো নিশ্চিত আছিল যে এই পতনৰ প্ৰভাৱ আটাইতকৈ বেছি মুছলমান সকলৰ ওপৰত পৰিল।
১৯৬৯ চনত যি বিষাক্ত বীজ ৰোপিত হৈছিল, সি এতিয়া অংকুৰিত হ’বলৈ আৰম্ভ কৰিলে। প্ৰত্যেক বছৰতে গুজৰাটত শস্য কটা সময়ত হোৱা গোষ্ঠীগত কাজিয়া আৰু জুমৰ দ্বাৰা সংঘটিত হিংসা স্বাভাৱিক ভাৱে ঘটিবলৈ আৰম্ভ কৰিলে। এই সংস্কৃতিক আমি ৰাম জন্মভূমি আন্দোলনৰ সময়ত পূৰ্ণৰূপে উথলি উঠা দেখিবলৈ পালোঁ। লালকৃষ্ণ আদৱানীৰ ৰথযাত্ৰা গুজৰাটৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছে পাছে যেন সংঘৰ্ষৰ দাগ দি থৈ গ’ল। অচ্যুত য়াগ্নিকৰ মতে প্ৰথমবাৰৰ বাবে ইয়াত মহিলা আৰু সৰু ল’ৰা ছোৱালীক জানি বুজি আক্ৰমণৰ লক্ষ্য কৰিছিল। এই সংঘৰ্ষবোৰ আগৰবোৰতকৈ বেছি বৰ্বৰ আৰু অমানুষিক আছিল। যোৱা কিছু দশক ধৰি গুজৰাটে এনে পৰম্পৰা চলাই আহিছে। সাম্প্ৰদায়িক সংঘৰ্ষবোৰত মহিলা আৰু শিশুক মাথোঁ লক্ষ্য কৰি লোৱাই নহয়, অতি পাশৱিক উৎসাহেৰে সিঁহতক হত্যা কৰা হৈছিল। এনে কাৰ্য্যক কোনো সভ্য সমাজে মানি ল’ব নোৱাৰে। আনকি সাম্প্ৰদায়িক সংঘৰ্ষৰ আগেয়ে গৌধাৰাত ঘটি যোৱা কাৰসেৱক(kar sevak) ৰ ওপৰত হোৱা আক্ৰমণতো এই কথা স্পষ্ট হয় যে সিহঁতৰ আচল লক্ষ্য মহিলা আৰু শিশু আছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এজন বিষয়াই এই সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে বৰ্ণনা কৰা প্ৰত্যক্ষ ৰূপ যথেষ্ঠ প্ৰচাৰিত হৈছিল। বহুতো পাঠকে যেহেতু এইবোৰ দেখা নাই, সেইবাবে তাৰ উদাহৰণ মই দিবলৈ যত্ন কৰিম – গোটেই ৰাজ্যকে কঁপাই যোৱা আতংকৰ আৰু নৰসংহাৰৰ দহ দিনৰ পিছত যেতিয়া গুজৰাটৰ পৰা উভতি আহিছোঁ, আতংকৰ বিভৎস ৰূপ দেখি মই স্তব্ধ হৈ গ’লো। আহমেদাবাদৰ সংঘৰ্ষত পীড়িত সকলৰ আশ্ৰয় শিবিৰ লৈ গ’লে আপুনি দেখিব তেওঁলোকৰ দুখৰ ছাঁ ইমান গভীৰ যে সেইয়া অগতানুগতিক নহয় ! ইয়াৰ ২৯ টা শিবিৰত প্ৰায় ৫৩০০০ পুৰুষ, মহিলা আৰু শিশু ঠাহ খাই আছিল। শিবিৰলৈ গৈ আপুনি ক’ৰবাত বহাৰ লগে লগে তেওঁলোকে কথা ক’বলৈ আৰম্ভ কৰে। এটুকুৰা ডাঙৰ ঘাঁ ফুটি তাৰ পৰা তেজ পুঁজ বাহিৰ হোৱাৰ নিচিনাকৈ ওলাইছিল শব্দবোৰ ! তেওঁলোকে যি ঘৃণিত ভয়াবহতাৰ কথা কৈছিল, তাক বৰ্ণনা কৰিবলৈ যাওঁতে মোৰ কলম কঁপি উঠিছে…. হাতত অস্ত্ৰ লোৱা মদগজ ডেকাৰ সংগঠিত একোটা গেং যিয়ে মহিলা আৰু শিশুৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলালে, ইয়াৰ আগতে ঘটি যোৱা কোনো সংঘৰ্ষতে এনে পাশৱিকতা দেখা পোৱা নাযায়, যিয়ে এই ৰাষ্ট্ৰক বিগত কালত সময়ে সময়ে লজ্জিত কৰি আহিছে …..
‘নিজৰ প্ৰাণ ভিক্ষা কৰা আঠমহীয়া গৰ্ভৱতী সেই মহিলা গৰাকী যাৰ সন্মূখতে গৰ্ভ ফালি, ভ্ৰূণ বাহিৰ কৰি হত্যা কৰা হৈছিল।
উনৈশ জনীয়া সেই পৰিয়ালটোৰ বিষয়ে আপুনি কি ক’ব, যাৰ ঘৰটোত পানী ভৰাই তাত বৈদ্যুতিক শ্বক্ দিয়া হৈছিল ?’
‘আপুনি কি মন্তব্য দিব ? জুহাপাড়া কেম্পত এটা ছয়বছৰীয়া শিশুৱে কৈছিল কেনেকৈ তাৰ চকুৰ আগতে তাৰ মাক আৰু ছটাকৈ ভাই-ভনীয়েকক মাৰি পেলোৱা হৈছিল। সি বাচি গৈছিল কাৰণ বেহুচ হৈ যোৱাৰ বাবে সি মৰিল বুলি ভাবিছিল। আহমেদাবাদৰ আটাইতকৈ বেছি প্ৰভাৱিত আৱাসিক এলেকা নৰৌদা-পাটিয়াৰ পৰা বাচি অহা এটা পৰিয়ালৰ মুখত শুনিছিলো, এগৰাকী মহিলা আৰু তাইৰ তিনিমহীয়া কেঁচুৱাটোক এজন চিপাহীয়ে ‘সুৰক্ষিত’ ঠাইলৈ যোৱাৰ ৰাস্তা দেখুৱাইছিল। কিন্তু সেই ফালে যাওঁতে তাই সংঘৰ্ষকাৰী জুমৰ সন্মূখীন হয় আৰু সিহঁতি দুয়োকে কেৰাচিন তেল ঢালি জ্বলাই দিছিল ।’
‘মই গুজৰাটৰ বাহিৰে আন কোনো সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষয়ে শুনা নাই য’ত হিংসাৰ নামত মহিলাৰ ওপৰত যৌন দমন ইমান বৃহৎ হাৰত হৈছিল আৰু এই সমস্ত ঘটনাৱলীৰ মিল জনতাৰ হত্যাকাৰী শ্ল’ব’দান মিল’ছেবিচ (Slobodan Milosevic’) ৰ লগত দেখা যায় যাৰ ওপৰত আজি মানৱতাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ভিত্তিত মোকৰ্দমা চলি আছে। মই মাজে মাজে আচৰিত হওঁ যে কিয় ভাৰত আৰু বিদেশৰ মানৱাধিকাৰ সংগঠন সমূহে জাতিদ্ৰোহ আৰু হাজাৰ লোকৰ হত্যাৰ অপৰাধত মোদীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় চমন জাৰি কৰাৰ চেষ্টা নকৰিলে ? যদি মোদীয়ে এতিয়ালৈকে কৰি অহা ব্যৱহাৰ মানৱতাৰ প্ৰতি কৰা অপৰাধ নহয়, তেন্তে কি হয় ?
এক দশকৰো অধিক হ’ব যেতিয়া মোদীক কোনেও জনা নাছিল, তেওঁ আৰ এছ এছৰ এজন সৰু-সুৰা প্ৰচাৰক আৰু বিজেপিত যোগদান কৰাৰ চেষ্টা চলাই আছিল। সেই সময়তে অচ্যুত য়াগ্নিকৰ লগত মোদীৰ এটা সাক্ষাৎকাৰ লোৱাৰ সুযোগ পাইছিলো। সৌভাগ্য যে অচ্যুতক মোদীয়ে চিনি পোৱা নাছিল (সৌভাগ্য বুলি এইকাৰণে ক’লো, মোদীয়ে তেওঁক মাত্ৰ নামেৰে জানিছিল আৰু পিছলৈ তেওঁৰ লিখনি আৰু গতিবিধিৰ ওপৰত ব্যংগাত্মক মন্তব্য দিছিল।) সেই সাক্ষাৎকাৰটো বহুত দীঘলীয়া আৰু যথেষ্ঠ অগতানুগতিক আছিল, কিন্তু পিছত নিঃসন্দেহে মই বুজি পাইছিলো যে যিজন ব্যক্তিক লগ পাই আহিলো তেওঁ থেৰাপেটিক(therapeutic) আৰু সঁচা অৰ্থত বিশুদ্ধ ফেচীবাদী হয়। মই ‘ফেচীবাদী’ শব্দটো কাৰোবাক গালি পাৰিবলৈ কেতিয়াও ব্যৱহাৰ নকৰোঁ, মোৰ কাৰণে ই একপ্ৰকাৰ বেমাৰ, য’ত কোনো ব্যক্তিৰ বিচাৰ বিবেচনাই নহয় তাৰ ওপৰিও ব্যক্তিত্বৰ প্ৰবৃত্তি আৰু তাৰ প্ৰকাশ জড়িত হৈ থাকে যিয়ে মতাদৰ্শক প্ৰদৰ্শিত কৰে ।
পাঠকক মই দুখেৰে জনাওঁ যে মোদী এই সমস্ত পৰীক্ষা -নিৰীক্ষাবোৰত অতি পাৰদৰ্শিতাৰে সেই স্তৰলৈ যাব পাৰে যাক অধিনায়কবাদী ব্যক্তিত্ব ৰূপে বহু দিনৰ পৰ্যবেক্ষণ মূলক অধ্যয়নৰ ফলত মনোবিজ্ঞানী, মনোচিকিৎসক তথা মনোবিশ্লেষকে গঢ় দিছে। তেওঁৰ মাজত বিশুদ্ধবাদী জড়তা, ঠেক মনোবৃত্তিৰ জীৱন, নিজৰ অহং ৰক্ষাৰ বাবে কাল্পনিকতাৰ প্ৰয়োগ, আত্মদমন, নিজৰ বৃত্তিক লৈ ভয় আৰু হিংসাৰ ফেন্টাচীৰ সংমিশ্ৰণ পোৱা যায় যি স্পষ্টকৈ এক ভ্ৰমগ্ৰস্ত, অনুৰক্ত স্বভাৱৰ ব্যক্তিত্বৰ পৰিধিৰ ভিতৰত পৰে। মোৰ এতিয়াও মনত আছে কেনেকৈ তেওঁ অতি ঠাণ্ডা মগজুৰে আৰু স্পষ্ট ভাষাত ভাৰতৰ বিৰুদ্ধে বৃহৎ ষড়যন্ত্ৰৰ সিদ্ধান্তৰ কথা কৈছিল য’ত প্ৰত্যেক জন মুছলমানক দেশদ্ৰোহী আৰু সাম্ভাৱ্য আতংকবাদী বুলি ধৰা হৈছিল। মই সাক্ষাৎকাৰটো লৈ ওলাই আহি কঁপি আছিলোঁ। মই য়াগ্নিকক কৈছিলো, প্ৰথম বাৰৰ বাবে মোৰ সাক্ষাৎ এনে এজন ব্যক্তিৰ লগত হ’ল যাৰ কিতাপত বৰ্ণনা কৰা ফেচিষ্ট চেহেৰাৰ লগত মিল থকা এক সম্ভাৱ্য হত্যাকাৰী হয়, কি ঠিক ভৱিষ্যতৰ নৰসংহাৰী হ’ব পাৰে ।
মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা কথাটোৱে এই দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়া আৰু লোকতন্ত্ৰৰ দিশৰ বিষয়ে কয় যি যোৱা পঞ্চাশ বছৰত গঢ় লৈ উঠিছে । মোৰ ভয় হৈছে, এই দেশৰ ভৱিষ্যত অনিষ্ট হোৱাৰ বাহিৰে অন্য একো মোৰ দৃষ্টিত ধৰা পৰা নাই ।
গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ ভাৰতীয় ৰাজনীতিত এক নতুন ধাৰাৰ আৰম্ভণি । আমি কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদৰ বিষয়ে কওঁ আৰু অতি গৰ্বৰে পাঞ্জাৱৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ উদাহৰণ দিওঁ । এনেবোৰ ঘটনাত সংশ্লিষ্ট জনসাধাৰণ, বিশেষকৈ যিসকলৰ সন্ত্ৰাসবাদৰ প্ৰতি সহানুভূতি আছে বুলি ধৰি লওঁ, সংখ্যাত সদায় তাকৰ হয় । যদি আমি এই কথাটো ধৰি লওঁ যে পাকিস্তানৰ আই এছ আই আৰু ভাৰতীয় সেনাই উপত্যকাখনৰ কাশ্মীৰী সকলক সন্ত্ৰাসবাদী হৈ উঠাত অৰিহণা যোগালে, তেতিয়াও কাশ্মীৰী সকলৰ মুঠ সংখ্যা তিনি লাখৰ বেছি নহ’ব যিটো দিল্লীৰ জনসংখ্যাৰ এক তৃতীয়াংশৰ সমান । আনহাতে গুজৰাটৰ সংঘৰ্ষই যিবোৰ পিশাচক জন্ম দিলে, তাৰ চৰিত্ৰ সম্পূৰ্ণ বেলেগ । সেইবোৰে দেশ বিভাজনৰ সময়ৰ সাম্প্ৰদায়িক সংঘৰ্ষত হোৱা বৰ্বৰতাৰ পুনৰাবৃত্তি ঘটালে । তাৰোপৰি টিভি ত সকলোৱে এই সংঘৰ্ষ দেখিছে, সেইবাবে ইয়াৰ প্ৰভাৱ সৰ্বভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় হ’ব । সমগ্ৰ দেশৰ সংখ্যালঘু সকলে দেখিলে, কেনেকৈ জাতীয় চাফাইৰ প্ৰয়াসৰ পৰিণতি দিয়া হ’ল আৰু মুছলমান সম্প্ৰদায়ৰ অৰ্থনৈতিক কামিহাড় ভঙাৰ কাম কৰা হ’ল। গুজৰাটৰ মুছলমান সকলৰ মাজত যি নিৰাশ মনোভাৱ গঢ়ি উঠিছে, সি সংক্ৰামক ৰূপ ল’ব পাৰে।
মই নাজানো নিজৰ মনত চৰম হতাশা পুহি ৰখা এই ১২ কোটি মুছলমানৰ কি হ’ব, যাৰ বৃহৎ এক অংশ ভাগি পৰাৰ আশংকা আছে। আমি গুজৰাটৰ পেলেষ্টাইন সদৃশ অৱস্থিতিৰ সাক্ষী হৈ ৰ’ম নেকি ? সদ্যহতে মোদীয়ে নিজৰ কাম কৰিয়েই পেলালে। সংঘ পৰিয়ালৰ দুখন ৰাষ্ট্ৰ নীতিৰ দৃঢ় মত আছে যি ভাৰতত দ্বিতীয়টো বিভাজনৰ কাম আৰম্ভ কৰি দিছে । এইবাৰ এই বিভাজন মগজুৰ ভিতৰত হৈছে । আমি, আমাৰ সন্তানে , আমাৰ নাতি-পুতি আৰু আটাইতকৈ বেছি গুজৰাটী সকলে গৃহযুদ্ধৰ সৈতে জীয়াই থাকিবলৈ শিকিব লাগিব । এই নৰসংহাৰত গুজৰাটী মধ্যবৰ্গই ৰাজ্যৰ লগত যি কুঅভিসন্ধি কৰিছিল, তাৰ সাংস্কৃতিক, সামাজিক আৰু আৰ্থিক মূল্য বৃহৎ হাৰত আদায় কৰিব লাগিব ।