অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

ক্ষুধাৰ বিশ্বায়নঃ এক আৰ্থ-সামাজিক আলোচনা-(ৰাতুল কুমাৰ লাহন)

ক্ষুধা বা ভোক সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত এক গভীৰ উদ্বেগ আৰু সামাজিক-ৰাজনৈতিক চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে। এক আৰ্থ-সামাজিক সমস্যা হিচাপে বিশ্বৰ ধনী-দুখীয়া কোনো দেশেই এই সমস্যাৰ পৰা সম্পূণৰ্ৰূপে মুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা বিশ্বৰ প্ৰভাৱশালী দেশৰ নেতাসকলৰ গোটসমূহেও এখন ক্ষুধা মুক্ত বিশ্বৰ সপোন দেখাৰ লগতে এই লক্ষ্যত উপনীত হবলৈ  বিভিন্ন নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ পাছতো ক্ষুধা এক বিশ্বজনীন সমস্যা হৈ থকাটো অতি দুৰ্ভাগ্যজনক।

এক নিৰ্দিষ্ট সংজ্ঞাৰে ক্ষুধাক সংজ্ঞাবদ্ধ কৰাটো জটিল হোৱাৰ উপৰিও এনে কৰাটো যুক্তিসংগতো নহয়। কিয়নো বিভিন্ন দেশৰ প্ৰেক্ষাপট আৰু সমস্যা আৰু সমলৰ বহু বিশিষ্টতাই এক নিৰ্দিষ্ট সংজ্ঞাৰ দাবী নকৰে। অৱশ্যে ক্ষুধাৰ বিভিন্ন প্ৰসংগসমূহ আলোচনাৰ পূৰ্বে এক নিৰ্দিষ্ট সংজ্ঞাৰ অভিধাৰণা কৰাটোও জৰুৰী। অন্যথা আলোচনাৰ পৰিসৰ বিশাল হোৱাৰ উপৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হোৱাতো জটিলতা আহি পৰিব।

খাদ্য আৰু কৃষি সংগঠনৰ সংজ্ঞা অনুসৰি, Hunger is an uncomfortable or painful physical sensation caused by insufficient consumption of dietary energy. অৰ্থাৎ, পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ অভাৱত ভোগা অস্বস্তি বা শাৰীৰিক প্ৰতিকূলতাকে ক্ষুধা বুলি ক’ব পাৰি। এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে ক্ষুধা বা ভোকৰ প্ৰসংগ আন আৰ্থ-সামাজিক প্ৰসংগসমূহৰ পৰা নিলগাই আলোচনা কৰিব নোৱাৰি। ক্ষুধাৰ আলোচনাত দৰিদ্ৰতা, আৰ্থ-সামাজিক বৈষম্য, অপুষ্টি, খাদ্য নিৰাপত্তা আদি বিষয়সমূহ অৱধাৰিতভাৱেই আহি পৰে।    

ক্ষুধা, দৰিদ্ৰতা আদি প্ৰসংগসমূহ এখন ৰাষ্ট্ৰ বা এখন অৰ্থনীতিৰ অথবা বিশ্বৰ কোনোবা এটা বিক্ষিপ্ত কোণৰ আৰ্থ-সামাজিক সমস্যা নহয়। উন্নতিৰ জখলাৰ শীৰ্ষত উপনীত হোৱা দেশৰ পৰা আৰম্ভ কৰি তৃতীয় বিশ্বৰ নিম্ন আয়ৰ দেশসমূহলৈকে সকলোতে ভোকাতুৰ লোক দেখা যায়। অৱশ্যে দেশ এখনৰ অৰ্থনৈতিক অৱস্থান ভেদে ক্ষুধাৰ মাত্ৰা আৰু প্ৰকৃতি ভিন্ন হোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ২০২০ বৰ্ষত সমগ্ৰ বিশ্বত ৭২০ নিযুতৰ পৰা ৮১১ নিযুত জনসাধাৰণ দৈনিক ক্ষুধা নিবাৰণত বিফল হৈছিল (FAO)। এই তথ্যটো এইবাবেই উত্থাপন কৰা হৈছে যে সাম্প্ৰতিক সময়ত বিশ্ব অৰ্থনীতিৰ দ্ৰুত উন্নয়নৰ প্ৰকৃত ছবিখন এই পৰিসংখ্যাই উপহাস কৰিবলৈ সক্ষম হৈছে। তদুপৰি অপুষ্টিজনিত সমস্যা, উপযুক্ত মানৰ খাদ্যৰ অভাৱ, খাদ্য বিতৰণৰ অসমতা আদি বিশ্বৰ সকলো দেশৰে এক প্ৰধান আৰ্থ-সামাজিক সমস্যা হিচাপে পৰিগণিত হৈছে।

বিশ্বৰ অধিক সংখ্যক ক্ষুধাতুৰ মানুহ বাস কৰা দেশসমূহ মূলতঃ আফ্ৰিকা মহাদেশত অৱস্থিত হোৱা দেখা যায়। এই মহাদেশখনৰ ছিয়েৰা লিয়ন, ছোমালিয়া, য়েমেন, কংগো, লাইবেৰিয়া, হাইটি আদিৰ দৰে দেশসমূহৰ জনসাধাৰণৰ বাবে দিনটোৰ ক্ষুধা নিবাৰণেই প্ৰধান প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈ আহিছে। এইদেশসমূহৰ চৰকাৰসমূহে জনসাধাৰণৰ ক্ষুধা নিবাৰণৰ বাবে প্ৰয়োজনীয় সমল যোগান ধৰাত বিফল হোৱাৰ বিভিন্ন আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণ দেখিবলৈ পোৱা যায়। খুব এক সৰল দৃষ্টিৰে লক্ষ্য কৰিলে ক্ষুধা আৰু দৰিদ্ৰতাৰ সমস্যাক এক আৰ্থিক সমস্যা হিচাপে বিবেচনা কৰিব পাৰি। কিন্তু সমস্যাটোৰ গভীৰতালৈ সোমাই গলে দেখা যায় যে আৰ্থিক কাৰকসমূহতকৈ অনা-আৰ্থিক কাৰকসমূহৰ বাবেহে আজিও বিশ্বৰ এক বুজন সংখ্যক মানুহ খাদ্যৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। একে সময়তে প্ৰাকৃতিক দুৰ্যোগ, ৰাজনৈতিক-সামাজিক অস্থিৰতা, বিভিন্ন ঐতিহাসিক কাৰকৰ বাবেও ক্ষুধাৰ সমস্যাটোৰ সমাধান আজিকোপতি হোৱা নাই। এইখিনিতে উল্লেখ কৰিব পাৰি যে হাইটিত ২০২১ চনত হোৱা ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ক্ষুধাতুৰ জনসংখ্যাৰ পৰিমাণ বৃদ্ধি হৈছে যাৰ ফলস্বৰূপে দেশখনে আজিও আন্তঃৰাষ্ট্ৰীয় মানৱীয় সহযোগিতাৰ বাবে হাত পাতিবলগীয়া হৈছে। একেদৰে আন এখন আফ্ৰিকীয় ৰাষ্ট্ৰ কংগোৰ ক্ষেত্ৰত দেখা যায় যে কৃষিখণ্ডৰ পঁয়ালগা অৱস্থা, বৰ্ধিত মাত্ৰাৰ জনাসাধাৰণৰ ভৌগোলিক স্থানান্তৰকৰণ আদিৰ বাবে আজিও এক বুজন সংখ্যক জনাসাধাৰণে প্ৰয়োজনীয় খাদ্য আহৰণ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ লগতে আফ্ৰকীয় দেশসমূহত থকা খাৰুৱা তেলৰ এক বৃহত্ ভাণ্ডাৰৰ ওপৰত নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ বাবে ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে দেশসমূহে এই ৰাষ্ট্ৰসমূহ ভুখণ্ডত এনে কেতবোৰ অনৈতিক কাৰ্যকলাপ সংঘটিত কৰে যিবোৰে স্থানীয় জনসাধাৰণৰ জীৱন যাপনক অস্থিৰ কৰি তোলে। বিভিন্ন আৰ্থিক প্ৰলোভন, হ্ৰস্বকালীন লাভ আদিৰ প্ৰতি লালয়িত হৈ বহু স্থানীয় ব্যক্তিয়ে (আনকি চৰকাৰেও) দীৰ্ঘকালীন আৰু বহনক্ষম উন্নয়নৰ বাবে পৰিকল্পনা নকৰে । শেহতীয়াকৈ হোৱা কৰোনা মহামাৰীয়েও এই দেশসমূহৰ আৰ্থিক বুনিয়াদটো দুৰ্বল কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ দেশসমূহৰ খাদ্য়ৰ সমস্য়াটো বৃদ্ধিহে পাইছে। উল্লেখযোগ্য যে মহামাৰীয়েই হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দৰিদ্ৰ আৰু উপান্তসকল। কৰোনা মহামাৰীয়েও এখন ক্ষুধামুক্ত বিশ্বৰ সপোন পূৰ্ণ কৰাৰ সময়ক যে কেইবছৰমান পলম কৰিব সেয়া ধুৰূপ। 

আফ্ৰিকাৰ দেশসমূহৰ পিছতেই খাদ্যহীনতা আৰু ক্ষুধাতুৰৰ সংখ্যাই পশ্চিম এছিয়া আৰু লেটিন আমেৰিকাৰ দেশসমূহক প্ৰভাৱিত কৰি আহিছে। পশ্চিম এছিয়াৰ দেশ ইৰাক, ওমান, ইৰাণ, ছৌদি আৰৱ, তুৰস্ক আদিত ক্ষুধাতুৰৰ সংখ্যা তুলনামূলকভাৱে অধিক। পশ্চিম এছিয়াৰ ক্ষুধাপীড়িত দেশসমূহৰ ক্ষেত্ৰত দেখা যায় যে এই দেশসমূহ প্ৰাকৃতিক সম্পদত পৰম্পৰাগতভাৱে চহকী আছিল। ইয়াৰ পিছতো বৰ্হিঃৰাষ্ট্ৰৰ কুটনীতি, সামৰিক নীতিৰ বলি হৈ এই দেশসমূহে তেওঁলোকৰ প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ সক্ষম নহ’ল। ফলশ্ৰুতিত, এই দেশসমূহৰ জনসাধাৰণ আজিও সুস্থ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় খাদ্যৰ পৰা বঞ্চিত হৈ আছে। ইৰাক আৰু ইৰাণৰ অৰ্থনীতি কিদৰে বাহিৰা শক্তিৰ প্ৰৰোচনাত পৰি ধ্বংস হৈছিল সেয়া সৰ্বজনবিদিত। মূলতঃ খাৰুৱা তেলৰ ওপৰত অধিকাৰ সাব্য়স্ত কৰাৰ বাবে কৰা কুটনৈতিক আৰু সামৰিক ষড়যন্ত্ৰই কেনেকৈ এখন দেশৰ জনসাধাৰণৰ খাদ্যৰ অধিকাৰক ক্ষতিগ্ৰস্ত কৰিব পাৰে তাৰ অন্য়তম উদাহৰণ হৈছে- ইৰাক আৰু ইৰাণ। এছিয়াৰ আনকেইখনমান ক্ষুধাপীড়িত দেশ হৈছে বাংলাদেশ, ভাৰত, ভুটান, নেপাল ইত্যাদি। অৱশ্যে এই দেশসমূহৰ খাদ্যৰ অভাৱৰ কাৰণসমূহ সামান্য পৃথক। দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ বৰ্ধিত ক্ষুধাতুৰৰ কাৰণসমূহ হৈছে মূলতঃ ভৌগোলিক আৰু ঐতিহাসিক। হিমালয়ৰ পাদদেশত অৱস্থিত হোৱা হেতুকে এইদেশসমূহৰ ভৌগোলিক অৱস্থান কৃষি অনুকূল হোৱা দেখা নাযায়। তদুপৰি এইদেশসমূহ ঔপনিৱেশিক শাসনৰ অধীনত থকা সূত্ৰে ভূমি স্বত্ব ব্যৱস্থা আজিও কৃষকৰ হিতকৰ হৈ উঠা নাই। এছিয়াৰ পিছতে দৰিদ্ৰতা আৰু ক্ষুধাই কোঙা কৰা ৰাষ্ট্ৰসমূহ লেটিন আমেৰিকাত অৱস্থিত।  লেটিন আমেৰিকাৰ দেশ কষ্টাৰিকা, কিউবা, পেৰু, পাৰাগুৱে আদি দেশসমূহো ক্ষুধাৰ সমস্য়াৰ পৰা মুক্ত হব পৰা নাই।

একমাত্ৰ দৰিদ্ৰ আৰু অনুন্নত দেশসমূহতে যে দৰিদ্ৰতাৰ প্ৰকোপ আছে এনে নহয়, বিশ্বৰ উন্নত আৰু ধনী দেশসমূহতো অঞ্চলবিশেষে ক্ষুধাতুৰ আৰু দৰিদ্ৰ লোকৰ উপস্থিতি দেখা যায়। অৱশ্যে এইসমূহ দেশৰ ক্ষুধাৰ সংজ্ঞা আৰু প্ৰকৃতি নিশ্চিতভাৱে পৃথক হব। উন্নত দেশসমূহৰ বিশেষ আৰু তুলনামূলকভাৱে অনুন্নত অংশত খাদ্য় নিৰাপত্তা, অপুষ্টিজনিত সমস্য়া, খাদ্য় দ্ৰব্য়ৰ অনিয়মীয়া যোগান আদি সমস্যাসমূহ দেখা যায়।

ক্ষুধা আৰু ভোকাতুৰৰ সমস্যাক এজন ব্যক্তিয়ে স্বাভাৱিক জীৱন যাপনৰ বাবে প্ৰয়োজনীয় শক্তি আহৰণ কৰিব পৰাকৈ খাদ্যৰ প্ৰাচুৰ্যৰ ভিত্তিত আলোচনা কৰাটো বৰ্তমান সময়ত মানৱ অধিকাৰৰ দৃষ্টিকোণৰ পৰা সমীচিন নহব। কিয়নো বৰ্তমানৰ আধুনিক সভ্যতাত কেৱল খাদ্যৰ যোগানৰ দিশৰ পৰা ক্ষুধাৰ প্ৰসংগক আলোচনা কৰাৰ পৰিৱৰ্তে আনুষংগিক আন দিশসমূহো আলোচনা কৰাটো দৰকাৰী। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা যায় যে বৰ্তমান সময়তো এজন গাঁৱৰ ব্য়ক্তিয়ে দৈনিক ২৪০০ কেলৰি আৰু নগৰৰ ব্য়ক্তিয়ে দৈনিক ২১০০ কেলৰি পৰিমাণৰ শক্তি আহৰণ কৰিব পৰাকৈ খাদ্য় গ্ৰহণ কৰিব পাৰিলে ব্যক্তিজনক অদৰিদ্ৰ বুলি কোৱা হয়। কিন্তু এইখিনিতে প্ৰশ্ন হয় এই ন্যূনতম পৰিমাণৰ খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হোৱা ব্যক্তি এজনক আমি খাদ্য নিৰাপদ বুলি কম নে। এই প্ৰশ্নৰ উত্তৰ পাবলৈ হলে প্ৰসংগসমূহ সমাজ বিজ্ঞান আৰু মানৱ অধিকাৰৰ দৃষ্টিকোণৰ পৰা আলোচনা কৰা উচিত। খাদ্যৰ প্ৰাচুৰ্য, উপলব্ধতা, গুণাগুণ আদিৰ প্ৰসংগসমূহ বিবেচনা নকৰাকৈ ক্ষুধাতুৰৰ প্ৰসংগ আলোচনা কৰাটো মানৱীয় দৃষ্টিকোণেৰে অনুচিত হব।

২০৩০ বৰ্ষত সমগ্ৰ বিশ্বক ক্ষুধামুক্ত কৰাৰ বাবে ৰাষ্ট্ৰসংঘই বিশেষ আঁচনি গ্ৰহণ কৰিছে। অৱশ্যে কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই লক্ষ্যত উপনীত হ’ব পৰা যাব নে নাই সেই বিষয়ে ৰাষ্ট্ৰসংঘ নিজেও সন্দিহান। কিন্তু এই লক্ষ্যত উপনীত হবলৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ বা সংশ্লিষ্ট চৰকাৰসমূহেও বিশেষ গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। একেদৰে পৰিসংখ্যাৰ ভিত্তিত ক্ষুধাতুৰৰ সংখ্যা শূন্য কৰিব পাৰিলেও খাদ্য নিৰাপত্তা আহৰণ কৰাটো তুলনামূলকভাৱে এক কঠিন কাম হব। আমি আশা কৰিম খাদ্য আৰু ক্ষুধাৰ প্ৰসংগসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষই মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰাৰ প্ৰচেষ্টা হাতত লব।

Leave a Reply

Your email address will not be published. Required fields are marked *