ঘৰে বাইৰে আজ : সাম্প্ৰতিক সময়ৰ দস্তাবেজ -(সিদ্ধেশ্বৰ দাস)
অপৰ্ণা সেনৰ ’ঘৰে বাইৰে আজ’ৰ প্ৰসংগলৈ অলপ পাছত আহিম৷ তাৰ আগতে সত্যজিত ৰায়ৰ একে নামৰ ছবিখনৰ বিষয়ে কিছু কথা কোৱা প্ৰয়োজন৷
সত্যজিৎ ৰায়ৰ ‘ঘৰে বাইৰে’ (১৯৮৪) চাইছিলোঁ বহুদিনৰ আগতে৷ ৰবীন্দ্ৰনাথৰ মূল উপন্যাস (১৯১৬) ‘ঘৰে বাইৰে’ৰ ওপৰত আধাৰিত৷ পটভূমি আছিল ব্ৰিটিছশাসিত বেংগল প্ৰ’ভিন্সক দ্বিখণ্ডিত কৰা কাৰ্যৰ ধামখুমীয়াত হিন্দু আৰু মুছলিমৰ মাজত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ৷
সেই সময়তে দেশজুৰি আৰম্ভ হৈছিল স্বদেশী আন্দোলন৷ লগতে ৰাজপথ মুখৰিত কৰি শুনা গৈছিল “বন্দে মাতৰম”৷ স্বদেশী আন্দোলনৰ প্ৰধান নেতা আছিল সন্দীপন, সন্দীপনৰ বন্ধু আছিল নিখিলেশ৷ নিখিলেশ জমিদাৰৰ ল’ৰা৷ উচ্চশিক্ষিত কিন্তু উদাৰ মানৱতাবাদী আৰু সৎ৷ সাধাৰণ মানুহ, বিশেষকৈ দুখীয়া মুছলিমসকলৰ প্ৰতি আছিল অসীম মমতা৷ স্বদেশী আন্দোলনৰ মূল উদ্দেশ্য আছিল স্বদেশত উৎপাদন কৰা বয়বস্তুবোৰ যাতে মানুহে ক্ৰয় কৰে আৰু বিদেশী সামগ্ৰী ব্যৱহাৰ বিসৰ্জন দিয়ে৷ সকলো বিদেশী বস্তু জুইত পুৰি পেলোৱা হৈছিল৷ স্বদেশী সামগ্ৰী কিনি ব্যৱহাৰ কৰিলে স্বদেশী অৰ্থনীতি শক্তিশালী হ’ব৷ নিখিলেশে এই দৃষ্টিভংগী মানি লোৱা নাছিল, যদিওবা তেওঁ বহু সৎ স্বদেশী আন্দোলনকাৰী নেতাৰ প্ৰতি সদভাব ৰাখিছিল৷ তেওঁ ভাবিছিল দুখীয়া মানুহে বিদেশী বস্তু সস্তাতে কিনিব পাৰে৷ স্বদেশী বস্তুৰ দাম অধিক৷ সেয়ে বিদেশী সামগ্ৰী জ্বলাই পেলালে দুখীয়া মানুহৰ ক্ষতি হ’ব৷ স্বদেশী আন্দোলনৰ উদ্দেশ্য আগত লৈ সন্দীপন তাৰ বন্ধু নিখিলেশৰ ঘৰ পালেহি৷ সুদৰ্শন, সুবক্তা, মেধাবী আৰু বহু গুণৰ অধিকাৰী সন্দীপনৰ দেশ উদ্ধাৰ আৰু স্বদেশী আন্দোলনৰ সপক্ষে বক্তৃতা শুনি নিখিলেশৰ পত্নী বিমলাৰ সন্দীপনৰ প্ৰতি মোহ উপজিব ধৰে৷ বিমলাৰ মানসিক উৎকৰ্ষৰ উদ্দেশ্যে ঘৰতে ইংৰাজী শিক্ষা, পাশ্চাত্য সংগীত, পিয়ানো বজোৱাৰ শিক্ষাৰ ব্যৱস্থা কৰি বিমলাক ইতিমধ্যে আধুনিক কৰি তুলিছে নিখিলেশে৷ জমিদাৰৰ ঘৰ, সেয়ে সততে মহিলা ঘৰৰ বাহিৰলৈ ওলোৱাৰ নীতি নাই৷ সজাৰ বন্দী চৰাই৷ কিন্তু উদাৰ হৃদয়ৰ নিখিলেশে বিমলাক বাহিৰলৈ উলিয়াই আনিব খোজে৷ তেওঁৰ পত্নী যে আগবঢ়া সেই কথা তেওঁ বন্ধু-বান্ধৱক জনাব খোজে৷ সেই সময়তে সন্দীপনৰ আগমন ঘটিল৷
সন্দীপনৰ ৰাজনৈতিক কাম-কাজৰ বাবে নিখিলেশৰ ঘৰতকৈ আৰু ভাল স্থান নাই৷ কাৰণ জমিদাৰৰ তেওঁৰ কাম-কাজৰ প্ৰতি সমৰ্থন থকা বুলি মানুহে বিশ্বাস কৰিব৷ সন্দীপনৰ সততা একেবাৰে নাছিল৷ স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ আনক কয় সঁচা, কিন্তু নিজে বিদেশী চিগাৰেট খায়৷ সন্দীপনৰ প্ৰকৃত ৰূপ উন্মোচিত হ’বলৈ সৰহ দিন নালাগিল৷ স্মাৰ্ট সন্দীপন, কথাচহকী সুদৰ্শন সন্দীপনৰ চক্ৰবেহুত বিমলা সোমাই পৰিবলৈ সৰহ দিন নালাগিল৷ সন্দীপনে ইতিমধ্যে বিমলাক দেশ উদ্ধাৰ কৰাৰ যাত্ৰাত উদ্বুদ্ধ কৰিছে৷ বিমলা আৰু সন্দীপনৰ যোগাযোগ ঘনাই হ’ব ধৰিলে৷ বিমলাৰ পৰা টকা-পইছা সৰকোৱাই নহয়, বিমলাক প্ৰেমৰ জালত বন্দী কৰি পেলালে৷ শাৰীৰিক সম্পৰ্কও গঢ়ি উঠিল৷ লাহে লাহে নিখিলেশ আৰু বিমলাৰ মনৰ মাজত ব্যৱধান গঢ়ি উঠিল আৰু সম্পৰ্কও তিক্ত হ’ল৷ নিখিলেশে কিন্তু সন্দীপন সম্পৰ্কে আগতেই বিমলাক সাৱধান বাণী শুনাইছিল৷ কৈছিল যে সন্দীপনক বেছি জনাৰ প্ৰয়োজন নাই৷ সন্দীপনৰ কাম-কাজে ইতিমধ্যে হিন্দু-মুছলিমৰ মাজত সংঘাত আৰু উত্তেজনা বৃদ্ধি কৰিছে৷ সেয়ে উপায়ান্তৰহীন নিখিলেশে সন্দীপনক তেওঁৰ ঘৰ ত্যাগ কৰিবলৈ কৈছিল যাতে ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ অৱনতি নহয়৷ একে সময়তে বিমলাৰ সমুখতে নিখিলেশে সন্দীপনৰ কথা আৰু কামৰ মাজত যে মিল নাই ক’বলৈ বাধ্য হ’ল৷ আৰু ক’লে যে তেওঁ দেখাত হিন্দু-মুছলিমৰ ঐক্যৰ কথা কয়, কিন্তু ভিতৰি সম্পূৰ্ণ ওলোটা কাম কৰে৷ বিমলাৰো সেইদিনা চকু খোল খালে, কিয়নো নিখিলেশৰ কথাৰ উত্তৰ সন্দীপনে দিব পৰা নাছিল৷ সাম্প্ৰদায়িক সংঘৰ্ষ তুংগত৷ নিখিলেশে কৈছিল- “ভাৰতবৰ্ষত মুছলমান আছে এইটো এটা ঐতিহাসিক সত্য, মানি ল’ব লাগিব৷ মুছলমানক বাদ দি ভাৰতবৰ্ষ কল্পনা কৰা নাযায়৷” সন্দীপনৰ উদ্দেশ্য আছিল যিকোনো উপায়েৰে ক্ষমতা লাভ কৰিব লাগিব৷ দেশখন তেওঁক লাগে, লাগে লুট কৰি হ’লেও ক্ষমতা লাগিবই৷ এই ক্ষমতাৰ খঁকে সাম্প্ৰদায়িক সংঘৰ্ষৰ ধাৰ বঢ়াইছে৷ উপায়হীন হৈ নিখিলেশে নিজেই দাঙ্গা ৰুধিবলৈ ঘৰৰ বাহিৰ হ’ল কিন্তু প্ৰাণ দিবলগা হ’ল৷ ঠিক অমূল্য বৰুৱাই দিয়াৰ দৰে৷ যি অমূল্য বৰুৱা আছিল অসাম্প্ৰদায়িক, ঠিক নিখিলেশৰ দৰে৷ কিন্তু অনলে শত্ৰু-মিত্ৰ কাকো নিচিনে৷
এইখিনি স্বাধীনতাৰ আগৰ সময়ৰ কথা৷ বোধহয় ১৯০৫ চন মানৰ৷
এতিয়া আহোঁ অপৰ্ণা সেনৰ একে নামৰ একে উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনৰ বিষয়লৈ৷ অপৰ্ণা সেনৰ চিনেমাখন ২০১৯ চনৰ৷ একেবাৰে সাম্প্ৰতিক আৰু পটভূমি আজিৰ৷ আমাৰ সকলোৰে আগত ভাহি থকা আজিৰ ভাৰতবৰ্ষ৷ কি অসাধাৰণ চিনেমা৷ সত্যজিতৰ চিনেমাৰ স’তে মূল সুৰ একে ৰাখিও ভিন্ন এখন ছবি, কিন্তু অভিন্ন তাৰ যোগসূত্ৰ৷ তাৰ কাৰণ দুয়োৰে কাহিনীৰ উপজীব্য একেই৷
চৰিত্ৰবোৰ একেই৷ নামবোৰ একেই৷ কিন্তু এইবাৰ বেঙ্গলৰ সলনি দিল্লী আৰু বাস্তাৰ৷ সন্দীপন আৰু নিখিলেশ বাল্য বন্ধু৷ দুয়ো বন্ধু প্ৰাথমিক পৰ্যায়ৰ পৰা দিল্লী বিশ্ববিদ্যালয় পৰ্যন্ত সহপাঠী৷ দুয়ো ভিন্ন৷ ছাত্ৰ অৱস্থাত সন্দীপন আলট্ৰা লেফ্ট৷ আপোচবিহীন৷ কিন্তু নিখিলেশে হ’ল বিবেকী আৰু লিবাৰেল৷
সন্দীপন এটা হিন্দুত্ববাদী সংগঠনৰ থিংক-টেংক হিচাবে এখন বিশ্ববিদ্যালয়ত পঢ়াবলৈ আহি পুৰণি বন্ধু নিখেলেশৰ ঘৰত উঠিলহি৷ ইতিমধ্যে বিশ্ববিদ্যালয়ত এ কে ৰামানুজনৰ এটা পাঠ বাদ দিয়া-নিদিয়াকলৈ আলোচনা চলি আছে বিশ্ববিদ্যালয় পৰিচালনা সমিতিৰ মাজত৷
নিখিলেশে এখন অন লাইন পত্ৰিকা চলায়৷ যি মূলতঃ হিন্দুত্ববাদীসকলৰ কাম-কাজৰ কঠোৰ সমালোচক৷ সন্দীপন ইতিমধ্যে ৰাষ্ট্ৰবাদৰ প্ৰবক্তা হৈ পৰিছে যদিও পাৰ্টিৰ কাৰ্ডহোল্ডাৰ নহয়৷ নিখিলেশৰ ঘৰ তাৰ বাবে সেয়ে সুবিধাজনক ঠাই৷ পাৰ্টিৰো আপত্তি নাছিল নিখিলেশৰ ঘৰত থকাত৷ সত্যজিতৰ সন্দীপন আৰু অপৰ্ণা সেনৰ সন্দীপনৰ চাৰিত্ৰিক বৈশিষ্ট্য অভিন্ন৷ সন্দীপন সুবক্তা, সুদৰ্শন, ৰমণীমোহন, নিৰ্দয়, স্বাৰ্থপৰ আৰু লোভী৷ অতি কম সময়ৰ ভিতৰত নিখিলেশৰ পত্নী বিমলা বা বিন্নীৰ মন জয় কৰি পেলালে৷
কলেজত পঢ়াৰ সময়ত দুয়ো আন্দোলন কৰিছিল৷ কিন্তু সন্দীপন আৰু নিখিলেশ দুয়ো এতিয়া সম্পূৰ্ণ পৃথক পথৰ পথিক৷ এদিন নিখিলেশে তেওঁৰ অনলাইন পত্ৰিকাত সন্দীপনক লিখিবলৈ ক’লে৷ মতাদৰ্শগতভাৱে পৃথক হ’লেও তেওঁৰ কাকতত সন্দীপনৰ লেখা প্ৰকাশ কৰাৰ আশ্বাস দিলে৷ নিখিলেশৰ মনত আছিল অপাৰ কৌতূহল – কিদৰে এজন আলট্ৰা লেফ্ট nationalist হৈ পৰিল৷ বন্ধুক সুধি সঠিক উত্তৰ নাপালে৷
নিখিলেশে এটা এন জি অ’ৰ যোগেদি এটা বিবাদিত স্থানত এখন হাস্পতাল পাতিব খোজে। বাষ্টাৰ অঞ্চলৰ আদিবাসী দৰিদ্ৰ মানুহখিনিৰ বাবে। সেই কামত সঘনাই নিখিলেশে বাষ্টাৰ অঞ্চললৈ গৈ থাকিব লাগে। মাজে মাজে পৰিচয়হীন কাৰোবাৰ ফোন আহে। ধমকি দিয়ে। কিন্তু নিখিলেশ নিৰুদ্বেগ। সত্যজিৎ ৰায়ৰ বিমলা পিছে দলিত নাছিল। অপৰ্ণা সেনে প্ৰয়োজন অনুযায়ী সলাই লৈছে বুলি ধৰি ল’ব পাৰি। আধুনিক নিখিলেশৰ পত্নী বিন্নী দলিত শ্ৰেণীৰ। নিখিলেশহঁতৰ ঘৰত ডাঙৰ হোৱা আৰু উচ্চ শিক্ষিতা। কথা চহকী সন্দীপন বা চান্দিৰ প্ৰেমত পৰিল তাই। কাৰণ সন্দীপনে জানে নাৰীৰ দুৰ্বলতা । শেহত নিখিলেশৰ অৱৰ্তমানত বিমলা বা বিন্নিৰ স’তে সন্দীপনে দৈহিক সম্পৰ্ক গঢ়ি তোলে। বিন্নি সন্তান সম্ভৱা হ’ল।
সন্দীপনে লাহে লাহে হিন্দুত্ববাদী সংগঠনৰ কাম কাজবোৰ কৰি গৈ থাকে। সাম্প্ৰদায়িক শক্তিৰ কাম কাজ প্ৰসাৰ হ’বলৈ ধৰে। এইখিনিতে এটা কথা উল্লেখ কৰা দৰকাৰ। সত্যজিৎ ৰায়ৰ চিনেমাখনত এটা পাৰ্শ্ব চৰিত্ৰ আছিল। নাম অমূল্য। একেটা চৰিত্ৰ অপৰ্ণা সেনৰ চিনেমাখনতো আছে। সন্দীপনৰ অনুগামী। তাৰ এক বন্ধু হ’ল জোনাইড। সি মুছলিম। কিন্তু দুয়ো পৰম বন্ধু। নিখিলেশৰ ঘৰত থকা পুথিভঁৰালটো অমূল্যই ব্যৱহাৰ কৰে মাজে মাজে। কাৰণ তাৰ গুৰু সন্দীপনে কৈছে যে শত্ৰুক আক্ৰমণ কৰিবলৈ শত্ৰুৰ চিন্তা ভাৱনাবোৰ ভালদৰে জানিব লাগিব। সেয়ে নিখিলেশৰ লাইব্ৰেৰীত সি ইৰফান হাবিব আৰু ৰামিলা থাপাৰ পঢ়িবলৈ আৰম্ভ কৰিছে। পিছে গুৰুৰ সকীয়নিও পাহৰা নাই। গুৰুৱে কৈছে “চাবি যাতে secular হৈ নপৰ”। এদিন তাৰ নিখিলেশৰ স’তে পুথিভঁৰালত দেখা হ’ল। অমূল্যৰ স’তে কথা পাতি নিখিলেশে গম পালে যে আজি কিছু কাল ধৰি তাৰ স’তে জোনাইডৰ যেন কিছু গঢ় মিল হৈছে। আগতে ঈদৰ সময়ত জোনাইডৰ ঘৰৰ পৰা বিৰিয়ানিৰ স’তে নানান খাদ্য অমূল্যহঁতৰ ঘৰলৈ আহে। অমূল্য কিশোৰ। সেয়ে তাৰ মন নিৰ্মল। ৰাজনীতিৰ আওভাও নুবুজে। কিন্তু দেশৰ বাবে কিবা এটা কৰিব খোজে। সি ক্ৰমশঃ কলুষিত হ’ব ধৰিছে যদিওবা দুয়োৰে বন্ধুত্ব এতিয়াও আছে। সপ্তাহত তিনি চাৰিদিন লগ হয়। কিন্তু এটা দুৰ্ঘটনা ঘটিল। জোনাইডক কোনোবাই বাটত ধৰি ‘জয় শ্ৰীৰাম’ উচ্চাৰণ কৰিব দিছে। নহ’লে তাক প্রাণে মাৰিব বুলি ভাবুকি দিছে। এই কথা জানিব পাৰি অমুল্যই তাৰ গুৰু সন্দীপনৰ সহায় বিচাৰিলে। পাৰিলে পাৰ্টিক কৈ জোনাইডক বচাব লাগে। তাৰ উত্তৰত সন্দীপনে ক’লে যে এনে কামৰ বাবে পাৰ্টিৰ সময় নাই। এই কথাখিনি সন্দীপনে বিন্নীৰ সমুখতে ক’লে। সেই সময়ত সন্দীপন আছিল বিন্নীৰ লগত। সন্দীপন চিন্তিত আৰু বিধ্বস্ত হৈছে এটা কথাত। কথাটো হ’ল সন্দীপনৰ স’তে হোৱা দৈহিক মিলনত বিন্নী সন্তানৰ মাক হৈছে। উপায়হীনা বিন্নীয়ে সন্দীপনক এই সংকটৰ পৰা মুক্ত কৰিবলৈ অনুৰোধ কৰিছে। তাইক লৈ যাবলৈকো খাটনি ধৰিছে। সন্দীপন অটল। সি ক’লে যে তাৰ এটা ৰাজনৈতিক কেৰিয়াৰ আছে, তদুপৰি তাই দলিত। তাৰ এটা ভৱিষ্যত আছে আৰু বিন্নী পৰস্ত্রী। সেয়ে বিয়া কৰাব নোৱাৰে। বিন্নী ভাগি পৰিল চৰম হতাশা, অন্তৰ্দাহ আৰু দুখত। সেই ৰাতি বাষ্টাৰৰ পৰা উভতি আহি নিখিলেশে ভাল খবৰটো তাই কিয় জনোৱা নাই বুলি সোধাত সন্তানটি সন্দীপনৰ বুলি জনাবলৈ বাধ্য হ’ল। প্ৰচণ্ড যন্ত্ৰণাত নিশাটো পাৰ কৰি উদাৰমনা নিখিলেশে বিন্নীক ক’লে যে সেয়া তেওঁলোকৰ সন্তান, বিন্নীৰ সন্তান। নিখিলেশে সোঁৱৰাই দিয়ে বিন্নীক যে তাই সন্দীপনৰ ইমান কাষ চাপিব নালাগিছিল। অৱস্থা ইমানেই অৱনত হ’ল যে নিখিলেশে সন্দীপনক বিশ্ববিদ্যালয়ৰ অতিথিশালালৈ যোৱা উচিত বুলি ক’বলে বাধ্য হ’ল। সত্যজিৎ ৰায়ৰ সন্দীপনৰ দৰে অপৰ্ণা সেনৰ সন্দীপনেও কৈছিল যে প্ৰেমত ঔচিত্যবোধৰ কোনো স্থান নাই। আৰু কৈছিল “heart has a reason”। বিমলাৰ প্ৰতি দুয়োজন সন্দীপনৰে প্ৰেম নাই আছে যৌনতাৰ ক্ষুধাগ্নি আৰু শঠতা।
ইতিমধ্যে জোনাইডক ৰেলত এদলে হত্যা কৰিছে। নিখিলেশহঁতৰ গ্ৰুপটোৱে মম জ্বলাই শোভাযাত্ৰা কৰিবলৈ ঠিক কৰিছে ইণ্ডিয়া গেটত জোনাইডৰ সোঁৱৰণত। অমূল্যও আছে সেই শোভাযাত্ৰাত। এনেতে খবৰ পালে যে কোনোবাই নিখিলেশক শেষ কৰিবৰ বাবে চেষ্টা চলাইছে। অমূল্যই নিখিলেশক বুজাব খুজিছে। কিন্তু কোলাহলত একো শুনা নাযায়। অহিংস শোভাযাত্ৰী সকলৰ ওপৰত ইতিমধ্যে শিলাবৃষ্টি হৈছেই। শোভাযাত্ৰীৰ মূৰ ফাটিছে। উপায়হীন অমূল্য বিন্নীৰ কাষ পালেহি। আৰু সকলো কথা বিন্নীক ক’লে। বিন্নীয়ে সেইদিনা দেখিলে কি দৰে নিখিলেশক ভয় ভাবুকিৰে লিখা পোষ্টকাৰ্ডবোৰ ঘৰত পৰি আছে। উপায়হীনা বিন্নীয়ে আকৌ সন্দীপনৰ সহায় বিচাৰে। সন্দীপনে মিছাতে সহায় কৰাৰ আখৰা কৰিছে। কিয়নো সন্দীপনৰ জ্ঞাতেই এইবোৰ হৈছে। বিন্নী অলপ আঁতৰ হওঁতে সন্দীপনে পাৰ্টিৰ মানুহৰ লগত ফোনত ক’লে যে প্ৰাণে মাৰিব নালাগে। বিন্নীয়েও শুনা পাইছিল অস্পষ্টভাৱে। সন্দীপনে পৰামৰ্শ দিছে- ধমকি দিব লাগে আৰু ধমকিৰে কাম নিসিজিলে শেষ কৰি দিব লাগে। লোভী সন্দীপনে আৰু কি কৰিব পাৰে কিয়নো তেওঁক পাৰ্টিয়ে ৰাজ্যসভাৰ সাংসদ কৰি পঠোৱাৰ কথা দিছে। অলপ পাছতে শুনা গ’ল গুলীৰ শব্দ। পদুলিতে নিখিলেশ গুলীবিদ্ধ হ’ল।
কি অসামান্য দক্ষতাৰে অপৰ্ণা সেনে একেখন উপন্যাসৰ কাহিনীটো আজিৰ সময়ত উপস্থাপন কৰিছে সেইটো এটা বিস্ময়। চৰিত্ৰবোৰৰ মূল কথাবোৰ একেই ৰাখি পৰৱৰ্তী পৰিস্থিতিত কিদৰে এখন সফল চিনেমা কৰিলে ভাবি আচৰিত হ’লোঁ। “ঘরে বাইরে আজ” বুলি চিনেমাখনৰ নাম দিয়াটো যথাৰ্থ হৈছে।
সাংবাদিকে নিখিলেশৰ মৃত্যুৰ কাৰণ সোধোতে সন্দীপনে মাওবাদীসকলে হত্যা কৰা বুলি ক’লে। শেহত বিন্নীৰ হতাশা আৰু ঘৃণাই এনে পৰ্যায় পালেগৈ যে সন্দীপনে লুকুৱাই ৰাখিবলৈ দিয়া পিষ্টলেৰে বিন্নীয়ে সন্দীপনক হত্যা কৰে।
শেষ দৃশ্য দুয়োখন চিনেমাত পৃথক হ’ল। কিয় হ’ল পৰিচালিকা অপৰ্ণা সেনে হয়তো তাৰ উত্তৰ দিব পাৰিব। হয়তো এয়া পৰিচালিকাৰ স্বাধীনতা।