‘ঈশ্বৰ কণিকা’ৰ ভৱিষ্যদ্ৰষ্টা পিটাৰ হিগ্ছৰ সোঁৱৰণত – (ড০ পবন কুমাৰ চহৰীয়া)
‘ঈশ্বৰ কণিকা’ৰ অস্তিত্বৰ বিষয়ে ভৱিষ্যৎবাণী কৰোঁতা আৰু বৰ্তমান সময়ৰ এজন অতি প্ৰভাৱশালী তাত্ত্বিক পদাৰ্থবিজ্ঞানী পিটাৰ হিগ্ছৰ যোৱা ৮ এপ্ৰিলত ৯৪ বছৰ বয়সত ইংলণ্ডৰ এডিনবৰা চহৰৰ নিজা বাসভৱনত মৃত্যু হয় । পিটাৰ হিগ্ছ বুলি ক’লেই স্বাভাৱিকতেই ‘ঈশ্বৰ কণিকা’ বা ‘হিগ্ছ বছন’ শব্দযুৰি আমাৰ মনলৈ আহেই। যোৱা শতিকাৰ ষাঠিৰ দশকৰ মাজভাগতে তেওঁ বহুতো তাত্ত্বিক কাৰণত এক মৌলিক কণিকাৰ অস্তিত্বৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছিল, যিটো কণিকা পিচলৈ বিজ্ঞানীৰ মাজত হিগ্ছ বছন আৰু সৰ্বসাধাৰণৰ মাজত ‘ঈশ্বৰ কণিকা’ নামেৰে জনপ্ৰিয় হৈছিল। ষাঠিৰ দশকতে ভবিষ্যৎবাণী কৰিলেও এই কণিকা বিজ্ঞানাগাৰত আৱিষ্কাৰ হ’বলৈ আমি প্ৰায় পাচ দশক অপেক্ষা কৰিব লগা হ’ল। অৱশেষত ২০১২ চনৰ জুলাই মাহত বিজ্ঞানীয়ে ইউৰোপৰ জেনেভাস্থিত চাৰ্ণ গৱেষণাকেন্দ্ৰৰ লাৰ্জ হেড্ৰন কলাইডাৰ ত্বৰকযন্ত্ৰত ইয়াক আবিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে। পিচৰ বছৰ ২০১৩ চনত পিটাৰ হিগ্ছ আৰু বেলজিয়ামৰ ফ্ৰেংক’ ইংগলাৰ্ট নামৰ পদাৰ্থবিদে যুটীয়াভাবে এই হিগ্ছ কণিকাৰ তত্ত্বৰ বাবে পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল। ২০১১ চনত মৃত্যু নোহোৱাহেঁতেন ফ্ৰেংক’ ইংগলাৰ্টৰ সহযোগী ৰবাৰ্ট ব্ৰুটেও নিশ্চিতভাবে ন’বেল বঁটা লাভ কৰিলেহেঁতেন। উল্লেখযোগ্য যে এই কণিকাৰ তাত্ত্বিক দিশৰ লগত তিনিটা বেলেগ বেলেগ গ্ৰুপৰ ছয়জন পদাৰ্থবিজ্ঞানী জড়িত হৈ আছিল। প্ৰথমে বেলজিয়ামৰ ফ্ৰেংক’ ইংগলাৰ্ট আৰু ৰবাৰ্ট ব্ৰুটে এই তত্ত্বৰ অৱতাৰণা কৰিছিল, তাৰ এসপ্তাহৰ ভিতৰতে পিটাৰ হিগছে আৰু এমাহমান পাছত যুক্তৰাষ্ট্ৰৰ দুজন বিজ্ঞানী জেৰাল্ড গুৰালনিক আৰু ডিক হেগেন, আৰু ইংলণ্ডৰ টিম কিব’লে এই বিষয়ত এক সম্পূৰ্ণ তত্ত্ব দাঙি ধৰিছিল। কিন্তু একমাত্ৰ হিগ্ছেহে এক ভৰবিশিষ্ট কণিকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছিল। সেইকাৰণেই এই কণিকাৰ লগত বেলেগৰ সলনি হিগ্ছৰ নাম সাঙোৰ খাই পৰিল। আৰম্ভণিতে এই তত্ত্বক তাত্ত্বিক পদাৰ্থবিজ্ঞানীয়ে সহজে গ্ৰহণ কৰা নাছিল। কিন্তু আব্দুছ চালাম আৰু ষ্টিভেন ৱেইনবাৰ্গে (দুয়োজনেই এই কামৰ কাৰণে আন এজন বিজ্ঞানী শ্বেলডন গ্লাছ’ৰ সৈতে ১৯৭৯ চনৰ পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা পাইছিল) ষাঠিৰ দশকৰ শেষৰফালে তেওঁলোকৰ ‘বিদ্যুৎচুম্বকীয়-দুৰ্বল’ (Electro-weak Theory) তত্ত্বত ইয়াৰ এক সফল প্ৰয়োগ কৰা কাৰণে আৰু ১৯৭২ চনত কোৱাণ্টাম ক্ষেত্ৰতত্ত্বৰ এক অতি উল্লেখনীয় বৈশিষ্ট আৱিষ্কাৰৰ পাছত এই তত্ত্বক পদাৰ্থবিজ্ঞানীয়ে গুৰুত্ব দিবলৈ ধৰিলে। সেই বছৰতেই (১৯৭২) ফাৰ্মিলেবত হোৱা এক কনফাৰেঞ্চত বে’ন লি নামৰ এজন বিজ্ঞানীয়ে এই কণিকাটোক হিগ্ছ কণিকা নাম দিলে আৰু সকলোৱে এই নামটোক গ্ৰহণ কৰিলে।
২০১২ চনত যেতিয়া ‘হিগ্ছ বছন’ আৱিষ্কাৰৰ বাতৰি ওলাল তেতিয়া সমগ্ৰ বিশ্বতে ই এক অভূতপূৰ্ব আলোড়নৰ সৃষ্টি কৰিছিল। আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ প্ৰমাণ (১৯১৯) আৰু চন্দ্ৰপৃষ্ঠত মানুহে প্ৰথম ভৰি দিয়া আমেৰিকাৰ এপল’-১১ মিছনৰ (১৯৬৯ চন) বাহিৰে বিজ্ঞানৰ আন কোনো বাতৰিয়েই সৰ্বসাধাৰণ মানুহৰ মাজত ইমান উত্তেজনাৰ সৃষ্টি কৰিব পৰা নাছিল। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে এই কণিকাটোৰ বিকল্প নাম ‘ঈশ্বৰ কণিকা’। ঈশ্বৰ শব্দটো সাঙোৰ খাই থকা কাৰণেই মানুহৰ ইমান উচ্ছাস। অৱশ্যে পিটাৰ হিগ্ছকে ধৰি কোনো বিজ্ঞানীয়েই এই নামটো পচণ্ড নকৰে। লিঅন লেডাৰমেন নামৰ ন’বেল বিজয়ী যিজন পদাৰ্থবিদৰ কিতাপত ১৯৯৩ চনত প্ৰথমে এই ঈশ্বৰ কণিকা (God Particle ) নামটো প্ৰকাশ পাইছিল, তেখেতেও অলপ উপহাসমূলক অৰ্থতহে এটা বেলেগ শব্দ (goddamned) ব্যৱহাৰ কৰিব বিচাৰিছিল, কিন্তু প্ৰকাশকৰ তাগিদাতহে শেষত এই “ঈশ্বৰ কণিকা” নামটো মানি লৈছিল। নাম যিয়েই নহওঁক, তাত্ত্বিক দিশৰপৰা এই কণিকা অতিকে গুৰুত্বপূৰ্ণ, এই কণিকা অবিহনে পদাৰ্থবিজ্ঞানৰ অতি সফল তত্ত্ব “ষ্টেণ্ডাৰ্ড মডেল” অসম্পূৰ্ণ হৈ ৰ’লহেঁতেন ।
হিগ্ছ বছননো কি? কিয় ইয়াৰ ইমান গুৰুত্ব? আমাৰ এই দৃশ্যমান বিশ্বৰ পদাৰ্থবিলাক কেনেকৈ সৃষ্টি হ’ল, আমি কিহেৰে গঠিত ইত্যাদি মানুহৰ মনত উদয় হোৱা সনাতন প্ৰশ্ন। প্ৰাচ্য আৰু পাশ্চাত্য উভয়তে এই প্ৰশ্নৰ উত্তৰ বিচাৰি ঋষি-মুনি, দাৰ্শনিকে হাহাকাৰ কৰি আহিছে যদিও এক বিজ্ঞানসন্মত উত্তৰ আমাৰ হাতত নাছিল। কুৰি-একৈশ শতিকাত হোৱা আধুনিক বিজ্ঞানৰ উত্তৰণৰ পাছত আমি আজি নিশ্চিতকৈ জানোঁ যে সকলো পদাৰ্থ গঠন হৈছে অণু-পৰমাণুৰ দ্বাৰা। অণুবোৰ পৰমাণুৰ সমষ্টি। পৰমাণু আকৌ ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰন নামৰ তিনিবিধ কণিকাৰ সমষ্টি। প্ৰ’টন আৰু নিউট্ৰন একেলগে বাস কৰে পৰমাণুৰ কেন্দ্ৰত আৰু এই কেন্দ্ৰৰ চাৰিওফালে অতন্দ্ৰ প্ৰহৰীৰ দৰে বিৰামহীনভাৱে ঘূৰি ফুৰে ইলেক্ট্ৰনবোৰ। পিচে এই প্ৰ’টন, নিউট্ৰনবোৰো আকৌ তাতোকৈ ক্ষুদ্ৰ কোৱাৰ্ক নামৰ মৌলিক কণিকাৰহে সমষ্টি। কণিকা পদাৰ্থবিজ্ঞানৰ তত্ব ‘মানক আৰ্হি’ ( ‘standard model’) মতে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলোবিলাক পদাৰ্থৰ গঠন আৰু সিহঁতৰ ধৰ্ম ব্যাখ্যা কৰিবলৈ ছয়বিধ কোৱাৰ্ক আৰু ইলেক্ট্ৰন সদৃশ আন ছয়বিধ (এইকেইটাক লেপ্টন বুলি কোৱা হয় ) কণিকাৰ প্ৰয়োজন। তাত্ত্বিক দিশত বিভিন্ন কাৰণত ছয়বিধ কোৱাৰ্কৰ প্ৰয়োজন হ’লেও আমাৰ দেহ বা অন্য সুস্থিৰ পদাৰ্থৰ গঠনত মাত্ৰ দুবিধ কোৱাৰ্কেহে অংশগ্ৰহণ কৰে। এই দুবিধ হ’ল ‘আপ’ (up quark) আৰু ‘ডাউন’ কোৱাৰ্ক (down quark)। গতিকে আমি ক’ব পাৰোঁ যে আমি কোৱাৰ্ক আৰু ইলেক্ট্ৰনৰ সমষ্টি, আমাৰ দেহ আৰু আমি দেখা সকলো পদাৰ্থ দুবিধ কোৱাৰ্ক আৰু ইলেক্ট্ৰনৰে গঢ়া।
যোৱা শতিকাৰ ষাঠি আৰু সত্তৰৰ দশকত ষ্টেণ্ডাৰ্ড মডেলে ঠন ধৰি উঠাৰ সময়ত এটা প্ৰায় সমাধান কৰিব নোৱৰা সমস্যাই বিজ্ঞানীক বিমোৰত পেলাইছিল। এই তত্ত্বই কণিকাৰ প্ৰায় সকলোবোৰ ধৰ্মকেই ব্যাখ্যা কৰিব পাৰে, যদিহে কোৱাৰ্ক আৰু লেপ্টন কণিকাবোৰ ভৰবিহীন হয়। কিন্তু বাস্তৱততো সকলো কণিকাৰে ভৰ আছে। ভৰ আছে কাৰণেই আমি আছোঁ, গ্ৰহ-নক্ষত্ৰ আছে। গতিকে ষ্টেণ্ডাৰ্ড মডেলত ভৰবিহীন মৌলিক কণিকাবোৰক কিদৰে ভৰ প্ৰদান কৰিব পাৰি সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল । এই মানক আৰ্হিয়ে বিগ-বেঙৰপৰা কেনেকৈ আমাৰ বিশ্বখন আজিৰপৰা ১৩.৮ বিলিয়ন বৰ্ষ আগতে সৃষ্টি হ’ল তাৰো ব্যাখ্যা কৰিব পাৰে। সৃষ্টিৰ প্ৰথম মুহূৰ্তত অৰ্থাৎ ঠিক বিগ-বেঙৰ সময়ত কোৱাৰ্ক, ইলেক্ট্ৰন আৰু পোহৰৰ কণিকা ফ’টনবোৰহে আমাৰ বিশ্বত আছিল আৰু এই সকলো কণিকাই পোহৰৰ বেগতেই (ভৰবিহীন কণিকাই পোহৰৰ বেগত গতি কৰে) সেই সৰু বিশ্বত ঘূৰি ফুৰিছিল। হিগ্ছৰ তত্ত্বমতে, বিগ-বেঙৰ এক ক্ষুদ্ৰাতিক্ষুদ্ৰ মূহুৰ্তৰ (এক চেকেণ্ডৰ এক ত্ৰিলিয়ন ভাগৰ এভাগ, এক ত্ৰিলিয়ন=১0-১২) পিচতেই এক সৰ্বব্যাপী শক্তি-ক্ষেত্ৰৰ সৃষ্টি হৈছিল সেই ক্ষুদ্ৰ বিশ্বত। কোৱাণ্টাম বিজ্ঞানমতে ক্ষেত্ৰৰ লগত কণিকাবোৰে বছন নামৰ এবিধ কণিকাৰ আদান-প্ৰদানৰ দ্বাৰা আন্ত:ক্ৰিয়া কৰে। এই কণিকাবোৰক ক্ষেত্ৰ কণিকা (field particle) বোলা হয়। বিগ-বেঙৰ ঠিক পিছতে যিখন ক্ষেত্ৰৰ সৃষ্টিৰ কথা হিগ্ছ, ইংগলাৰ্ট, ব্ৰুটে তেওঁলোকৰ তত্ত্বত উনুকিয়ালে সেইখন ক্ষেত্ৰক আমি হিগ্ছ ক্ষেত্ৰ বুলি কওঁ। হিগ্ছ বছন হ’ল এই ক্ষেত্ৰৰ ক্ষেত্ৰ কণিকা। কোৱাৰ্ক, ইলেক্ট্ৰন ইত্যাদি ভৰহীন কণিকাবোৰে এই হিগ্ছ ক্ষেত্ৰৰ লগত ক্ৰিয়া কৰি হিগ্ছ বছনবোৰৰ পৰা নিজৰ নিজৰ ভৰ লাভ কৰিলে। পিটাৰ হিগ্ছৰ ভাষ্যমতে এই ভৰহীন কণিকাবোৰে হিগ্ছ ক্ষেত্ৰখনে জন্ম দিয়া হিগ্ছ কণিকাক ভক্ষণ কৰি নিজে ভৰযুক্ত হৈ পৰে। বেলেগক ভক্ষণ কৰি নিজৰ শ্ৰীবৃদ্ধি ঘটোৱাৰ এক চিৰন্তন নীতি যেন তেতিয়াই সৃষ্টি হ’ল, যিটো আমাৰ সমাজত একাংশই সুন্দৰভাবে পালন কৰি আহিছে ! ভৰ আহৰণ কৰা এই প্ৰক্ৰিয়াটোক কোৱা হয় হিগ্ছ মেকানিজম (Higgs mechanism) বুলি। এই ভাগ বটোৱাৰাত অৱশ্যে পোহৰৰ কণিকা ফট’নটোৱে একো ভাগ নাপালে; সেয়েহে ফট’নটো ভৰশূণ্য হৈয়েই থাকিল। ভৰ পোৱাৰ লগে লগেই কণিকাবোৰৰ মাজত মহাকৰ্ষণিক বলে ক্ৰিয়া কৰিব আৰম্ভ কৰিলে, আৰু মহাকৰ্ষণৰ কাৰণেই লাহে লাহে সেইবোৰ বেলেগ বেলেগ স্থানত থুপ খাবলৈ আৰম্ভ কৰিলে আৰু এইদৰে কেইবা বিলিয়ন বৰ্ষৰ পাছত নক্ষত্ৰবোৰৰ সৃষ্টি হ’ল , পৃথিৱীৰ দৰে গ্ৰহৰ সৃষ্টি হ’ল আৰু তাৰ পাছত সৃষ্টি হ’ল এনেকুৱা প্ৰশ্ন উথ্থাপন কৰি তাৰ উত্তৰ বিচাৰিব পৰা মানুহৰ। গতিকে আমাৰ অস্তিত্ব, এই বিশ্বৰ সৃষ্টি সকলোৰে মূলতে হ’ল এই হিগ্ছ বছন। সেই তাহানিতে হিগ্ছ বছনে এইফেৰা উপকাৰ নকৰাহেঁতেন আজি আমাৰ সৃষ্টিয়েই নহ’লহেঁতেন। সেয়েহে হিগছ বছনে বহুতৰে মনত এক ঐশ্চৰিক গুণ লাভ কৰিছে। অৱশ্যে এইখিনিতে এটা কথা পৰিষ্কাৰ কৰা ভাল যে, যদিও নিউট্ৰন-প্ৰট’নবোৰ কোৱাৰ্কেৰে গঠিত আৰু কোৱাৰ্কবোৰে এই হিগ্ছ ক্ষেত্ৰৰপৰাই ভৰ পাইছে, কিন্তু এটা নিউট্ৰন বা প্ৰট’নৰ সমুদায় ভৰ কোৱাৰ্কৰ ভৰৰপৰা নাহে, কোৱাৰ্কে দিয়া ভৰ নিউট্ৰন বা প্ৰট’নৰ মুঠ ভৰৰ এটা সামান্য অংশহে। বাকী ভৰখিনিৰ কেনেকৈ সৃষ্টি হয় সেই আলোচনা এই প্ৰৱন্ধৰ পৰিসৰৰ বাহিৰত। এই তত্ত্বৰ অন্যতম জন্মদাতা পিটাৰ হিগ্ছৰ মৃত্যুৰ পিছত বিজ্ঞান উৎসুক মানুহে আমি ভৰ পোৱাৰ এই মোহনীয় কাহিনী আকৌ এবাৰ ৰোমন্থন কৰিবলৈ ধৰিছে। অতি দুৰ্ভাগ্যজনকভাবে আমাৰ কোনো বাতৰি কাকতত হিগ্ছৰ মৃত্যুৰ খবৰ পঢ়িবলৈ নাপালোঁ।
পিটাৰ হিগ্ছৰ জন্ম হৈছিল ইংলণ্ডৰ নিউকেচল-আপন-টাইন নামৰ সৰু চহৰত ১৯২৯ চনত। লণ্ডনৰ কিংছ কলেজত পদাৰ্থবিজ্ঞানৰ শিক্ষা আৰম্ভ কৰি স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়তেই অধ্যাপনা কৰি জীৱনটো কটালে। মানুহ হিচাবে পিটাৰ হিগ্ছ অত্যন্ত নিৰহংকাৰী, প্ৰচাৰবিমুখ আৰু অকলশৰে থাকি ভাল পোৱা মানুহ আছিল। স্কটলেণ্ডৰ এডিনবৰা চহৰতেই নিজৰ পৰিয়ালৰ লগত লোকচক্ষুৰ আৰ হৈ এক সৰল জীৱন যাপন কৰিছিল। তেওঁৰ নিজাকৈ হেনো এটা টি ভি চে’টো নাছিল; ২০১৩ চনত ন’বেল পুৰষ্কাৰ পোৱাৰ কিছুদিন আগতেহে হেনো এটা মবাইল কিনিছিল। নিজ চহৰতো বাচত উঠিয়েই অলৈ-তলৈ অহাযোৱা কৰিছিল। তেওঁ নিৰীশ্বৰবাদী আছিল আৰু এই কণিকাটোক ‘ঈশ্বৰ কণিকা’ নুবুলিবলৈ মানুহক অনুৰোধ কৰিছিল। তেওঁ ইমানেই প্ৰচাৰবিমুখ আছিল যে ২০১৩ চনত যেতিয়া তেওঁ ন’বেল বঁটা পাব বুলি প্ৰায় খাটাং হৈছিল, তেতিয়া বঁটা ঘোষণা কৰাৰ দুদিনমান আগতে ঘৰৰপৰা হেনো নিৰুদ্দেশ হৈছিল। ন’বেল কমিটিৰ নিয়মমতে ঘোষণা কৰাৰ আগতে ষ্টকহ’মৰপৰা ৰাতিপুৱাতেই ফোন কৰি বিজেতাজনক প্ৰথমে জনোৱাৰ নিয়ম। তেওঁক ফোনত ন’বেল বঁটাৰ বাৰ্তা দিবলৈ বহু চেষ্টা কৰিও কমিটিৰ সদস্য ব্যৰ্থ হৈছিল আৰু শেষত ই-মেইল যোগেই তেওঁক ন’বেল বঁটা লাভৰ খবৰ দিবলগা হৈছিল। খবৰটো পাই তেওঁ মাথো ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিল, আৰু চমুকৈ কৈছিল যে এই তত্ত্ব সঁচা বুলি প্ৰমাণ হোৱাটো সঁচাকৈয়ে এক আনন্দৰ বিষয়, আৰু এই পুৰষ্কাৰে ‘নীলা আকাশ গৱেষণা’ত ( blue-sky research, যি গৱেষণাৰ ফঁচল অদূৰ ভবিষ্যতে ব্যৱহাৰ হোৱাৰ কোনো সম্বাৱনা নাই ) ব্ৰতী বিজ্ঞানীসকলক উৎসাহ যোগাব ।
পিটাৰ হিগ্ছৰ মৃত্যুত বহুতে এক যুগৰ অৱসান হ’ল বুলি কৈছে। কেইবাটাও প্ৰজন্মৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানীক তেওঁৰ কামে অকল অনুপ্ৰেৰণা যোগোৱাই নহয়, হিগ্ছ বছনৰ আৱিষ্কাৰৰ কাৰণে ইউৰোপৰ চাৰ্ণত ‘লাৰ্জ হেড্ৰন কলাইডাৰ’ নিৰ্মাণ আৰু ইয়াৰ সফল পৰিসমাপ্তিত যি এক আন্তৰ্জাতিক সহযোগিতাৰ চিত্ৰ ফুটি উঠিল সেইটোৱে সমগ্ৰ বিজ্ঞানৰ জগতখনলৈ এক বিশেষ বাৰ্তা দি গ’ল। প্ৰযুক্তি, বিজ্ঞান, গণিত, কম্পিউটাৰ,ইঞ্জিনিয়াৰিং আদি বিভিন্ন বিভাগৰ আৰু হাজাৰ হাজাৰ বিজ্ঞানীৰ যি এক অভূতপূৰ্ব সহযোগিতাৰ ফলত এই অভিযান সফল হ’ল, সেই সফলতাই আন্তৰ্জাতিক সহযোগিতাৰ এক নব্য ধাৰণাৰ সৃষ্টি কৰিলে। পিটাৰ হিগ্ছৰ পদাৰ্থবিজ্ঞানত কৰা অন্তৰ্দৃষ্টিৰ অনুসৰণতে গঢ়ি উঠিল ‘ৱৰ্ল্ড ইক’নমিক ফৰাম’ৰ নতুন প্ৰকল্প ‘কোৱাণ্টাম অৰ্থনৈতিক নে’টৱৰ্ক’ (Quantum Economic Network)। পিটাৰ হিগছে কণিকা পদাৰ্থবিজ্ঞানত প্ৰয়োগ কৰা অন্তৰ্দৃষ্টিৰ আলমত কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ অতি নতুন আৱিষ্কাৰসমূহক বাস্তৱত প্ৰয়োগ কৰোতে হ’ব পৰা প্ৰতিবন্ধকতা কিদৰে আতৰ কৰিব পাৰি সেই দিশৰ গৱেষণাই এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য। তেওঁৰ অৱদানৰ গভীৰতা আৰু বিশালতাই অকল তাত্ত্বিক পদাৰ্থবিজ্ঞানতে সীমাবদ্ধ নাথাকি কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ বাস্তৱ প্ৰয়োগৰ দিশতো বিজ্ঞানী, প্ৰযুক্তিবিদ, অৰ্থনীতিবিদ সকলোকে উদ্বুদ্ধ কৰিছে। এজন মহান বিজ্ঞানীৰ তাৎপৰ্য এইখিনিতেই। ভৱিষ্যত প্ৰজন্মৰ কাৰণে পিটাৰ হিগ্ছৰ জীৱন আৰু বিজ্ঞান সদায়েই অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।