নিবন্ধবিজ্ঞান-প্ৰযুক্তি

গাণিতিক চিন্তাধাৰা আৰু ষ্টিফেন হকিঙৰ যুক্তি ।। ড° পৰিধি শৰ্মা

“তুমি যেতিয়া আসন্ন মৃত্যুৰ সম্ভাৱনাৰ মুখামুখী হবা তেতিয়াহে বুজিবা যে তোমাৰ কৰিবলগা কাম কিমান আছে৷” ~ষ্টিফেন হকিঙ৷

গণিত আৰু পদাৰ্থবিজ্ঞানেই যাৰ জীয়াই থকাৰ উশাহ তেওঁ ষ্টিফেন হকিঙ৷ ১৯৪২ চনৰ ৮ জানুৱাৰীৰ দিনা ষ্টিফেন হকিঙৰ জন্ম হৈছিল। হকিঙৰ জন্মৰ চন-তাৰিখটিৰ এটা বিস্ময়কৰ বৈশিষ্ট্য আছে৷ হকিঙৰ জন্মৰ ঠিক ৩০০ বছৰৰ পূৰ্বে ১৬৪২ চনত সেই একেটা তাৰিখতে পৃথিৱীৰ সৰ্বকালৰ মহান গণিতজ্ঞ-পদাৰ্থবিজ্ঞানী ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল। লগতে, মহাকৰ্ষণৰ সন্দৰ্ভত কেইবাটাও চমকপ্ৰদ তথ্য আগ বঢ়াই বিজ্ঞান-জগতক সমৃদ্ধ কৰা মহান বিজ্ঞানী গেলিলিঅ’ গেলিলিৰ মৃত্যু হৈছিল সেই বছৰটোতেই—অৰ্থাৎ, ১৬৪২ চনত৷ আমি জানো যে, “সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱী ঘূৰে। সূৰ্য কিন্তু পৃথিৱীৰ চাৰিওফালে নুঘূৰে” বুলি কোৱাৰ কাৰণে কেথলিক ধৰ্মাধিকাৰসকলে গেলিলিঅ’ গেলিলিক অপৰাধী বুলি গণ্য কৰিছিল। কেথলিক ধৰ্মাধিকাৰসকলৰ মত আছিল যে গোটেই মহাবিশ্বৰ পৃথিৱীয়েই হ’ল কেন্দ্ৰ৷ ধৰ্মীয় মতক অগ্ৰাহ্য কৰি বেলেগধৰণৰ কথা কোৱা লোকসকল পাপী আৰু দেশদ্ৰোহী৷ আইনৰ দৃষ্টিত অপৰাধী তেওঁলোক৷
এটা সময়ত কেম্ব্রিজ আৰু অক্সফোৰ্ডত নাওঁখেল বৰ জনপ্ৰিয় খেল আছিল৷ এই নাওঁখেলত দুয়োখন বিশ্ববিদ্যালয়ৰ মাজত খুব প্ৰতিযোগিতা হৈছিল৷ কেতিয়াবা কেম্ব্রিজ জিকে আৰু কেতিয়াবা আকৌ জিকে অক্সফোৰ্ড৷
কেম্ব্রিজৰ ছাত্ৰ হোৱা হেতু হকিঙেও এই নাওঁখেলত যোগ দিছিল৷ হকিঙৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, উপস্থিত বুদ্ধি দেখি তেওঁকে সকলোৱে নাওঁখেলৰ গুৰিয়াল পাতি দিলে৷ উল্লেখ কৰিব পাৰি যে সেই সময়ত হকিঙক মাৰাত্মক অসুখটোৱে আক্ৰান্ত কৰা নাছিল৷ নিজৰ অসীম সাহস আৰু বুদ্ধিৰে নাওঁখেলত হকিঙে পাৰদৰ্শিতা দেখুৱাইছিল৷ কিন্তু হকিঙৰ লগৰসকলে কৈছিল যে হকিঙে নাওঁৰ গুৰিবঠা ধৰিছিল হয়, কিন্তু হকিঙৰ মন ব্যস্ত আছিল পদাৰ্থবিজ্ঞানৰ জটিল সমস্যাৰ সমাধান কৰাত৷
The Science of Theorytical Cosmology-ৰ (তাত্ত্বিক ব্ৰক্ষ্মাণ্ডতত্ত্ব বিজ্ঞান) আৰম্ভণি কৰে মহান পদাৰ্থবিজ্ঞানী আইনষ্টাইনে। আইনষ্টাইনে ব্ৰক্ষ্মাণ্ডতত্ত্বৰ ক্ষেত্ৰত এটা সুস্পষ্ট আৰু সংহত সূত্ৰ আগ বঢ়ালে যিটো সূত্ৰক পদাৰ্থবিজ্ঞানত General Theory of Relatively বুলি আখ্যা দিয়া হয়। সাধাৰণ আপেক্ষিকতাৰ তত্ত্বৰ যোগেদি আইনষ্টাইনে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতি থকা মানুহৰ আগৰ ধাৰণা অতি নাটকীয়ভাৱে সলাই পেলাইছিল। আইনষ্টাইনৰ এই আপেক্ষিকতাৰ তত্ত্বৰ বিংশ শতিকাৰ তাত্ত্বিক পদাৰ্থ-বিজ্ঞানৰ জগতখনৰ এক আধাৰ হিচাপে পৰিগণিত হ’ল৷
আইনষ্টাইনৰ বিখ্যাত সূত্ৰৰ মাজেদি তাত্ত্বিক ব্ৰক্ষ্মাণ্ডতত্ত্বৰ বিষয়ে গৱেষণা কৰাৰ চিন্তাত হকিঙ অবিচলিত হৈ আছিল৷ তদুপৰি তেওঁৰ সন্মুখত তাত্ত্বিক পদাৰ্থ-বিজ্ঞানৰৰ দুটা ক্ষেত্ৰহে খোলা আছিল৷ এটা হ’ল পৰম বৃহৎ ব্ৰক্ষ্মাণ্ডতত্ত্ব আৰু আনটো হল অতিক্ষুদ্ৰ মৌলকণাৰ (Elementary Particle) জগতখন। হকিঙে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাৰ তত্ত্বক ভিত্তি কৰি ব্ৰক্ষ্মাণ্ডতত্ত্ব বিষয়ত পি.এইচ.ডি-ৰ কাৰণে গৱেষণা আৰম্ভ কৰে।
যি সময়ত তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ Department of Applied Mathematics and Theorytical Physics-ৰ (DAMTP) Hon’ble Lucasian Chair Professor আছিল, তেতিয়া এটা তত্ত্বক লৈ প্ৰখ্যাত জ্যোতিৰ্পদাৰ্থবিদ প্ৰফেছৰ ফ্ৰেড হুইলৰ (Fred Hoyle) লগত তেওঁৰ মতবিৰোধ হ’ল। ইফালে প্ৰফেছৰ হুইল সেইসময়ত বিশ্বৰ এজন লেখতলবলগীয়া অগ্ৰণী জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আছিল৷ হুইলক প্ৰত্যাহ্বান জনাব পৰা বিজ্ঞানী নাছিলেই বুলিব পাৰি সেই সময়ত৷ তেখেতে তেতিয়া ব্ৰক্ষ্মাণ্ডতত্ত্বৰ ক্ষেত্ৰখনৰ Steady State Theory-ৰ বিষয়ত কাম কৰি আছিল, এটা সূত্ৰ উত্থাপন কৰিছিল হুইলে। থূলমূলকৈ ক’বলৈ গলে তেওঁৰ এই সূত্ৰটোৱে প্ৰমাণ কৰিবলৈ বিচাৰিছিল যে বিশ্বব্ৰহ্মাণ্ডখন সদায় একেদৰেই আছিল আৰু আমি এতিয়া যেনে দেখো সকলোপিনৰ পৰাই সেই একেই দেখি৷ হুইলৰ গৱেষণাপত্ৰৰ মতে যেতিয়া এই মহাবিশ্বত তাৰকাৰাজ্যবোৰ ইটোৱে সিটোৰ পৰা আঁতৰি যায়, তেতিয়া সৃষ্টি হোৱা ৰিক্তস্থানবোৰ অবিৰতভাৱে নতুন নতুন তাৰকাৰাজ্যবোৰে পূৰ কৰে৷ সকলো সময়তে নতুন নতুন পদাৰ্থৰ সৃষ্টি হয়৷ সেইবাবেই এককথাত ক’বলৈ গলে বিশ্বব্ৰহ্মাণ্ডখন সকলোসময়তে মহাকাশৰ সকলো ফালৰ পৰাই একে দেখি৷

এই বহুচৰ্চিত সূত্ৰটোৰ আধাৰত ফ্ৰেড হুইলে ইংলেণ্ডৰ ৰয়েল ছচাইটিয়ে লণ্ডনত অনুষ্ঠিত কৰা এখন সন্মিলনত বহু গণ্য-মান্য বিজ্ঞানীৰ উপস্থিতিত এটি বক্তৃতা প্ৰদান কৰিছিল৷ বক্তৃতাটো শেষ হোৱাৰ পাছত হুইলে দাম্ভিকতাৰে “কাৰোবাৰ কিবা সুধিবলগীয়া আছে নেকি” বুলি উপস্থিত দৰ্শকলৈ প্ৰশ্ন এৰিলে৷ হুইলে হয়তো এইবুলি ভাবিছিল যে কোনোবাই কিবা নুবুজা কথা বহলাই ক’বলৈ অনুৰোধ কৰিব পাৰে, কিন্তু প্ৰত্যাহ্বান জনাবলৈ সাহস কোনেও নকৰিব৷ সিংহৰ গুহাত সিংহক কোনেনো জোকাব!
কিন্তু বিশ্ববিশ্রুত জ্যোতিৰ্বিজ্ঞানী ফ্রেড হুইলৰ সেই ধাৰণা ভুল আছিল৷  ব্রহ্মাণ্ডত্ত্বৰ সেই একছত্রী সম্ৰাটজনক প্ৰত্যাহ্বান জনাব পৰা এজন দৰ্শক ওলাল সভাখনতে৷
লাখুটি দুডালৰ ওপৰত কোনোমতে ভৰ দি অতি কষ্টৰে ষ্টিফেন হকিঙ বহা আসনৰ পৰা থিয় দিলে৷ গোটেই সভাখন নিজম পৰি ৰ’ল। সকলো আছৰিত হ’ল, কিয়নো বিশ্বৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানী প্ৰফেছৰ হুইলক প্ৰশ্ন কৰি ভুল ধৰিব এই হকিঙে!
প্ৰফেছৰ হুইলৰ অংক এটাৰ ভুল উলিয়াই অস্ফুট কৰ্কশ মাতেৰে হকিঙে কবলৈ ধৰিলে, “প্ৰফেছৰ হুইল, মই তোমাৰ কথাত একমত হ’ব নোৱাৰোঁ। তোমাৰ ভুল হৈছে৷”
হকিঙৰ কথা শুনি প্ৰফেছৰ হুইল অলপ ক্ষুন্ন হোৱাদি হ’ল৷ তেওঁ ক’লে, “নহয়, মোৰ ভুল হ’বই নোৱাৰে৷”
“ ভুলটো ভুলেই। ভুল হৈছে৷” হকিঙে অতি বেপেৰুৱাভাৱে উত্তৰ দিলে৷
“তুমি কেনেকৈ জানিলা?”—হুইলে অলপ চিন্তা কৰি সুধিলে।
“মই অংকটো কৰি উলিয়ালোঁ৷ চাব নেকি”? তৎক্ষণাৎ হকিঙে উত্তৰ দিলে৷
হকিঙৰ কথা শুনি সকলো চুপে চাপে ৰৈ গ’ল৷ কিন্তু কিছু সময়ৰ পাছত প্ৰমাণিত হ’ল যে ষ্টিফেন হকিঙহে শুদ্ধ আছিল; প্ৰফেছৰ ফ্ৰেড হুইল আছিল ভুল।
হকিঙৰ নাম ৰৈ বৈ গ’ল৷ বিশ্বৰ প্ৰখ্যাত বিজ্ঞানীসকলৰ তালিকাত হকিঙৰ নাম সংযোগ হ’ল৷

উল্লেখ কৰা হৈছিল যে তেতিয়া ষ্টিফেন হকিঙ আছিল কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ Department of Applied Mathematics and Theorytical Physics-ৰ অতি সন্মানীয় লুকাছিয়ান অধ্যাপক আসনৰ স্বনামধন্য অধ্যাপক৷ এবাৰ হকিঙৰ সন্মানাৰ্থে আয়োজন কৰা এখন ভোজমেলত বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল বিখ্যাত চিত্ৰতাৰকা ছাৰ্লি মেক্লেইনক। ভোজমেলত নিমন্ত্ৰিত সকলো অতিথিয়ে এখন প্ৰকাণ্ড টেবুলৰ চাৰিওফালে বহি সৰু সৰুকৈ কথা-বতৰা পাতি খোৱা-লোৱা কৰি আছে৷ তাৰ ওচৰতে এখন চকা লগোৱা হুইল চেয়াৰত হাঁহি হাঁহি বহি আছিল ষ্টিফেন হকিঙ। এগৰাকী নাৰ্চে তেওঁক এখন চামুচেৰে আহাৰ খুৱাই আছিল৷
ৰঙাচুলীয়া সুন্দৰী, চিত্ৰতাৰকা ছাৰ্লি মেক্লেইনে হুইল চেয়াৰখনত কুঁচি-মুঁচি খাই বহি থকা হকিঙৰ ওচৰতে সন্মুখৰ পকা মজিয়াখনত লেপেটা খাই বহি তেওঁক কিছুমান বাৰে-বিংকৰা প্ৰশ্ন সুধি আছিল৷ ছাৰ্লি মেক্লেইনৰ কথা-বতৰাবোৰ শুনি প্ৰফেছৰ হকিঙৰ মিচিকিয়া হাঁহিটো আৰু বেছি উজ্জ্বল হৈ পৰিল। হকিঙে আচলতে সুন্দৰী চিত্ৰতাৰকাসকলক চাই বৰ ভাল পাইছিল৷ আনকি  বিশ্ববিদ্যালয়ৰ তেখেতৰ বিভাগীয় কাৰ্যালয়তো হেনো এগৰাকী সুন্দৰী চিত্ৰতাৰকা মেৰিলিন মনৰোৰ ছবি আঁৰি থোৱা আছিল৷
এনেবোৰ কথাৰ মাজতে হঠাৎ প্ৰফেছৰ হকিঙক ছাৰ্লি মেক্লেইনে সুধি পেলালে, “প্ৰফেছৰ হকিঙ, আপুনি বাৰু এই সমগ্ৰ পৃথিৱীখনৰ এজন সৃষ্টিকৰ্তা আৰু পালনকৰ্তা আছে বুলি বিশ্বাস কৰেনে?”
মেক্লেইনৰ এই অদ্ভুত প্ৰশ্নটো শুনি ষ্টিফেন হকিঙে হাঁহি হাঁহিয়েই উত্তৰ দিলে (কম্পিউটাৰৰ মাতেৰে) কেৱল মাত্ৰ দুটা  শব্দৰে, “কেতিয়াও নকৰোঁ”।

এতিয়া কথা হ’ল এই যে বিশ্বৰ প্ৰখ্যাত পদাৰ্থবিদজনে যে ক’লে ইশ্বৰৰ কোনো অস্তিত্বকেই তেওঁ বিশ্বাস নকৰে—, এই কথাটো তেওঁ ঈশ্বৰবিশ্বাসীসকলৰ আগত খোলাকৈ নকয় যেন লাগে৷ কিন্তু তেওঁ যে নিজে ঈশ্বৰত বিশ্বাস নকৰে, সেই কথাটো বহুবাৰ স্পষ্ট ভাষাত ব্যৱহাৰ কৰিছে৷ ছাৰ্লি মেক্লেইনৰ লগত হোৱা কথা-বতৰাত সেইটো পৰিস্কাৰভাৱে ওলাই পৰিছে৷ কেৱল গণিত আৰু পদাৰ্থবিজ্ঞানৰ তথ্যৰ ওপৰত আস্থা ৰখা হকিঙে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম-ৰহস্য উদঘাটন কৰিবলৈ যাওতে ঈশ্বৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত সজোৰে প্ৰশ্ন তুলিছে৷ হকিঙৰ মতে, পদাৰ্থবিদ্যাৰ নিয়মমতেই যদি এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো চলে তেতিয়া ভগৱানৰ প্ৰয়োজনেই বা ক’ত? অৱশ্যে কথা এইটোও হ’ব পাৰে যে ভগৱানে কৰা কামবোৰ পদাৰ্থবিদ্যাৰ নিয়মেৰে উপলব্ধি কৰিব নোৱাৰি!
এইবোৰ কাৰণতেই হয়তো আইনষ্টাইনৰ ঈশ্বৰ সম্পৰ্কীয় এটা বিখ্যাত উক্তিক হকিঙে উপলুঙা কৰি খণ্ডন কৰিছিল। আইনষ্টাইনে কথা প্ৰসংগত এবাৰ কৈছিল, “ ভগৱানে পাশা নেখেলে” য’ত হকিঙে বক্ৰোক্তি কৰিছিল—“ভগৱানে পাশা খেলটো বাদেই তেওঁ কেতিয়াবা চাল দিওতে এনেদৰে পাশা গুটিটো মাৰে যে গুটিটো ক’ত পৰিছে কোনেও দেখিব নোৱাৰে৷” আচলতে এই তীব্ৰ বক্ৰোক্তিটো ভগৱানক উদ্দেশ্য কৰিয়েই কৈছিলনে আইনষ্টাইনক উদ্দেশ্যি কৈছিল, সেইয়া বুজা টান৷
প্ৰফেছৰ হকিঙ আৰু তেওঁৰ পত্নী জেনৰ মাজত সদায় কথাৰ কটাকটি হৈছিল এইটো কাৰণতেই! পত্নী জেনৰ মতে “হকিঙে ঈশ্বৰৰ সাম্ৰাজ্যত অনাধিকাৰ প্ৰবেশ কৰিছে৷ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ উৎস আৰু কাৰণ বিচাৰি হকিঙে ঈশ্বৰৰ অস্তিত্ব আৰু প্ৰয়োজনীয়তাক একেকোবেই নস্যাৎ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *