নিবন্ধবিবিধ চিন্তা

সাধাৰণ নিৰ্বাচন ২০২৪ :কিছু প্ৰাসংগিক চিন্তা-(বৈকুণ্ঠ দাস)

দেশত সম্প্ৰতি সাধাৰণ নিৰ্বাচন ২০২৪ কাৰ্য্যকৰি কৰি থকা হৈছে। ইতিমধ্যে দুটা পৰ্য্যায়ত ভোটগ্ৰহণ কাৰ্য সমাপ্ত হৈছে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে যাৱতীয় কাম-কাজ প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। মুঠ সাতটা পৰ্যায়ৰ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাকী ৰৈ যোৱা পৰ্যায়সমূহৰ বাবেও যাৱতীয় প্ৰস্তুতি পূৰ্ণোদ্যমে চলাই থকা হৈছে।

সাধাৰণ নিৰ্বাচন কাৰ্য্যকৰি কৰি থকা এই সময়ছোৱাত দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন কাৰ্য্যকলাপ প্ৰত্যক্ষ কৰা হৈছে।এনে কাৰ্য্যকলাপৰ পটভূমিত মনত কেতবোৰ বিশেষ চিন্তাৰ উদ্ৰেক হৈছে। তেনে চিন্তাসমূহক লৈয়ে আজিৰ এই আলোচনা যুগুত কৰা হৈছে।

চিন্তন ১:- Electoral Bond – ৰাজনৈতিক দল আৰু পুঁজি গোষ্ঠীৰ অসাধু যুগলবন্দী:-

সাম্প্ৰতিক নিৰ্বাচনৰ পটভূমিত এইটো প্ৰত্যক্ষ কৰা গৈছে যে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী পুঁজিৰ বাবে Electoral Bond যোগে ধনৰাশি লাভ কৰিছে। আন দলৰ তুলনাত শাসকীয় দলে অধিক ধনৰাশি লাভ কৰিছে যদিও এইটোও সমানেই স্বীকাৰ্য্য যে প্ৰায়সংখ্যক ৰাজনৈতিক দলেই এনে ধনৰাশি লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰভাৱশালী পুঁজি গোষ্ঠীয়ে নিজস্ব পচন্দৰ ৰাজনৈতিক দলৰ বাবে নিৰ্বাচনী বণ্ড যোগে বিস্তৰ ধনৰাশি যোগান ধৰা কথাটো এইবাৰৰ নিৰ্বাচনৰ পটভূমিত অধিকতৰভাৱে প্ৰতিষ্ঠিত হৈ পৰিল। এনে সত্যই পুঁজিমালিকানা আৰু ৰাজনৈতিক দলৰ মাজত বিশেষ সম্পৰ্ককে প্ৰমাণিত কৰিছে।

ৰাজনৈতিক দল আৰু বৃহৎ ব্যৱসায়ীক গোষ্ঠীৰ এনে মিতিৰালি অৱশ্যেই চিন্তাৰ বিষয়। এনে মিতিৰালি অতি জঘন্য ৰাজনীতি।এনে ৰাজনীতিয়ে কেৱল মাত্ৰ ৰাজনৈতিক দল আৰু Bond যোগে পুঁজি যোগান ধৰা ব্যৱসায়িক গোষ্ঠীৰ স্বাৰ্থক প্ৰাধান্য দিয়ে। এনে ৰাজনীতিয়ে সততে জন স্বাৰ্থক অৱহেলা কৰি অহাতো এক নিয়মত পৰিণত হৈছে।

চিন্তন ২ – – Election commission of India (নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন চিহ্ন)

সাম্প্ৰতিক নিৰ্বাচনী বতৰত এইটো দৃষ্টিগোচৰ হৈছে যে ইতিমধ্যে হৈ যোৱা ভোট গ্ৰহণ সন্দৰ্ভত নিৰ্বাচনী আয়োগে তথ্যৰ ক্ষেত্ৰত নিজস্ব মতামতৰ সলনি ঘটাইছে। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ অন্তত আয়োগে ভোটদানৰ হাৰৰ (%) ক্ষেত্ৰত যি তথ্য ৰাজহুৱা কৰিছিল পৰৱৰ্তী সময়ত ( একসপ্তাহ পিছত) সেই তথ্য নাকচ কৰি পুনৰাই নতুন তথ্য প্ৰকাশ কৰে। এনেদৰে নতুনকৈ ৰাজহুৱা কৰা তথ্যৰ পূৰ্বে প্ৰকাশিত তথ্যতকৈ প্ৰায় ৫% অধিক ভোটদান সাব্যস্ত হৈছে বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। আয়োগৰ এনে তথ্য বিভ্ৰান্তিয়ে আয়োগৰ নিৰপেক্ষতাৰ তথা কাৰ্য্যদক্ষতাৰ ওপৰতে প্ৰশ্ন উত্থাপন কৰিছে। বহুতে সন্দেহ প্ৰকাশ কৰিছে যে শাসকীয় পক্ষৰ নিৰ্দেশনাতেই আয়োগে এনেদৰে ভোটদানৰ হাৰত বৃদ্ধি ঘটাইছে। বিশেষ উল্লেখনীয় যে পূৰ্বতে আয়োগে এনেদৰে তথ্য সালসলনি কৰাৰ নজিৰ নাই। সমান্তৰালভাৱে ইয়াকো প্ৰত্যক্ষ কৰা গৈছে যে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত শাসকীয় পক্ষক জগৰীয়া কৰি বিৰোধীয়ে যেতিয়া নিৰ্বাচনী আয়োগৰ ওচৰ চাপে তেতিয়া আয়োগে তেনে অভিযোগৰ গোচৰত যাৱতীয় কাৰ্যব্যৱস্থা লোৱাৰ বাবে সক্ৰিয়তা প্ৰদৰ্শন নকৰে। অন্যহাতে শাসকীয় পক্ষই যেতিয়া বিৰোধী সন্দৰ্ভত অভিযোগ আনে তেতিয়া আয়োগে অধিক সক্ৰিয়তাৰে কাৰ্যব্যৱস্থা গ্ৰহণত আগ্ৰহী হোৱাটো দেখা যায়। এনে আচৰণে আয়োগে যে শাসকীয় পক্ষক পক্ষপাতিত্ব কৰিছে সেইটো প্ৰতীয়মান কৰিছে। এনে কাৰ্যই  আয়োগৰ গ্ৰহণযোগ্যতাৰ ওপৰতে প্ৰশ্ন তুলিছে।

চিন্তন ৩ — নিৰ্বাচনী প্ৰচাৰ ( নিৰ্বাচনী পৰম্পৰাত মোক্ষম আঘাত)

সাম্প্ৰতিক নিৰ্বাচনী বতৰত ইয়াকো দেখা গৈছে যে নিৰ্বাচনী প্ৰচাৰৰ বেলিকা প্ৰত্যেকে নিজস্ব খেয়াল খুচিমতে প্ৰচাৰত গুৰুত দিছে। বিশেষকৈ প্ৰাৰ্থীৰ ব্যক্তিগত জীৱনক আক্ৰমণৰ লক্ষ্য কৰিছে। জনমানসত প্ৰাৰ্থীৰ চৰিত্ৰ হননৰ চেষ্টা অব্যাহত আছে। দল/প্ৰাৰ্থীৰ বিষয়ে অযথা অশোভনীয় বাক্যবাণ নিক্ষেপৰ এক প্ৰচেষ্টা কাৰ্য্যকৰী হৈছে। এনে কাৰ্যৰ বেলিকা প্ৰচাৰৰ মানদণ্ড হ্ৰাস পাইছে। দলীয় কাম কাজৰ গঠনমূলক সমালোচনাৰে পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ যি এক পৰম্পৰা প্ৰতিষ্ঠা কৰা গৈছিল তেনে পৰম্পৰা উল্লেখিত কাৰ্যৰ  পৰিপ্ৰেক্ষিতত প্ৰায় অচল হৈ পৰিছে।

চিন্তন ৪ — নিৰ্বাচনী আচৰণ বিধি ( ভংগ যত নিয়ম)

সম্প্ৰতি দৃষ্টিগোচৰ হোৱা আন এক কাৰ্য হৈছে প্ৰত্যেক দলে / প্ৰাৰ্থীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘাক এক নিয়ম কৰি লৈছে। মুক্ত, নিকা নিৰ্বাচনৰ স্বাৰ্থত নিৰ্বাচনী আয়োগে যি বিধি বিধানৰ ব্যৱস্থা কৰিছে তেনে বিধি-বিধানক ৰাজনৈতিক দল/ প্ৰাৰ্থীয়ে ভৰিয়ে মোহৰা উপক্ৰম কৰিছে। উদাহৰণ স্বৰূপে প্ৰাৰ্থীৰ ব্যক্তিগত জীৱনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা, অগণতান্ত্ৰিক বাক্যবাণ প্ৰয়োগ কৰা, ভোটাৰক ধৰ্ম-জাতিৰ নামত প্ৰভাৱিত কৰাৰ দৰে কাৰ্যই নিৰ্বাচনী আচৰণ বিধিক চূড়ান্তভাৱে অৱমাননা কৰাটোকে সূচায়।

যথেষ্ট সংখ্যক বিধি-বিধান থকা স্বত্বেও কোনেও তেনে বিধি-বিধানৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শন নকৰে। ইযাৰ বিপৰীতে উপলব্ধ বিধি-বিধান প্ৰাকে-প্ৰকাৰে অমান্য কৰাতহে সকলোৱে আগ্ৰহী হৈ পৰিছে। সম্প্ৰতি নিৰ্বাচনী বিধি ভংগ কৰাটো অঘোষিত নিয়মত পৰিণত হৈ পৰিল।

চিন্তন ৫ — Politics of Freebies (বিধি সন্মত উপটোকন)

সাম্প্ৰতিক নিৰ্বাচনী পটভূমিত প্ৰত্যক্ষ কৰা আন এক কাৰ্য হৈছে শাসকীয় দলে ভোটাৰক আকৰ্ষণৰ বাবে হাতত লোৱা বিভিন্ন বিনামূলীয়া আঁচনিসমূহ। শাসকীয় দলে সততে বিনামূলীয়া সেৱাসমূহ উপলব্ধ কৰোৱাটো আমি প্ৰত্যক্ষ কৰিছোঁ। এতিয়া নিৰ্বাচনী বতৰতো এই দলে এনে ভিন্ন আঁচনি / সেৱাৰ ব্যৱস্থা কৰিছে। অতি সম্প্ৰতি আৰম্ভ কৰা লাখপতি বাইদেউৰ আঁচনি ইযাৰ অন্যতম উদাহৰণ।

বিশেষ এই যে এনে আঁচনিবোৰ হৈছে এক বিধি সন্মত উপটোকন। ইযাৰ সহায়ত শাসকীয় দলে সাধাৰণ জনতাক নিজৰ দলৰ ভোট বেংক হিচাপে নিৰ্মাণৰ আখৰা কৰে। সময়ত এনে ভোট বেংকক ব্যৱহাৰৰ জৰিয়তে নিৰ্বাচনী জয়ৰ চেষ্টা চলায়। ৰাজহুৱা ধনৰ ব্যৱহাৰেৰে বিভিন্ন freebiesৰ উপটোকন দিয়া কাৰ্য্য আজি তাৰিখত নিৰ্বাচনী ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে চিহ্নিত হৈ পৰিছে।

চিন্তন ৬ — বিৰোধীৰ দুৰ্বল স্থিতি (অসংগঠিত বিৰোধী)

সম্প্ৰতি এইটো লক্ষ্যনীয় যে বিৰোধী পক্ষৰ স্থিতি আশানুৰূপ নহয়। বিৰোধীয়ে যিদৰে এক সক্ৰিয় ভূমিকাত অৱতীৰ্ণ হ’ব লাগিছিল তেনেদৰে অৱতীৰ্ণ হোৱাটো আমি প্ৰত্যক্ষ কৰা নাই। INDIA Alliance য়ে দেশত সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে জনমত গঠনেৰে নিৰ্বাচনত শাসকীয় পক্ষক পৰাভুত কৰাৰ সুযোগ গ্ৰহণত ব্যৰ্থতা প্ৰদৰ্শন কৰাটোহে অনুভূত হৈছে। CAA, মণিপুৰৰ হিংসা, পুলৱামা কাণ্ড, বাক স্বাধীনতাৰ ওপৰত নিষেধাজ্ঞা, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, লকডাউনৰ দুৰ্দ্দশা, কৃষক-শ্ৰমিকৰ জীৱনৰ নিৰাপত্তাহীনতা, বৰ্দ্ধিত নিবনুৱা সমস্যা, মূদ্ৰাস্ফীতি তথা মুল্যবৃদ্ধি, নোটবন্দী আদিৰ দৰে বিষয়ত প্ৰবল জনমত গঠনত বিৰোধী বাৰুকৈয়ে বিফল হোৱাটো দৃষ্টি গোচৰ হৈছে।

বিৰোধীৰ এনে দুৰ্বল স্থিতিয়ে শাসকীয় পক্ষৰ বাবে সুযোগ উপলব্ধ কৰিছে। এনে সুযোগৰ ব্যৱহাৰেৰে শাসকীয় পক্ষই পুনৰাই জয়ী হোৱাৰ চেষ্টা চলাইছে। বিৰোধীৰ দুৰ্বল স্থিতিয়ে সংবিধান তথা গণতন্ত্ৰৰ ভৱিষ্যতকে  সন্দিহান কৰি তুলিছে।

উল্লেখিত চিন্তনসমূহে সম্প্ৰতি আমাৰ মন-মগজুক প্ৰভাৱিত কৰি ৰাখিছে। ইযাৰ সমান্তৰালকৈ আন কেতবোৰ চিন্তায়ো মনত ৰেখাপাত কৰাত সক্ষম হৈছে। তেনে চিন্তাৰ অন্যতম হৈছে উচ্চতম ন্যায়ালয়ৰ ভূমিকা বিশেষকৈ নিৰ্বাচন কেন্দ্ৰিক বিষয়ত, ভোটাৰৰ সচেতনতা, নিৰ্বাচনত ধন আৰু বাহুবলৰ প্ৰভাৱ আদি। সাম্প্ৰতিক নিৰ্বাচনৰ পটভূমিত উদ্ভাষিত বিভিন্ন ৰাজনৈতিক কায্যৰ্কলাপক প্ৰত্যক্ষ কৰিয়েই মনত তেনেবোৰ বিষয়ৰ সন্দৰ্ভত ভিন্ন চিন্তাৰ উদ্ৰেক ঘটিছে।

বিশেষ মন কৰিবলগীয়া যে সম্প্ৰতিক নিৰ্বাচনী পটভূমিত প্ৰত্যক্ষ কৰা আটইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো হৈছে  শাসকীয় দলে নিজস্ব সৰ্বোচ্চ ক্ষমতাৰে পুনৰবাৰ নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।সকলোবোৰ নিৰ্বাচনী বিধি-বিধানক জলাঞ্জনি দি শাসকীয় দলে নিজস্ব খেয়াল-খুচিমতে কাৰ্যপন্থা যুগুত কৰি নিৰ্বাচন জয়ী হোৱা চেষ্টা চলাইছে। উপলব্ধ সকলোবোৰ কৌশল/ উপায়ৰ অৱলম্বনেৰে নিৰ্বাচন জয়ী হোৱাৰ অহৰহ চেষ্টাত মগন শাসকীয় দল।

উল্লেখিত পৰিপ্ৰেক্ষিততে সম্প্ৰতি গণতন্ত্ৰই সংকটৰ মুখামুখি হৈছে।শাসকীয় দলে পুনৰবাৰ জয়ী হোৱাৰ সুবিধা লভিলে গণতন্ত্ৰৰ ভৱিষ্যতেই সংকটাপন্ন হোৱাৰ সম্ভাৱনা প্ৰৱল। কিয়নো শাসনাধিষ্ঠিত দলে ইতিমধ্যেই নিজস্ব কাম-কাজ, নীতি-আঁচনিৰ মাধ্যমেৰে গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বিষয়ে আমি অৱগত। বাক স্বাধীনতাৰ ওপৰত বাধা আৰোপ কৰি, বিশেষ ধৰ্মক প্ৰসাৰ-প্ৰচাৰেৰে ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি, পুঁজিগোষ্ঠীৰ বিশেষ পক্ষপাতিত্বৰে সাধাৰণ জনতাৰ বাবে সংকট ঘনীভূত কৰি, বিৰোধীক সংসদৰ পৰা বহিষ্কাৰ কৰি এককভাৱে ভিন্ন আইন গৃহীত কৰি তথা অন্যান্য দেধাৰ কাৰ্যকলাপেৰে শাসনাধিষ্ঠিত দলে ইতিম্যেই গণতন্ত্ৰৰ প্ৰতি সংকট কঢ়িয়াই আনিছে।

গতিকে গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শাসকীয় দলক সাম্প্ৰতিক নিৰ্বাচনত জয়ী হোৱাৰ সুযোগ নিদিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে।জনগণে সম্প্ৰতি এই বিশেষ প্ৰয়োজনীয়তাক উপলব্ধি কৰাৰ আৱশ্যকতা আছে। জনগণে এই প্ৰয়োজনীয়তাক হৃদয়ঙ্গম কৰিলেহে গণতন্ত্ৰৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ অৱকাশ আছে। ইয়াৰ অন্যথা গণতন্তই সংকটৰ সন্মুখীন হোৱাটো অৱশ্যম্ভাৱী।

গণতন্ত্ৰৰ নিৰাপদ ভৱিষ্যত নিশ্চিত কৰাৰ প্ৰয়োজনত আমি উল্লেখিত সত্যতাক অনুধাৱন কৰাটো অত্যন্ত জৰুৰী।

এই নিৰ্বাচন গণতন্ত্ৰৰ নিৰাপত্তা হৈ উঠিব পাৰিবনে ??

Leave a Reply

Your email address will not be published. Required fields are marked *