গল্প আৰু মিথৰ উৎপত্তি আৰু প্ৰয়োজনীয়তা- (মূল: ইউভাল নোৱাহ হাৰাৰি, অসমীয়া ভাৱানুবাদ: আদিত্য আলোক)
গল্প বা কাহিনী কোৱাটো এটা খুবেই টান কাম। কমসংখ্যক মানুহেই এইটো পাৰে। মানুহ যেতিয়া ভাষাৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল মোটামুটি সেই মুহূৰ্তৰ পৰাই মানুহে গল্প কোৱা আৰম্ভ কৰিলে। আৰু এই গল্প বা কাহিনী কোৱাৰ মাজেদি মানুহে তাৰ চাৰিওকাষে এক নতুন বাস্তৱতা তৈয়াৰ কৰি ল’লে। সেই বাস্তৱতাৰ নাম বিষয়ভিত্তিক বাস্তৱতা। ইমানদিনে বস্তুগত বাস্তৱতাৰ কাৰাগাৰত বন্দী হৈ থকা এই মানুহক ভাষাই হঠাৎ মুক্তিৰ সোৱাদ আনি দিলে। আমি সাধাৰণ মানুহে যেতিয়া এজোপা গছ, শিলগুটি নাইবা তৰুলতা দেখা পাওঁ, সেয়া আমাৰ বাবে গছ, তৰুলতা নাইবা শিলগুটিয়েই, কিন্তু কবি বা গল্পকাৰৰ বাবে সেই একেটা বস্তুয়েই হৈ উঠে সপোন আৰু বাস্তৱতাৰ মাজৰ এক অসাধাৰণ গল্প। আমি এজন বেকাৰ, যাযাবৰ যুৱকক সদায় চাহ দোকানত আড্ডা দিয়া নাইবা অকলে অকলে খোজকাঢ়ি থকা দেখা পাওঁ। সেই একেজন যুৱকক যেতিয়া হুমায়ূন আহমেদৰ নিচিনা বিখ্যাত লেখকে দেখা পায় সেয়া হৈ উঠে ‘হিমু’ৰ নিচিনা সমাজ বাস্তৱতাৰ এক ৰূদ্ধশ্বাস চৰিত্ৰ। গল্পকাৰ বা কাহিনীকাৰে এনেকৈয়ে চিৰকাল অবজেক্টিভ ৰিয়েলিটিক ছাবজেক্টিভ ৰিয়েলিটিলৈ ৰূপান্তৰিত কৰা কামটো চমৎকাৰভাৱে কৰি আহিছে। কথাটো হ’ল এই গল্প বা কাহিনী কথনৰ ফায়দাটো কি? কি লাভ? আধুনিক গল্পকাৰসকলে যেনিবা গল্প লিখি দুপইচা উপাৰ্জন কৰে। ঈশপ বা হোমাৰসকলে সেয়াও নাই পোৱা। তেখেতসকলৰ সম্বল আছিল মানুহৰ মাজত গল্প কৈ বা কাহিনী শুনাই পোৱা খ্যাতিখিনি। শ্ৰোতা বা পাঠকসকলেও যেনিবা গল্প শুনি ক্ষন্তেকীয়া আনন্দ লাভ কৰে। কিন্তু গল্প বা কাহিনীৰ ভুমিকা এই ক্ষন্তেকীয়া আনন্দতে শেষ নে? নহয়। আমাৰ আজিৰ অস্তিত্বৰ নেপথ্যত এই গল্পৰ এটা বৃহৎ ভূমিকা আছে। আমি যেতিয়া গল্প শুনাও সেয়া আমাৰ অজান্তেই এটা কিংবদন্তি বা কাল্পনিক কাহিনী বা ‘মিথ’ৰ জন্ম দিয়ে। এই মিথেই আমাৰ মাজত সামাজিক বন্ধন বৃদ্ধি কৰে। আপুনি যদি সৰুতে আপোনাৰ আইতা নাইবা আবুৰ পৰা ভৌতিক কাহিনী বা সাধুকথা শুনিছে আপুনি বেছি ভালকৈ বুজি পাব। আইতাৰ হয়তো একোৱেই আপোনাৰ মনত নাই, কিন্তু তেওঁৰ মূখেৰে শুনা সাধুকথা, কাহিনীবিলাক কিন্তু ঠিকেই মনত আছে। আপোনাৰ আইতাই কোনপ্ৰকাৰৰ পাণ খাইছিল সেয়া আপোনাৰ মনত নাই। কিন্তু যেতিয়াই সেই সাধুকথাৰ সন্ধিয়াৰ কথা মনত পৰে, বহু স্মৃতি ভাহি উঠে, আপোনাৰ মাতটো থোকাথুকি হৈ পৰে। আপুনি যেতিয়া বৃটিছৰ বিৰুদ্ধে যুঁজত অংশগ্রহণ কৰা, কনকলতা কেনেকৈ স্কুললৈ আহি বৃটিছৰ বিৰুদ্ধে মিছিলত চামিল হৈ কেনেকৈ ছহীদ হ’ল কাৰোবাৰ পৰা সেই লোমহর্ষক ঘটনাৱলী শুনিব, শৰাইঘাটৰ জীৱন্ত বৰ্ণনা শুনিব, আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এনেকুৱা ভাব হ’ব যে এতিয়াই সেই মোগল লাচিতৰ যুঁজত থিয় দিওঁ। সাধুকথাৰ আইতা নাইবা সেই আহোম-নগাৰ ৰণ, বৃটিছ আৰু বিদ্ৰোহীৰ যুঁজে যে কেৱলমাত্ৰ ‘মিথ’ৰ জন্ম দি আছে সেয়া নহয়। জন্ম দিছে সমাজ আৰু প্ৰতিষ্ঠানৰ। আইতাৰ মূখত শুনা সাধুয়ে আপোনাক আই, পিতাৰ লগত ঘনিষ্ঠতা আৰু বৃদ্ধি কৰিছে। আপুনি আৰু আইতাই গল্প কোৱাৰ আৰু শুনাৰ এটা উমৈহতীয়া মঞ্চ বিচাৰি পাইছে। ছহীদ কনকলতাৰ মৃত্যুয়ে, বীৰ লাচিত, বাঘ হাজৰিকাৰ বীৰত্বই আপোনাক এগৰাকী অসমীয়া হিচাপে গৌৰৱবোধ কৰাইছে। অসংখ্য সমস্যাৰ মাজতো এই মাতৃভূমি যে আপোনাৰ, আকৌ কেতিয়াবা বহিৰাগত শত্ৰু আহিলে যে আপুনিয়ে হাতত অস্ত্ৰ তুলি থিয় দিব লাগিব এই বোধেৰে উদ্দীপ্ত কৰিছে। গল্প বা মিথে অচিনাকি দুজন ব্যক্তিক একেটা মঞ্চলৈ আনি থিয় কৰায়। এই মঞ্চকে আমি দেশ, কাল আৰু জাতীয়তাবোধ নানা নামেৰে আখ্যায়িত কৰো। ধৰ্ম কওক, সমাজ কওক, প্ৰতিষ্ঠান কওক- বস্তুগত পৃথিৱীত ইহঁতৰ একো অস্তিত্ব নাই। ইহঁতৰ অস্তিত্বৰ গোটেইটো আমাৰ মনোজগতত। আমি আমাৰ চাৰিওকাষে গল্প আৰু মিথ মিশ্ৰিত এটা বিষয়ভিত্তিক বাস্তৱতা তৈয়াৰ কৰি লৈছোঁ। সেই ৰিয়েলিটিক যেতিয়া আমাৰ নিচিনা হেজাৰ নাইবা লাখ মানুহে বিশ্বাস স্থাপন কৰিছে, সেয়া পৰিণত হৈ পৰিছে ইমেজিনেটিভ ৰিয়েলিটি অৰ্থাৎ কাল্পনিক বাস্তৱতালৈ। শুনিলে হয়তো আপোনাৰ হাঁহি উঠিব, অসম বুলি আচলতে কোনো প্ৰদেশ নাই। অসম ৰাজ্য আছে প্ৰায় তিনি কোটি বিছ লাখ মানুহৰ কাল্পনিক বাস্তৱতাত, ইমেজিনেটিভ ৰিয়েলিটিত।
একেদৰে কটন কলেজ বুলি কোনো প্ৰতিষ্ঠানৰ অস্তিত্ব কিন্তু বাস্তৱত নাই। এইটো সম্পূৰ্ণৰূপে কটন প্ৰতিষ্ঠাতাৰ তৈয়াৰী এটা ৰূপকথা। সেই ভদ্রলোক কটনে এটা মিথ তৈয়াৰ কৰিয়েই থমকি ৰোৱা নাই তাক নিজৰ কৰ্মৰ মাধ্যমেৰে, হেজাৰ হেজাৰ কটনিয়ানৰ কৰ্মেৰে বিশ্বাসযোগ্য কৰি তুলিছে দিনক দিনে। এওঁলোকৰ তৈয়াৰ কৰা বিষয়ভিত্তিক বাস্তৱতা এটা সময়ত আমাৰ জীৱনৰ অংশ হৈ পৰিছে। আমি নিজৰ অজান্তেই এটা বৃহৎ কাল্পনিক বাস্তৱতাৰ অংশ হৈ পৰিছোঁ। আৰু মানুহৰ স্বভাৱেই হৈছে এই যে সি নিজকে কাল্পনিক বাস্তৱতাৰ অংশ বুলি ভাবিবলৈ ভাল পায়। সেয়ে কোনোবাই নিজকে হিন্দু, কোনোবাই নিজকে মুছলমান, কোনোবাই নিজকে অসমীয়া পৰিচয় দিবলৈ আৰু কোনোবাই ইংলেণ্ডৰ নাগৰিকত্ব পালে গৌৰৱবোধ কৰে। আপোনাৰ বৰ্তমানেও এই গল্পবিলাক এটা ভূমিকা ৰাখি চলে। আপুনি হয়তো বীমা কোম্পানিত চাকৰি কৰে। আপোনাৰ টিম লিডাৰে সপ্তাহৰ আৰম্ভণিতে আপোনাক এটা গল্প শুনায়। এনেকৈ এনেকৈ কাম কৰিলে আমি বেছি গ্ৰাহক পাম। অথবা এনেকুৱা এখন প্লান ল’ন্স কৰিলে মানুহৰ মাজত আমাৰ গ্ৰহণযোগ্যতা বাঢ়িব। টিম লিডাৰৰ কাম আপোনাৰ চাৰিওকাষে এটা মিথ তৈয়াৰ কৰা। প্লানটো সফল হ’লে আমি সকলোৱে এদিন মুম্বাই তাজ হোটেলত ফুৰিবলৈ যাম। অথবা আমাৰ কাৰোবাৰ কাৰোবাৰ প্ৰমোচন হ’ব। এটা ফ্লাট, নাইবা গাড়ী এখন বুকিং দিব পাৰিম। এই বিষয়বিলাক ইমপ্লিচিট থাকে। টিম লিডাৰ যদি এজন ভাল গল্পকাৰ হয় তেওঁ আপোনাৰ মনত এই সপোনবিলাক সুমুৱাই দিবলৈ সক্ষম হ’ব। আপুনি আৰু আপোনাৰ কলিগে মিলি তেতিয়া জীৱন যৌৱন পাহৰি প্লানটোৰ সফলতাৰ বাবে কাম কৰিব। আৰু এনেকৈয়ে এটা ভাল গল্প বা মিথে আমাৰ মাজত স্বাৰ্থৰ বাবে হ’লেও এটা বন্ধন তৈয়াৰ কৰি দিব। প্ৰাণীকুলে এনেকি স্তন্যপায়ী প্ৰাণীখিনিয়েও এই মিথ তৈয়াৰ কৰিব নোৱৰাৰ বাবে সিহঁতৰ সমাজত কোনো দ্ৰুত পৰিৱৰ্তন নাহে। চিম্পাঞ্জীসকলে যেনেকৈ একোজন আলফা পুৰুষৰ নেতৃত্বত জীৱন যাপন কৰে। শতাব্দীৰ পিছত শতাব্দী ধৰি সিহঁতে এয়াই কৰি আহিছে। মানুহ কিন্তু এনেকুৱা নহয়। কেৱল গল্প শুনায়েই মানুহে সমাজৰ গাঁথনি পৰিৱৰ্তন কৰি দিব পাৰে। ৰুছো ভল্টেয়াৰসকলে কেৱল গল্প শুনায়েই ফৰাছী বিপ্লৱৰ মঞ্চ প্ৰস্তুত কৰি দিছিল। যুগৰ পিছত যুগ ধৰি ফৰাছী জনগণে বিশ্বাস কৰি আহিছিল যে সম্ৰাটেই সকলো ক্ষমতাৰ উৎস। পিছত ৰুছো ভল্টেয়াৰৰ গল্প পঢ়ি সিহঁতৰ বোধোদয় হ’ল যে সম্ৰাট নহয়, সিহঁত সাধাৰণ জনতাইহে আচলতে সকলো ক্ষমতাৰ উৎস। বছ্! মাত্ৰ তিনিমাহৰ ব্যৱধানত সিহঁতে ৰাজতন্ত্ৰক দলিয়াই দিলে ইতিহাসৰ ডাষ্টবিনলৈ। মানুহৰ এই এক অদ্ভুত ক্ষমতা। মানুহে কেৱল গল্প কাহিনী শুনায়েই হাজাৰ বছৰৰ প্ৰথা আৰু সংস্কাৰ ভাঙি দিব পাৰে। চিম্পাঞ্জীৰ সমাজত আপুনি এইটো নাপায় যে আলফা পুৰুষৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি কোনোবাই গণতান্ত্রিক সমাজৰ প্ৰৱৰ্তন কৰিছে। সিহঁতৰ যে কোনো গল্পকাৰ, কাহিনীকাৰ নাই, সেয়ে। এই বিষয়টোৱেই আমি, হোমো চেপিয়েন্সক নিয়েণ্ডাৰথাল মানৱজাতিৰ বিৰুদ্ধে আমাক এখোজ আগুৱাই দিছে। নিয়েণ্ডাৰথালসকল য’ত অকলে অকলে নাইবা সৰু সৰু দল হৈ চিকাৰ কৰিব গৈছিল, আমি গৈছিলো বৃহৎ দল বান্ধি। তাৰ পিছত চাৰিওফালৰ পৰা চিকাৰক আগুৰি ধৰিছিলোঁ। এটা অকলশৰীয়া নিয়েণ্ডাৰথালৰ লগত আমাৰ কোনোবাই অকলে বলে পৰাৰ প্ৰশ্নই নুঠে। কিন্তু সেই আমিয়েই যেতিয়া দলবদ্ধভাৱে আগবাঢ়িছোঁ কোনো শক্তিয়ে আমাক দমন কৰি ৰাখিব পৰা নাই। নিয়েণ্ডাৰথালহঁতে হয়তো ইজনে সিজনক ক’ব পাৰিছিল- শত্ৰুৰ অৱস্থান ক’ত। কিন্তু আমি আছিলোঁ গল্পকাৰ, ৰূপকথাৰ স্ৰষ্টা। সেই গল্প আমাৰ সিৰাই উপসিৰাই প্ৰবাহিত হৈ আমাক ‘একতা’ৰ সোৱাদ দিছিল। যুদ্ধৰ পথাৰত চিৰকাল অস্ত্রতকৈ এই একতাই বেছি কাৰ্য্যকৰ আছিল। সেয়া ভিয়েতনামৰ যুঁজেই হওক অথবা নিয়েণ্ডাৰথালৰ বিৰুদ্ধে হোমো চেপিয়েন্সৰ সংঘাতেই হওক। মানৱজাতিৰ এই দীর্ঘ ইতিহাস পৰিক্ৰমাত আমাৰ ডি এন এ ৰ বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই, অথচ আমাৰ ভিতৰ জগতখনত বহু ওলটপালট হৈ গৈছে। মানৱ এই ওলটপালটত দিকভ্রান্ত নহয়। কাৰণ তেওঁ নিজকে সলনি কৰিব জানে। বেলেগ এজনে বনোৱা মিথৰ লগত সি অতি দ্রুতগতিৰে নিজকে খাপ খুৱাই ল’ব জানে। ক্যাথলিক যাজক সকলৰ কথাকে ধৰকচোন। এওঁলোক ধৰ্মৰ সেৱাত চিৰকুমাৰ হৈ থকাৰ ব্ৰত লয়। অথচ মানৱ শৰীৰত চিৰকুমাৰ হৈ থকাৰ কোনো জিন নাই। বৰঞ্চ গোটেই শৰীৰজুৰি ‘কুমাৰ’হৈ নথকাৰহে জিনীয় বৈশিষ্ট্য আৰু হৰম’নৰ পয়োভৰ। টেষ্টোষ্টেৰন, ডোপামিন, চেৰ’টনিন। যাজকসকলে কেনেকৈ এই জিন আৰু হৰম’নৰ ফান্দৰ পৰা নিজকে এৰাই চলে। ইয়াৰ উত্তৰো আমি বিচাৰিব লাগিব খ্ৰীষ্টীয় মিথৰ মাজতে। মিথৰ শক্তি অনেক সময়ত আমাৰ জিন আৰু হৰম’নতকৈ বহুগুণে বেছি। গল্প শুনোৱাৰ আৰু মিথ তৈয়াৰ কৰাৰ এই অদ্ভূত ক্ষমতা আছে বাবেই মানুহে পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই ল’ব পাৰে। গতিকে, কেৱল হোমাৰ অথবা হোমেন বৰগোহাঞিদেৱসকলে যে গল্প শুনায়, সেয়া নহয়। প্ৰতিগৰাকী সফল ব্যক্তিয়েই আমাক গল্প শুনাই গৈ আছে। হজৰত মহম্মদে কয়, এজন ভাতৃয়ে আনজন ভাতৃক সহায় কৰিবলৈ, উপকাৰ কৰিবলৈ; তেতিয়াহে পৰকালত মুক্তি লাভ হ’ব। গান্ধীজীয়ে এদিন আমাক স্বাৱলম্বী, স্বাভিমান ভাৰতৰ গল্প শুনায়। সেই গল্পই আমাক এদিন স্বাধীনতা আনি দিয়ে। ষ্টিভ জবছে আমাক কয়- আইফোন ব্যৱহাৰ কৰিবলৈ। তেতিয়াহে জগতৰ যাৱতীয় সুখ অৰ্জন হ’ব। আমি এই গল্পত মুগ্ধ হৈ এপ’ল ষ্টোৰৰ সন্মূখত দিন ৰাতি একাকাৰ কৰি দীঘল শাৰীত থিয় দি থাকোঁ। দিনান্তত আপুনি ধৰ্মৰ কথাকে কওক কিংবা ৰাজনীতি, কিংবা ব্যৱসায় সকলো ক্ষেত্ৰতেই সফল ব্যক্তিসকল একো একোজন ডাঙৰ গল্পকাৰ। আমাক জীয়াই থাকিবলৈ লগা অক্সিজেন বৰ্ণহীন, গন্ধহীন, সোৱাদবিহীন কোনো গেছ নহয়। এই গল্পসমূহেই হ’ল আমাৰ জীয়াই থকাৰ অক্সিজেন।