৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

এতিয়াও কিন্তু পৃথিৱী ঠিকেই ঘূৰিছে (ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

ফ্লোৰেন্স চহৰৰ এটি সেমেকা ৰাতিপুৱা। ফেব্ৰুৱাৰী মাহৰ কুঁৱলী ফালি সূৰ্য্যদেৱে ভূমুকি মাৰিছে যদিও জাৰৰ ঠেঁহ অলপো কমা নাই। তাতে আকৌ হাঁড়-কঁপোৱা ফেৰফেৰীয়া বতাহ এজাকো বলি আছে। ৰাস্তাত মানুহৰ বিশেষ আহ-যাহ নাই; সকলোৱে ঘৰৰ ভিতৰৰ জুহালত আমেজলৈ বহি আছে। কিন্তু সত্তৰ বছৰীয়া বৃদ্ধজনে লগুৱাজনক নেৰানেপেৰাকৈ লাগি আছে তেওঁক চোতালত চকী এখন পাৰি বহুৱাই দিবলৈ। লগুৱাজনে প্ৰথমে মানা কৰিছিল যদিও শেষত উপায়ন্তৰ নাপাই অলপ মান ৰ’দ পৰা জেগা চাই তেওঁক আনি আৰামী চকীখনত বহুৱাই দিলেহি।

“এতিয়া কথা নুশুন বুঢ়া, পিছত বেমাৰ হ’লে পাবি গম।” সি মুখৰ ভিতৰতে ভোৰভোৰালে।

মানুহজন এনেকুৱাই, এবাৰ কিবা এটা ভাবিলে সেইটো কৰিবই, হাজাৰ বাধা দিলেও কাৰো কথা নুশুনে। লগুৱাটোৰ বাহিৰে তেওঁৰ কোনো নাই। নামত পুতেক এটা আছে যদিও সেইটোও কিবা অহৌবলিয়া। বেছিভাগ সময় গান-বাজানা কৰিয়েই ঘুৰি ফুৰে, বাপেকৰ খবৰ ল’বলৈ তাৰ সময় নাই। মাজে-মাজে অতিষ্ঠ হ’লেও লগুৱাজনে তেওঁক ভালদৰেই যতন লয়। অকলশৰীয়া মানুহজনলৈ তাৰ দুখ লাগে। সি শুনামতে তেখেত খুব চোকা মানুহ। ডেকাকালত কিবা দূৰৰ বস্তু ওচৰত দেখা যন্ত্ৰ এটাও বোলে আৱিষ্কাৰ কৰিছিল, কোনোবা ডাঙৰ স্কুলত অংকও পঢ়াইছিল। এইবোৰ কথা সি ওচৰ-চুবুৰীয়াৰ মুখতহে শুনিছে, মানুহজনে আজিলৈকে এই বিষয়ত তাক একো কোৱা নাই। মানুহজনে কথা এনেও খুব কম কয়। কেতিয়াবা চকু দুটা মুদি বহুত সময় কিবা ভাবি থাকে, যেন কিবা তপস্যাহে কৰিছে। সেইসময়ত সি তেখেতক আমনি নকৰে, আমনি কৰিবলৈ তাৰ সাহস নহয়।

পিন্ধনত আঁঠুলৈকে পৰা এটা হলৌ চোলা আৰু একেই দীঘল পেণ্ট। বুকুলৈকে পৰা দীঘল দাড়ি আৰু কান্ধলৈকে বৈ পৰা আধাপকা চুলিখিনিৰে তেওঁক কোনোবা বৈদিক যুগৰ ঋষি যেন লাগে। বয়সে আচোঁৰ পেলাইছে যদিও মুখৰ দীপ্তি এতিয়াও ম্লান পৰা নাই। বহল কপালখনত জিলিকি থকা বলি ৰেখাবোৰে যেন প্ৰজ্ঞাৰ স্বাক্ষৰহে বহন কৰিছে। বিষয়-বাসনাৰ প্ৰতি প্ৰায় উদাসীন মানুহজন এজন সাধক, সত্যৰ সাধক।

ৰ’দ কাঁচলীত বহিবলৈ পাই মানুহজনৰ মুখত সন্তোষৰ হাঁহি এটা বিয়পি পৰিল। ডেকাকালত দূৰবীণত আকাশ চোৱা মানুহজনৰ দৃষ্টি আজি ধূসৰ। আনহে নালাগে নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব পৰা জোখৰ দৃষ্টিও তেওঁৰ নাই। দূৰবীণৰ জৰিয়তে সূৰ্য্যলৈ চাই থকাৰ বাবেই আজিৰ এই অৱস্থা। তথাপি অলপো আক্ষেপ নাই, সূৰ্য্যৰ প্ৰতি নাই অলপো খ্ং। ৰ’দ তেওঁৰ খুব প্ৰিয়, বেলিৰ লগত আজন্ম প্ৰেম। অকল যে বেলিহে ভাল পায় তেনে নহয়, গোটেই আকাশখনেই তেওঁৰ প্ৰিয়। সৰুতে ৰাতিৰ আকাশৰ তৰাবোৰ দেখুৱাই মাকে কৈছিল, “আকাশলৈ চাব লাগে, ইয়াৰ বিশালতাই মন বিশাল কৰে। আকাশৰ উচ্চতা আৰু বিশালতাই শিকাই আমি আচলতে কিমান নগণ্য।” মাকেই প্ৰ্থম কৈছিল এই সুন্দৰ পৃথিৱীৰ সৃষ্টিকৰ্তা পৰমপিতা গডৰ কথা, তেওঁৰ মহানুভৱতা আৰু দয়াশীলতাৰ কথা। আৰু তেতিয়াৰ পৰাই তেওঁ গডৰ পৰম বিশ্বাসী, এজন ধাৰ্মিক কেথলিক।

“কিন্তু গডতো চিৰসুন্দৰ, সুন্দৰৰ উপাসক। বাইবেলেইতো শিকাইছে সত্য সকলোতকৈ সুন্দৰ বুলি। তেন্তে সত্য প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰয়াসৰ বাবে তেওঁ বিধৰ্মী কেনেকৈ হ’ব? এই ধৰ্মযাজকবোৰে সঁচাকৈ জানেনে ধৰ্মই কি কয়, গডে কি বিচাৰে?” মানুহজনে মনৰ ভিতৰতে বিৰবিৰায়।

“কাৰোবাক ক’ব পৰা হ’লে মনৰ কথাবোৰ, ক’ব পৰা হ’লে ডেকাকালৰ কাহিনীবোৰ। এতিয়া কাষত মেৰীনা থকা হ’লে? হয়তো মনদি শুনিলেহেঁতেন মোৰ কথা। এই অন্ধত্বৰ দিনত কণাৰ-লাখুটি হ’লহেঁতেন। কম দিনৰ বাবে হ’লেও মোৰ কিমান যে যতন লৈছিল! কিমান যে গভীৰ আছিল মেৰীনাৰ ভালপোৱা! কিন্তু সমাজৰ ভয়ত মইতো নিজেই আঁতৰাই পঠালোঁ সেই নাৰীক আৰু সেইবাবেই মই আজি অকলশৰীয়া।” একাকীত্বই অনুশোচনা আনে মানুহজনৰ মনলৈ।

তেওঁ তেতিয়া পাডুৱা বিশ্ববিদ্যালয়ৰ গণিতৰ শিক্ষক, বিভিন্ন কামত ভেনিছলৈ সঘন আহ-যাহ। ছয়ত্ৰিশ বছৰীয়া চফল ডেকাজনে তাতেই লগ পালে মেৰীনাক। আয়তাকাৰ চকু আৰু জোঙা নাকটোৰে সৈতে মেৰীনা গাম্বা এজনী সহজ সৰল ধুনীয়া ছোৱালী। খুব কমদিনৰ ভিতৰতে মানুহজন ডুব গ’ল মেৰীনাৰ দুচকুৰ সাগৰত আৰু তায়ো গুচি আহিল তেওঁৰ সংগী হৈ পাডুৱালৈ। এটা অসফল প্ৰেম কাহিনীৰ সফল আৰম্ভণি ঘটিল। মেৰীনা তেওঁৰ তিনিটা সন্তানৰ মাতৃ হ’ল কিন্তু কোনোদিন নাপালে সামাজিক স্বীকৃতি। নিজৰ বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ কথা ওলাই গ’লে সামাজিক মৰ্য্যাদা ম্লান হোৱাৰ ভয়ত তেওঁ মেৰীনাক নিদিলে বৈবাহিক পৰিচয়। আজি নিজেই ভাবে এজনী নাৰীৰ জীৱনকলৈ খেলাৰ বাবেই তেওঁ আঁকোৱালি ল’ব লগা হৈছে চাগৈ অন্ধত্ব। যি সমাজৰ কথা ভাবি নিজৰ প্ৰেমক নেওচিলে সেই সমাজেই তেওঁক দিলে বা কি? দিলেনে উপযুক্ত সন্মান?

“কোনোবা ছশমা বনোৱা ডেনিচ কোম্পেনী এটাই সাংঘাতিক যন্ত্ৰ এটা বনাইছে। যন্ত্ৰ্টোৰে চালে দূৰৰ বস্তু ওচৰতে থকা যেন দেখি।” বাল্যবন্ধু লিৱিছে কৈছিল তেওঁক।

“কি? ভালদৰে কোৱাচোন। তুমি ক’ত শুনিলা?”

“মই আমাৰ তাছৰ আড্ডাত শুনি আহিছোঁ। নিকলাচে নিজে চাই আহিছে। তেওঁলোকে লেন্স কেইখনমান বিশেষভাৱে সংযোগ কৰি যন্ত্ৰ্টো বনাইছে। সেইটোৰ মাজেৰে দূৰৰ বস্তুও বোলে খুব স্পষ্ট আৰু ডাঙৰ দেখা যায়। সিহঁতে যন্ত্ৰ্টোৰ নাম টেলিস্কোপ নে কিবা তেনে দিছে। মই ইয়াতকৈ বেছি নাজানো।” লিৱিছে একেৰাহে কথাখিনি কৈ তেওঁৰ মুখলৈ চালে।

“ধন্যবাদ লিৱিছ। তুমি বৰ ভাল খবৰ দিলা৷”

এক বেলেগ আভাৰে জিলিকি উঠিছিল তেওঁৰ চকু মুখ। সঁচাকৈ যদি তেনেকুৱা যন্ত্ৰ এটা সাজিব পৰা যায়? সেইযে এবাৰ ভাবিলে, তাৰপিছত তেওঁ আৰু ৰৈ নাথাকিল। কিমানবাৰ যে বিফল হ’ল। কিমান যে মানুহে হাঁহিলে। তেওঁ কিন্তু হাৰ মনা ভকত নহয়। এদিন সঁচাকৈয়ে সাজি উলিয়ালে এটা শক্তিশালী টেলিস্কোপ। ৰাতিটোৰ ভিতৰতে তেওঁ বিখ্যাত হৈ পৰিল। ভেনিছৰ সদাগৰবোৰে টেলিস্কোপৰ দ্বাৰা সাগৰৰ মাজৰ জাহাজৰ গতি-বিধি লক্ষ্য কৰিব পৰা হ’ল। ‘তাচকেনীৰ ডিউকে’ তেওঁক ৰোমলৈ মাতি পঠালে। পাডুৱা এৰি মানুহজন এদিন গুচি গ’ল ৰোমলৈ। কিন্তু তেওঁ জানো থমকি ৰ’ল? সত্যৰ প্ৰতি যি আকুণ্ঠ পিয়াহ সেয়া জানো শেষ হ’ল? এদিন সেই টেলিস্কোপেৰে তেওঁ চাবলৈ আৰম্ভ কৰিলে আকাশ, বিশাল আকাশ। আকাশৰ যে তেওঁ আজন্ম প্ৰেমিক।

“আকাশো বাৰু অকলশৰীয়া নেকি? নহ’লে ইমান হাত-বাউল দি কিয় মাতে?” তেওঁৰ মাজে মাজে ভাৱ হয়।

তেওঁ ৰাতিৰ আকাশৰ চন্দ্ৰ চালে, তৰা চালে, চালে মংগল আৰু বৃহস্পতি গ্ৰহ আৰু চালে হাতীপটি। যিমানে চালে আকাশ যেন হৈ পৰিল আৰু ৰহস্যময়ী, যেন চলনাময়ী কোনো নাৰীয়ে জানি-বুজি খেলিছে তেওঁৰ লগত প্ৰেমৰ লুকাভাকু। অকল ৰাতিৰ আকাশেই চালেনে? আজন্ম প্ৰেমিক সূৰ্য্যক জানো নোচোৱাকৈ পাৰি? আৰু এদিন দিনৰ আকাশত ভৰ দুপৰীয়া তেওঁ টেলিস্কোপ পোনাই দিলে সূৰ্য্যৰ বুকুলৈ।

“এয় কি দেখিলোঁ মই?” তেওঁ নিজেই আচৰিত হ’ল।

“এয়া কেনেকৈ সম্ভৱ? ইমান দিনেতো সকলোৱেই জানে জোনবাই গোল, মশ্ৰিণ, নিমজ। তেনেহ’লে মই ভুল দেখিছোঁ নেকি? নাই নাই, এয়া নিশ্চয় মোৰ দৃষ্টি বিভ্ৰম।” নিজকে নিজেই ক’লে তেওঁ।

কিমান যে উজাগৰী নিশা পাৰ হ’ল। কিন্তু সদায়তো ভুল হ’ব নোৱাৰে! তেনেহ’লে জোনবাই গোল নহয়। তাইৰ বুকুতো আছে ওখ চাপৰ পাহাৰ, আছে গভীৰ খাল। তেওঁ দেখিলে কেনেদৰে মংগল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ পৰিৱৰ্তন হয়, দেখিলে বৃহস্পতিৰ উপগ্ৰহ যি কেৱল বৃহস্পতিক কেন্দ্ৰ কৰি ঘূৰে। তেওঁ দেখিলে সূৰ্য্যৰ কলংক। লগতে দেখিলে কেনেকৈ সূৰ্য্য-কলংকসমূহ সূৰ্য্যৰ চাৰিওফালে ঘূৰে।

“হে গড, এয়া তুমি কি দেখুৱালা মোক!” তেওঁ ছটফটায় উঠে।

বহুতো ৰাতি উজাগৰে কটোৱাৰ পিছত সেইদিনা শেষৰাতিলৈ মানুহজনৰ চিলমিল টোপনি আহিছিল।

“বাছা, তুমি ভয় নাখাবা। মই নিজেও বিচাৰোঁ সত্যৰ জয় হওক। অজ্ঞানতাৰ পৰা মানুহ আগুৱাই আহক জ্ঞানৰ মাজলৈ। তুমি তোমাৰ মনৰ কথা প্ৰ্কাশ কৰা। পৰিণামৰ কথা চিন্তা নকৰিবা। ধৰি লোৱা সত্য প্ৰতিষ্ঠাৰ বাবে ময়েই তোমাক আগবঢ়াই দিছোঁ৷” ধৰমৰকৈ উঠি বহে তেওঁ। গডে নিজেই আহি সপোনত কৈ গ’ল তেওঁক সেই কথা। পলকতে উৰি যায় ভয়, পৰিণামৰ আশংকা। তেওঁ পাহৰি গ’ল মাত্ৰ কেইবছৰমান আগতে জীয়াই জীয়াই জ্বলাই দিয়া ব্ৰুনোৰ কথা। আৰু এদিন বাইবেল, এৰিষ্টটল, টলেমি সকলোকে ভুল বুলি কৈ তেওঁ লিখিলে “ডা ষ্টেৰি মেছেঞ্জাৰ”। ক’লে, সূৰ্য্য নহয়, পৃথিৱীহে ঘূৰে সূৰ্য্যৰ চাৰিওফালে।

“চুৰুহা বাতি খায় ল’ব লাগিছিল।” লগুৱাটোৰ মাতত তেওঁ বাস্তবলৈ উভতি আহিল।

“ৰ’দ কণ বৰ ভাল লাগিছে বুজিছ৷” তেওঁ লগুৱাটোক ক’লে ।

“কিন্তু সেইবুলি বৰ বেছি দেৰি আৰু বাহিৰত বহিব নালাগে৷”

“হ’ব দে আৰু অলপ পিছতেই ভিতৰলৈ যাম৷”

“ডা ষ্টেৰি মেছেঞ্জাৰখন প্ৰকাশ হোৱাৰ পিছত কম হুলস্থূল লাগিছিল নে!” তেওঁ নিজকে নিজেই ক’লে। যেন কোদোৰ বাঁহত জুইহে লাগিল। গীৰ্জাৰ ধৰ্মযাজক বোৰ জাঙুৰ খাই উঠিল। নিমিষতে তেওঁ হৈ পৰিল বাইবেলক বিৰোধিতা কৰা বিধৰ্মী। সয়ম্ভূ ধৰ্মৰক্ষকসকল তেওঁৰ বিৰুদ্ধে মাৰ বান্ধি উঠিল। আৰু তেওঁ? সিহঁতৰ অজ্ঞানতাত তেওঁ মিছিকিয়াই হাঁহিলে। তেওঁ বাৰু ভয় খাইছিল নেকি? নাই, অলপো ভয় খোৱা নাছিল। মানুহজনে জানিছিল গডৰ বিপৰীতে তেওঁ যোৱা নাই। গীৰ্জাৰ আদেশত তেওঁৰ সকলো লেখা নিষিদ্ধ কৰা হ’ল, সকীয়াই দিলে এনে কথাৰ প্ৰচাৰ নকৰিবৰ বাবে। ৰোম এৰি সেই তেতিয়াই গুচি আহিল তেওঁ ফ্লোৰেন্সলৈ।

“ভিতৰলৈ আহিব খুজিলে মোক মাতি দিব। মই অলপ পাকঘৰত সোমাওঁ” লগুৱাটোৱে আহি কৈ গ’ল।

“হ’ব দে” তেওঁ অন্যমনস্কভাৱে উত্তৰ দিলে।

সত্যই বাৰু নিজেই প্ৰ্চাৰ হোৱাৰ বাট বিচাৰি উলিয়াই নেকি? সঁচাকৈ কোনোৱা ঐশ্বৰিক শক্তিয়ে বিচাৰি লয় নেকি কোনো বিশেষজনক সত্য প্ৰ্কাশৰ মাধ্যম হিচাবে? নহ’লেনো ইমানখিনি হোৱাৰ পিছতো মানুহজন হাৰ নমনাকৈ থাকেনে? তেওঁৰ গাত যেন সত্য প্ৰচাৰ কৰাৰ ভূতহে লাগিছিল। হাজাৰ বাধায়ো তেওঁক কাবু কৰিব পৰা নাছিল, আত্মবিশ্বাস কমাব পৰা নাছিল আৰু সেইবাবেই মৃত্যুভয়কো আওকাণ কৰি মাত্ৰ কেইবছৰমানৰ পিছতেই তেওঁ লিখি উলিয়াইছিল আনখন বিতৰ্কিত কিতাপ “Dailogue Concerning the Two Chief World System- Ptolemic and Copernican”, য’ত তেওঁ স্পষ্টভাৱে ক’লে সূৰ্য্যকেন্দ্ৰীক ধাৰণাৰ কথা। বাইবেলক নস্যাৎ কৰি ক’লে পৃথিৱীহে ঘূৰে সূৰ্য্যৰ চাৰিওফালে।

“ভিতৰলৈ যোৱাটো ভাল হ’ব নেকি? আৰু বেছি দেৰি বহিলে গা অসুখ কৰিব পাৰে।” মানুহজনে লগুৱাজনক মাতিব খোজোঁতেই জপনাখন খোলাৰ শব্দ হ’ল।

“এই ঠাণ্ডাখনত আকৌ কোন ওলালহি?” স্পষ্টকৈ একো ধৰিব নোৱাৰিলেও কোনোৱা দুজন সোমাই অহা যেন তেওঁৰ অনুমান হ’ল।

“নমস্কাৰ ডাঙৰীয়া। আমি ৰোমৰ কেথলিক গীৰ্জাৰ পৰা আহিছোঁ। পোপ মহোদয়ৰ আদেশ, আপুনি আমাৰ লগত ৰোমলৈ যাব লাগে৷”

“ঈপ্সিত আলহীয়েই আহিছে’’ তেওঁৰ মুখত এটা তীৰ্যক হাঁহি বিয়পি পৰিল। হাঁহিটোত বাৰু কি লুকাই আছিল? ঘৃণা নে পুতৌ? প্ৰাপ্তিৰ সন্তুষ্টি নে অপ্ৰাপ্তিৰ গ্লানি?

“মোৰ স্বাস্থ্য খুবেই বেয়া। তাতে চকুৰেও ভালকৈ একো নেদেখোঁ। এনেদৰে ৰোমলৈ যোৱাতো সম্ভৱ ন’হব৷”

“আপুনি অপৰাধ কৰিছে। ইয়াৰ বিচাৰ হ’ব। আপোনাক আমি জোৰ কৰি হ’লেও লৈ যাম৷”

ৰোমৰ কেথলিক গীৰ্জাৰ বাকৰি। বহুতো মানুহৰ সমাগম হৈছে। সকলোৰে দৃষ্টি আবদ্ধ মানুহজনৰ ওপৰত। তেওঁ কিন্তু নিৰ্বিকাৰ; মুখত প্ৰকাশ পোৱা নাই কোনো অভিব্যক্তি, নাই কোনো অসন্তুষ্টি বা বেদনা।

“মানা কৰাৰ পিছতো তুমি কিয় কিছুমান বিধৰ্মী কথা মানুহৰ মাজত প্ৰচাৰ কৰিছা?” পোপৰ গম্ভীৰ মাতত সকলো নিতাল মাৰিলে।

“মই সত্য প্ৰ্তিষ্ঠাৰহে চেষ্টা কৰিছোঁ। ইয়াত ধৰ্মৰ বিৰোধিতা কৰাৰ কথা নাহে৷” একেই গাম্ভীৰ্যতাৰে তেওঁ উত্তৰ দিয়ে।

“তুমি যি কথা সত্য বুলি কৈছা সেয়া বাইবেল বিৰোধী। বাইবেলক বিৰোধিতা কৰাটো খ্ৰীষ্টান ধৰ্মৰ প্ৰ্তি অপমানজনক। এই কথা তুমি নাজানা?”

“মই কাকো অপমান কৰা নাই। যি সত্য মই সেয়াহে কৈছোঁ। আৰু সত্য কেতিয়াও লুকাই নাথাকে। এদিন সি প্ৰতিষ্ঠিত হ’বই। পৰমপিতা গডে নিজেই বাছি উলিয়াই সত্য প্ৰ্তিষ্ঠাৰ মাধ্যম৷”

“তোমাৰ নিচিনা বিধৰ্মী এজনৰ মুখত গডৰ কথা শোভা নাপায়। তুমি বাইবেলৰ বিৰোধিতা কৰিছা, গীৰ্জাক অৱমাননা কৰিছা। তুমি জানানে ইয়াৰ বাবে তোমাৰ মৃত্যুদণ্ড পৰ্যন্ত হ’ব পাৰে?”

“যিকোনো শাস্তিৰ বাবে মই প্ৰস্তুত৷”

“কি ধাতুৰে গঢ়া এইজন মানুহ? তেওঁৰ নিৰ্ভীকতাত বিতত‌ হৈ পৰে ধৰ্মযাজকসকল। দিব পাৰিনে এইজন মানুহক চৰম শাস্তি? এনে সিদ্ধান্তই ম্লান কৰিব নেকি পোপৰ জনপ্ৰিয়তা, হ্ৰাস কৰিব নেকি গীৰ্জাৰ মৰ্যাদা? নাই এইজন ব্যক্তিক ইমান সহজতে মৃত্যুদণ্ড দিব নোৱাৰি৷” ধৰ্মযাজকসকলে আলোচনা কৰে।

“অৱশ্যে তুমি যদি নিজৰ ভুল স্বীকাৰ কৰি সকলোৰে সন্মুখত আঁঠুকাঢ়ি মাফ খোজা তেন্তে তোমাক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ পৰিৱৰ্তে কেৱল গৃহবন্দীৰ শাস্তিহে দিয়া হ’ব৷”

তেওঁৰ মুখত পুনৰ ফুটি উঠে সেই তীৰ্যক হাঁহিটো। ধৰ্মযাজকসকলৰ মনৰ অৱস্থা বুজি তেওঁৰ পুতৌ ওপজে সিহঁতলৈ।

“এতিয়া কি কৰা যায়?” মৃত্যুলৈ তেওঁৰ ভয় নাই। কৈ দিব নেকি ব্ৰুনোৰ দৰে উদ্দাত্ত কণ্ঠেৰে, “সন্মানীয় বিচাৰকসকল, সম্ভৱত মোৰ মৃত্যুদণ্ডৰ কথা শুনিবলৈ মই যিমান ভয় খাইছোঁ, তাতকৈ আপোনালোকে বেছি ভয় খাইছে সেই ঘোষণা কৰিবলৈ৷”

“কিন্তু মোৰ মৃত্যুয়ে জানো সত্য প্ৰ্তিষ্ঠাত সহায় কৰিব? নাই, মই জীয়াই থাকিব লাগিব। সত্য অন্বেষণৰ খাতিৰতে মই জীয়াই থাকিব লাগিব। এদিন মাত্ৰ সঁচাক মিছা বুলি ক’লেও সত্যৰ একো ক্ষতি নহয়। মই জানো, এদিন সত্যৰ প্ৰতিষ্ঠা হ’ব। জ্ঞানৰ দীপ্তিত অজ্ঞানতাই হাৰ মানিব৷”

সৌৱা গেলিলিও, ৰোমান কেথলিক গীৰ্জাৰ চোতালত আঁঠুকাঢ়ি মাফ খুজিছে, “হে মহামান্য বিচাৰক। মোৰ মূৰ্খতাৰ বাবে মোক মাফ কৰক। মই সত্যৰ নামত যি অপপ্ৰচাৰ কৰিছোঁ সেয়া সম্পূৰ্ণ মিছা। বিশ্ব্জগত সম্পৰ্কে বাইবেলত যি কোৱা হৈছে সেয়াই সঁচা, সেয়াই পৰম সত্য৷”

সকলোৰে দৃষ্টি আৱদ্ধ গেলিলিওৰ ওপৰত। তেওঁৰ মুখত সেয়া কিহৰ অভিব্যক্তি? জয়ৰ নে পৰাজয়ৰ? এয়া আচলতে কাৰ জয়, কাৰ পৰাজয়? যদি এয়া গীৰ্জাৰ জয় তেনেহ’লে ধৰ্মযাজকসকলে কিয় চাব পৰা নাই গেলিলিওৰ চকুলৈ? কিয় তেওঁলোকৰ চকুত কোনেও বিচাৰি পোৱা নাই যুদ্ধ জয়ৰ আনন্দ?

কিন্তু গেলিলিও? তেওঁৰ মুখত এতিয়াও লাগি আছে সেই স্মিত‌ হাঁহি। আকাশলৈ চাই তেওঁ যেন বিৰবিৰাইছে “এতিয়াও কিন্তু পৃথিৱী ঠিকেই ঘূৰিছে৷”

Leave a Reply

Your email address will not be published. Required fields are marked *