বিশ্বাস-অবিশ্বাস

এটি সাধাৰণ প্ৰশ্ন – (হামজা চৌধুৰী)

বহুদিনৰ পৰা এটা অতি সাধাৰণ প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই। কোনোবা সদাশয় বন্ধু- বান্ধৱীয়ে আমাক এই ক্ষেত্ৰত সহায় কৰিলে কৃতজ্ঞ হ’ম।

আপুনি হয়তো মনে মনে ভাবিছে যে প্ৰশ্নটো নক’লে কেনেকৈনো উত্তৰ উলিওৱাত সহায় কৰিব পৰা যায়! ঠিকেই ভাবিছে৷ আদিতেই কৈছোঁ যে অতি সাধাৰণ প্ৰশ্ন। কিন্তু মজাৰ কথাটো কি জানেনে? এই প্ৰশ্নটো আমাৰ বেছিভাগ মানুহৰে মনলৈ আহিলেও প্ৰকাশ কৰিবলৈ পৰিবেশ অনুকূল নহয়। প্ৰশ্নটো মনলৈ আহিলে নিজেই নিজকে কৈ থাকোঁ—‘এনে অবান্তৰ প্ৰশ্ন মনলৈ অহাটোয়েই ঠিক নহয়৷’ কোনোবাই কিবা কাৰণত প্ৰশ্নটো উত্থাপন কৰিলেও তেওঁক উৎসাহিত কৰা নহয়৷ বৰং এনে প্ৰশ্ন উত্থাপন কৰাটো অনুচিত বুলি কোৱা হয়। সবাতোকৈ মজাৰ কথা হ’ল— ডাক্তৰ, ইঞ্জিনিয়াৰ, প্ৰবক্তা, শিক্ষক, উকীল আদি সমাজৰ তথাকথিত উচ্চ শিক্ষিত লোক সকলেও এই অতি সাধাৰণ প্ৰশ্নটোৰ সঠিক আৰু পোনপটীয়া উত্তৰ দিব নোখোজে। বিশ্ব ব্ৰহ্মাণ্ডৰ জটিল কথা ফঁহিয়াই বুজাবলৈ সক্ষম হোৱা জনেও এই অতি সাধাৰণ প্ৰশ্নটোত কেঁচুৱাৰ দৰে হৈ পৰে।

পিছে এই অতি সাধাৰণ প্ৰশ্নটো কি?

কৈছোঁ, কৈছোঁ৷ ৰ’ব—

প্ৰথম ব্যক্তি : সৌ তাত “কিবা আছে’ (Something is there)।
দ্বিতীয় ব্যক্তি : “কেৱলমাত্ৰ এটা কিবা আছে” (only One is there)।
তৃতীয় ব্যক্তি : “বহুত কিবা আছে” ( Many things are there)।
চতুৰ্থ ব্যক্তি : তাত “একোৱেই নাই”(Nothing is there)।

এতিয়া আপুনিয়ে কওকচোন, প্ৰথম ব্যক্তি জনৰ কথা “কিবা আছে” যদি সচাঁ হয়, তেন্তে চতুৰ্থ ব্যক্তি জনৰ কথা “একোৱেই নাই” একেলগে সচাঁ হ’ব পাৰে নেকি? কাৰণ দুইজনৰে কথা সম্পূৰ্ণ বিপৰীত কথা৷ এজনে কৈছে “আছে” আৰু আনজনে কৈছে “নাই”। সৰু ল’ৰা-ছোৱালীকো যদি প্ৰশ্নটো সোধা যায়, প্ৰতিবাৰেই নিশ্চয় নিৰ্ভুল উত্তৰ দিবলৈ সক্ষম হ’ব।

আকৌ, দ্বিতীয় ব্যক্তি জনৰ কথা “কেৱলমাত্ৰ এটা আছে” যদি সচাঁ হয়, তেন্তে তৃতীয় ব্যক্তি জনৰ কথা “বহুত আছে” একেলগে সচাঁ হ’ব পাৰেনে? কাৰণ, “কেৱলমাত্ৰ এটা” যদি সচাঁ হয়, তেন্তে “বহুত” নিশ্চয় একেলগে সচাঁ হ’ব নোৱাৰে।

ওপৰতউল্লেখ কৰা চাৰিও জন ব্যক্তিৰ পৰস্পৰ বিৰোধী কথাবোৰ একেলগে সচাঁ হ’ব পাৰে নেকি?এইটোৱেই হ’ল আমাৰ অতি সাধাৰণ প্ৰশ্ন।আপোনাৰ হয়তো এইবাৰ খং উঠিছে। এই সাধাৰণ প্ৰশ্নৰ উত্তৰটোও জনা নাইনে?

আপুনি নিশ্চয় ক’ব, পৰস্পৰ বিৰোধী কথাবোৰ একেলগে সচাঁ হ’ব নোৱাৰে বুলি কেঁচুৱা এটিও জানে।হয়, আপুনি ঠিকেই কৈছে। যিকোনো সাধাৰণ মানুহেই উত্তৰটো সঠিক ভাবেই দিব। তেন্তে আলোচনাৰ আৰম্ভণিতে কিয় কোৱা হ’ল যে বহুদিনৰ পৰা উত্তৰ বিচাৰি থকা হৈছে যদিও সঠিক উত্তৰহে পোৱা নাই?

তাকো কৈছোঁ, ৰ’ব।

প্ৰথম ধৰ্ম : কোনোবাই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে (somebody has created the universe)।(এই কথাষাৰ প্ৰথম ব্যক্তি : সৌ তাত কিবা এটা আছে– something is there ৰ লগত মিল থকা)।


দ্বিতীয় ধৰ্ম : আল্লাহ কেৱল মাত্ৰ এজনেই, দ্বিতীয় কোনো আল্লাহ থাকিব নোৱাৰে (there is only one Allah and He is almighty)।(এই কথাষাৰ দ্বিতীয় ব্যক্তি : কেৱলমাত্ৰ এটা কিবা আছে- only one is there ৰ লগত মিল থকা)।

তৃতীয় ধৰ্ম : বহুত ভগৱান, দেৱ-দেৱী আছে (there is many God, Goddess)।(এই কথাষাৰ তৃতীয় ব্যক্তি : বহুত কিবা আছে -many things are there ৰ লগত মিল থকা)।

চতুৰ্থ ধৰ্ম:-ঈশ্বৰ/আল্লাহ/গ’ড/ভগৱান… কোনো সৃষ্টিকৰ্তাই নাই (there is no any Creator)।(বুদ্ধ ধৰ্ম মত)(এই কথাষাৰ চতুৰ্থ ব্যক্তি : তাত একোৱেই নাই-nothing is there ৰ লগত মিল থকা)।

সেই একেই অতি সাধাৰণ প্ৰশ্ন : পৰস্পৰ বিৰোধী আটাইবোৰ কথা একেলগে সচাঁ হ’ব পাৰে নেকি?

ইছলাম ধৰ্ম মতে এক আৰু নিৰাকাৰ আল্লাহৰ বাহিৰে দ্বিতীয় কোনো আল্লাহ থাকিব নোৱাৰে৷ যদি সচাঁ হয়, তেন্তে হিন্দু ধৰ্মৰ একাধিক আৰু আকাৰযুক্ত ভগৱান সচাঁ হ’ব নোৱাৰে। কাৰণ, দুটা স্পষ্ট পৰস্পৰ বিপৰীত কথা। আকৌ বুদ্ধ ধৰ্ম মতে কোনো সৃষ্টিকৰ্তাৰ ধাৰণাই নাই৷ যদি সচাঁ হয়, তেন্তে ইছলাম ধৰ্মৰ এক আল্লাহ আৰু হিন্দু ধৰ্মৰ একাধিক ভগৱান সচাঁ হ’ব নোৱাৰে।সম্পূৰ্ণ বিপৰীত তিনিটা কথা একেলগে কেনেকৈ সচাঁ হ’ব? এটা সচাঁ হ’লে আনটো নিশ্চয় ভুল হ’ব লাগিব।কোনটো সচাঁ আৰু কোনটো ভুল? তাৰ মানে, ভুল যে হয় সেইটো খাটাং? আটাইবোৰেই ভুল নহয়তো?প্ৰশ্ন এইটোৱেই। সঁচাই অতি সাধাৰণ প্ৰশ্ন নহয় নে?

আচলতে, এজন আল্লাহ, বহু ভগৱান, শূন্য সৃষ্টিকৰ্তা আদি ধাৰণাবোৰ মানুহেই তাৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰত নিজা নিজা ধৰণে সৃষ্টি কৰি লৈছে। আল্লাহ, ভগৱান, ঈশ্বৰ আদি এই শব্দ আৰু ধাৰণাবোৰ সৃষ্টিৰ আগতেও বিশ্ব ব্ৰহ্মাণ্ড চলি আছিল। মানুহেই মগজুৰ বিকাশৰ লগে লগে বিভিন্ন ধাৰণাৰ সৃষ্টি কৰি লৈছিল। আদিম মানৱে দৈনন্দিন জীৱন যাত্ৰাত সন্মুখীন হোৱা বিভিন্ন প্ৰাকৃতিক ঘটনা, যেনে— ৰ’দ, বতাহ, বৰষুণ, বিজুলী, ঢেৰেকনি, ৰাতিৰ অন্ধকাৰ, সূৰ্যৰ পোহৰ আদি সৃষ্টিৰ কাৰণ জানিব পৰা নাছিল৷ বিভিন্ন বেমাৰ-আজাৰৰ কাৰণো নিৰ্ণয় কৰিব পৰা নাছিল৷ এই প্ৰাকৃতিক ঘটনা বা বেমাৰ-আজাৰবোৰে আদিম মানৱৰ মনত ভয়, ৰহস্য, অনিশ্চয়তা আদি বিভিন্ন অনুভূতিৰ সৃষ্টি কৰিছিল৷ তাৰেই পৰিণতিত আদিম মানৱে নিজে আশ্ৰয় লোৱা বৃহৎ গছ জোপাক আৰাধনা কৰিবলৈ লয়৷ জগতখনক পোহৰাই তোলা সূৰ্য, আকাশৰ পৰা সৰি পৰা বৰষুণ আদিক আৰাধনা কৰিবলৈ লয়। এনেদৰেই কালক্ৰমত পূজা-অৰ্চনাৰ নিয়মবোৰ গঢ় লৈ উঠে।

পৃথিৱী সৃষ্টিৰ বহু পাছত এই ধৰালৈ জীৱৰ আগমন ঘটে৷ জীৱসৃষ্টিৰ বহু বহু পাছতহে প্ৰতিষ্ঠানিক ধৰ্মবোৰৰ চৰ্চা আৰম্ভ হয়৷ উল্লেখ্য যে সভ্যতাৰ বিভিন্ন স্তৰত ভাববাদী মানুহে চৌপাশৰ পৰিবেশত উপলব্ধ হোৱা কিছু বাস্তৱ আধাৰক কল্পনাৰে সজাই-পৰাই আৰাধনা কৰিবলৈ লয়। সেয়ে ইউৰোপৰ দেৱ-দেৱীৰ আকাৰ সেই দেশৰ মানুহৰ আকৃতিৰ লগত মিল থকা৷ আফ্ৰিকা বা মিছৰ অঞ্চলৰ দেৱ-দেৱীৰ আকাৰো আফ্ৰিকা বা মিছৰীয় লোকৰ লগতহে সাদৃশ্য থকা। সেই কাৰণেই বোধহয়, আমাৰ দক্ষিণ ভাৰতীয়সকলৰ বহু দেৱ- দেৱীৰ মূৰ্তিৰ গাৰ বৰণ ক’লা বৰণৰ৷ মুঠতে যাৰ যেনেকৈ মন যায়, তেনেকৈ আৰাধনাৰ বাবে লক্ষ্য স্থিৰ কৰি উপাসনা কৰিবলৈ ল’লে।

আজিৰ দিনত পৃথিৱীত ৪২০০ ৰো অধিক প্ৰতিষ্ঠানিক ধৰ্ম প্ৰচলিত। অনুমান কৰিব পাৰি যে আৰাধনা বা উপাসনা কৰাৰ বাবে কিমান ধৰণৰ উপাস্য মূৰ্তি আৰু কিমান ধৰণৰ দেৱ- দেৱী, ভগৱান, ঈশ্বৰ, আল্লাহ গ’ড আদি ‘সৃষ্টিকৰ্তা’ৰ ধাৰণা থাকিব পাৰে।

আকৌ অতি সাধাৰণ প্ৰশ্ন :

কেৱল বিশ্বাসৰ ওপৰতেই চলি থকা এই ধৰণৰ ঈশ্বৰ, আল্লাহ, ভগৱান,গ’ড আদি সৃষ্টিকৰ্তাৰ ধাৰণাটোৱেই আচলতে অন্ধবিশ্বাস নহয় নে?

যিকোনো অন্ধবিশ্বাসেই ব্যক্তি আৰু সমাজৰ ক্ষতি সাধন কৰি থাকে৷ সেয়ে আমি যিমান সোনকালে অন্ধবিশ্বাসসমূহৰ পৰা মুক্ত হ’ব পাৰোঁ, সিমান সোনকালেই আমাৰ সমাজ খন সৰ্বাংগসুন্দৰ হৈ উঠাৰ সম্ভাৱনা আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *