লোক-সংগীত শিল্পী ৰুমি শইকীয়াৰ সৈতে মুক্ত চিন্তাৰ আলাপ (সাক্ষাৎগ্ৰহণঃ বৰ্ণালী বৰুৱা দাস আৰু মমিন বৰা)

(টোকা: গোলাঘাট জিলাৰ ফলঙনী আদৰ্শ গাঁৱত জন্ম গ্ৰহণ কৰা স্বৰ্গীয় অকণ চন্দ্ৰ শইকীয়া আৰু শ্ৰীযুতা লাবণ্য শইকীয়াৰ প্ৰথম সন্তান ৰুমি শইকীয়াই ফলঙনী বাপুজী হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা শেষ কৰি ১৯৭৬ চনত দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰাক্-স্নাতক প্ৰথম বৰ্ষত বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰে। উদ্ভিদ বিজ্ঞান বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰা ৰুমি শইকীয়া সেই মহাবিদ্যালয়তে দুবাৰকৈ “শ্ৰেষ্ঠা গায়িকা”ৰ সন্মান লাভ কৰে। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ লোকগীত, বৰগীত আৰু আধুনিক গীতৰ কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৭৯ চনৰ পৰা নিয়মীয়া শিল্পী ৰূপে গীত গাই থকাৰ উপৰিও তেখেতৰ লোকসংস্কতি বিষয়ক বিভিন্ন লেখা বিভিন্ন মাধ্যমত প্ৰকাশ কৰি আহিছে। তেখেতৰ ৰচনা আৰু পৰিচালনা তথা কণ্ঠদানত বহুকেইখন সংগীতালেখ্য অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত হৈ আহিছে। দূৰদৰ্শন কেন্দ্ৰত বৰগীত, বনগীত, লোকগীত গোৱাৰ উপৰিও প্ৰতিদিন টাইমছ টেলিভিছনত বাৰে ৰহনীয়া লোকগীত, ফুলকোঁৱৰৰ মালিতা, জনা গাভৰুৰ মালিতা আদি পৰিৱেশন আৰু সাক্ষাৎকাৰত অংশগ্রহণ কৰিছে। নিজে দোতাৰা বজাই লোকগীত গোৱা শিল্পীগৰাকীয়ে লোকগীতৰ ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰি নতুন প্ৰজন্মক আগ্ৰহী আৰু উপযুক্ত কৰি তোলাৰ প্ৰয়াস কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক লোকবাদ্যৰ প্ৰশিক্ষণো দি আহিছে। উল্লেখযোগ্য যে পণ্ডিত কৰুণা শংকৰ ঠাকুৰীয়াৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি শ্ৰীযুতা শইকীয়াই “সংগীত অলংকাৰ” উপাধিও লাভ কৰে। শাস্ত্ৰীয় সংগীতৰ লগতে বিশেষভাৱে লোকগীতৰ ক্ষেত্ৰখনত প্ৰশিক্ষক, পৰীক্ষক ৰূপে নিজকে আত্মনিয়োগ কৰা শিল্পীগৰাকী গোলাঘাট নগৰত নিজে প্ৰতিষ্ঠা কৰা- “গান্ধৰ্ৱ সংগীত মহাবিদ্যালয়”ৰ অধ্যক্ষা। তেখেতৰ তত্বাৱধানত প্ৰায় ছাব্বিশ জন ছাত্র- ছাত্ৰীয়ে লোকগীত আৰু শাস্ত্ৰীয় সংগীত বিষয়ত জলপানি লাভ কৰিছে। মুক্ত চিন্তাৰ হৈ ড০ বৰ্ণালী বৰুৱা দাস আৰু মমিন বৰাই শ্ৰীযুতা শইকীয়াৰ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰে)
মুক্ত চিন্তা: বাইদেউ! মুক্ত চিন্তাৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু আদৰণি জনাইছোঁ। অসমৰ লোক-সংগীতৰ ক্ষেত্ৰখনত বহুদিনৰ পৰা নিৰৱচ্ছিন্নভাৱে আপুনি নিজকে নিয়োজিত কৰি আহিছে। বিভিন্ন লোক-সংগীতৰ সংৰক্ষণ তথা নৱ-প্ৰজন্মৰ মাজত সেইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আপুনি যি প্ৰচেষ্টা হাতত লৈছে সেই বিষয়ে মুক্ত চিন্তাৰ পাঠকসকলক কিছু অবগত কৰিব নেকি?
ৰুমি শইকীয়া: ধন্যবাদ। নিশ্চয়কৈ। মই শৈশৱৰ পৰাই লোকসংস্কতিৰ বহল ক্ষেত্ৰখনৰ লগত চিনাকি হোৱাৰ সুযোগ পাইছিলোঁ। যিহেতু গাঁৱতেই জন্মগ্ৰহণ কৰিছিলোঁ, শৈশৱ কৈশোৰ গাঁৱতেই পাৰ কৰিছিলোঁ। পাছলৈ কলেজীয়া শিক্ষা গ্ৰহণ কৰা সময় ছোৱাতো গ্ৰাম্য সমাজৰ উছৱ-অনুষ্ঠান, লোকাচাৰ, লোকসংগীতৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিলোঁ।
লোক সংগীতৰ সংৰক্ষণ লগতে সংগ্ৰহ অতি প্ৰয়োজনীয়। প্ৰথমতে মই ভিন্ন প্ৰান্তৰ বাৰে-বৰণীয়া লোকগীতবোৰ সংগ্ৰহৰ কাম হাতত লৈছিলোঁ। কলেজত পঢ়ি থকা সময়ৰ পৰাই এই কামটো মই কৰি আছিলোঁ। মন কৰিছিলোঁ যে এই গীতবোৰৰ ভালেমান গীত পাহৰণিৰ গৰ্ভত লীন যোৱাৰ অৱস্থা। সেয়ে গীতবোৰ প্ৰচাৰৰ বাবে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত আবেদন জনাই সংগীতালেখ্য ৰূপে যুগুতাই দিছিলোঁ। মই যুগুতোৱা প্ৰায় ওঠৰখন মান আলেখ্যৰ ভিতৰত “উজনিৰ সুৱদী সুৰ” নামৰ সংগীতালেখ্যখন আছিল প্ৰথম য’ত উজনি অসমৰ প্ৰায়বোৰ লোকগীত সন্নিৱিষ্ট কৰিছিলোঁ। এইখন আলেখ্য পৰিৱেশন কৰিবলৈ সাংস্কৃতিক সঞ্চালকালয়, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন আদিলৈও আমন্ত্ৰণ পাইছিলোঁ। তেতিয়াৰ দিনত, পঢ়ি থকা কালত মোৰ আজিৰ দৰে সংৰক্ষণৰ কোনো উপায় নাছিল। তথাপিও দুটামান বিহুনামৰ কেছেটত কণ্ঠদান কৰাৰ উপৰিও “জনা গাভৰুৰ গীত” শীৰ্ষক এটি শ্ৰৱ্য কেছেট সাংস্কৃতিক সঞ্চালকালয়, গুৱাহাটীৰ সহযোগত উলিওৱা হয়, মোৰ কণ্ঠদান আৰু মোৰ সংগৃহীত সুৰৰ আধাৰত। এইটোৱেই জনা গাভৰুৰ মালিতাৰ প্ৰথম শ্ৰৱ্য কেছেট। অৱশ্যে ইয়াৰ আগতে এই গীত ডিম্বেশ্বৰ লাহনৰ কণ্ঠত ডিব্ৰুগড় ৰেডিঅ’ত শুনিবলৈ পাইছিলোঁ য’ত সুৰ বেলেগ আছিল। ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০০৪ চনতে “অসমৰ লোকগীত” শীৰ্ষক ৭৮ পৃষ্ঠাৰ মোৰ পাণ্ডুলিপিটো কলাক্ষেত্ৰৰ আৰ্কাইভত সংৰক্ষণৰ বাবে সুবিধা পাইছিলোঁ য’ত অসমৰ বিভিন্ন ঠাইৰ লোক শিল্পীৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। কিন্তু দুখৰ বিষয় নিজৰ গাঁঠিৰ ধন ভাঙি কৰা এই কামটো আধাৰুৱা হৈ ৰ’ল। কলাক্ষেত্ৰইও কোনো উদ্যোগ নল’লে। বনঘোষা, দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত, ভিতৰপকীয়া পন্থৰ গীত, ঢেক, ছেৰাঢেক, কাতি পূজাৰ গীত, হুদুম পূজাৰ গীত, মিচিংসকলৰ বিভিন্ন লোকগীত, হোলী গীত, ঠিয় নাম, বিয়ানাম (উজনিৰ, বৰপেটা অঞ্চলৰ, দৰং অঞ্চলৰ, মুছলমান সমাজৰ, নোৱাই তোলনি বিয়া, ভেকুলী বিয়াৰ নাম আদি) অপেশ্বৰা সবাহৰ নাম আইনাম আদি অনেক আপুৰুগীয়া গীত-মাত বাণীবদ্ধ কৰা হৈছিল। তাৰ কোনো স্বীকৃতিও নাপালোঁ।
সেয়ে লোক-সংগীতসমূহ নৱ প্ৰজন্মৰ হাতত তুলি দি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিজেই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সুখৰ বিষয়, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত CCRT (সাংস্কৃতিক স্ৰোত এবং প্ৰশিক্ষণ কেন্দ্ৰ, নতুন দিল্লী)য়ে ঐতিহ্য মণ্ডিত কলাসমূহ সংৰক্ষণৰ বাবে চৰ্চা কৰিবলৈ বৃত্তি প্ৰদান কৰা হেতু মোৰ ২৭ জন ছাত্র-ছাত্ৰীয়ে বৃত্তি পাই আছে। যাৰ বাবে তেওঁলোকে লোকগীত গোৱাৰ লগতে লোকবাদ্যও বজাবলৈ চেষ্টা অব্যাহত ৰাখিছে। লগে লগে বহু বিদ্যাৰ্থী আপোনা-আপুনি এই দিশত আকৃষ্ট হোৱা দেখা গৈছে।
মুক্ত চিন্তা: লোক সংগীত আৰু ইয়াৰ সামাজিক আৱশ্যকতাৰ সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰিছোঁ।
ৰুমি শইকীয়া: লোকসংগীত অৰ্থাৎ লোকগীত, লোকনৃত্য, লোকবাদ্য – এই সকলোবোৰ লোকসমাজৰ পৰাই সৃষ্ট। অসমীয়া লোকসমাজ মূলতঃ গ্ৰাম্য আৰু কৃষিজীৱী সমাজ য’ত ভয়-বিশ্বাস, আবেগ-অনুভূতি, আনন্দ-বিষাদ, প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ প্ৰতি কৌতূহল, শ্ৰমজীৱী মানুহৰ শ্ৰমগাঁথা আদিৰ প্ৰতিফলন ঘটি আহিছে। সেয়ে এটা জাতিৰ দাপোন স্বৰূপ লোকসমাজত লোকসংস্কতি/লোকগীতৰ আৱশ্যকতা আছে। কোনো এটা জাতিৰ চৰিত্ৰ লোকসংগীততে প্ৰতিফলিত হয়। ইতিহাসে নোকোৱা বহু কথা লোকসংগীতে কয়, সামাজিক বুৰঞ্জী বুলি ক’ব পাৰি।
মুক্ত চিন্তা: এই যাত্ৰাত আপোনাৰ প্ৰেৰণাৰ উৎস?
ৰুমি শইকীয়া: মা-দেউতাৰ মুখত শুনা নিচুকনি গীতৰ পৰা আৰম্ভ কৰি অন্যান্য লোকগীতবোৰেই আছিল যাত্ৰাৰ আৰম্ভণি। সেই সময়ত স্কুল অথবা গাঁৱৰ অনুষ্ঠানবোৰত লোকগীত, বৰগীতৰ প্ৰচলন বেছি আছিল। অনুষ্ঠানবোৰত লোকগীত পৰিৱেশন কৰোঁতে বহুজনে মোক অনুপ্ৰেৰণা যোগাইছিল। দ্বিতীয়তে, লোকসংস্কতিৰ গভীৰ শিপাডাল বিচাৰিবলৈ শিকাইছিল দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড০ পদ্মেশ্বৰ গগৈ চাৰে। সেই সময়ত মই উদ্ভিদ বিজ্ঞান বিষয়ত অনাৰ্চ লৈ স্নাতক শ্ৰেণীত পঢ়ি আছিলোঁ। লোকসংস্কতিৰ গভীৰ তত্বমূলক কথাবোৰে মোক বৰকৈ অনুপ্ৰাণিত কৰিছিল।
মুক্ত চিন্তা: বৰ্তমান সময়ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত, বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনত যিবোৰ নতুন সৃষ্টি হৈ আছে বা শ্ৰোতাই যিসমূহ সৃষ্টিক খুব আগ্ৰহেৰে আকোৱালী লৈছে সেইখিনি সম্পৰ্কে আপুনি কিবা ক’ব নে?
ৰুমি শইকীয়া: সংস্কৃতি বোৱতী সূঁতিৰ দৰে। নতুনত্বৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। কিন্তু পৰিৱৰ্তনৰ নামত বিশেষকৈ লোকসংগীতৰ ক্ষেত্ৰত স্বকীয়তা বিনষ্ট হোৱাটো নিবিচাৰোঁ। সংস্কৃতিৰ প্ৰৱাহমান ধাৰাটোত গ্ৰহণ-বৰ্জন প্ৰক্ৰিয়াৰে আগবাঢ়োতে আমি সতৰ্ক হোৱা উচিত। আজি যিটো আধুনিক কালিলৈ সি পুৰণি হৈ যাব। যদিহে সেই সৃষ্টিত লোকমনৰ আবেদন সাৰ্বজনীন হয় আৰু জাতিৰ প্ৰাণ স্পন্দিত হয় সি কেৱল জনপ্ৰিয়ই নহয় নিশ্চয় কালজয়ীও হৈ ৰ’ব। সস্তীয়া জনপ্ৰিয়তা ধানখেৰৰ জুইৰ দৰে, স্থায়ী হ’ব নোৱাৰে।
মুক্ত চিন্তা: লোক-সংগীতৰ যিটো সাৰ্বজনীন আবেদন তাক সাৰথি কৰি আৰম্ভ কৰা ফিউজন সংগীতবোৰৰ বিষয়ে আপোনাৰ দৃষ্টি ভংগী কেনেধৰণৰ?
ৰুমি শইকীয়া: লোকসংগীত খাটিখোৱা শ্ৰমজীৱী মানুহৰ গান; ব্যক্তিমূখী নহয়, ই সাৰ্বজনীন। সাম্প্ৰতিক সময়ত, কিছুমান লোকসংগীতৰ সাৰ্বজনীন আৱেদনক সাৰথি কৰি ফিউজন সংগীতৰ সৃষ্টি তথা জনপ্ৰিয় হৈ উঠা দেখা যায়। কিন্তু ফিউজন সংগীতে মূল গীতৰ স্বকীয়তা বিনষ্ট কৰাৰ আশংকা থাকে। প্ৰশ্ন হয় -স্বভাৱ কবিৰ, খাটিখোৱা মানুহৰ নিৰ্ভেজাল গীতবোৰ স্বকীয়তা অক্ষুন্ন ৰাখি সঠিক ভাৱে সংৰক্ষিত হৈ আছেনে? যদিহে নাই, ভৱিষ্যত প্ৰজন্মই এই বিশুদ্ধ ৰূপৰ গীতবোৰৰ সলনি আধুনিক প্ৰযুক্তিৰে সংৰক্ষিত হৈ থকা গীতবোৰেই প্ৰকৃত স্বৰূপ বুলি মানি ল’ব। ফলস্বৰূপে এই গীতবোৰ চিৰদিনৰ বাবে পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব ।
মুক্ত চিন্তা: নৱ-প্ৰজন্মৰ মাজলৈ লোক-সংগীতসমূহ অবিকৃত ৰূপত লৈ যোৱাৰ ক্ষেত্ৰত আপুনি কোনোধৰণৰ বাধাৰ সন্মুখীন হৈছে নেকি?
ৰুমি শইকীয়া: মই এনেকুৱা কিছুমান মাধ্যমৰ লগত নৱ প্ৰজন্মক জড়িত কৰিব খোজোঁ যে লোকগীত সমূহৰ উপস্থাপন বা পৰিবেশন অবিকৃত আৰু শুদ্ধ ৰূপত থকাটো নিতান্তই প্ৰয়োজনীয়। উদাহৰণ স্বৰূপে, অনাতাঁৰ কেন্দ্রৰ কণ্ঠ পৰীক্ষাত বহিবলৈ, ভাৰত চৰকাৰৰ সাংস্কৃতিক প্ৰতিভা সন্ধানী বৃত্তিৰ বাবে পতা বাছনি পৰীক্ষাত বহিবলৈ শুদ্ধকৈ শিকাটো অত্যন্ত জৰুৰী। তাৰোপৰি, বৰ্তমান লকডাউনৰ সময়ছোৱাত গঢ় লৈ উঠা ফেচবুক লাইভ, অনলাইন প্ৰতিযোগিতাই অবিকৃত ৰূপত শিকিবলৈ তাগিদা দিয়ে।
কিন্তু দেখা যায়, এই লোকগীতসমূহ শুনিবলৈ শ্ৰোতাৰ অনীহা আৰু সৰহসংখ্যক লোকে আদৰি ল’বলৈ ইচ্ছা প্ৰকাশ নকৰে। কিম্বা চৰ্চা কৰিবলৈ নিবিচাৰে। তথাকথিত আধুনিক গীতবোৰ (সকলো গীতৰ কথা কোৱা নাই) শুনিবলৈ বা নিজৰ ল’ৰা-ছোৱালীক শিকাবলৈ যত্ন কৰে আৰু জনপ্ৰিয় কৰি তুলিব বুলি ভাৱে। কিন্তু স্বনামধন্য শিল্পী, গীতিকাৰ, সুৰকাৰে সৃষ্টি কৰা অন্তৰ চুই যোৱা এনেকুৱা বহু গীত আছে, যিবোৰ বাৰে বাৰে শুনি থাকিলেও হেঁপাহ নপলায়।
মুক্ত চিন্তা: বহুসংখ্যক কিশোৰ কিশোৰীয়ে আপোনাৰ ওচৰত লোক-সংগীতৰ প্ৰশিক্ষণ লৈ বৰ সুন্দৰকৈ লোক-বাদ্যৰে পৰিবেষ্টিত হৈ পৰিৱেশন কৰা আমি দেখিছোঁ। এই ক্ষেত্ৰত অত্যাধুনিক বাদ্য যন্ত্ৰৰ বজাৰ সৃষ্ট চতকদাৰীত্বৰ বিপৰীতে আপুনি কেনেকৈ তেওঁলোকক লোক-সংগীত আৰু লোক-বাদ্যৰ প্ৰতি এইদৰে আকৰ্ষিত কৰিব পাৰিছে?
ৰুমি শইকীয়া: এই প্ৰশ্নৰ উত্তৰ আগৰ প্ৰশ্নটোৰ উত্তৰত কৈছোঁৱেই। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত থকা CCRT অৰ্থাৎ সাংস্কৃতিক স্ৰোত এবং প্ৰশিক্ষণ কেন্দ্ৰই ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য বাহী কলা সমূহ চৰ্চা তথা সংৰক্ষণৰ বাবে ছাত্র বৃত্তি প্ৰদান কৰে। এই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাটো যথেষ্ঠ কঠিন। এই বৃত্তিপ্ৰাপ্ত ছাত্র-ছাত্ৰীক যথেষ্ঠ সুবিধা প্ৰদান কৰে। সেইবাবে এই পৰীক্ষাত বহিবলৈ ছাত্র-ছাত্ৰী বৰ আগ্ৰহী। এই সুযোগতে মই তেওঁলোকক লোকবাদ্য শিকাটো ধৰা-বন্ধা কৰোঁ আৰু কলা প্ৰদৰ্শনৰ ব্যৱস্থাও কৰোঁ। লাহে লাহে তেওঁলোকে স্বত:স্ফূৰ্তভাৱে শিকিবলৈ আগবাঢ়ি আহিছে।
মুক্ত চিন্তা: লোক-সংগীতৰ বিষয়ে গভীৰ গৱেষণা কৰি হেমাংগ বিশ্বাসে এই কথা কৈছিল যে লোক-সংগীতসমূহ মূলগতভাবে শ্ৰম-সংগীত আৰু সেইবাবেই এইসমূহ মূলত: জীৱনমুখী। জীৱনবিমুখ আধ্যাত্মিকতাৰ এক ধাৰা পাচলৈ আৰোপিত হৈ সিয়েই বহুক্ষেত্ৰত আগ্ৰাসী হৈ পৰিল। কিন্তু তাৰ মাজতো শ্ৰমজীৱী মানুহৰ জীৱনৰ দুখ কষ্ট আনন্দ সকলো এই লোক-সংগীততেই মূৰ্ত হয়। সি যি নহওক, লোক-সংগীতৰ চৰ্চা কৰাসকলৰ ক্ষেত্ৰত আধ্যাত্মিক ভাৱ ভংগীমা এটা জড়িত হৈ পৰা দেখা যায়। এইটোৰ পৰা মুক্ত হোৱাৰ প্ৰয়োজন আপুনি অনুভৱ কৰে নেকি? যদি কৰে সেইটো কেনেকৈ কৰা উচিত বুলি আপুনি ভাবে?
ৰুমি শইকীয়া: হেমাংগ বিশ্বাসে কোৱা কথা খিনি একেবাৰে সঁচা। মানুহৰ প্ৰাত্যহিক জীৱন যাত্ৰাৰ সহচৰী ৰূপে সুখ-দুখ, ভয়-বিশ্বাস, আনন্দ-বিষাদ, শ্ৰম-মুখী জীৱন-জীৱিকাৰ সকলোখিনি প্ৰতিফলন ঘটে লোকসংগীতৰ যোগেদি।
জীৱনমূখীতাৰ বিপৰীতে আধ্যাত্মিক ভাৱধাৰাক বিচ্ছিন্ন কৰিব পৰা নাই। কিয়নো মানুহৰ ভয়-বিশ্বাস, অলৌকিক-ঐন্দ্ৰ্যজালিক, অদৃশ্য শক্তিৰ ওপৰত বিশ্বাসে এনে ভাৱৰ পুষ্টি সাধনহে কৰে; যু্ক্তিৰে বিচাৰ নকৰে।
বৰ্তমান সময়তো সাধাৰণ মানুহৰ লগতে শিক্ষিত লোকেও বিস্ময়, মাৰি-মৰকৰ পৰা ৰক্ষা পাবলৈ দৈৱিক অদৃশ্য শক্তিৰ প্ৰভাৱক বিশ্বাস কৰে।
মুক্ত চিন্তা: লোক সংগীতৰ এগৰাকী শিল্পী, সংৰক্ষক আৰু প্ৰশিক্ষক হিচাপে আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা?
ৰুমি শইকীয়া: বৰ্তমানৰ গোলকীকৰণৰ ধামখুমীয়াত লোকসংগীতৰ স্বকীয়তা ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। খাটি খোৱা মানুহৰ লোককৃষ্টি সাধাৰণ লোকৰ হাতত নাই। সেয়ে ভৱিষ্যতৰ বাবে অসমৰ লোক সংগীত সুৰক্ষিত কৰি ৰাখিবলৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। নৱ প্ৰজন্মক সংস্কৃতিৰ গভীৰ মূললৈ নি উদ্বুদ্ধ কৰাৰ পৰিকল্পনা আছে ।
মুক্ত চিন্তা: আপুনি পৰিৱেশন কৰা লোক-সংগীতৰ দুটিমান পৰিৱেশন মুক্ত চিন্তাৰ পাঠক তথা দৰ্শকসকললৈ আগবঢ়ালে নথৈ সুখী হ’ম।
ৰুমি শইকীয়া: হয়, নিশ্চয় আগবঢ়াম। মালিতা শ্ৰেণীৰ গীতৰ অন্তৰ্গত ‘জনা গাভৰুৰ গীত’ বা ‘জনা গাভৰুৰ মালিতা’ আগবঢ়াইছোঁ। ই এটি সম্পূৰ্ণ কাহিনী যুক্ত দীঘলীয়া মালিতা। ইয়াত ৩৩৪টা চাৰিশৰীয়া কলি আছে। কাহিনী গীত ভাগ সৰস্বতী বন্দনাৰে আৰম্ভ হয়। গীতটিত গৰুচৰ ৰাজ্যৰ ৰাজকুমাৰী জনা গাভৰুৱে ৰাজ্যৰ শাসন ভাৰ লয়। জনাই উপযুক্ত বৰৰ সন্ধানত তিনিটা প্ৰশ্ন কোঁৱৰসকলৰ বাবে আগবঢ়ায়। তিনিওটা পৰীক্ষাত বাছনিত উঠিলেহে জনাই স্বামী বৰণ কৰিব। নোৱাৰিলে কোঁৱৰহঁতক বন্দী শালত থ’ব। আমি আগবঢ়োৱা গীতাংশত সৰস্বতী বন্দনাৰ একাংশ আৰু কাহিনীৰ কিছু অংশহে গাইছোঁ। মোৰ লগতে গীতটিত অংশগৰ্হণ কৰা শিল্পীসকল হৈছে – গীতটি পৰিৱেশন কৰা শিল্পীসকল হৈছে- পল্লবী বৰুৱা, কস্তুৰী বৰা, গায়ত্ৰী হাজৰিকা, বিদ্যাশ্ৰী শইকীয়া, অক্ষয়া ৰণধীৰ, দেবগান্ধাৰ বৰগোঁহাই। শুনি ভাল পালে সুখী হ’ম।
মুক্ত চিন্তা: ব্যস্ততাপূৰ্ণ সময়ৰ পৰা মুক্ত চিন্তাৰ বাবে ইমানখিনি সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ বাইদেউ। আপোনাৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে ভৱিষ্যতৰ কামৰ বাবে জনালোঁ আন্তৰিক শুভেচ্ছা। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ।
ৰুমি শইকীয়া: ধন্যবাদ। মুক্ত চিন্তাৰ সমূহ পাঠকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সকলোৰে সু-স্বাস্থ্য কামনা কৰিলোঁ।