গাণিতিক দৰ্শন আৰু ক্ৰমবিকাশ সম্পৰ্কে কিছু কথা-(হৃষীকেশ বৰপূজাৰী)
“গণিত মানসিকতাৰ অবিহনে কোনো মহৎ কলাৰ সৃষ্টি হ’ব নোৱাৰে। সেইদৰে কলা-মানসিকতাৰ অবিহনেও কোনো উচ্চ স্তৰৰ গণিতৰ সৃষ্টি হ’ব নোৱাৰে।” – ‘গণিতৰ ক্ৰমবিকাশৰ ইতিহাস'(পৃষ্ঠা: ২)
সাধাৰণতে গণিত বিষয়টোক সমাজৰ পৰা বিক্ষিপ্ত ৰূপে এক জটিল অদৰকাৰী পাঠ্যক্ৰমতে আৱদ্ধ বিষয় হিচাপে ধৰা হয়। ব্যৱসায়িক গণিত, যেনে- জোখ-মাখ, সংখ্যা প্ৰণালী আদিক অলপ-অচৰপ ব্যৱহাৰিক দিশৰ পৰা চোৱা হৈ যদিও ইয়াৰ অন্তৰালৰ যুক্তিৰ লগত আমি সম্পূৰ্ণ অপৰিচিত হৈয়ে পাঠ্যক্ৰমৰ গণিত অনুশীলন কৰি পৰীক্ষাত লিখি গণিতৰ লগত সম্পৰ্ক সাঙুৰি থৈ দিওঁ। কিন্তু গণিতক যিদৰে সমাজ বিমুখ এক অতি জটিল বিষয় হিচাপে ধৰা হয়, দৰাচলতে এয়া অশুদ্ধ। গাণিতিক দৰ্শন(Mathematical philosophy) এ মানুহক যুক্তিসিদ্ধভাৱে কোনো বিষয়ৰ গভীৰ বিশ্লেষণ কৰিব শিকায়। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে সততে দেখা বীজগণিত, ত্ৰিকোণমিতি, সুতৰ অংক আদি গণিতৰ অত্যন্ত মনোৰম বিষয়, ইয়াৰ অন্তৰালৰ যুক্তি তথা গভীৰ কল্পনাশক্তিৰ বিষয়ে জ্ঞান লাভ কৰিলে গণিতৰ অধ্যয়ন অত্যন্ত ৰুচিদায়ক তথা চিন্তাপ্ৰসূত হয়। কেৱল ভাটৌৰ দৰে শিক্ষকে শিকোৱাধৰণে অংকৰ অনুশীলন কৰিলে ই পৰীক্ষাত নম্বৰ পোৱাক বাদে বেলেগ একো লাভদায়ক নহয়। আজিকালি সামাজিক মাধ্যমত বহুল প্ৰচলিত মিম(MEEM) কিছুমানত প্ৰায়ে আমি দশম শ্ৰেণীলৈ পঢ়া গণিতৰ বাস্তৱিক জীৱনত একো প্ৰয়োগ নাই বুলি কোৱা দেখা যায় আৰু লগতে বিষয়টোক তাৎসিল্য কৰা দেখা যায়। এয়া যুৱ-প্ৰজন্মৰ অনীহা আৰু অজ্ঞানতাৰ বাবে বুলি ভাবিলে নিশ্চয় ভুল হ’ব, কিয়নো ইয়াৰ সামাজিক তথা ৰাজনৈতিক অভিব্যক্তিক অনুধাৱন কৰাটো প্ৰয়োজনীয়।
আদিৰে পৰা আমাৰ পাঠ্যক্ৰমৰ গঠন আৰু শিক্ষণ-প্ৰণালী অতি বিকৃত, তাতে আকৌ সঘনাই পৰীক্ষা। আজিকালি প্ৰায়ভাগেই হৈছে OBJECTIVE য’ত জ্ঞানতকৈও তথ্যৰ প্ৰয়োজনীয়তা অধিক। বিশেষকৈ যি সময় বিজ্ঞান মানসিকতা গঢ় দিয়াৰ বাবে উপযুক্ত– একাদশ আৰু দ্বাদশ শ্ৰেনী, সেইখিনি সময়তে NEET, JEE, CUET ৰ দৰে পৰীক্ষাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আদিৰ মনোৰম তথা চিন্তাপ্ৰসূত ধাৰণাসমূহক গ্ৰহণ কৰাৰ বিপৰীতে কেতবোৰ তথাকথিত প্ৰশ্ন বা অংকৰ উত্তৰ উলিওৱাৰ চুটি নিয়ম বিচাৰি ফুৰাতে আবদ্ধ হ’বলগীয়া হয়। যাৰ ফলত গণিত তথা বিজ্ঞানৰ বিদ্যাৰ্থী হিচাপে প্ৰতিষ্ঠিত হ’লেও গণিত তথা বিজ্ঞান মানসিকতাৰ বিকাশ বহু নিলগতে স্তব্ধ হৈ পৰে। গণিত মানসিকতাৰ বাবে প্ৰথমে বাস্তৱিক জীৱনত গণিতক সাঙুৰিৱ পাৰিব লাগিব। আমাৰ চকু, নাক, মুখ, কাণ সকলোতে জ্যামিতি বিৰাজমান। খেতি পথাৰত দিয়া আলিটোত ও জ্যামিতিৰ বোধ বিৰাজমান। এটা কথা মন কৰিবলগীয়া, যদি কোনোৱে জ্যামিতিৰ বোধ ৰাখে আৰু কৃষি বিজ্ঞানৰ লগতো পৰিচিত তেন্তে তেওঁ খেতি কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰে নেকি? একেদৰে মৎস্য জীৱবিজ্ঞানৰ ছাত্ৰ বা পতংগ বিজ্ঞানৰ ছাত্ৰ এজনে যদি মীন পালন কৰি বা আন তেনে কামৰ জৰিয়তে জীৱন নিৰ্বাহৰ চেষ্টাকণ চলাই তেন্তে তেওঁ ভুল কৰিব নেকি? তেওঁলোকে নিশ্চিতভাৱে এনেধৰণে কোনো বিশ্ববিদ্যালয় অবিহনে নিজৰ বিষয়ত ক্ষেত্ৰ গৱেষণা (FIELD RESEARCH) কৰিব পাৰে। এনেধৰণে শিক্ষাক ব্যৱহাৰ কৰাৰ বাবেহে গণিত মানসিকতাৰ প্ৰয়োজন। একেদৰে মহাবিশ্বৰ ঘটনা পৰিঘটনাৰ লগত আমাৰ জীৱন কেনেদৰে সাঙুৰ খাই থাকে? সময়ৰ অস্তিত্ব ক’ত? পোহৰ আপেক্ষিক নে চিৰস্থায়ী? আদি প্ৰশ্নক যুক্তিৰে মনগহণত চিন্তা কৰিবলৈও দৰ্শনৰ প্ৰয়োজন। আনকি ৰাজনীতিৰ ৰজা ভঙা-পতা খেল, পুজিৰ বিস্তাৰ, ক’লা বজাৰ আদিত ও গণিত অন্তৰ্নিহিত হৈ থাকে। সাম্প্ৰতিক শাসনযন্ত্ৰই বৈদিক গণিতক সৰ্বেসৰ্বা হিচাপে প্ৰতিষ্ঠিত কৰাত উঠি-পৰি লাগিছে। হিচাপ-নিকাচ আৰু পাটিগণিতৰ দুই এটা কথাক বাদ দি বৈদিক গণিতৰ বৰ বিশেষ একো অবদান নাই। গণিতৰ সুক্ষ্মতা আৰু গণিতৰ বিশালতাৰ সম্বন্ধক নাকচ কৰাৰ অৰ্থে এনেধৰণৰ চক্ৰান্ত ৰচনা কৰিছে ক্ষমতালোভীসকলে। সমগ্ৰ বিশ্বতে এখন দেশে আনখন দেশৰ লগত সংঘৰ্ষত লিপ্ত হৈছে। হিংসা হত্যা হাহাকাৰ। কিন্তু এনে সময়তে ইটালীৰ গণিতজ্ঞই ইংলেণ্ডৰ গণিতজ্ঞৰ লগত, ফ্ৰান্স, ৰাছিয়া, আমেৰিকা, চীন সকলোৱে সকলোৰে লগত আলোচনা-বিলোচনাৰে গণিতৰ ইতিহাস সজ্জিত কৰিছে। ভাৰতৰ এজন গণিতজ্ঞৰ সৃষ্টি শূণ্যক আলোচনা কৰি তাক গ্ৰন্থত স্থান দিছিল আৰবীয় গণিত মহলে। ৭খন দেশে মিলি আন্তৰ্জাতিক মহাকাশ আস্থান (Indian space station) নিৰ্মাণ কৰিছিল। এনে উদাহৰণ আৰু ক’ত যে কি! এতেকে গণিত তথা বিজ্ঞান দৰ্শনে মানুহক উদাৰতাৰ পিনে গতি কৰোৱাৰ বিপৰীতে ধৰ্মীয় গণ্ডীয়ে সংকীৰ্ণ মতাদৰ্শত আবদ্ধ কৰি ৰাখে।
গণিত তথা জ্যামিতিৰ বোধ ক’ত যে নাই! অণুৰ কেন্দ্ৰত নিউক্লিয়াছ থাকে তাৰ চাৰিওফালে ইলেক্ট্ৰন ঘূৰ্ণীয়মান অৱস্থাত থাকে আৰু তাৰ গতিপথ হয় বৃত্তাকাৰ। মহাকাশৰ দানৱাকৃতিৰ কৃষ্ণগহ্বৰৰ প্ৰচণ্ড গতিত ঘূৰ্ণীয়মান গতিপথতো জ্যামিতি বিৰাজমান। কলন গণিতৰ সহায়েৰে আপেক্ষিকতাবাদৰ যুগান্তকাৰী সূত্ৰৰ উপস্থাপন সম্ভৱ। ইয়াৰ সহায়েৰে স্থান আৰু কাল অৰ্থাৎ সময়ক একত্ৰিত কৰাটো সম্ভৱ হৈছে। গতিকে বৈদিক গণিতৰ কেতবোৰ সৰল অংকৰ সমাধানক সৰ্বেসৰ্বা বুলি গণ্য কৰা ৰক্ষণশীল সকলে গণিতৰ এই বিশাল বিশ্বব্ৰহ্মাণ্ড অতিক্ৰমি পৰিসৰৰ বিষয়ে হয়তো অজ্ঞ নহ’লে ই নিশ্চিতভাৱে উদ্দেশ্যপ্ৰণোদিত কুটনীতিৰ অংশ। পুজিবাদৰ সফল বিস্তাৰৰ বাবে গণিত-বিজ্ঞানৰ লগতে দৰ্শন, অৰ্থনীতি, ৰাজনীতি, তৰ্ক সকলো বিষয়তে কেইজনমান মুষ্টিমেয় ক্ষমতালোভী চিন্তক (thinker)ৰ প্ৰয়োজন আৰু বাকী সিংহভাগ অংশই কাম চলাকে জ্ঞান ৰখা আৰু আদেশ পালক অৰ্থাৎ কৰ্মচাৰী (worker) হৈ থাকিলে ভাল। শ্ৰেণী বিভক্ত সমাজত এই দুই শ্ৰেণী সকলোতে পোৱা যায়। সেই বাবেই গণিত-বিজ্ঞান আদিৰ দাৰ্শনিক অধ্যয়নৰ বিপৰীতে অংক সমাধান কৰাৰ প্ৰক্ৰিয়া সম্বন্ধে পঢ়োৱা হয়। ই এক পাঠ্যক্ৰমৰ ব্যৱস্থাগত প্ৰক্ৰিয়া। ৰাজনৈতিক তথা সামাজিক পৰিৱৰ্তনৰ বাবে ইয়াৰ পৰিবৰ্তনো অপৰিহাৰ্য।
মানৱ সভ্যতাৰ বিকাশৰ সমসাময়িকভাৱে গণিত মানসিকতাৰো বিকাশ আৰম্ভ হৈছিল। যেতিয়া আদিম মানুহে চিকাৰ কৰাৰ পাছত বস্তু ভগাই খাব শিকিছিল ঠিক সেইসময়ৰ পৰাই গণিত মানসিকতাৰ বিকাশ হৈছিল বুলি ধৰিব পাৰি। কেৱল মানুহে নহয় জীৱ-জন্তু, চৰাই আদিয়ো গণিত মানসিকতা সম্পন্ন বুলি সিহঁতৰ কাৰ্য্য-কলাপৰ পৰায়ে স্পষ্ট হয়। প্ৰাচীন কালৰ পৰায়ে বৰ্তমানলৈ গণিতৰ ইতিহাস বৰ বিৰল আৰু ৰুচিপ্ৰসূত।
গণিতৰ বৃহৎ ইতিহাসক আৰু এই ইতিহাসৰ লগত জড়িত মহান গণিতজ্ঞ তথা যুক্তিবিদ সকলৰ বিষয়ে আৰু তেওঁলোকৰ সৃষ্টিৰ জটিল তত্ত্বক হাঁতি মাৰি ভুৰুকা ভৰোৱাৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন অধ্যাপক ড⁰ বুদ্ধ প্ৰসাদ চেতিয়াই তেখেতৰ গ্ৰন্থ ‘গণিতৰ ক্ৰমবিকাশৰ ইতিহাস’ ত অত্যন্ত মনোগ্ৰাহীকৈ প্ৰকাশ কৰিছে। গ্ৰন্থখনত প্ৰাচীন গণিতৰ পৰা আৰম্ভ কৰি কুৰি শতিকাৰ গণিতলৈ যথাসাধ্যে সম্ভৱ প্ৰায় খিনি কথা উপস্থাপন কৰা হৈছে। গ্ৰন্থখনৰ সৰ্বোৎকৃষ্ট বিশেষত্ব হ’ল যে গণিত তথা বিজ্ঞানৰ লগত সম্বন্ধ নথকা মানুহৰো ইয়াৰ বিষয়বস্তু বোধগম্য হ’ব আৰু তেওঁলোক গাণিতিক দৰ্শনৰ লগত একাত্ম হৈ পৰিব।
চেতিয়াদেৱে গ্ৰন্থখনক মূলতঃ বিভিন্ন যুগ অনুসাৰে সজ্জিত কৰিছে। ১০০০ বা ৩০০ খ্ৰীষ্টপূৰ্বলৈ প্ৰাচীন গণিত, ৩০০ খ্ৰীষ্টাপূৰ্বৰ পৰা ৫০০ বা ১০০০ খ্ৰীষ্টাব্দলৈ গণিতৰ সোণালী যুগ, সপ্তদশ শতিকাৰ পাছত আধুনিক গণিত আৰু কুৰি শতিকাৰ নতুন গণিত আদি ধাৰাৰে তেওঁ এই ইতিহাস বৰ্ণাইছে। আমি উক্ত লিখনিটোত প্ৰতিটো ভাগৰে এক সম্যক আভাস দিবলৈ চেষ্টা কৰিম।
প্ৰাচীন কালৰে পৰা কলা তথা সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে গণিত আৰু তাৰ মাতৃস্বৰূপ জ্যামিতিৰ বোধৰ সুস্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। পুৰণি গুহাৰ ভিতৰৰ ছবি, ঘৰৰ আৰ্হি, চিকাৰৰ কৌশল আদি সকলোতে ইয়াৰ ব্যৱহাৰ হৈছে। প্ৰাচীন কালৰ গণিতৰ বিষয়ে উল্লেখ কৰিলে মূলতঃ চাৰিটা অঞ্চলত ইয়াৰ বিকাশ সাধন হৈছিল– ভাৰত, চীন, বেবিলন আৰু মিছৰ। কিন্তু কালক্ৰমত পিছৰ শতাব্দী সমূহত ভাৰতত আৰ্যভট্ট, বৰাহমিহিৰ, ভাস্কৰাচাৰ্য্য, ৰামানুজন আদিৰ সৃষ্টিক বাদ দি কোনো উল্লেখযোগ্য গণিতৰ বিকাশ হোৱা নাই। সাম্প্ৰতিক কালত ই প্ৰায় নিশ্চিহ্ন হৈ পৰিছে। ধৰ্মীয় গণ্ডী আৰু পশ্চাৎকামী ৰক্ষনশীল মনোবৃত্তিৰ বাবে সম্ভৱত গণিতৰ নতুন ধাৰাৰ বিকাশ হোৱা সম্ভাৱনা কলিতে মৰহি থাকিল। লেখকে হৰপ্পা তথা মহেঞ্জোদাৰো সভ্যতাৰ আকাৰ আকৃতিসমূহৰ গাণিতিক ব্যাখ্যাৰে পৰিমিতি(Mensuration), জ্যামিতি আদিৰ ব্যৱহাৰৰ বিষয়ে কিছু নতুন দিশ স্পষ্ট কৰিছে। আনহাতে বেদত উপলব্ধ গণিতৰো উদাহৰণ দাঙি ধৰিছে। বিশেষকৈ যজ্ঞবেদীত পৰিলক্ষিত জ্যামিতিও অন্যতম উদাহৰণ। আনহাতে পাইথাগোৰাচৰ জন্মৰ বহু আগেই চীন দেশৰ ‘চাও-পেই’ত পাইথাগোৰীয় উপপাদ্যৰ বৰ্ণনামূলক চিত্ৰ অংকিত হৈছিল। সেই সময়ৰ গণিতৰ বোধ প্ৰকাশ পোৱা বিভিন্ন চিত্ৰৰ ব্যৱহাৰে গ্ৰন্থখনৰ পাঠকক সহজেই ইয়াক বুজি পোৱাত সহায় কৰিছে। মিছৰৰ পিৰামিডৰ জ্যামিতি কিমান জটিল তথা আধুনিক এয়া তৰ্কাতীত। ১০০০ খ্ৰীষ্টপূৰ্বৰ পাছত নতুনকৈ গঢ়ি উঠে গ্ৰীক দেশৰ গণিত, যি ঠাইতেই গণিতৰ সৰহ সংখ্যক ধাৰাৰ সৃষ্টি হৈছিল। এই অধ্যায়ত চেতিয়াদেৱে পৃথিৱী বিখ্যাত গণিতজ্ঞ আৰু জ্যামিতিবিদ পাইথাগোৰাছ, থেলচ, জেনো, আনাক্সাগোৰাছ আদিৰ জীৱন কাহিনী আৰু বিভিন্ন সূত্ৰ তথা চিন্তাৰ বিষয়ে বহলাই লিখিছে। পাইথাগোৰাছৰ উপপাদ্য, জ্যামিতিক ধৰ্মক যুক্তিৰ দ্বাৰা প্ৰতিপন্ন কৰা থেলছৰ সূত্ৰ, জেনোৰ অসীমৰ ধাৰণা আদি সৰ্বজনবিদিত। লগতে উক্ত অধ্যায়ত দাৰ্শনিক পণ্ডিত ছক্ৰেটিছ, প্লেটো, এৰিষ্ট’টল আদিৰ গাণিতিক দৰ্শনৰ বিষয়েও উল্লেখ কৰা হৈছে। এখেতসকলে গণিতৰ কোনো সাংঘাটিক সূত্ৰ আৱিষ্কাৰ নকৰিলেও গণিত মানসিকতাৰ অধিকাৰী আৰু গণিতৰ প্ৰসাৰ তথা সংশোধনৰ বাবে যে কষ্ট কৰিছিল তাত কোনো সন্দেহ নাই।
খ্ৰীষ্টাব্দৰ প্ৰথমাৰ্ধৰ গণিতৰ বিষয়ে উল্লেখ কৰোঁতে লেখকে দুটা কথা স্পষ্টভাবে পৰিলক্ষিত কৰোৱাত সক্ষম হৈছে। তাৰে এটা হ’ল বহু শ বছৰ ধৰি আলেকজেন্দ্ৰিয়া বিশ্ববিদ্যালয় আছিল গণিত বিকাশৰ প্ৰধান কেন্দ্ৰস্বৰূপ। আনটো হ’ল ইউক্লিডৰ জ্যামিতি, সংখ্যা-তত্ত্ব, প্ৰাথমিক বীজগণিতৰে পৰিপূৰ্ণ ১৩ খণ্ডত মুঠ ৪৬৫ টান উপপাদ্য থকা ‘এলিমেণ্টছ’ নামৰ গ্ৰন্থখন পাছৰ কালছোৱাৰ গণিত সৃষ্টিৰ লাইখুটা স্বৰূপ। ‘এলিমেণ্টছ’ৰ সকলো সূত্ৰ কেৱল ইউক্লিডৰ সৃষ্টি নহয়, বৰঞ্চ সেই সময়লৈকে আৱিষ্কৃত গাণিতিক ব্যাখ্যাৰ এক মেটমৰা সম্ভাৰ বুলিহে ইয়াক ক’ব পাৰি। ইয়াতে গণিতৰ চিন্তাত মগ্ন হৈ ৰোমান সৈন্যৰ দ্বাৰা নিহত হোৱা আৰ্কিমিডিছ, জ্যোতিৰ্বিজ্ঞানৰ পিতৃস্বৰূপ টোলেমী আদিৰ সৃষ্টিৰ বিষয়েও বৰ সুন্দৰ আৰু সহজবোধ্যভাৱে উল্লেখ আছে। ভাৰতবৰ্ষত একেসময়তে সৃষ্টি হৈছিল তিনিখন বিখ্যাত জ্যামিতিক পুথিৰ– জ্যোতিষ বেদাংগ, সূৰ্য্য প্ৰজ্ঞাপ্তি আৰু সূৰ্য্য সিদ্ধান্ত।
১০০০ ৰ পৰা ১৬০০ খ্ৰীষ্টাব্দলৈ ইউৰোপত আৰম্ভ হোৱা নৱজাগৰণৰ সমান্তৰালভাৱে গণিতৰ জগততো অভিনৱ সৃষ্টিসমূহ উজ্জ্বল লৈ পৰিছিল। বিক্ষিপ্তভাবে হ’লেও ভাৰতত ইয়াৰ প্ৰভাৱ কিছু হ’লেও পৰিছিল। আৰ্যভট্ট, ভাস্কৰাচাৰ্য্য, শ্ৰীধৰাচাৰ্য্য আদি গণিত পণ্ডিতৰ নাম উল্লেখনীয়। কিন্তু সাম্প্ৰতিক বৈদ্যুতিক, সামাজিক মাধ্যমৰ দ্বাৰা বৈদিক গণিত তথা ওপৰোক্ত গণিতজ্ঞৰ সৃষ্টিক মহিমামণ্ডিত কৰি যিদৰে সৰ্বোৎকৃষ্টভাৱে প্ৰকাশ কৰা হয়, বাস্তৱিক চিত্ৰ ভিন্ন। শূণ্যৰ আৱিষ্কাৰ ভাৰতত হৈছিল বুলি আমি জানো। সেইসময়ত গণিতৰ ক্ষেত্ৰত বহুত কিবা যুগান্তকাৰী ধাৰাৰ সৃষ্টি ভাৰতত হৈছিল বুলি ক’লে সেয়া মিথ্যাচাৰ হ’ব। গণিতৰ শোভাবৰ্ধনকাৰী যাত্ৰাৰ ই এক নিঃকিন অংশবিশেষ হে মাথোঁ। লেখকে অৱশ্যে উদ্দেশ্য প্ৰনোদিতভাৱে নে অন্য কিবা কাৰণৰ বাবে এই কথাৰ উল্লেখ নকৰি, বহুঠাইত বৈদিক গণিতৰ মহত্বৰ কথা উল্লেখ কৰা যেন লাগে। এইক্ষেত্ৰত আমি লেখকৰ লগত একাত্ম হ’ব নোৱাৰিলোঁ। সেইকালতে কপাৰনিকাছ, লিঅ’নাৰ্ডো ডা ভিন্সি, ফিবনাকি আদিৰ দৰে মহৎ প্ৰতিভাৰ জন্ম হয়। তেখেতসকলৰ সৃষ্টি আৰু জীৱনৰ উল্লেখ চেতিয়াদেৱৰ কলমত বৰ সুন্দৰকৈ ফুটি উঠিছে।
সপ্তদশ শতিকাৰ পৰা গণিত-বিজ্ঞানৰ জগতত সোনালী যুগ আৰম্ভ হয়। এইসময়তে প্ৰচলিত ধৰ্ম, চিৰাচৰিত নিয়ম আদিক প্ৰত্যাহ্বান জনাব পৰা বিজ্ঞান জগতৰ বিপ্লৱীসকলে নিজৰ তত্ত্বসমূহ জগতৰ বাবে মুকলি কৰে। সূৰ্য আৰু পৃথিৱীৰ সম্বন্ধৰ শুদ্ধ চিত্ৰ সমাজৰ আগত দাঙি ধৰা গেলিলিঅ’ গেলিলিৰ পৰা আৰম্ভ কৰি ঘাতাংকৰ পিতৃস্বৰূপ নেপিয়াৰ, গ্ৰহ গতি সম্বন্ধীয় সূত্ৰৰ দাতা কেপলাৰ, বীজগণিতিয় সমাধানৰ সংশোধক পাস্কেল, ফাৰ্মা, পোহৰৰ তৰংগ আৰ্হিৰ আৱিষ্কাৰক হাইগেন্স আদি হৈ ‘প্ৰিন্সিপিয়া দ্যা মেথামেথিকা’ গ্ৰন্থৰ প্ৰণেতা নিউটনলৈকে সকলো এই শতাব্দীৰে অৱদান। তাৰ পাছত গণিতৰ আধুনিক যুগৰ কথা উল্লেখ কৰি লেখকে এলবাৰ্ট আইনষ্টাইন, বাৰ্ট্ৰাণ্ড ৰাছেল আদিৰ যুক্তি আৰু সৃষ্টিৰ বিষয়ে আমাক অৱগত কৰাইছে। লগতে ৰামানুজনৰ অসাধাৰণ প্ৰতিভাৰো উমান আমি ইয়াতে লাভ কৰোঁ। কুৰি শতিকাৰ গণিত অভিনৱ, নতুন ধাৰা তথা পুৰণি ধাৰাৰ সংশোধনেৰে ইয়াৰ গতি ধাৱমানিত। এই সকলোবোৰ কথা সাৱলীলভাৱে স্পষ্ট হৈ পৰে ড⁰ বুদ্ধ প্ৰসাদ চেতিয়াৰ ‘গণিতৰ ক্ৰমবিকাশৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থখনত।
গণিত আৰু বিজ্ঞান এটা আনটোৰ পৰিপূৰক। উক্ত গ্ৰন্থ খনৰ প্ৰচাৰ তথা প্ৰসাৰ অসমীয়া সমাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ বাবে দৰকাৰী। উক্ত গ্ৰন্থখন পুৰণি (প্ৰথম প্ৰকাশ– ১৯৯৮চন আৰু দ্বিতীয় প্ৰকাশ– ২০১৩চন) যদিও ইয়াৰ যথোচিত পঠন এতিয়াও হোৱা নাই, গতিকে আজিৰ শিক্ষাৰ্থীসমাজে ইয়াক আকোঁৱালি ল’লে এয়া সমাজৰ বাবে শুভ কথা হৈ পৰিব।