কেন্দ্ৰীয় নিবন্ধ

জ্যৰ্ডানো ব্ৰুনো : বিজ্ঞানৰ  ছহীদ আৰু সাহসৰ  চিৰজ্যোতিষ্মান প্ৰতীক— (ড০ পৱন কুমাৰ চহৰীয়া)

ইটালীৰ দক্ষিণ অঞ্চলৰ নেপ’লছৰ পূব প্ৰান্তত বিছুবিয়াছ পৰ্বতমালাৰ কাষত অৱস্থিত এখন সৰু চহৰ হৈছে নোলা। ষোল্ল শতিকাৰ মাজভাগত ১৫৪৮ চনত ইয়াতেই জন্ম হৈছিল মুক্ত মন আৰু সাহসৰ প্ৰতীকৰূপে গণ্য বিজ্ঞানৰ প্ৰথম ছহিদ জ্যৰ্ডানো  ব্ৰুনোৰ। ব্ৰুনো একেধাৰে আছিল এজন দাৰ্শনিক, কবি, গণিতজ্ঞ আৰু  জ্যোতিৰ্বিদ। ষোল্ল  শতিকাৰ দ্বিতীয়াৰ্ধৰ শেষভাগত ব্ৰুনোৰ বৈপ্লৱিক চিন্তাধাৰাই সমগ্ৰ ইউৰোপত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছিল। নিজে এজন ধৰ্মযাজক হৈ জীৱন আৰম্ভ কৰিলেও ধৰ্মশাস্ত্ৰৰ গভীৰ অধ্যয়নে তাত অন্তৰ্নিহিত সাৰমৰ্মহীনতা উদঙাই দিয়াৰ কাৰণে ধৰ্মৰক্ষকসকলেই তেওঁক গাত জুই দি হত্যা কৰিছিল।

ব্ৰুন’ৰ দেউতাক আছিল স্পেনিছ সম্ৰাটৰ এজন সৈনিক। সেই সময়ত নেপ’লছ স্পেইনৰ অধীনত আছিল। চোকা বুদ্ধিৰ যিকোনো সন্তানকেই সেই সময়ত মাক দেউতাকে গীৰ্জাত শিক্ষা দি ধৰ্মযাজক কৰাৰ সপোন দেখাৰ দৰে ব্ৰুন’ৰ দেউতাকেও ব্ৰুন’ক ধৰ্মযাজক কৰাৰ সপোন দেখিছিল। জীৱিকাৰ সেইটোৱেই এক উৎকৃষ্ট পন্থা হিচাবে বিবেচিত হৈছিল। সেই উদ্দেশ্যেই নেপ’লছৰ ডমিনিকান  কন্‌ভেণ্টত ১৫৬৫ চনত  ব্ৰুন’ ভৰ্তি হৈছিল আৰু তাতেই তেওঁ জ্যৰ্ডানো (Giordano) নাম গ্ৰহণ কৰিছিল। খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাৰ সময়ত তেওঁৰ নাম দিছিল ফিলিপ। কিন্তু দৰাচলতে ধৰ্মৰ প্ৰতি আগ্ৰহী হৈ নে সেই ডমিনিকান কন্‌ভেণ্টত থকা অজস্ৰ কিতাপৰ আকৰ্ষণত তাত সোমাইছিল তাত বহুতৰে সন্দেহ আছে। ডমিনিকান কনভেণ্টততেই তিনিশ বছৰ আগতে খ্ৰীষ্টধৰ্মৰ এজন বিখ্যাত দাৰ্শনিক তথা প্ৰচাৰক থমাচ একুইনাছ আছিল আৰু তেওঁৰ সমগ্ৰ গ্ৰন্থ তাত উপলব্ধ আছিল। এই কনভেণ্টত ব্ৰুন’ প্ৰায় তেৰ বছৰকাল আছিল আৰু এইখিনি সময়তে প্ৰাচীন দৰ্শন, সাহিত্য, ধৰ্মগ্ৰন্থসমূহ অতি গভীৰভাবে পঢ়িছিল। পাইঠাগোৰাছ, প্লটিনাছ, এৰিষ্টটল, ডেমক্ৰিটাছ, এৰিষ্টাৰ্কাছ, লুক্ৰেটিয়াছ আদি দাৰ্শনিক সকলৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল। অৱশ্যে  পিছলৈ এৰিষ্টটলৰ মতবাদৰ ঘোৰ বিৰোধী হৈছিল, দেখুৱাই দিছিল যে এৰিষ্টটলৰ কাৰণেই পাশ্চাত্যত বিজ্ঞানৰ গতি ৰুদ্ধ হৈছিল। যদিও গীৰ্জাৰ চাৰিবেৰৰ ভিতৰত নিয়মৰ মাজত তেওঁ এইবোৰ অধ্যয়ন কৰিছিল, ব্ৰুন’ৰ যি মুক্ত মন সেই মুক্ত মনক কিন্তু ধৰ্মৰ নীতি নিৰ্দেশনাই শিকলি লগাব নোৱাৰিলে। নেপ’লছত থকা সময়ৰে পৰা যাজকসকলৰ কৰ্মকাণ্ড আৰু বাইবেলত থকা অনেক অবিশ্বাস্য কাহিনীৰ বিৰুদ্ধে তেওঁ বন্ধুবৰ্গৰ আগত ক’বলৈ আৰম্ভ কৰিছিল। ধৰ্মযাজকসকলক তেওঁ ‘দুৰ্গন্ধৰে ভৰা বিষণ্ণ মনৰ আৰু কাৰোবাৰ কষ্টৰ ওপৰত জীয়াই থকা পৰজীৱি’ ( ‘a foul smelling melancholy, living parasitically on others labour’) বুলি ইটো-সিটোৰ আগত কৈছিল। নিজৰ ৰুমৰ পৰাও হেনো অকল ক্ৰুছৰ বাহিৰে বাকী পূৰ্ব সন্তসকলৰ ছবিসমূহ আঁতৰাই দিছিল। এনেকুৱা কাৰ্য আৰু কথাবাৰ্তাৰ কাৰণে লাহে লাহে তেওঁক সকলোৱে সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছিল। ব্ৰুন’ই নিজে লিখামতে তেওঁৰ ওঠৰ বছৰমান বয়সৰ পৰাই তেওঁ খৃষ্টধৰ্মৰ বিভিন্ন ৰহস্যময় কাহিনী আৰু ইয়াৰ মূল বিশ্বাস ত্ৰয়াত্মা (পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা)ক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল। এক অনুসন্ধিৎসু, মুক্ত আৰু প্ৰশ্ন কৰাৰ সাহস থকা মনত এই প্ৰশ্নসমূহ স্বাভাৱিকতেই উৎপন্ন হোৱাৰে কথা। কিন্তু ব্ৰুন’ৰ জীৱনৰ গতি আৰু ভাগ্য সলাই পেলালে এই গীৰ্জাত থাকোঁতে পঢ়িবলৈ পোৱা কপাৰ্নিকাছৰ ‘De Revolutionibus Orbium Coelestium.’ নামৰ জ্যোতিৰ্বিজ্ঞানৰ গ্ৰন্থখনে। এই গ্ৰন্থ পঢ়াৰ পাছতেই ব্ৰুনুৱে হেনো নিজকে  সম্পূৰ্ণৰূপে  শিকলিমুক্ত অনুভৱ কৰিলে, মুক্ত আৰু স্বাধীন মনটোৱে আৰু এখন যেন নতুন ডেউকা পালে। ইমান দিনলৈকে টলেমীয়ে দিয়া আৰু বাইবেলত থকা পৃথিৱীকেন্দ্ৰিক বিশ্বৰ ধাৰণাকেই তেৱোঁ সত্য বুলি ভাবি আহিছিল। সূৰ্য স্থিৰ, পৃথিৱীকে আদি কৰি আন গ্ৰহবোৰহে সূৰ্যৰ চাৰিওফালে ঘূৰে; কপাৰ্নিকাছৰ এই সূৰ্যকেন্দ্ৰিক বিশ্বৰ তত্ব পঢ়ি তেওঁ ইমানেই মুগ্ধ  হৈ পৰিছিল যে তেতিয়াই তেওঁ পোলেণ্ডলৈ গৈ কপাৰ্নিকাছৰ  সমাধিস্থানত তেওঁলৈ শ্ৰদ্ধা জনাইছিল। কিন্তু এই গ্ৰন্থৰ বিষয়ে নিজৰ মতামত মুকলিকৈ ক’বলৈ আৰম্ভ কৰাৰ লগে লগে ব্ৰুন’ৰ জীৱনলৈ ভাবুকি আহিব ধৰিলে। তেতিয়ালৈকে কপাৰ্নিকাছৰ এই গ্ৰন্থখন ৰোমান কেথলিক গীৰ্জাই নিষিদ্ধ বুলি ঘোষণা কৰা নাছিল। ইয়াৰ কাৰণ আছিল গ্ৰন্থখন পোপলৈ উছৰ্গা কৰা হৈছিল  আৰু পাতনিত প্ৰকাশকে লিখিছিল যে এইবোৰ সত্য কথা নহয়, মাত্ৰ জ্যোতিৰ্বিজ্ঞানত সহায় কৰিব পৰা কিছু গণনাহে। অতি প্ৰখৰ বুদ্ধি আৰু স্বাধীন মনৰ ব্ৰুন’ৰ পাতনিত লিখা এই কথা বিশ্বাস নহ’ল। মনতে তেওঁৰ প্ৰশ্ন হ’ল, এইবোৰ সঁচা নহ’লে প্ৰায় পাঁচশ পৃষ্ঠাৰ ইমান ডাঙৰ কিতাপ এখন কিয় লিখিলেহেঁতেন?  তেওঁ কৈ ফুৰিব ধৰিলে যে কপাৰ্নিকাছৰ গ্ৰন্থত থকাৰ দৰে  সূৰ্যৰ চাৰিওফালে পৃথিৱী আৰু আন গ্ৰহবোৰ ঘূৰাটো সঁচা কথা, পাতনিটো ‘কোনোবা মূৰ্খই আন কিছুমান মূৰ্খৰ কাৰণেহে লিখিছে।’ উল্লেখযোগ্য যে জীৱনৰ শেষ সময়ত কপাৰ্নিকাছ যেতিয়া শয্যা পাটীত পৰি আছিল তেতিয়াই তেওঁৰ এক বন্ধু অছিয়াণ্ডাৰে ওপৰত উল্লেখ কৰা ধৰণে পাতনি লিখিবলৈ তেওঁক অনুৰোধ কৰিছিল, কিন্তু কপাৰ্নিকাছ মান্তি হোৱা নাছিল। কপাৰনিকাছৰ গ্ৰন্থখন তেওঁৰ মৃত্যুৰ ঠিক আগমুহূৰ্তত প্ৰকাশ হৈছিল জাৰ্মানীৰ নুৰেমবাৰ্গৰপৰা ১৫৪৩ চনত। প্ৰাচীন গ্ৰীক জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ এৰিষ্টাৰকাছেও (Aristarcus of Samos খ্ৰী:পূ: ৩১০-খ্ৰী:পূ: ২৩০) সূৰ্যকেন্দ্ৰিক বিশ্বৰ ধাৰণা আগবঢ়াইছিল, কপাৰ্নিকাছে তেওঁক স্বীকাৰ কৰি, তেওঁৰ নামো উল্লেখ কৰিছিল।  কিন্তু আন্দ্ৰে অছিয়াণ্ডাৰে কৰা সম্পাদনাত এই নাম কাটি দিয়া হৈছিল, যাৰ কাৰণে কপাৰ্নিকাছ সমালোচনাৰ সন্মূখীন হৈছিল, কাৰোবাৰ ধাৰণা চুৰ কৰি নিজৰ বুলি কোৱাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। সৌভাগ্যৰ কথা কপাৰনিকাছে প্ৰকাশকক দিয়াৰ আগতে এটা কপি নিজৰ হাতত ৰাখিছিল। প্ৰথম প্ৰকাশৰ প্ৰায় ২৫০ বছৰ পাছত যেতিয়া মূল কপিটো আৱিষ্কাৰ হৈছিল তেতিয়াহে সকলো কথা পোহৰলৈ আহিছিল। প্ৰকাশকজন নিজেই অত্যন্ত ধৰ্মভীৰু আছিল আৰু পোপক সন্তুষ্ট কৰিবলৈকে এনে মিথ্যাৰ আশ্ৰয় লৈছিল। এনেকুৱা কাহিনী আজিও আমাৰ সমাজত নোপোৱা নহয়। প্ৰখৰ অন্তৰ্দৃষ্টি আৰু যুক্তিৰে ব্ৰুন’ই যি ভাবিছিল সেইটোৱে আচল সত্য আছিল। অৱশ্যে ব্ৰুন’ই এই মূল কপিটোৰ কথা নজনাকৈয়ে এই পৃথিৱীৰপৰা বিদায় লৈছিল।

ধৰ্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে যোৱা বুলি ব্ৰুন’ৰ বিৰুদ্ধে অভিযোগ উঠিল। মুক্ত মনৰ ব্ৰুন’ৰ পক্ষেও ধৰ্মযাজকসকলৰ বিভিন্ন ব্যভিচাৰ আৰু বাইবেলত থকা মিথ্যা কাহিনীৰ প্ৰচাৰ আদিৰ কথা নোকোৱাকৈ থকা সম্ভৱ নহ’ল। তেওঁৰ জীৱনলৈ ভাবুকি আহিল, তেওঁক সোনকালেই গ্ৰেপ্তাৰ কৰি জুইত পুৰি মৰা হ’ব বুলি ওলোৱা কথাও আহি তেওঁৰ  কাণত পৰিল। তেওঁৰ পক্ষে আৰু নেপ’লছত থকা সম্ভৱ নহয়। ২৮ বছৰ বয়সত ১৫৭৬ চনত তেওঁ গীৰ্জাত লোৱা শপত পৰিত্যাগ কৰি সত্য আৰু যুক্তিৰ কাৰণে জীৱন উছৰ্গাৰ সংকল্প লৈ জন্মভূমি পৰিত্যাগ কৰি ৰোমলৈ গুচি গ’ল। কিন্তু তেওঁ দেখিলে যে ৰোমো তেওঁৰ কাৰণে বিপদমুক্ত নহয়, তাতো স্বাধীন আৰু মুক্তমনৰ স্থান নাই। ইয়াৰ পিছৰ প্ৰায় ১৪ বছৰকাল তেওঁ ইউৰোপৰ বিভিন্ন দেশলৈ গৈ নিজৰ দৰ্শন আৰু বিশেষকৈ কপাৰ্নিকাছৰ তত্ব প্ৰচাৰত ব্ৰতী হৈছিল আৰু এইখিনি সময়তে তেওঁৰ লেখনীসমূহ লিখি উলিয়াইছিল বা প্ৰকাশ কৰিছিল। ৰোমৰপৰা জেনেভাত উপস্থিত হৈ কেথলিক ধৰ্ম পৰিত্যাগ কৰি কেলভিনিজিম গ্ৰহণ কৰিছিল এই আশাত যে অন্ততঃ সেই পৰিৱেশে তেওঁৰ স্বাধীন মনক কিছু হ’লেও স্বাধীনতা দিব। কিন্তু তাতো সেই একেই পৰিৱেশ, কপাৰ্নিকাছৰ তত্বৰ কথা কোৱাৰ কাৰণে তেওঁক বন্দী কৰিলে আৰু পাছত জেনেভা এৰিবলৈ বাধ্য কৰিলে। তাৰ পৰাও বিতাৰিত হ’ল। জেনেভাৰ পৰা ফ্ৰান্স পালেগৈ ১৫৭৯ চনত। তাত তেতিয়া তেওঁৰ বাবে পৰিৱেশ কিছু অনুকুল আছিল। তাৰ ৰজা হেনৰী তৃতীয়ৰ পৃষ্ঠপোষকতাত ৰাজকীয় কলেজত অধ্যাপনাৰ সুযোগো পালে। কিছুদিন পাছতে ৰজাই তেওঁক লণ্ডনস্থিত ফ্ৰান্সৰ দূতাবাসলৈ পঠিয়ালে। ইংলণ্ডত থকা সময়ত ব্ৰুন’ই অক্সফৰ্ডলৈ আহি তাৰ বিদ্বান সমাজত কপাৰ্নিকাছৰ তত্বৰ ওপৰত বহুতো বক্তৃতা প্ৰদান কৰিলে যদিও কাকো এই তত্ত্বৰ বিষয়ে পতিয়ন নিয়াব নোৱাৰিলে। পুনৰ পেৰিচলৈ উভটি আহিল ১৫৮৫ চনত, কিন্তু তাতো আগৰ সেই পৰিৱেশ নাছিল। ইয়াৰ পাছত তেওঁ জাৰ্মানীৰ বিভিন্ন চহৰত বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁৰ দৰ্শন আৰু বিশেষকৈ কপাৰনিকাছৰ তত্ত্বৰ ওপৰত বক্তৃতা দি ঘূৰি ফুৰিছিল। ক’তো থিতাপি লাগিব পৰা নাছিল, সকলোতে তেওঁৰ মতবাদ ভাল পোৱা মানুহতকৈ শত্ৰুহে বেছি হৈছিল। এই যাযাবৰী জীৱনৰ সময়ছোৱাতে তেওঁ লিখি উলিয়াইছিল তেওঁৰ চিন্তাধাৰাৰ ফচল “Italian Dialogue.”। ১৫৯১ চনত পুনৰ নিজৰ জন্মভূমিলৈ উভটি আহিল পিছা বিশ্ববিদ্যালয়ত এক চাকৰি পোৱাৰ আশাত। অৱশেষত সেইটোও নাপালে। ইতিমধ্যে যাজকবাহিনী তেওঁৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। সেই বছৰতে তেওঁৰে এজন বন্ধু  ভেনিছৰ  জিওভান্নি ম’চেনিগ’ৰ  আমন্ত্ৰণক্ৰমে এক ষড়যন্ত্ৰত গম নোপোৱাকৈয়ে তেওঁ ভৰি দিলে আৰু ভেনিছত তেওঁৰ তাতে আলহী হ’ল। ইয়াতেই আৰম্ভ হ’ল এক বিপ্লৱী জীৱনৰ কৰুণ পৰিণতিৰ আৰম্ভণি।

ব্ৰুন’ৰ কৰ্মৰাজি :

ব্ৰুন’ৰ ধাৰ্মিক দৰ্শনৰ ভেটি আছিল নিৰীশ্বৰবাদ আৰু অদ্বৈতবাদ। মানুহৰ বিবেক, বুদ্ধিৰ ওপৰত ভাৰসা ৰখা আৰু মানুহৰ কাৰ্যত হস্তক্ষেপ নকৰা এক নিৰ্বিকাৰ ঈশ্বৰৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল। খ্ৰীষ্টান ধৰ্মত থকা বিশ্বাস মতে প্ৰকৃতি সম্বন্ধে মানুহৰ অজ্ঞতাই মানুহক ঈশ্বৰৰ ওচৰ চপাই নিয়ে আৰু এই অজ্ঞতাক স্বীকাৰ কৰি ভগৱানৰ ওপৰত বিশ্বাস আৰু তেওঁ দিয়া দৈৱবাণীৰ জড়িয়তেহে মানুহে প্ৰকৃত জ্ঞানৰ সন্ধান পায় আৰু এই দৈৱজ্ঞান সকলো মানৱীয় জ্ঞানতকৈ শ্ৰেষ্ঠ। খৃষ্টধৰ্মৰ এই বাণী তেওঁ দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰিছিল। তেওঁৰ মতে জ্ঞান আহৰণৰ ক্ষেত্ৰত বিনয়, আজ্ঞানুবৰ্তিতা, ভীৰু স্বভাৱ কেবল মূৰ্খৰহে গুণ, বাস্তৱ জীৱনত বৌদ্ধিক অনুশীলনত সেইবোৰ গুণৰ কোনো প্ৰয়োজন নাই। প্ৰকৃত ধৰ্মৰ কাম হ’ল মানুহৰ দেহ আৰু মনৰ শক্তিক, জাগতিক গৰিমা আৰু কৰ্মক উৎফুল্লিত কৰা, পৰজন্ম আৰু স্বৰগ-নৰকৰ পুৰস্কাৰ আৰু শাস্তিৰে বাস্তৱ জগতৰ কৰ্মৰ পৰা বিৰত ৰখাটো ধৰ্মৰ কাম নহয়। পূৰ্বনিৰ্দ্ধাৰিত ভাগ্য, স্পিৰিট, কেৱল ঈশ্বৰৰ ওপৰত বিশ্বাসৰ জৰিয়তেহে মানুহে ন্যায় পোৱাৰ ধৰ্মগ্ৰন্থৰ যি বাণী সেইবোৰ তেওঁ সুস্থ সামাজিক পৰিৱেশ, ৰাজনৈতিক স্থিৰতা তথা অধিকাৰ আৰু বৈষয়িক উন্নতিৰ  পৰিপন্থী বুলি প্ৰচাৰ কৰিছিল। ব্ৰুন’ৰ অদ্বৈতবাদ (pantheism) আছিল প্ৰকৃতি আৰু ঈশ্বৰক এক কৰা। বস্তুসমূহতেই প্ৰকৃতিয়ে ভগৱান হৈ বিৰাজ কৰে। (‘Nature is God in things’)। প্ৰকৃতি ভগৱানতকৈ কম নহয়, প্ৰকৃতিয়েই বিশ্বৰ আত্মা আৰু বুদ্ধি। সোতৰ শতিকাৰ আমষ্টাৰদমৰ ইহুদী দাৰ্শনিক স্পিনোজাৰ প্ৰকৃতিয়েই ভগৱান আৰু কুৰি শতিকাৰ আইনষ্টাইনৰ মহাজগতিক ধৰ্ম আৰু ভগৱানৰ লগত ইয়াৰ সাদৃশ্য আছিল। এক বিশ্বজনীন সত্তাই বিশ্বজনীন পদাৰ্থৰ লগ লাগিয়েই আমাৰ বিশ্ব সৃষ্টি কৰিছে। সকলোবিলাক বস্তু ভগৱানেই (মানে প্ৰকৃতিয়েই) এই সত্তা আৰু পদাৰ্থৰ সহায়ত সৃষ্টি কৰিছে।

গীৰ্জাৰ অন্ধ নীতিনিয়মৰ তেওঁ ভীষণভাৱে সমালোচনা কৰিছিল। যীশুখ্ৰীষ্টৰ দৈৱত্য আৰু কুমাৰী মেৰীৰ বৰ্ণনাসমূহ অবাস্তৱ আৰু মানৱীয় চিন্তাৰ বাহিৰত বুলি সমালোচনা কৰিছিল আৰু খ্ৰীষ্টধৰ্মৰ যি ত্ৰিনিটি সেয়া এক কাল্পনিক অবাস্তৱ কথা বুলি উপহাস কৰিছিল। যীশু মহান আছিল কোনো দৈৱিক বা অতিপ্ৰাকৃতিক গুণৰ কাৰণে নহয়, তেওঁ কৰা বহুতো মহান কামৰ কাৰণেহে। যাজকসকলৰ কুকীৰ্তি, দুৰ্নীতি তেওঁ উদঙাই দিছিল। ধৰ্মশাস্ত্ৰসমূহ নৈতিক শিক্ষাৰ কাৰণেহে পঢ়িব লাগে, সেইবোৰ কোনো জ্যোতিৰ্বিজ্ঞান সম্বন্ধীয় বা প্ৰকৃতিৰ নিয়ম উদ্‌ঘটনৰ উৎস হিচাবে ব্যৱহাৰ কৰিব নালাগে। লগতে তেওঁ এইটোও কৈছিল যে ধৰ্মশাস্ত্ৰ কেৱল অশিক্ষিত আৰু অজ্ঞান মানুহক উপদেশ দিবৰ কাৰণেহে প্ৰয়োজনীয় হ’ব পাৰে, দাৰ্শনিক বা উচ্চ বুদ্ধিৰ মানুহে  নিজেই নিজকে এনেকুৱা শিক্ষা দিব পাৰে, তেওঁলোকৰ কাৰণে ধৰ্মগ্ৰন্থই দিয়া শিক্ষাৰ প্ৰয়োজন নাই। কুৰি শতিকাৰ এজন বিখ্যাত পদাৰ্থবিজ্ঞানী ন’বেল বঁটা বিজয়ী ষ্টিভেন ৱেইনবাৰ্গৰ এষাৰ কথা এই প্ৰসংগতে উল্লেখযোগ্য। তেওঁ এবাৰ কৈছিল যে, “With or without religion, good people can behave well and bad people can do evil; but for good people to do evil— that takes religion. Religion is an insult to human dignity. Without it you would have good people doing good things and evil people doing evil things.”

বাইবেল বা ইহুদীৰ ধৰ্মগ্ৰন্থৰ বিবিধ উপাদানৰ বিষয়ে কৰা তিৰ্যক মন্তব্যই যাজকগোষ্ঠীক যিমান অপ্ৰস্তুত কৰিছিল সিমানেই অপ্ৰস্তুত  কৰিছিল ব্ৰুন’ৰ বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে কৰা মন্তব্যসমূহে। সৃষ্টিতত্ত্ব সম্বন্ধে জাৰ্মান দাৰ্শনিক আৰু গীৰ্জাৰ কাৰ্ডিনেল নিকোলাচ দি কুচা (1401-64)ৰ তেওঁ অনুগামী আছিল। পৃথিৱী যে স্থিৰ নহয় আৰু বিশ্বৰ কেন্দ্ৰও নহয় আৰু বিশ্বখন যে সসীম নহয় অসীমহে, তেনেকুৱা এটা ধাৰণা তেৱেঁই দিছিল। কপাৰ্নিকাছৰ সূৰ্যকেন্দ্ৰিক বিশ্বৰ মডেল আৰু কুচাৰ ধাৰণাৰ ভিত্তিত ব্ৰুন’ৰ বিশ্ব সম্বন্ধে ধাৰণাসমূহ সৃষ্টি হৈছিল। নিজৰ অন্তৰ্দৃষ্টি, স্বাধীনভাৱে চিন্তা কৰিব পৰা মনৰ সহায়ত তেওঁ  কপাৰ্নিকাছৰ তত্ত্বৰ ভিতৰতে কপাৰ্নিকাছে দেখা নোপোৱা সত্যৰ  সম্ভেদ পাইছিল। ব্ৰুন’ই দেখুৱাইছিল যে কপাৰ্নিকাছৰ সূৰ্যকেন্দ্ৰিক বিশ্বৰ তত্ত্বৰ ভিতৰতে বিশ্বখন সসীম আৰু একক বুলি থকা এৰিষ্টটলীয় ধাৰণা যে ভুল সেই কথা লুকাই আছিল। এৰিষ্টটল, টলেমীয়ে আমাৰ বিশ্বখন কিছুমান ঐককেন্দ্ৰিক গোলকৰ দ্বাৰা গঠিত বুলি ভাবিছিল আৰু পৃথিৱী ইয়াৰ কেন্দ্ৰস্থলত অৱস্থিত বুলি কৈছিল। কপাৰ্নিকাছ আৰু কেপ্লাৰেও সূৰ্যকেন্দ্ৰিক বিশ্বৰ কথা ক’লেও বিশ্বখন গোলক বুলিয়েই ভাবিছিল। ব্ৰুন’ই ক’লে যে আমাৰ বিশ্বখন অসীম, ইয়াৰ কোনো কেন্দ্ৰ নাই, ইয়াত অসীম সংখ্যক সূৰ্যৰ দৰে তৰা আছে আৰু সকলোবিলাক তৰাৰে সূৰ্যৰ দৰে গ্ৰহ-উপগ্ৰহৰে ভৰপূৰ একো একোখন সৌৰজগত আছে। গতিকে অসীম সংখ্যক আমাৰ দৰে পৃথিৱীও আছে। পৃথিৱী বিশ্বৰ স্থিৰ কেন্দ্ৰ নহয়। অসীম বিশ্বৰ কেন্দ্ৰ বুলি কোনো বস্তুৱেই থাকিব নোৱাৰে। বিজ্ঞানৰ ইতিহাসবিদে কয় যে এই অসীম বিশ্বৰ ধাৰণাটোহে ধৰ্মযাজকসকলে কোনোপধ্যে সহ্য কৰিব পৰা নাছিল। অসীম সংখ্যক পৃথিৱী মানে ভগৱান যিশুখ্ৰীষ্ট একক নহয়। এখনতকৈ বেছি পৃথিৱী মানে এজনতকৈ বেছি যিশুখৃষ্টৰ প্ৰয়োজন। এক ঈশ্বৰ, এক  যিশুখৃষ্টৰ সমগ্ৰ ধাৰণাটোকে তেওঁৰ এই অসীম বিশ্বৰ ধাৰণাই উৰুৱাই দিলে। খ্ৰী: ৩৮৪ তে ফিলাষ্টাৰ নামৰ এজন বিছপে (Philaster, Bishop of Brescia),  তেওঁৰ  Book on Heresies ত বহু পৃথিৱীৰ ধাৰণাক ধৰ্মদ্ৰোহিতা বুলি উল্লেখ কৰিছিল আৰু পাছত চেইণ্ট অগষ্টাইন, ইসিডৰ প্ৰভৃতি অনেক খ্ৰীষ্টধৰ্মৰ দাৰ্শনিকে ইয়াক সমৰ্থনো কৰিছিল। ব্ৰুন’ৰ বিচাৰৰ সময়ত ইনকুজিটৰসকলে বেছিভাগ সময়ত এই বহুবিশ্বৰ ধাৰণাৰ কথাহে বাকীবিলাক ধৰ্মবিৰুদ্ধ কথাতকৈ বেছিকৈ উল্লেখ কৰিছিল। খ্ৰীষ্টধৰ্মৰ অনেক পুৰোহিতে মানিব নুখুজিলেও ব্ৰুন’ৰ বিৰুদ্ধে প্ৰধান অভিযোগ যে এই বহু বিশ্বৰ ধাৰণাটোহে আছিল  সেইটো সত্য। ব্ৰুন’ৰ সেই বহুবিশ্বৰ ধাৰণা আজি বিজ্ঞানীয়ে পৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছে। এতিয়ালৈকে বিজ্ঞানীয়ে প্ৰায় পাঁচহাজাৰৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছে হাতীপটি তাৰকাৰাজ্যৰ এক অতি ক্ষুদ্ৰ অঞ্চলতে। প্ৰতিটো বহি:গ্ৰহৰ আৱিষ্কাৰে যেন বাৰে বাৰে ব্ৰুন’কেই সঁচা বুলি প্ৰমাণ কৰে আৰু সকলোকে বুৰঞ্জীৰ সেই নিৰ্মম হত্যাকাণ্ডলৈকে আকৌ এবাৰ  মনত পেলাই দিয়ে।

ব্ৰুন’ৰ বন্দীত্বৰ জীৱন আৰু মৃত্যু:

যি বিশ্বাসঘাতকতাৰে ব্ৰুন’ক হত্যাৰ ষড়যন্ত্ৰ ৰচা হ’ল সেয়াও ইতিহাসৰ এক ক’লা অধ্যায়। তেওঁৰেই বন্ধু ভেনিচৰ এক সম্ভ্ৰান্ত নাগৰিক জিওভান্নি ম’চেনিগ’ই তেওঁক আশ্ৰয় আৰু সংস্থাপনৰ আশা দি মাতি পঠিয়ালে। জন্মভূমিক এৰি বিদেশত ঘূৰি ফুৰি এক যাযাবৰী জীৱন কটাই ব্ৰুন’ও ভাগৰি পৰিছিল, জন্মভূমিয়ে মাতিয়ে আছিল। ১৫৯১ চনৰ আগষ্টত ব্ৰুন’ আহি ভেনিচত উপস্থিত হ’ল। ভেনিচ সেই সময়ৰ ইটালীৰ সকলো নগৰীতকৈ ধৰ্মীয় গোড়ামিৰ ক্ষেত্ৰত বহু লিবাৰেল বুলি নাম আছিল। সেই সময়তে পাদুৱা বিশ্ববিদ্যালয়ত খালী হোৱা গণিতৰ এক অধ্যাপকৰ চাকৰি পোৱাৰ আশাও তেওঁ কৰিছিল। কিন্তু সেইটো নাপাই পুনৰ উভটি আহিল ভেনিচলৈ আৰু ভেনিচৰ সম্ভ্ৰান্ত লোকৰ লগত পুনৰ তেওঁৰ দৰ্শন আৰু কচ্‌মলজিৰ বিষয়ে মুক্তমনে বক্তৃতা দিবলৈ আৰম্ভ কৰে। ব্ৰুন’ই তেওঁৰ এক নতুন গ্ৰন্থ প্ৰকাশৰ কাৰণে ফ্ৰাংফুৰতলৈ যোৱাৰ পৰিকল্পনাও কৰিছিল। কিন্তু তেওঁৰ আশ্ৰয়দাতা কিন্তু ভিতৰি শত্ৰু ম’চেনিগ’ৰ পৰিকল্পনা আছিল বেলেগ। এবাৰ ইটালীৰপৰা ওলাই গ’লে আৰু ওভটাই অনা সহজ নহ’ব বুলি ভাবি অতি বিশ্বাসঘাতকতাৰে ধৰ্মদ্ৰোহী বুলি ভেনিচৰ ইনকুইজিচনৰ (ধৰ্মীয় অপৰাধৰ বিচাৰ কৰা আদালত) হাতত গতাই দিয়ে। এচাম ধৰ্মযাজক আৰু ৰাজকীয় সৈন্যৰ এক দলে আহি ব্ৰুন’ক বন্দী কৰি লৈ যায় আৰু তেওঁৰ বিচাৰ চলে ভেনিচৰ ধৰ্মযাজকৰ আদালতত। এয়া ১৫৯২ চনৰ মে’ মাহৰ ঘটনা। পিছৰ বছৰ ৰোমৰ ইনকুইজিচনে তেওঁক ৰোমলৈ লৈ যায় আৰু পোপৰ  মুখ্য কাৰ্যালয়ত থকা জেইলত নিক্ষেপ কৰে। এটা সৰু ৰুম, ওপৰত সীহৰ পাত এচতা। গৰমৰ দিনত এক জ্বলন্ত অগ্নিশাল আৰু শীতৰ দিনত যেন চাইবেৰিয়াৰ এক জুপুৰি। এই নিৰ্দয় পৰিৱেশত সাত বছৰ ধৰি ব্ৰুন’ক ৰাখি তেওঁৰ বিচাৰ কৰা হ’ল। ব্ৰুন’ই বাৰে বাৰে কৈছিল যে তেওঁ খ্ৰীষ্টধৰ্মৰ ভগৱানৰ বিৰুদ্ধে একো কোৱা নাই, বিশ্বাসীসকলৰ সৃষ্টিতত্বত যি বিশ্বাস তাৰ বিৰুদ্ধেও তেওঁ যোৱা নাই, তেওঁৰ মতবাদসমূহ কেৱল দাৰ্শনিক চিন্তাধাৰাহে। কিন্তু ধৰ্মান্ধ যাজকসকলৰ এটাই কথা, ‘তুমি যি কৈছা সকলোবিলাক কোনো চৰ্ত নোহোৱাকৈ উঠাই লোৱা, সেইবিলাক ভুল বুলি স্বীকাৰ কৰা আৰু ভগৱানৰ ওচৰত ক্ষমা বিচাৰা। তেতিয়া তোমাক মুক্ত কৰি দিয়া হ’ব। ’কিন্তু ব্ৰুন’ আছিল এক বেলেগ তেজ-মঙহৰ মানুহ। তেওঁ উত্তৰ দিছিল, তেওঁনো কি উঠাই ল’ব লাগে সেইটোকে নাজানে, কাৰণ তেওঁ একো ভুল কোৱা নাই। ব্ৰুন’ কোনোপধ্যে বিশ্ব সম্বন্ধে তেওঁৰ মতবাদ উঠাই ল’বলৈ মান্তি নহ’ল। যাজকসকলে ভাবিছিল যে এক দীঘলীয়া সময়ৰ বাবে তেওঁৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলালে তেওঁ হয়তো অৱশেষত মানসিকভাৱে ভাঙি পৰি তেওঁৰ মতবাদ প্ৰত্যাহাৰ কৰিব। কিন্তু প্ৰখৰ বুদ্ধিমত্তা আৰু দৃঢ়মনা ব্ৰুন’ই উপলব্ধি কৰিছিল যে কিছুমান দুৰ্নীতিগ্ৰস্ত  আৰু ধৰ্মভীৰু যাজকক সন্তুষ্ট কৰিবলৈ তেওঁৰ জন্ম হোৱা নাই, তেওঁৰ জন্ম হৈছে— সমগ্ৰ মানৱজাতিৰ কাৰণে বিজ্ঞান আৰু যুক্তিবাদৰ পক্ষত এক চিৰন্তন আদৰ্শ আৰু সাহস দেখুৱাই যাবৰ কাৰণে। অৱশেষত ১৬০০ চনৰ জানুৱাৰীত তেওঁৰ শেষ বিচাৰ হ’ল আৰু ৮ ফেব্ৰুৱাৰীত ধৰ্মৰক্ষকসকলৰ আগত হাজিৰ কৰাই  তেওঁৰ আগত মৃত্যুদণ্ডৰ ৰায় পাঠ কৰোৱা হ’ল। তেওঁলোকৰ ৰায় শুনি ঈষৎ হাঁহিৰে ব্ৰুন’ই মাথো ক’লে, “সম্ভৱত: মোতকৈ মোৰ মৃত্যুদণ্ডৰ ৰায় দিয়া আপোনালোক অধিক ভীতিগ্ৰস্ত হৈ পৰিছে।” সঁচা কথা, এজন জ্যৰ্ডানো  ব্ৰুন’ খ্ৰীষ্টধৰ্মৰ সমগ্ৰ পৃথিৱীৰ কাৰণে এক ভয়ৰ কাৰণ হৈ পৰিছিল। ১৭ ফেব্ৰুৱাৰী, ১৬০০ চনত তেওঁক সকলোৰে সন্মুখত ৰোম নগৰীত বাইবেল পাঠ কৰি কৰি ৰাজহুৱাভাৱে গাত জুই দি হত্যা কৰা হ’ল। মানুহক শুদ্ধ পথ দেখুৱাবলৈ বুলি জন্ম হোৱা ধৰ্মৰ মানুহৰ ওপৰতে কি নিৰ্মম অত্যাচাৰ! মৃত্যুৰ সময়ত তাত উপস্থিত থকা মানুহক তেওঁৰ মতবাদৰ কথা কৈ যাব বুলি ভয় কৰিয়েই তেওঁৰ জিভাখনো ধাতুৰ পাত এচতাৰে বান্ধি থোৱা হ’ল। গাত জুই লগাই দিয়াৰ আগমূহূৰ্ততো তেওঁক সোধা হৈছিল, তেওঁ এতিয়াও নিজৰ ভুল স্বীকাৰ কৰি সকলো মতবাদ উঠাই ল’ব নেকি। মাত্ৰ তেওঁ মূৰ ল’ৰালে নকৰোঁ বুলি, যিয়ে আমাক ষোল্ল বছৰ পাছত সেই একেখিনি মানুহৰ সন্মুখত গেলিলিঅ’ৰ সেই মুখতে ভোৰভোৰোৱা বাক্য, ‘তথাপিতো পৃথিৱী ঘূৰে’ (‘still the earth moves’) লৈ মনত পেলায়। নিজৰ মতবাদত অটল থাকি বিজ্ঞান আৰু সত্যৰ প্ৰতিষ্ঠাৰ কাৰণে, এক অতি উচ্চমানৰ নৈতিক আদৰ্শৰ কাৰণে তেওঁ অতি সাহসেৰে নিজৰ জীৱন বলিদান দিলে। অকল তেওঁক পুৰি মৰাই নহয়, ব্ৰুন’ই লিখা সমস্ত কিতাপ নিষিদ্ধ কিতাপৰ তালিকাত অন্তৰ্ভূক্ত হ’ল আৰু সেইবোৰ ৰাজহুৱাভাবে জ্বলাই দিয়া হ’ল, যাতে ব্ৰুন’ৰ কাহিনী সিমানতে শেষ হয়।

কিন্তু ব্ৰুন’ৰ মৃত্যু নহ’ল, ব্ৰুন’ জীয়াই থাকিল। সত্য অন্বেষণকাৰী বিজ্ঞানী আৰু ধৰ্মান্ধতাৰপৰা মুক্ত মানুহে ব্ৰুন’ক পুনৰ জগাই তুলিলে। সোতৰ শতিকাৰ ইউৰোপৰ বিজ্ঞান আৰু দৰ্শনৰ ওপৰত ব্ৰুনোৱে বিশেষভাৱে প্ৰভাৱ পেলালে আৰু ইউৰোপৰ নৱজাগৰণৰ এক বন্তিস্বৰূপ হ’ল। ব্ৰুন’ৰ পিছে পিছে আহিল গেলিলিঅ’ গেলিলি। যিজন ধৰ্মযাজক ৰবাৰ্ট বেলাৰমাইনে (Robert Bellarmine) ব্ৰুন’ৰ ওপৰত ধৰ্মদ্ৰোহিতাৰ বিচাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিছিল সেই একেজনেই প্ৰায় দুটা দশক পাছত গেলিলিঅ’ গেলিলিৰো বিচাৰক আছিল আৰু গেলিলিঅ’ক কপাৰনিকাছৰ মতবাদ প্ৰচাৰ কৰাৰপৰা বাৰণ কৰিছিল। ১৬৩৩ চনৰ গেলিলিঅ’ৰ শেষ বিচাৰৰ আগতে এইজন যাজকৰ মৃত্যু হ’লেও ১৬০১৬ চনত তেওঁ দিয়া ৰায়ৰ ভিত্তিতেই গেলিলিঅ’ক দোষী সাব্যস্ত কৰি গৃহবন্দী কৰা হৈছিল। গেলিলিঅ’ক বাধ্য কৰোৱা হৈছিল ধৰ্মযাজকৰ ওচৰত আঠু লৈ সূৰ্যৰ চাৰিওফালে পৃথিৱী নুঘূৰে বুলি ক’বলৈ। গেলিলিঅ’ই কৈছিল তেনেদৰেই কিন্তু মুখত ভোৰভোৰাই অস্পষ্টকৈ হ’লেও কৈছিল ‘তথাপিতো পৃথিৱী ঘূৰে’। ধৰ্মগ্ৰন্থই যিয়েই নকওক, ‘তথাপিতো বিজ্ঞানেই আচল সত্য’। বিজ্ঞানৰ জয় ইয়াতেই, ধৰ্মগ্ৰন্থত লিখা কাল্পনিক কাহিনীৰে পৰীক্ষাৰপৰা পোৱা সত্যক কোনেও চিৰদিন ঢাকি ৰাখিব নোৱাৰে। গেলিলিঅ’ই কপাৰ্নিকাছ আৰু ব্ৰুন’ৰ মতবাদ আৰু সজোৰে প্ৰচাৰ কৰিছিল হাতত টেলিস্কোপ লৈ চাক্ষুষ অভিজ্ঞতাৰে আৰু আধুনিক বিজ্ঞানৰ ভেঁটি গঢ়িছিল। গেলিলিঅ’ৰ দৰে ব্ৰুন’ সঁচা অৰ্থত বিজ্ঞানী নাছিল, কিন্তু ব্ৰুন’ৱেও যে গেলিলিঅ’ক সাহস যোগাইছিল সেয়া কোনেও নুই কৰিব নোৱাৰে। ঊনৈশ শতিকাৰ দ্বিতীয়াৰ্ধত ইটালীত হোৱা  ৰাজনৈতিক নৱজাগৰণৰো মূল আদৰ্শ আৰু শক্তি আছিল ব্ৰুন’। ১৮৮৯ চনত জনসাধাৰণে গীৰ্জাৰ প্ৰবল বিৰোধ সত্ত্বেও দুটাকৈ ব্ৰুন’ৰ মূৰ্তি স্থাপন কৰিছিল— এটা তেওঁৰ জন্ম স্থান নোলাত আৰু আনটো Campo dei fiori ত, য’ত তেওঁক জুই লগাই হত্যা কৰা হৈছিল।

ব্ৰুন’ৰ ওপৰত কৰা সেই নিৰ্মম অত্যাচাৰ আৰু হত্যাৰ আজি চাৰিশ বছৰৰো অধিক হ’ল। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সমাজ সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। আজি বিজ্ঞানে যি উন্নতি লাভ কৰিছে আৰু যি পৰ্যায়ত উপনীত হৈছে তাত ব্ৰুন’ৰ বৈজ্ঞানিক অৱদানৰ প্ৰাসংগিকতা নিশ্চয়েই নাই। আগতেই উল্লেখ কৰা হৈছে যে প্ৰকৃত অৰ্থত ব্ৰুন’ এজন বিজ্ঞানীও নাছিল। কিন্তু ব্ৰুন’ৰ জীৱনে দিয়া শিক্ষাৰ প্ৰাসংগিকতাও  নোহোৱা হ’ল নেকি? এয়া নিতান্তই ভ্ৰান্ত ধাৰণা। নৰেন্দ্ৰ ডাবোলকাৰ, এম কালবুৰ্গী, গোবিন্দ পানচাৰে, গৌৰী লংকেশ, অভিজিত ৰয়, এইছ ফাৰুক আদি প্ৰত্যেকজনকেই আধুনিক যুগৰ একো একোজন জ্যৰ্ডানো ব্ৰুন’ বুলি অভিহিত কৰিব পাৰি। এওঁলোক প্ৰত্যেকজনেই এক মুক্ত মন আৰু সেই মুক্ত মনেৰে দেখুওৱা সাহসৰ কাৰণেই গুপ্ত ঘাতকৰ হাতত প্ৰাণ দিবলগীয়া হৈছে। আৰু এই গুপ্তঘাতক বাহিনী জ্যৰ্ডানো ব্ৰুন’ক বিচাৰ কৰা গীৰ্জাৰ পুৰোহিতসকলৰেই প্ৰতিবিম্ব মাথোন। মাত্ৰ হত্যা কৰাৰ ধৰণ সলনি হৈছে। অৱশ্যে তেনেকুৱা ধৰণে হত্যা কৰাৰ পৰিৱেশ থকা দেশো নোহোৱা নহয়। অতি সম্প্ৰতি ইৰানৰ মহচা আমিনি, নিকা চাকাৰামি আদি তেনেকুৱা উদাহৰণ। এতিয়াও মধ্যযুগৰ সেই পৰিৱেশৰ সমাপ্তি হোৱা নাই, কাৰণ ধৰ্ম যে শাসকবৰ্গৰ এক উত্তম হাতিয়াৰ।

কিছুদশক আগতে বিখ্যাত ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৱে গেলিলিঅ’ৰ বিষয়ে লিখা এক প্ৰৱন্ধত এষাৰ কথা কৈছিল, “ The orthodox churchmen tried as usual to strangle science. As a result Italy fell backward. France, England and other countries availed the fruits of lifelong strivings of Galileo.” ধৰ্মান্ধতাক আগস্থান দি বিজ্ঞানক অৱহেলা কৰাৰ পৰিণতি ইটালীয়ে পাইছিল। সেই ভুল শুধৰণি কৰিবলৈ ইটালীক কেইবা শতিকাও লাগিল। কেবল ধৰ্মান্ধতাক আগস্থান দি বিজ্ঞানক পিঠি দিয়া এসময়ৰ জ্ঞান-বিজ্ঞানৰ পৃষ্ঠভূমি মধ্যপ্ৰাচ্যৰ আজি কি দশা হৈছে সেই কথা সকলোৰে বিদিত। আমাৰ দেশো ধৰ্মীয় অন্ধবিশ্বাস আৰু গোড়ামিৰপৰা কোনোদিনে ভালদৰে মুক্ত হ’ব নোৱাৰিলে। বিজ্ঞানৰ অগ্ৰগতিৰ লগত সামঞ্জস্য ৰাখি ধৰ্মীয় উন্মাদনা, অন্ধবিশ্বাস কমিব লাগিছিল বা একেবাৰে নোহোৱা হ’ব লাগিছিল। কিন্তু কমক চাৰি সেইবোৰ বৰ্তমান বাঢ়িবহে লাগিছে। ইয়াত প্ৰত্যক্ষভাৱে সহযোগ কৰিছে অনেক বৃত্তিধাৰী তথাকথিত বিজ্ঞানীয়েও। আজি আমি বিজ্ঞান-প্ৰযুক্তিৰ বিভিন্ন অৱদান নিসংকোচে ব্যৱহাৰ কৰিছোঁ, কিন্তু  বিজ্ঞানমনস্কতা, বিজ্ঞানে দিয়া শিক্ষাক অৱহেলা কৰি অতীতৰ, মধ্যযুগৰ গোড়ামি আৰু অৰ্থহীন নীতি-নিয়মেৰে চলা সমাজ প্ৰৱৰ্তনৰ কাৰণে উঠিপৰি লাগিছোঁ। এয়া নিসন্দেহে সমাজৰ কাৰণে এক অশুভ লক্ষণ, এক পশ্চাৎগমণ। ব্ৰুনোৱে এই ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধে একেকভাৱে প্ৰত্যাহ্বান জনাইছিল, বিজ্ঞানৰ সত্য, যুক্তিক নিজৰ জীৱনত  উচ্চস্থান দিছিল আৰু ধৰ্মৰক্ষকসকলৰ হাতত নিজৰ নিশ্চিত ভয়ানক মৃত্যুৰ কথা জানিও নিজৰ  মতবাদৰ পৰা বিচলিত হোৱা নাছিল। এয়া তেওঁ এৰি থৈ যোৱা এক উজ্জ্বল আদৰ্শ। এই কথা আমি অকল স্মৰণ কৰাই নহয়, বিজ্ঞানৰ বাৰ্তাক, বিজ্ঞানমনস্কতাক সকলো বাধা নেওচি আমাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হিচাবে প্ৰতিষ্ঠা কৰিব লাগিব। সেয়াইহে  আমাৰ উন্নতি আৰু বিকাশৰ  প্ৰকৃত পথ ৰচনা কৰিব পাৰিব। আজিৰ দিনত ব্ৰুনোৰ প্ৰাসংগিকতা সেইখিনিতেই।

সহায় লোৱা হৈছে:

  1. https://www.britannica.com/biography/Giordano-Bruno/
  2. https://plato.stanford.edu/entries/bruno/
  3. Scientific American March, Alberto A Martinez, March   19, 2018.
  4. Ashoke Mukherjee, Breakthrough, Vol.8, No.4, August 2000
  5. The Life and Teaching of Giordano Bruno by COULSON TURNBULL

( প্ৰচ্ছদ চিত্ৰশিল্পী: অজিত শইকীয়া))

Leave a Reply

Your email address will not be published. Required fields are marked *